স র্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ শলিতা জ্বলাই ধর্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে, তাৰ তুলনা পাবলৈ নাই। আজিৰ প্ৰতিগৰাকী অসমীয়াৰ বাবে এয়া পৰম সৌভাগ্য যে গুৰুজনাই পাঁচশ বছৰৰ আগতেই ধর্ম, শিক্ষা, ভাষা-সাহিত্য, শিল্পকলা-সংস্কৃতি সকলোতে অসম আৰু অসমীয়া জাতিক সঞ্জীৱীত কৰি যোৱাৰ লগতে শক্তিশালী ৰূপত গঢ় দি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অভ্রভেদী ব্যক্তিত্ব আৰু দিগন্ত-প্ৰসাৰী প্রতিভাই অসমীয়া জাতিক বিশিষ্ট মৰ্যাদাৰে জীয়াই থাকিবলৈ সম্বল দিছে, প্রেৰণা দিছে আৰু সঁচা সমন্বয়-সম্প্রীতিৰ জয়গান গাই সাম্য-মৈত্রীৰ চন্দ্ৰাতপৰ তলত সুবৃহৎ জাতীয় সংহতি দৃঢ় কৰি ৰাখিবলৈ বিশিষ্ট অৰিহণা যোগাই আহিছে। শঙ্কৰদেৱ গুৰুজনাৰ এনে বহুমুখী প্রতিভাৰ বলৰেই অসম আৰু অসমীয়া জাতি আত্মসন্মানেৰে চিৰকাল সমুজ্জ্বল হৈ থাকিব। অসমীয়া জাতিসত্তাৰ ভূঁই ৰোপণকাৰী যুগনায়ক শ্ৰীমন্ত শঙ্কৰদেৱৰ চিন্তা আৰু আদর্শ সম্পূৰ্ণৰূপেই মানৱতাবাদৰ ওপৰত সু প্রতিষ্ঠিত আছিল। আজিৰ পৰা কেইবা শতিকাৰো আগতেই জগতগুৰু শংকৰদেৱে বৰ্তমানৰ আধুনিক শিক্ষা-সংস্কৃতিৰ পৰা, আধুনিক সভ্যতাৰ পৰা বহু হেজাৰ মাইল আঁতৰত থাকিও মৰম-চেনেহ-সহৃদয়তাৰে পূৰ্ণ এনে এখন সমাজৰ সপোন দেখিছিল, য’ত নাথাকিব কোনোধৰণৰ ৰাজনীতি, সমাজনীতি বা জাত-পাতৰ নামত বিভাজন। সর্বগুণাকৰ গুৰুজনা কৌটিকালৰে পৰা অসমত বসবাস কৰি অহা পাহাৰ-ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বয়-সংহতিৰ বৰসেতু। অসমীয়া জাতিৰ জনক, বৰ অসমৰ ভেটি বান্ধোতা, অসমৰ ঐক্য-সংহতি আৰু শান্তিৰ বুনিয়াদ গুৰুজনা অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু সন্মানৰ ৰক্ষাকৱচ। অফুৰন্ত সৃজনীশক্তিৰ অধিকাৰী শঙ্কৰদেৱে কেৱল শ্ৰৱণ-কীর্তনৰ দ্বাৰা ঈশ্বৰক তুষ্ট কৰাৰ সর্বোত্তম প্রণালী উদ্ভাৱন কৰি সমাজখনক একতাৰ ডোলেৰে বান্ধি অন্ধবিশ্বাস, কুসংস্কাৰ আদি মনৰ পৰা আতঁৰাই মুক্তিৰ সুগম পথৰ নির্দেশনা দিছিল।
শ্ৰীমন্ত শঙ্কৰদেৱ কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে শ্রেষ্ঠ প্রতিভাধৰসকলৰ মাজৰ এজন বুলিব পাৰি। গুৰুজনাই আধ্যাত্মিক চিন্তাৰ অংকুৰণ ঘটাই অজ্ঞ-অনাখৰী মানুহক কৃষ্ণভক্তিৰ মালা পিন্ধাই বিভিন্ন ধর্ম তথা জাতি-উপজাতিৰে বহুধাবিভক্ত অসমীয়া সমাজখনক একত্রিত কৰি নামঘৰ-সত্ৰকেন্দ্ৰিক এখনি বৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এনে এজন যুগদ্রষ্টা মহাপুৰুষ, যাৰ কেৱল ধর্মীয় দিশটোতেই নহয়, সমাজ-সংস্কাৰ, শিল্প-সাহিত্য, কলা-সংস্কৃতি আদিৰ দিশতো বর্ণাঢ্য অৱদান আছে। পৃথিৱীৰ আন কোনো এগৰাকী মহাপুৰুষৰে এনে বিস্তৃত গুণাৱলী দেখা নাযায়। গুৰুজনাৰ অমৰ সৃষ্টিয়ে আমাৰ জাতিটোক যাউতিযুগীয়া কৰি ৰাখিব। মাত্র ১৯ বছৰ বয়সতে ১৪৬৮ চনত গুৰুজনাই সাত-বৈকুণ্ঠৰ চিত্রপট তুলাপাতত হেঙুল-হাইতাল বোলাই অংকন কৰি বৰ্তমানৰ আধুনিক ৰংগমঞ্চ বা কথাছবি শিল্পৰ লেখিয়াকৈ ‘চিহ্নযাত্রা’ নাট মঞ্চায়ন কৰি নিজৰ অভ্রভেদী ব্যক্তিত্ব আৰু দিগন্তপ্ৰসাৰী প্রতিভাৰ পৰিচয় দিছিল। চিহ্নযাত্রাৰ অভাৱনীয় সফলতা আৰু অসামান্য প্ৰভাৱে গুৰুজনাক অংকীয়া নাট-ভাওনাক ধর্মপ্রচাৰৰ সবল মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা দান কৰে। এই অংকীয়া নাট-ভাওনাক তেৰাই এহাতে যেনেকৈ ভক্তিৰ আদর্শ প্রচাৰৰ এক মাধ্যম, এক সামাজিক কলা হিচাপে সৃষ্টিকৰিছিল, অন্যহাতে ভাওনাৰ মাজত নিহিত হৈ আছে সংহতি আৰু সমন্বয়ৰ আদর্শ। অশিক্ষিত জনসাধাৰণক ঐক্য-সম্প্রীতিৰ এনাজৰীৰে বান্ধি একশৰণ নামধৰ্মৰ সাৰ ভক্তিৰস প্রবাহৰ বাবে গুৰুজনাৰ এই অংকীয়া নাট-ভাওনা উৎকৃষ্ট আহিলা আছিল।
গুৰুজনাই ১৪৬৭ খৃষ্টাব্দত নামঘৰ আৰু নামকীর্তন অনুষ্ঠান আৰম্ভ কৰে। নামঘৰ গুৰুজনাৰ সু-পৰিকল্পিত চিন্তাৰে মহৎ ফলশ্রুতি। এই নামঘৰসমূহে গাঁও এখনৰ ৰাইজক মাৰবান্ধি এটা শৃংখলাৰ মাজত থকাৰ, পৰিমার্জিত জীৱনবোধৰ শিক্ষা দিয়ে, ধৰ্মৰ প্রতি, ঈশ্বৰৰ প্রতি মতি স্থিৰ কৰে। নামঘৰত চাৰিখুঁটি মাৰি চন্দ্ৰাতপৰ তলত ভগৱানৰ প্রতিমূর্তিসদৃশ ‘সিংহাসন’ বা ‘গুৰুআসন’ প্রতিষ্ঠা কৰা হয়। নামঘৰৰ চাৰিবেৰ সদায় উন্মুক্ত। ইয়াৰ দ্বাৰা গুৰুজনাই বুজাব খুজিছিল যে সকলো ভাষা-ভাষী, জাতি-উপজাতি, ধর্ম-বর্ণ নির্বিশেষে সকলোলৈকে নামঘৰৰ দুৱাৰ সদায় খোলা থাকিব। শংকৰদেৱে ব্রাহ্মণৰ মহেন্দ্ৰ কন্দলী, কবিৰত্ন, বিদ্যাৰত্ন আদি পণ্ডিতসকল, কৈৱৰ্তৰ পূৰ্ণানন্দ, মুছলমানৰ চান্দসাই, বণিয়াৰ হীৰাদাস, জয়ন্তীয়াৰ মাধৱ, কছাৰীৰ ৰমাই, মিছিঙৰ পৰমানন্দ, গাৰোৰ গোৱিন্দ, হীৰা সম্প্রদায়ৰ শ্ৰীৰাম, নগাৰ নৰোত্তম আদি ভকতসকলক এক ধর্ম, এক ভাষা আৰু এক সংস্কৃতিৰ পতাকাৰ তলত সমবেত কৰাই কৃষ্ণভক্তিৰ পথ প্রশষ্ট কৰিছিল। কীর্তন পুথিত তেওঁ নির্বিবাদে ঘোষণা কৰিছিল ‘নবাছে ভকতি জাতি অজাতি’। শঙ্কৰদেৱে জাতিভেদক ধৰ্মৰ ভেটিত স্থান দিয়া নাছিল। ধর্ম সংস্থাপন কৰিবলৈ যাওঁতে গুৰুজনাই যিবোৰ অনবদ্য অৱদানৰে সমাজখনক সংগঠিত কৰি গ’ল, সেই সমূহ অসম আৰু অসমীয়া জাতি জীয়াই থকালৈকে লয় নাপায়। অসমীয়া জাতিটোৰ ৰক্ষণ, বর্ধন আৰু ভৱিষ্যত দিকদৰ্শনৰ বাবে তেৰাই অনুপম শিল্প-সাহিত্য, কলা-সংস্কৃতি, গীত-মাত দান কৰি গৈছে। অসমত এনে এটা অঞ্চল নাই, এনে এখন গাঁও নাই, য’ত গুৰুজনাৰ সাহিত্য নাই, গীত-মাত নাই, সংস্কৃতি নাই, ধর্মীয় প্রভাৱ নাই। প্ৰকৃতাৰ্থত শ্ৰীমন্ত শঙ্কৰদেৱৰ বহুমুখী প্রতিভাৰ স্ফুৰণে সমসাময়িক সমাজখনক আলোড়িত কৰি তুলিছিল। শঙ্কৰদেৱৰ ধৰ্মমত ক্রমান্বয়ে সমাজত জনপ্রিয় হৈ পৰিছিল। নিৰাকাৰ ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰি একান্ত মনে, একান্ত চিত্তে নাম ল’লেই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি— এই সহজ-সৰল নামধর্ম সম্পৰ্কীয় কথাখিনি মানুহে আঁকোৱালি লৈছিল আৰু তাৰ লগে লগে নাট-ভাওনা, গীত-মাতৰ প্ৰচাৰ আৰু প্ৰসাৰে কলা-সংস্কৃতিৰে উত্তৰণ ঘটাইছিল। বৰদোৱা-বৰপেটাৰ কীৰ্তনঘৰৰ আৰ্হিত ঘূৰণীয়া টুপেৰে গাঁৱে-গাঁৱে নামঘৰ নিৰ্মাণ হ’বলৈ ধৰিলে। সমাজখনে কৌটিকলীয়া অন্ধবিশ্বাস-কুসংস্কাৰ আদি পৰিহাৰ কৰি এক পৰিচ্ছন্ন ৰূপ পৰিগ্ৰহ কৰিবলৈ ধৰিলে। সমাজত শান্তিৰ নিলয় গঢ়ি উঠিল।
❧ | আৰু পঢ়ক: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপ বৰ্ণন
সাম্প্রতিক সময়ত জাতীয় সংস্কৃতিৰ নামত যি বিজতৰীয়া অপ-সংস্কৃতি আৰু নগ্ন সভ্যতাৰ দৌৰাত্ম্য চলিছে, তাক সমূলে নিপাত কৰাৰ প্রয়োজনীতা আহি পৰিছে। সমাজত দেখা দিয়া কেৰোণসমূহ আতঁৰাই অসম আৰু অসমীয়া জাতিক উন্নতিৰ বাটেদি আগুৱাই নিবৰ বাবে আজিৰ প্রজন্ম আগবাঢ়ি অহা নিতান্তই আৱশ্যক। প্রকৃতার্থত অসমৰ নতুন প্রজন্মই গুৰুজনাৰ মহান চিন্তা-চৰ্চা, আদর্শ আৰু সামাজিক প্রমূল্যবোধক পূর্ণাঙ্গ ৰূপ দিব পাৰিলেহে আৰু সাম্প্রতিক অসমৰ দিগভ্ৰান্ত চিন্তা-চেতনাক সুস্থিৰ ৰূপলৈ ঘূৰাই আনি গুৰুজনাৰ সপোনৰ বৰ অসমখন গঢ়াত উপযুক্ত বৰঙণি যোগালেহে আমি গুৰুজনাৰ প্রতি প্রকৃত সন্মান যঁচা হ’ব।