গী তৰ সুগন্ধ নহয়, কৰ্মৰাজিৰ সুগন্ধও নহয়; ক’ব খুজিছোঁ ভূপেন হাজৰিকাৰ দেহৰ সুগন্ধৰ কথা। নক’লেও হ’ব যে তেওঁৰ সৃষ্টিৰ বিশ্বব্যাপী সুগন্ধই সকলো মানুহকে এবাৰ তেওঁক ওচৰৰ পৰা চাবলৈ, তেওঁক এবাৰ চুই চাবলৈ প্ৰেৰিত কৰে! যিজনে তেওঁৰ সান্নিধ্য লাভ কৰে, তেওঁ হৈ পৰে বিভোৰ; কিবা এক অবুজ আলোড়নে মন-প্ৰাণ শিহৰিত কৰি ৰাখে বহু দিনলৈ। কিয়নো, ভূপেন হাজৰিকা বোলা মানুহজনক আয়াসতে লগ পোৱা নাযায়। তেওঁ যাযাবৰ। এক সান্নিধ্যৰ সোঁৱৰণে আমাৰ মনতো সজীৱ কৰি ৰাখিছে ভূপেন্দ্ৰ-সত্তা।
স্বাভাৱিকতে যিটো সময়ত আমি যৌৱনৰ মিঠা স্বপ্নই খেদি ফুৰা অনামী প্ৰেয়সীৰ অন্বেষণত সময় পাৰ কৰিব লাগিছিল, সেই সময়ত আমি মোহাচ্ছন্ন হৈ আছিলো ভূপেন হাজৰিকা নামৰ হাতেৰে ঢুকি নোপোৱা সেই মানুহজনৰ চেতনাৰ সন্ধানত। তেওঁৰ গীতৰ মায়াজালত আবদ্ধ হৈ জীৱন মদিৰা পান কৰাৰ আকাংক্ষাত কায়িক সান্নিধ্যৰ কথাটো এটা সময়ত গৌণ হৈ পৰিল। কিন্ত অপ্ৰত্যশিতভাৱে এদিন ভূপেন হাজৰিকাক লগ পাই গ’লো কলিয়াবৰৰ এক সাংস্কৃতিক সন্ধিয়াত, বৰভগীয়াৰ এখন চিত্ৰ প্ৰশিক্ষণ বিদ্যালয়ৰ সাহায্যাৰ্থে কুঁৱৰীটোল গান্ধী পথাৰত গীত গাবলৈ আহোঁতে। মোৰ বাবে অতি আনন্দৰ কথা যে সেই সন্ধিয়াত ভূপেনদাই গোৱাৰ পূৰ্বে মই দুটিমান গীত গোৱাৰ সুযোগ লাভ কৰিছিলো। যথাসময়ত তেওঁ গীত পৰিৱেশন কৰিবলৈ আহি মঞ্চৰ একাষে আসন গ্ৰহণ কৰিলেহি। চৌদিশে হুৱাদুৱা লাগিল— ভূপেনদা আহিল, ভূপেনদা আহিল। ঠিক তেনে সময়তে মোৰ অনুষ্ঠান সামৰি মঞ্চৰ পৰা আমাৰ শিল্পীসকল সহিতে নামি আহিছিলো। হঠাৎ দেখিলো, আমাৰ চিন্তা-চেতনাক মোহাবিষ্ট কৰি ৰখা সেই বিশ্ববৰেণ্য মানুহজনক আগুৰি অনুৰাগীসকৰ ভিৰ। মোক ভূপেনদাৰ সৈতে চিনাকি কৰাই দিলে সেই সময়ৰ ছাত্ৰ নেতা শ্ৰদ্ধাৰ কেশৱ মহন্ত দাদাই। মই তেওঁৰ গীতেই গাওঁ বুলি জানি আনন্দিত হ’ল। মঞ্চৰ পোহৰ সজ্জাৰ বহুৰঙী বৰ্ণালী তেওঁৰ মুখমণ্ডলত বিচ্ছুৰিত হৈ ভূপেন হাজৰিকা বোলা সত্তাটো আমাৰ চকুত ৰামধনুৰ দৰে জিলিকি উঠিল। মই নিজে আচৰিত হ’লো, এয়া মই কাৰ সমীপত থিয় হৈ আছোঁ? এয়া দেখোন শদিয়াৰ সেই পাহোৱাল ডেকাজন। এয়া দেখোন সাগৰ সংগমত সাঁতুৰি-নাদুৰি ক্লান্ত নোহোৱা যাযাবৰ পথিকজন। এয়া দেখোন বিক্ষুব্ধ বিশ্বকণ্ঠ, যি অহোৰাত্ৰ চিঞৰে জনতাৰ মুকুতিৰ বাবে। এয়া দেখোন ঊষাক চুৰ কৰিমেই বোলা দুৰন্ত প্ৰেমিকজন। এয়া দেখোন মুমূৰ্ষুুজনৰ বাবে জীৱনৰ বিদ্যুৎ হ’ব খোজা অক্লান্ত যোদ্ধাজন। এয়া দেখোন আমি পৃথিৱীত জনমি সচেতন নহ’লে প্ৰাপ্যও হেৰাব বুলি কোৱা সমাজবাদীজন। এয়া দেখোন কঁহুৱা বনৰ অশান্তিখিনিকো ইতিবাচক কৰি তুলিব পৰা আশাবাদী মানুহজন। এয়া দেখোন পল ৰবচনৰ ওচৰত সমাজবাদৰ শিক্ষা লোৱা যুগনায়কজন। এয়া দেখোন জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ শিষ্যজন। এয়া দেখোন কলম্বিয়া বিশ্ববিদ্যালয়ৰ ডক্টৰেটজন। এয়া দেখোন.. !
তেতিয়ালৈ ভূপেনদাৰ বাবে মঞ্চ সাজু হৈ উঠিছে। ভূপেনদাক লৈ সকলো ফটো উঠাত ব্যস্ত। মোৰ তেতিয়াহে চেতনা আহিছে যে ভূপেনদাৰ সৈতে ফটো উঠিব লাগে। কিন্ত কেমেৰা? আমাৰ যে হাতত একোৱেই নাই। ইফালে-সিফালে চাই ‘কেমেৰা কেমেৰা’ বুলি মই চিঞৰিব ধৰিলো। তেনেতে এজন অচিনাকি লোক আগবিঢ়ি আহিল ফটো তুলিবলৈ। মুঠ তিনি কপিমান ফটো আমি সকলোৱে উঠাৰ পাছত মই অকলে একপি উঠিবলৈ আগ্ৰহ প্ৰকাশ কৰাত ভূপেনদা থিয় হ’ল আৰু মোৰ কান্ধত ধৰি লৈ পজ দিলে। তাৰ পাছত তেওঁ গীত গাবলৈ মঞ্চলৈ উঠি গ’ল।
ভূপেনদা মঞ্চলৈ যোৱাৰ পাছত মই ফটো লোৱা মানুহজনক কৃতজ্ঞতা জনাবলৈ আগবাঢ়ি গ’লো। তেওঁৰ পৰিচয় লৈ জানিব পাৰিলো, তেওঁ তেজপুৰৰ পৰা আহিছে অনুষ্ঠান উপভোগ কৰিবলৈ। কথা প্ৰসংগত তেওঁ মোক যি ক’লে, সেয়া শুনি মোৰ খন্তেক আগতে হোৱা ৰামধনুবুলীয়া মনটো আঁউসীৰ ঘোৰ অমানিশা যেন হ’ল। তেওঁ ক’লে যে ইতিমধ্যে ফটো লৈ লৈ কেমেৰাৰ ৰোল শেষ হওঁ হওঁ হৈছে। তথাপি আন্দাজতে তেওঁ আমাৰ ফটোবোৰ ল’লে। কিন্ত শেষৰ ফটোখনহে উঠিল নে নুঠিল, তেওঁৰ সন্দেহ আছে। ভাগ্য যদি সুপ্ৰসন্ন তেনেহ’লে ফটো পাম। নহ’লে? ঠাইতে মোৰ মনটো সেমেকি গ’ল। হ’লেও তেওঁৰ ঠিকনা লৈ অনুষ্ঠান চাবলৈ বুলি মঞ্চৰ একাষে থিয় দি ৰ’লো। মোৰ লগত সহযোগী শিল্পীসকল আৰু দেউতা। ভূপেনদাই তেতিয়া গাইছে ‘মই আহিছোঁ, মই আহিছোঁ…’।
ভূপেনদাই সাবটি ধৰি ফটো উঠাৰ পাছত মই অনুভৱ কৰিলো এটা সুগন্ধ। ভূপেনদাই ব্যৱহাৰ কৰা পাৰ্ফিউমৰ সুগন্ধ। কিছু বেলেগ। আগেয়ে নোপোৱা, আগেয়ে নুশুঙা। পাছদিনাৰ পৰাই দোকানে দোকানে সেই সুগন্ধ দ্ৰব্য বিচাৰি ফুৰিলো। নাই নাপাওঁ। যলৈ যাওঁ, তাতেই বিচাৰোঁ সেই সুগন্ধ। বিভিন্ন ধৰণৰ সুগন্ধ থকা বটলবোৰ শুঙি শুঙি বিচাৰি ফুৰোঁ ভূপেন হাজৰিকাই ঘঁহা সেই পাৰ্ফিউম। নাই নাপাওঁ। গোন্ধটো নাকত লাগিয়েই থাকে। এবছৰমানলৈ আছিল চাগে। বিচাৰি বিচাৰি হায়ৰাণ। ক’ত পাম সেই সুগন্ধ? ভূপেনদাই বাৰু ক’ৰ পৰা লৈছিল? কলকাতৰ পৰা নেকি? ইয়াত বাৰু পামনে? নাপালো, ক’তো নাপালো। ডেকা বয়সৰ সেই চঞ্চলতাত বহুদিন ভূপেন হাজৰিকাই ঘঁহা সুগন্ধ দ্ৰব্য বিচাৰি ফুৰি হতাশ হ’লো।
লাহে লাহে সেই সুগন্ধৰ উৎস বিচাৰি পালো। আচলতে হাততে আছিল। ‘আকাশী গংগা বিচৰা নাই’ত পালো সেই সুগন্ধ। ‘তোমাৰ উশাহ কঁহুৱা কোমল’ত পালো। ‘গুপুতে গুপুতে কিমান খেলিম’ত পালো। শৈশৱতে ধেমালিতে ওমলা গীতত পালো, অতীতৰ বুৰঞ্জীত পালো, মৰমে মৰম বিচাৰি যাওঁতে পালো। টিৰাপ সীমান্তত পালো। নতুন নিমাতীৰ নিয়ৰৰ নিশাত পালো।
❧। আৰু পঢ়ক: ভূপেন্দ্ৰ সংগীতৰ জন্মলগ্নৰ কথা
এতিয়া আৰু ভূপেনদাই ঘঁহা সুগন্ধ বজাৰত বিচাৰি ফুৰিব নালাগে। ঘ্ৰাণ লৈ লৈ পৰিশ্ৰান্ত হ’বও নালাগে। নাসিকা গ্ৰন্থিৰে সেই গোন্ধ পোৱা নাযায়। সেই গোন্ধ পায় হৃদয়ে। সেই গোন্ধ পায় মগজুৱে। সেই গোন্ধ এতিয়া সিৰাই সিৰাই। কোঁহে কোঁহে। ‘দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে’ শিহৰণ তোলা সেই গোন্ধ আৰু নেহেৰায়!