উ ত্তৰ-পূৰ্বাঞ্চলৰ সুবৃহৎ ধৰ্মীয় অনুষ্ঠান— ধৰ্ম, সাহিত্য-সংস্কৃতি, ঐক্য-সম্প্ৰীতিৰ অনন্য মিলনভূমি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ। যাৰ গতি অনিৰুদ্ধ। যাত্ৰা অভিনৱ। জ্ঞান, বিজ্ঞান, তদং ৰহস্যৰ পৰম ভাণ্ডাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে, বিশ্বজনীন চেতনাৰে বিশ্ব ভাতৃত্ববোধৰ এনাজৰীৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এক শৰণ হৰিনাম ধৰ্মৰ বাণীৰে ‘এক দেৱ এক সেৱ একত বিনে নাই কেৱ’— এই অমোঘ ধ্বনিৰে মহামিলনৰ অমিয়া ৰসৰে আকাশ বতাহ মুঞ্জৰি উঠে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ। এইবাৰ (২০২৩) জোনাই জিলাৰ আন্তৰিক আতিথ্যত চিমেন চাপৰিৰ চিৰেণ পথাৰত অনুষ্ঠিত হৈছে ভকত বৈষ্ণৱৰ প্ৰাণৰ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন। এক আটক ধুনীয়া প্ৰাকৃতিক, শিল্পকলাৰ লগতে সুশৃংখলিত, সুসজ্জিত সুন্দৰ পৰিৱেশৰ লগতে লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ হৃদয় ভৰা সেৱাৰে, হৰিনামৰ ধ্বনিৰে দৃষ্টি নন্দন পৰিৱেশে চিমেন চাপৰিক দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিছে।
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এই অধিৱেশনৰ লক্ষ্য-উদ্দেশ্যে হৈছে বৰ্তমানৰ বিভিন্ন সমস্যাজৰ্জৰ পৰিৱেশৰ মাজতো একান্ত ভকতিৰে ভকত বান্ধৱৰ মাজত আত্মিক সম্পৰ্ক অটুট ৰখাৰ লগতে গুৰুজনাৰ ধৰ্ম, দৰ্শন, সাহিত্য-সংস্কৃতিৰ মেটমৰা ভঁৰালটো বিশ্ববাসীক অৱগত কৰোৱা। বিশ্বৰ দৰবাৰত গুৰুজনাক প্ৰতিষ্ঠাৰ লক্ষ্যৰে গুৰু ধৰ্মৰ সাৰতত্ত্বৰ মননশীল আলোচনাৰে গুৰুজনাৰ বিশাল গুণৰাজিৰ বিস্তাৰ সাধন কৰা।
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহক কমিটিৰ তত্ত্বাৱধানত বিভিন্ন বিভাগ পৰিচালনাৰ উদ্দেশ্যে গঠন হোৱা বিভিন্ন শাখা, যেনে— সাহিত্য শাখা, সংস্কৃতি শাখা, আৰ্থিক বিকাশ বেংক, ৰক্তদান কোষ, শিক্ষা শাখা, প্ৰচাৰ শাখা, শিশু আইমাতৃ কল্যাণ উপ সমিতি আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আটাইতকৈ আদৰৰ মানস পুত্ৰ, প্ৰতি মুহূৰ্তত সজাগ-সচেতন আৰু সক্ৰিয় হৈ থকা সেৱা বাহিনী, গ্ৰন্থ বিপণন শাখা আদিয়ে এই অধিৱেশনবোৰত নিজ নিজ দায়িত্ব আৰু কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰি অধিৱেশনখনিৰ সাফল্যত সেৱা আগবঢ়ায়।
বছৰজোৰা প্ৰস্ততিৰে আয়োজক কমিটি তথা আতিথ্য আগবঢ়োৱা জিলাখনৰ নিপুণ পৰিকল্পনাৰে গঢ়ি তোলা অধিৱেশন থলীত প্ৰথম দিনাৰ পৰা শেষৰ দিনলৈকে ভকত বৈষ্ণৱৰ সমাগম হয়। বছৰজোৰা সাঁচতীয়া ধন ভাঙি ভকতসকলে অকুণ্ঠচিত্তে অধিৱেশনলৈ বুলি সভক্তিৰে আগবাঢ়ে। নাই কাৰো আপত্তি, নাই কোনো অশান্তি। নাই ৰাগ, নাই বিৰাগ। নাই কোনো জাতি-অজাতি, নাই ধনী-নিৰ্ধনীৰ ভেদ। সেৱাবাহিনীৰ সুপৰিচালনাত নিৰলস প্ৰচেষ্টাত বিভিন্ন মঞ্চত বিভিন্ন অনুষ্ঠানবোৰ শৃংখলাবদ্ধভাবে অনুষ্ঠিত হয়। মঞ্চই মঞ্চই ভিন ভিন কাৰ্যসূচী। ক’ৰবাত যদি আলোচনা চক্ৰ, আন এটা মঞ্চত আকৌ শঙ্কৰী গীত-নৃত্য, লোক সংগীত, লোকনৃত্য, বাদ্যৰ আলোড়ন।
কোনোজন যদি শিশু বক্তা, কোনোজন আকৌ যুৱবক্তা, কোনোগৰাকী আইমাতৃ বক্তা। একশৰণ হৰিনাম ধৰ্মৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু আধ্যাত্মিক চিন্তা-চেতনাৰে সমাজ সংস্কাৰৰ সাৱলীল সুমধুৰ, ধাৰাসাৰ বক্তৃতাৰ বৰষুণ।
নাটঘৰত আকৌ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাটৰ অপৰূপ পৰিৱেশন। ঠায়ে ঠায়ে নানা চিত্ৰ-ভাস্কৰ্যৰ নয়ন জুৰোৱা দৃশ্য। বৃহৎ সভাঘৰত মানুহ, কেৱল মানুহ। নাই কিন্তু হাই-উৰুমি, হুলস্থূল। কোনেও কাকো ক’ব নালাগে ‘কথা নাপাতিবচোন’ বুলি। মাথোঁ বলি থাকে শান্ত, সমাহিত, বিনয়ী, নমস্য বাতাবৰণ। নাই কোনো যুৱ উচ্ছৃংখলতা, অশ্ৰাৱ্য, অশ্লীলতা। অস্থায়ী নামঘৰত পুৱাৰ পৰা ৰাতিলৈ অবিৰাম চলি থাকে নৈমিষাৰণ্য সদৃশ ভাগৱত চৰ্চা। ভকতে সেৱা জনায় প্ৰসাদ লয় অঞ্জলি ভৰাই।
দিন-ৰাতি একাকাৰ কৰি কৰ্মীসকলৰ আপ্ৰাণ ত্যাগ। ক’তো যেন ত্ৰুটি নহয়। ব্যস্ততাৰ অন্ত নাই। মুখে মুখে কেৱল এটি অমিয়া বৰষা শব্দ— ‘কৃষ্ণ’। সকলো যেন তাতে আৰম্ভ, তাতেই শেষ। নাই হতাহতি, নাই কোনো কথাৰ কটাকটি। নাই তৰ্ক, নাই বিতৰ্ক। অহা আহিছে, যোৱা গৈছে। হাজাৰ হাজাৰ ভকতৰ মহাভোজনৰ স্থান সুবিশাল ভোজনালয়। শাৰী শাৰী চৌকাত শাৰী শাৰী সিদ্ধ প্ৰসাদৰ পাত্ৰ। হাজাৰজন বিলনীয়াৰ ৰন্ধন কাৰ্য। ৰন্ধাই ৰান্ধিছে, কটাই কাটিছে। শাৰী শাৰী আসন। সেৱবাহিনীৰ কৰ্ম তৎপৰতা। সুন্দৰ পৰিৱেশন। জাতীয় সাজপাৰৰে সুশোভিত হৈ সেৱাবাহিনীৰ হাতে হাতে অন্ন ব্যঞ্জনৰ বৰ বৰ পাত্ৰ। দিয়াই দিছে ভাত-দাইল, ভাজি, নিমখ, জলকীয়া, পানীলৈকে। খোৱাই খাইছে। জাক জাক যুৱক-যুৱতীয়ে সেৱাৰ মনোভাৱেৰে কৃষ্ণ নাম লৈ বিলাইছে, মাথোঁ বিলাইছে। নাই ভাগৰ, নাই অৰিয়াঅৰি, নাই বেমেজালি। যেনি চোৱা যায় তেনিয়েই মাথোঁ শৃংখলা।
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই অধিৱেশন ২০২৩
গুৰুজনাৰ আশিস শিৰত লৈ অন্যতম আকৰ্ষণীয় মুখ্য কাৰ্যসূচী ধৰ্মধ্বজ্জা উত্তোলনলৈ আগবাঢ়ে ভকত বৈষ্ণৱ। যেন এখন মহা সমুদ্ৰৰ গহীন গতি। পৱিত্ৰতাৰ এচমকা আলোকৰে আলোকিত হৈ পৰে উত্তোলন থলী। সেই সময় যেন হেৰাই নাযায়, তাৰ বাবে সকলোৰে লৰালৰি। সযতনে লৈ যোৱা সাজযোৰ সেই সময়তহে পৰিধান কৰি সকলোৱে বাট চায় শ্ৰদ্ধাৰ পদাধিকাৰ বাপলৈ। সেৱাবাহিনীৰ কটকটীয়া নিৰাপত্তা মানৱ শৃংখলত খন্তেকৰ বাবে বান্ধ খায় ভকতৰ আহ-যাহ। মুকলি হৈ পৰে এটি মসৃণ আলি। সেই আলিয়েদি আগবাঢ়ি আহে মহাসমুদ্ৰৰ এটি উত্তাল তৰংগ। হৰিধ্বনিৰে পুনৰ মুখৰিত হয় আকাশ-বতাহ। ধীৰে ধীৰে বৈ অহা হৰিনামৰ ধ্বনিৰ তালে তালে বেদীলৈ উঠি যায় পদাধিকাৰ বাপজনা। অসম আকাশৰ বিজয় স্তম্ভত মুক্তমনে উৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহস, সততা, ত্যাগ, বিশ্বাস আৰু আস্থাৰ পৰিচয় গঢ়ি তোলা বিজয় পতাকা। বস্তু প্ৰকাশ ঘোষাৰে সমস্বৰে গুৰু বন্দনাত একাত্ম হয় ভকত বৈষ্ণৱ। তাৰ পাছতেই বৈকুণ্ঠৰ মহাভাগৱত শিৰত লৈ ভাগৱত যানত স্থাপন কৰি আগুৱাই যায়, নাম অমৃত বিলাই আলোকসন্ধানী বিশাল শোভাযাত্ৰা। বাৰে বৰণীয়া কৃষ্টি-সংস্কৃতিৰ দোপালপিতা বৰষুণত তিতি-বুৰি দলে দলে জাউৰিয়ে জাউৰিয়ে কৃষ্ণ নামৰ ৰসত মজি ভকতে গায়— ‘নাম নাম নাম হৰি নাম/ বৈ আছে হৃদয়ৰ মাজে হে’।
কলিৰ মলমতি মানৱৰ মাজত এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰেৰে জগতৰ হিত সাধন কৰোঁতা গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ এয়া অনবদ্য অৱদান। গুৰুজনাৰ প্ৰচাৰিত এই পৰম সত্যক সাৰোগত কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই কলি যুগৰ এই শ্ৰেষ্ঠ ধৰ্ম এক শৰণ হৰি নামধৰ্ম পালনেৰে বিশ্ববাসীৰ মাজত শান্তি-সমন্বয় অটুট ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এই প্ৰচেষ্টা হওক চিৰ শাশ্বত, সদা আদৰণীয়।
❧ | আৰু পঢ়ক:
- শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শন বনাম শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নীতি-নিয়ম
- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপ বৰ্ণন
- নিস্তেজ হৈ আহিছে আমাৰ পৰম্পৰাগত লোককলা-সংস্কৃতি
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত ৰাগ-তাল-মান: এটি আভাস
- ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ
ছবি: গুণকান্ত ভূঞাৰ সৌজন্যত