ভ্ৰাম্যমাণ নাট্য জগতৰ জন্মলগ্নৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়া

ভ্ৰাম্যমাণ নাট্য জগতৰ জন্মলগ্নৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়া
  • 25 Mar, 2023

সমৰ ভ্ৰাম্যমাণ নাট্য জগতক নিজৰ অভ্ৰভেদী অভিনয় প্ৰতিভাৰে সমৃদ্ধ কৰা আৰু সুদীৰ্ঘ সময় ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত থাকি অভিনয়, নাট পৰিচালনা আৰু নাট্য সংগঠনৰে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ প্ৰভূত অৰিহণা যোগাই কাললৈ খ্যাতি ৰখা এগৰাকী বলিষ্ঠ অভিনেতা, পৰিচালক বলদেৱ শইকীয়া আৰু নাই৷ যৱনিকা পৰিল এক বৰ্ণাঢ্য জীৱনৰ৷ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ প্ৰথমটো নাট্যদল নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ এগৰাকী অন্যতম নাট্য-সৈনিক বলদেৱ শইকীয়াই ওৰেটো জীৱন ভ্ৰাম্যমাণ থিয়েটাৰকে আপোন কৰি নাটকৰ মাজতে জীৱনৰ সৰ্বস্ব সঁপি দি যোৱা ২৪ মাৰ্চ (২০২৩)ৰ দিনা ৯১ বছৰ বয়সত এই সংসাৰৰ পৰা বিদায় মাগিলে৷

নাটক আৰু অভিনয়তে জীৱনৰ সৰ্বস্ব বিচাৰি পোৱা এইগৰাকী স্বভাৱ শিল্পীৰ জন্ম হৈছিল জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত ১৯৩৩ চনত৷ শৈশৱতে গাঁৱৰ নামঘৰত হোৱা ভাওনাত অভিনয় কৰি নাট্যক্ষেত্ৰত পদাৰ্পণ কৰা বলদেৱ শইকীয়াই প্রথম শ্ৰেণীত পঢ়ি থাকোঁতে ‘নির্বাচন’ নামৰ নাটকখনত নাট্যাভিনয়ৰ পাতনি মেলিছিল। তাৰ পাছত ‘কলিয়াভোমোৰা’ নাটকত অভিনয় কৰে৷ পৰৱৰ্তী কালত বহুসংখ্যক অপেছাদাৰী নাটক, একাংক নাট আদিত অভিনয়ৰে নিজৰ অভিনয় প্ৰতিভা প্ৰকাশ কৰিছিল৷

বলদেৱ শইকীয়া

বলদেৱ শইকীয়া

ষষ্ঠ দশকত অসমত ভ্ৰাম্যমাণ নাট্য আন্দোলনৰ সূচনা হয় আৰু ভ্ৰাম্যমাণৰ জনক প্ৰয়াত অচ্যুৎ লহকৰ ডাঙৰীয়াই তেখেতৰ নটৰাজ থিয়েটাৰৰ কাৰণে শিল্পীৰ সন্ধান কৰি আহি জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱাৰ গৃহত উপস্থিত হয়হি আৰু গজেন বৰুৱাৰ জৰিয়তেই জামুগুৰিহাটৰ পৰা তিনিগৰাকী জামুগুৰীয়া— স্বনামধন্য অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য, বলিষ্ঠ অভিনেতা ভোলা কটকী , যশস্বী কণ্ঠশিল্পী ৰাজকৃষ্ণ বাঢ়ৈ আৰু বলদেৱ শইকীয়াই ভ্ৰাম্যমাণ নাট্যক্ষেত্ৰত খোজ দিয়ে৷ শোণিতকোঁৱৰ গজেন বৰুৱাই থিয়েটাৰখনত মঞ্চসজ্জা (ছেটিংচ্)ৰ দায়িত্ব পালন কৰিছিল৷ ১৯৬৩ চনত নটৰাজ থিয়েটাৰত প্ৰথম বৰ্ষতে বলদেৱ শইকীয়াই অভিনয় কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক জনপ্ৰিয়তা লাভ কৰে৷

প্ৰকৃতপক্ষে, নটবাণী থিয়েটাৰৰ ‘কাৰবালা’ নাটকৰ এজিদৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়ে বলদেৱ শ‍ইকীয়াক ভ্রাম্যমাণত প্রতিষ্ঠিত কৰে। নাটকখন পৰৱৰ্তী সময়ত মঞ্চৰূপা আৰু অসম ষ্টাৰ থিয়েটাৰত মঞ্চস্থ কৰোঁতেও এজিদৰ চৰিত্ৰত তেওঁ সমান দক্ষতাৰে অভিনয় কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি ‘দ্বিতীয় পানীপথ’ নাটকত আলি হুছেইন নামৰ সেনাপতিজনৰ ভূমিকাত কৰা বলদেৱ শ‍ইকীয়াৰ দৰ্শনীয় অভিনয় আৰু চমকপ্ৰদ তৰোৱাল যুদ্ধ চাবলৈ বহু দূৰৰ পৰা দর্শক আহিছিল। এই নাটকখনে, বিশেষকৈ নাটখনত বলদেৱ শ‍ইকীয়াই কৰা দুৰ্দান্ত অভিনয়ে সেই সময়ত আলোড়নৰ সৃষ্টি কৰিছিল।

পৰৱৰ্তী কালত, ১৯৭৬-৭৭ নাট্যবৰ্ষত সুৰদেৱী থিয়েটাৰত ধৰণী বৰ্মন পৰিচালিত ‘পিয়লি ফুকন’ নাটকত বলদেৱ শইকীয়াই বলিষ্ঠ অভিনয়ৰে দৰ্শকক মোহাচ্ছন্ন কৰিছিল৷ পিয়লি ফুকনৰ নাম ভূমিকাত অভিনয় কৰিছিল বলদেৱ শইকীয়াই ৷ সেই বছৰ বলদেৱ শইকীয়াই এখন ভৰি বান্ধি হ’লেও অতি কষ্টৰে নলবাৰীৰ ৰাসত ৰাইজৰ বিপুল দাবীত একেদিনাই তৃতীয়টো দৰ্শনীত অভিনয় কৰিছিল৷ ১৯৭৭-৭৮ বৰ্ষত একেটা থিয়েটাৰ দলতে তেওঁ মণিৰাম দেৱান নাটকৰ নাম ভূমিকাত অভিনয় কৰি উজনিৰ পৰা নামনিলৈ দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰে৷

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰো এগৰাকী অক্লান্ত সৈনিক এইগৰাকী স্বনামধন্য অভিনেতাই প্ৰকৃততে ভ্ৰাম্যমাণৰ মঞ্চতে জীৱনটোৰ এছোৱা সময় পাৰ কৰে৷ ভ্ৰাম্যমাণৰ আৰম্ভণী সময়ৰ এই গৰাকী বলিষ্ঠ অভিনেতাই ১৯৬৩ চনৰ পৰা ১৯৮৫ চনলৈ সেই সময়ৰ নটৰাজ, নটবাণী, সুৰদেৱী, মঞ্চৰূপা, অসম ষ্টাৰ, ইন্দ্ৰধনু, অপ্সৰা, কহিনুৰ, আবাহন আদি ভালেকেইখন থিয়েটাৰত নিজৰ অসামান্য প্ৰতিভাৰে অভিনয় কৰি দৰ্শকৰ মনত নজহা-নপমা সাঁচ বহুৱাবলৈ সক্ষম হৈছিল৷ জেৰেঙাৰ সতী, কাৰবালা, বন্দিনী, ভোগজৰা, অংগাৰ, দ্বিতীয় পানীপথ, দস্যুৰাণী ফুলন দেৱী, হাইদৰ আলী, হেডমাষ্টৰ, বেউলা, মৰম তৃষ্ণা আদি প্রায় দুশখন নাটকত তেওঁ অভিনয় কৰে।

১৯৮৬ চনত শিল্পী বলদেৱ শইকীয়াই জামুগুৰিহাটৰ পৰা পাঞ্চজন্য থিয়েটাৰ নাম দি এটা ভ্ৰাম্যমাণ নাট্যদলৰ জন্ম দি ভ্ৰাম্যমাণ নাট্য আন্দোলনক গতিশীল কৰাত প্ৰভূত অৰিহণা আগবঢ়াইছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবেই দলটো কিছুদিন পাছত বন্ধ হৈ পৰে৷

একেদৰে, অপেছাদাৰী নাট্যমঞ্চতো তেখেতে অভিনয়ৰে যুগমীয়া কীৰ্তি ৰাখি থৈ গৈছে৷ অসমৰ বহুকেইখন অপেছাদাৰী মঞ্চৰৰ লগতে জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজ আৰু ৰংগমঞ্চত একাধিক নাটকত বলদেৱ শইকীয়াই সুদক্ষ অভিনয়ৰে অঞ্চলটোৰ নাট্যপ্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

এইগৰাকী অভিনেতা-পৰিচালকৰ কলমত পৰৱৰ্তী সময়ত সৃষ্টি হৈছিল কেবাখনো পূৰ্ণাংগ নাটক৷ পপীয়া তৰা, বেদ উদ্ধাৰ, পানী দেৱতা, ৰংমহল, চকুলো নিৰৱে সৰে, বন্ধনকে ধৰি বলদেৱ শইকীয়াৰ ১১খন পূৰ্ণাংগ নাট প্ৰকাশিত হয়৷ তেওঁ ৰচনা কৰা নাটক বন্ধন, ৰংমহল আৰু চকুলো নীৰৱে সৰে ভ্ৰাম্যমাণৰ মঞ্চত মঞ্চায়িত হয়। ইয়াৰ উপৰি তেওঁৰ ৬খন নাট অপ্ৰকাশিত ৰূপত আছে৷ তেওঁ অসমৰ বহুকেইটা ভ্ৰাম্যমাণ নাট্যদলত বহুসংখ্যক নাটক পৰিচালনা কৰিছিল৷ উল্লেখ্য যে বিগত ২০০৯-১০ নাট্যবৰ্ষত তেওঁ সঞ্জীৱনী থিয়েটাৰৰ নাট পৰিচালনা কৰিছিল।

শৈশৱৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে নাটক আৰু অভিনয়কে জীৱনৰ ব্ৰত হিচাপে লোৱা এই গৰাকী অভিনতাক বিগত ১৯৯৬ চনত বৰপেটা অধিৱেশনত অসম নাট্য সন্মিলন বঁটা প্ৰদান কৰা হয়৷ জীৱনকালত তেখেতে ২০০৩ চনত মুনলাইট মিডিয়া বঁটা, ২০১২ চনত উগ্ৰ মেনা বঁটা, ২০২২ চনত নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহ উদযাপন সমিতিয়ে প্ৰদান কৰা গিয়াছুদ্দিন আহমেদ বঁটাকে ধৰি আন বহুকেইটা স্বীকৃতি আৰু বঁটাৰে সন্মানিত হয়৷

বিগত ভালেমান দিন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থকা বলদেৱ শইকীয়াই ২৪ মাৰ্চৰ দিনৰ ১ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে৷ অসমৰ নাট্যক্ষেত্ৰই, বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰে হেৰুৱালে ভ্ৰাম্যমাণৰ জন্মলগ্নৰ এগৰাকী বাটকটীয়া অভিনেতাক৷ কায়িকভাৱে বলদেৱ শইকীয়াই আমাৰ মাজৰ পৰা বিদায় ল’লেও তেখেতৰ সুদক্ষ অভিনয়, নাট্যসৃষ্টি অসমৰ জনমানসত অক্ষয়-অব্যয় হৈ থাকি যাব৷

❧ | আৰু পঢ়ক:

ভ্ৰাম্যমাণ নাট্যজগতৰ জন্মলগ্নৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়া: সজল সোঁৱৰণ | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Facebook