নিপন গোস্বামী: অসমীয়াৰ বুকুৰ আপোন অভিনেতাজন

নিপন গোস্বামী: অসমীয়াৰ বুকুৰ আপোন অভিনেতাজন
  • 27 Oct, 2022

নি পন গোস্বামী,— অসমৰ ৰাইজক যিজনৰ বিষয়ে নতুনকৈ হয়তো কিবা কোৱাৰ প্ৰয়োজন নাই; সেইজন অসমীয়া ৰাইজৰ বুকুৰ আপোন চিৰসেউজ অভিনেতাই ২৭ অক্টোবৰ (২০২২), বৃহস্পতিবাৰে পুৱা সকলোকে কন্দুৱাই আঁতৰি গ’লগৈ কোনোবা অজান দেশলৈ। একেৰাহে কেবাটাও দশক (প্ৰায় সত্তৰ বছৰ) অসমৰ চলচ্চিত্ৰ জগতক অভিনয়েৰে সমৃদ্ধ কৰি সৰ্বজন শ্ৰদ্ধেয়, সকলোৰে মৰমৰ ‘নিপন দা’ গ’লগৈ। এটা সোণালী যুগৰ অৱসান ঘটিল।

১৯৫৭ চনত প্ৰথমবাৰৰ বাবে নটসূৰ্য ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনত ভুমুকি মাৰিছিল নিপন গোস্বামীয়ে। সেয়াই আৰম্ভণি। তাৰ পাছত অমৰ পাঠকৰ ‘সংগ্ৰাম’ৰ জৰিয়তে তেখেতে আৰম্ভ কৰিছিল এক সফল বৰ্ণিল অভিনয় জীৱন। এটা সময়ত, বিশেষকৈ সত্তৰ-আশী দশকৰ পৰা আজিলৈকে এইগৰাকী অভিনেতাই অসমবাসীক উপহাৰ দিলে ইখনৰ পাছত সিখন চুপাৰহিট ছবি। প্ৰকৃতপক্ষে সত্তৰ-আশী দশকত তেখেতে লাভ কৰা জনপ্ৰিয়তা তথা তেখেতৰ প্ৰতি অসমবাসীৰ দুৰ্বাৰ আকৰ্ষণ সেই সময়ৰ বলিউদৰ তাৰকাতকৈ কোনো গুণে কম নাছিল। তেখেতৰ নাম শুনিলেই, তেখেতৰ ছবি প’ষ্টাৰত দেখিলেই দৰ্শক উৎকণ্ঠিত হৈ পৰিছিল। কি চহৰ, কি গাঁও, সকলোতে চিনেমা হল— ‘হাউচফুল’। ৰাইজে বাছ ভাড়া কৰি গৈছিল নিপন গোস্বামীৰ ছবি চাবলৈ। অতি কম সময়ৰ ভিতৰতে নিপন গোস্বামী পৰিণত হৈছিল অসমীয়া ছবিজগতৰ অঘোষিত মহানায়ক, ‘চুপাৰষ্টাৰ’ত!

নিপন দা আৰু নাই— সেই সত্যক আজি যেন স্বীকাৰ কৰিব পৰা নাই অসমবাসীয়ে। সকলোকে আকৰ্ষিত কৰিব পৰা জীৱন্ত, স্বাভাৱিক অভিনয়, স্বকীয় অভিনয়শৈলী, গলগলীয়া কণ্ঠৰে ৰাইজৰ হৃদয়ৰ আঁহে-কোঁহে সোমাই পৰা নিপন গোস্বামীয়ে মৃত্যুৰ আগমুহূৰ্তলৈকে ১০০খনতকৈও অধিক অসমীয়া ছবি, কেবাখনো বাংলা আৰু হিন্দী ছবি, ৫০খনতকৈ অধিক চুটিছবি, শতাধিক ভিচিডি ছবিত সাৱলীল অভিনয়ৰে দৰ্শকক সন্মোহিত কৰি ৰাখিছিল। এক কথাত ক’বলৈ গ’লে, অসমীয়া চিনেমাত নিপন গোস্বামীৰ প্ৰৱেশেই আছিল অসমীয়া চিনেমা উদ্যোগৰ বাবে এক ঐতিহাসিক ক্ষণ।

অসমীয়া চিনেমাক এক নতুন গতি, এক বিশিষ্ট মাত্ৰা প্ৰদান কৰাত সফল হৈছিল নিপন গোস্বামী। বিশেষকৈ ‘ডাক্তৰ বেজবৰুৱা’, ‘ককাদেউতা নাতি আৰু হাতী’, ‘কাদম্বৰী’, ‘আজলী নবৌ’, ‘জীৱন বাটৰ লগৰী’, ‘শকুন্তলা আৰু শংকৰ যোছেফ আলি’, ‘মিঠা মিঠা লগনত’ ‘বহাগৰ দুপৰীয়া’, ‘ককাদেউতাৰ ঘৰজোঁৱাই’ আদি ছবিত কৰা নিপন গোস্বামীৰ দুৰ্দান্ত অভিনয় আজিও প্ৰতিগৰাকী অসমীয়াৰ মনৰ মাজত সজীৱ হৈ আছে। অসমীয়া চিনেমাৰ সৰ্বকালৰ এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে চিহ্নিত হোৱা নিপন গোস্বামীয়ে অসমীয়া ছবিজগতৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছিল।

১৯৪২ চনৰ ৩ ছেপ্তেম্বৰত সাংস্কৃতিক নগৰী তেজপুৰৰ কলিবাৰীত নিপন গোস্বামীৰ জন্ম হয়। সৰুৰে পৰা নিজৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ হোৱা নিপন গোস্বামীৰ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল এগৰাকী বিখ্যাত অভিনেতা। তেখেত ‘মঞ্চকোঁৱৰ’ উপাধিৰে বিভূষিত আছিল। মাক নিৰুপমা গোস্বামীয়ে সংগীতৰ চৰ্চা কৰিছিল। পিতৃকে ধৰি তেখেতৰ পাঁচজন খুৰাকো অভিনয়ৰ সৈতেই জড়িত আছিল। সেই বাবে, এক কথাত, অভিনয় নিপন গোস্বামীৰ তেজতে থকাৰ দৰে আছিল। তদুপৰি, তেজপুৰতে শৈশৱ-কৈশোৰ পাৰ কৰা নিপন গোস্বামীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ দৰে বৰেণ্য পুৰোধাৰ সান্নিধ্য লাভ কৰে। শৈশৱ-কৈশোৰত নিপন গোস্বামীয়ে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰত হোৱা নাটকসমূহো নিয়মীয়াকৈ চোৱাৰ সুবিধা পাইছিল আৰু সেইসমূহৰ প্ৰভাৱতে আচলতে শৈশৱৰ পৰাই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হয়।

আঠ-ন বছৰ বয়সত নিপন গোস্বামীয়ে স্কুলত পঢ়ি থকা অৱস্থাতে ‘লাচিত বৰফুকন’ নাটকত অভিনয় কৰে। পৰৱৰ্তী হাইস্কুলীয়া জীৱনতো তেখেতে কেবাখনো নাটকত অভিনয় কৰি প্ৰশংসিত হয়। স্নাতক পৰীক্ষা শেষ কৰি ১৯৬৫ চন মানত তেখেত পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত নামভৰ্তি কৰে। উল্লেখযোগ্য যে বলিউদৰ সুভাষ ঘাই, শত্ৰুঘ্ন সিনহা, ৰাকেশ পাণ্ডে, ৰেহেনা চুলতানা আদি তেখেতৰ সহপাঠী আছিল। ইয়াৰ উপৰি তেখেতে জয়া ভাদুৰী, আচৰাণীৰ দৰে অভিনয় শিল্পীৰো সান্নিধ্য লাভ কৰে। পুণেত শিক্ষাগ্ৰহণ কৰি থকা অৱস্থাতে তেখেতে ‘সংগ্ৰাম’ ছবিখনৰ নায়কৰ চৰিত্ৰত অভিনয়ৰ আমন্ত্ৰণ লাভ কৰে। ইয়াৰ পাছত আৰু তেখেতে পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইখনৰ পাছত সিখন ছবিত একেৰাহে বহুকেইটা দশক অভিনয়ৰে দপদপাই আছিল এইগৰাকী চিৰসেউজ অভিনেতা।

নিপন গোস্বামীয়ে অভিনয় কৰা বাংলা ছবিসমূহ হৈছে— ‘তুষাৰতীৰ্থ অমৰনাথ’, ‘মৌশেৰ’, ‘দেবাঞ্জলি’, ‘দূৰন্ত চৰাই’। তেখেত অভিনয় কৰা হিন্দী ছবিৰ ভিতৰত উল্লেখনীয় হৈছে— ‘দো অনজানে’, ‘জগ্গু’, ‘দো ভাই’, ‘মৌকা’, ‘বিৰোধী’ আৰু ‘কালসন্ধ্যা’। ‘দো অনজানে’ ছবিত তেখেতে বলিউদৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল। তেখেতে কেৱল চলচ্চিত্ৰতহে যে অভিনয় কৰিছে, এনে নহয, অসমৰ অপেছাদাৰী আৰু ভ্ৰাম্যমাণ দুয়োটা নাট্যক্ষেত্ৰতে অভিনয় আৰু নাট পৰিচালনা কৰিছিল। বিভিন্ন সময়ত কহিনুৰ, হেঙুল, শকুন্তলা আদি ভ্ৰাম্যমাণ নাট্যদলত তেখেতে অভিনয় কৰিছিল।

অসমীয়া ছবিজগতক সমৃদ্ধিশালী কৰিবলৈ সক্ষম হোৱা যশস্বী অভিনেতা নিপন গোস্বামীৰ অভিনয় পূৰামাত্ৰাই আছিল অত্যন্ত স্বাভাৱিক। নায়ক, খলনায়ক, দেউতা, বৰদেউতা, ককা আদি সকলো চৰিত্ৰতে নিজ প্ৰতিভাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিছিল এইগৰাকী চিৰসেউজ অভিনেতাই। ‘ডাক্তৰ বেজবৰুৱা’, ‘ককাদেউতা নাতি আৰু হাতী’, ‘কাদম্বৰী’তেই হওক বা ‘মিঠা মিঠা লগনত’ ছবিৰ খুৰাকৰ নিভাঁজ অভিনয়েই হওক, নিপন গোস্বামীৰ দুৰ্দান্ত অভিনয় আজিও প্ৰতিগৰাকী অসমবাসীৰ চকুৰ আগত ভাহি আছে।

অভিনয়ৰ সমান্তৰালভাৱে পৰিচালক হিচাপে তেখেতে মুনীন বৰুৱাৰ লগত ‘প্ৰতিমা’ নামৰ ছবিখন পৰিচালনা কৰিছিল আৰু এই ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল। আনহাতে মুক্তিৰ অপেক্ষাত থকা ‘ডাক্তৰ বেজবৰুৱা ২’ ছবিখনো তেখেতে পৰিচালনা কৰিছিল। ইয়াৰ উপৰি মুক্তিৰ ক্ষণ গণি থকা চৰ্চিত ছবি ‘লংকাকাণ্ড’ৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা যাব এইগৰাকী বিশিষ্ট অভিনেতাক। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে, ছবিখনে মুক্তিলাভ কৰাৰ এটা দিন আগতেই নিপন গোস্বামী আমাৰ মাজৰ পৰা চিৰকাললৈ গুচি গ’ল।

কায়িকভাৱে আজি আঁতৰি গ’লেও, প্ৰকৃতাৰ্থতে প্ৰতিজন অসমীয়াৰ হৃদয়ৰ মণিকোঠাত সদায় যুগমীয়া হৈ থাকিব মৰমৰ নিপন দাৰ প্ৰতিখন ছবিৰ প্ৰতিটো চৰিত্ৰত কৰা দুৰ্দান্ত অভিনয়। নিপন গোস্বামীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক।

❧ | আৰু পঢ়ক:

নিপন গোস্বামী: অসমীয়াৰ বুকুৰ আপোন অভিনেতাজন | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Twitter