পা নীন্দ্ৰনাথ গগৈৰ জন্ম হৈছিল ১৮৭১ চনত৷ তেওঁৰ জন্মৰ দুবছৰৰ পাছৰ ১৮৭৩ চনটো অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জীত এক মাইলৰ খুঁটি৷১ এই চনতে অসমীয়া ভাষাই ৩৬ বছৰীয়া নিৰ্বাসনৰ অন্তত অসমৰ স্কুল-আদালতত হৃত স্থান লাভ কৰিছিল৷ এক তথ্য অনুসৰি ১৮৭৪ চন পৰ্যন্ত অসমত প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা আছিল ৫১৩খন, এম ভি স্কুল আছিল ৭১খন, এম ই স্কুল আছিল ১১খন আৰু হাই স্কুল মাত্ৰ ৬খন৷২ যদিও অসমীয়া ভাষাই শিক্ষাৰ মাধ্যম হিচাপে বিদ্যালয়সমূহত স্থান লাভ কৰিছিল, কিন্তু উপযুক্ত পাঠ্যপুথিৰ অভাৱত ভালেমান দিনলৈ বিদ্যালয়সমূহত বঙলা ভাষাৰ পাঠ্যপুথিকে চলি আছিল৷ অসমীয়া ভাষাৰ পাঠ্যপুথিৰ পাণ্ডুলিপি বিচাৰি চৰকাৰে প্ৰতিযোগিতা পাতিবলগীয়া হৈছিল৷ ১৮৭৩ চনত হেমচন্দ্ৰ বৰুৱাৰ ‘আদিপাঠ’ নামৰ শিশু-শিক্ষাৰ পাঠ্যপুথিখনে ৫০০ টকাৰ প্ৰথম পুৰস্কাৰ পাই অসমৰ বিদ্যালয়সমূহত প্ৰচলনৰ অনুমোদন লাভ কৰিছিল৷
পানীন্দ্ৰনাথ গগৈৰ জন্ম হৈছিল উত্তৰ লখিমপুৰ চহৰৰ গাতে লাগি থকা চেতিয়া গাঁৱত৷ ১৮৭৯ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ সৈতে একেদিনাই উত্তৰ লখিমপুৰৰ চহৰীয়া পঢ়াশালিত তেওঁ নামভৰ্তি কৰিছিল৷ পানীন্দ্ৰনাথ আৰু পদ্মনাথ দুয়ো অভিন্ন হৃদয় বন্ধু আছিল৷ সেই সময়ত তেওঁলোকে পঢ়া বঙলা মাধ্যমৰ বিদ্যালয়ত কেনে ধৰণৰ পাঠ্যপুথিৰ প্ৰচলন আছিল তাৰ বৰ্ণনা গোহাঞিবৰুৱাই তেওঁৰ আত্মজীৱনীত এনেকৈ দিছে: “তেতিয়া বঙ্গদেশত যি স্কুলৰ যি শ্ৰেণীত যি কিতাপ চলিছিল, অসমতো সেই স্কুলৰ সেই শ্ৰেণীত সেই কিতাপকে চলোৱা হৈছিল৷ সেই অনুসৰি, অসমৰ মজলীয়া খাপৰ স্কুলত এনেবোৰ কিতাপ পাঠ্য আছিল যেনে: (১) সাহিত্যবিষয়ক (ক) মদনমোহন তৰ্কালঙ্কাৰৰ ‘শিশুশিক্ষা’ ১ম, ২য় আৰু ৩য় ভাগৰ লানি (series); (খ) ৺যদুনাথ চট্টোপাধ্যায়ৰ ‘পদ্যপাঠ’ ১ম, ২য় আৰু ৩য় ভাগৰ লানি; (গ) ৺অক্ষয়কুমাৰ দত্তৰ ‘চাৰুপাঠ’ ১ম, ২য় আৰু ৩য় ভাগৰ লানি; (ঘ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ‘বোধোদয়’; (ঙ) তাৰাশঙ্কৰ বিদ্যাৰত্নৰ ‘ৰামেৰ ৰাজ্যাভিষেক’; (চ) হাফেজাকৃত ‘সদ্ভাবশতক’।”৩
বঙলা পাঠ্যপুথিসমূহে দুয়োজনৰ সাহিত্যপ্ৰীতি আৰু সাহিত্যৰুচি গঢ় দিয়াত সহায় কৰিছিল৷ গোহাঞিবৰুৱাই অকপটে কৈছে যে উক্ত পাঠ্যপুথিবোৰেই— “প্ৰকৃতপক্ষে আমাৰ অন্তৰত অসমীয়া জাতিৰ সাহিত্য চৰ্চাৰ অনুৰাগ সঞ্চাৰ কৰে৷”৪
উত্তৰ লখিমপুৰ মজলীয়া স্কুলত পঢ়ি থাকোঁতে দুয়ো তলে তলে বঙলা আৰু অসমীয়া ভাষাত কবিতা আৰু প্ৰবন্ধ-পাতি লিখাত হাত দিছিল৷ ‘পদ্ম-পানি’ নাম দি দুয়ো এমুঠি কবিতাৰ বহী এখনো বান্ধিছিল৷ বহীখন পানীন্দ্ৰ নাথ গগৈৰ হাতত আছিল৷ গগৈৰ অকাল মৃত্যুৰ লগে লগে উক্ত বহীখনো নোহোৱা হয়৷ সেইখিনি সময়ত তেওঁলোকে কেনেধৰণৰ কবিতা লিখিছিল তাৰ এক উদাহৰণ গোহাঞিবৰুৱাই আত্মজীৱনীত এইদৰে দিছে: “আমাৰ যে চাঁদ হায়, দূৰে দূৰে সৰে যায়, দূৰেতে পালায়; সুদূৰ গগন মাজে, অগণন তাৰা ৰাজে, (হায়) মম চাঁদ নাই৷”৫
মধ্য বঙ্গ বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছত দুয়ো বন্ধুৱে দুফালে বাট বোলে৷ গোহাঞিবৰুৱাই শিৱসাগৰ চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰে আৰু পানীন্দ্ৰনাথ গগৈয়ে গুৱাহাটী নৰ্মাল স্কুলত নামভৰ্তি কৰে৷ নৰ্মাল স্কুলত গগৈয়ে দেশী অৰ্থাৎ বঙলা ভাষাতে উচ্চ শিক্ষা সাং কৰে৷ নৰ্মাল স্কুলৰ তৃতীয় বাৰ্ষিক মহলাত উত্তীৰ্ণ হৈ আহি তেওঁ প্ৰথমে উত্তৰ লখিমপুৰৰ ঢকুৱাখনা চৰকাৰী মধ্য বঙলা ছাত্ৰবৃত্তি বিদ্যালয়ত দহ টকা দৰমহাত দ্বিতীয় শিক্ষকৰ পদত যোগ দি শিক্ষক জীৱনৰ পাতনি মেলে৷ এবছৰমান ঢকুৱাখনাত শিক্ষকতা কৰাৰ পাছত উত্তৰ লখিমপুৰ মজলীয়া ইংৰাজী বিদ্যালয়ৰ হেড পণ্ডিতৰ পদত যোগ দিয়ে৷ অৰ্থ-কৰিৰ দিশেৰে থান-থিত হোৱাৰ পাছত তেওঁ সাহিত্য-চৰ্চাত মন দিবলৈ ধৰে৷ ‘জোনাকী’, ‘বিজুলী’ প্ৰভৃতি আলোচনীত তেওঁ প্ৰবন্ধ-পাতি লিখিবলৈ লয়৷
“তেওঁৰ প্ৰবন্ধাদি দীঘল নহয়, লেখতো তাকৰ; কিন্তু সেয়ে বাছকবনীয়া— অনেকৰ দীঘলীয়া আৰু সৰহীয়া প্ৰবন্ধাদিক সেইবোৰে চেৰ পেলাব পাৰিছিল৷”৬ ‘জোনাকী’ৰ ১ম ভাগৰ ১১শ আৰু ১২শ সংখ্যাত প্ৰকাশিত ‘জাতীয় প্ৰেম’ শীৰ্ষক প্ৰবন্ধটিত গগৈয়ে অতি সংক্ষেপতে জাতীয় প্ৰেম যে একোটা জাতিৰ বা একোখন দেশৰ উন্নতিৰ চাবি-কাঠি সেই কথা আলোচনা কৰিছে৷ তেওঁ লেখাটোৰ আৰম্ভণিতে কোৱা কথাখিনি মন কৰিবলগীয়া: “জাতীয় প্ৰেম জাতীয় উন্নতিৰ মূল ভিত্তি৷ অমুক জাতি উন্নত হৈছে বুলিলে বুজিব লাগিব, সিবিলাকৰ জাতীয় প্ৰেম আছে৷ সিবিলাকে স্বজাতিৰ অৰ্থে আত্মোৎসৰ্গ কৰিব জানে৷”৭
‘আমাৰ উন্নতি নে অৱনতি?’ শীৰ্ষক আন এটা প্ৰবন্ধত গগৈয়ে ব্যৱসায়-বাণিজ্য, চাকৰি-বাকৰি আদিত নিজকে ওপৰ খাপলৈ নিব নোৱৰাটো অসমৰ মানুহৰ অৱনতিৰ অন্যতম ঘাই কাৰণ বুলি কৈছে৷ ‘তেন্তেনো আমাৰ উপায় কি?’ শীৰ্ষক প্ৰবন্ধটোত গগৈয়ে এই অৱনতিৰ পৰা ৰক্ষা পোৱাৰ উপায় দিছে৷ প্ৰবন্ধটোৰ এঠাইত তেওঁ চাকৰিমুখী শিক্ষাৰ সমালোচনা কৰিছে৷ তেওঁ লিখিছে: “আমাৰ অধিকাংশ লোকে চাকৰিৰ নিমিত্তেহে লিখা-পঢ়া কৰে, এই নিমিত্তে আমাৰ বিদ্যাৰ উদ্গতি নাই৷ জ্ঞানোন্নতিৰ নিমিত্তেহে লিখা-পঢ়াৰ আৱশ্যক আৰু লিখা-পঢ়া শিকি নিজ নিজ পৈত্ৰিক স্বাধীন জীৱিকাৰ শ্ৰীবৃদ্ধিৰ নিমিত্তে যত্ন কৰা আৱশ্যক, লিখা-পঢ়াৰ এই প্ৰকৃত উদ্দেশ্যবিলাক যাতে সাধাৰণৰ বোধগম্য হয় তালৈ চকু ৰখা শিক্ষিত লোকসকলৰ প্ৰধান কাম৷”৮
একেটা প্ৰবন্ধতে তেওঁ নাৰী শিক্ষাৰ পোষকতা কৰিলেও আধুনিক নাৰী শিক্ষাব্যৱস্থাক সমৰ্থন কৰা নাই৷ তেওঁ লিখিছে: “লেখক স্ত্ৰী শিক্ষাৰ বৰ পক্ষপাতী; কিন্তু বৰ্তমান যি প্ৰণালীত স্ত্ৰী শিক্ষা দিয়া হৈছে, তেওঁ তাক অনুমোদন নকৰে৷ যি শিক্ষাৰ দ্বাৰাই তিৰোতা প্ৰকৃত ঘৈণী হ’ব পাৰে, যি শিক্ষাৰ দ্বাৰাই নাৰীৰ জীৱন উন্নত হ’ব পাৰে, যি শিক্ষাৰ দ্বাৰা তিৰোতাই শাহু-শহুৰ, জা-ননন্দৰ কঠোৰ শাসনতো জীৱন সুখেৰে কটাবলৈ সমৰ্থা হ’ব পাৰে, যি শিক্ষাত নাৰীয়ে সতীত্ব ধৰ্মৰ মোল বুজিব পাৰে আৰু স্বামীয়েই তেওঁৰ একমাত্ৰ আশ্ৰয়, স্বামীত বাজে তেওঁৰ শ্ৰেষ্ঠ কেও নাই এই কথা বুজি স্বামীৰ সেৱা-শুশ্ৰূষাত দিন পাত কৰিব পাৰে, যি শিক্ষাৰ দ্বাৰাই শিশু পালন কৰিবলৈ শিকিব পাৰে; তেনে শিক্ষাহে তিৰোতাক দিয়া উচিত৷ ঘৰুৱা বনত পাৰ্গত কৰাই স্ত্ৰীশিক্ষাৰ উদ্দেশ্য; নাইবা এম.এ. বা বি.এ. মহলা দি পুৰুষ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ শিকোৱাৰ আমি ঘোৰ বিৰোধী৷”৯
নাৰী-শিক্ষাৰ প্ৰতি গগৈৰ এই দৃষ্টিভংগী প্ৰাচীনপন্থী আৰু ইউৰোপত আৰম্ভ হোৱা নাৰীৰ জাগৰণৰ পৰিপন্থী৷ ১৭৯২ চনত মেৰী ৱলষ্টন ক্ৰাফটে লিখা নাৰীবাদী আন্দোলনৰ প্ৰথমখন গুৰুত্বপূৰ্ণ দলিল ‘এ ভিণ্ডিকেশ্যন অৱ দ্য ৰাইটছ অৱ ৱ’মেন’ প্ৰকাশ পাইছিল৷ ১৮৬৯ চনত জন ষ্টুৱাৰ্ট মিলৰ পুৰুষ আৰু নাৰীৰ সমতাৰ পোষকতা কৰা পুস্তিকা ‘দ্য ছাবজেকশ্যন অৱ ৱ’মেন’ প্ৰকাশ পাইছিল৷ নাৰী যে পুৰুষতকৈ কোনো গুণে কম নহয়, সেই ধাৰণা প্ৰতিষ্ঠিত হৈছিল৷ নাৰীক অৱদমিত অৱস্থাৰ পৰা উলিয়াই অনাৰ বাবে নাৰী-শিক্ষাৰ গুৰুত্বক সকলোৱে মানি লৈছিল৷ পানীন্দ্ৰনাথ গগৈ নাৰী প্ৰগতিৰ শেহতীয়া ধ্যান-ধাৰণাৰ সৈতে হয়তো পৰিচিত নাছিল৷ সেই বাবেই তেওঁৰ চিন্তাত পশ্চাৎগামিতা প্ৰকাশ পাইছিল৷ ‘লৰাশিক্ষা’ পাঠ্যপুথিলানিত তেওঁ নাৰী-প্ৰগতিৰ বিৰোধী প্ৰবাদ বাক্যও ব্যৱহাৰ কৰিছিল:
“তিৰি, মিৰি, ভাটৌ, কোৱা— এই চাৰিৰ আশয় নোপোৱা৷”১০
“আয়ে চায় মুখলৈ তিৰোতাই চায় হাতলৈ৷”১১
পানীন্দ্ৰনাথ গগৈৰ জীৱনৰ অবিস্মৰণীয় কীৰ্তি হ’ল তেওঁৰ দ্বাৰা প্ৰণীত পাঠ্যপুথিকেইখন৷ ১৮৯১ চনত উত্তৰ লখিমপুৰত গোহাঞিবৰুৱা আৰু পানীন্দ্ৰনাথ গগৈ দুয়ো বন্ধু পুনৰ লগালগি হওঁতে পাঠ্যপুথি প্ৰণয়নৰ চিন্তা দুয়োৰে মনলৈ আহে৷ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত থাকি দুয়োজনে অসমীয়া ভাষাত গুণগতভাৱে উচ্চ মানৰ পাঠ্যপুথিৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল৷ প্ৰথমে ‘অসমীয়া ভাষাত ওখ খাপৰ সাহিত্য-পুথি এখন যুগুত কৰিবলৈ দুয়োৰো যুটীয়া সংকল্প হয়৷’১২ তাৰে ফলত ১৮৯৩ চনত ‘সাহিত্য-সংগ্ৰহ’ নামৰ পাঠ্যপুথিখন প্ৰকাশ পায়৷ ইয়াৰ পাছতে দুয়ো মিলি তলৰ শ্ৰেণীবোৰৰ বাবে এলানি সাহিত্য পাঠ্যপুথি যুগুত কৰাৰ সিদ্ধান্ত লয়৷
গোহাঞিবৰুৱা কহিমা চৰকাৰী ইংৰাজী স্কুলৰ প্ৰধান শিক্ষক হৈ গুচি যাবলগীয়া হোৱাত তেওঁলোকৰ যুটীয়া প্ৰচেষ্টাৰ অন্ত পৰে৷ অৱশ্যে দুয়ো আলোচনা কৰি গগৈয়ে ক-খ আদি পুথিৰ আদিছোৱাৰ পৰা প্ৰথম তিনিটা ভাগ আৰু গোহাঞিবৰুৱাই তাৰ পৰৱৰ্তী তিনি ছোৱা লিখাৰ দায়িত্ব লয়৷১৩ সেই হিচাপে ১৮৯৩ চনত পানীন্দ্ৰনাথ গগৈৰ ‘লৰাশিক্ষা’ পাঠ্যপুথিৰ আগছোৱা, মাজছোৱা আৰু শেষছোৱা প্ৰকাশ পায়৷ ১৮৯৫ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘নীতিশিক্ষা’ৰ আগছোৱা, মাজছোৱা আৰু শেষছোৱা প্ৰকাশ পায়৷ এই ছখন অসমীয়া সাহিত্য পুথি প্ৰচাৰ হোৱাত, ‘সাহিত্য-সংগ্ৰহ’ৰে সৈতে মজলীয়া স্কুলৰ কেউটা শ্ৰেণীৰ অসমীয়া সাহিত্য পাঠ্যপুথিৰ অভাৱ দূৰ হয়৷১৪
পানীন্দ্ৰনাথ গগৈৰ শিক্ষা বঙলা ভাষাৰ জৰিয়তে হৈছিল, কিন্তু তেওঁ যুগুত কৰা পাঠ্যপুথিকেইখনত বঙলা ভাষাৰ ভাঁজ পৰিছে বুলি সাত শতৰুৱে ক’ব নোৱাৰে৷ বৰঞ্চ তেওঁ অসমীয়া ভাষাৰ স্বকীয় ৰূপ তাৰ মাধুৰ্যৰ সৈতে ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ গোহাঞিবৰুৱাই লিখিছে: “গগৈদেৱৰ ‘লৰাশিক্ষা’ তিনি ছোৱাৰ গুণাগুণৰ বিষয়ে বহলাই কোৱাৰ সকাম নাই, সি আপোনগুণে সকলোৰে ওচৰত সমাদৃত৷ মুঠৰ ওপৰত ক’বলৈ গ’লে, পানীন্দ্ৰনাথ গগৈৰ ‘লৰাশিক্ষা’ৰ লগত ফেৰ মাৰিব পৰা অসমীয়া আদিপুথি আজিলৈকে ওলোৱা নাই; আনকি, চহকী বঙলা ভাষাতো নাই, মাথোন তাহানিৰ ৺মদনমোহন তৰ্কালঙ্কাৰৰ ‘শিশুশিক্ষা’ বঙলা আদিপুথি তিনিছোৱাক একোবলৈ ৰিজাব পাৰি৷ এনেহেন শুৱলা নিভাঁজ অসমীয়া ভাষাত লিখা ‘লৰাশিক্ষা’ পুথি তিনিছোৱাই ৺গগৈদেৱক আজিও অমৰ কৰি ৰাখিছে৷”১৫
বঙলা সাহিত্যই সেই সময়ত সংস্কৃতীয়া ৰূপ লৈছিল৷ গোহাঞিবৰুৱাই ক’বৰ দৰে বঙলা সাহিত্য ‘সংস্কৃতীয়া বা ং, ঃ শূন্য সংস্কৃত’ হৈছিল৷ ইয়াৰ বিপৰীতে পানীন্দ্ৰনাথ গগৈ আৰু পদ্মনাথ গোহাঞিবৰুৱা দুয়োজনৰে পাঠ্যপুথিত নিভাঁজ অসমীয়া ভাষাৰ প্ৰয়োগ দেখিবলৈ পাওঁ৷ সাহিত্য আদিপুথি বা Primer-বোৰৰ ঘাই উদ্দেশ্য হ’ল ছাত্ৰক ভাষাটোৰ প্ৰাথমিক ধাৰণা প্ৰদান কৰা৷ ভাষা একোটাৰ স্বকীয় ৰূপটোৰ সৈতে ছাত্ৰসকলক কোমল বয়সতে পৰিচয় কৰাই দিব পাৰিলে তাৰ প্ৰভাৱ গোটেই জীৱনলৈকে থাকে৷ পানীন্দ্ৰনাথ গগৈয়ে তেওঁৰ ‘লৰাশিক্ষা’ত সেই কামটোকে কৰিছে৷ তেওঁ অসমীয়া ভাষাৰ কালিকা সুন্দৰকৈ ধৰি ৰাখিব পাৰিছে৷ পাঠ্যপুথিকেইখনত পানীন্দ্ৰনাথে কেনে নিভাঁজ অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল তলত তাৰ দুটামান উদাহৰণ দিয়া হ’ল।
“চৌকা চৰু ডৌকা সৰু
টকৌ গুটি আকৌ চুটি
বৌৰ মাক মৌৰ চাক
পুতৌ পালে নিতৌ খালে”১৬
“গগৈদেউ অসহনি গামখাৰু ওলগনি
ছনপৰা আহুতলি বাংকৰা বহুৱালী
গুৱাহাটী গোলাঘাট তেজপুৰ যোৰহাট
ফটাকানি হৰিভৰ চুবুৰীয়া খনিকৰ
নেওঠনি শলমাৰি বেমেজালি খনিকৰ”১৭
“বোলা বাক্য নেৰিবা৷
কামাখ্যা অসমৰ এখন ডাঙ্গৰ দেৱালয়৷
লৰাবিলাকে উপাখ্যান শুনিবলৈ বৰ ভাল পায়৷
কাৰো ভাগ্য সদায় একেদৰে নাথাকে৷
বিষ্ণুৰ এক নাম অচ্যুত৷
ৰাজ্য নোহোৱা ৰজা আৰু গুটি নোহোৱা গছে সমান৷”১৮
“এখন পঢ়াশালিত হৰনাথ নামেৰে এটা লৰা আছিল৷ সি বৰ জাতি লৰা৷ পঢ়াশুনাত তাৰ বৰ ধাউতি, আৰু অবাবত পঢ়াশালি খতি নকৰে৷ পঢ়াৰ সময়ত অধ্যাপকৰ আগত পাঠ মাতি তেওঁক যিমান সন্তোষ লগাব পাৰে, আন কোনো লৰাই সিমান নোৱাৰে৷ এই কাৰণে অধ্যাপকদেৱে হৰনাথকো বৰ ভাল পাইছিল, আৰু সজ স্বভাৱৰ বঁটাও দিছিল৷”১৯
“চুৰ কৰা বৰ পাপ আৰু ঘিণলগা কাম৷ সকলো পাপৰে ক্ষমা আছে, কিন্তু চোৰৰ ক্ষমা নাই৷ ৰজাৰ সোধতো চোৰ উগ্ৰদণ্ড হয়৷ চোৰ এবাৰ ধৰা পৰিলে, সি জীয়াই থকা কালত তাৰ গাৰ চেকা গুচাব নোৱাৰে, আৰু বস্তু-বেহানি নিয়াৰ ভয়ত তাক সকলোৱে দূৰ দূৰ কৰে৷ স্বৰূপাৰ্থত চোৰ মানুহ কুকুৰতকৈও অধম৷”২০
অসমৰ মাটি-পানী আৰু জনজীৱনৰ সৈতে মিহলি হৈ থকা অসমীয়া ভাষাৰ নিভাঁজ ৰূপটো তেওঁ উক্ত পাঠ্যপুথিকেইখনত দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ ব্যৱহাৰ কৰা ‘চৌকা’, ‘চৰু’, ‘ডৌকা’, ‘অসহনি’, ‘ওলগনি’, ‘আহুতলি’, ‘বাংকৰা’, ‘ফটাকানি, ‘নেওঠনি’ আদি শব্দ আৰু ‘বোলা বাক্য নেৰিবা’, ‘সি বৰ জাতি লৰা’, ‘সকলোৱে দূৰ দূৰ কৰে’ আদি প্ৰকাশভংগীত অসমীয়া ভাষাৰ চহকী আৰু শুৱলা ৰূপটো প্ৰতিভাত হৈ উঠিছিল৷ গোহাঞিবৰুৱাই ঠিকেই কৈছে, ‘পানীন্দ্ৰনাথ গগৈ এজন ভাষা-প্ৰেমিক সাহিত্যিক আছিল’৷২১ তেওঁ অসমীয়া ভাষাক মনে-প্ৰাণে ভাল পাইছিল৷ ‘অনুস্বৰ-বিসৰ্গবৰ্জিত বঙলুৱা সংস্কৃতীয় সাহিত্য’ত দখল থকা সত্ত্বেও তেওঁ নিজৰ ভাষাত সংস্কৃতীয়া বা বঙলুৱা শব্দ আৰু ঠাঁচ পৰিবলৈ নিদিছিল৷২২
অসমীয়া ভাষা-সাহিত্যই পানীন্দ্ৰনাথৰ প্ৰতিভাৰ পূৰ্ণ প্ৰস্ফুটন দেখিবলৈ নাপালে৷ তাৰ আগতেই ১৯০০ চনৰ আঘোণ মাহত সাধাৰণ জ্বৰৰ লেচু লৈ তেওঁৰ অকাল মৃত্যু ঘটে৷ জীয়াই থকা হ’লে হয়তো পদ্মনাথ গোহাঞিবৰুৱাৰ দৰেই অসমীয়া ভাষা-সাহিত্যৰ বৰ নাওখনত আন এগৰাকী সুদক্ষ সাহিত্য কাণ্ডাৰী পানীন্দ্ৰনাথৰ ৰূপত আমি পালোহেঁতেন৷
প্ৰসংগ:
১. মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, নৱম তাঙৰণ, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, ২০০০, পৃ. ২৩৫
২. H. K. Barpujari, A Short History of the Higher Education in Assam’, Cotton College Golden Jubilee Volume, ১৯৫২, p১৩
৩. পদ্মনাথ গোহাঞিবৰুৱা, মোৰ সোঁৱৰণী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৭১, পৃ. ৮-৯
৪. প্ৰাগুক্ত, পৃ. ১০৯
৫. প্ৰাগুক্ত, পৃ. ১০৯৬. পদ্মনাথ গোহাঞিবৰুৱা (সম্পাদিত পৰিৱৰ্ধিত সংস্কৰণ), জীৱনী সংগ্ৰহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৬৯, পৃ. ১১৬
৭. ড° হেমন্ত কুমাৰ বৰুৱা (সংগ্ৰাহক-সম্পাদক), পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী, বাণীমন্দিৰ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০০৩, পৃ. ১০১
৮. প্ৰাগুক্ত, পৃ. ১০৮
৯. প্ৰাগুক্ত, পৃ. ১০৯
১০. প্ৰাগুক্ত, পৃ. ১৪১১. প্ৰাগুক্ত, পৃ. ২৬
১২. পদ্মনাথ গোহাঞিবৰুৱা (সম্পাদিত পৰিৱৰ্ধিত সংস্কৰণ), জীৱনী সংগ্ৰহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৬৯, পৃ. ১১৬
১৩. প্ৰাগুক্ত, পৃ. ১১১
১৪. প্ৰাগুক্ত, পৃ. ১১৭
১৫. প্ৰাগুক্ত, পৃ. ১১৮১৬. ড° হেমন্ত কুমাৰ বৰুৱা (সংগ্ৰাহক-সম্পাদক), পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী, বাণীমন্দিৰ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০০৩, পৃ. ১৭
১৭. প্ৰাগুক্ত, পৃ. ২০
১৮. প্ৰাগুক্ত, পৃ. ৫৩
১৯. প্ৰাগুক্ত, পৃ. ৮২
২০. প্ৰাগুক্ত, পৃ. ৮৫
২১. পদ্মনাথ গোহাঞিবৰুৱা (সম্পাদিত পৰিৱৰ্ধিত সংস্কৰণ), জীৱনী সংগ্ৰহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৬৯, পৃ. ১১৯
২২. প্ৰাগুক্ত, পৃ. ১১৯
❧ | আৰু পঢ়ক: