অ সমৰ মঞ্চ আৰু ছবিজগতক নিজৰ অভ্ৰভেদী অভিনয় প্ৰতিভাৰে সমৃদ্ধ কৰা এগৰাকী বলিষ্ঠ অভিনেতা, নাট্যকাৰ, অসমত একাংক নাটৰ বাটকটীয়া, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকী আৰু নাই৷ যৱনিকা পৰিল এক বৰ্ণাঢ্য অভিনয় জীৱনৰ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱাৰ দৰে শিল্পীসত্তাৰ সান্নিধ্যৰে সমৃদ্ধ হোৱা ভোলা কটকীৰ প্ৰধান পৰিচয় আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কালজয়ী অসমীয়া ছবি ‘অনিৰ্বাণ’ৰ ৰজনী মাষ্টৰ হিচাপে।
নাটক আৰু অভিনয়তে জীৱনৰ সৰ্বস্ব বিচাৰি পোৱা এইগৰাকী স্বভাৱশিল্পীৰ জন্ম হৈছিল জামুগুৰিহাটৰ সংগীয়া মাজৰচুক গাঁৱত ১৯৩৫ চনৰ ২০ জানুৱাৰী তাৰিখে। শৈশৱতে গাঁৱৰ নামঘৰত হোৱা ভাওনাত অভিনয় কৰি নাট্যক্ষেত্ৰত পদাৰ্পণ কৰা ভোলা কটকীয়ে পাছলৈ জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ নাটক কৰিবলৈ লয়। পাছলৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, গজেন বৰুৱাৰ দৰে মহান শিল্পীৰ সান্নিধ্য লভি এগৰাকী অগ্ৰণী, নিখুঁত নাট্যশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।
প্ৰকৃতপক্ষে, অসমত একাংক নাটৰ বাটকটীয়া নাট্যকাৰ হিচাপে ভোলা কটকীৰ নাম প্ৰথমতেই ল’ব লাগিব। তেজপুৰৰ দৰং কলেজত পঢ়ি থকা অৱস্থাতে তেখেতৰ দ্বাৰা ৰচিত ‘বিভ্ৰাট’ একাংক নাটখনে ১৯৫৬ চনত দিল্লীত অনুষ্ঠিত তৃতীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উক্ত নাটৰ জৰিয়তে নাট্যদলটিয়ে শ্ৰেষ্ঠ দলৰ স্থান লাভ কৰাৰ উপৰিও ভোলা কটকীয়ে শ্ৰেষ্ঠ নাট্যকাৰ আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। দেশৰ প্ৰায় অৰ্ধশতাধিক বিশ্ববিদ্যালয়ে অংশ লোৱা সেই যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয় দলটিৰ নেতৃত্ব দিছিল বৰেণ্য সাহিত্যিক ড° মহেশ্বৰ নেওগে। পৰৱৰ্তী কালত ভোলা কটকীয়ে শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিলেও শেষত অভিনয়কে জীৱনৰ সৰ্বস্ব বুলি ভাবি গোটেই জীৱন নাটকতেই নিজকে উছৰ্গিত কৰিলে।
বিংশ শতিকাৰ ষষ্ঠ দশকত অসমত ভ্ৰাম্যমাণ নাট্য আন্দোলনৰ সূচনা হয় আৰু ভ্ৰাম্যমাণৰ জনক প্ৰয়াত অচ্যুৎ লহকৰ ডাঙৰীয়াই তেখেতৰ নটৰাজ থিয়েটাৰৰ কাৰণে শিল্পীৰ সন্ধান কৰি আহি জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱাৰ গৃহত উপস্থিত হয়হি আৰু গজেন বৰুৱাৰ জৰিয়তেই জামুগুৰিহাটৰ পৰা স্বনামধন্য অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য, বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়া, যশস্বী কণ্ঠশিল্পী ৰাজকৃষ্ণ বাঢ়ৈ আৰু ভোলা কটকীয়ে ভ্ৰাম্যমাণ নাট্যক্ষেত্ৰত খোজ দিয়ে। শোণিতকোঁৱৰ গজেন বৰুৱাই থিয়েটাৰখনত মঞ্চসজ্জা (ছেটিংচ্)ৰ দায়িত্ব পালন কৰিছিল।
১৯৬৩ চনত নটৰাজ থিয়েটাৰত প্ৰথম বৰ্ষতে ভোলা কটকীয়ে নায়কৰ চৰিত্ৰত অভিনয় কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক জনপ্ৰিয়তা লাভ কৰে। এইগৰাকী স্বনামধন্য অভিনেতাই প্ৰকৃততে ভ্ৰাম্যমাণৰ মঞ্চতে জীৱনটোৰ প্ৰায় চাৰিটা দশক পাৰ কৰে। ভ্ৰাম্যমাণৰ আৰম্ভণি সময়ৰ এইগৰাকী বলিষ্ঠ অভিনেতাই সেই সময়ৰ সুৰদেৱী, মঞ্চকোঁৱৰ, বিশ্বৰূপা, জয়যমুনা, পূৰ্বজ্যোতি, ৰংঘৰ আদি ভালেকেইখন থিয়েটাৰত নিজৰ অসামান্য প্ৰতিভাৰে অভিনয় কৰি দৰ্শকৰ মনত নজহা-নপমা সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।
ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি থাকোঁতেই অভিনয় প্ৰতিভাৰ বলত ভোলা কটকী ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ চকুত পৰে আৰু ভোলা কটকীক নিৰ্মীয়মান চলচ্চিত্ৰ ‘অনিৰ্বাণ’ৰ বাবে নিৰ্বাচন কৰে। ‘অনিৰ্বাণ’ চলচ্চিত্ৰত ভোলা কটকীয়ে ৰজনী মাষ্টৰ চৰিত্ৰত কৰা অনবদ্য অভিনয় আজিও অসমবাসীয়ে পাহৰিব পৰা নাই। পৰৱৰ্তী সময়ত ভোলা কটকীয়ে কেবাখনো অসমীয়া কথাছবি আৰু ধাৰাবাহিকত অভিনয় কৰে। পুলক গগৈৰ ‘সাদৰী’, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘ৰাজা’, প্ৰমোদ বৰুৱাৰ ’উৰ্বশী’, উপেন বৰুৱাৰ ’জলাঞ্জলি’ আদিত ভোলা কটকীয়ে নিজৰ অভিনয় প্ৰতিভাৰ স্বাক্ষৰ এৰি থৈ যায়। এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ’বৃকোদৰ বৰুৱাৰ বিয়া’ ৰ এটি অন্যতম চৰিত্ৰৰ লগতে বিজু ফুকন পৰিচালিত ’দেউতা’ ধাৰাবাহিকতো ভোলা কটকীয়ে অভিনয় কৰিছিল।
অপেছাদাৰী নাট্যমঞ্চতো ভোলা কটকীয়ে অভিনয়ৰে যুগমীয়া কীৰ্তি ৰাখি থৈ গৈছে। তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগতে জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজ আৰু ৰংগমঞ্চত বহুতো নাটকত ভোলা কটকীয়ে সুদক্ষ অভিনয়ৰে অঞ্চলটোৰ নাট্যপ্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। উল্লেখ্য যে এই গৰাকী যশস্বী অভিনেতাই নটসূৰ্য ফণী শৰ্মাৰ লগত একেৰাহে এঘাৰখন আৰু কলাগুৰু বিষ্ণু ৰাভাৰ সৈতে পাঁচখন নাটত অভিনয় কৰিছিল। গণশিল্পী হেমাংগ বিশ্বাসৰ প্ৰেৰণাত ভাৰতীয় গণনাট্য সংঘৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত শম্ভু মিত্ৰ, বলৰাজ সাহানী, কাইফী আজমীৰ দৰে খ্যাতনামা অভিনয় শিল্পীৰ লগত হিন্দী, ইংৰাজী আদি ভাষাৰো যথেষ্ট সংখ্যক নাটকত অভিনয় কৰে।
ছাত্ৰ অৱস্থাতে এগৰাকী নাট্যকাৰ আৰু পৰিচালক হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা এইগৰাকী নাট্যকাৰৰ কলমত পৰৱৰ্তী সময়ত সৃষ্টি হৈছিল কেবাখনো একাংক আৰু পূৰ্ণাংগ নাটক। তেখেতৰ একাংক নাট সমূহ হৈছে— স্বদেশী গোলা (১৯৫১), বিভ্রাট (১৯৫৫), দ্বিতীয় চাহজাহান (১৯৫৮), দুঃস্বপ্ন (১৯৫৮), সংঘাত (১৯৫৮), মাষ্টৰ বাবু (১৯৫৯), প্রতিবাদ (১৯৫৯), প্রতিক্রিয়া (১৯৬৩), এনাজৰী (১৯৬৩), সম্প্রীতি (১৯৬৫), চেনেহৰ সোঁতা (১৯৬৭), শ্রদ্ধাঞ্জলি (১৯৮১), অমৰাৱতী (১৯৮১), ৰাভাৰ আভা (১৯৮৭)। তেখেতে ৰচনা কৰা পূৰ্ণাঙ্গ নাট হৈছে— শৰাইঘাট, দস্যুৰাণী পুতুলীবাই, কাৰাগাৰ, সংঘাত, অপৰাধ আদি। নাট্যচৰ্চাৰ উপৰি শোণিতকোঁৱৰ গজেন বৰুৱা, গহনচন্দ্ৰ গোস্বামী, মঘাই ওজা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সান্নিধ্যত পৰ্বত-পাহাৰ-ভৈয়াম সম্প্ৰীতি’ কাৰ্যসূচীত গুৰুজনাৰ গীত-মাত, নাট-ভাওনা আদি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পাহাৰীয়া ভাই-ভনীহঁতৰ মাজলৈ লৈ যোৱাৰ লগতে সেই লোকসকলৰ মাজত গুৰুজনাৰ আদৰ্শ বিলাই সমন্বয়ৰ সেঁতু বন্ধাত ভোলা কটকীৰো অনবদ্য অৱদান আছিল।
ভোলা কটকী
(২০ জানুৱাৰী, ১৯৩৫ - ৪ নৱেম্বৰ, ২০২২)
পঢ়ি থকা সময়ৰে পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে নাটক আৰু অভিনয়কে জীৱনৰ ব্ৰত হিচাপে লোৱা এইগৰাকী অভিনতাক বিগত ২০১৭ চনত অসম চৰকাৰে নটসূৰ্য ফণী শৰ্মা বঁটাৰে বিভূষিত কৰে। জীৱনকালত তেখেতে জ্যোতিৰূপা মিডিয়া বঁটা, মুনলাইট মিডিয়া বঁটা, জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বনৰ নটসূৰ্য বঁটা, অসম চলচিত্ৰ উন্নয়ন নিগমৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি আন বহুকেইটা স্বীকৃতি আৰু বঁটাৰে সন্মানিত হয়।
বিগত বহুদিন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থকা ভোলা কটকীয়ে যোৱা ৪ নৱেম্বৰ (২০২২)ত শেষ নিশ্বাস ত্যাগ কৰিলে। অসমৰ চলচ্চিত্ৰ আৰু নাট্যক্ষেত্ৰই, বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰে হেৰুৱালে ভ্ৰাম্যমাণৰ জন্মলগ্নৰ এগৰাকী বাটকটীয়া অভিনেতাক। কায়িকভাৱে ভোলা কটকীয়ে আমাৰ মাজৰ পৰা বিদায় ল’লেও তেখেতৰ সুদক্ষ অভিনয়, নাট্যসৃষ্টি অসমৰ জনমানসত অক্ষয়-অব্যয় হৈ থাকি যাব।
❧ | আৰু পঢ়ক:
- সত্ৰীয়া সংস্কৃতিৰ ওজা জীৱেশ্বৰ গোস্বামী
- শিশু সাহিত্যিকৰূপে ড° ভবেন্দ্ৰ নাথ শইকীয়া
- ৰাধাগোবিন্দ বৰুৱা: সপোনক সাকাৰ ৰূপ দিয়া এক বৰ্ণিল যাত্ৰা
- সত্যপ্ৰসাদ বৰুৱাৰ ব্যতিক্ৰমী নাটক ‘নায়িকা নাট্যকাৰ’
- শিল্পপ্ৰাণ চন্দ্ৰ ফুকন: হাজাৰ পৰাজয়েও ম্লান কৰিব নোৱৰা এটি হাঁহি
ছবি: লেখকৰ সৌজন্যত