অ সমৰ বিভিন্ন জিলাত বসবাস কৰি থকা মিচিংসকল মূলতঃ কৃষিজীৱি। বিশেষকৈ ধানখেতিয়েই হ’ল তেওঁলোকৰ জীৱন-জীৱিকাৰ মূল পথ। তেওঁলোক ভৈয়াম অঞ্চললৈ প্ৰব্ৰজিত হোৱাৰ আগলৈকে পাহাৰৰ এঢলীয়া ঠাইত কৰা ঝুমখেতিত (Jhum Cultivation) অভ্যস্ত আছিল। কিন্তু ভৈয়ামলৈ আহি নদী কাষৰীয়া ঠাইত বসবাস কৰিবলৈ লোৱাৰ পৰা তেওঁলোকে কোৰ মাৰি কৰা কষ্টকৰ ঝুমখেতিৰ বিপৰীতে গৰু-মহেৰে হাল বাই কৰা পানী খেতি (Wet Cultivation) কৰিবলৈ লয়।
মিচিংসকলৰ মাজত কৃষিক কেন্দ্ৰ কৰি পালিত ঋতুকালীন উৎসৱৰ ভিতৰত উল্লেখনীয় হ’ল— আলি-আই-লৃগাং, পঃৰাগ, বহাগ বিহু আদি। উৎসৱ-পাৰ্বনৰ দৰে কৃষিকেন্দ্রিক পূজা-পাতলৰ ভিতৰত দকুৰ উয়ু, উবম্ পাচুম আদিয়েই উল্লেখযোগ্য। তেওঁলোকে বৰ্তমান অসমীয়া সমাজৰ সংস্পৰ্শলৈ আহি ধানৰ লখিমী অনা, ন-খোৱা পতা, ৰোৱা গোজ লোৱা আদি পর্ববোৰো পালন কৰিবলৈ লৈছে।
মিচিংসকলে পালন কৰা কৃষিভিত্তিক মুখ্য উৎসৱটি হ’ল– আলি-আই-লৃগাং। হেমকোষ অভিধানত আলি-আই-লৃগাঙৰ পূৰ্ণ অর্থ এনেদৰে দিছে— ‘মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালিত (A Festival of Mishing)।’ শব্দগত দিশৰ পৰা ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, ‘আই’ মানে গছৰ গুটি বা ফল-মূল, ‘লৃগা’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা। এইফালৰ পৰা ইয়াৰ অৰ্থ হ’ল— মাটিৰ তলত হোৱা শস্যৰ বীজ সিঁচাৰ প্রথম দিন। ইয়াৰ মূল তাৎপর্য হ’ল যে এই দিনটোৰ পৰাই সমগ্ৰ মিচিং ৰাইজে গাঁও ভিত্তিক ৰাজহুৱা বা ব্যক্তিগতভাৱে পথাৰত আধানৰ বীজ সিঁচাৰ শুভাৰম্ভ কৰে। অর্থাৎ এই উৎসৱ কৃষিৰ আৰম্ভণিতে পালন কৰা হয়। যাক ধান বোৱা বা সিঁচা বিহু হিচাপে আখ্যা দিব পাৰি। এই উৎসৱ পালনৰ মূল উদ্দেশ্য হ’ল যাতে আই বসুমতী আৰু তেওঁলোকৰ পূজ্য দেৱতাসকলে খেতি-পথাৰৰ দিনকেইটা মঙ্গলে ৰাখে।
লৃগাঙৰ প্ৰথম দিনা মিচিংসকলে পথাৰৰ মুকলি ঠাইত দঞি-পঃলক উদ্দেশ্যি মদ-ভাত-মাংস আগবঢ়ায়। প্রথমে পূজাৰ ঠাইডোখৰ মুকলি কৰি লৈ চৌদিশে চৰাই-চিৰিকটিৰ পৰা শস্যখিনি ৰক্ষা কৰাৰ ব্যৱস্থা কৰি লয়। তাৰ পাছত নৈবেদ্য আগবঢ়াই মন্ত্ৰ মাতি হোৰাত নিয়া ধান আৰু বিভিন্ন আলু, কচু, জলকীয়া, আদা আদি শস্যৰ বীজবোৰ কোৰেৰে খুবলিয়াই লোৱা ঠাইবোৰত সিঁচি দিয়ে। এই কার্য সম্পন্ন কৰি সকলো ৰাইজ মিলি নৃত্য-গীত অর্থাৎ ‘গুমৰাগ্ পাকচ চঃ’ নাম গাই ভোজ-ভাত খায়। তেওঁলোকে বুধবাৰৰ পৰা ধৰি সাত দিনলৈ এই উৎসৱ পালন কৰে। বুধবাৰটোক মিচিংসকলে লক্ষ্মীবাৰ হিচাপে গণ্য কৰাৰ লগতে গুমৰাগ্ নাচ নানাচিলে কৃষিৰ বীজ অংকুৰিত নহয় আৰু খেতি পথাৰতো বৰষুণ নহয় বুলি বিশ্বাস কৰে। মিচিংসকলে এই উৎসৱ পালন কৰা সাতোটা দিনত বিভিন্ন কৰ্মৰ পৰা অব্যাহতি লৈ ঘৰে ঘৰে নৃত্য-গীত কৰি বিহু গায়। কাৰণ এই সাত দিনত গেনা (চুৱা) লাগে বুলি তেওঁলোকৰ বিশ্বাস। সেয়েহে তাঁত বোৱা, হাল বোৱা, মাটি খন্দা, ভঁৰালত উঠা আদি কামবোৰ নকৰে। তেওঁলোকে লৃগাঙৰ কেইদিন বিহু গাই পোৱা সামগ্ৰীৰে কেইদিনমানৰ পাছত লৃগাং উঠোৱা (খৃঃ লেন বা নৃ-গলেন) পাতে। এই দিনটোত তেওঁলোকে সৃষ্টিকর্তা (ৰুঃ নী পৃঃণী), অন্নদাতা পৰম পুৰুষ-প্রকৃতি (কাৰ্চুং কাৰ্তাং), আদিম পুৰুষ প্রকৃতি (চৗঃ দুমীঃ ল), আদি পিতৃ-মাতৃ (দঞি-পঃল), উপৰিপুৰুষ (চিনী-মঃৰে), গোত্র দেৱতা (গুঃমৃন চঃয়ুং), গছ-বন, পোক-পৰুৱা আদি সকলোৰে নামত সেৱা কৰি আই বসুমতীৰ ওচৰত অনাগত শস্যৰ দিনবোৰত ৰ’দ-বৰষুণ দি, গাঁৱৰ ৰাইজক মঙ্গলে ৰাখি, শসাৰ শ্ৰীবৃদ্ধি কৰি লালন-পালন কৰাৰ বাবে প্ৰাৰ্থনা জনায়।
মিচিংসকলে কৃষি ধান চপাই অনাৰ শেষত অনুষ্ঠিত কৰা আন এটি উৎসৱ হ’ল পঃৰাগ। ইয়াক অসমীয়াত নৰা-ছিঙা বিহু নামেৰে জনা যায়। হেমকোষ অভিধানত পঃৰাগৰ অৰ্থ এনেদৰে কৰিছে— মিচিং জনগোষ্ঠীৰ এটি কৃষি উৎসৱ, ধান কাটি চপোৱাৰ পিছত এই উৎসৱ অনুষ্ঠিত কৰে (A harvest reaping festival of the Mising pepole)। পঃৰাগ উৎসৱ তিনিদিনীয়াকৈ গাঁও ভিত্তিত ৰাইজৰ সহযোগিতাৰে ৰাজহুৱা মূৰং ঘৰত অনুষ্ঠিত কৰে। কিন্তু এই উৎসৱ মিচিং ডেকা-গাভৰুসকলৰ উদ্যোগতহে পৰিচালিত হয়। সেয়েহে ইয়াক মৃমবু-যাঃমে বুলি কোৱা হয়। অৱশ্যে ভিন্ন কামৰ বাবে ভিন্ন পদবীৰ গুৰুত্ব পঃৰাগ উৎসৱত লক্ষ্য কৰা যায়। তেনে পদবীবোৰৰ ভিতৰত আছে— বৰা-বৰানী, মিগম বৰা, বৰ পুৱাৰী, তামুলী আদি। ইয়াৰে বৰা-বৰানীয়ে ডেকা-গাভৰুৰ দলবোৰক পৰিচালনা কৰে। মিগম কৰা আৰু পুৱাৰীয়ে আলহী-অতিথিক সেৱা ধৰে। মিগম বৰাজন অৱশ্যে বিবাহিত লোকো হ’ব পাৰে। মিগম বৰা আৰু পুৱাৰীক আল-পৈচান ধৰিবলৈ তামুলী আৰু বৰ বৰানী থাকে। লক্ষ্যণীয় যে পঃৰাগৰ দিনা তেওঁলোকৰ মুৰং ঘৰত কেৱল বৰা-বৰানীসকলেহে উঠাৰ অনুমতি পায়। মূৰং ঘৰত চৌকা পাতি পুৰোহিত আৰু বৰা-বৰানীসকলৰ বাবে ভোজৰ আয়োজন কৰে। বাকী আলহী-অতিথিক সমজুৱাৰ লগত খাবলৈ দিয়া হয়।
মিচিংসকলে কৃষি ভিত্তিক উৎসৱৰ দৰেই কিছুমান কৃষি ভিত্তিক পূজা-পাতলো কৰে। তেনে পূজাবোৰৰ ভিতৰত দবুৰ উয়ি, উৰম পাচুম আদি উল্লেখযোগ্য। মিচিংসকলে পথাৰৰ শস্যত পোকে নধৰিবলৈ কামনা কৰি অনুষ্ঠিত কৰা এটি পূজা হ’ল দবুৰ পূজা। দবুৰ পূজাৰ কেইবাটাও ভাগ আছে, যেনে— বৃৰতী-দবুৰ আৰুগ-দবুৰ, মপুন-দবুৰ আৰু দঃলুং-দবুৰ। ইয়াৰে বৃৰতী-দবুৰ ৰক্তপাত নিৰাময়ৰ বাবে কৰা পূজা। আৰুগ-দবুৰ আৰু মপুন-দবুৰ ব্যক্তিগতভাৱে অনুষ্ঠিত কৰে। এই পূজাত মহামাৰী ৰোগ নিৰাময়কাৰী আৰু খেতি-পথাৰত পোক-পৰুৱা নিবাৰণকাৰী পথাৰৰ গৰাকীক আগস্থান দিয়া হয়। ঘৰুৱাভাৱে অনুষ্ঠিত এই পূজাত মদ (আপং), মাংস অর্পণ কৰে। এই পূজা লৃগাং উৎসৱৰ পাছৰ পৰ্যায়ত পালন কৰে। ইয়াৰ উপৰি দবুৰ পূজাৰ আন এটি ভাগ দঃলুং দবুৰ হ’ল ৰাজহুৱাকৈ অনুষ্ঠিত কৰা পূজা। এই পূজাৰ কেইদিন তেওঁলোকৰ গাঁওবোৰত গেনা লাগি থাকে বাবে গাঁৱৰ ভিতৰত অন্য লোকক প্রৱেশ কৰিবলৈ নিদিয়ে। কেনেবাকৈ গ’লেও পূজা শেষ বা গেনা নভঙালৈকে গাঁৱৰ পৰা ওলাই আহিবলৈ নিদিয়ে। এই পূজাৰ বাবে গাঁৱৰ প্ৰত্যেক ঘৰৰ পৰা চাউল, মদ, মাংস, নিমখ, আপং আদি চান্দা (আজৌং) তুলি নি নদীৰ পাৰৰ মুকলি ঠাইত পূজাৰ আয়োজন কৰে। পূজাত ৰুকজি নামৰ ঢেকীয়া থোৱা হয় আৰু সাপে কণী ভক্ষণ কৰি থকা কাৰ্যৰ অনুকৰণত দুটা মূৰ্তি নিৰ্মাণ কৰি উদিত সূৰ্যৰ দিশে মুখ কৰি বেদীত স্থাপন কৰে। মিবুজনে বা পূজাৰ মূল ব্যক্তিজনে একোডাল এচাৰিৰে সৰ্প আকৃতিৰ মূর্তিকেইটা স্পৰ্শ কৰি থকা অৱস্থাত গাহৰি আৰু কুকুৰা বলি দি সূর্য দেৱতাৰ উদ্দেশ্যি প্রার্থনা কৰে এনেদৰে— ‘হে মাতৃ সূর্য, পিতৃ চন্দ্ৰ, হে ঈশ্বৰ, আমি আগবঢ়োৱা দ্ৰব্যৰে সন্তুষ্ট হ’বা আৰু আমাক সু-স্বাস্থ্য আৰু আনন্দ প্ৰদান কৰি খেতি-বাতিৰ মঙ্গল সাধন কৰিবা।’
গুমৰাগ নৃত্য | ছবি: Sumita Roy Dutta via Wikimedia Commons (CC by SA 4.0)
মিচিংসকলে অনুষ্ঠিত কৰা আন এটি পূজা হ’ল উম-পঃচুম। এই পূজাক পূর্বপুৰুষৰ পূজা নামেৰেও জনা যায়। প্রত্যেক মিচিং লোকেই খেতি চপোৱাৰ পাছত এই পূজা অনুষ্ঠিত কৰে। এই পূজা ঘৰুৱাভাৱে বা পৰিয়াল ভিত্তিক পালন কৰে। মিচিংসকলে বিশ্বাস কৰে যে যিকোনো পৰিয়ালৰ কল্যাণ বা উন্নতি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কৃপাতেই হয়। সেয়েহে পূর্বপুৰুষসকলক সদায় সন্তুষ্ট কৰি ৰাখিবৰ উদ্দেশ্যেই এই পূজা অনুষ্ঠিত কৰে। খেতি চপাই পোৱা শস্যৰে এই পূজাভাগি অনুষ্ঠিত কৰে।
উক্ত উৎসৱ-পার্বণ, পূজা-পাতলবোৰৰ উপৰিও বর্তমানে মিচিংসকলে অসমীয়া সমাজখনৰ দৰেই প্ৰথম ধানৰ গোজ লোৱা, লখিমী অনা আদি পৰ্ববোৰ পালন কৰে। তেওঁলোকে পথাৰত প্ৰথম গোজ লোৱাৰ দিনা সাউৰী মাতি ন-ভূঁই ৰোৱে। প্ৰথমে কচু পুলি, তৰা পুলি পুতি ধূপ জ্বলায় আৰু পূৰ্বপুৰুষ আৰু ইষ্ট দেৱতাক স্মৰণ কৰি ঘৰৰ গৃহিনীয়ে প্ৰথমে তিনি গোজ কঠীয়া ৰোৱে। তাৰ পাছত বাকী মহিলাসকলে কঠীয়া ৰুবলৈ আৰম্ভ কৰে। এই দিনা তেওঁলোকে আপং-ভাত আৰু মাংস আদিৰে ৰাইজক আহাৰ গ্ৰহণ কৰোৱায়।
ঠিক একেদৰে আঘোণ মহীয়া প্রথম পথাৰত কাঁচি লগোৱাৰ দিনাও ঘৰৰ গৃহিনীগৰাকীয়ে নতুন সাজ পৰিধান কৰি পথাৰলৈ গৈ তিনি মুঠি ধান কাটি আনি ভঁৰালত থয়। ধান চপাই শেষ হোৱাৰ দিনাও তিনি গোজ ধান পথাৰত লখিমী হিচাপে থৈ লখিমী অনাৰ পৰম্পৰা আছে। পথাৰৰ পৰা লখিমী আনি তেওঁলোকে বৰ্ণহিন্দু সমাজৰ দৰেই ভঁৰালৰ সন্মুখৰ মুখৰ খুঁটাটোত আঁৰি থয়। সেইদিনা তেওঁলোকে ভঁৰালত চাকি-বন্তি দিয়ে। প্রথম ন-ধানৰ ভাত খোৱাৰ দিনা তেওঁলোকে পৰিয়ালৰ লগত গাঁৱৰ ৰাইজক মাতি ভোজ-ভাত খুৱায়। ন-খোৱাৰ দিনা প্রথমে তেওঁলোকে পূৰ্বপুৰুষৰ নামত মদ,ভাত, মাংস অৰ্পণ কৰি কুকুৰকো এসাঁজ আগবঢ়াইহে বাকীসকলে আহাৰ গ্ৰহণ কৰে। অৱশ্যে কুকুৰক আহাৰ দিয়া প্ৰথাটো অঞ্চল বিশেষে প্রচলিত হৈ আছে।
এনেদৰেই মিচিংসকলে পূৰ্বৰে পৰা স্বকীয় পৰম্পৰাৰে কৃষি ভিত্তিক উৎসৱ-পার্বন, পূজা-পাতলবোৰ পালন কৰি আহিছে যদিও বর্তমান হিন্দুধর্মী হোৱাৰ লগে লগে বর্ণহিন্দু সমাজৰ কৃষি সংস্কৃতিৰ আলমতো কেতবোৰ আচাৰ পালন কৰিবলৈ লৈছে।
(বিভিন্ন গ্ৰন্থৰ সহায় লৈ)
❧ | আৰু পঢ়ক:
- হাজং জনজাতিৰ লেৱা-টানা নৃত্য-গীত
- কোচ-ৰাজবংশী লোকগীতত নাৰী-প্ৰসংগ
- ভৈয়ামৰ কাৰ্বি সমাজৰ দেহাল পূজা
- বৰষুণ কামনাৰ লোকসাংস্কৃতিক অনুষ্ঠান ‘উৰল টনা’ আৰু ‘ঢেঁকী পোতা’
- অসমৰ বয়ন শিল্পলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান
ফিচাৰড্ ইমেজ: Nayan j Nath via Wikimedia Commons (CC by SA 4.0)