‘কে ৱল কপাহী’। নামটো মৃণালৰ ভাল লাগিল। মহানগৰখনৰ ঠায়ে ঠায়ে এতিয়া অত্যাধুনিক চুপাৰ বজাৰবোৰ। নতুন আচহুৱা নাম ‘মল’ এতিয়া সকলোৰে চিনাকি আৰু সহজ। আজীৱন দৌৰি থকা নিম্ন বা মধ্যবর্গৰ সকলোৰে চাহিদা সামৰি যিকোনো বস্তু এই বহুতল মলবিলাকত মজিয়াই মজিয়াই উভৈনদী। এশ টকাৰ পৰা লাখ টকালৈ এঘণ্টাতে বজাৰ কৰিব পৰা এখন বিশাল বজাৰ। একে ঠাইতে বজাৰ কৰা, চাহ-কফি খাই খাই দুখনমান চুটি-দীঘল শেহতীয়া ইংৰাজী চিনেমাৰ কিয়দংশ বিশাল পৰ্দাৰ হ’ম থিয়েটাৰত চাই চাই, আন এঠাইত আকৌ যিকোনো দেশী-বিদেশী ৰেপ, পপ, ৰক সংগীত শুনি শুনি বার্গাৰ, পিজ্জা আদিত আলফুল কামোৰ মাৰি অৱশেষত দুহাতে দুটা পলিবেগ লৈ আনন্দ মনে সুখী পৰিয়াল ঘৰলৈ উলটি আহিব পৰা এই বজাৰবোৰ এতিয়া অ’ত ত’ত সুলভ। ইয়াৰ মাজতে আৰু অধিক সুখৰ ভাগ ল’ব খোজা আন বহুতৰ বাবে সন্ধিয়াৰ পৰা আৰম্ভ কৰি মাজনিশা বা শেষ নিশালৈকে অবিৰত সুখৰ বন্যাত জুবুৰিয়াই ৰাখিব পৰাকৈ সুযোগ ক্রমে মহানগৰ হৈ পৰা চহৰখনত এতিয়া অন্তহীন। যেনিয়েই চোৱা তেনিয়েই যেন বাগৰি থাকে এই প্রৱাহিত সুখৰ গতিময় নিজৰা। মাত্র আঁজলি পাতি ধৰি ৰাখিব পৰাটো কেৱল নিজৰ কথা।
এইবোৰৰ মাজতে কোনে জানো নাম দিলে— ‘কেৱল কপাহী’। মৃণালৰ নামটো ভাল লাগিল। কপাহী শব্দটোৰ লগত তাৰ পৰিচয় বৰ নিকট। সেইবোৰ অতি ব্যক্তিগত নিবিড় পৰিচয় আজিকালি সি কেতিয়াও মনত পেলাব নোখোজে। কিন্তু ‘কপাহী’ শব্দটোৱে তাৰ তন্ত্রী এডাল জোকাৰি গ’ল। সি থমকি ৰ’ল। সচাঁকৈয়ে সি মনত পেলাব নোখোজেনে, সঁচাকৈয়ে তাৰ মনত নপৰেনে?
টাকুৰী এটা কেনেকৈ পাহৰে সি? খচখচকৈ মুঠিৰ কপাহ বা পাঁজি এটা মোকলাই দীঘল দীঘল কোব একোটাৰে ওপৰলৈ আঁতৰলৈ দলিয়াই খৰখৰকৈ ঘূৰাই থকা আইতাৰ হাতৰ টাকুৰীটো আৰু তাত ক্রমে লাটুম এটাৰ দৰে সৰুৰ পৰা ডাঙৰ হৈ অহা বগা বগা সূতাবোৰ মৃণালৰ চকুত স্পষ্টকৈ ভাহি আহে। সেই কপাহী সূতাবোৰেৰে আইতাক, মাক, চুবুৰিৰ বৰমাক, খুৰীয়েক আদি সকলোৰে লগ হৈ তাঁতবাতি কৰি লগোৱা তাঁতশাল মৃণালে পাহৰোঁ বুলিও পাহৰিব পাৰেনে? সঁচাকৈয়ে সি পাহৰেনে মাকৰ তাঁত বোৱাৰ খট্ খট্ শব্দবোৰ? বৰ ওপৰৰ নাচনীবোৰৰ তল-ওপৰ অবিৰাম নাচবোৰ? ব আৰু ৰাচৰ মাজৰ দুধাৰি আচ্ছাদিত জাকিৰ মাজেৰে ইফালে-সিফালে সঘনে সৰকি থকা মসৃণ গতিময় মাকোটোৰে সৈতে গোটেই শালখনৰ ছন্দোময় সংগীত আৰু শব্দৰ নিভাঁজ নিষ্পাপ ৰূপ সি শুনিবলৈ নাপায়নে?
— চেলেং চাদৰ… কপাহী চেলেং…।
— ‘আমাৰ এওঁ আকৌ এইবোৰ পাহৰিলেই নেকি! মনত আছেনে তোমাৰ চেলেং চাদৰৰ কথা?’
মৃণালহঁতৰ ঘৰৰ ডাঙৰ ড্রয়িং ৰূমটোত আজি সন্ধিয়া হঠাতে কেইবাটাও পৰিয়াল। কোনো কাৰণ নোহোৱাকৈ, কোনো জন্মদিন, বিবাহ বার্ষিকী এইবোৰ নথকাকৈয়ে দেওবৰীয়া সন্ধিয়াটোত আধা ঘণ্টামানৰ অগাপিছাকৈ গোট খাইছিল গোস্বামী, শইকীয়া আৰু হাজৰিকা। সস্ত্রীক, এনেয়ে। ল’ৰা-ছোৱালীবোৰৰ বছৰেকীয়া পৰীক্ষা শেষ হৈছে। আজিকালি গোটেই বছৰটোত এই বছৰেকীয়া পৰীক্ষা শেষৰ সময়খিনিয়েই পৰিয়াল এটাৰ আজৰি সময়। মাহেকীয়া পৰীক্ষাবিলাকো একো একোটা বছৰেকীয়া পৰীক্ষাৰ দৰেই। ল’ৰা-ছোৱালীবিলাকৰ লগতে মাক-দেউতাক সকলোৰেই এতিয়া পৰীক্ষা যেন শেষ। কেৱল এই কেইটামান দিনৰ আজৰি। সেয়ে এই মহানগৰখনত এই কেইদিন অ’ত-ত’ত দুই-এটা এনে অনির্ধাৰিত, অনির্দিষ্ট বিৰল সন্ধিয়া। পূর্ব নির্ধাৰিত কাৰ্যসূচী— চাহ, কফি বা ভুজিয়া; অতি বেছি চিৰা ভজা বা বৰ বজাৰখনৰ গৰম কচুৰী বা চিঙ্গৰা।
চামুচখনেৰে বাওঁহাতৰ তলুৱাত চিৰাভজা দুচামুচ লৈ মিচেছ গোস্বামীয়ে কথাটো উলিয়ালে, ‘কেৱল কপাহী’। তাৰ পাছত ইতিমধ্যে পাতি থকা বছৰেকীয়া পৰীক্ষাৰ খবৰ, নতুন কিতাপ আৰু চিলেবাচ, শইকীয়ানীৰ নতুন মডেলৰ গাড়ী ইত্যাদি বিষয়ৰ লগতে মিচেছ বৰাৰ ঘৰলৈ অফিচৰ মানসজ্যোতি দুৱৰা নামৰ ধুনীয়া নতুন অফিচাৰজনৰ সঘন আহ-যাহৰ ৰহস্যজনক কথা-বতৰা সকলোবোৰ তল পৰি কেৱল কপাহীয়ে প্রাণ পাই উঠিল।
মীৰা প্রথমে কিছু নির্লিপ্ত। কপাহী মানে কিছুমান মাইকী মানুহৰ কাৰবাৰ নেকি— এই যে আজিকালিৰ আত্মসহায়ক গোট নে কিবাকিবি?
আলোচনাটো শ্ৰীমতী গোস্বামীয়ে ভালদৰে আগবঢ়াই গ’ল। তেওঁ নিজে ইমপ্রেছড্। নিজৰ ভাল লগাখিনি, নিজে হৈ অহা সন্মোহনৰ উৎসাহত দুগুণ উৎসাহেৰে তেওঁ কৈ গ’ল— ‘য’ত এই অলপ কেইদিনমানৰ আগত নতুন ওখ বহুমহলীয়া হাব এটা হৈছে, তাৰ ঠিক কাষতে ধুনীয়া ঘৰ এটাত বাহিৰ আৰু ভিতৰ সুসজ্জিত কাৰিকৰী আৰু স্থপতিৰে বিশাল হাবখনৰ যিকোনো এটা উজ্জ্বল ফ্ল’ৰৰ দৰেই ধুনীয়াকৈ সজাই পৰাই নতুন এখন কাপোৰৰ দোকান— ‘কেৱল কপাহী’। এপিনে হাব আৰু আনপিনে বহুতো ভৰপুৰ ইংৰাজী, ফৰাচী, জার্মান নামৰ ৰাশি ৰাশি নতুনকৈ গজি অহা কোম্পানীৰ শ্ব’ৰুম আৰু ধুনীয়া মনোমোহা বিপনীৰ টান টান শব্দৰ নামবোৰৰ মাজত এইখনৰ নাম কোনো গুণেই ‘অনলি কটন’ বা ‘কটনচ’ ইত্যাদি কোনো গুণেই বেয়া নহ’লহেঁতেন। কোনে জানো ৰাখিলে নিভাঁজ এটা নাম— ‘কেৱল কপাহী’!
মৃণালৰ কিছু সন্দেহ ঘনীভূত হ’ল। এতিয়াৰ বজাৰত সাৰল্য আৰু মূল-অভিসাৰী এটা প্রলেপ ব্যৱসায়ৰ এটা ফন্দি। ইও এটা প্রডাক্ট আৰু গিমিক। ট্রাইবেল গাঁও এখনৰ আঠ, দহ বা কুৰি টকাৰ ডাঙৰ মাটিৰ মটং এটা ৰাজধানীৰ শিল্পমেলা এখনত সি দৰাইছিল। একেই মটং, একেই লাওপানী বনোৱা বা কুঁৱাৰ পানী ধৰি ৰখা ডাঙৰ মটং। সাধাৰণ শনি বা বুধবৰীয়া গাঁৱৰ হাট-বজাৰত যাৰ দাম অতি বেছি বিশ টকা, ৰাজধানী গ্রাম্যমেলাত তাৰ গাত লিখা আছে— ৰুপিজ টুৱেলভ হানড্রেড। কিন্তু মাটি খচি দুহাতেৰে চাকত মাটি দি দি লাঠি এডালেৰে চাক ঘূৰাই থকা ল’ৰা-ছোৱালীবোৰেৰে দ’ম কৰা জুইৰ বাবে তুঁহ, খেৰ আৰু গোবৰ লিপা ঘৈণীয়েকলৈকে সৰু পৰিয়ালটোৰ এই দামৰ ভাগ কিমান?
এতিয়াও কোঠালিটোত আলোচনাৰ কেন্দ্রীয় বিষয় কপাহী। ঘৰে ঘৰে কপাহী কাপোৰৰ আজিকালি অধিক চাহিদা। মৰাঘৰীয়ালৈ নিৰামুহি লৈ যাওঁতেতো আৰু চিফন এখন পিন্ধা নাযায়! ফ্লেটটোৰ হঠাৎ কোনোবা এজন ঢুকাল। পৰিয়ালটোত সকলোবোৰ কান্দিকাটি অস্থিৰ। আনবোৰে ঘৰত কাবার্ড খুলি ৰাশি ৰাশি কাপোৰৰ জাপৰ মাজত পটি দিয়া উকা কপাহী চাদৰ বিচাৰি অস্থিৰ। শনি-দেওবৰীয়া নেহৰু পাৰ্কৰ বা সভাঘৰৰ আবেলিৰ কবি সন্মিলন আৰু সাহিত্য চ’ৰালৈ মাজে মাজে কোনো কোনো যায়। কাঞ্জিভৰম বা বেনাৰচী ৰঙীন শাৰী অথবা পাটৰ চেট এটাৰে আৰু কবিতা শুনিবলৈ বা পঢ়িবলৈ যায় কেনেকৈ! মুগাৰ মেখেলা এখনৰ লগত কপাহী এখন হাতে বোৱা চাদৰ, তাতে সৰু এটা পাৰী নহ’লে কেনেকৈ কবিতা শুনিব বা পঢ়িব পাৰি!
এই সকলোবোৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ ঠাকে ঠাকে গ্রাহকৰ মনৰ পছন্দৰ বিবিধ কপাহী কাপোৰেৰে সু-সজ্জিত আধুনিক মহানগৰৰ কাপোৰৰ দোকান। মেখেলা, চাদৰ, খনিয়া, চেলেং বা বৰকাপোৰ আদি কি নাই তাত!
তেনেতেই মীৰাৰ মৃণালৰ প্রতি প্রশ্ন— মৃণালৰ মনত আছেনে চেলেং, চেলেং চাদৰ…?
মৃণালে প্রশ্নটোৰ কোনো পোনপটীয়া উত্তৰ নিদিলে।
তুমি চিনি পোৱা নেকি চেলেং চাদৰ, বৰ কাপোৰ বা খনিয়া কাপোৰ? সুধিম বুলি ভাবিও কথাটো সোধা নহ’ল। মীৰাই কি কি চিনি পায় বা নাপায় মৃণালে তাক ভালদৰে জানে। কথাটো তাৰ ৰাজহুৱা কৰিবলৈ মন নগ’ল। নতুনকৈ এইবোৰৰ লগত চিনাকি হৈছে মীৰা। প্রাচুর্য আৰু প্রভুত সম্ভাৰেৰে আন আটাইবোৰে সামান্যভাৱে তৃপ্ত কৰাৰ পাছত দুটাকৈ কাবার্ডত ঠাঁহ খাই থকা ভিন ভিন কাপোৰবোৰৰ মাজত এনে কপাহী দুই-এখন কাপোৰৰ বাবে ঠাই অলপ উলিয়াব খুজিছে। লগৰ আনবোৰে সেইবোৰ লৈছেই। ল’ৰা-ছোৱালীবোৰো ডাঙৰ হৈ আহিছে। সিহঁতৰ বাবেনো আৰু ক’ত হাত পাতিব! তাকে বিচাৰি ক’ত আকৌ গাঁৱৰ ঘৰলৈ যাব! এখন চেলেং আনিবৰ বাবে, চেলেং চাদৰ এখন অনা মানেই আকৌ সেই সুযোগতে দিবলৈ আৰু নিবলৈ এটা এটাকৈ গাঁৱৰ মানুহবোৰ দিনে-ৰাতিয়ে, সময়ে-অসময়ে ঘৰখনলৈ লানি লোৱা,— এইবোৰ চেলু তাই আৰু দিব নোখোজে। কোনোমতে সেইবোৰ বন্ধ হৈছেহে। কথাই কথাই মৃণালৰ গাঁও, বাপেক-মাক, ভায়েক-ভনীয়েক, মাহীয়েক-জেঠায়েক— এইবোৰ কথা আজিকালি তাই বন্ধ কৰাব পৰা হৈছে। সাধাৰণ চেলেং এখনৰ লগতে সেইবোৰ দুনাই আৰম্ভ কৰিবলৈ তাইৰ মন নাই। তাই স্বস্তিত থাকে, মৃণালে বোধহয় আজিকালি সেইবোৰ সঁচাকৈয়ে পাহৰিছে। অফিচৰ কাম, কিছু সামাজিক ব্যস্ততা আৰু নিজৰ পৰিয়ালৰ মাজত তাৰ এতিয়াৰ জীৱন লাহে লাহে কোঠাটোৰ পৃথিৱীলৈ কোঁচ খুৱাই আনিব পৰা তাই হৈছে। তাই মনতে ইয়াকো ভাবিলে, চেলেঙৰ কথাও চাগে মৃণালে পাহৰিছে।
মীৰাৰ প্ৰশ্নৰ উত্তৰত মৃণালৰ নিৰ্বাক আৰু নিৰ্বোধ দৃষ্টিত সকলোৱে আমোদ পালে।
— ‘এওঁলোকে আজিকালি সকলোবোৰ পাহৰিলেই।’ মিচেছ হাজৰিকাই যোগ দিলে। ‘আমাৰ জনৰ আকৌ পাট আৰু মুগাৰ আজিলৈকে খোকোজা নাভাগিল।’
সকলোবোৰে একেলগে হাঁহি উঠিল। হাতে হাতে আধা খোৱা কফিৰ মগবোৰ।
মৃণালেও হাঁহিলে
হাজৰিকাই অলপ ডাঙৰকৈ হাঁহিলে, ‘হাঃ হাঃ হাঃ।’ মৃণালে হাজৰিকালৈ চালে। চকুৱে চকুৱে পৰা মৃণাললৈ চাই হাজৰিকাই আৰু ডাঙৰকৈ হাঁহিলে— ‘হাঃ হাঃ হাঃ’।
হাজৰিকাৰ হাঁহিটোৰ অর্থ মৃণালে বুজিবলৈ চেষ্টা কৰিলে। ইমান সৰু কথা এটাত ইমান ডাঙৰকৈ হঁহাৰ কি অর্থ থাকিব পাৰে। পাট, মুগাৰ চিন সঁচাকৈ পায় নে নাপায়, নে হাজৰিকাই ঘৈণীয়েকে কিছু হঁহা বা সুখী হোৱাৰ অথবা হাজৰিকাৰ নির্বোধতাক লৈ সন্তুষ্টি লাভ কৰা ঘৈণীয়েকৰ বিজয়ী হাঁহি জাৰি ৰখাৰ আন এটা প্রচেষ্টা— মৃণালে ভাবি অটাব নোৱাৰিলে।
হাজৰিকাই সঁচাকৈয়ে পাট বা মুগাৰ চিন ধৰিব নোৱাৰেনে বা সি নিজেও চেলেং এখনৰ কথা নাজানেনে! মৃণালে দীঘলকৈ উশাহ এটা ল’লে। দীঘল এটা উশাহ। দীঘল উশাহটোৰ লগত লাগি আহিল এটা গোন্ধ।
মূৰত তামোল এটা পাতি তেল এবটল বাকি আগবেলা জোৰোণ ভালে ভালে গ’ল আৰু আহিল। ৰাতি তাক নোওৱা হ’ল। গাঁৱৰ জাক জাক গাভৰু, পাট গাভৰু আৰু তিৰোতা সকলোৱে মিলি তাক নোৱালে-ধুৱালে। আজি বাদে কালিলৈ তাৰ বিয়া। বহু ৰাতিলৈকে বিয়াৰ আগনিশাৰ অলেখ কাম কাজ।
ৰাতিপুৱা বেলি ওলাবলৈ তেতিয়াও বহু বাকী। আন্ধাৰ ৰাতিয়েই চাকি এটা হাতত লৈ জেঠায়েকে মাকক জগালে— ‘এই গজপুৰীয়ানী, উঠ।’ জেঠায়েকে মাকক গজপুৰীয়ানী বুলি মাতে।
মাকে খকামকাকৈ সাৰ পালে। কিমাননো ৰাতি শুইছিল মাক!
— ‘উঠ। পোহৰ নৌহওঁতেই দৈয়ন দিব লাগিব।’
কিন্তু তেতিয়াও পোহৰ আহিবলৈ বহু ৰাতি। বিয়াৰ সকলোবোৰ নিয়ম-কানুন সকলোতকৈ ডাঙৰ জেঠায়েকৰ নেতৃত্বত চলিছে। পানী তুলিবলৈ যোৱা, উলটি আহি চালত পানী ছটিওবা, তিনিডাল কুঁহিয়াৰৰ মাজত দৰাটোক বহুৱাই নোৱাই-ধুৱাই মূৰত পাট গাভৰু পাঁচজনীৰ হাতত মুঠি মুঠি চাউল দি পদ এটা গোৱা, কোন সময়ত কি কি বিয়ানাম হ’ব লাগে, সেইবোৰৰ আঁত ধৰি দিয়া, মাহ-হালধিৰ মাজে মাজে কেতিয়া কোন সময়ত তেল দিয়া, এই সকলোবোৰৰ হিচাপ কেৱল জেঠায়েকৰ। জেঠাই বৰ ব্যস্ত আৰু উত্তেজিত। ৰাতিপুৱাৰ পোহৰে ভুমুকি মাৰে বুলিয়েই মাজনিশাতে সাৰ পালে জেঠায়ে। লগতে জগাই দিলে মাককো— দৈয়ন দিব লাগে দৰাক।
দৈ, চাউল, বাটি, এঘটি পানী— এইবোৰ সকলো জেঠায়ে ৰাতিয়েই ভাগে ভাগে জোগাৰ কৰি থৈছে। দৈৰ লগত পাণ, লগত তেল-বন্তিৰে মাটি চাকি এটা। ৰাতিপুৱাবলৈ তেতিয়াও বহু বাকী। জেঠাইৰ কিন্তু টোপনি নগ’ল। মৃণাল শুই থকা বিছনাখনৰ কাষতে মাক আৰু জেঠায়েক বহি থাকিল। বাহিৰত কুৰুলিয়াই থকা দুটামান ৰাতিৰ চৰাই। গহীন ৰাতিটোৱে গোটেই ঘৰখন আবৰি ৰাখিছে। কোঠাই কোঠাই মজিয়াৰ ঢালাই বিছনাত লালকাল মিতিৰ-কুটুম।
— ‘তই নহ’লে শো।’ মাকক জেঠায়েকে ক’লে। ‘মই সময়ত তোক জগাই দিম।’
মাকে লাহেকৈ ক’লে— ‘নালাগে দিয়ক।’
মাক আৰু জেঠায়েকৰ প্ৰথম খচমচনিতে মৃণালৰ টোপনি ভাগিছিল। বহুৰাতি চিল্মিল্ টোপনি তাৰ মাত্র আহিছিলহে। হঠাৎ সাৰ পোৱা মৃণাল বিছনাখনত এনেয়ে চকুমুদি পৰি থাকিল।
জেঠায়েকে দৈ, চাউল বাটি, পাণ, চাকিগছ ইত্যাদি সকলোবোৰ নিজেই গোটাই কাঁহৰ ডাঙৰ কাঁহী এখনত সজাই ৰাখিলেহি।
— ‘চেলেং, চেলেং চাদৰখন ক’ত?’
চেলেং এখন লাগিব নহয়। দৈয়ন দি দুৱাৰ ধৰিবলৈ এখন চেলেং লাগিব।
জেঠায়েকে জানে চেলেংখন ক’ত আছে। সিহঁতৰ এখন বিশেষ চেলেং আছে ঘৰখনৰ কাঠৰ পেৰাটোত।
মৃণালৰ দেউতাকৰ বিয়াত সেইখন চেলেঙেৰে দুৱাৰ ধৰিছিল আইতাকে। জেঠায়েক তেতিয়া আইতাকৰ লগত আছিল। মাকে সেইখন ভালদৰে ৰাখিছে পেৰাত; নাতিৰ বিয়াতো ধৰিব লাগিব দুৱাৰ। এই একেখন চেলেঙেৰেই।
জেঠায়েকৰ কথাটো মনত আছে। মৃণালৰ মাকে কাগজ এখনত মেৰিয়াই মাজে মাজে বছৰেকত ভাদ মাহত ৰ’দত দিয়াৰ বাহিৰে নোখোলাকৈয়ে একে ধৰণেৰেই পেৰাটোৰ চুক এটাত সুমুৱাই ৰাখিছে চেলেং চাদৰখন। ৰামচন্দ্রক দুৱাৰ ধৰিবৰ বাবে চেলেং।
বিয়া এখনৰ লগত ৰামচন্দ্ৰৰ বিয়াৰ অনেক প্রাসংগিক সংগতি জেঠায়েকে কৈ থাকে মাজে মাজে। কিছুমান মিলি যোৱা, আন কিছুমান মানুহৰ মুখে মুখে বাগৰি অহা জনশ্রুতি আৰু বিশ্বাস। বিয়াৰ দিনটোৰ বাবে দৰা বৰ, ৰামচন্দ্র।
চেলেং চাদৰৰ গোন্ধটো কোঠাটোত ভৰি পৰিল। ইমান পৰে প্ৰথমবাৰতে জেঠায়েকৰ মাতত সাৰ পোৱা, এনেয়ে শুই থকা মৃণালৰ নাকত স্পষ্ট এটা কাপোৰৰ পুৰণি গোন্ধ লাগি গ’ল। পেৰাৰ পৰা চাদৰখন আনি মাকে ঠিক সি শুই থকা শিতানৰ মুখৰ সমুখতে ৰাখিলেহি। নিৰৱচ্ছিন্ন গোন্ধটো তাৰ নাকত অহৰহ লাগি থাকিল। বহল বিছনাখনৰ আনটো মূৰে, দুমূৰে মাক আৰু জেঠায়েক। ৰাতি তেতিয়াও বহু বাকী। সকলোবোৰ সাজু। মাত্র সময় আৰু কেইবাদণ্ড বাকী। ৰামচন্দ্ৰক দৈয়ন দি দুৱাৰ ধৰি ঘৰৰ পৰা বনবাসলৈ পঠিয়াবলৈ কাঁহৰ কাঁহীখনত সকলোবোৰ সাজু। বিছনাত চেলেং চাদৰবন।
জেঠায়েকে কোনোবা এটা দৰাৰ কাহিনী ক’লে। দৈয়ন দিয়া ৰাতিয়েই দুৱাৰ ধৰি দিয়া মাকৰ চেলেং আৰু চাদৰত মুখ ঘঁহনি খাই সি যি ঘৰৰ পৰা ওলাল, আৰু উলটি নাহিল। জানো কলৈ গ’ল দৰাটো, ৰামচন্দ্র? সেই দৰা আজিও উলটি নাহিল। সেই ৰামচন্দ্র বনতেই হেৰাই গল।
জেঠাই অলপ ৰ’ল। মাকেও সকলোৱে জনা পুৰণি কাহিনীটো আজিহে যেন নতুনকৈ শুনিলে। দুয়ো কিছু নীৰৱে বহি থাকিল, বিছনাত মৃণাল।
জেঠায়ে আপোনা-আপুনি কৈ গ’ল, ‘তই মাত্র তাক দুৱাৰখন ধৰি এইটোৰ পৰা সিটো কোঠালিলৈ উলিয়াই দিলেই হ’ল। নিয়ম এটা কৰি। মই তাক চাই থাকি এনেয়ে। আমাৰ দৰা নাযায় কলৈকো, নিজে পছন্দ কৰা ছোৱালী।’
নিৰুত্তাপ মাক একেদৰেই মনে মনে ৰ’ল। বিয়াৰ খবৰৰে পৰা মাক গহীন। এনেয়েও মাক গহীন, এই কেইদিন আৰু গহীন। আঁঠুত থুতৰিটো লগাই বিছনাখনত বহি থকা মাকৰ মুখখন মৃণালে শুই থকাৰ পৰা চকুমুদিয়েই ধৰিব পাৰিলে। তাৰ মনটো মাজে মাজে বেয়া। মাকক সি এনেদৰেই আৰু ৰাখিব পাৰিবনে? ৰাখিলেও ভাবিব পাৰিবনে? কথাবোৰ সি আৰু আগলৈ নাভাবে। চেলেঙৰ গোন্ধটো তাৰ নাকত লাগি থাকে। এইখন চেলেঙৰ তলেদিয়েই আইতাকে দেউতাকক ঘৰৰ পৰা উলিয়াই দিছিল মাকক আনিবলৈ, সীতাক আনিবলৈ। মাকে আজি তাক উলিয়াবলৈ ৰৈ আছে— তাক, ৰামচন্দ্রক।
বহল দুৱাৰখনৰ এফালে সি থিয় দি থাকিল। কালি ৰাতিৰে পৰা সি ধুতি এখন পিন্ধি আছে। গাত এটা হাত দীঘল বনিয়ন।
কাঁহৰ কাঁহীখনত গামোচা, চাকি-বন্তি, দৈ বাটি, পানী এঘটি, পাণ ইত্যাদি সকলোবোৰ লৈ কাষত জেঠায়েক থিয় দি ৰ’ল। মৃণালৰ মুখে মুখে মাক থিয় হ’ল। জেঠায়েকে দুহাতেৰে ধৰি থকা কাঁহীখনৰ পৰা ঘটিটোৰ পানী এচলুমান উলিয়াই তিনিবাৰ তাৰ গাত ছিটিকাই পেলালে। গা ধুওৱা হৈ গ’ল। জ্বলি থকা চাকিগছত হাত সেকি তিনিবাৰমান মূৰ আৰু মুখখন মাকে সেকি দিলে তাৰ। জেঠায়েকে এইবাৰ মাকক পাণ দুখনলৈ আঙুলিয়াই দিলে। কিবা অবুজ কাৰণত এই গোটেই সময়খিনি এতিয়ালৈকে শব্দহীন ঘৰখনত আন সকলোবোৰ শেষ নিশাৰ গভীৰ টোপনিত লালকাল।
হাতৰ কাঁহীখনত লৈ থকা বস্তু কেইপদৰে কাষত জেঠায়েক, সমুখত মাক আৰু মাকৰ সমুখত সি। বিয়া এখনৰ দুই-তিনিদিন ধৰি হৈ থকা বিভিন্ন অনুষ্ঠান আৰু কার্যক্রমণিকাত এইটোৱেই বোধহয় আটাইতকৈ কম সংখ্যক মানুহৰ উপস্থিতিৰ একমাত্র অনুষ্ঠান। শেষ নিশাৰ গভীৰ পৃথিৱীখন শুই থকাৰ সময়ত মাক আৰু পুতেকৰ একান্ত ব্যক্তিগত অনুষ্ঠান। নিবিড়।
তিনিবাৰ পানী ছটিয়াই গা ধুৱাই দিয়াৰ পাছত মাকে প্রথমে দুহাতত দুবিৰা পাণ লৈ দৈৰ বাটিটোত এনেয়ে লেটিওৱাৰ দৰে কৰি প্ৰথমে কঁকালৰ তলত দুপিনে তাৰ গাটোত সামান্যভাৱে ঘঁহি দিলে। তাৰপাছত আকৌ এবাৰ ভৰা দৈৰ বাটিত পাণ লেটিয়াই কঁকালৰ দুয়োপিনে আলফুলকৈ লগালে। তাৰপাছত বুকুত, দুবাহুত আৰু একেবাৰে শেষত দুগালত। দৈৰ সামান্য দাগ তাৰ গালত লাগি গ’ল। গাটো তাৰ জিকাৰ খাই উঠিল। কেঁচা পিঠাগুড়িৰ লাড়ুটো নাকেৰে শুঙুৱাই পিছপিনে ক’ৰবালৈ মাকে দলিয়াই দিলে। মাক-পুতেক দুয়ো আপোনা-আপুনি যন্ত্ৰৰ দৰেই কামবোৰ কৰি গ’ল। জেঠায়েকৰ ইংগিতৰ নির্দেশতেই হওক অথবা কি কাৰণত অজান ৰপ্ত হৈ পৰা অভ্যাসৰ বাবেই হওক মন্ত্রমুগ্ধ ৰাতিৰ থম থম নিঃশব্দ পৰিৱেশত এই ধাৰাবাহিকতা আৰু গহীন, আৰু গভীৰ।
জেঠায়েকে তাক কাণে কাণে কিবা এটা ক’লে— ‘সেৱা এটা কৰিবি, তাৰপাছত মাৰৰ দুয়োখন হাতেৰে দুৱাৰ ধৰি ৰখা চেলেংখনৰ বাওঁপিনে মূৰটো এবাৰ সুমুৱাই আকৌ উলিয়াই আনিবি, মূৰটো আকৌ আনবাৰ সোঁপিনে টোঁৱাবি। তাৰপাছত বাওঁপিনে এইবাৰ মূৰটো সুমুৱাই মাৰৰ মুখলৈ নোচোৱাকৈ, পিছপিনে উলটি নোচাৱাকৈ বাহিৰলৈ ওলাই যাবি।’ জেঠায়েক এইবাৰ অলপ সময় ৰ’ল। আকৌ লাহে লাহে ক’লে— ‘চোতাললৈ ওলাই নগ’লেও হ’ব। ইটো কোঠাতে থাকি অলপ সময়ৰ পাছত আহি শুই থাকিবিহি।’
পিঠাগুড়িৰ তিনিটা লাড়ুৰ তেতিয়াও আৰু দুটা মাকৰ খুৱাবলৈ বা শুঙাবলৈ বাকী। একে ধৰণেৰে দ্বিতীয় লাড়ুটো তাৰ মুখলৈ নি নাকৰ সন্মুখলৈ টোঁৱাই আকৌ পিছপিনে দলিয়াই দিলে। কোঠাটোৰ কোনোবা চুক এটাত লাড়ুটো মৃদু শব্দ এটা কৰি পৰিলগৈ।
এইবাৰ তৃতীয় আৰু শেষ লাড়ু। মাকৰ হাতৰ শেষ আহাৰ। জেঠায়েকৰ হাতৰ কাঁহীখনৰ পৰা লাড়ুটো লৈ মাক কিছুপৰ এনেয়ে ৰৈ থাকিল। মাকে এইবাৰ পুতেকৰ মুখখনলৈ চালে। আনবাৰত ভৰিৰ পৰা মূৰলৈ। শান্ত ল’ৰা এটাৰ দৰে মৃণাল থিয় দি থাকিল। প্রশান্ত আৰু সৌম্য।
হাতখন সমুখলৈ অকণমান মাত্র আগবঢ়াই লাড়ুটো অতি সামান্যভাৱে মুখৰ পিনলৈ তুলি নুশুঙুৱাকৈয়ে পিছলৈ লাহেকৈ দলিয়াই দি মাকে তালৈ একেথৰে চাই থাকিল।
সকলোবোৰ খন্তেক স্তব্ধ।
জেঠায়েকে কিবা এটা ক’বলৈ নাপাওঁতেই সি মাকক এটা সেৱা কৰিলে।
চাপৰি পৰা তাক জেঠায়েকে মাত্র ক’লে— ‘ভৰি চুই কৰ।’
আঁঠুকাঢ়ি সি দুয়োখন ভৰিত দুহাতেৰে খামুচি থাকিল। পুত্ৰৰ হাতৰ স্পৰ্শত কাতৰ মাতৃ। নির্বাক মাক ক্রমে গম্ভীৰ। জেঠায়েকে মেলি দিয়া চেলেংখন মাকে দুৱাৰখনৰ দুপিনে লগাই দাঙি ধৰিলে।
চেলেংখনৰ লগতে মাকৰ গাৰ কপাহী চাদৰখনো বহল হৈ মেলখাই পৰিল। প্রথমে বাঁওপিনে মূৰটো সুমুৱাই মূৰটো আকৌ জেঠায়েকে উলিয়াই আনিলে। তাৰপাছত মাকৰ চাদৰ আৰু দুৱাৰ ধৰি থকা চেলেঙৰ মাজেৰে তাৰ মূৰটো সুমুৱাই দিলে। এইবাৰ জেঠায়েকে ক’ব লগা নহ’ল। সি তাৰ মূৰটো নিজেই উলিয়াই আনিলে।
সমুখত দুৱাৰখনত চেলেংখন মেলি দুৱাৰ ধৰি এতিয়া পিঠি দি থকা মাক। মাকৰ পিঠিৰ পিছত সি। কাষত জেঠায়েক। নিঃশব্দ পৰিৱেশত সকলোবোৰ যন্ত্ৰৱৎ। মাত্র নিয়মৰ এটা অভ্যাসৰ মাজত এতিয়া কাৰ বুকু ক’ত চূৰমাৰ, কোনেও যেন ধৰিব নোৱাৰিলে। কেৱল এটা শব্দ বা এটা মাত্র মৃদু টোকৰ অথবা সৰু এটা ঘাপ— য’ৰ পৰা শত-সহস্র বেগৰ ক্ষিপ্র ধাৰাৰ থিয় জলপ্রপাতৰ পৃথিৱীৰ মাটি খান্দি নিয়াৰ শক্তি গোট খাই আছে এই দীর্ঘায়িত নিস্তব্ধতাত, এই নিবিড় সংগোপনৰ অন্তিম বিদায়ৰ প্রলম্বিত ক্ষণবোৰত।
তথাপিও ভৰপূৰ হৃদয়ৰ সকলোবোৰ মুক।
অলপ সময় সি তেনেদৰেই ৰ’ল। অবশেষত এইবাৰ প্রথমে মূৰ সুমুৱাৰ পিনে, মাকৰ মেল খাই থকা পাখিৰ দৰে চাদৰৰ আঁচলৰ মাজেৰে, দুৱাৰৰ চেলেংখন নাকে- মুখে লগাই দুৱাৰ গৰকি সি ওলাই গ’ল।
পিছলৈ উলটি চোৱাটো এতিয়া নিয়ম নহয়। তথাপিও সি দুখোজমান আহিয়েই সমুখৰ কোঠাটোত থিয় দি ৰ’ল।
আনটো কোঠাত হাতৰ চেলেংখন দুহাতেৰে কোঁচাই কোলাত সাৱটি মাক বহি পৰিল দুৱাৰডলিতে। পাৰ ভাঙি অহা নিৰৱধি জলপ্রপাতৰ দুৰ্বাৰ শব্দ সি স্পষ্ট শুনিবলৈ পালে।
বুকুখন তাৰ ধমহ্কৈ উঠিল। উশাহ আৰু চুটি হ’ল। এখোজ-দুখোজকৈ সি কোঠাটোৰ পৰা ওলাই গ’ল। তাৰপাছত বাৰান্দা। তাৰপাছত শেষ নিশাৰ বহল চোতাল।
মন্ত্রমুগ্ধ সি পদূলিমুখলৈ আগবাঢ়ি গৈ থাকিল। উদাস ৰামচন্দ্ৰৰ এতিয়া অবিৰত সমুখযাত্রা।
হাতত চাকি এটা লৈ দৌৰি আহি আগচোতালত জেঠায়েকে তাৰ বাহুত হাত দিলে। তাৰ প্রতিজ্ঞা ভঙ্গ হ’ল। সি উলটি চালে।
— ‘বাপু তই যাৱ কলৈ?’
সি থমকি ৰ’ল। সি এটা উশাহ ল’লে। মাকৰ কপাহী চাদৰ আৰু দুৱাৰৰ মুকলি চেলেং তাৰ নাকে-মুখে লাগি থাকিল। সি দীঘলকৈ উশাহ ল’লে। এবাৰ, দুৱাৰ, কেবাবাৰো।
— ‘নহয় নে হে, চেলেং জানো তোমাৰ মনত আছে, কপাহী চেলেং?’
মৃণালে মীৰাৰ চকুলৈ চালে। এতিয়া যেন পাহৰি যোৱাটোৱেই কঠোৰ নিয়ম। মৃণালৰ চেলেং যাতে আকৌ মনত নপৰে, সেইটোৱেই এতিয়াৰ নিয়ম।
কফি খাই শেষ হোৱা কোঠাটোত সকলোৱে এতিয়া মৃণাললৈকে চাই ৰ’ল; তাৰ উত্তৰলৈকে যেন ৰৈ আছে সকলো।
চেলেং, কেনেকুৱা চেলেং, কপাহী? নাই নাজানে এইবোৰ সি, একো নাজানে; সি দেখা নাই কেতিয়াও যিকোনো এখন চেলেং।
📚 | আৰু পঢ়ক: