প্ৰাতঃভ্ৰমণ

প্ৰাতঃভ্ৰমণ
  • 25 Jun, 2022

প্র ভাকৰে টোপনিৰ পৰা সাৰ পায়েই গাৰুৰ তলতে ৰখা হাতঘড়ীটো উলিয়াই চালে। চাৰি বাজি ত্রিছ মিনিট গৈছে। প্রভাকৰে সদায় পাঁচ বজাৰ আশে-পাশে সাৰ পায়। আজি পিছে আধা ঘণ্টাৰ আগেয়েই সাৰ পালে তেওঁ। ৰাতিপুৱা এবাৰ টোপনি ভগাৰ পাছত প্রভাকৰৰ আৰু টোপনি নাহে। তথাপি বাহিৰত ভালদৰে পোহৰ হোৱালৈ অপেক্ষা কৰি তেওঁ বিছনাখনতে এনেয়ে পৰি থাকিল। এইখিনি সময়ত প্রভাকৰে মনৰ ভিতৰতে ‘তেজৰে কমলাপতি পৰভাত নিন্দ’ বৰগীতটো গুণগুণাবলৈ যত্ন কৰিলে। এই শুৱলা বৰগীতটো প্রভাকৰে বৰদেউতাক এজনৰ পৰা শিকিছিল। চিৰকুমাৰ এই বৰদেউতাকজনে জীৱনৰ শেষ কালছোৱা প্রভাকৰহঁতৰ পৰিয়ালটোৰ লগতে কটাইছিল। সমগ্র জীৱন সংগীত আৰু নাটকৰ সাধনা কৰি পাত কৰা বৰদেউতাকজনে ৰাতিপুৱা সদায় এই বৰগীতটো গায়েই প্রভাকৰহঁতক জগাই দিছিল। বৰদেউতাকজনে প্রভাকৰক সংগীত শিকাবলৈ অশেষ যত্ন কৰিছিল যদিও সফল হোৱা নাছিল। প্রভাকৰৰ মিহি আৰু বাঁহ ফালোঁতে হোৱা শব্দৰ দৰে ভগা ভগা মাতটো সংগীতৰ বাবে একেবাৰে অনুপযুক্ত আছিল।

ঠিক পাঁচ বজাৰ লগে লগে প্রভাকৰ বিছনাৰ পৰা উঠি আহিল। বাহিৰত ইতিমধ্যে ভালকৈয়ে পোহৰ হোৱা কথাটো ভেণ্টিলেটৰেদি সোমোৱা পোহৰ দেখি প্রভাকৰে গম পাইছিল। বিছনাৰ পৰা উঠি প্রভাকৰে পহিলাতে পূবপিনৰ খিৰিকী এখন খুলি দিলে। খিৰিকীখনৰ কাষতে এজোপা কর্দৈগছ আছিল। প্রভাকৰে খিৰিকীখন খুলি দিয়াৰ শব্দত ভয় খাই কর্দৈজোপাত পৰি থকা ভাটৌকেইটা উৰি গুচি গ’ল। এই কংক্রিটৰ অৰণ্যখনত সদায় সদায় কর্দৈ খাবলৈ ভাটৌকেইটা ক’ৰ পৰা আহে বাৰু? নগৰখনৰ পূব প্ৰান্তত থকা নাতিউচ্চ পাহাৰটোৰ পৰাই নিশ্চয় আহে! প্রভাকৰে কিছুদিন পূর্বে বিধৱা বায়েকৰ লগত পাহাৰটোৰ নামনিত নতুনকৈ স্থাপন হোৱা মন্দিৰ এটা দর্শন কৰিবলৈ গৈছিল। মন্দিৰটোৰ কাষতে থকা বৃহৎ আঁহত গছজোপাৰ ডালত এজাক ভাটো পৰি থকা তেওঁ দেখিবলৈ পাইছিল।

প্রভাকৰে এখন এখনকৈ কোঠাটোৰ আটাইকেইখন খিৰিকী খুলি দিলে। তাৰপাছত ৰাতি খাবলৈ থোৱা পানী ঘটিৰেই চকুকেইটা ধুই প্ৰাতঃভ্ৰমণৰ কাৰণে সাজু হ’ল। চিকিৎসকৰ পৰামর্শ মতে প্রভাকৰে যোৱা এমাহৰ পৰা প্ৰাতঃভ্ৰমণ কৰিবলৈ লৈছে। অৱশ্যে শৈশৱৰে পৰা প্রভাকৰৰ প্রাতঃভ্রমণৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। তেওঁৰ চিৰকুমাৰ বৰদেউতাকজনে নিজৰ লগতে প্রভাকৰকো সদায় প্ৰাতঃভ্ৰমণলৈ লৈ গৈছিল। গাঁৱৰ গছ-বনৰ মাজৰ ৰাস্তা আৰু নৈৰ পাৰে পাৰে প্ৰাতঃভ্ৰমণ কৰি যাওঁতে বৰদেউতাকজনে প্রভাকৰক প্রকৃতি বিষয়ক বিভিন্ন জ্ঞান দি গৈছিল। বগৰী আৰু নেমুটেঙাত কিয় হুল থাকে, নিলাজী-বন চুই দিলে কিয় জই পৰি যায়, ফল পকিলে কিয় মিঠা হয় ইত্যাদি কথাবোৰ তেওঁ বহু সৰুতেই জানিছিল। সেই শৈশৱতে গঢ় লোৱা প্ৰাতঃভ্ৰমণৰ অভ্যাসটো প্রভাকৰৰ পাছলৈও থাকি গৈছিল। বাসন্তীৰ মৃত্যুৰ পাছৰ পৰাহে তেওঁ প্ৰাতঃভ্ৰমণ কৰিবলৈ এৰি দিছিল।

শীত কমি আহিছিল যদিও প্রভাকৰে চুৱেটাৰটোৰ লগতে টুপিটোও পিন্ধি ল’লে। হাতেৰে ধৰা অংশখিনি হাতীদাঁতেৰে নির্মিত কাঠৰ লাখুঁটিডাল লৈ প্রভাকৰ কোঠাৰ পৰা ওলাই আহিল। বায়েকৰ কোঠাটোৰ দুৱাৰমুখতে ৰৈ তেওঁ কোঠাটোৰ ভিতৰলৈ ভুমুকি মাৰি চাই ল’লে, বায়েকে সাৰ পাইছে নেকি! নাই, বায়েক এতিয়াও গভীৰ নিদ্রাত লালকাল। শুধ বগা সাজ এযোৰ পিন্ধি শুই থকা বায়েকক দেখি প্রভাকৰৰ মনটো হঠাতে এক বেদনাবোধে আচ্ছন্ন কৰি পেলালে। বাসন্তীৰ গৰ্ভাৱস্থাত তেওঁৰে আল-পৈচান ধৰিবলৈকে প্রভাকৰৰ এই বিধৱা বায়েকজনী তেওঁলোকৰ ঘৰত থাকিবলৈ আহিছিল আৰু তেতিয়াৰ পৰা ইয়াত একেবাৰেই থাকি গৈছিল। বাল্যবিবাহ হোৱা প্রভাকৰৰ এই বায়েকজনী গিৰিয়েকৰ ঘৰত এৰাতিও থাকিবলৈ নোপোৱাকৈয়ে সমগ্র জীৱন বিধৱা হৈয়ে থাকিব লগা হ’ল।

বাহিৰত কুঁৱলি পৰিছিল। উমি উমি জ্বলি থকা জুইৰ ধোঁৱাৰ দৰে কুঁৱলিবোৰ সর্বত্র বিয়পি পৰিছিল। প্রভাকৰে আগফালৰ লনখনৰ নিয়ৰসিক্ত দূবৰি বনৰ ওপৰত অলপ সময় শুদা ভৰিৰে খোজকাঢ়ি থাকিল। সেই চিৰকুমাৰ বৰদেউতাকজনেই প্রভাকৰক শিকাইছিল— ৰাতিপুৱা শুদা ভৰিৰে নিয়ৰসিক্ত দূবৰি বনৰ ওপৰত খোজ কাঢ়িলে চকু ভালে থাকে। প্রভাকৰে বৰদেউতাকৰ উপদেশ আখৰে আখৰে পালন কৰিছিল যদিও কলেজত পঢ়ি থকা অৱস্থাতে তেওঁ চকুত চছমা লগাব লগা হৈছিল। আৰু তেওঁৰ কাৰণে এই নীতিবাক্যফাকি এক পৰিহাসত পৰিণত হৈছিল।

দহ মিনিটমান দূবৰি বনৰ ওপৰত খোজকঢ়াৰ পাছত প্রভাকৰ ৰাস্তালৈ ওলাল। গেইটখনৰ বাহিৰত, পদূলিমুখতে ধেকুৰা কুকুৰ এটা শুই আছিল। প্রভাকৰে লাখুঁটিডালৰ আগটোৰে কুকুৰটোৰ গাত মৃদু টোকৰ এটা মাৰি কুকুৰটোক উঠাই দিলে। কুকুৰটো কেইখোজমান আঁতৰি গৈ প্রভাকৰে পুনৰ আক্ৰমণ কৰে নেকি ঘূৰি চালে। প্রভাকৰৰ পৰা আৰু আক্রমণৰ সম্ভাৱনা নেদেখি সি পুনৰ সেই ঠাইতে জুপুকা মাৰি বহি পৰিল।

ৰাস্তাত মানুহ-দুনুহৰ সমাগম প্রায় নাছিলেই। মাথোঁ গুৱাল এটাই তাৰ চাইকেলখনৰ পৰা বিচিত্র শব্দ কিছুমান নির্গত কৰি পাৰ হৈ গৈছিল। তথাপি প্রভাকৰে ৰাস্তাটোৰ ইফালে-সিফালে ভালদৰে চাইহে ৰাস্তাটো পাৰ হ’ল। প্রভাকৰৰ দুটা পদূলিৰ সিফালে থকা ঘৰটোৰ সমুখত উপস্থিত হোৱাৰ লগে লগে ঘৰটোৰ বাৰান্দাত পেং এযোৰ লৈ থিয় হৈ থকা মৰমলগা মুখৰ মনামী নামৰ ছোৱালীজনীয়ে ক’লে— “গুড মর্নিং ককা।”
—“গুডমর্নিং মাই ডিয়েৰ।”— প্রভাকৰেও ওলোটাই মনামীক সুপ্রভাত জনালে।
—“আজি দেখোন অলপ সোনকাল হ’ল আপোনাৰ?”
—“আজি অলপ সোনকালে সাৰ পালো মাজনী। আজি পিছে তুমি যাবানে নোযোৱা?”
—“যাম আক’! কিয় নাযাম?”

পেংডালত ভৰ দি দি মনামী বাৰান্দাখনৰ পৰা নামি আহিল আৰু প্রভাকৰৰ লগে লগে আহিবলৈ ধৰিলে। মনামী লগ লগা কাৰণে প্ৰভাকৰে খোজৰ গতিটো আগতকৈ হ্রাস কৰিব লগা হ’ল। পাঁচ মাহমানৰ আগতে মনামীক নগৰখনৰ মাজ মজিয়াতে মাৰুতি কাৰ এখনে খুন্দিয়াইছিল— স্কুলৰ পৰা ওলাই আহোঁতে। সেইদিনা প্রভাকৰ দুর্ঘটনা স্থলীৰ ওচৰতে আছিল। মনামীক চিনি পাই প্রভাকৰেই লৰালৰিকৈ ওচৰৰ নাৰ্ছিং হোমখনলৈ লৈ গৈছিল। মনামীৰ প্রাথমিক চিকিৎসাখিনি শেষ হোৱাৰ পাছতহে ঘৰৰ মানুহ গৈ পাইছিল। চকুৰ চিনাকিৰ বাহিৰে বিশেষ সম্পর্ক নথকা মনামীহঁতৰ ঘৰখনৰ লগত সেইদিনাৰ পৰাই প্রভাকৰৰ এক আন্তৰিক সম্পর্ক গঢ় লৈ উঠিছিল। অনেক চিকিৎসা কৰাৰ পাছতো মনামীৰ সোঁভৰিখনত খুঁত এটা থাকি গৈছিল। প্রভাকৰে মনত ৰখা নম্বৰটোৰ কাৰণেই পাছত মাৰুতি কাৰখন পুলিচে ধৰিব পাৰিছিল আৰু ক্ষতিপূৰণ হিচাপে ডেৰ লাখ টকা লাভ কৰিছিল। মনামী সদায় আবেলি আবেলি প্রভাকৰৰ ওচৰলৈ আহিবলৈ লৈছিল। তাই প্রভাকৰৰ লগত লাগি থাকি তেওঁৰ নিঃসংগ জীৱনটো বাংময় কৰি তুলিছিল, তেওঁৰ বৃদ্ধত্বক পাহৰাই ৰাখিছিল। এনেকৈয়ে মনামীৰ জীৱনৰ এক দুর্ভাগ্যই প্রভাকৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিছিল।

পেঙত ভৰ দি দি খোজ কাঢ়িবলৈ কষ্ট পায় কাৰণেই মনামী অলপ দূৰ গৈয়ে উভতি আহিল। আচলতে ভৰিটো সোনকালে সুস্থ হৈ উঠিবৰ কাৰণেই ডাক্তৰে তাইক এনেকৈ খোজ কাঢ়িবলৈ উপদেশ দিছিল। এইবাৰ প্রভাকৰ অকলেই আগবাঢ়িবলৈ ধৰিলে। দাস কোম্পানি নামৰ ডাঙৰ দোকানখন থকা তিনিআলিটো পোৱাৰ লগে লগে প্রভাকৰে চিন্তা কৰিলে— আজি তেওঁ কোনফালে যায়! প্রভাকৰে সদায় একেটা ৰাস্তাৰেই খোজকাঢ়ি ভাল নাপায়। কালি সোঁফালে আৰু পৰহি বাওঁফালে গৈছিল। গতিকে আজি চিধা ৰাস্তাটোৰেই প্রভাকৰ আগবাঢ়িল। এইটো ৰাস্তাৰে কিছুদূৰ গ’লেই শিৱমন্দিৰ এটা পোৱা যায়। কেইখোজমান যোৱাৰ পাছতেই ৰাস্তাটোত মানুহৰ সমাগম বৃদ্ধি পোৱাত প্রভাকৰৰ মনত পৰিল— কাইলৈ শিৱৰাত্রি। মন্দিৰটোৰ ওচৰ পোৱাৰ লগে লগে প্রভাকৰ এক উৎসৱমুখৰ পৰিৱেশৰ সন্মুখীন হ’ল। শিৱৰাত্রি উপলক্ষে মন্দিৰটো অতি বিতোপনকৈ সজাই-পৰাই তোলা হৈছিল। মন্দিৰটোৰ প্রাঙ্গণত ৰভা দি দেৱ-দেৱীৰ মূর্তি কিছুমান স্থাপন কৰা হৈছিল। ৰাস্তাৰ কাষে কাষে দোকান-পোহাৰৰ মেলা বহিছিল। দোকান-পোহাৰবোৰে ঠেক ৰাস্তাটো আৰু ঠেক কৰি পেলাইছিল।

প্রভাকৰে স্নান কৰি অহা নাছিল। গতিকে ৰাস্তাৰ ওপৰতে ৰৈ মন্দিৰটোক উদ্দেশি তেওঁ প্ৰণাম এটা জনালে। তেওঁৰ বাসন্তীলৈ মনত পৰিল হঠাতে। তেওঁলোকৰ সন্তান এটাই বাসন্তীৰ গৰ্ভত থিত লোৱাৰ কথাটো গম পোৱাৰ পাছত বাসন্তী প্রতি সোমবাৰে এই মন্দিৰটোলৈ চাকি দিবলৈ আহিছিল। মন্দিৰটোৰ পূজাৰীজনে দিয়া নির্মালিখিনি বাসন্তীয়ে সভক্তিৰে ঘৰৰ গোসাঁই ঘৰৰ থাপনাৰ আগৰ কুকি এটাত থৈ দিছিল। মন্দিৰটোত জনোৱাৰ উপৰিও বাসন্তীয়ে সদায় ঘৰতো প্রার্থনা জনাইছিল— তেওঁলোকৰ সন্তানটো ভালে-কুশলে জন্ম হ’বৰ কাৰণে। কিন্তু ভগৱানে বাসন্তীৰ প্রার্থনাটো সম্পূর্ণকৈ শুনা নাছিল। ৰঙা-বগা বৰণৰ নোদোকা ছোৱালী এজনী জন্ম দিয়াৰ পাছতে বাসন্তীয়ে চিৰদিনৰ কাৰণে চকু মুদিছিল। ডাক্তৰে অশেষ চেষ্টা কৰিও বাসন্তীক বচাব পৰা নাছিল। প্রভাকৰৰ বিধৱা বায়েকজনীয়েই ছোৱালীজনীক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। তেওঁ নিজৰ জীয়েকৰ দৰেই ছোৱালীজনীক মৰম কৰিছিল। প্রভাকৰেও জীয়েকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই দ্বিতীয় বিবাহ কৰোৱা নাছিল। কিন্তু প্রভাকৰৰ জীয়েকে তেওঁলোকৰ মৰমৰ মোল বুজা নাছিল। কলেজৰ দেওনা পাৰ হোৱাৰ আগতেই পাঞ্জাৱী ডেকা এটাৰ লগত পলাই গৈছিল।

গাড়ী এখনৰ হৰ্নৰ শব্দ শুনি প্রভাকৰ তড়িৎ গতিৰে ৰাস্তাটোৰ কাষলৈ নামি গ’ল। তেওঁ ৰাস্তাটোৰ যি অংশত থিয় হৈ আছিল, গাড়ীখনে নির্ঘাত খুন্দিয়ালেহেঁতেন। নীলা ৰঙৰ মাৰুতি ভেনখন জোৰেৰে ব্ৰেক মাৰি ঠিক মন্দিৰটোৰ সমুখতে ৰৈ গ’ল। ভেনখনৰ পৰা দুজনী মেদবহুল তিৰোতাৰ লগতে দুজনী কম বয়সীয়া তিৰোতাও নামি আহিল। তেওঁলোক সকলোৰে হাততে একোখনকৈ ঘিউ চাকিৰ থাল আছিল। বয়সীয়া তিৰোতা দুজনীয়ে বৰ দীঘলকৈ ওৰণি লৈ আহিছিল। কম বয়সীয়া বোৱাৰী দুজনীয়ে ওৰণি দুখন চুটিকৈ লোৱা কাৰণে তেওঁলোকৰ সুন্দৰ মুখাবয়ৱ আৰু কপালত লোৱা প্ৰকাণ্ড সেন্দূৰৰ ফোঁট দুটা পশ্চিম আকাশত মাৰ যাব খোজা বেলিটোৰ দৰেই জিলিকি আছিল। প্রভাকৰৰ আগেদিয়েই তিৰোতাকেইজনী মন্দিৰটোলৈ সোমাই গ’ল। তেওঁলোকৰ হাতত ঘিউ চাকি, ধূপ আদি আছিলেই যদিও কাষৰ দোকানবোৰৰ সৰু সৰু ল’ৰাকেইটাই তেওঁলোকক আকর্ষিত কৰিবলৈ চেষ্টা চলালে। তিৰোতাকেইজনী মন্দিৰটোলৈ সোমাই যোৱাৰ পাছতে প্রভাকৰ সেই ঠাইৰ পৰা আহিব খোজোঁতেই হঠাতে কোনোবা এজনে তেওঁৰ নাম ধৰি মতা প্রভাকৰে শুনিবলৈ পালে— “প্রভাকৰ প্রভাকৰ…।”

প্রভাকৰ ৰৈ গ’ল। পিছফালে ঘূৰি চাই দেখিলে ধুতি-পঞ্জাৱী পৰিহিত মানুহ এজন তেওঁৰ পিনলৈ আহি আছে। ওচৰ পোৱাৰ লগে লগে স্মিতহাস্য বদনেৰে আহি থকা মানুহজনক প্রভাকৰে চিনি পালে।

—“আৰে বনমালী দেখোন! তুমি ইয়াত ক’ৰ পৰা ওলালাহি?” প্রভাকৰৰ দুচকুত আশ্চর্য ফুটি উঠিল।
—“গাঁৱৰ পৰা নামপার্টি এটা লৈ আহিছোঁ। আজিৰ পৰা তিনিদিন ধৰি ইয়াত নাম চলিব।” বনমালীৰ কথাত উৎসাহৰ জোৱাৰ উথলি উঠিল।
—“তোমালোকৰ নামপার্টিটো তেন্তে এতিয়াও চলি আছে?”
—“যেনেতেনে চলাই আছোঁ। এনেকৈয়ে মাজে-সময়ে দুই-এপইছা উলিয়াই আছোঁ।”
—“আগৰ ল’ৰাবোৰেই এতিয়াও আছেনে?”
—“নাই। আগৰ দুই-এজনহে আছেগৈ। নাম গাই কোনেও পেট চলাব নোৱাৰে। কিবা এটা নিচাতহে মই এই কামটোত লাগি আছে।”

ৰাস্তাৰ ওপৰতে ৰৈ প্রভাকৰে তেওঁৰ শৈশৱৰ বন্ধু বনমালীৰ লগত বার্তালাপত নিমগ্ন হ’ল। প্রভাকৰে লক্ষ্য কৰিলে— বনমালীৰ প্ৰায়ভাগ চুলিয়েই পকি গৈছে, স্বাস্থ্য ভাগি পৰিছে। প্রভাকৰে সুধিবলৈ পোৱাৰ আগেয়েই বনমালীয়ে প্রভাকৰৰ জন্মভূমি গাঁওখনৰ সকলোবোৰ খা-খবৰ দি গ’ল। বনমালীৰ এইটো স্বভাৱেই— কথা পাতিবলৈ পালে ভোক-পিয়াহ পাহৰি যায়, আনে কথা ক’বলৈ সুযোগ নাপায়। শৈশৱৰে পৰাই পঢ়া-শুনাত মন নথকা বনমালীৰ গলাটো বৰ শুৱলা আছিল। তেওঁ স্কুলীয়া শিক্ষা আধাখনীয়াকৈ এৰি গাঁৱৰ আগ্ৰহী ল’ৰাকেইটামান গোটাই নামপার্টি এটা খুলি লৈছিল আৰু গাঁৱে গাঁৱে মাননিৰ বিনিময়ত নাম গাই ফুৰিছিল। খুব কম দিনৰ ভিতৰতে বনমালীৰ নাম পার্টিটোৱে সুনাম অর্জন কৰিছিল। বনমালীহঁতক দূৰ-দূৰণিৰ ঠাইলৈয়ো নিমন্ত্রণ কৰি নিছিল। প্রভাকৰে ঠেকাৰ কাম চলাব পৰাকৈ নাগাৰা বজাব জানিছিল। বনমালীহঁতৰ নাগাৰ বজোৱা ল’ৰাটোৰ কেতিয়াবা অসুখ-বিসুখ হ’লে প্রভাকৰেই বনমালীহঁতৰ লগত নাগাৰা বজাইছিল। প্রভাকৰে অৱশ্যে তাৰ বিনিময়ত বনমালীহঁতৰ পৰা একো লোৱা নাছিল।

—“সময় হলে মোৰ ঘৰৰ পৰা এপাক আহিবাগৈ।” প্রভাকৰে বনমালীক তেওঁৰ ঘৰলৈ নিমন্ত্রণ জনাই সেই ঠাই ত্যাগ কৰিবলৈ সাজু হ’ল। বনমালীৰ পৰা বিদায় লোৱাৰ আগে আগে শিক্ষকে ল’ৰা-ছোৱালীক জ্যামিতি বুজোৱাদি প্রভাকৰে তেওঁৰ ঘৰলৈ যোৱা ৰাস্তাটো বনমালীক বুজাই দি আহিল।

প্রভাকৰ আগবাঢ়ি যোৱা ৰাস্তাটোৱেদি অলপ দূৰ গ’লেই নগৰখনৰ মাজেদি বৈ যোৱা সৰু নৈখন পোৱা যায়। নৈখন এতিয়া মৰা নৈ হিচাপেহে পৰিচিত। বাৰিষা বানপানী হ’লে নগৰখন ধ্বংস হোৱাৰ আশংকাতে নৈখনৰ উৎসমুখতে বান্ধ দি মাৰি পেলোৱা হৈছিল। অবশ্যে নগৰখনত সোমোৱাৰ আগেয়ে নৈখনত দুটা সৰু পাহাৰীয়া জুৰি লগ লগাত নৈখনৰ এই অংশ এতিয়াও আংশিকভাৱে জীয়াই আছে দুৰাৰোগ্য ব্যাধিয়ে বাহ লোৱা মানুহ ঔষধৰ জোৰত কেলঢোপ-কেলঢোপকৈ জীয়াই থকাৰ দৰে।

প্রভাকৰ গৈ গৈ নৈখনৰ ওপৰৰ কাঠৰ দলং এখনৰ ওপৰত উঠিলগৈ। বেলিটোৱে ইতিমধ্যে নগৰখনৰ পূব প্ৰান্তৰ আকাশখনেদি বগাবলৈ আৰম্ভ কৰি দিছিল। সদ্যজাত বেলিটোৰ সোণ বৰণীয়া কোমল পোহৰে নৈখনৰ পানীত চিকমিকনি এটা তুলিছিল। এই অঞ্চলটোত কেইবাটাও মন্দিৰ আছে। দলংখনৰ ওপৰৰ পৰাই নৈখনৰ পাৰতে থকা আন এটা মন্দিৰৰ পৃষ্ঠদেহটো দেখা পোৱা যায়। মন্দিৰটোৰ পিছ চোতালৰ পৰাই সুদীর্ঘ খটখটি এটা নৈখনৰ ঘাটলৈ নামি গৈছে। খটখটিটোৰ ওপৰতে ৰৈ মুনিহ-তিৰোতা, ল’ৰা-ছোৱালী কিছুমানে গা ধুই আছিল। কোনো কোনোৱে খটখটিটোৰ ওপৰতে আচাৰি আচাৰি কাপোৰ ধুইছিল। কাইলৈ শিৱৰাত্ৰি কাৰণেই হয়তো আজি ঘাটটোত ভিৰ হৈছে।

ঘাটটোত গা ধুই থকা মানুহবোৰলৈ চাই চায়েই প্রভাকৰ দলংখন পাৰ হ’ল। তেওঁ এইবাৰ মূল বাটটো এৰি দলংখনৰ কাষেদি যোৱা ৰাস্তাটো ধৰিলে। ৰাস্তাটো নৈখনৰ পাৰতে সু-পৰিকল্পিতভাৱে পতা পার্কখনলৈ গৈছে। এই পার্কখন নির্মাণত প্রভাকৰৰো যথেষ্ট অৱদান আছিল। চৰকাৰী বিভাগ এটাৰ মুখ্য স্থাপত্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰা প্রভাকৰক চৰকাৰে এই পার্কখনৰ নির্মাণ কমিটিৰ সভাপতি তথা মুখ্য স্থপতি পাতি দিছিল। প্রভাকৰে সুদীর্ঘ চাকৰি জীৱনৰ অভিজ্ঞতাৰ লগতে নিজৰ সমস্ত কল্পনাশক্তি খটুৱাই পার্কখন নির্মাণত মন-প্রাণ সঁপি দিছিল। অৱশ্যে কামৰ মাজত তেওঁ বাধা নোপোৱাকৈ থকা নাছিল। নির্মাণ কমিটিখনৰ দুটামান ধুৰন্ধৰ মানুহ আৰু দুটামান ঠিকাদাৰে দুই নম্বৰী কাম কৰি টকা আত্মসাৎ কৰিব খুজিছিল। প্রভাকৰক ভয়ো দেখুৱাইছিল। কিন্তু প্রভাকৰ নিজৰ নীতিত গছৰ দৰে অলৰ-অচৰ আছিল। যাৰ ফলত এই পার্কখন নগৰবাসীৰ কাৰণে এক গৌৰৱৰ বস্তু হৈ পৰিছিল। পার্কখন উদ্বোধন কৰাৰ দিনা চৰকাৰৰ ঘৰৰ পৰা প্রভাকৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছিল।

পার্কখনত সোমাই প্রভাকৰ পকী বেঞ্চ এখনত বহি পৰিল। প্রভাকৰৰ দৰেই পকী বেঞ্চবোৰত দুই-চাৰিজন বৃদ্ধ মানুহ বহি আছিল। পার্কখনৰ মাজৰ মুকলি ঠাই অকণত কেইযোৰমান ডেকা-গাভৰুৱে ব্যায়াম কৰি আছিল। প্রভাকৰে বহি থকা মানুহবোৰৰ মাজত চিনাকি কাৰোবাক দেখে নেকি চকু ফুৰালে। তেওঁৰ দৰেই প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা কেইবাজনো মানুহৰ লগত প্রভাকৰৰ এই পার্কখনতে চিনাকি হৈছিল। এই চিনাকি হোৱা মানুহবোৰৰ লগত অলপ সময় কথা-বতৰা পাতিহে প্রভাকৰ ঘৰলৈ উভতিছিল। মানুহবোৰৰ মাজত চিনাকি কাৰোবাক সন্ধান কৰি থাকোঁতে প্রভাকৰৰ হঠাতে কাষৰ পকী বেঞ্চ এখনত বহি থকা মানুহ এযোৰাৰ ওপৰত চকু পৰিল। তেওঁৰেই সমবয়সীয়া মানুহযোৰাই নৈখনৰ পিনলৈ আঙুলিয়াই হাঁহি- মাতি কথা পাতি আছিল। মানুহযোৰা নিশ্চয় স্বামী-স্ত্রী। মানুহযোৰাক আগেয়ে দেখা প্রভাকৰৰ মনত নপৰিল। আস! বাসন্তী জীয়াই থকাহেঁতেন মানুহযোৰাৰ দৰে প্রভাকৰহঁতো একেলগেই প্ৰাতঃভ্ৰমণ কৰিবলৈ আহিব পাৰিলেহেঁতেন। প্রভাকৰৰ লগত গোটেই জীৱনটোৱে কটোৱাৰ কথা আছিল বাসন্তীৰ। কিন্তু গোটেই জীৱনটোতো বাদেই, জীৱনৰ আৰম্ভণিতেই বাসন্তী গুচি গৈছিল। বাসন্তীয়ে প্রভাকৰৰ লগত মাথোঁ তিনিটা বছৰহে কটাইছিল। মৃত্যুৰ আগে আগে বাসন্তীয়ে তেওঁৰ হাত দুটাত খামোচ মাৰি ধৰি কঁপা কঁপা মাতেৰে ক্ষমা কৰি দিবলৈ কৈছিল তেওঁৰ কথা ৰাখিব নোৱৰা কাৰণে। বাসন্তীৰ কথা মনলৈ অহাত প্রভাকৰৰ বুকুৱেদি এটা দীর্ঘ হুমুনিয়াহ সৰি পৰিল। তেওঁ আকাশখনলৈ চাই মুখৰ ভিতৰতে কৈ উঠিল— আৰু বেছি দিন নাই বাসন্তী। ময়ো তোমাৰ ওচৰলৈ গৈ আছোঁ।

প্রভাকৰে এইবাৰ সমুখৰ নৈখনলৈ দৃষ্টি ঘূৰালে। নৈখনৰ ঘাটবোৰত তেতিয়াও কিছুমান মানুহে গা ধুই আছিল। বেলিটোৰ তেজ বৃদ্ধি পাই অহাত নৈখনৰ ওপৰত ওলমি থকা কুঁৱলিৰ পাতল চাদৰখন অন্তৰ্হিত হৈ পৰিছিল। নৈখনত সাঁতুৰি-নাদুৰি থকা কিশোৰকেইটামানক দেখি প্রভাকৰৰ মনটো অতীতলৈ উৰা মাৰিলে। তেওঁৰ জন্মভূমি গাঁওখনৰ মাজেদিও বৈ অহা এই নৈখনৰ বুকুতে প্রভাকৰহঁতে শৈশৱ-কৈশোৰৰ বহুতো সময় পাৰ কৰি দিছিল। সেই সময়ত নৈখনত বান্ধ দিয়া হোৱা নাছিল। গৰমকালি স্কুলৰ পৰা আহিয়েই প্রভাকৰহঁত নৈখনত জঁপিয়াই পৰিছিল। তেওঁলোকে নৈখনত কত যে সাঁতোৰ নামাৰিছিল! চিলনী-সাঁতোৰত প্রভাকৰক কোনেও হৰুৱাব নোৱাৰিছিল। শীতকালি প্রভাকৰহঁতে নৈখনৰ বুকুত নাৱেৰে উজাই গৈ এডোখৰ ঠাইত বনভোজ খাইছিলগৈ। বাৰিষা নৈখনৰ পানী বাঢ়িছিল যদিও নৈখনে খেতি-পথাৰ নষ্ট কৰা নাছিল। নৈৰ নতুন পানী সোমাই খেতি-পথাৰবোৰ সাৰুৱাহে কৰিছিল। বান্ধ দি নৈখন মাৰি পেলোৱাৰ পাছতে নৈৰ পাৰৰ খেতি-পথাৰবোৰ ক্রমান্বয়ে অনুৰ্বৰ হৈ পৰিছিল।

পার্কখনত আধাঘণ্টামান কটোৱাৰ পাছত প্রভাকৰ বহাৰ পৰা উঠিল। পার্কখনৰ মাজে মাজে এক চক্কৰ মাৰি তেওঁ ঘৰলৈ উভতিল। ৰাস্তাৰ বিভিন্ন যান-বাহন আৰু মানুহ-দুনুহৰ মাজে মাজে লাখুঁটিত ভৰ দি দি গৈ থকা প্রভাকৰক কোনো বিয়োগান্ত চিনেমাৰ এজন ট্রেজিক নায়কৰ দৰেই দেখা গ’ল।

🔗 | অধিক গল্প:

প্ৰাতঃভ্ৰমণ | গল্প | ধ্ৰুৱজ্যোতি শৰ্মা
Follow Nilacharai on Instagsram