আ হিন মাহৰ কৃষ্ণ পক্ষ। ইয়াৰ আন এটা নাম প্রেতপক্ষ। প্ৰেত মানে হ’ল ‘মৰা মানুহৰ আত্মা, পিশাচ, ভূত’। হেমকোষৰ মতে প্রেতপক্ষতেই ‘মৰা মানুহবিলাকৰ আত্মাবিলাক পৃথিৱীলৈ আহে বুলি শাস্ত্ৰত লিখা আছে’। আৰু শাস্ত্ৰ হ’ল ‘ঈশ্বৰৰ আদেশমতে হোৱা নীতি, ধৰ্ম বা বিজ্ঞানৰ শিক্ষা দিয়া পুথি’। এনে এখন পুথি নামানো বুলি ক’বলৈ কলিজা লাগে। মানিলে জকাইচুকৰ গেজেপনি মৰা বাঁহনিখনৰ গভীৰত ঘটা ঘটনাবোৰো মানিব লাগে। বাঁহনিখনৰ আটাইতকৈ ওখ বাঁহডালৰ আগত দীঘলঠেঙীয়া নামৰ ভূতটোৱে ওপৰমুৱাকৈ শুই ঘিট্মিটীয়া আন্ধাৰ আকাশৰ সৌন্দর্য মুগ্ধ নয়নেৰে উপভোগ কৰি আছিল। তেনেতে তলৰ পৰা কোনোবাই তাৰ নাম কাঢ়ি চিঞৰি চিঞৰি মতা তাৰ কাণত পৰিল। সাপৰ দৰে কুণ্ডলী পকাই থোৱা দীঘল ভৰি দুখন বাঁহডালৰ পৰা মুকলি কৰি সি মাটিলৈ নমাই সংকুচিত কৰি দিলে। তলত তাৰ বাবে ৰৈ আছিল এটা কবন্ধ, হাইকমাণ্ড বুঢ়া ডাঙৰীয়াৰ টেকেলা।
‘দীঘলঠেঙীয়া!’— কবন্ধটোৱে ক’বলৈ ধৰিলে। ‘হাইকমাণ্ডৰ আদেশ। যিমান পাৰি সোনকালে সকলোবোৰ ভূত-প্রেত-পিশাচক খবৰ দিব লাগে। ৰাতি দোভাগত জেনেৰেল এচেম্বলি বহিব। খুব আর্জেণ্ট।’
‘সকলোবোৰ মানে? দেশ-বিদেশৰ ভাই-বন্ধুবোৰকো মাতিব লাগিব নেকি?’
‘নালাগে৷ অসমৰখিনিক মাতিলেই হ’ব।‘
অসম! দীঘলঠেঙীয়া সমস্যাত পৰিল। ক’ৰ পৰা ক’লৈকে অসম! অসমৰ চাৰিসীমা কি? উত্তৰ-পূবে দেখোন নগাই দখল কৰা বুলি কয়। পশ্চিমত বাংলাদেশৰ সৈতে সীমা থকা-নথকা প্ৰায় একে কথা। উত্তৰৰ পিনে…।
‘কি হ’ল? ভৰি খজুৱাব ধৰিলি যে!’
‘নাই, মানে ভাবিছোঁ, কামটো ক’ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ। বহুৰাতি কাম-বন নোহোৱাকৈ এনেয়ে শুই-বহি কটালো নহয়।’
‘ঠিকেই কৈছ। ভূত-প্রেত, যখ-যখিনী আমাৰ সকলোৰে আজি একেই অৱস্থা। ক’তো কাম-বন নাই। ইয়াৰ বাবে অৱশ্যে এই মানুহবোৰেই দায়ী। সিহঁতে আমাৰ দৰে নিৰীহবোৰক নিজ জনমভূমিৰ পৰাই উচ্ছেদ কৰি সাম্ৰাজ্যবাদী, সাম্প্রদায়িকতাবাদী ভূতবোৰক বৰপীৰা পাৰি বহুৱাইছে।’
কবন্ধৰ বৰ বৰ কথা শুনি দীঘলঠেঙীয়া আচৰিত হ’ল৷ মূৰ নথকা কবন্ধক সি কোনোদিনে গুৰুত্ব দিয়া নাছিল। মূৰ নথকাকৈ ইমানবোৰ কথা চিন্তানো কৰে কেনেকৈ? হাইকমাণ্ডৰ আশে-পাশে থাকি বোধহয় সি কথাবোৰ শিকিছে।
‘বাৰু, মই যাওঁ। তই তোৰ কাম কৰ।’ মূৰ নথকা দেহটো নচুৱাই নচুৱাই কবন্ধ গুচি গ’ল । দীঘলঠেঙীয়া চিন্তাত পৰিল। বুঢ়া ডাঙৰীয়াই আজিনো হঠাতে জেনেৰেল এচেম্বলিৰ আহ্বান কৰিছে কিয়? কিবা ডাঙৰ ঘটনা ঘটিছে নেকি? এই সময়ত যখপণ্ডিত কাষত থকাহেঁতেন বৰ ভাল আছিল।
যখপণ্ডিত এসময়ত মাটিত পুতি থোৱা ধন-সোণৰ গৱেষণাতেই ব্যস্ত আছিল। কিন্তু চোৰে মৈদামবোৰ লুটপাত কৰাৰ পাছত, উগ্ৰপন্থীয়ে পুতি থোৱা টকাবোৰ পুলিচ-মিলিটাৰীয়ে খান্দি নিয়াৰ পাছত হঠাতে সি বেকাৰ হৈ পৰিল। বেকাৰত্বৰ জ্বালা-যন্ত্রণাই পাছলৈ তাক ইমান বেছিকৈ দহিবলৈ ধৰিলে যে উপায় নাপাই সি আত্মহত্যা কৰিবলৈ সাজু হ’ল। তেনেতে খবৰটো পাই লৰালৰিকৈ বুঢ়া ডাঙৰীয়া আহি ওলাল। তেওঁ যখক ক’লে— ‘চা যখ, এই পৃথিৱীত মানুহেই একমাত্ৰ জীৱ, যি আন জীৱ-জন্তুক হত্যা কৰাৰ উপৰি আত্মহত্যাও কৰিব পাৰে। তই যদি এতিয়া মানুহৰ দৰে আত্মহত্যা কৰ, ভূতকুলৰ নাক কটা নাযাবনে? ভূতেও আত্মহত্যা কৰে বুলি মানুহবোৰে আমাৰ গাত নুথুৱাবনে? মই বুজিছোঁ, গৱেষণাত ব্যাঘাত ঘটা বাবে তোৰ এই অৱস্থা হৈছে। বাদ দে এই গৱেষণা। ধন-সোণৰ গৱেষণা কৰিবলৈ চোৰ-ডকাইত, মাফিয়া, ৰাজনীতিবিদৰ অভাৱ নাই। তই অইন টপিক ল।’
বুঢ়া ডাঙৰীয়াৰ বুজনিত যখ মান্তি হ’ল। ধন-সোণৰ সলনি সি এইবাৰ নিজৰ জাতিটোক লৈ জাতিটোৰ কামত অহা গৱেষণাৰ কাম আৰম্ভ কৰিলে। গৱেষণা কৰিবলৈ যথেষ্ট পঢ়া-শুনা আৰু নিৰিবিলি পৰিৱেশৰ প্ৰয়োজন৷ পিছে পুলিচ-মিলিটাৰী-উগ্ৰপন্থীৰ উৎপাতত অসমৰ হাবিত নিৰিবিলি পৰিৱেশ নোহোৱা হ’ল ৷ যখ গৈ ওচৰৰ ভূটানৰ হাবিত থিতাপি ল’লে। কিন্তু তাতো অশান্তি। এইবাৰ সি উজাই গৈ তিব্বতৰ গুহাত সোমাল আৰু তাতেই তাৰ গৱেষণাৰ কাম চলাই গ’ল।
যখৰ সৈতে দীঘলঠেঙীয়াৰ পুৰণি সম্পর্ক। এতিয়া যখৰ কথা মনত পৰাত তাকেই খবৰটো প্ৰথমতে দিওঁগৈ বুলি দীঘলঠেঙীয়াই তাৰ ঠেং দুখন যিমান পাৰে দীঘল কৰি দিলে। লগে লগে ওখ হৈ গৈ তাৰ মূৰটোৱে আকাশ চোওঁ চোওঁ কৰিলে আৰু তেনেদৰেই দৌৰ মাৰি গৈ সি তিব্বতৰ গুহাত থকা যখৰ কাষ পালে।
‘আহাঁ বন্ধু, আহাঁ। বহু ৰাতিৰ পাছত তোমাক দেখি সঁচাকৈয়ে ৰং পালো।’ দীঘলঠেঙীয়াক সাদৰ সম্ভাষণ জনাই যখে তাক বহিবলৈ ক’লে। তাহানি ৰাৱণৰ ৰাজসভাত হনুমানে নেজৰ কুণ্ডলী পকাই তাৰ ওপৰত আসন গ্ৰহণ কৰাৰ দৰে দীঘলঠেঙীয়ায়ো নিজ ঠেঙৰ কুণ্ডলী পকাই পকাই তাৰ ওপৰতে বহি পৰিল ৷
‘মই বুজিছা, তৃতীয় ছেপ্টাৰটো আৰম্ভ কৰিছোঁ।’ যখে ক’বলৈ ধৰিলে। ‘এই ছেপ্তাৰটো বিদেশী ভূতৰ। ইয়াৰ বাবে মই বিদেশী সাহিত্য, লোক কথা, ইণ্টাৰনেট, এনচাইক্ল’পেডিয়া আদি ঘাটি জিন, গব্লিন- ভেম্পায়াৰ, ঘুল, গুল, ক’ব’ল্ড, ওৱাৰউল্ফ, পেল্টাৰগীষ্ট আদি বিভিন্ন বিদেশী ভূতৰ খবৰ গোটাইছোঁ। এই ঘুল বোলা ভূতটো কোন জানানে? সি মুছলমান জগতৰ অন্ধকাৰৰ ৰজা ইব্লিছৰ সন্তান। সি ঘনাই ৰূপ সলনি কৰিব পাৰে আৰু গাধৰ খুৰাৰ দৰে খোজৰ চিন চাই তাক চিনিব পাৰি। ঘুলৰ দৰে ইংৰাজসকলেও সৃষ্টি কৰিছে গুল। গুল আমাৰ পিশাচৰ দৰে। সি কবৰৰ মৃতদেহ ভক্ষণ কৰে। ক’ব’ল্ড বোলাটো আকৌ জাৰ্মানীৰ। বৰ মেজাজী। ঘৰুৱা কাম-বনত সি মানুহক সহায় কৰে। সৰু ল’ৰা-ছোৱালীবোৰক গান গাই শুনায়। কিন্তু খং উঠিলে সর্বনাশ। হেই, দীঘল ঠেঙীয়া, কি হ’ল তোমাৰ? বৰ উচ্পিচাই আছা দেখোন?’
‘নাই, মানে’— দীঘলঠেঙীয়াই ইতস্ততঃ কৰি ক’লে— ‘মই মানে আজি এটা বিশেষ কামতহে আহিছিলো। বুঢ়া ডাঙৰীয়াই জেনেৰেল এচেম্বলি মাতিছে। আজি ৰাতিয়েই।‘
‘কিহৰ বাবে?’
‘নাই, সেইটো মই ক’ব নোৱাৰিম। মানে মই নাজানো। কিন্তু খুব জৰুৰী।
“ঠিক আছে, মই যাম বাৰু।‘
‘তোমাৰ গৱেষণাৰ কথাবোৰ শুনি ভালেই লাগিছিল। কিন্তু জানাই নহয়, লৰালৰি থকা বাবে…।’
‘কোনো কথা নাই। পাছত কোনোবা এৰাতি আহিবা।‘
‘আৰু এটা কথা আছিল।‘
‘কি কথা?’
‘মানে বহু ৰাতি কাম-বন একো নকৰাকৈ কটালো নহয়, সেয়ে ভাই-বন্ধুসকল কোন ক’ত আছে তাৰো খবৰ নাপাওঁ। জকাইচুকত ফোনৰ কানেক্চনো নাই। এৰাতি মই বুঢ়া ডাঙৰীয়াক কৈছিলো ম’বাইল ফোন একোটা সকলোকে যোগাৰ কৰি দিবলৈ। কিন্তু কথাটোত তেওঁ সিমান গুৰুত্ব নিদিলে।‘
‘এৰা, চাইন্স-টেকন’ল’জিৰ সহায় লৈ মানুহ আজি বহুদূৰ আগুৱাই গ’ল। আমি ভূতবোৰো পিছ পৰি থকা উচিত নহয়। মই অৱশ্যে গোটেইবোৰ আধুনিক সুবিধা পাইছোঁ। পিছে দুখৰ কথা কি জানা? ইয়াত বহি বিদেশৰ ভূত বন্ধুসকলৰ সৈতে যোগাযোগ কৰিব পাৰোঁ যদিও আমাৰ অসমত থকাসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰোঁ। অসম সঁচাকৈয়ে বৰ পিছ পৰি আছে বুজিছা? পিছে তোমাৰ কাৰণেনো মই এতিয়া কি কৰোঁ?’
যখপণ্ডিত সঁচাকৈয়ে সমস্যাত পৰিল। পিছে কবন্ধৰ দৰে তাৰ মূৰ নথকা নহয়। মূৰ মাৰি মাৰি বুদ্ধি এটা উলিয়াই সি দীঘলঠেঙীয়াক ক’লে— ‘তুমি এটা কাম কৰা। যাকে য’তে পোৱা তাকে অইনবোৰক মতাৰ দায়িত্ব দি দিয়া। চাবা তোমাৰ কাম উজু হৈ পৰিছে।’
বুদ্ধিটো পাই দীঘলঠেঙীয়া তাত আৰু এক ছেকেণ্ডো নৰ’ল। অসমলৈ বুলি সি তাৰ ঠেং দাঙিলে।
বাটতে সি হিন্দী চিনেমাৰ গান গাই গাই অসমৰ আকাশত উৰি ফুৰা এহাল খেচৰ-খেচৰণীক দেখা পালে। প্রেম নিবেদনত সিহঁত ইমান মগ্ন হৈ আছল যে প্ৰথমবাৰ দীঘলঠেঙীয়াই মতা সিহঁতৰ কাণতেই নপৰিল। দ্বিতীয়বাৰ মাতিবলৈ গৈয়ো দীঘলঠেঙীয়া থমকি ৰ’ল। আচলতে কাবাবৰ মাজতে হাড্ডি হৈ সোমাবলৈ তাৰ একেবাৰে মন নগ’ল। কি কৰিব, কি নকৰিব ভাবি থাকোঁতেই হঠাতে খেচৰৰ চকু তাৰ ওপৰত পৰিল। লগে লগে কোনোবা প্রতিদ্বন্দ্বী অহা বুলি খেচৰ চোঁ মাৰি খেদি আহিল। দীঘলঠেঙীয়াই মাত নিদিয়াহেঁতেন সি হয়তো দীঘলঠেঙীয়াৰ ওপৰত জঁপিয়াই পৰিলহেঁতেন।
‘খেচৰ ৰবি, মই দীঘলঠেঙীয়া।’ দীঘলঠেঙীয়াই চিঞৰি ক’লে। ‘বুঢ়া ডাঙৰীয়াই সাধাৰণ সভা পাতিছে। তোৰ সকলো জাতি ভাইক তালৈ লৈ অনাৰ দায়িত্ব মই তোকেই দিলো। সময় দোভাগ নিশা। স্থান বুঢ়া ডাঙৰীয়াৰ বৃক্ষ প্ৰসাদ। বুজিলিনে?’
হব হ’ব বুলি কৈ লাজত ৰঙা-নীলা হোৱা খেচৰ-খেচৰণী নিমিষতে পলাই পত্রং দিলে। এটা কাম হ’ল বুলি দীঘলঠেঙীয়াও তাৰ পৰা আঁতৰি আহিল।
কিছুদূৰ অহাৰ পাছতেই হঠাতে কোনোবা এজনীয়ে কাৰোবাক খঙেৰে গালি পাৰি পাৰি অহা দীঘলঠেঙীয়াৰ কাণত পৰিল। ‘ইহঁত মৰিব। মৰি ৰৌ ৰৌ নৰকত পৰিব। নৰক যন্ত্রণা ভোগ কৰিব। ইহঁতৰ আৰু কোনো দিনে মুক্তি নহয়।’
‘বোলো ডাইনী মাহী, কাকনো ইমানকৈ খং কৰিছা?’
সন্মুখত দীঘলঠেঙীয়াক দেখি ডাইনী উচপ খাই থমকি ৰ’ল। লগে লগে তাইৰ কাপোৰ আৰু চুলিৰ মাজৰ পৰা এজাক ভূত পোৱালি জঁপিয়াই জঁপিয়াই ওলাই আহিল।
‘অ’ দীঘলঠেঙীয়াহে। পিছে তইনো আজি এইফালে ক’ত মৰিবলৈ আহিলি?’
‘কম ৰ’বা। তাৰ আগতে কোৱাচোন, তুমিনো কাক ৰৌ ৰৌ নৰকত পৰাৰ শাও দিছা?’
‘এই মানুহবোৰক। আৰু কাক শাও দিবি?’
‘কিয়? মানুহবোৰেনো তোমাৰ কৰিলে কি?’
‘মোৰ এই ভূত-পোৱালিকেইটাক গাঁও এখন দেখুৱাই আনো বুলি ওচৰৰ গাঁও এখনলৈ লৈ গৈছিলো বুজিছ। তাত আজি ইহঁতে যিটোহে দৃশ্য দেখিলে! কি আৰু ক’বি, মোৰেই পিত্ত জ্বলি গৈছে। একেবাৰে সাধাৰণ, অতি দুখীয়া এজনী তিৰোতা। কেও-কিছু নাই। তাইকেই আজি গাঁৱৰ মানুহবোৰে মৰিয়াই মাৰিলে৷ কিয় জাননে? তাই বোলে ডাইনী! মৰ এতিয়া ক’ত মৰ। আৰু লোমহর্ষক ঘটনা ঘটিল মোৰ এই ভূত-পোৱালিকেইটাৰ চকুৰ সন্মুখতেই। এতিয়া তয়েই কচোন, ইহঁতৰ কোমল মনবোৰত ইয়াৰ কুপ্ৰভাৱ নপৰিবনে? মোৰেই বা মান-সন্মানখিনি থাকিল ক’ত?’
‘এৰা, তুমি ঠিকেই কৈছা।’ দীঘলঠেঙীয়াই শলাগি ক’লে।
‘এই পোৱালিকেইটাৰ কথাটো সঁচাকে ভাবি চাবলগীয়া। তুমি এটা কাম কৰা। এতিয়াই গৈ ধন্বন্তৰি প্ৰেত কুমাৰৰ পৰা এণ্টি কুপ্ৰভাৱৰ দৰব কেইপালিমান আনি ইহঁতক খুৱাই দিয়া। চাবা, ইহঁতৰ মনৰ পৰা কু প্ৰভাৱ, আতংক সকলোবোৰ নেহোৱা হৈ যাব।’
‘আহ! তই বৰ বঢ়িয়া কথা এটা মনত পেলাই দিলি দেই। তোক লগ পাই ভালেই হ’ল। এতিয়া তেন্তে ধন্বন্তৰিকেই বিচাৰ যাওঁ। তই থাক।’
‘অ’ ৰ’বা ৰ’বা। মোৰো কথা এটা মনত পৰিছে।’ দীঘলঠেঙীয়াই চিঞৰি উঠিল। ‘বুঢ়া ডাঙৰীয়া দেউতাই সভা পাতিছে। দুপৰ নিশা। তোমাৰ বংশ গোষ্ঠীৰ সকলোকে লগত লৈ আহিবা। খুব জৰুৰী।’
‘এহ, ধন্বন্তৰিকো লগ ধৰিব লাগিছিল নহয়!’ ডাইনী যেন সমস্যাত পৰিল। কিন্তু অলপ পাছতেই কিবা ভাবি কৈ উঠিল— ‘হ’ব দে, ঘৰত নাপালেও তাক সভাত পাম নহয়, হ’ব দে।’ ডাইনীয়ে খোজ ল’লে। লগে লগে ভূত-পোৱালিৰ জাকটো বান্দৰৰ দৰে জঁপিয়াই জঁপিয়াই ডাইনীৰ চুলিয়ে-কাপোৰে সোমাই পৰিল৷
দীঘলঠেঙীয়া গৈ এইবাৰ বিশাল পথাৰ এখন পালে। আন্ধাৰ পথাৰখনত খেতৰ পোৱালিবোৰে পকা চপৰা আৰু দলিবাৰিৰে ক্ৰিকেট খেলি আছে। কোনোবাটো হৈছে চেৱাগ, কোনোবা শচীন, কোনোবা ধোনী।
‘ঐ তহঁতৰ বাপেৰ-মাৰ ক’লৈ গ’ল অ’?’— নাই, খেলত মত্ত খেতৰ পোৱালিকেইটাই দীঘলঠেঙীয়াৰ কথাত কাণ নিদিলে। কিছু সময় ৰৈ ইফালে-সিফালে চাই ‘খেতৰ, অ’ খেতৰ’ বুলি দুবাৰমান চিঞৰি দীঘলঠেঙীয়া তাৰ পৰা আঁতৰি আহিল। আহি আহি সি হাবি এখন পালে। তাতে থুৰে ভৰি থকা কেন্দু গছ এজোপা দেখি সি থমকি ৰ’ল। ছিঃ এই লেতেৰী যখিনীজনীও যে আৰু! থকা গছজোপাতে ইমানকৈ থুৱাব লাগেনে?
‘যখিনী বাই, অ’ যখিনী বাই।’ দীঘলঠেঙীয়াই কিছু আঁতৰৰ পৰা চিঞৰি মাতিলে। যখিনী নোলাল। কিন্তু ভিতৰত তাই কাৰোবাৰ স’তে কথা পাতি থকা দীঘলঠেঙীয়াৰ স্পষ্টকৈ কাণত পৰিল। তাইনো এতিয়া কাৰ স’তে কথা পাতিছে? আৰু মাতটো দেখোন পুৰুষৰ মাত যেন লাগিছে!
‘যখিনী বাই, অ’ যখিনী বাই। বোলো ঘৰত আছানে?’
‘কোন অ’ এইটো? কেলেইনো অসময়ত টেঁটুফালি মৰিছ?’ থুৰে ভৰা পাতৰ পৰ্দাখন আঁতৰাই যখিনী ওলাই আহিল।
‘অ’ দীঘলঠেঙীয়া, কি হ’ল? কিয় চিঞৰিছ?’
প্ৰতিটো শব্দৰ সৈতে মুখেৰে থু ছিটিকি ওলোৱা যখিনীৰ পৰা সাৱধানে দূৰত অৱস্থান কৰি দীঘলঠেঙীয়াই ক’লে— ‘বুঢ়া ডাঙৰীয়াদেৱে সভা পাতিছে। তুমি গা-পা ধুই লগৰবোৰক লৈ আহিবা। দৰ্কাৰী সভা।’
‘যাম বাৰু। পিছে গা-পা ধোৱাৰ কথা কৈছ কিয়? আমাৰ জাত মাৰিব খুজিছ নেকি?’
‘নাই, নাই তোমাৰ জাত মৰাৰ কথা ভবা নাই। সভালৈ সকলো আহিব বুলিহে কৈছোঁ। পিছে ভিতৰত কাৰোবাৰ মাত শুনা যেন পালো দেখোন। কোননো আছে ভিতৰত?’
‘এ হে হে মইহে দীঘলঠেঙীয়া, মই খেতৰ।’
যখিনীৰ ঘৰৰ পৰা খেতৰক দাঁত নিকটাই হাঁহি হাঁহি ওলাই অহা দেখি দীঘলঠেঙীয়াৰ চকু কপালত উঠিল।
‘খেতৰ, তুমি ইয়াত! চাওঁ, এইপিনে আহাচোন।’ দীঘলঠেঙীয়াই খেতৰক যখিনীৰ ঘৰৰ পৰা আঁতৰাই লৈ গ’ল। তাৰ পাছত নিৰ্জন ঠাই এটুকুৰাত ৰৈ ক’লে— ‘খেতৰ, তুমি থাকিব লাগে পথাৰত। এই যখিনীজনীৰ সৈতে তাইৰ ঘৰত তুমি কৰিছা কি?’
‘কি কৰিম কোৱা? উপায় নাই। পথাৰত থাকিব নোৱৰা হৈছোঁ।‘
‘পথাৰত থাকিব নোৱৰা হৈছা! কি কোৱাহে? ইমানবোৰ পথাৰ, আৰু তোমাৰ থাকিবলৈ ঠাই নাই!’
‘তুমি কি বুজিবা, খেতিয়কবোৰে ৰাসায়নিক সাৰ আৰু পোক-পৰুৱা মৰা বিষাক্ত ঔষধবোৰ দি দি পথাৰৰ অৱস্থা কি কৰিছে। পথাৰত এতিয়া তুমি মাটিৰ গোন্ধ নোপোৱা। পাবা উশাহ-নিশাহ বন্ধ কৰি পেলাব খোজা সেই ঔষধবোৰৰ গোন্ধ। তাত থাকি থাকি আমাৰ গোটেইবোৰৰে কিবা নহয় কিবা অসুখ হৈছে। পো-পোৱালিবোৰৰ ভৱিষ্যতৰ কথা ভাবিবলৈকে ভয় লগা হৈছে। মুঠতে জানি থোৱা, তাত থকাতকৈ যখিনীৰ থুৰে ভৰা ঘৰত থকাটো বহুগুণে স্বাস্থ্যসন্মত।’
খেতৰৰ কথা শুনি দীঘলঠেঙীয়া চিন্তাত পৰিল। এনে এটা সমস্যাৰ কথা ইয়াৰ আগলৈকে কোনোৱে তাক কোৱা নাছিল।
‘এটা কাম নকৰা কিয়?’ খেতৰৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি দীঘলঠেঙীয়াই ক’লে৷ ‘আজি ৰাতি বুঢ়া ডাঙৰীয়াই সাধাৰণ সভা পাতিছে। তাত তুমি কথাটো উলিয়াবাচোন। তোমালোকৰ সকলোবোৰকে লগত লৈ আহিবা।‘
‘কি হ’ব উলিয়ালে?’
‘মানে! তুমি কি ক’ব খুজিছা?’
‘চোৱা দীঘলঠেঙীয়া, ভূত-প্রেত, যখ-যখিনী সকলো মানুহৰে সৃষ্টি নহয় জানো? মানুহে আমাক যেনেদৰে ভাবিছে, যেনেদৰে কল্পনা কৰিছে আমি জানো তেনেকুৱাই হোৱা নাই? আৰু চোৱা, নিজৰ মাজত থকা শ্রেণী বিভাজনৰ দৰে মানুহে আমাকো ভিন ভিন শ্রেণীত বিভক্ত কৰি ভিন ভিন নাম দিছে। খেতি পথাৰবোৰ যে ৰাসায়নিক সাৰ, বিষাক্ত দ্রব্যৰে ভৰাই পেলাইছে, ই ক্ষতি কৰিছে কাক? নিসন্দেহে মানুহকে। গতিকে মানুহে যেতিয়া মানুহৰেই মংগল চিন্তা নকৰে, তেন্তে তেওঁলোকে আমাৰ মংগল চিন্তা কৰিব কেনেকৈ? আকৌ ধৰা, কথাটো যদি সভাত উলিয়াওঁ, সভাই যদি ধর্ণা, সত্যাগ্রহ, অনশন জাতীয় কিবা আন্দোলনৰ পথো লয়, তেন্তে মানুহে আমাক শুদাই এৰিবনে? আদম-ইভক স্বৰ্গচ্যুত কৰাৰ দৰে তেওঁলোকে আমাকো পৃথিৱীচ্যুত নকৰিবনে?’
‘তথাপি একো এটা নকৰাকৈ হাত সাবটি বহি থকা উচিত হ’ব জানো?’ দীঘলঠেঙীয়াই কিছু উষ্মাৰে ক’লে।
‘কৰিবা কি? মানুহবোৰে গণতন্ত্র গণতন্ত্ৰ বুলি চিঞৰিহে থাকে, গণতন্ত্ৰৰ অৰ্থ প্ৰত্যেকে নিজৰ নিজৰ ধৰণে বুজে, নিজৰ নিজৰ ধৰণে মানে। সেইকাৰণেই গণতান্ত্রিক আন্দোলনবোৰৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা কমি আহিছে। বোমা-বন্দুকৰ গাজনি বাঢ়ি গৈছে। এনে পৰিস্থিতিত তুমি কৰিবা কি?’
খেতৰৰ কথা-বতৰাবোৰ দীঘলঠেঙেীয়াৰ মূৰ গৰম কৰি তুলিলে। তাৰ নাক-কাণেৰে ধোঁৱা ওলাবলৈ ধৰিলে। ধেৎ, এই মূৰ গৰম কৰা কথাবোৰ মূৰত লৈ থকাতকৈ বাঁহৰ আগত শুই দুলি দুলি নক্ষত্রহীন আন্ধাৰ আকাশৰ সৌন্দৰ্য চাই থকাই ভাল।
কথাবোৰ ভাবি ভাবি আনমনা হৈ গৈ থাকোঁতে হঠাত এজাক খিলখিলীয়া হাঁহিয়ে দীঘলঠেঙীয়াৰ মন আকৰ্ষণ কৰিলে। কোনেনো এনেকৈ হাঁহিছে জানিবলৈ তাৰ খুব মন গ’ল৷ হাঁহিৰ উৎস অনুমান কৰি এখুজি-দুখুজিকৈ গৈ সি গছৰ আঁৰৰ পৰা জুমি চালে। হাবিৰ মাজৰ মুকলি ঠাই এডোখৰত ভূতুনী, ডাকিনী, প্রেতিনীকেইজনীমানে চক্রাকাৰে বহি ইজনীয়ে সিজনীৰ মূৰত ওকণী চাই চাই নিজৰ ভিতৰতে কথা পাতিছে আৰু হাঁহিছে।
‘তোৰ দৰে ময়ো এজনক পাইছিলো জান?’ প্রেতিনী এজনীয়ে ক’বলৈ ধৰিলে। ‘একেবাৰে চুট-টাই পিন্ধা ভদ্রলোক। হাতৰ আঙুলিত বিভিন্ন ৰত্ন আৰু মণি খচিত দহ-বাৰটামান আঙঠি। মই সুধিলো, ইমানবোৰ আঙঠি কিহৰ। সি কৈ গ’ল— এইটো চাকৰিত উন্নতিৰ, এইটো সু স্বাস্থ্যৰ, এইটো শনিৰ দোষৰ, এইটো ৰাহু-কেতুৰ, এইটো ভূত-প্ৰেতৰ ইত্যাদি ইত্যাদি। তাৰপাছত মোক ইমপ্ৰেছ কৰিবলৈ সি গাই গ’ল কোনটো আঙঠি কিমান টকাত সি ক’ৰ ক’ৰ পৰা গোটাইছে। মই তাক ক’লো, আঙঠিবোৰ মোক দিবনে? সি ক’লে— কিয় নিদিম দাৰ্লিং, মোৰ সকলো তোমাৰেই। এই বুলি আঙঠিবোৰ খুলি খুলি মোক দি সি মোক চুমা খাবলৈ মুখখন আগুৱাই দিলে। ময়ো মোৰ আচল ৰূপ দেখুৱাই দিলে নহয় মাকে, তাৰ মুখত এক থাপ্পৰ বহুৱাই! চাল্লা, আঙঠিত জীৱনটো বান্ধি প্ৰেম কৰিবলৈ আহিছ।’
তাইৰ কথা শুনি, মুখৰ অংগী-ভংগী দেখি লগৰবোৰে পুনৰ খিল্খিলাই হাঁহি উঠিল।
‘ঐ, তাৰপিছত কি হ’ল?’— হাঁহি থমাই এজনীয়ে সুধিলে।
‘কি হ’ব, তাৰ পেণ্টটো তিতি চপ্চপীয়া হ’ল।’ আকৌ খিলখিল হাঁহি।
‘আৰু আঙঠিবোৰ?’
‘আঙঠিবোৰ ক’লা সূতা এডালত গাঁঠি মই মোৰ সৰু পোৱালিটোৰ কঁকালত বান্ধি দিছোঁ। বেচেৰাৰ কিন্তু আজিলৈকে একো উন্নতি হোৱা চকুত পৰা নাই।‘
‘মই এবাৰ কি কৰিলো শুন।’— এইবাৰ ভূতুনী এজনীয়ে ক’বলৈ ধৰিলে। ‘সেই নদীৰ পাৰৰ গাঁওখনৰ— তাতে এজন মানুহক ভূতে ধৰা বুলি শুনি চাবলৈ গ’লো। গৈ দেখিলো এখন চোতালত ঢেৰ মানুহ। তাতেই হাত-ভৰি বান্ধি থোৱা মানুহ এজনক মন্ত্ৰ মাতি মাতি বেজ এজনে গছৰ ডাল এডালেৰে কোবাই গৈছে। কোব খাই খাই মানুহজনৰ মুখেৰে ফেন ওলাইছে। একেবাৰে মৰোঁ মৰোঁ অৱস্থা। তাৰ অৱস্থা দেখি মোৰেই দুখ লাগিল। ওচৰে-পাঁজৰে ৰৈ বেজৰ কাণ্ড-কাৰাখনা চাই থকা মানুহবোৰলৈ চাই দেখিলো সিহঁত নির্বিকাৰ। বেজৰ অত্যাচাৰ দেখি মোৰ আৰু সহ্য নহ’ল। এপাকত তাৰ হাতৰ পৰা গছৰ ডালটো কাঢ়ি আনি দিলো নহয় তাৰ টিকাতে এক প্রচণ্ড গোৰ। বেচেৰা হামকুৰি খাই পৰি গ’ল। নাক ফাটি তেজ ওলাল। মই গুচি আহিলো। পাছত কি শুনিলো জাননে? বেজে হেনো কৈ ফুৰিছে তাৰ মন্ত্ৰ আৰু কোব সহিব নোৱাৰি মানুহজনৰ গাত লম্ভা ভূতটোৱে খঙৰ কোবত তাকেই গোৰ মাৰি পলাই পত্ৰং দিলে। ইহঁত মানুহবোৰক বুজিছ, কোনোফালে নোৱাৰ।’
‘এবাৰ কালীপূজা পাতিব যোৱা কালীসাধককেইজনৰ কি হৈছিল শুন—’ এই বুলি ডাকিনীয়ে তাইৰ ক’বলৈ মুখ মেলোতেই গছৰ আঁৰৰ পৰা দীঘলঠেঙীয়া সিহঁতৰ সন্মুখলৈ ওলাই আহি ক’লে— ‘ৰ বাইদেউ ৰ; তহঁতৰ কথাবোৰ ইণ্টাৰেষ্টিঙেই হৈছে। পিছে শুনি থাকিবলৈহে মোৰ সময় নাই। বুঢ়া ডাঙৰীয়া দেউতাই সভা পাতিছে। তহঁত সকলোবোৰ আহিবি।‘
‘ঐ চালা নিধক, তই লুকাই লুকাই আমাৰ কথা শুনি আছিলি নহয়?’
‘ই হাৰামজাদাতো কম বস্তু নহয়।’
‘ঐ মাৰেহঁতক চিনি পোৱা নাই? দিওঁ নেকি ইয়াৰ লেংলেঙীয়া ঠেং দুখন ভাঙি মুচৰি।
‘অ’ বাইদেউহঁত, কিয় খং কৰিছ, শুনো বুলিতো শুনা নাই। আহি থাকোঁতে কাণত পৰিছে। তাতে বুঢ়া ডাঙৰীয়াৰ কামত ওলাইছোঁ। গুৰুত্বপূৰ্ণ কাম। তহঁতে মাৰোঁ বুলিলেও মৰিবলৈ মোৰ সময় নাই। বেয়া নাপাবি। তহঁত কিন্তু নহাকৈ নাথাকিবি। মই আহিলো।’
দীঘল দীঘল খোজ দি দীঘলঠেঙীয়া লৰালৰিকৈ তাৰ পৰা আঁতৰি আহিল। বিলৰ কাষ পাইহে সি দীঘলকৈ উশাহ লৈ স্বাভাৱিক হোৱাৰ অৱকাশ পালে। সেইকেইজনীৰ হাতৰ পৰা আজি ভাল বাচিলো— সি ভাবলে । তেনেতে জপং জপংকৈ পানীত হোৱা শব্দ কিছুমান তাৰ কাণত পৰিল।
‘ঘোঁৰাপাক, ঐ ঘোঁৰাপাক, কথা এটা শুনি যাচোন।’— বিলৰ পাৰত থিয় হৈ দীঘলঠেঙীয়াই চিঞৰিলে।
লগে লগে বিলৰ পানীত প্রচণ্ড হেন্দোলনিৰ সৃষ্টি হ’ল। পানীৰ পৰা দীঘল গাটোৰে ঘোঁৰাপাক ওলাই আহিয়েই খঙেৰে ক’লে— ‘ঐ কটা দীঘলঠেঙীয়া, তই মোক সেইটো নামেৰে কিয় মাতিছ? মোক বাঁক বুলি মাতিবি।’
‘কিয়, এই নামটোৱেনো কি জগৰ লগালে? তোৰ নাম ঘোঁৰাপাক নহয় নেকি?’
‘সেইটো সত্য যুগত দিয়া নাম। ভুলকৈ দিয়া নাম। মোৰ এই দীঘল গাটো ঘোঁৰাৰ দৰে নেকি? ঘোঁৰাৰ দৰে মই পাক মাৰি জঁপিয়াই থাকোঁ নেকি?’
‘আচ্ছা, আচ্ছা, হ’ব দে। পিছে কছোন, কেনে আছ? কিবা সমস্যা আছে নেকি?
‘সমস্যা? মোৰ আকৌ কি সমস্যা? মানুহবোৰেহে অন্ধ্ৰ-কলকাতাৰ বৰফ দিয়া পচা মাছ খাই আছে। আমি ইয়াৰ খাল, বিলৰ ফ্ৰেছ মাছ খাই আছোঁ। গতিকে সমস্যা একো নাই। পিছে কথাটো সুধিলি কিয়?’
‘বুঢ়া ডাঙৰীয়াই মিটিং পাতিছে। তহঁত সকলোকে মাতিছে। আহিবি। ঐ, দূৰৈত সেইকুৰা জুই নেকি অ’? কিহৰ জুই? ধনগুলৈ নেকি?’
‘নহয়। সেইখন শ্মশান। আজি কেইৰাতিমান হ’ল, ক’ৰবাৰ পৰা জঁটাধাৰী এজন আহিছে। সি পিশাচবোৰক ভূত পুৰাণ পঢ়ি শুনাইছে।‘
‘বাৰু, তহঁত মিটিঙলৈ আহিবি’ বুলি কৈ দীঘলঠেঙীয়াই দূৰৈৰ জুই লক্ষ্য কৰি দীঘল দীঘল খোজ দিলে।
‘মোৰ মৰমৰ পিশাচ, পিশাচীহঁত, ভূত হোৱা বাবে তহঁতে দুখ নকৰিবি।’— গদ গদ কণ্ঠেৰে কোৱা জঁটাধাৰীৰ কথা দূৰৈৰ পৰা দীঘলঠেঙীয়াৰ কাণত পৰিল। ‘ভূতৰ অৰ্থ বহুত। ভাৰতীয় দর্শন মতে ভূত হ’ল জগত সৃষ্টিৰ মূল উপাদান। পৃথিৱী, পানী, জুই, বায়ু আৰু আকাশ— এই পঞ্চভূতেৰে জগত সৃষ্টি হৈছে। অভিধান মেলিলে দেখিবি ভূতৰ অৰ্থ অকল, অশৰীৰী শক্তি বা অপদেৱতাই নহয়, ভূতৰ অৰ্থ জীৱ বা প্রাণীও হয়। তেনেস্থলত এফালৰ পৰা চাবলৈ গ’লে এই জগতৰ সকলোবোৰেই ভূত। গতিকে ভূত বুলি নিজৰ পৰিচয় দিবলৈ লাজ নকৰিবি। মানুহৰ লগত তহঁতৰ সম্পৰ্কটো বহুদিনীয়া। সিহঁতে নিজকে জীৱশ্ৰেষ্ঠ বুলি ক’লে কি হ’ব, সিহঁতৰ বেছিভাগেই আচলতে ভূততকৈ অধম, ভূততকৈয়ো অদ্ভুত। সিহঁতৰ অৱস্থা—।’ ‘কি হ’ল অ’ দীঘলঠেঙীয়া? আজি এইফালে আহিলি যে!’ হঠাতে পিশাচ এজনে দীঘলঠেঙীয়ালৈ চাই কথাখিনি কোৱাত জঁটাধাৰীৰ ভাষণ আধাতে থমকি ৰ’ল।
‘বুঢ়া ডাঙৰীয়াই সভা আহ্বান কৰিছে। তহঁত সকলোকে সভালৈ মাতিছে। আহিবি।‘
‘ময়ো যামনে?’
জঁটাধাৰীৰ প্রশ্ন শুনি দীঘলঠেঙীয়া বিপদত পৰিল। সি আজিহে জঁটাধাৰীক দেখিছে। চেহেৰা-পাতি আৰু সৌন্দৰ্যৰ পিনৰ পৰা ভূত যেনেই লাগিছে। কিন্তু—।
‘তোৰ মনৰ কথা মই বুজি পাইছো বৎস’— জটাধাৰীয়ে ক’লে— ‘আৰু সেই কথাটোকেই মই ইমানপৰে ইহঁতক কৈ আছিলো। এফালৰ পৰা চাবলৈ গ’লে এই জগত, জগতৰ বাসিন্দা, সকলোবোৰেই ভূত। তেনেস্থলত আমি সকলো একে। এসময়ত মানুহবোৰেও সাম্য-মৈত্ৰীৰ কথা বৰকৈ কৈছিল। এতিয়া তেনেকৈ নকয়। এতিয়া সকলোৱে পুঁজিবাদৰ পুঁজি বনোৱাত মন পুতি লাগিছে।’
ধেৎ, আজি সন্ধিয়া শুই উঠি আন্ধাৰত কাৰ মুখ যে দেখিছিলো!— জঁটাধাৰীৰ কথাৰ মাথামুণ্ড একো নুবুজি দীঘলঠেঙীয়া তিক্ত, বিৰক্ত হৈ উঠিল। ঠাণ্ডা হৈ আহিব ধৰা তাৰ মূৰটো পুনৰ গৰম হৈ আহিল।
‘আপুনি আহিব। সভাত সোমাব দিয়া-নিদিয়াটো মোৰ কাম নহয়। সেয়া চন্তৰীৰ কাম।’ — কথাখিনি কৈ দীঘলঠেঙীয়া আৰু তাত নৰ’ল। এনেকৈ সবৰে লগত কথাৰ মালিহা মাৰি থাকিলে তাৰ দেৰি হৈ যাব। মিটিঙৰ খবৰ কোনোবাই নাপালে দোষটো আকৌ তাৰ ওপৰতেই পৰিব।— হঠাতে দীঘলঠেঙীয়া সময় সচেতন হৈ পৰিল। নিশা দুপৰ হ’বলৈ কিমান সময় আছে চাওঁ বুলি সি ঠেং দুখন দীঘল কৰি কৰি ক্ৰমাৎ ওপৰলৈ উঠি গ’ল। গছ-গছনিবোৰৰ ওপৰৰ পৰা ঘুৰি ঘূৰি আন্ধাৰ আকাশখনত সি তাৰ ঘড়ীটো বিচাৰি ইফালে সিফালে চাবলৈ ধৰিলে। তেনেতে হঠাৎ পশ্চিম আকাশত বগা মেঘৰ আকৃতিৰ দৰে কিবা এটা ঘূৰাঘূৰি কৰি থকা তাৰ চকুত পৰিল। আজি নিশ্চয় মোৰ গ্রহ-নক্ষত্ৰৰ কিবা দোষ ঘটিছে— দীঘলঠেঙীয়াই ভাবিলে। নহ’লে আজিয়েইনো ইমানবোৰ নতুন নতুন কথা, নতুন নতুন দৃশ্য তাৰ চকুত পৰিব লাগেনে?
বস্তুটো ক্রমান্বয়ে কাষ চাপি অহাত দীঘলঠেঙীয়া সতৰ্ক হ’ল। তাৰ ভাব হ’ল বস্তুটো যেন সি ক’ৰবাত দেখিছে। কিন্তু ক’ত দেখিছে? দীঘলঠেঙীয়াই ভৰি এখন দাঙি ভৰিৰ তলুৱা খজুৱাব ধৰিলে। লগে লগে তাৰ কথাটো মনত পৰি গ’ল। এৰা, যখ পণ্ডিতৰ টিভিত এৰাতি সি ইয়াক দেখিছে। ডিজনীয়ে ইয়াক লৈ এনিমেচন ফিল্ম বনাইছে। ইয়াৰ নাম জীনি। ই নিমিষতে বিভিন্ন ৰূপ ল’ব পাৰে। কিন্তু ই আমাৰ ৰাজ্যত কৰিছে কি? গুপ্তচৰগিৰি কৰা নাইতো!
সুযোগ বিচাৰি দীঘলঠেঙীয়া চোপ লৈ অপেক্ষা কৰি থাকিল। আৰু জীনি আহি ওচৰ পাওঁতেই হাইজাম্প এটা মাৰি জীনিৰ ওপৰত জঁপিয়াই পৰিল। এনে অতর্কিত আক্ৰমণৰ বাবে জীনি সাজু নাছিল। দীঘলঠেঙীয়াৰ হাত-ভৰিৰ কেঁকোৰা চেপাৰ মাজত পৰি ছট্ফটাই সি ‘মোক এৰি দিয়া মোক এৰি দিয়া’ বুলি চিঞৰিব ধৰিলে। ‘তোক এৰি দিম’— দীঘল ঠেঙীয়াই ক’লে,
‘কিন্তু তাৰ আগতে তই ক, তই কোন আৰু ইয়াত কি কৰিছ?’
‘মই জীনি, মই মোৰ গৰাকী আলাউদ্দিনক বিচাৰি ফুৰিছোঁ।’
‘কিন্তু তই সীমান্ত পাৰ হলি কেনেকৈ? বাংলাদেশীবোৰৰ দৰেই তোৰ বুদ্ধি নে সীমান্ত ৰখীয়াবোৰে ঘোচ খালে? চাওঁ, তোৰ ভিছা, পাছপৰ্ট চাওঁ।’
‘নাই, মোৰ ভিছা, পাছপ’ৰ্ট নাই। মই বহিৰাগত। মোক ক্ষমা কৰক। মোক এৰি দিয়ক। আপুনি যি কৰিবলৈ কয় মই তাকেই কৰি দিম।’
জীনিৰ আত্মসমর্পণত দীঘলঠেঙীয়া আনন্দিত হ’ল। কিন্তু সমস্যাটো হ’ল তাক এতিয়া কি কৰিবলৈ দিয়া যায়। বুঢ়া ডাঙৰীয়াৰ সভাখনৰ কথা দেশৰ ভূত-প্রেতবোৰক জনাই আহিবলৈ ক’ব পাৰি। কিন্তু আমাৰ দেশৰ ভূত-প্রেতবোৰক সি জানো চিনি পাব? চিনি পালেও তাৰ কথা জানো কোনোবাই বিশ্বাস কৰিব? তেনেতে দীঘলঠেঙীয়াৰ মনত পৰল জীনিয়ে যি কোনো বস্তুৰ ৰূপ ল’ব পাৰে। দীঘলঠেঙীয়াই তাক কেনভাচ কৰিবলৈ ব্যৱহাৰ কৰা মাইক ফিট কৰা গাড়ী এখন হ’বলৈ দিয়াৰ কথা ভাবিলে। কিন্তু গাড়ীখনেৰে ইমান কম সময়ত সিনো অসমখন কেনেকৈ এপাক মাৰিব? তাতে ৰাস্তাবোৰৰো যিহে অৱস্থা! অৱশেষত সি এটা বুদ্ধি পালে। তাৰ কথামতে জীনি মাইক লগোৱা এটা তীব্ৰবেগী চৰাইলৈ ৰূপান্তৰিত হ’ল। চৰাইটোৰ পিঠিত জাপ মাৰি উঠি বহি দীঘলঠেঙীয়াই মাইকত চিঞৰিলে— ‘এটি ঘোষণা। ইয়াৰ দ্বাৰা আন্ধাৰ জগতৰ সমূহ বাসিন্দাকে জনোৱা যায় যে শ্রীল শ্ৰীযুক্ত বুঢ়া ডাঙৰীয়াদেৱে আজি দোভাগ নিশা এখন জৰুৰী সাধাৰণ সভা আহ্বান কৰিছে। উক্ত সভালৈ সকলোকে সাদৰে আমন্ত্রণ জনোৱা হ’ল। সভাৰ স্থান বৃক্ষ প্রাসাদৰ সন্মুখৰ চৰণীয়া পথাৰ।’
কাম সমাধা কৰি জীনিক মাল্টি নেছনেল কোম্পানীৰ পানীয়ৰে আপ্যায়িত কৰি আকাশমাৰ্গতে বিদায় দি দীঘলঠেঙীয়া যেতিয়া সভাস্থলী আহি পালেহি তেতিয়া সভাৰ কাম আৰম্ভ হৈছিলেই। ভৰিৰ পৰা মূৰলৈ শুধু বগা জোতা, পেণ্ট-ছাৰ্ট-টাই আৰু টুপী পিন্ধি মাইক্ৰ’ফ’নটো সন্মুখত লৈ বুঢ়া ডাঙৰীয়াই কৈ আছিল— ‘মই জানো, আচম্বিতে এই সভা আহ্বান কৰাত আপোনালোক আচৰিত হৈছে। মই ইয়াকো জানো ৰাতিৰ পাছত ৰাতি আপোনালোকৰ অৱস্থা বেয়াৰ পৰা অধিক বেয়া হৈ পৰিছে। কিন্তু ধৈর্য ধৰক, চকু ছাঁট মৰা অসহ্যকৰ, অস্বস্তিকৰ দিনৰ পাছত শান্ত-সমাহিত সুখকৰ ৰাতিও আহে। আৰু আজি ৰাতিয়েই আপোনালোকে এক সুখ সংবাদ শুনিবলৈ পাব।’
বুঢ়া ডাঙৰীয়াৰ কথা শুনি বিশাল পথাৰত গোট খোৱা ভূতবোৰে সমস্বৰে হৈ হৈ কৰি উৎফুল্লিত হৈ পৰিল।
‘ৰ’ব’, বুঢ়া ডাঙৰীয়াই হাত দাঙি ক’লে— ‘তাৰ আগতে অলপ প্রাসংগিক কথা কৈ লওঁ। আপোনালোক সকলোৱে জানে আমি মানুহৰ মানস সন্তান। কিন্তু জন্ম দিয়াৰ পাছত তেওঁলোকৰ আমাক চাবলৈ সময় নোহোৱা হ’ল। গতিকে আমি একেটা ৰূপত, একেটা অৱস্থাতে থাকি গ’লো। এইটো অতি দুখৰ বিষয় যে আমাক কদৰ্য ৰূপ প্ৰদান কৰি তেওঁলোকে নিজৰ কদৰ্য মনৰেই যে পৰিচয় দিলে সেই কথা তেওঁলোকে আজিকোপতি বুজি নাপালে।- আপোনালোকে জানে, আগতে আমাৰ থকা ঠাইৰ অভাৱ একেবাৰেই নাছিল, কিন্তু বাৰী-হাবি-বন সকলো এফালৰ পৰা উছন কৰি এতিয়া মানুহে আমাক তাৰ পৰাও বঞ্চিত কৰিব খুজিছে। আমাক গালি পাৰি, আমাক শাওপাত দি বহুতে আকৌ আমাৰ নাম লৈয়েই গাড়ী-বাৰী-ঘৰ কৰিছে। মই জানো, মানুহৰ বিৰুদ্ধে আমাৰ বহুতৰে বহু ক্ষোভ, বহু অভিযোগ আছে। সেইবোৰ প্ৰকাশ কৰি, মানুহৰ বিৰুদ্ধাচৰণ কৰি, আমি আমাক মানুহৰ পৰ্যায়লৈ অৱনমিত নকৰোঁ। কিন্তু আপোনালোকক কৈ থওঁ, সকলো মানুহ বেয়া নহয়। আৰু এতিয়া আমি আন্তৰিকভাৱে ভূতৰ কথা চিন্তা কৰা, ভূতক বিশ্বাস কৰা এনে এজন ভূততুল্য মানুহ পাইছোঁ যে মই নিশ্চিত, ভূতৰ উন্নতি হ’বই হ’ব। এই কথাটোকে ক’বলৈ মই এই সভাখন আহ্বান কৰিছোঁ। আৰু আপোনালোক আটায়ে যদি সন্মতি দিয়ে, তেন্তে মই তেওঁক আমাৰ সর্বোচ্চ সন্মান ভূত-ৰত্ন উপাধিৰে সন্মানিত কৰিব খোজোঁ।
‘অ অ দিব লাগে। আমাৰ আপত্তি নাই। আমি আমাৰ উন্নতি হোৱাটো বিচাৰোঁ।’ ভূতবোৰে চিঞৰ-বাখৰ কৰি ক’বলৈ ধৰিলে।
‘ৰব।’— হঠাতে এটা গলগলীয়া মাত সকলোবোৰ চিঞৰ-বাখৰ তল পেলাই ওপৰলৈ উঠি আহিল। আটায়ে ঘূৰি বক্তাজনলৈ চালে। তেওঁ আন কোনো নহয়, পিশাচবোৰক ভূত পুৰাণ ব্যাখ্যা কৰা সেই জঁটাধাৰীজন।
‘আপুনি যে মানুহ এজনক ভূত-ৰত্ন উপাধি দিব খুজিছে, তেওঁনো ভূতবোৰৰ বাবে কৰিলে কি? সেয়া আমি জানিব খোজো। ইয়াত থকা সকলোৱে জানিব খোজে।’
‘এৰা, সজ কথাকেই কৈছে।’ জঁটাধাৰীৰ কথা শুনি ভূতবোৰে নিজৰ ভিতৰতে কোৱা-কুই কৰিবলৈ ধৰিলে। বুঢ়া ডাঙৰীয়াই জটাধাৰীৰ মুখলৈ তীক্ষ্ণ চকুৰে কিছু সময় চাই তেওঁৰ কাষতে বহা ধন্বন্তৰি প্ৰেতকুমাৰ আৰু যখপণ্ডিতৰ সৈতে কিবা আলোচনা কৰিলে।
‘আপোনাক আমাৰ সমাজত আগতে দেখা মনত নপৰে।’— যখপণ্ডিতে থিয় হৈ ক’লে। ‘আপুনি বাৰু আমাক আপোনাৰ চিনাকিটো দিবনে?
‘মূৰত জঁটা থকা বাবে পিশাচবোৰে মোক জঁটাধাৰী বুলি মাতে। মই আচলতে আপোনালোকৰ সমাজৰ নহওঁ, মই মানুহহে।’ জঁটাধাৰীৰ কথা শুনি ভয়তে ভূতবোৰে থৰহৰি কঁপিবলৈ ধৰিলে। কেইজনমান জঁপিয়াই উঠি পলাবলৈ উদ্যত হ’ল।
‘ৰ’ব, আপোনালোকে ভয় নাখাব।’— জঁটাধাৰীয়ে ক’লে। ‘আপোনালোকে মানুহক ভয় কৰা বুলি জানিলে মানুহে আপোনালোকক হাঁহিব। আপোনালোক বহক আৰু শান্তিৰে মোৰ কথা শুনক। কথাটো হ’ল ভূতে মানুহৰ ৰূপ লৈ মানুহৰ সমাজত বাস কৰে বুলি মানুহৰ এটা ধাৰণা আছে। অলপতে এনে কাহিনীৰ এখন হিন্দী চিনেমাও চালো। কেইদিনমান আগতে অসমৰ গল্পকাৰ এজনে মোৰ মূৰত প্ৰশ্ন এটা ভৰাই দিলে। মানুহৰ দেহত ভূত লম্ভিব পাৰে, কিন্তু ভূতৰ দেহত মানুহ লম্ভিব নোৱাৰে কিয়? এই নোৱৰা কথাটোৱে মানুহক ভূততকৈ দুর্বল বা সৰু কৰি তোলা নাইনে? আচলতে এই কথাটো পৰীক্ষা কৰি চাবলৈহে মই আপোনালোকৰ মাজলৈ আহিলো। আপোনালোকে মোক ভয় কৰিব নালাগে। আমাৰ সমাজত ভূতে মানুহৰ অপকাৰ কৰা বুলি কেতিয়াও কাৰো মুখত শুনা নাই। আৰু এই কাৰণেই বোধহয় ভূতে কেতিয়াও মণি-ৰত্নৰ আঙঠি পিন্ধিব লগীয়া হোৱা নাই। বাৰু, বাদ দিয়ক এইবোৰ কথা। আচল কথালৈ আহক। যিজন মানুহক আপোনালোকে ভূত-ৰত্ন সন্মানেৰে বিভূষিত কৰিব খুজিছে, তেওঁৰ বিষয়ে কওঁক । মই ভাবোঁ ইয়াত উপস্থিত থকা সকলোৱে তেওঁৰ বিষয়ে জানিব বিচাৰিব। কি কয় আপোনালোকে?’
‘হয়, হয়, আমি জানিব বিচাৰোঁ।’— জঁটাধাৰীৰ পৰা কোনো ভয় নাই বুলি জানিব পাৰি ভূতবোৰে তেওঁৰ কথাত হয়ভৰ দিলে। এইবাৰ সকলোৰে চকু থমকি ৰ’ল বুঢ়া ডাঙৰীয়াৰ গহীন-গম্ভীৰ মুখত।
‘কেইদিনমান আগতে ৰাজধানীৰ গাতে লগা উজান বজাৰ নামৰ ঠাই এখনত ভূতৰ উপদ্ৰৱ হোৱা বুলি বাতৰি কাকতত লিখালিখি হৈছিল।— বুঢ়া ডাঙৰীয়াই ক’বলৈ ধৰিলে। ‘ভূতে তাত কাৰো অনিষ্ট কৰা নাছিল যদিও শিল, ইটা, বটল আদি দলিওৱা বুলি অভিযোগ উঠিছিল। দ্বিধাগ্রস্ত মানুহবোৰৰ কিছুমানে ভূত আৰু কিছুমানে মানুহৰ কাম বুলি কোৱা-কুই কৰিছিল। পুলিচ প্রশাসনেও ঘটনাৰ কাৰণ বিচাৰি পোৱা নাছিল। তেনেতে প্ৰশাসনীয় বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ মন্ত্ৰী এজন তাত উপস্থিত হৈ ঘোষণা কৰিলে যে এয়া নিসন্দেহে ভূতৰ কাম আৰু তেওঁ ভূতক বিশ্বাস কৰে। কথাটো আপোনালোকে গভীৰভাৱে চিন্তা কৰি চাওক। চোৰ-ডকাইত-উগ্ৰপন্থী আৰু ৰাজনীতিবিদবোৰৰ বাবে ৰাজধানী চহৰত ভূতে কোনো দিনে জাগা কৰিব পৰা নাই। কিন্তু এইবাৰ কথাটো বেলেগ। উচ্চ পৰ্যায়ৰ মন্ত্ৰী এজনেই ভূতৰ অস্তিত্ব স্বীকাৰ কৰি ভূতপূজা কৰিবলৈ বেজ এজন নিয়োগ কৰিছে। ই ভূতৰ মান-সন্মান বৃদ্ধি কৰিছে। গতিকে আমি মন্ত্ৰীজনক ভূত-ৰত্ন সন্মানেৰে বিভূষিত কৰাৰ কথা ভাবিছোঁ। ইয়াত কাৰোবাৰ কিবা আপত্তি আছে নেকি?’
‘নাই নাই, আমাৰ আপত্তি নাই। ভূত-ৰত্নৰ সৈতে এওঁক ভূত-হিতৈষী, ভূতবন্ধু, ভূতশ্রী আদি সন্মানো দিব লাগে।’— ভূতবিলাকৰ চিঞৰ-বাখৰৰ মাজতে জঁটাধাৰী পুনৰ থিয় হ’ল। ‘ৰ’বচোন, ৰ’ব’,— জঁটাধাৰীয়ে ক’বলৈ ধৰিলে— ‘সেই শিল, ইটা, বটল দলিওৱা ভূতটো বা ভূতবোৰ কোন আছিল, আপোনালোকে বাৰু খা-খবৰ কৰিছেনে? তেওঁলোক বাৰু ইয়াত আমাৰ মাজত আছেনে?’
জঁটাধাৰীৰ কথা শুনি ভূতবোৰে ইজনে সিজনৰ মুখলৈ প্রশ্নবোধক দৃষ্টিৰে চাবলৈ ধৰিলে।— ‘নাই ভাই, মই নহয়।’, ‘ময়ো নহয়।’, ‘ইস্। চহৰৰ সেই হৈ-হুলস্থূলৰ মাজলৈ গৈ মৰিবি নেকি?’, ‘নাই নাই, বাঘ-সাপতকৈও মানুহ ভয়ংকৰ। তেওঁলোকৰ মাজলৈ যাব নোৱাৰি।’, ‘হাবি-জংঘলতেই শান্তিৰে থাকিব নোৱৰা হৈছোঁ, চহৰলৈ যাবি কেনেকৈ?’— ভূতবোৰে নিজৰ ভিতৰতে কথা পাতি থকা অৱস্থাতে ক’ৰবাত কাউৰী এজনীয়ে কা কা কৈ চিঞৰি উঠিল। লগে লগে ভূতবোৰ জাঁপ মাৰি বহাৰ পৰা উঠিল। পোহৰ হোৱাৰ আগতেই নিজৰ নিজৰ ঠাইলৈ ঘূৰি যাব লাগিব।
‘শুনক শুনক’— সকলোৰে দৃষ্টি আকৰ্ষণ কৰি বুঢ়া ডাঙৰীয়া খন্তেক ৰ’ল, তাৰ পাছত ক’বলৈ ধৰিলে— ‘শিল, ইটা, যিয়েই নদলিয়াওক কিয় সি ভূতৰ স্বাৰ্থ, ভূতৰ মাহাত্ম্য প্ৰচাৰ কৰাত সহায় কৰিছে। এনে ভূত বা ভূত-মানুহ আমাক আৰু লাগে। এই সভাতে মই এটা কথা আপোনালোকক স্পষ্টকৈ জনাব খুজিছোঁ। এই পৃথিৱীত মানুহ তেওঁলোকৰ চিন্তা আৰু কৰ্মৰ দ্বাৰাই বাচিব বা মৰিব। কিন্তু আপোনালোক নিশ্চিত থাকক, পৃথিৱীত মানুহ থকালৈকে, মানুহৰ চিন্তা-ভাৱনাত ঈশ্বৰ থকালৈকে ভূত থাকিব। ভূতক কোনোৱে মাৰিব নোৱাৰে। ভূত অজৰ, ভূত অমৰ। আহক, সভা ভংগ কৰাৰ আগতে আমি সকলোৱে মিলি ভূতধ্বনি কৰোঁহক— জয় ভূত বোলা, জয় প্রেত বোলা, জয় ভূত-ৰত্ন বোলা!…
❧ | অধিক গল্প: