এতেকে

এতেকে
  • 08 Aug, 2022

মূল (ওড়িয়া): ক্ষীৰোদ বিহাৰী বিশ্বাল
অনুবাদ: নৱকুমাৰ মিশ্ৰ

জি নৈখনত পানী অলপ বঢ়া যেন লাগিছে। কালি সেই ঠাইত তিনিটা শিল দেখা গৈছিল, আজি কেনেকৈ দুটা হ’ল? বোধকৰোঁ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নাইবা কোনোবাই তাৰ পৰা এটা শিল লৈ যাবও পাৰে। এতিয়া এচাম মানুহে নিজৰ ঘৰৰ চৌহদতে এনেদৰে পাহাৰ-নিজৰা সাজে। সেয়ে বাটে-ঘাটে পচন্দৰ বস্তু পালে তেওঁলোকে সেইবোৰ ঘৰলৈ বুটলি লৈ আহে।

কিন্তু ইমান ডাঙৰ শিল এটা কঢ়িয়াই নিয়াটো জানো সহজ কথা? ওচৰলৈ গ’লে হয়তো আচল কথাটো জানিব পৰা যাব। এতিয়া প্ৰশ্ন এটা উঠিব পাৰে— শিলটো তাতে থাকিলেই বা মোৰ কি লাভ নাইবা নাথাকিলেই বা মোৰ লোকচানটো কি?

গণিতৰ ‘এতেকে’ৰ ৰূপত থকা সেই শিল তিনিচটা দেখিলে সেই ছোৱালীজনীৰ ওঁঠৰ তলত ‘এতেকে’ৰ ৰূপত থকা তিলকেইটালৈ মোৰ মনত পৰে। বচ, কথা সিমানেই।

অৱশ্যে মই এই কথাও নাজানো, ছোৱালীজনীৰ ওঁঠৰ তলত থকা সেই তিলকেইটা সঁচা নে মিছা! আচল নহ’বও পাৰে। কিজানি প্ৰতিদিনে তাই মেকআপৰ পাছত ক’লা কুমকুমেৰে আঁকি লয় সেই তিনিটা বিন্দু।

তেনেহ’লে তাইক কোনে বাৰু ক’লে যে ওঁঠৰ তলত সেই তিলকেইটা থাকিলে তাইক ভাল শুৱায় বুলি? তাইৰ মাকে? নহয়, মাকৰ কথা আজিকালি কোনে শুনে! হয়তো তাইৰ এজন প্ৰেমিক আছে, হয়তো তেৱেঁই…।

যদি তাইৰ প্ৰেমিক এজন আছেই, মই তাইৰ কথা কিয় ভাবিবলৈ লৈছোঁ? অৱশ্যে সম্প্ৰতি মোৰ কোনো ব্যস্ততা নাই। নৈৰ পাৰত অকলশৰীয়াকৈ বহি কিবা নহয় কিবা কথাতো ভাবিবই লাগিব। শিলৰ কথাই হওক, নৈৰ কথাই হওক, নীৰ বা নাৰীৰ কথাই হওক।

নাৰীৰ কথা ভবাত এটা বেচ মজা থাকে। লাগিলে সেই নাৰীক তুমি দেখিলা বা নেদেখিলা, চিনিলা বা নিচিনিলা বা পৰিচিত অথবা অপৰিচিত যিয়েই নহওক। সঁচা কথা ক’বলৈ গ’লে অপৰিচিত সুন্দৰী নাৰীৰ কথা ভাবি টাইম পাছ কৰিবলৈ আৰু ভাল।

মোৰ এই চহৰলৈ আহিবৰ প্ৰায় এবছৰেই হ’ল। প্ৰিয় বন্ধু বুলিবলৈ এই চহৰখনত মোৰ কোনো নাই। আহিয়েই মই যাৰ সৈতে একেলগে থাকিবলৈ লৈছিলো, তেওঁৰ সৈতে সম্পৰ্ক এটা গঢ়ি উঠিছিল যদিও তেওঁ বদলি হৈ যোৱাৰ পাছত মই পুনৰ অকলশৰীয়া হৈ পৰিলো।
পুৱাৰ ভাগটো জিমত পাৰ হৈ যায়। দিনটো অফিচত। সন্ধিয়া নৈৰ পাৰে মোক আকৰ্ষণ কৰে। আগতে মই বহুত কম আহিছিলো, এই ধৰক, সপ্তাহত এবাৰ বা দুবাৰ। কিন্তু যেতিয়াই সেই গাভৰুজনীক প্ৰতিদিনে অহা দেখিলো, ময়ো এক দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰিলো।

এতিয়া মই প্ৰতিদিনে নৈৰ পাৰলৈ আহিবলৈ ইচ্ছা কৰোঁ। সেয়ে সন্ধিয়া পাঁচ বজাৰ আগতে অফিচৰ কামখিনি সামৰিবলৈ চেষ্টা কৰোঁ। নৈৰ পাৰত মোৰ উপস্থিত হোৱাৰ নিৰ্ধাৰিত সময় গধূলি পাঁচটা ত্ৰিশ। তাইৰ কিন্তু কোনো নিৰ্ধাৰিত সময় নাই।

তাইক এবাৰ দেখা পোৱাৰ ইচ্ছাৰে মই নৈৰ ঘাটত অপেক্ষা কৰি থাকোঁ। তাইৰ জানো মোৰ মুখদৰ্শনৰ কিবা ইচ্ছা আছে যে তাই মোৰ সময়ৰ লগত সময় মিলাই আহি উপস্থিত হ’ব?

মোৰ বহাৰ নিৰ্দিষ্ট ঠাইখিনি হ’ল নৈখনৰ পাৰৰ বৰগছজোপাৰ তলত থকা ঘূৰণীয়া পকী ভেটিটো। তাই বহে ঘাটৰ পকী খটখটীটোৰ তৃতীয় চিৰিটোৰ সেই মসৃণ ৰঙা পাথৰটোত। মই তাইৰ পৰা দহ ফুট পিছফালে পঞ্চল্লিশ ডিগ্ৰী কোণত অৱস্থান কৰোঁ। এই কোণৰ পৰা মই তাইৰ পিছফালটো আৰু পেটৰ এফাল দেখিবলৈ পাওঁ। মই নিজকে ভদ্ৰ আৰু মাৰ্জিত বুলি দেখুৱাবলৈ হাতত সদায় এখন ইংৰাজী আলোচনী লৈ আহোঁ। এখন ভৰিৰ ওপৰত আনখন ভৰি তুলি মই আলোচনীখন পঢ়াৰ ভংগীমাত অহৰহ তাইক নিৰীক্ষণ কৰোঁ।

পঞ্চল্লিশ ডিগ্ৰী কোণৰ এই অৱস্থানটোৰ এটা সুবিধা হ’ল, তাই পিছলৈ উভতি চাব বিচাৰিলে মই সতৰ্ক হ’বলৈ সময় পাওঁ। যাৰ ফলত তাই ভাবে যে মই সঁচাকৈয়ে আলোচনীখন পঢ়ি আছোঁ। অৱশ্যে পিছফালে কাৰোবাৰ পদধ্বনি শুনিলেহে তাই উভতি চায়। অন্যথা তাই প্ৰতি মুহূৰ্ততে মোবাইলত কিবা টাইপ কৰি থাকে।

এই মোবাইলে ছোৱালীবোৰক নষ্ট কৰি পেলাইছে। তাইৰ সেই মোবাইলটোৰ ওপৰত মোৰ ক্ষোভ বাঢ়ি আহে। হাতত মোবাইলটো নথকা হ’লে তাই হয়তো নদী আৰু নৌকাৰ সৌন্দৰ্য উপভোগ কৰিলেহেঁতেন, প্ৰৱাহিত জলধাৰাত মসৃণ হাতখন তিয়ালেহেঁতেন বা নদীৰ পানীত মাছৰ নাচোন দেখি হাঁহিলেহেঁতেন বা মাটিত পৰি থকা বৰগছৰ পাতবোৰ এখিলা এখিলাকৈ পানীত উটুৱাই দি অনিৰ্বচনীয় সুখ অনুভৱ কৰিলেহেঁতেন। এনেকুৱাও হ’ব পাৰে, পাত উটুওৱাৰ পাছত তাইৰ হয়তো কাগজৰ নাও সাজি পানীত উটুৱাই দিয়াৰ তীব্ৰ বাসনা এটাই উক দি বুকুৰ পৰা মূৰলৈ উজাই গ’লহেঁতেন।

ওহো, আইঐ…,— মই চিঞৰিলো আৰু ভৰিখন জোৰেৰে মাটিত মাৰিলো। তাইৰ চকুৰ চাৱনি দেখি মই বুজিলো, মোৰ কি হ’ল তাই জানিব বিচাৰিছে। মই বেঙা হাঁহি এটা মাৰি ক’লো— ‘কাঠপোকে কামুৰিছে’। তাই বোধহয় মোৰ পৰা এই উত্তৰ আশা কৰা নাছিল। তাই এবাৰ মোৰ মুখখনলৈ দৃষ্টি নিক্ষেপ কৰি পুনৰ মোবাইলত ব্যস্ত হৈ পৰিল।

হায়! কি বুৰ্বক মানুহ মই। কাঠপোক বুলি নকৈ সাপে কামুৰিলে বুলি কোৱাহেঁতেন তাই নিশ্চিতভাৱে মোৰ ওচৰলৈ আহিলহেঁতেন। মোক তাইৰ স্কুটিখনত তুলি হস্পিতাললৈ লৈ গ’লহেঁতেন। তাই স্কুটি চলালেহেঁতেন আৰু পিছফালে মই বিষ উঠাৰ ভাও ধৰি তাইৰ কান্ধত মোৰ মূৰটো গুজি দিলোহেঁতেন। কেনে মজা হ’লহেঁতেন! নহয়নে?
অৱশ্যে তাইৰ স্কুটি আছে নে নাই মই নাজানো, কিন্তু কল্পনাৰ জানো কিবা সীমা থকা উচিত? হয়তো মই কল্পনা কৰিব পাৰোঁ যে তাই মোক কান্ধত ধৰি হস্পিতাললৈ লৈ গৈ আছে। কিন্তু তেনে ভাৱনাই মোৰ শাৰীৰিক উত্তেজনা বৃদ্ধি কৰিব পাৰে, যিটো ৰাজহুৱা স্থানৰ বাবে উচিত নহয়।

…এনেতে তাইৰ জোতাৰ শব্দ। আৰে, তাই দেখোন যাবলৈ উদ্যত হৈছে! ‘মেডাম, তোমাৰ ব্ৰাছডাল ৰৈ গ’ল।’— মই পিছফালৰ পৰা চিঞৰিলো। তাই পিছলৈ ঘূৰি চালে। তাৰ পাছত তাই মোলৈ আৰু মই হাতেৰে দেখুওৱা ঠাইত পৰি থকা টুথ ব্ৰাছডালৰ ফালে চালে আৰু হাতৰ ইংগিতেৰে জনাই দিলে যে সেই ব্ৰাছডাল তাইৰ নহয়।

হাঃ হাঃ, মই জানো নাজানো যে সেই টুথ ব্ৰাছডাল তাইৰ নহয়! পুৱা নিত্যকৰ্মৰ সময়ত কোনোবাই হয়তো ক্ষীয়মান টুথ ব্ৰাছডাল ইয়াত পেলাই থৈ গৈছিল। সেই ব্ৰাছডালৰ বাহানাৰে তাইৰ সৈতে কথা পাতিবৰ বাবে মই সেইডাল তাই অহাৰ আগতে তাইৰ নিৰ্দিষ্ট ঠাইখিনিত থৈ আহিছিলো। যিয়েই নহওক, প্লেনিঙে কাম দিলে। তাইৰ সৈতে কথা নহ’ল যদিও তাই মোৰ ফালে চালে, হাঁহিলে। প্ৰেমৰ আৰম্ভণিতো এনেদৰেই হয়।

মই নাজানো তাই কোন, ক’ত থাকে, কি কৰে। কিয় তাই সন্ধিয়া নৈৰ পাৰলৈ আহে? দুখ পাহৰিবলৈ নে আন কিবা কাৰণত? মই একো নাজানো।

সিদিনা মোৰ অফিচৰ পৰা আহোঁতে অলপ পলম হ’ল। মনতে ভাৱ হ’ল, আজি কিজানি তাই আহি উভতি গ’ল। গৈ আৰু একো লাভ নাই। সেয়ে পোনে পোনে ঘৰলৈ উভতি যোৱাই ভাল। অফিচৰ পৰা বাইক ষ্টাৰ্ট দিলো ঘৰ অভিমুখে, কিন্তু বাইকৰ হেণ্ডেলে মোক স্বতঃস্ফূৰ্তভাৱে নদীৰ পাৰ পোৱালেগৈ। মোৰ ক্ষেত্ৰত বহুবাৰ এনে হৈছে, ভাৱপ্ৰৱণতাৰ বাবে মাজে মাজে মই লক্ষ্যস্থান পাহৰি যাওঁ।
নৈৰ পাৰ পাই দেখিলো, তাই বহা ঠাইখিনি উকা হৈ পৰি আছে। উভতিব ধৰোঁতেই মই বহা ঠাইখিনিলৈ চকু গ’ল। আৰে আৰে… হিৰোইনে আজি মোৰ ঠাইখিনি দখল কৰি বহি আছে! মোক দেখি তাই উঠি দিলে। মই ক’লো— ‘নাই নাই, বহা বহা। এই বৰগছজোপাৰ তলৰ এইডোখৰ জানো মোৰ পৈত্ৰিক সম্পত্তি?’

তাই হাঁহি দিলে। মোৰ কথাত নে মোৰ মূৰ্তি দেখি হাঁহিলে, মই নুবুজিলো। আৰু তাই মোৰ কাষেৰে গুচি গ’ল। তাই ডিঙিত আঁৰি থোৱা পৰিচয় পত্ৰখনৰ পৰা নামটো পঢ়ি পেলালো। লোপা বেনাৰ্জী। অ’ বঙালী…, আমি তোমাকে ভালোবাসি! উৰিয়া নাজানে বাবে হয়তো তাই হাঁহি হাঁহি আঁতৰি যায়! মোৰ বিশ্বাস হ’ল, তাই ফঁচিব। মোৰ পঢ়া-শুনা কোলকাতাত। মই কিন্তু খুব ভাল বাংলা জানো।

এদিন বজাৰৰ পানীপুৰিৰ ঠেলা এখনৰ ওচৰত তাইক পুনৰ লগ পাই গ’লো। মোক দেখি তাই হাঁহি দিলে। সেই একেই হাঁহি। হঁহা অৱস্থাত মই তাইৰ সেই ‘এতেকে’ চিহ্নটোলৈ লক্ষ্য কৰোঁ। পাছে তাই ভবা নাইতো মই তাইৰ সন্ধানত ইয়ালৈ আহিছোঁ বুলি? আচলতে তেনেকুৱা একো নহয়। লাগিলে সোধা পানীপুৰিৱালাক, সি ক’ব, মই নিতৌ ইয়ালৈ আহোঁ। এইবোৰ কথা মোৰ মনলৈ আহিল। খাই উঠি তাই পইচা উলিয়ালে। মোৰ মুখৰ পৰা হঠাৎ ওলাই গ’ল— ‘লোপা মেডাম, কেমন আছ?‘

তাই বিস্ময়াভিভূত হৈ মোলৈ চালে। তাতকৈও আশ্বৰ্যচকিত হৈ মোলৈ চাই ৰ’ল পানীপুৰিৱালাজনে। লোপাই নিজৰ ওঁঠ দুটা কিছু পৰিমাণে প্ৰসাৰিত কৰি, চকুৰ দুই পতা অৰ্ধনিমীলিত কৰি আৰু দুয়োটা ভ্ৰু সামান্য কুঞ্চিত কৰি স্মিতহাস্য মুদ্ৰাৰে যেন জনাই দিলে, তাই কুশলে আছে।

লোপা গুছি গ’ল।

পানীপুৰিৱালাই চকুৰ পতা সামান্য তললৈ নি মোক সুধিলে— ‘দাদা, ছোৱালীজনী কোন আপুনি জানেনে?‘
মই এটা পানীপুৰি মুখত ভৰাই পাগুলি পাগুলি উত্তৰ দিলোঁ— ‘তাইৰ বায়েক মোৰ বান্ধৱী আছিল। মই কোলকাতাত পঢ়া কালত সিহঁতৰ ঘৰলৈ কেবাবাৰো গৈছোঁ।‘

পানীপুৰিৱালাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে— ‘মেডাম মাজে মাজে মোৰ দোকানলৈ আহে। মুখেৰে কোনো কথা নকয়। পানীপুৰি এভাগ হাতত তুলি দিলে খায়। আন গ্ৰাহকবোৰৰ দৰে কোনো অভিযোগ নকৰে। ফ্ৰিতে আৰু দুই-এটা নিবিচাৰে। খাই উঠি পইচা দি তাই গুচি যায়।

মই প্ৰথমে কোৱা মিছাখিনিৰ স’তে আৰু অলপ সংযোগ কৰিলো।
‘এৰা, তাই বেচেৰীয়ে তোমাৰ সম্বলপুৰী ভাষাটো নাজানে যে। সেইবাবে তাই তোমাৰ স’তে কথা নাপাতে।‘
সি পুনৰ সুধিলে— ‘তাই বাৰু কি কাম কৰে?‘
তাৰ এই প্ৰশ্নটো শুনি শেষ পানীপুৰিটো যেন মোৰ ডিঙিত লাগি ধৰিলে। বটলৰ পৰা পানী অলপ পি খাই ‘কাইলৈ আহি আছোঁ’ বুলি কৈ তৎমুহূৰ্ততে সেই স্থান পৰিত্যাগ কৰিলো। মই কেনেকৈ জানিম তাই ক’ত চাকৰি কৰে?

সেইদিনাৰ সেই ঘটনাৰ পাছতে চুপেচাপে তাই ক’ৰবালৈ গুচি গ’ল। চাৰি দিন হ’ল, নৈৰ পাৰলৈ তাই অহা নাই। তাই মোক অসৎ লোক বুলি ভাবিলে নেকি? তাইক সিদিনা নাম ধৰি মাতিলো বাবে তাই ভবা নাইতো যে মই তাইক ফলো বা আমনি কৰি থকা বুলি!

যদি মোৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ তাই থানা পায়গৈ? অৱশ্যে তাই মোৰ নাম নাজানে। যদি কেনেবাকৈ মোবাইলেৰে মোৰ ফটো তুলি লৈছে আৰু সেই ফটো দেখুৱাই মোৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে? পুলিচে যদি বিচাৰি বিচাৰি মোৰ ৰুম বা অফিচ ওলায়গৈ, মোৰ মান-সম্ভ্ৰম একো নৰ’বগৈ। সিদিনা তাইৰ আই-কাৰ্ডখনত অফিচৰ নামটো ভালদৰে মন কৰাহেঁতেন, আজি সেই অফিচলৈ গৈ মই যে এজন ভাল মানুহ, তাইক বুজাই থৈ আহিব পাৰিলোঁহেঁতেন!

লোপা বেনাৰ্জী নামটো ফেচবুকত কেবাবাৰো ছাৰ্চ কৰি চালো, কিন্তু তাইৰ সঠিক প্ৰফাইলটো বিচাৰি নাপালো। আজিকালিৰ ছোৱালীবোৰৰ কি কম ষ্টাইল? চুইট লোপা, এঞ্জেল লোপা, লোপা কুইন আদি নামেৰেও ছাৰ্চ কৰি চালো, কিন্তু নাপালো। আৰু ছাৰ্চ নকৰোঁ। কাইলৈ পুলিচে আহি যদি মোৰ ফেচবুক একাউণ্টটো পৰীক্ষা কৰে আৰু এইবোৰ গম পাই যায়, মই বান্ধ খোৱাটো নিশ্চিত হৈ পৰিব।

তাইৰ সন্ধান মই সিমানতে সামৰিছিলো। কিন্তু ইউটিউবত বাংলা চিনেমা চাবলৈ আৰু বাংলা এফ এম শুনিবলৈ কিয় জানো ইমান ভাল লাগিছিল! কোলকাতাত থকাৰ সময়ত জুতি লোৱা খাদ্যৰ ৰেচিপিবোৰ গুগলত ছাৰ্চ কৰি বনাবলৈ বৰ ভাল পাইছিলো।
এদিন মোৰ ফেচবুক বন্ধু দীপকৰ বিয়াৰ গ্ৰুপ ফটো এখনত লোপাৰ ফটো দেখিলো। দীপকক ফোন কৰি জানিব পাৰিলো লোপাই দীপকৰ সৈতে সেই একেটা বেংকতে চাকৰি কৰিছিল। এতিয়া তাই বৰগড় মেইন ব্ৰাঞ্চলৈ বদলি হৈ গৈছে।

ওড়িয়া গল্প

দীপকৰ পৰা লোপাৰ মোবাইল নম্বৰটো বিচাৰিলো। দীপকে ক’লে— ‘তাইৰ সৈতে তই ফোনত কথা হ’ব নোৱাৰিবি, মাথোঁ হোৱাটচএপত চাট কৰিবহে পাৰিবি।’
মই আচৰিত হৈ সুধিলো— ‘কিয়?’
দীপকে ক’লে— ‘তই চাগে নাজান, তাই কথা ক’ব নোৱাৰে। তাই যি কয়, লেখি লেখিহে কয়।’
দীপকৰ কথা শুনি মোৰ চকুৰ সন্মুখত উদ্ভাসিত হৈ উঠিল তাইৰ হাস্যমধুৰ চেহেৰাটো। তাই মুখ ফুটাই কথা কোৱাৰ কোনো দৰকাৰ নাই। লোপাৰ হাঁহিতেই সকলো প্ৰশ্নৰ উত্তৰ প্ৰতিভাত হয়।

নম্বৰ পোৱাৰ পাছত হোৱাটচএপত মেচেজ পঠিয়ালো— ‘কেমন আছ লোপা?’

উত্তৰ হিচাপে তাই পঠিয়াই দিলে ওঠৰ তলত ‘এতেকে’ চিন থকা তাইৰ হাঁহিমুখীয়া এখন ফটো…।

❧ | আৰু পঢ়ক:

ক্ষীৰোদ বিহাৰী বিশ্বাল

ক্ষীৰোদ বিহাৰী বিশ্বাল

ক্ষীৰোদ বিহাৰী বিশ্বাল (৩৫) ওড়িয়া গদ্য সাহিত্যৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভা। তেওঁৰ জন্ম ওড়িশাৰ বালেশ্বৰ জিলাৰ নুৱাপুৰ গাঁৱত। জীৱনৰ প্ৰতিটো ৰঙকে শব্দময় কৰি তোলাত তেওঁ সিদ্ধহস্ত। নিজৰ সমাজখনৰ ঘটনা-অঘটনা, ত্ৰুটি-বিচ্যুতি, প্ৰেম-বিৰহ-প্ৰতাৰণা— এইবোৰেই তেওঁৰ গল্পৰ উপজীব্য। কোনো গধুৰ তত্ত্ব, বাদ, আদৰ্শ কিম্বা বাৰ্তা তেওঁৰ গল্পবোৰত নাথাকে, তাৰ বিপৰীতে তেওঁৰ গল্পবোৰত স্পন্দিত হয় ধূলি ধূসৰিত পৃথিৱীৰ দ্বন্দ্বময়, বিড়ম্বিত সংসাৰৰ ছবি। এতিয়ালৈ তেওঁৰ তিনিখন গল্প সংকলন প্ৰকাশ পাইছে। পেচাত তেওঁ এগৰাকী মেকানিকেল ইঞ্জিনীয়াৰ।

এতেকে | ওড়িয়া গল্প | অনুবাদ: নৱকুমাৰ মিশ্ৰ
Follow Nilacharai on Instagsram