“আ পুনি আক’ কঁঠালবোৰ পানীৰ দামতে দি থৈ নাহিব।”— কলিমন দোকানীৰ পৰা খুজি অনা ঠেলাখনত কঁঠালবোৰ বোজা দি থকা লখাইক ঘৈণীয়েক ৰসেশ্বৰীয়ে পুনৰ সোঁৱৰাই দিলে।
“তই শহুৰৰ জীয়েকে মোক বেপাৰ বুধি শিকাব নালাগে। মোক ইমান হেবাং পাইছ?”— লখাইৰ গেঙেৰিত ৰসেশ্বৰী ভিতৰ সোমালগৈ। লখাইহঁতৰ কঁঠালগছ কেইবাজোপাও। ঘৰত খাই, ওচৰ-চুবুৰীয়াক বিলাই দিয়াৰ পিছতো দেধাৰ কঁঠাল থাকি যায়। কিছুমান গছৰ তলতে সৰি গেলি-পচিও যায়। ৰসেশ্বৰীয়ে পৰহি পানীৰামহঁতৰ ঘৰত ধান বানিবলৈ যাওঁতে পানীৰামৰ ঘৈণীয়েকৰ মুখত শুনিবলৈ পাইছিল— জখলাবন্ধাৰ দেওবৰীয়া হাটত এইবাৰ হেনো একোটা কঁঠাল ত্ৰিশ টকা পর্যন্ত বিক্ৰী হৈছে। সেই মৰ্মেই খাতিৰ কৰি কৰি ৰসেশ্বৰীয়ে আজি গিৰিয়েকক হাটলৈ পঠাইছে। কঁঠালবোৰ এনেয়ে গেলি-পচি যোৱাতকৈ দুশমান টকা পালেও বহুত। আন নহ’লেও অন্ততঃ তেল-নিমখৰ খৰচটোকে ওলাব।
“পইচাই কুলায় যদি মোলৈ গোন্ধ তেলৰ বটল এটাও লৈ আহিব।”
গিৰিয়েকে বাটত খাবলৈ ৰসেশ্বৰীয়ে দমকলৰ পানীৰ ৰং লাগি লাগি মুগা বৰণ লোৱা লখাইৰ কান্ধৰ গামোচাখনৰ এমূৰে কেইখনমান তামোল বান্ধি দিলে। কঁঠাল ভর্তি ঠেলাখন ঠেলি ঠেলি লখাই ঘৰৰ পৰা ওলাই আহিল৷ ঠেলাখনত নগদ একুৰি কঁঠাল।
খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই অহা শাওণ মাহৰ বেলিটো মূৰৰ ওপৰত লৈ লখাই যেতিয়া হাট পালেগৈ, তেতিয়া তাৰ ঘামত গা ধোৱা যেন অৱস্থা। কিন্তু লখাইৰ আজি কপাল বেয়া। বজাৰখনত কঁঠালেৰে দ’ম বান্ধি আছিল৷ তদুপৰি হাটখনৰ ভাল ঠাইবোৰ আন বেপাৰীবোৰে ইতিমধ্যে দখল কৰি লোৱাত লখায়ে আওহতীয়া চুক এটাতে গ্ৰাহকলৈ বুলি অপেক্ষা কৰি থাকিল। তাৰ কাষতে মানুহ এটাই ৰঙালাও লৈ বহিছিল। মানুহটোৰ লগতে চিনাকি হৈ সি মাজে মাজে দুই-চাৰিষাৰ কথাও পাতি থাকিল।
দুখন তামোলৰ শৰাধ কৰাৰ পাছতো লখাইৰ কঁঠালকেইটাৰ প্ৰতি কোনো গ্রাহকেই আকৰ্ষণ নেদেখুওৱাত তাৰ খং উঠিবলৈ ধৰিলে। খংটো গ্ৰাহকৰ ওপৰত নহয়, ঘৈণীয়েকৰ ওপৰতহে। ঘৈণীয়েকৰ কাৰণেই এই টিকা ফটা ৰ’দত আজি সি কষ্ট খাই মৰিব লগা হৈছে। ঘৈণীয়েকৰ ওপৰত তাৰ ইমানেই খং উঠিল যে এই মুহূৰ্তত ঘৈণীয়েকক ওচৰত পোৱাহেঁতেন সি হালোৱা এছাৰি ছিঙি দিলেহেঁতেন।
সেই সময়তে চৈধ্য-পোন্ধৰ বছৰীয়া ল’ৰা এটাই চুচুক-চামাককৈ লখাইৰ ওচৰলৈ আহি সুধিলেহি— “খুৰাই, কঁঠাল কেনেকৈ দিছে?”
“গোটে বিশ টকা বাপু। তুমি নিয়া যদি দুটকামান কমাই দিম বাৰু।”— লখায়ে আথে-বেথে ক’লে। ল’ৰাটোৱে কঁঠালবোৰ পিটিকি-পাটাকি চাই ক’লে— “ইমান সৰু সৰু কঁঠালবোৰৰ ইমান দামনে? এনেকুৱা একোটা কঁঠাল মই অকলেই খাই শেষ কৰিব পাৰিম।” লখাইৰ এনেয়ে খং উঠি আছিল, এতিয়া ল’ৰাটোৰ দাংকোপ মৰা কথা শুনি তাৰ খঙে একেবাৰে মূৰৰ চুলিৰ আগ পালেগৈ। ই বেটাই এমোনীয়া টেকেলীটো সমান কঁঠাল একোটাক সৰু বুলি কয়?
“হেৰা বাপু, ইমান ফিতাহি মৰা কথা নক’বাহে! তোমাৰ নিচিনা নাৰপেটীয়া, ওঁঠ চেপিলে গাখীৰ ওলোৱা ল’ৰা এটাই এনেকুৱা এটা কঁঠালতো বাদেই, ইয়াৰ চাৰিভাগৰ এভাগো খাব নোৱাৰিবা।”— লখায়ে খাৰাংখাচকৈ কৈ দিলে। গ্রাহকক এনেকৈ কথা কোৱাটো যে যুগুত নহয়, সেই কথা তাৰ মনলৈ নাহিল।
“বাজি মাৰিব?”— ল’ৰাটোৱেও ফেপেৰি পাতি ধৰিলে ৷
“অঁ, মাৰিম।”
“বাজিত জিকিলে মোক কি দিব?”
“এই গোটেই কঁঠালখিনি তোমাক মাফতেই দি দিম। কিন্তু হাৰিলে তুমি মোক কি দিবা?”
“আপুনি কোৱা দামতেই গোটেইবোৰ কঁঠাল কিনি নিম।”
লখাইৰ কাষৰ ৰঙালাও বেপাৰীটোক সাক্ষী ৰাখি ল’ৰাটোৱে কাষৰ তামোল-পাণৰ দোকানী এটাৰ পৰা কটাৰী এখন খুজি আনি প্ৰকাণ্ড কঁঠাল এটা ফালি পেলালে আৰু এফুটা–দুফুটাকৈ গিলিবলৈ ধৰিলে। লখায়ে চকুৰ পচাৰ নমৰাকৈ ল’ৰাটোলৈ চাই থাকিল। ৰং চাবলৈ আন দুই-চাৰিটা মানুহো সেইখিনিত গোট খালেহি।
কঁঠালটোৰ আধামান শেষ হোৱাৰ পাছতে ল’ৰাটোৱে ক’লে— “মোৰ বৰকৈ পেচাব কৰিব লাগিছে। বাকীখিনি পেচাব কৰি আহি খামহি।”
“যদি ঘূৰি নাহা?”— ল’ৰাটোৱে বাজিত হৰাৰ উপক্ৰম কৰি পলাব খুজিছে বুলি ভাবি লখায়ে প্রশ্ন কৰিলে।
“নিশ্চয় আহিম। বিশ্বাস নকৰে যদি মোৰ এই ঘড়ীটো এওঁৰ হাতত থৈ গৈছোঁ।”— ল’ৰাটোৱে পিন্ধি থকা হাতঘড়ীটো ৰঙালাও বেপাৰীটোৰ হাতত দি গুচি গ’ল। কিছু সময়ৰ পাছত ল’ৰাটো ঘূৰি আহিল আৰু বাকী থকা কঁঠালখিনি খাই শেষ কৰি পেলালে।
লখাই বাজিত হাৰিল। বাজিৰ চুক্তিমতে সি গোটেইবোৰ কঁঠাল ল’ৰাটোক বিনা পইচাত দি দিব লগা হ’ল৷ ল’ৰাটোৱে লখাইৰ চকুৰ আগতে পাইকাৰী বেপাৰীক কঁঠালবোৰ গোটে দহ টকাকৈ বিক্ৰী কৰি মুঠ এশ নব্বৈ টকা লৈ গুচি গ’ল। হাটলৈ শেনটো হৈ যোৱা লখাই ফেঁচাটো হৈ ঘৰ পালেহি।
লখাইৰ মুখৰ পৰা আদ্যোপান্ত শুনাৰ পাছত ৰসেশ্বৰী মূৰে-কপালে হাত দি বহি পৰিল৷ হে ঈশ্বৰ! ইমানডাল কঁঠাল অকলে খাব পৰা ল’ৰাটোৰ পেটটো নিশ্চয় বকাসুৰৰ পেটেই হ’ব লাগিব৷ সেই সময়তে গৰু-পঘাৰ কাৰণে মৰাপাট বিচাৰি লখাইহঁতৰ ঘৰলৈ কানু মণ্ডল সোমাই আহিল। কথাবোৰ শুনাৰ পাছত সি গহীন কণ্ঠেৰে ক’লে— “তই বৰ ঠগ খালি অ’ লখাই।”
“ঠগ খালো? কেনেকৈ?”— লখাইৰ চকু দুটা অমৰাগুটীয়া হৈ গ’ল।
“তোৰ কঁঠাল খোৱা ল’ৰা এটা নহয়, দুটা। ল’ৰা দুটা কেনকেনীয়া চুকৰ সোমেশ্বৰ বায়েনৰ যঁজা ল’ৰা ৷ দুয়োটা দেখাই-শুনাই, মাতে-কথাই হুবহু একে। সিহঁতে পোছাকপাটিও পিন্ধে একে ৰঙৰ। পেচাব কৰিবলৈ গৈ ঘূৰি অহাটো আছিল দ্বিতীয়টো। দুটা ল’ৰাই এটা কঁঠাল ভগাই খোৱাটো একো ডাঙৰ কথা নহয় দেচোন৷ সিহঁত দুটাই হোনো এনেকৈ য’তে-ত’তে মানুহক ঠগি থাকে। সিদিনা কুঁৱৰীটোলৰ মঙলবৰীয়া হাটতো কলবেপাৰী এটাৰ লগত বাজি মাৰি এগাল কল সৰকালে ৷ মোৰ যোৱা মাহত বিয়া দিয়া সৰুজনী খুলশালী আক’ কেনকেনীয়া চুকতে পৰিছে। পৰহি খুলশালীজনীৰ ঘৰত নিমন্ত্ৰণ এটা খাবলৈ গৈহে কথাবোৰ গম পাই আহিলো…।”
কানু মণ্ডলৰ মুখৰ পৰা গোমৰ ফাঁকটো ওলাই পৰাত ৰসেশ্বৰীয়ে “মোৰ বেঙা মানুহটো পাই এনেকৈ ঠগিব লাগেনে” বুলি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে৷ ইতিমধ্যে কানু মণ্ডলে কথাবোৰ কৈ থাকোঁতেই লখাইৰ মুখখন শ্রীকৃষ্ণই যশোদাক বিশ্বব্রহ্মাণ্ড দেখুৱাবলৈ মেলা মুখখনৰ দৰে মেল খাই গৈছিল। তাৰ মেলা মুখখনেদি যে মাখি এটা সোমাই পেট পালেগৈ লখায়ে গমেই নাপালে।
| পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড
অংকন: দোকমোকালি গোস্বামী (৮ বছৰ)