জামুগুৰিহাটত শিশু নাটক ‘তেজীমলা’ আৰু ‘জোনাকী মন’ৰ সফল মঞ্চায়ন

জামুগুৰিহাটত শিশু নাটক ‘তেজীমলা’ আৰু ‘জোনাকী মন’ৰ সফল মঞ্চায়ন
  • 30 Jul, 2022

সম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জামুগুৰিহাটৰ ‘আখৰা’ৰ সৌজন্যত জামুগুৰিহাটত অনুষ্ঠিত এমহীয়া শিশু নাটক কৰ্মশালাৰ সামৰণি পৰে যোৱা ২৮ জুলাইৰ সন্ধিয়া দুখনকৈ শিশুনাট ‘জোনাকী মন’ আৰু ‘তেজীমলা’ৰ সফল মঞ্চায়নৰ জৰিয়তে৷ বিগত ১৯৯২ চনতে জামুগুৰিহাটৰ কেইগৰাকীমান স্বনামধন্য নাট্যকৰ্মীৰ প্ৰয়াসত জন্মলাভ কৰা আখৰা নাট্যগোষ্ঠীয়ে জন্মলগ্নৰে পৰা প্ৰতি বছৰে বিভিন্ন নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰে অসমৰ নাট্যক্ষেত্ৰত এক বলিষ্ঠ খোজ দি অহাৰ লগতে বিগত তিনিটা দশকত বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ পৰা চামে চামে বহুসংখ্যক মানবিশিষ্ট নাট্যকৰ্মী, অভিনেতা-অভিনেত্ৰীৰ সৃষ্টি কৰি আহিছে৷

অসমৰ নাট্যক্ষেত্ৰৰ এগৰাকী স্বনামধন্য পুৰোধা, নাট্যকাৰ-পৰিচালক, কবি ৰফিকুল হোছেইনৰ পৰিচালনাত ইতিপূৰ্বে ‘ধোৱা’, ‘দৈৱকী’, ‘ঈশ্বৰ আৰু এজন চোৰ’, ‘দ্ৰৌপদীৰ পৰিয়াল’, ‘অমৰত্বৰ সপোন’, ‘তন্দুৰী চিকেন’, ‘উজীৰ মঙলা’ আদি ভালেসংখ্যক নাট প্ৰযোজনাৰে আখৰাই অসমৰ নাট্যক্ষেত্ৰত সুকীয়া চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ৰূপালী জয়ন্তী বৰ্ষৰ এই শুভ লগনত এইবেলি আখৰাই অঞ্চলটোৰ উঠি অহা চামৰ প্ৰায় অৰ্ধ শতাধিক শিশু-কিশোৰক গ্ৰীষ্মবন্ধৰ এমাহত নাটকৰ আদিপাঠ প্ৰদান কৰি পৰিৱেশন কৰালে দুখন শিশু নাটক৷ জামুগুৰিহাটৰ বাপুজী ভৱনত মঞ্চায়ন কৰা নাট্যসন্ধ্যাটিত প্ৰেক্ষাগৃহপূৰ্ণ দৰ্শকৰ সন্মুখত চাৰি বছৰৰ পৰা চৈধ্য-পোন্ধৰ বছৰীয়া এই কণ কণ শিশুসকলৰ যি সাৱলীল অভিনয়, সেয়া সঁচাই প্ৰশংসনীয়৷ সমাজৰ ভৱিষ্যৎ কৰ্ণধাৰস্বৰূপ শিশুসকলক নাট্যকলা সম্পৰ্কে যথাযথভাৱে শিকাই-বুজাই নাট দুখন সুন্দৰভাৱে মঞ্চায়ন কৰাৰ ক্ষেত্ৰত পৰিচালক সুদক্ষ অভিনেতা, নাট্যকৰ্মী ৰঞ্জন কুমাৰ দাসে নিশ্চিতভাৱে সফলতা দাবী কৰিব পাৰে৷

জামুগুৰিহাটত শিশু নাটক

নাট্যকাৰ ননী মজুমদাৰৰ শিশু নাটক ‘জোনাকী মন’ত প্ৰতিফলিত হৈছে প্ৰকৃতিৰ ওপৰত কৰা মানুহৰ অত্যাচাৰ তথা প্ৰকৃতি সুৰক্ষাৰ প্ৰতি দায়ৱদ্ধতা৷ বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ ফলত কিদৰে আকাশৰ জোন, বেলি, তৰাবোৰ শংকিত হৈ পৰিছে, ইয়াৰ সমান্তৰালকৈ মানুহে কিদৰে প্ৰকৃতিক বিভিন্ন ধৰণে অত্যাচাৰ কৰি প্ৰকৃতি, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটিলৈ অশনি সংকেত মাতি আনিছে, সেয়াই নাটখনৰ বিভিন্ন চৰিত্ৰৰ অভিনয়ৰ মাজেদি প্ৰকাশিত হৈ উঠিছে৷ নাটখনৰ অভিনয় সম্পন্ন হৈছে ১২টি চৰিত্ৰৰ মাধ্যমেৰে৷ নাটখনৰ অভিনয় শিল্পীসকল হৈছে— কল্পান্ত দাস, তৰা ভূঞা, হিমাংশু দাস, দৃষ্টিদিশা দাস, অণুৰঞ্জন শর্মা, অভিলাসা বৰা, কুনাল নিৰোলা, লোহিতাক্ষ্য ভৰদ্বাজ, গীতাৰ্থ শ‍ইকীয়া, অন্তৰীপ বৰুৱা, জিজ্ঞাস প্ৰতীম কলিতা আৰু কুনালজিৎ বৰঠাকুৰ৷ আটাইকেইটি শিশুৱেই নিজৰ নিজৰ চৰিত্ৰসমূহ উপস্থাপন কৰাত সফল হৈছে৷ সংলাপ প্ৰক্ষেপণ আটাইৰে সাৱলীল হৈছে৷

জামুগুৰিহাটত শিশু নাটক তেজীমলা

নাট্যসন্ধ্যাটিৰ আনখন নাট সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি ‘তেজীমলা’ৰ নাট্যৰূপ৷ তেজীমলা অসমীয়া জনজীৱনত দকৈ সাঁচ বহুওৱা এটা নজহা-নপমা সাধুকথা৷ তেজীমলাৰ দুখৰ কাহিনী প্ৰতিগৰাকী অসমীয়াৰ অন্তৰত মচ খাব নোৱৰাকৈ শিপাই আছে৷ পৰিচালকে নিজস্ব শৈলীৰে সাধুকথাৰ ৰূপতে নাটখন মঞ্চলৈ আনিছে৷ পাহৰণিৰ অটল গহ্বৰত হেৰাই যোৱা ‘ককা আৰু নাতিল’ৰা একেলগে বহি/ সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি’— এই কালজয়ী কবিতাফাঁকিৰ আলমতেই যেন ককা-আইতাকক আৱৰি ধৰি নাতি-নাতিনীহঁতে সাধুকথা শুনাৰ যি পৰম্পৰা আছিল, সেই পৰম্পৰাৰে নাটকখনৰ উপস্থাপন কৰা হৈছে। যথাৰ্থতে পৰিচালকৰ এই চিন্তাধাৰাই নাটকখনত অভিনয় কৰা আজিৰ প্ৰজন্মৰ শিশুসকলক আৰু দৰ্শকৰ আসনত বহা শিশুসকলকো এটা সময়ত আমাৰ গ্ৰাম্য জীৱনৰ সমাজ ব্যৱস্থাত ককাক-আইতাকে সাধুকথা কোৱাৰ মাজেদি কেনেকৈ নাতি-নাতিনীসকলক নীতিশিক্ষা প্ৰদান কৰিছিল, তাৰে এক বাস্তৱ শিক্ষা প্ৰদান কৰাত সফলকাম হৈছে বুলি ক’ব পাৰি৷ তদুপৰি সাউদৰ ঘৰ, ঢেঁকী, জৰাগছ, লাউগছ আদিকো চৰিত্ৰ হিচাপে অভিনয় শিল্পীসকলৰ দ্বাৰা উপস্থাপন কৰোৱাই নাটকখনক অন্য মাত্ৰা প্ৰদান কৰিলে৷

জামুগুৰিহাটত শিশু নাটক জোনাকী মন

‘তেজীমলা’ নাটখনৰ অভিনয় সম্পন্ন হৈছে ১৮টি চৰিত্ৰৰ মাধ্যমৰে৷ তেজীমলা চৰিত্ৰটিত আকাংক্ষাদৃষ্টি ভূঞা আৰু মাহীমাকৰ চৰিত্ৰত কুঁৱলি দাসে সাৱলীল অভিনয়ৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিশ্ৰুতি বহন কৰিছে বুলি ক’ব পাৰি৷ সাউদৰ চৰিত্ৰত ব্লেজ বৰা, সখীৰ চৰিত্ৰত শৰণ্যা সাগৰ হাজৰিকা আৰু আইতাৰ চৰিত্ৰত যাচিকা বৰা সফল হৈছে৷ মগনীয়াৰ চৰিত্ৰত লীনা দাস, গৰখীয়াৰ চৰিত্ৰত নিহাৰজ্যোতি বৰদলৈ, বৰ্ণম বৰা, ভাস্কৰজ্যোতি বৰুৱা, তনভিৰ কিশোৰ বৰাই সুন্দৰ অভিনয় কৰিছে৷ অন্যান্য চৰিত্ৰসমূহত আদ্রিকা শ‍ইকীয়া, মনদ্বীপ বৰুৱা, শিৱাঙ্গম দাস, ঈস্পিতা ওজা, প্রিয়াংকু কলিতা, নন্দিতা দাস আৰু মনশ্রীতা কাশ্যপ বৰুৱা, লহৰজ্যোতি ভূঞা, দিশা বৰা, অভিলাসা বৰা, ৰিক্ষিতা দেৱী, নিহাৰজ্যোতি বৰদলৈ আৰু ভাস্কৰজ্যোতি বৰুৱাই পৰিচালকৰ নিৰ্দেশ পালন কৰি নিজস্ব প্ৰতিভাৰে নাটকখন সফল হোৱাত অৰিহণা যোগালে৷

দুয়োখন শিশু নাটকৰে নাটকৰে সংগীত সজ্জাত অভিজিৎ বৰা, পোহৰ আৰু শব্দত প্ৰাঞ্জল বৰ্মন, ৰূপসজ্জাৰ দায়িত্বত আছিল জ্যোতিপ্ৰসাদ শইকীয়া, নয়ন কাকতি, মনজ্যোতি হাজৰিকা, পল্লৱিতা হাজৰিকা, ৰীতা শইকীয়া আৰু পাপৰি বৰুৱা৷

জামুগুৰিহাটত শিশু নাটক জোনাকী মন

সুদক্ষ অভিনেতা, পৰিচালক ৰঞ্জন কুমাৰ দাসে আহি থকা দিনবোৰত দক্ষতাৰে আৰু অধিক সুন্দৰ আৰু সফল নাট উপহাৰৰে অসমৰ নাটকৰ ক্ষেত্ৰখনত উজলি উঠিব বুলি আশা কৰিছোঁ। ৰূপালী জয়ন্তীৰ আলোকেৰে উদ্ভাষিত আখৰাইও বিগত দিনসমূহৰ লেখিয়াকৈ অনাগত দিনবোৰতো আৰু অধিক সফল নাট্য প্ৰযোজনাৰে অসমৰ নাট্য পৰিমণ্ডলটিক সমৃদ্ধ কৰি তুলিব বুলি আশা ৰাখিছোঁ।

❧ | আৰু পঢ়ক:

জামুগুৰিহাটত শিশু নাটক ‘তেজীমলা’ আৰু ‘জোনাকী মন’ৰ সফল মঞ্চায়ন | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Instagsram