সাং স্কৃতিক ঐতিহ্য আৰু নব্য চিন্তা-চেতনাৰে সমৃদ্ধ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বিগত শতিকাৰ আঠৰ দশকতে অঞ্চলটোৰ এচাম নাট্যানুৰাগী যুৱক-যুৱতীৰ আশাশুধীয়া ত্যাগ আৰু প্ৰয়াসত গঢ় লৈ উঠা ‘সুন্দৰম’ৰ জীৱন কালটোত চকু ফুৰালে অসমৰ নাট্যক্ষেত্ৰখনত এই অনুষ্ঠানৰ অৰিহণা যে নিচেই কম নহয়, সেইটো স্পষ্ট হৈ পৰে। এই নাট্যানুষ্ঠানটিৰ মজিয়াতে বহুজন নাট্যসাধকে নিৰালস্যভাৱে নাটক তথা কলা-সংস্কৃতিৰ সাধনা কৰি অসমৰ সাংস্কৃতিক জগতখন চহকী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে। জন্মলগ্নৰে পৰা নিয়মিত নাট্যচৰ্চাৰে প্ৰায় প্ৰতি বৰ্ষতে একোখনকৈ নাট মঞ্চস্থ কৰাৰ লগতে কেইবাটিও নাট-কৰ্মশালা অনুষ্ঠিত কৰি এই নাট্যানুষ্ঠানটিয়ে অসমৰ নাট্য আন্দোলনৰ প্ৰগতিত এক সবল ভূমিকা আগবঢ়াইছে।
নাট্যযাত্ৰাৰ স্বৰ্ণিল গৌৰৱেৰে গৌৰৱান্বিত সুন্দৰমে যোৱা ১৮ নৱেম্বৰ (২০২৩)ৰ সন্ধিয়া জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত নিৱেদন কৰে সাম্প্ৰতিক অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ-পৰিচালক, চলচ্চিত্ৰ অভিনেতা ৰাজীৱ বৰঠাকুৰৰ ৰচনা তথা পৰিচালনাত এখনি সামাজিক নাটক— ‘মহাত্মাৰ আত্মা’। সঁচা অৰ্থতে অঞ্চলটোৰ এচাম নবীন-প্ৰৱীণ নাট্যশিল্পীৰ অপূৰ্ব অভিনয় তথা আৱহসংগীত, ৰূপসজ্জা আৰু দৃশ্যসজ্জাৰ সুন্দৰ ব্যৱহাৰেৰে ৰাজীৱ বৰঠাকুৰে উপহাৰ দিলে এখন সৰ্বাংগসুন্দৰ সফল নাটক। এটি সাধাৰণ অথচ অতি স্পৰ্শকাতৰ সাম্প্ৰতিক বিষয়ৰ আধাৰত নিৰ্মিত এই নাটখনে দৰ্শকক এক ইতিবাচক চিন্তাৰ খোৰাক যোগালে বুলি একাষাৰে ক’ব পাৰি। সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ কেতবোৰ ছবি কলাত্মকভাৱে অতি সাহসেৰে নাটখনৰ কাহিনী অংশৰ মাজেৰে অতি নিখুঁতভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিছে নাট্যকাৰ-পৰিচালক ৰাজীৱ বৰঠাকুৰে।
‘মহাত্মাৰ আত্মা’ নাটখনৰ কাহিনী অংশ নিৰ্মিত হৈছে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শক শিৰোগত কৰি আগুৱাই যোৱা এগৰাকী সৰল মনৰ হৰিজন সম্প্ৰদায়ৰ ব্যক্তি আৰু তেওঁৰ দ্বাৰা লালিত-পালিত এজনী ছোৱালীৰ জীৱনচৰ্যাৰ মাজেৰে।
এটি এৰাপৰলীয়া ৰে’ল ষ্টেচনৰ কাষত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা বাঘা বাল্মীকি এগৰাকী হৰিজন সম্প্ৰদায়ৰ মানুহ। মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট বাঘাৰ সততা আৰু ব্যক্তিত্বক সৰ্বসাধাৰণৰ লগতে পুলিচ তথা প্ৰশাসনেও সন্মান কৰে। যাৰ বাবে এৰাপৰলীয়া যদিও বাঘাই বসবাস কৰা ৰে’ল ষ্টেচনৰ সেই ঠাইত একো বেয়া কাম বা অসামাজিক কাম নহয় বুলি সকলোৱে বিশ্বাস কৰে, ফলত কেতিয়াও তালৈ পুলিচ নাহে। ইফালে, চহৰৰ আন ঠাইত ড্ৰাগছকে ধৰি বিভিন্ন অপকৰ্ম বাঢ়ি অহাত আৰু সেইবোৰ ৰোধ কৰিবলৈ পুলিচ তথা প্ৰশাসনৰ কাঢ়া নজৰ পৰাত ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত দীপাংকৰ আৰু বিকি নামৰ দুগৰাকী যুৱক বাঘাৰ পালিতা কন্যা দেৱীৰ চিনাকি সূত্ৰে বাঘাৰ ঘৰত পুলিচৰ ভয়ত প্ৰায়ে আত্মগোপন কৰেহি।
ইফালে নতুনকৈ অহা আৰক্ষী অধীক্ষকজনৰ সবল নেতৃত্বত পুলিচে এজন এজনকৈ ড্ৰাগছ মাফিয়া চক্ৰৰ সৈতে জড়িত সকলো যুৱককে আটক কৰে। দীপাংকৰ আৰু বিকিক বিচাৰি পুলিচ বাঘাৰ ঘৰ পায়হি। নতুনকৈ অহা অ’চিজনে বাঘাকো থানালৈ নিব বিচাৰে যদিও ডিএছপিৰ তৎপৰতাত বাঘা ৰক্ষা পৰে। বাঘাই এই কথাত অত্যন্ত লাজ পায়, তেওঁৰ আত্মসন্মানত আঘাত পৰে। সেই সময়তে বাঘাৰ সৈতে দেৱীৰ সম্পৰ্ক, কিদৰে এদিন পানীকেঁচুৱা অৱস্থাতে তাইক ডাষ্টবিনৰ জাবৰৰ মাজত পাই বুটলি আনি বাঘাই তুলি-তালি ডাঙৰ কৰিছে, সকলো সত্য উন্মোচিত হয়।
ইফালে নাটকখনত আজিৰ সমাজখনৰ ভকতৰূপী এচাম লোকৰ মুখাৰ আঁৰৰ মুখবোৰ, সেইচাম মানুহৰ কাৰণে কিদৰে আমাৰ সমাজখন ক্ৰমাৎ বেয়া দিশলৈ ধাৱমান হৈছে, সেয়াও কৌতুকধৰ্মিতাৰে উপস্থাপন কৰাত নাট্যকাৰে সফলতা অৰ্জন কৰিছে। অন্যফালে এগৰাকী কন্যাহাৰা উকীল পিতৃৰ কৰুণ কাহিনী আৰু এজন সৰল যুৱকৰ সত্য-শুদ্ধভাৱে কাৰোবালৈ বুলি সাঁচি ৰখা প্ৰেমৰ ব্যৰ্থতাও উপকাহিনীৰ ৰূপত সুন্দৰভাৱে প্ৰকাশ পাইছে।
গান্ধীবাদী বাঘাই সদায় সপোন দেখিছিল, এদিন এৰাপৰলীয়া ষ্টেচনটোলৈ এখন ৰে’ল আহিব। সমাজখনত দেখা দিয়া অন্যায়-অপকৰ্মবোৰ ৰুধিবলৈ পুনৰ গান্ধীজীৰ আৱিৰ্ভাৱ হ’ব, সমাজখন আকৌ সুন্দৰ হ’ব, নিকা হ’ব। সত্যৰ জয় হ’ব। নাটকখনৰ শেষৰ ফালে ড্ৰাগছ মাফিয়াৰ সৈতে জড়িতসকল সৎ পথলৈ অহা, বাঘাহঁতৰ এৰাপৰা ষ্টেচনটোলৈ ৰে’লগাড়ী অহা আৰু নাটখনৰ শেষৰ দৃশ্যত গান্ধীজীৰ আত্মাৰ আৱিৰ্ভাৱৰ জৰিয়তে এক ইতিবাচক চিন্তাৰ অৱকাশেৰে নাটখনৰ সামৰণি মৰা হৈছে।
নাটখনৰ অভিনয় সম্পন্ন হৈছে সোতৰটা মূল চৰিত্ৰ, দহটা পাৰ্শ্ব চৰিত্ৰৰ অভিনয়ৰ মাধ্যমেৰে। গঠনগত দিশৰ পৰা নাটকখনত আটাইকেইগৰাকী অভিনেতাই নিজ নিজ দায়িত্ব সম্পৰ্কে সচেতন আৰু সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিছে বুলিব পাৰি। নাটকখনৰ মুখ্য চৰিত্ৰ বাঘাৰ চৰিত্ৰত প্ৰতিষ্ঠিত অভিনেতা নৱ বৰাই সাৱলীল অভিনয় কৰিছে। ভূঞাৰ চৰিত্ৰত বলিষ্ঠ অভিনেতা মনোজ গায়ন আৰু কন্যাহাৰা উকীল পিতৃ গজেনৰ চৰিত্ৰত অঞ্জন বৰাৰ অভিনয় সফল হৈছে বুলিব পাৰি। দীপাংকৰৰ চৰিত্ৰত যুৱ অভিনেতা কৌশিক শইকীয়া সফল হোৱাৰ বিপৰীতে দোকানী অপুৰ চৰিত্ৰ ৰূপায়ণ কৰা জান তামুলীয়ে অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰিছে।
মূল নাৰী চৰিত্ৰ দেৱীৰ ভূমিকাত মিমলী বৰুৱাই সুন্দৰ অভিনয়েৰে ভৱিষ্যতে এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী হোৱাৰ ইংগিত বহন কৰিছে। উকীলৰ কন্যাৰ প্ৰেতাত্মা আৰু সুৰভিৰ চৰিত্ৰ দুটি সুন্দৰ ৰূপত ফুটাই তোলাত নৱাগতা অভিনেত্ৰী দৃষ্টিশিখা বৰঠাকুৰ আৰু দীপশিখা শইকীয়াই সফলতা দাবী কৰিব পাৰে। তেনেদৰে মিনতিৰ চৰিত্ৰত ৰীতা শইকীয়া, ডিএছপিৰ চৰিত্ৰত প্ৰদ্যুন্ম হাজৰিকা, গান্ধীৰ চৰিত্ৰত হেমন্ত হাজৰিকা, বিকিৰ চৰিত্ৰত অভিজিৎ বৰা, অ’চিৰ চৰিত্ৰত প্ৰৱীণ অভিনেতা ৰবীন ভূঞা, সাংবাদিকৰ চৰিত্ৰত নৱদ্বীপ ভূঞা আৰু বজ্ৰ মাষ্টৰৰ চৰিত্ৰত দীপেন শৰ্মাই সফলভাৱেই নিজৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।
ব্যৰ্থ প্ৰেমিক বোলেনৰ চৰিত্ৰত সত্যৰঞ্জন বৰাৰ অভিনয় দৰ্শকে বহুদিনলৈ মনত ৰাখিব। ভণ্ড ভকত জিংকুৰ চৰিত্ৰত বিকাশ বৰাৰ অভিনয়ে দৰ্শকক বিমল হাস্যৰস প্ৰদান কৰিলে। একেদৰে পাৰ্শ্ব চৰিত্ৰসমূহত গজেন শইকীয়া, হেমন্ত শইকীয়া, অনুৰাগ দাস, উদ্দীপন বৰা, প্ৰতীকনন্দন বৰা, কৃষি শৰ্মা, সত্যজিৎ দাস, মনজিৎ শইকীয়া, গুঞ্জন দাস আৰু পাপু বৰ্মনে পৰিচালকৰ নিৰ্দেশ মানি সুন্দৰ অভিনয়েৰে নিজৰ প্ৰতিভা প্ৰকাশ কৰাত সফল হৈছে বুলি ক’ব পাৰি।
নাটকখনৰ মুখ্য সহকাৰী পৰিচালক তথা ৰূপসজ্জাকৰ আছিল মনজ্যোতি হাজৰিকা। আৱহ সংগীত শোভিত ৰঞ্জন বৰাৰ। পোহৰসজ্জাত ৰঞ্জন ওজাই পৰিচালকৰ নিৰ্দেশ নিখুঁতভাৱে পালন কৰি নাটখন সামগ্ৰিকভাৱে সফল হোৱাত অৰিহণা যোগালে। অৱশ্যে এটা বিষয় উল্লেখ কৰিব লাগিব যে শব্দৰ কিছু বিজুতিয়ে মাজে মাজে নাটকখনৰ গতিত কিছু হেঙাৰৰ সৃষ্টি কৰিছিল। তদুপৰি দুই-এটা চৰিত্ৰৰ অভিনয়ৰ ভাৰসাম্যহীনতা আৰু অভিনয়ৰ মাজত সংলাপ পাহৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত এই খুঁটি-নাতি আঁতৰ হ’ব বুলি আমাৰ বিশ্বাস।
সুদক্ষ নাট্যকাৰ-পৰিচালক ৰাজীৱ বৰঠাকুৰে নিজস্ব চিন্তা আৰু পৰিচালকীয় দৃষ্টিকোণেৰে মঞ্চত নিটোল ৰূপত নাটকখন উপস্থাপন কৰিবলৈ যে সাধ্যানুযায়ী চেষ্টাৰ ত্ৰুটি কৰা নাই, সেইটো স্পষ্ট হৈ পৰিছে। গ্ৰাম্যাঞ্চলৰ সীমিত সা-সুবিধা আৰু নাটকখনৰ সীমিত পৰিসৰৰ ভিতৰত সমাজৰ কেবাটাও বিষয় সাহসৰে উপস্থাপন কৰাৰ লগতে এক বৃহৎ নাট্যদলৰ পৰিশীলিত টীমৱৰ্ক আৰু সাৱলীল উপস্থাপনো নাটখনিৰ সফলতাৰ অন্য এক কাৰক। আমি আশা কৰোঁ, নাটখন অনাগত সময়ত কেৱল জামুগুৰিহাটতে নহয়, সমগ্ৰ অসমৰ প্ৰতি অঞ্চলতে মঞ্চায়ন হওক। নাটকখনৰ মাজেৰে সমাজৰ যিবোৰ বিষয় উপস্থাপিত হৈছে, সেয়া আজিৰ প্ৰেক্ষাপটত অতিকে প্ৰাসংগিক। পৰিশেষত আশা কৰিছোঁ, নাট্যশিল্পী ৰাজীৱ বৰঠাকুৰ আৰু নাট্যচৰ্চাৰ স্বকীয় গৌৰৱৰে মহীয়ান জামুগুৰিহাটৰ সুন্দৰমে ভৱিষ্যতলৈ আৰু সফল তথা শক্তিশালী নাটক প্ৰযোজনাৰে অসমীয়া নাট্য আন্দোলনক গতি দিবলৈ সক্ষম হ’ব।
❧ | আৰু পঢ়ক:
- ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ: দহখন মননশীল নাটকে মুহিলে দুলীয়াজানবাসীক
- জামুগুৰিহাটত আখৰাৰ ৰূপালী জয়ন্তী নাট সমাৰোহ
- গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান
- পাপৰি মেধিৰ অন্তৰংগ এণ্টিগনি
- গল্পকথা: পুৰণিগুদামত গল্প আৰু সংগীতৰ যুগলবন্দীৰে ব্যতিক্ৰমী অনুষ্ঠান
Follow Nilacharai on Facebook