ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ: দহখন মননশীল নাটকে মুহিলে দুলীয়াজানবাসীক
- 17 Jan, 2023
অ সমৰ অপেছাদাৰী নাট্যক্ষেত্ৰৰ এটি অগ্ৰণী নাট্যানুষ্ঠান হিচাপে ডিব্ৰুগড় জিলাৰ দুলীয়াজানত ২০০২ বৰ্ষতে প্ৰতিষ্ঠিত ‘পথাৰ’ৰ এক স্বকীয় আসন আছে। তৈল-নগৰী দুলীয়াজানৰ কল-কব্জাময় ব্যস্ততা বা জীৱন-জীৱিকাৰ পৰা অলপ আঁতৰি জীৱনটোক এক নান্দনিক দৃষ্টিৰে চোৱাৰ পৰিপ্ৰেক্ষিততে ২০০২ চনত কেইজনমান উদ্যোগী সংস্কৃতিপ্ৰেমী ব্যক্তিৰ প্ৰচেষ্টাত জন্ম হৈছিল নগৰখনৰ অন্যতম সামাজিক-সাংস্কৃতিক কৰ্ষণ-ভূমি পথাৰ নামৰ নাট্যানুষ্ঠানটোৰ। পথাৰ নামটোতেই নিহিত হৈ আছে আজন্মৰ সৃষ্টিৰ সপোন। পথাৰৰ লক্ষ্যই হৈছে মানুহ, সমাজ আৰু সংস্কৃতিৰ প্ৰগাঢ় আত্মীয়তাৰ বন্ধনেৰে দেশ, জাতি, সমাজ আৰু মানুহৰ সামজিক আৰু সাংস্কৃতিক দিশৰ উৎকৰ্ষ সাধন কৰা। পথাৰ-এ বিশ্বাস কৰে যে যি সংস্কৃতিয়ে মাটি আৰু মানুহৰ কেঁচা ঘামৰ গোন্ধ আৰু পথাৰৰ বোকা-পানীৰ সংস্পৰ্শ লাভ কৰিব নোৱাৰে, সেই সংস্কৃতিয়ে সমাজ আৰু মানুহৰ উমাল বুকুৰ নিবিড় সান্নিধ্যৰ পৰাও বঞ্চিত হয়। প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠানটিয়ে নাটকৰ পৰিৱেশ্য দিশটোৰ সমান্তৰালভাৱে তাৰ বিদ্যায়তনিক দিশসমূহৰো কৰ্ষণ-চৰ্চা কৰি আহিছে। নাট্য পৰিৱেশনৰ দিশত পথাৰ-এ নিৰৱচ্ছিন্ন আৰু সচেতনভাৱে যি গৱেষণাধৰ্মী চৰ্চা-উপস্থাপন কৰি আহিছে, তাৰে এক উৎকৃষ্ট ফচল হৈছে— পথাৰ প্ৰদীপ্ত বঁটা আৰু দুলীয়াজান নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা। অসমৰ নাট্য জগতখনলৈ বিশিষ্ট বৰঙণিৰে জাতীয় নাট্য ভঁৰাল টনকিয়াল কৰি অহাসকলক পথাৰ-এ বিগত সময়ত পথাৰ প্ৰদীপ্ত বঁটাৰ জৰিয়তে যথাযোগ্য সন্মান প্ৰদৰ্শন কৰি আহিছে। তাৰ সমান্তৰালভাৱে বিগত সময়ছোৱাত দুলীয়াজান আৰু ডিব্ৰুগড়ৰ লগতে তাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পথাৰ-এ যি নাট্য জাগৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা হৈছে নাট্য অনুশীলনৰ এই আনুষ্ঠানিক শিক্ষা কেন্দ্ৰ— দুলীয়াজান নাট্য বিদ্যালয়। পথাৰে ইতিমধ্যে দুলীয়াজানৰ সমান্তৰালভাৱে ডিব্ৰুগড় আৰু গুৱাহাটীতো একোটিকৈ শাখা স্থাপন কৰি সেই দুটি শাখাৰ জৰিয়তেও নাট্যচৰ্চা অব্যাহত ৰাখিছে।
জন্মলগ্নৰে পৰা বিগত একুৰি বছৰত ভালেসংখ্যক নাটক, অংকীয়া নাট, বাটৰ নাট আদি সফল মঞ্চায়নৰ লগতে কেবাখনো গুৰুত্বপূৰ্ণ নাট্য বিষয়ক গ্ৰন্থৰ প্ৰকাশেৰে অসমৰ নাট্যক্ষেত্ৰখনলৈ প্ৰভুত অৰিহণা আগবঢ়াই অহা এই নাট্য অনুষ্ঠানটিয়ে ২০০৪ বৰ্ষৰ পৰা অসমৰ স্বনামধন্য সাহিত্যিক, নাট্যকাৰ, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সোঁৱৰণত দুলীয়াজানত প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে নাট সমাৰোহ। এইবেলি (২০২৩) যোৱা ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ষষ্ঠদশ বাৰ্ষিক ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ। অসমৰ ভালেকেইটা অগ্ৰণী নাট্যদলৰ লগতে নতুন দিল্লী আৰু চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ একোটিকৈ নাট্যদলে অংশ লোৱা এই ৰাষ্ট্ৰীয় নাট সমাৰোহত চাৰিদিনত প্ৰদৰ্শিত হয় সৰ্বমুঠ দহখন মননশীল নাটক।
৯ জানুৱাৰী তাৰিখে গধূলি সমাৰোহৰ আৰম্ভণিতে অসমৰ প্ৰথিতযশা নাট পৰিচালক, নাট্যকাৰ, অভিনেত্ৰী, সু চিকিৎসক ডাঃ জাহানাৰা বেগমলৈ প্ৰদান কৰা হয় পথাৰ প্ৰদীপ্ত বঁটা। তাৰ পাছতেই প্ৰথম নিশাৰ প্ৰথমখনি নাট নতুন দিল্লীৰ পঞ্চকৌচী নাট্যদলে প্ৰদৰ্শন কৰে বিশ্ববিখ্যাত আমেৰিকান নাট্যকাৰ এডৱাৰ্ড এলবিৰ ‘দ্যা জু ষ্টৰী’। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক উৎপল ঝাৰ পৰিচালনাৰে পৰিৱেশিত এই এবচাৰ্ড নাটকখনিত সাৱলীল অভিনয়ৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে পৰাগ শৰ্মা আৰু সুমন বৈদ্যই। নাটখনিৰ অভিযোজনা গাৰ্গী ভৰদ্বাজৰ। নাটখনিত আদিৰ পৰা অন্তলৈকে চৰিত্ৰ মাথোঁ দুটি যদিও দুয়োটা চৰিত্ৰৰে অভিনয়, সংলাপ প্ৰক্ষেপন, শাৰীৰিক প্ৰকাশভংগী আদিয়ে নাটখনি সফল হোৱাত সহায় কৰা বুলি ক’ব পাৰি। কাৰিকৰী দিশ, পোহৰ, মঞ্চসজ্জা আদিতো পৰিচালকে সফলতা দাবী কৰিব পাৰে। ইয়াৰ পাছতে দ্বিতীয়খনি নাট নিবেদন কৰে নেপালৰ শিল্পী থিয়েটাৰ গ্ৰুপৰ শিল্পীসকলে— ‘দ্য জাৰ্ণি অৱ স্ন’ ইন আৰ্থ’। নাটখনিৰ পৰিচালনা ঘিমিৰে যুৱৰাজ আৰু আমজাদ প্ৰাৱেজৰ। নাটকখনৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে সুন্দৰ অভিনয়েৰে সফলতা দাবী কৰিব পাৰে। নাটকখনৰ সৱাতোকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল মঞ্চ ব্যৱহাৰৰ নাটকীয় কৌশল। নাটকীয় পৰিৱেশ সৃষ্টিত এনে ধৰণৰ মঞ্চ ব্যৱহাৰৰ কৌশলে নাটখনিত এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে।
সমাৰোহৰ দ্বিতীয় নিশাৰ প্ৰথমখনি নাট মঞ্চায়ন কৰে সোণাপুৰৰ দেংৰালি ক্ৰিয়েটৰ্চ হাবৰ শিল্পীসকলে। প্ৰতিষ্ঠিত নাট পৰিচালক মণিমালা দাসৰ পৰিচালনাৰে মঞ্চস্থ হোৱা ‘মাহিকা’ শীৰ্ষক নাটখনিৰ মূল বিষয়বস্তু আছিল যুদ্ধ আৰু ইয়াৰ বিভীষিকাময় প্ৰভাৱে কিদৰে মানৱ সভ্যতাত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। প্ৰায়েই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰমাণৰ লিপ্সা ইমানেই তীব্ৰ হৈ পৰে যে তেওঁলোকে একোখন যুদ্ধত লিপ্ত হয় আৰু এই যুদ্ধৰ বৈধতাৰ বাবে তেওঁলোকে সেইবোৰৰ নামকৰণ কৰে এনেদৰে — কোনোৱে ধৰ্ম যুদ্ধ, কোনোৱে ন্যায় ৰক্ষাৰ যুদ্ধ আৰু আন কোনোবাই হয়তো দেশ ৰক্ষাৰ যুদ্ধ স্বৰূপে। কিন্তু যুদ্ধৰ নামকৰণ যিয়ে নহওক, তাৰ বাবে বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈছে প্ৰকৃতি আৰু সেইসকল সাধাৰণ লোক, যিসকলে নাজানে যুদ্ধৰ কাৰণ। যুদ্ধৰ বাবে নিজৰ সাতামপুৰুষীয়া বাসস্থান ত্যাগ কৰি প্ৰাণৰ মায়াত লাখে লাখে মানুহ ধাৱমাণ হয় লক্ষ্যহীনভাৱে সুৰক্ষিত স্থানৰ সন্ধানত। কিন্তু জীৱশ্ৰেষ্ঠৰ বাবে এয়াও এক পৰিহাস— নিজৰ দেশ, নিজৰ ভেটিতেই যি সুৰক্ষিত নহয়, তেওঁ প্ৰকৃত সুৰক্ষা পাব ক’ত? এনে এটি গুৰুত্বপূৰ্ণ বিষয়ক আধাৰ কৰি ৰচিত নাটকখনিৰ অভিনয় সম্পাদন হৈছিল সাতটা চৰিত্ৰৰ অভিনয়ৰ মাধ্যমৰে। মৃণালী বড়ো, প্ৰীতি তাঁতী, চন্দ্ৰিমা ফুকন, পল্লৱ মেধি, বাদল কাকতি, ধ্ৰুৱজ্যোতি ডেকা আৰু নৱদ্বীপ মেধিয়ে নিজৰ নিজৰ চৰিত্ৰ ৰূপায়ণত সফলতা দাবী কৰিব পাৰে। সামগ্ৰিকভাৱে পোহৰ, দৃশ্যসজ্জা আৰু ৰূপসজ্জাৰ সঠিক ব্যৱহাৰৰে নাটখনি উপস্থাপন কৰাত পৰিচালক মণিমালা দাস সফল হোৱা বুলি ক’ব পাৰি। নাটখনিৰ সংগীতত কিৰণ ডেকা আৰু স্বপ্নীল, কষ্টিউম কল্যাণী দাস বৰা, নীলাক্ষী মেধি আৰু মণিমালা দাস, পোহৰসজ্জাত মণিমালা দাস, প্ৰপাৰ্টিত লালু ৰাহাং, সহযোগী আছিল দেৰহাগ্ৰা দৈমাৰী।
ইয়াৰ পাছতে দুলীয়াজান নাট্য বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী কণ কণ শিশুসকলে নিবেদন কৰে ডলী কোঁৱৰৰ পৰিচালনাৰে এখন শিশুনাট ‘কৌলী ফ্লচ্’। নাটখনিত প্ৰতিগৰাকী শিশু অভিনেতা-অভিনেত্ৰীয়ে সুন্দৰ অভিনয়ৰে দৰ্শকক খোৰাক যোগাবলৈ সক্ষম হয়। নাটখনিৰ বিভিন্ন চৰিত্ৰত পূজা গগৈ, তনশ্ৰী ভূঞা, সুস্মিতা বুঢ়াগোঁহাই, গাৰ্গি, জুপিতৰা, স্নেহানখী, লনী, নিশিল তন্ময়, তুহীন নিশান, অভিজ্ঞান, তানিশ, দেৱাশিস, শান্তনু, কৃষ, প্ৰিষ্ণ, অম্লান, ড্ৰীমলী, মায়াংশি, অন্যন্যা, গ্লৰিনা, দীক্ষা, চমল্যা, অংশীমা, ৰুট্ৰা, নয়নিকা, ধনদীক্ষা, অৰ্চিতা, কস্তুৰী, দীনো, প্ৰজ্ঞা, দেৱীবালা, দিবাকৰ অংগৰাগ আৰু ভাস্বতে নাটখনি সফল কৰি তোলে।
দ্বিতীয় নিশাৰ অন্তিমখন নাটক আছিল লখিমপুৰৰ অভিনৱ থিয়েটাৰৰ শিল্পীসকলে পৰিৱেশন কৰা ‘কড়ৱা চচ্’। বিশিষ্ট নাট্যকাৰ, পৰিচালক দয়ালকৃষ্ণ নাথৰ পৰিচালনাৰে মঞ্চস্থ হোৱা এই নাটখনত এগৰাকী বহুৱা শিল্পীৰ জীৱনৰ কৰুণ গাথা তুলি ধৰা হৈছে। ভাওনা, ৰাস আদিত প্ৰদৰ্শন কৰা এই বহুৱা অসমৰ এক গৰিমাময় লোককলা। ইয়াৰ সৈতে অতীজৰে পৰা জড়িত হৈ আছে সমাজৰ একাংশ শিল্পী। কিন্তু পৰিতাপৰ কথা, দৰ্শকক হাঁহিৰ খোৰাকেৰে উজ্জীৱীত কৰা এইসকল গ্ৰাম্য শিল্পীয়ে পিছে সদায় কান্দি কান্দি জীৱন পাৰ কৰিবলগীয়া হয়। বেছিসংখ্যকে এই শিল্পটোৰ প্ৰতি থকা শ্ৰদ্ধা আৰু নিষ্ঠাৰ বাবেই ন্যূনতম মাননি এটাও নোলোৱাকৈ বিভিন্ন ভাওনাত প্ৰদৰ্শন কৰে নিজৰ প্ৰতিভা, যাৰ ফলত তেওঁলোকে আৰ্থিকভাৱে এক জুৰুলা অৱস্থাত পৰিয়াল পোহপাল দিবলগীয়া হয়। চৰকাৰৰ ফালৰ পৰাও পাবলগীয়া সা-সুবিধা, শিল্পী পেঞ্চন আদিৰ পৰাও বঞ্চিত তেওঁলোক। কেবাবাৰো আবেদন কৰাৰ পাছতো প্ৰাপ্য সন্মানখিনি নাপায় এইসকল বহুৱা শিল্পীয়ে, বৰং তেওঁলোকক নিজৰ ৰাজনৈতিক ন্যস্ত স্বাৰ্থ পূৰণ কৰাৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰে কিছুমান ৰাজনৈতিক নেতাই। এইদৰেই ৰাইজক হঁহুৱাই এক দুৰ্বিসহ জীৱন পাৰ কৰি নিজে কান্দি কান্দি জীৱন পাত কৰা এগৰাকী লোকশিল্পীৰ জীৱনৰ চৰম সত্যক নাটখনিৰ কাহিনী অংশৰ মাজেৰে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। হিন্দী ভাষাত পৰিৱেশিত নাটখনিৰ অভিনেতা-অভিনেত্ৰীসকলৰ স্বাভাৱিক সাৱলীল অভিনয়েৰে সামগ্ৰিকভাৱে সফল হোৱা বুলি একে আষাৰে ক’ব পাৰি। ইতিমধ্যে দেশৰ বিভিন্ন নাট সমাৰোহ, নাট্যমঞ্চত প্ৰদৰ্শিত হোৱাৰ লগতে ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা ‘কড়ৱা চচ্’ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে— ৰবি ৰঞ্জন কুমাৰ, দয়ালকৃষ্ণ নাথ, নিকিতা কুমাৰী, শ্যামলী দাস, ৰবি বৰ্মা, তৰুণ কৃষ্ণ নাথ, কৰুণা কৃষ্ণ নাথ, প্ৰণৱ মহন্ত আৰু মনোজ কুমাৰে। নাটকখনিৰ পোহৰ-সজ্জা বৰুণ কৰৰ। সংগীত দয়ালকৃষ্ণ নাথৰ। সাজসজ্জা মহেশ্বৰ নাথৰ, প্ৰযোজনা নিয়ন্ত্ৰক তৰুণ কৃষ্ণ নাথ, দৃশ্যসজ্জা প্ৰণৱ মহন্তৰ।
নাট সমাৰোহৰ তৃতীয় নিশা প্ৰথমতে পথাৰৰ ডিব্ৰুগড় শাখাৰ শিল্পীসকলে নাট্যকৰ্মী, পৰিচালক বিৰাজ চুতীয়াৰ পৰিচালনাৰে নিবেদন কৰে ‘সাধনা’ শীৰ্ষক নাটকখনি। এগৰাকী নীৰৱ, প্ৰচাৰবিমুখ শিল্পী আৰু তেওঁৰ সৃষ্ট এটি শিল্পকৰ্মক লৈ নাটখনি আগবাঢ়িছে। এইগৰাকী শিল্পীয়ে নিৰলে-নীৰৱে নিজ প্ৰতিভা আৰু সাধনাৰ ফলশ্ৰুতিত গঢ়ি তোলে এটি অতীৱ সুন্দৰ নাৰীমূৰ্তি। সেই নিৰ্জীৱ নাৰীমূৰ্তিৰ সৈতে শিল্পীগৰাকীৰ আত্মিক সম্পৰ্ক গঢ়ি উঠে। তেওঁ মূৰ্তিটোৰ সৈতে ইমানেই নিবিড় অন্তৰংগতাৰে বান্ধ খাই পৰে যে সপোনতে তাইৰ সৈতে কথা পাতে, হাঁহে, নাচে, ক্ৰমে একাত্ম হৈ পৰে। কিন্তু শেষত শিল্পীগৰাকীৰ বহুদিনীয়া সাধনাৰ ফল, তেওঁৰ জীৱনৰ সৰ্বস্ব সেই নাৰীমূৰ্তিটো ঘটনাক্ৰমে এটি সংগ্ৰহালয়ত এৰি থৈ আহিবলগীয়া হোৱাত তেওঁৰ যি মানসিক যন্ত্ৰণা, সেয়া সুন্দৰভাৱে নাটখনিত উপস্থাপন কৰা হৈছে। তিনিগৰাকী অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা মঞ্চত তিনিটা নিৰ্জীৱ মূৰ্তিৰ চৰিত্ৰ ৰূপায়ণ কৰাটো নাটখনিৰ এটি আকৰ্ষণীয় দিশ হিচাপে পৰিগণিত হৈছে। নাটখনিৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰে— ভাস্কৰজ্যোতি বৰা, প্ৰাপ্তি গগৈ, তৰালী বৰা, মনালী হাজৰিকা, আনিষ্কা চেতিয়া, অৰিন্দম বৰবৰা, দীপক বৰুৱা আৰু মৃগাংক নাথে। পোহৰ আৰু সংগীত-সজ্জা বিৰাজ চুতীয়া, চেতনা ভূঞা আৰু অভিনৱ বৰুৱাৰ। সাজসজ্জাত তৰালি বৰা আৰু দৃশ্যসজ্জাত ভাস্কৰজ্যোতি বৰাৰ সহযোগিতাই নাটখন সফল হোৱাত সহায় কৰিলে।
ইয়াৰ পাছতে ধেমাজিৰ বিদ্যা - দ্য লিভিং স্কুলৰ শিশু শিল্পীসকলে নিবেদন কৰে এখন অতি মনোগ্ৰাহী শিশুনাট— ‘ইউনিটি অৱ দ্য ৰীয়েল পাৱাৰ’। এজাক কণ কণ শিশুৰ অনবদ্য অভিনয়েৰে পৰিচালক ৰঞ্জিৎ সন্দিকৈয়ে উপহাৰ দিলে এখনি অতি সুন্দৰ নাটক। এটি সাধুকথাৰ আধাৰত নিৰ্মিত এই আকৰ্ষণীয় শিশু নাটকখনৰ বিভিন্ন চৰিত্ৰসমূহ ৰূপায়ন কৰে— চম্পক গগৈ, পৰীস্মিতা গগৈ, ৰিতুপল চাংমাই, পলজিত গগৈ, মনজিৎ বৰুৱা, পৰিস্মিতা ফুকন, দিপাংকৰ সন্দিকৈ, নিকুমণি কোঁৱৰ, বিশানজ্যোতি দাস, লৰ্ড শইকীয়া, মানৱজ্যোতি ফুকন, অংকিতা বৰুৱা, জুৰি কোচ, চুনিয়া দেউৰী, জয়শ্ৰী গোহাঁই, পূজা বৰুৱা, জ্যোতিষ গগৈ, নয়নজ্যোতি দাস, উৎপল লালুং, ঋতুৰাজ বৰগোহাঁই, অৰূপ, পাৰ্থ প্ৰতিম, ত্ৰিলোচন, ইউচুফ, হিমাংশু, মৃণ্ময়, জয়ন্ত, বিৰিঞ্চি, বিতোপন, আকাশ আৰু অভিজিতে। নাটখনিৰ এটি উল্লেখনীয় দিশ আছিল আৱহ সংগীতৰ ব্যৱহাৰ। সংগীত-সজ্জাৰ যথোচিত ব্যৱহাৰে নাটখনিক অন্য এক মাত্ৰা প্ৰদান কৰিলে। তদুপৰি, নাটখনিৰ চৰিত্ৰসমূহৰ মুখত লিখিত সংলাপ নাছিল যদিও শাৰিৰীক অভিব্যক্তি, অঙ্গী-ভঙ্গী, চৰাই-ছিৰিকটি বা জীৱ-জন্তুৰ মাত আদিৰে শিশুসকলে ইমানেই সুন্দৰকৈ কাহিনী অথবা অভিনয় আগবঢ়াই নিলে যে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয়। ইয়াৰ বাবে নাটখনিৰ পৰিচালক ৰঞ্জিৎ সন্দিকৈয়ে সফলতা দাবী কৰিব পাৰে।
তৃতীয় নিশাৰ অন্তিমখনি নাট নিবেদন কৰে পথাৰ দুলীয়াজানৰ শিল্পীসকলে ললিত চন্দ্ৰ দত্তৰ পৰিচালনাৰে ‘ৰঘুমলা’। বৰ্তমান সময়ত সঘনাই দেখিবলৈ পোৱা যায় যে যিকোনো চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান বা প্ৰতিষ্ঠানত উৎকোচক লৈ মানুহ বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই সমস্যাটোৱে কিদৰে এজন মানুহ, এখন সমাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়, তাকে এই নাটকখনিৰ যোগেদি দেখুৱাবলৈ যত্ন কৰা হৈছে। নাটখনিৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা অভিনয় শিল্পীসকল হৈছে— হিমাদ্ৰী শইকীয়া, ৰুমী বেজবড়া, হেমাংগ কাশ্যপ, প্ৰতীম গগৈ, ৰঞ্জন বৰা, পল্লৱ দত্ত, গীতালি ভূঞা, মৌচম গগৈ, আকাশদ্বীপ বৰদলৈ। অভিনয়ৰ দিশত প্ৰতিগৰাকী অভিনয় শিল্পীৰ পৰা সাৱলীল অভিনয় আদায় কৰাত পৰিচালক কৃতকাৰ্য হৈছে বুলি ক’ব পাৰি। নাটখনিৰ মৰ্মস্পৰ্শী কাহিনী আৰু সুদক্ষ অভিনয়ে উপস্থিত প্ৰতিগৰাকী দৰ্শকক আপ্লুত কৰে। বিশেষকৈ পৰিৱেশভেদে প্ৰয়োগ কৰা সংগীতে নাটকখনৰ গতিত এক অনন্য মাত্ৰা প্ৰদান কৰিলে।
নাট সমাৰোহৰ অন্তিম নিশা মঞ্চায়ন হয় আন তিনিখন নাটক। নাট্যকৰ্মী, পৰিচালক ডলী গগৈৰ পৰিচালনাৰে দুলীয়াজান নাট্য বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে নিবেদন কৰে ‘বৰষা’ শীৰ্ষক শিশু নাটখনি। নাটখনিত অভিনয় কৰে— পূজা গগৈ, তনশ্ৰী ভূঞা, সুস্মিতা বুঢ়াগোঁহাই, গাৰ্গি, জুপিতৰা, স্নেহানখী, লনী, নিশিত, তন্ময়, তুহীন, নিহান, অভিজ্ঞান, তানিশ, দেৱাশিস, শান্তনু, কৃষ, প্ৰিষ্ণ, অম্লান, ড্ৰীমলী, মায়াংশি, অন্যন্যা, গ্লৰিনা, দীক্ষা, অংশীমা, ৰুট্ৰা, নয়নিকা, ধনদীক্ষা, অৰ্চিতা, কস্তুৰী, দীনো, প্ৰজ্ঞা, দেৱীবালা, দিবাকৰ, অংগৰাগ, ভাস্বত আৰু বিভাংশুৱে। শিশুসকলে পৰিচালকৰ নিৰ্দেশ পালন কৰি নাটখনিত সুন্দৰ অভিনয়ৰে সফল কৰি তোলে। ইয়াৰ পাছতে বিশ্বনাথ চাৰিআলিৰ প্ৰতিষ্ঠিত নাট্যগোষ্ঠী বৰ্ণমৰ প্ৰযোজনাত নিবেদন কৰা হয় কুশল ডেকাৰ পৰিচালনাৰে ‘তিনিটা ৰঙীন পখিলা’ নাটখন। নাটখনৰ ৰচনা বিশিষ্ট নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ। নাটখনিৰ কাহিনী মতে, অমূল্য, বিৰিঞ্চি আৰু জয় তিনিও সৰু কালৰ বন্ধু। বিদ্যালয়ৰ বিভিন্ন দেওনাবোৰ একেলগে অতিক্ৰম কৰাৰ লগতে জীৱনত বহুত অভিজ্ঞতাৰো তিনিও একেলগে সন্মুখীন হৈছে। সৰুতে গাঁৱৰ সেউজৰ মাজত ৰঙীন পখিলাৰ মাজত, মুকলি আকাশৰ তলত যিদৰে সিহঁতে নিজকে আৱিষ্কাৰ কৰিছিল, ঠিক এতিয়াও নিজকে মানুহ হিচাপে প্ৰতিষ্ঠিত কৰাৰ পাছত এইখন নগৰত সিহঁতে সততে লগ পাই আহিছে। পঢ়া-শুনাৰ দিনবোৰ যেন এতিয়াও সিহঁতৰ বাবে ৰঙীন হৈ আছে। মাজত মাথোঁ মহাবিদ্যালয়ৰ পঢ়া-শুনাৰ বাবেহে সিহঁতকেইটা আঁতৰি ফুৰিছিল। অমূল্যই কলেজৰ দেওনাখন পাৰ কৰাৰ সময়তে প্ৰথমতে ৰাজনীতিত সোমায়, তাৰ পাছত ৰাজনীতিৰ প্ৰভাৱেৰে নিজৰ ঠিকাদাৰী জীৱন আৰম্ভ কৰি দিলে। এতিয়া অমূল্য এইখন নগৰৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ। জয় সেই সময়ৰ বিপ্লৱী চিন্তাধাৰাৰে প্ৰভাৱিত হৈ এটা সংগঠনৰ লগত জড়িত হৈ ভালেমান দিন অন্ধকাৰত থাকি গ’ল। পাছত সি সকলো বাদ দি ৰাজ্যৰ প্ৰশাসনীয় সেৱাত সোমোৱাৰ সুবিধাও লাভ কৰিলে আচৰিত ধৰণে। এতিয়া এজন ব্যস্ত বিষয়া। বিৰিঞ্চি সৰুৰে পৰা যুক্তিবাদী আছিল। সাধাৰণ কথা এটাও সি সহজে ল’ব পৰা নাছিল আৰু তৰ্ক কৰিছিল। সেই সূত্ৰেই সি এটা সময়ত ওকালতি আৰম্ভ কৰিলে আৰু এতিয়া সি নগৰৰ জনা-শুনা উকিলৰ ভিতৰতে পৰে। সফলতাৰ এই দিনবোৰত আজি সিহঁত আকৌ এবাৰ লগ খালে আৰু অতীত ৰোমন্থন কৰিলে। হঠাতে সিহঁতে গম পালে সিহঁতৰ গাত লাগি থকা পখিলা পাখিৰ ৰংবোৰ ক’ৰবাত হেৰাই গ’ল, এটা পলুৰ দৰেই নিজকে লুকুৱাই পেলালে। এনে এটা কাহিনীকে উপজীব্য কৰি ৰচনা কৰা নাটখনি মুখ্যতঃ তিনিটা চৰিত্ৰৰ অভিনয়ৰে মঞ্চস্থ কৰা হয়। তিনিওটা চৰিত্ৰ সফলতাৰে অভিনয় কৰে কুশল ডেকা, পুলক সভাপণ্ডিত আৰু প্ৰতীম হাজৰিকাই। নাটখনিৰ পোহৰসজ্জা বৰুণ কৰৰ। পোহৰ প্ৰক্ষেপক প্ৰিয়ম বৰা, সংগীত সজ্জা কুশল ডেকা, সংগীত প্ৰক্ষেপক মিলন দাস, দৃশ্যসজ্জা অতুল মুৰা, নয়নজ্যোতি শইকীয়া, মৃণাল ৰিকু শৰ্মাৰ। প্ৰযোজনা নিয়ন্ত্ৰক তপন গোস্বামী। সামগ্ৰিকভাৱে পোহৰ, সংগীত আৰু দৃশ্যসজ্জাৰ ব্যৱহাৰৰে এখন সুন্দৰ নাটক উপহাৰ দিলে বৰ্ণমৰ শিল্পীসকলে।
সমাৰোহৰ শেষৰখনি নাট মঞ্চস্থ কৰে পথাৰৰ গুৱাহাটী শাখাৰ শিল্পীসকলে স্বপ্না দত্ত ডেকাৰ ৰচনা আৰু যুৱ পৰিচালক ৰূপান্তৰ বৰপাত্ৰ গোঁহাইৰ পৰিচালনাৰে— ‘মায়া বৰুৱা কিয় আহিছিল’। প্ৰতিজন মানুহে মনৰ গভীৰত থকা ইচ্ছা, হেঁপাহ অনুসৰি জীৱনটোক গঢ় দিবলৈ, জীৱন জীৱলৈ বিচাৰে। কিন্তু পিতৃ-মাতৃ, পৰিয়াল, সমাজে নিজ নিজ ধাৰণাৰে আমাক যেনেকৈ গঢ় লোৱাটো বিচাৰে, তেনেকৈ নিজক সজাওঁতে-পৰাওঁতে হয়তো নিজৰ ইচ্ছা-অনিচ্ছাবোৰ ক’ৰবাতেই ৰয়। নিজৰ জীৱনটোৰ গুৰি বঁঠা নিজৰ হাতত ৰাখিবলৈ দিবলগা যুঁজখনৰ বাবে হয়তো নিজৰ মাজতে থকা সীমাহীন শক্তি আমি নিজেই নজনা, নুবুজাৰ নিচিনা হৈ পৰোঁ আৰু জীৱনৰ সময় তেনেকৈয়ে গৈ থাকে, গৈ থাকে…। হঠাৎ কোনোবা মায়া বৰুৱাৰ আৱিৰ্ভাৱ ঘটে। ক’ৰবাত অকণমান আমাৰ নিজৰ ভিতৰলৈকে আঙুলিয়াই দিয়ে, ক’ৰবাত অকণমান নিজকে পাহৰি যোৱাখিনি সোঁৱৰাই দিয়ে, ক’ৰবাত সামান্য সহায়ৰ হাত এখন আগবঢ়াই দিয়ে, ক’ৰবাত আমাৰ ধাৰণাত হয়ভৰ দিয়ে— আৰু আমি থিয় হওঁ। নিজা পথ বিচাৰি পাওঁ। বিশ্বাসৰ দুখোজ দিব পৰা হওঁ। হঠাৎ মায়া বৰুৱা অন্তৰ্ধান হয়। মানহবোৰ দিশহাৰা হয়। হাবুডুবু খায়। মায়া বৰুৱাৰ হত্যাকাৰীৰ শাস্তি বিচাৰে। পুলিচে বাৰু মায়া বৰুৱাৰ অন্তৰ্ধানৰ কেচটোৰ শুংসূত্ৰ উলিয়াব পাৰিলেনে? কাৰোবাক দোষী সাব্যস্ত কৰিব পাৰিলেনে? কোন এই মায়া বৰুৱা? কিয়, কেনেকৈ আৰু ক’ৰ পৰা তেওঁৰ আৱিৰ্ভাৱ হ’ল? তেওঁ কেনেকৈ অন্তৰ্ধান হ’ল? মায়া বৰুৱাৰ মৃত্যুত দুখত ভাগি পৰা সকলে পুনৰ থিয় দিব পাৰিলেনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যায় নাটকখনিত। নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে— ৰিনি ফুকন, সত্যজিৎ চেতিয়া, মৃগাংক চাংমাই, জ্যোৎস্না চেতিয়া ফুকন, পৰশজ্যোতি বৰকাকতি, জুপিতা গগৈ, সত্যজিৎ চেতিয়া, মৃণাল বৰুৱা, অতনু চক্ৰৱৰ্তী, সুস্মিতা বৈশ্য, ছাহিন চাকলম, পাৰ্থ প্ৰতীম শৰ্মা আৰু স্বপ্না দত্ত ডেকাই । সকলো অভিনেতা-অভিনেত্ৰীয়েই সাৱলীল অভিনয়ৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়। দৃশ্যসজ্জা, পোহৰ প্ৰক্ষেপণ আৰু সংগীতৰ উচিত ব্যৱহাৰে নাটখনিক প্ৰাণৱন্ত কৰি তুলিলে।
শেষত আমি আশা কৰিছোঁ, তৈলনগৰী দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীৰ যি কুৰি বছৰীয়া নাট্যযাত্ৰা, অনাগত সময়ত ই আৰু অধিক গতিশীলতা লাভ কৰক। প্ৰতি বৰ্ষতে পথাৰে অনুষ্ঠিত কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট মহোৎসৱ অবিৰত হৈ ৰওক আৰু অসমৰ নাট্যজগতত ন ন চিন্তা-চেতনাৰে পথাৰ নাট্যগোষ্ঠীয়ে সুদৃঢ় খোজ দিবলৈ সক্ষম হওক।
❧ | আৰু পঢ়ক:
- জামুগুৰিহাটত আখৰাৰ ৰূপালী জয়ন্তী নাট সমাৰোহ
- লক্ষী বৰঠাকুৰ সোঁৱৰণী নাট্যসন্ধ্যাত ‘কাব্যান্তৰৰ পদাতিক’
- গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান
- পাপৰি মেধিৰ অন্তৰংগ এণ্টিগনি
- পৰ্যালোচনা: দুলীয়াজানত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ
Follow Nilacharai on Facebook