গ্ৰী পচ্ থিয়েটাৰ (GRIPS Theatre) নামৰ এক বিশেষ আৰ্হিৰ নাট্যাভিনয় ১৯৬৬ চনত জাৰ্মানীৰ বাৰ্লিন চহৰত আৰম্ভ হয়। ৱলকাৰ লুড্ৱিগ (Volker Ludwig) আছিল গ্ৰীপচ্ থিয়েটাৰৰ জনক। মূলতঃ শিশুসকলক সাধুকথা (Fairy Tales)ৰ অতি কাল্পনিক বন্ধনৰ পৰা মুক্ত কৰাৰ প্ৰয়াসেই আছিল গ্ৰীপচ্ থিয়েটাৰৰ লক্ষ্য, য’ত জ্যেষ্ঠসকলে শিশুৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰে। সঙ্গীত আৰু হাস্যৰ ৰসৰ দ্বাৰা এক বন্ধন-মুক্ত সমাজৰ বাৰ্তা দিয়াৰ প্ৰয়াস কৰে গ্ৰীপচ্ থিয়েটাৰে। শিশু আৰু যুৱ মনস্তত্ব অধ্যয়নৰ জৰিয়তে তেওঁলোকৰ প্ৰয়োজনৰ প্ৰতি জ্যেষ্ঠসকলৰ সঁহাৰি জনোৱাত যাতে সুবিধা হয়, সেই লক্ষ্যৰে এই নাটৰ আৰম্ভ হৈছিল। ভাৰতত এই আৰ্হিৰ নাটৰ বয়স ৩৩ বছৰ। ১৯৮৬ চনত পুনা চহৰত প্ৰথম গ্ৰীপচ্ থিয়েটাৰৰ আৰ্হিত নাটক মঞ্চস্থ হৈছিল।
অসমত এই আৰ্হিৰ নাটৰ প্ৰথমবাৰলৈ সম্পৰীক্ষা চলালে কলিয়াবৰৰ অগ্ৰণী অপেছাদাৰী নাট্যানুষ্ঠান চিত্ৰলেখা ড্ৰামা প্ৰডাকশ্যনে,— হাটবৰত। শিশুৰ চৰিত্ৰত জ্যেষ্ঠৰ অভিনয়ৰ এক নতুন আৰ্হিৰ নাটে এঘণ্টা সময় দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে। মূলতঃ বাবু আৰু চন-চন— ভাই-ভনীহালৰ দৈনিক কৰ্ম-কাণ্ডৰ আশে-পাশে ঘূৰি ফুৰা কাহিনীৰ আলম লৈয়েই ‘খং নামেই চণ্ডাল’ নামৰ নাটকখন আগবঢ়াই লৈ গৈছে নাট্যকাৰ-পৰিচালক প্ৰাঞ্জল মহন্তই। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আগৰতলা কেন্দ্ৰত থিয়েটাৰ ইন এডুকেশ্যন (TIE) পাঠ্যাক্ৰম সম্পূৰ্ণ কৰি অহা চিত্ৰলেখা ড্ৰামা প্ৰডাকশ্যনৰ সদস্য প্ৰাঞ্জল মহন্ত (দাদু)ৰ এই প্ৰচেষ্টা নিশ্চিতভাৱে সাধুবাদৰ যোগ্য।
❧ | আৰু পঢ়ক: ‘এজাক জোনাকীৰ জিলমিল’ৰ পোহৰ আৰু আন্ধাৰ
যোৱা ২৮ নৱেম্বৰ (২০১৯) তাৰিখে কলিয়াবৰৰ অন্যতম নাট্যচৰ্চা কেন্দ্ৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত মঞ্চস্থ হোৱা নাটখনত অভিনয় কৰে— ঝুনাকঙ্কণ ভূঞা, গীতাশ্ৰী বৰা, মণিকাঞ্চন ভূঞা, প্ৰাঞ্জল হাজৰিকা, দিপু ভুঞা, জয়ন্ত কুমাৰ শৰ্মা, ইন্দ্ৰাণী হাজৰিকা, মাধুৰ্য হাজৰিকা, নানু, মৃদুল হাজৰিকা, মিণ্টু বৰা, কঙ্কণা হাজৰিকা, দিব্যদৰ্পণ বৰা আৰু হিমাদ্ৰী বৰাই। আবহ সঙ্গীত আৰু পোহৰ নিয়ন্ত্ৰণত সহায় কৰে ক্ৰমে ধনবৰ ভূঞা আৰু শ্ৰীমন্ত বৰাই।
Follow Nilacharai on Facebook