অ সমৰ অপেছাদাৰী নাট্য আন্দোলনক ভালেসংখ্যক উচ্চ মানবিশিষ্ট নাটক উপহাৰৰে সমৃদ্ধ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আখৰা নাট্যগোষ্ঠীয়ে যোৱা ২৮, ২৯ আৰু ৩০ অক্টোবৰ (২০২২) তাৰিখে ৰূপালী জয়ন্তী সমাৰোহ সফলতাৰে উদ্যাপন কৰে। অসমৰ নাট্যক্ষেত্ৰখনত জামুগুৰিহাট অঞ্চলটোৰ অৰিহণা যে নিচেই তাকৰ নহয়, সেই কথা অঞ্চলটোৰ নাট্যপৰিক্ৰমাৰ ইতিহাস চালেই ওলাই পৰে৷ শংকৰী সংস্কৃতিৰ স্বৰ্ণসৌধ বাৰেচহৰীয়া ভাওনা, ঐতিহ্যপূৰ্ণ কোঁছগাঁৱৰ কালীয় দমন ভাওনা, পাতলৰচুকৰ বোকাখেছা ভাওনাৰ ঐতিহ্যৰে মহীয়ান জামুগুৰিহাটত অতীজৰে পৰা আজি পৰ্যন্ত গুৰুজনাৰ অমৰ সৃষ্টি নাট-ভাওনাৰ নিয়মিত চৰ্চা মন কৰিবলগীয়া৷ একেদৰে, অসমত আধুনিক নাটচৰ্চাৰ বিকাশলগ্নৰ সময়তে বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ গাঁৱে গাঁৱে গঢ় লৈ উঠিছিল ভালেসংখ্যক যাত্ৰাপাৰ্টিয়ে৷ সেই সময়ছোৱাত এই যাত্ৰাপাৰ্টিসমূহৰ নাটচৰ্চাই অঞ্চলটোত এক নাট্য পৰিৱেশ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল৷
১৯২৪- ২৫ চনত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত প্ৰতিষ্ঠা হোৱা সঞ্জীৱনী নাট্য সমাজ আৰু পৰৱৰ্তী সময়ত ১৯৫০ চনত জামুগুৰিহাটৰ মাজমজিয়াত বাপুজী ভৱন নাট্য সমাজ প্ৰতিষ্ঠাই নাট্যধাৰাৰ সুস্থ বিকাশ আৰু চৰ্চাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ তদুপৰি বিভিন্নজন নাট্যকৰ্মীৰ প্ৰয়াসত অঞ্চলটোৰ ভিন্ন প্ৰান্তত বহুসংখ্যক নাট্যচৰ্চাৰ অনুষ্ঠানে গা কৰি উঠি সময়ে সময়ে নাটক মঞ্চায়নৰ সমান্তৰালভাৱে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ নাট্যধাৰাটিক প্ৰৱাহিত কৰি ৰখাত অনস্বীকাৰ্য অৱদান আগবঢ়াই জামুগুৰিহাটৰ সাংস্কৃতিক ক্ষেত্ৰখন উৰ্বৰা কৰি ৰাখিছে৷
বিগত ১৯৯২ চনত জামুগুৰিহাটৰ ভালেকেইগৰাকী নাট্যকৰ্মীৰ আপ্ৰাণ প্ৰয়াস তথা ত্যাগৰ ফলশ্ৰুতিত প্ৰাণ পাই উঠিছিল আখৰাই৷ জন্মলগ্নৰে পৰা অবিৰতভাৱে নাট্যক্ষেত্ৰৰ বিভিন্ন দিশত, প্ৰধানকৈ নাট মঞ্চায়ন, নাট্য কৰ্মশালা, মুকাভিনয়, শিশুনাট কৰ্মশালা আদি অনুষ্ঠানেৰে বৃহত্তৰ জীয়া ভৰলীপাৰৰ সাংস্কৃতিক ক্ষেত্ৰখন, বিশেষতঃ নাট্যক্ষেত্ৰখনক জীপাল কৰি অহা আখৰাই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে৷ এই শুভ লগণত আমি যদি আখৰাৰ বিগত সময়ৰ কাৰ্যক্ৰমণিকাত চকু ফুৰাওঁ, তেন্তে দেখা পাম— অসমৰ অপেছাদাৰী নাট্য আন্দোলনক গতিশীলতা প্ৰদান কৰা নাট্যানুষ্ঠানসমূহৰ ভিতৰত জামুগুৰিহাটৰ আখৰাই এক স্বকীয় স্থান অধিকাৰ কৰি আহিছে৷ ‘ৰস’, ‘যদুবংশ’, ‘দ্ৰৌপদীৰ পৰিয়াল’, ‘সপোনৰ বৃন্দাবন’, ‘ঈশ্বৰ আৰু এজন চোৰ’, ‘দৈৱকী’, ‘ধোঁৱা’, ‘অমৰত্বৰ সপোন’, ‘নীলা জোনৰ এনিশা’, ‘উজীৰ মঙলা’, ‘তন্দুৰী চিকেন’ আদি প্ৰতিখন নাটকেই আখৰাৰ একো একোটি মাইলৰ খুঁটি হিচাপে জিলিকি আছে৷ বৰ্তমান অসমৰ এগৰাকী খ্যাতনামা নাট্যকাৰ, পৰিচালক ৰফিকুল হোছেইনৰ বলিষ্ঠ পৰিচালনাৰে আখৰাই প্ৰতিখন নাটকতে নতুন চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হোৱাটো এক অন্যতম ইতিবাচক বিষয়৷
সাম্প্ৰতিক সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমতো নাটক সম্পৰ্কীয় যি সমূহ নতুন নতুন সম্পৰীক্ষা চলি আছে, বিভিন্ন নাট্যদল আৰু নাট্যকৰ্মীসকলে শেহতীয়া নাট্যধাৰাসমূহক লৈ যি নিত্য নতুন চিন্তা-চেতনাৰে নাট্যক্ষেত্ৰখন জীপাল কৰিছে, ঠিক তেনেকৈয়ে আখৰা নাট্যগোষ্ঠীয়েও প্ৰতিটো নাট্য প্ৰযোজনাতে একেই সম্পৰীক্ষা তথা নিত্য নতুন চিন্তাৰ খোৰাক যোগোৱা পৰিলক্ষিত হৈছে৷ লগতে এই নাট্যানুষ্ঠানটিৰ মজিয়াতে সৃষ্টি হৈছে অলেখজন নতুন নাট্যকৰ্মীৰ৷
আখৰাৰ ৰূপালী জয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি যোৱা ২৮, ২৯ আৰু ৩০ অক্টোবৰ তাৰিখে জামুগুৰিহাটত অনুষ্ঠিত হৈ যায় এখনি নাট সমাৰোহ৷ এই নাট সমাৰোহত অসমৰ তিনিটা প্ৰতিষ্ঠিত অপেছাদাৰী নাট্যদলে তিনিখন নাটক মঞ্চস্থ কৰাৰ লগতে আখৰাৰ নিজা প্ৰযোজনাত এখনি নাটক মঞ্চস্থ কৰা হয়৷ নাট সমাৰোহৰ প্ৰথম দিনা আমন্ত্ৰিত নাট্যদল যোৰহাট থিয়েটাৰে মঞ্চস্থ কৰে অসমৰ যশস্বী কবি, নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনৰ পৰিচালনাৰে দেশৰ এগৰাকী প্ৰখ্যাত নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক সুৰেশ খাড়েৰ মূল মাৰাঠী নাটৰ নবীন নাট্যকাৰ প্ৰাণবল্লভ বৰাই দিয়া অসমীয়া নাট্যৰূপ— ‘ব্লেক এণ্ড হোৱাইট’৷ প্ৰতিজন মানুহৰে সত্তাৰ স্বৰূপত প্ৰতিনিয়ত অন্তৰ্হিত হৈ থাকে সমান্তৰালভাৱে দুটা ৰূপ— বগা আৰু ক’লা৷ এটা সকলোৰে সন্মুখত দৃশ্যমান হৈ থাকে আৰু আনটো আঁৰে আঁৰে থাকি এক অজানিত অন্তৰ্যুদ্ধত লিপ্ত হৈ থাকে, যি হয়তো আমাৰ প্ৰত্যেকৰে জীৱনৰ এক সত্য পৰিঘটনা হিচাপে পৰিগণিত হয়৷ কোনেও অস্বীকাৰ কৰিব নোৱৰা জীৱনৰ এনে ধৰণৰ সুপ্ত আৰু একান্ত চৰম সত্যৰ কৌতুকমিশ্ৰিত নাট্যৰূপেৰে যোৰহাট থিয়েটাৰৰ শিল্পীসকলে পৰিৱেশন কৰা এই নাটকখনে উপস্থিত দৰ্শকক প্ৰায় দুঘণ্টা সময় মন্ত্ৰমুগ্ধ কৰি ৰাখিলে৷
প্ৰকৃতপক্ষে নাটখনৰ মুখ্য চৰিত্ৰ ৰঞ্জন বৰুৱাৰ চৰিত্ৰত অভিনয় কৰা ৰাজেন হাজৰিকাৰ কৌতুকমিশ্ৰিত স্বাভাৱিক অভিনয়ে আৰম্ভণিৰে পৰা শেষলৈকে দৰ্শকক ধৰি ৰখাত সফল হ’ল বুলি ক’ব পাৰি৷ বিশেষভাৱে অভিনয়ৰ মাজে মাজে দৰ্শকলৈ নিক্ষেপ কৰা কিছু সংলাপে উপস্থিত দৰ্শকক আমোদ যোগোৱাৰ লগতে কোনেও অস্বীকাৰ কৰিব নোৱৰা প্ৰত্যেকৰে জীৱনত কম-বেছি পৰিমাণে ঘটা কিছুমান চৰম সত্যৰ প্ৰত্যক্ষ উপস্থাপনে কিছু পৰিমাণে দৰ্শকক বিবুধিত পোলেৱা যেন পৰিলক্ষিত হ’ল৷ ক’ব পাৰি, নাট্যকাৰ প্ৰাণৱল্লভ বৰা আৰু পৰিচালক ৰফিকুল হোছেইনৰ এয়া এক সফল সম্পৰীক্ষা, যাৰ দ্বাৰা আমোদজনক পৰিস্থিতিৰ মাজেৰে দৰ্শকক শেষলৈকে ধৰি ৰখাত সফলতা অৰ্জন কৰিলে নাট্যকাৰ আৰু পৰিচালকে৷ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ ভড়ালীৰ চৰিত্ৰত প্ৰবীণ নাট্যকৰ্মী, অভিজ্ঞ নাট পৰিচালক ড° অৰূপ বৰঠাকুৰে সাৱলীল অভিনয় কৰিছে৷ ৰঞ্জন বৰুৱাৰ পত্নী মলয়া বৰুৱাৰ চৰিত্ৰটি সুন্দৰ ৰূপত ফুটাই তোলাত বলিষ্ঠ অভিনেত্ৰী গায়ত্ৰী দেৱীয়ে সফলতা দাবী কৰিব পাৰে৷ আনহাতে ৰঞ্জন বৰুৱাৰ প্ৰতিৱেশী হিচাপে নতুনকৈ ভাড়া লোৱা এজনী প্ৰাণচঞ্চলা ছোৱালী প্ৰীতি কাশ্যপৰ চৰিত্ৰত ঋষিদ্ধিনা বৰা সফল হৈছে৷ আন দুটি চৰিত্ৰ বিতু আৰু ৰমাৰ চৰিত্ৰত প্ৰশান্ত হাজৰিকা আৰু প্ৰসেনজিৎ দত্তই স্বভাৱসুলভ অভিনয়ৰে কম সময়ৰ বাবে হ’লেও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলিব পাৰি৷
নাটকখনৰ আৱহ সংগীতত অসমৰ প্ৰতিষ্ঠিত সংগীত পৰিচালক জয়ন্ত নাথে সুন্দৰকৈ নাটকখন সজাই তোলাত সফল হৈছে৷ নাটকখনত ব্যৱহৃত গীতটোৰ কথা ৰফিকুল হোছেইনৰ, কণ্ঠ চয়ন আৰু এনিশাৰ৷ নাটকখনৰ ৰূপসজ্জাৰ দিশত বিচিত্ৰ বৰা আৰু প্ৰাচুৰ্য কাকতি, নাট্য দৃশ্যাংশৰ কৰিঅ’গ্ৰাফাৰ মুন্না দাস, দৃশ্যসজ্জাত মানস বৰঠাকুৰ, বিচিত্ৰ বৰা আৰু দিপাংকৰ জ্যোতি দত্ত আৰু আলোকসজ্জাত বোকাখাটৰ ৰাতুল বৰাই সহযোগ কৰে৷ এক কথাত, অসমৰ অপেছাদাৰী নাট্যমঞ্চৰ এগৰাকী মহীৰূহ ৰফিকুল হোছেইনৰ সুদক্ষ পৰিচালনাত যোৰহাট থিয়েটাৰে জামুগুৰিহাটবাসীক উপহাৰ দিলে এখন মননশীল, সৰ্বাংগসুন্দৰ নাটক৷
নাট সমাৰোহৰ দ্বিতীয় দিনা মঞ্চায়ন হয় দুখন নাটক— আখৰাৰ প্ৰযোজনাত জামুগুৰিহাটৰ এগৰাকী নৱাগত নাট্যকাৰ ঋত্বিক মাধৱ ভৰদ্বাজৰ ৰচনা আৰু অভিজ্ঞ পৰিচালক ৰঞ্জন কুমাৰ দাসৰ পৰিচালনাৰে ‘খলত্বং নোপেয়াত’ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতিৰ পৰিচালনাৰে তেজপুৰ ইউনাইটেড্ আৰ্টিষ্টৰ শিল্পীসকলে নিবেদন কৰে ‘বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন’ শীৰ্ষক নাট দুখন৷ নাট্যসন্ধাটিৰ প্ৰথম নাট ‘খলত্বং নোপেয়াত’ নাটখনিয়ে দৰ্শকক আশা কৰা ধৰণৰে সন্তুষ্ট কৰিব নোৱাৰিলে৷ প্ৰধানতঃ নাটকখনৰ কাহিনী তথা উপস্থাপনশৈলী যথেষ্ট দুৰ্বল হোৱাত চৰিত্ৰসমূহৰ বিকাশত বাধাৰ সৃষ্টি হৈছে৷ এগৰাকী নবীন নাট্যকাৰ হিচাপে নাট্যকাৰগৰাকী অনাগত দিনত সচেতন হোৱা প্ৰয়োজন৷ নাটখনিৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰে— সত্যৰঞ্জন বৰা, প্ৰতীক্ষা বৰুৱা, নৱদ্বীপ ভূঞা, নিৰঞ্জন দাস আৰু অভিজিৎ বৰাই৷ সংগীতৰ দায়িত্বত আছিল শুভিত ৰঞ্জন বৰা আৰু পোহৰসজ্জাত আছিল বিপ্লৱ বৰা আৰু সংগ্ৰাম ৰতন ৰাজবংশী৷
‘বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন’ নাটখনিত এক যথেষ্ট মননশীল দৰ্শন নাট্যকাহিনীৰ মাজেৰে প্ৰতিফলিত হৈছে৷ প্ৰেমৰ ব্যাপকতা, প্ৰেমৰ জৰিয়তে পৃথিৱী আলোকিত কৰিব পৰা, প্ৰেম যে কেৱল দৈহিক তাড়না নিবাৰণৰ আহিলা হ’ব নোৱাৰে, বয়স বঢ়াৰ লগে লগে যে প্ৰেমে মেলানি মাগিব নোৱাৰে— সেই সত্যকে উপজীৱ্য কৰি অভিজ্ঞ নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে ‘বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন’ নাটখন ৰচনা কৰিছে৷ এখন বৃদ্ধাশ্ৰমত পৰিয়ালৰ আপোনজন, ল’ৰা-ছোৱালীৰ পৰা পৰিত্যক্ত হৈ জীৱন অতিবাহিত কৰা তিনিগৰাকী বৃদ্ধই হৈছে নাটখনৰ মূল চৰিত্ৰ৷ হেজাৰ দুখ বুকুৰ মাজতে ৰাখি জীৱনৰ বিয়লি বেলাৰ শেষ সময়খিনি তিনিওজনে হাঁহি-ধেমালিৰ মাজেৰেই পাৰ কৰি আহিছিল৷ হঠাৎ বৃদ্ধাশ্ৰমলৈ আগমন ঘটে এগৰাকী ৰূপহী গাভৰুৰ৷ গাভৰুগৰাকীৰ কথা-বতৰা, চঞ্চল স্বভাৱে পৰিৱৰ্তন কৰে তিনিওগৰাকীৰ জীৱন৷ তিনিওগৰাকী বৃদ্ধ সেই চঞ্চলা ৰূপহীৰ প্ৰেমত মত্ত হৈ পৰে৷ সলনি হৈ পৰে বৃদ্ধাশ্ৰমৰ পৰিৱেশ৷ বৃদ্ধাশ্ৰমত আৱতৰীয়াকৈয়ে যেন প্ৰেমৰ ফাগুন নামে৷ কিন্তু শেষত নাট্যকাৰে প্ৰেমৰ গভীৰ দৰ্শন আৰু ব্যাপকতাৰ স্বৰূপ প্ৰকাশেৰে নাটখনৰ সামৰণি মাৰে৷
নাটকখনৰ মূল চৰিত্ৰ তিনিটা— দিবাকৰ, মদন আৰু সুশান্তৰ চৰিত্ৰত ক্ৰমে পুতুল চন্দ্ৰ বৰুৱা, অৱনী বৰা আৰু জয়দীপ দেই প্ৰথমৰ পৰা শেষলৈকে অনবদ্য অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়৷ বিশেষকৈ চৰিত্ৰকেইটিৰ খুহুতীয়া উপস্থাপনে দৰ্শকক বিমল হাস্যৰস প্ৰদান কৰিলে৷ নাটখনিত ভজহৰিৰ চৰিত্ৰত উজ্জ্বল শইকীয়া আৰু অৰূন্ধতীৰ চৰিত্ৰত দৰ্শনা বাইলুঙৰ অভিনয় সফল হৈছে বুলিব পাৰি৷ এটি বিশেষ চৰিত্ৰ দেৱজিৎৰ ভাৱত দক্ষ অভিনেতা তাজ হোছেইনে সুন্দৰ অভিনয় কৰি নাটখন সফল হোৱাত অৰিহণা যোগালে৷ নাটখনৰ অন্যান্য দিশত জড়িত শিল্পীসকল হৈছে— পোহৰত উজ্জ্বল শইকীয়া, মঞ্চসজ্জাত ৰাতুল ডেকা আৰু ব্যৱস্থাপনাত প্ৰাঞ্জল বৰঠাকুৰ৷ ক’ব পাৰি, সুদক্ষ পৰিচালক-নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে কৌতুকধৰ্মীতাৰ মাজেৰে এক ছিৰিয়াছ বিষয় নাটকখনৰ কাহিনীৰ মাজেৰে উপস্থাপন কৰাত সফল হৈছে৷
আখৰাৰ ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিনা জামুগুৰিহাটৰ বহাগী মেলাৰ মঞ্চত নিবেদন কৰা হয় প্ৰতিষ্ঠিত নাট্যকাৰ-পৰিচালক পংকজজ্যোতি ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে ‘ঘটোৎকচ’৷ চতিয়া নাট্য সমাজে নিবেদন কৰা এই নাটখনি ৰফিকুল হোছেইনৰ একে নামৰ এটি কবিতাৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷ প্ৰকৃততে ঘটোৎকচ কেৱল এক মহাভাৰতীয় চৰিত্ৰই নহয়, তেওঁ যেন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহাশক্তিৰ এক দুৰ্জেয়, অনাৰ্য প্ৰতীক, যি ৰাষ্ট্ৰশক্তিৰ কূটনৈতিক স্বাৰ্থত অতি সুকৌশলী ৰূপত লুুণ্ঠিত হ’বলগীয়া হয়৷ মহাভাৰতীয় যুগৰ অতি নিকৰুণভাৱে লাঞ্চিত নিৰ্দোষ এটি চৰিত্ৰ, যি কুৰুক্ষেত্ৰত অকাতৰে অমূল্য জীৱনৰ বলিদান দিবলগীয়া হৈছিল৷ পৰৱৰ্তী সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি হৈছে, কিন্তু সেই অন্যায়-অবিচাৰৰ যেন যৱনিকা পৰা নাই৷ ‘ঘটোৎকচ’ নাটকখনত তাৰেই এক ছাঁ-পোহৰৰ মায়াময় ৰূপ নাট্যকাৰে তুলি ধৰিবৰ চেষ্টা কৰিছে৷
উল্লেখ্য যে ‘ঘটোৎকচ’ নাটখনত চতিয়া সমষ্টিৰ জনপ্ৰিয়, দক্ষ বিধায়ক তথা এগৰাকী বলিষ্ঠ অভিনেতা পদ্ম হাজৰিকাই বহুদিনৰ মূৰত নাটকখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ দুৰ্যোধনৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ এসময়ত বহুসংখ্যক নাটকত সুদক্ষ অভিনয়েৰে নিজৰ অভিনয় প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ যোৱা পদ্ম হাজৰিকাই ৰাজনৈতিক ব্যস্ততাপূৰ্ণ জীৱন আৰু শাৰীৰিক কিছু অসুস্থতাকো নেওচি দুৰ্যোধনৰ দৰে জটিল চৰিত্ৰ এটিতো সাৱলীল তথা বলিষ্ঠ অভিনয়েৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ নাটখনত শ্ৰীকৃষ্ণৰ চৰিত্ৰত ড° আলেখ্য বৰুৱা, হিড়িম্বাৰ চৰিত্ৰত কুমকুম বৰুৱা আৰু অহিলাৱতীৰ চৰিত্ৰত চয়নিকা বৰদলৈয়ে সুন্দৰ অভিনয় কৰিছে৷ আনহাতে মুখ্য চৰিত্ৰ ঘটোৎকচৰ চৰিত্ৰটি সুন্দৰকৈ ফুটাই তুলিবলৈ অৰূপজ্যোতি বৰাই যথেষ্ট কষ্ট কৰিছে যদিও অভিনয় আৰু শৰীৰ সঞ্চালনৰ কিছু ক্ষেত্ৰত জথৰতা পৰিলক্ষিত হ’ল৷ ভৱিষ্যৎ দিনত এই জথৰতা দূৰ হ’ব বুলি আমাৰ বিশ্বাস৷
শকুনিৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা দেৱানন্দ শইকীয়া সফল হৈছে যদিও অভিনয় আৰু উন্নত হোৱাৰ থল আছিল বুলি ক’ব পাৰি৷ গান্ধাৰীৰ চৰিত্ৰত গাৰ্গী কলিতা, কৰ্ণৰ চৰিত্ৰত পিংকু গায়ন, ভীমৰ চৰিত্ৰত ভাস্কৰ তালুকদাৰ, ভীষ্মৰ চৰিত্ৰত ৰঞ্জিত হাজৰিকা, সঞ্জয়ৰ চৰিত্ৰত জয়ন্ত বৰুৱা, সৈনিকৰ চৰিত্ৰত উদ্দীপন দাস, বিৰুপাক্ষৰ চৰিত্ৰত প্ৰাঞ্জল শইকীয়া আৰু অৰ্জুনৰ চৰিত্ৰত মানস বৰাই অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰিছে৷ আনহাতে যুজাঁৰু, মংগলাচৰণৰ দল আৰু চৰাই আৰু পখিলাৰ ৰূপত বিশ্বনাথ উশ্বু মিছনেৰী আৰু নদুৱাৰ সংগীত বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিচালকৰ নিৰ্দেশ পালন কৰি নাটখন সফল হোৱাত সহায় কৰিলে৷ নাটখনিৰ সংগীত পৰিচালনা গৌতম বৰুৱা, বিদ্যমান ভূঞা, সাজসজ্জা আৰু ৰূপসজ্জাত অসমৰ প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ আদিত্যম শইকীয়া আৰু বিকাশ দাস, নৃত্য পৰিচালনা ৰঞ্জন বৰা, পোহৰসজ্জা কুশল ডেকা আৰু প্ৰিয়ম বৰাৰ৷ এক কথাত, সুদক্ষ নাট্যকাৰ-পৰিচালক পংকজজ্যোতি ভূঞাই নিটোল ৰূপত নাটকখন উপস্থাপন কৰিবলৈ যে চেষ্টাৰ ত্ৰুটি কৰা নাই, সেয়া স্পষ্ট হৈ পৰিছে৷
আমি আশা কৰিছোঁ, অসমৰ অপেছাদাৰী নাট্য আন্দোলনক বিগত তিনিটা দশক ধৰি বিভিন্ন নাট্য কাৰ্যসূচী তথা সফল নাট্য প্ৰযোজনাৰে সমৃদ্ধ কৰা, ৰূপালী জয়ন্তীৰ আলোকৰে উদ্ভাষিত জামুগুৰিহাটৰ আখৰাৰ নাট্যযাত্ৰা অবিৰত হৈ ৰওক৷ অনাগত দিনত ন ন চিন্তাৰে নতুন নতুন নাট্য সৃষ্টিৰে আখৰা আৰু অধিক বলিষ্ঠ ৰূপত আগবাঢ়ক,— আখৰালৈ আন্তৰিক শুভকামনা৷
❧ | আৰু পঢ়ক:
- জামুগুৰিহাটত শিশু নাটক ‘তেজীমলা’ আৰু ‘জোনাকী মন’ৰ সফল মঞ্চায়ন
- লক্ষী বৰঠাকুৰ সোঁৱৰণী নাট্যসন্ধ্যাত ‘কাব্যান্তৰৰ পদাতিক’
- গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান
- উচ্চতাৰ উন্মাদ ইচ্ছাৰ আখ্যান: বাহাৰুল ইছলামৰ ʼউঁচাইʼ
- দুলীয়াজানত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ
ছবি: লেখকৰ সৌজন্যত