নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ছচিয়েল মিডিয়া, টিভি বন্ধ কৰি দিছোঁ,
এটা কোঠাত কেৱল তুমি আৰু মই নিৰলে৷
এলেক্সা, কথা কোৱা৷
—গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা৷

এলেক্সা, দেশৰ কথা কোৱা৷
—দেশত চলিছে কিহৰ ধুমধাম
আঠীয়া কল এটাৰ হাতীৰ সমান দাম৷

এলেক্সা, মানুহৰ কথা কোৱা৷
—মানুহ দেখিছোঁ আজি বহুত মানুহ
কথাৰ সিন্ধু মথি অমৃত শুহি খোৱা ভণ্ড৷

এলেক্সা, ৰাইজৰ কথা কোৱা৷
—ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ
কোনে কি ভাও ল’বা আহাঁ সময় যে তাকৰ৷

এলেক্সা, নাট কি?
—ভাওনাৰ বাবে বচন কিয় লাগে
মনৰ কথাৰে বচন হ’ব৷

এলেক্সা, নৈৰ কথা কোৱা।
—লুইতৰ বলীয়া বান
হিৰ হিৰ শবদে কালৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ?

এলেক্সা, ঢোলৰ মাত বহু দিন শুনা নাই৷
—মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনদাওঁ
সোণৰ অসম নালাগে মোক মাটিৰে সজাওঁ৷

এলেক্সা, বৰষুণৰ কথা কোৱা৷
—আ-হা মেঘে গিৰগিৰ কৰে
এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে৷

এলেক্সা, ধাৰৰ বোজাত ককবক কৃষকৰ কথা কোৱা৷
—(নিমাত)

এলেক্সা, আধাপেটী মানুহৰ কথা কোৱা৷
—(নিমাত)

এলেক্সা, দুঠেঙীয়া শ্বাপদৰ কামনাৰ বলি হোৱা
ছোৱালীবোৰৰ কথা কোৱা৷
—(নিমাত)

এলেক্সা, ৰাতি গভীৰ হ’ল৷
—সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল।

এলেক্সা, ভাগৰ লাগিছে৷
—আকৌ নতুন প্ৰভাত হ’ব
কাল ৰাত্ৰি এই নাথাকিব৷

(এলেক্সা হৈছে এমাজন কোম্পানীয়ে বিকাশ ঘটোৱা এবিধ ভাৰ্চুৱেল সহায়কাৰী সঁজুলি। অধিক জানিবলৈ ৱিকিপেডিয়াৰ এই প্ৰবন্ধ চাওক।)

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
এলেক্সা, কথা কোৱা | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...