বি শিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ পূৰবী বৰমুদৈ (১৯৫০-২০১৯)-এ ২০০৭ চনত ‘শান্তনুকুলনন্দন’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। বঁটা গ্ৰহণ কৰি তেখেতে প্ৰদান কৰা মূল ইংৰাজী ভাষণটিৰ অসমীয়া অনুবাদ আগবঢ়োৱা হৈছে।
সৃষ্টিৰ অভিজ্ঞতা
(২০০৭ চনত সাহিত্য অকাডেমি বঁটা গ্ৰহণ কৰি প্ৰদান কৰা লিখিত ভাষণৰ অসমীয়া অনুবাদ)

পূৰবী বৰমুদৈ
আচল লিখাৰ সময়খিনিৰ হুবহু অভিজ্ঞতা মই মনত পেলাব নোৱাৰোঁ। সেইখিনি সময়ত মই মোৰ লেখাৰ মাজত বিলীন হৈ থাকোঁ। সেই অভিজ্ঞতা বোধহয় আনন্দতকৈ বেছি বেদনাৰহে। লেখাৰ আগত আৰু পাছত কি থাকে, সেয়া আংশিকভাৱে মনত পেলাব পাৰি। কিছুমান সাক্ষাৎকাৰ লওঁতাই মোক সোধে যে মই ক’ৰপৰা প্ৰেৰণা পাওঁ আৰু কিহে মোৰ লেখা বৰ্তাই ৰাখে। মই তেওঁলোকক কওঁ যে প্ৰশ্নটো ওলোটাই সোধাহে উচিত। মই আচৰিত হওঁ, কোনে কোনে যে মোক অনুপ্ৰেৰণা নিদিয়ে অথবা মোৰ কল্পনাক কিহে কিহে যে বৰ্তাই নাৰাখে!
মই যি পঢ়োঁ, যি চাওঁ, যি স্পৰ্শ কৰোঁ, যি গোন্ধ পাওঁ আৰু যি অনুভৱ কৰোঁ, তাৰ দ্বাৰাই মই কিজানি অনুপ্ৰেৰণা পাইছোঁ। মই বুটলোঁ আৰু বাছি লওঁ। মই গ্ৰহণ কৰোঁ আৰু বৰ্জন কৰোঁ। মোৰ সমুখত থিয় হৈ থকা মানুহ এজনতকৈ এটা ঐতিহাসিক বা এটা কিংবদন্তীধৰ্মী চৰিত্ৰ বা পৰিস্থিতি অথবা এটা ঘটনা মোৰ বাবে বেছি বাস্তৱ। সেয়া হ’ল মোৰ বাস্তৱ অথবা অবাস্তৱৰ চেতনা। যেতিয়াই একোটা ধাৰণাই বা একোটা ভাবাৱেগে মূল ৰূপত মোক আঘাত কৰে, মই তাক মোৰপৰা সাৰি যাবলৈ নিদিওঁ। সময়ে অনুমতি দিলে মই তাৰ লগত খেলি থাকোঁ। লিখিবলৈ লওঁতে, মোৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু গ্ৰন্থ অধ্যয়নৰপৰা লাভ কৰা অভিজ্ঞতা— এই সকলোবোৰ লগ লাগে, বিলীন হয় আৰু পুনৰ গঢ় লয়।

শৈশৱত এবাৰ মোৰ মাৰ ফালৰ আইতাৰ ঘৰলৈ যাওঁতে এজনী বাঘ গাঁৱৰে ৰাইজে ফান্দত পেলোৱা দেখিছিলো। মোৰ ভাব হৈছিল, সেই অতিশয় ধুনীয়া জন্তুটোৱে বন্দী হোৱাৰ বাবে যিমান লজ্জিত আৰু অপমানিত বোধ কৰিছিল, তাইক সিমান মৃত্যুৰ ভয়েও সন্ত্ৰস্ত কৰিব পৰা নাছিল। দৃশ্যটোৱে মোক বহু বছৰলৈ আমনি কৰিছিল। সময় বাগৰাৰ লগে লগে বাঘজনীৰ ছবিখন মোৰ স্মৃতিত অধিকৰ পৰা অধিক অৰ্থই ঢাকি পেলাইছে। মোৰ আইতা, মা, বাই-ভনীসকল আৰু বহুতো অন্য নাৰীৰ সৈতে মই বাঘজনীৰ সাদৃশ্য দেখিছিলো, যিহেতু তেওঁলোক তেওঁলোকৰ পাকঘৰবোৰত বন্দী হৈ আছিল। ‘বাঘশাল, বাঘজাল আৰু মানুহ’ মই লিখিবলৈ লওঁতে বন্দী বাঘজনী বন্দিত্বত থকা সকলো নাৰীৰে এক ৰূপক হৈ পৰিছিল।

মই মোৰ শৈশৱৰ কল্পনাত মোৰ মাৰ ফালৰ আইতাগৰাকীৰ গাম্ভীৰ্যৰ সৈতে হাতীৰ ৰাজকীয়তাৰ সাদৃশ্য বিচাৰি পাইছিলো। তেওঁলোকৰ পৰিয়ালত খেদা-চিকাৰ কৰি হাতী পোৱালি ধৰাৰ আৰু তাক প্ৰশিক্ষণ দিয়াৰ পৰম্পৰা আছিল। অসমত হাতী ধৰাৰ এক দীঘলীয়া পৰম্পৰা আছে। ৰাজকীয় জন্তুটোক পোহ মনোৱাত মুক্তি আৰু বন্দিত্বৰ বৈপৰিত্যই ক্ৰিয়া কৰাটো মই চাব পাৰিছিলো। মানুহ-হাতীৰ মাজৰ সম্পৰ্কত হাতীটোৰ বন্দিত্বটো হ’ল প্ৰেমৰ, চিৰদিন ৰাজকীয় জন্তু হৈ থকাৰ স্বাধীনতাৰ প্ৰেম। মই ডাঙৰ হৈছিলো এই কথা বিশ্বাস কৰি যে প্ৰেম ভয়ংকৰ আকৰ্ষণ আৰু বিকৰ্ষণেৰে গঢ় লয়। তাৰ বহুদিনৰ পাছত মই ‘গজৰাজ, প্ৰেম আৰু বন্দিত্ব’ লিখিছিলো।
মই এগৰাকী ইতিহাসৰ ছাত্ৰ। যেতিয়া ইতিহাস পঢ়োঁ, ইতিহাসবিদসকলে এৰি থৈ যোৱা খালি ঠাইবোৰ পূৰাই মই উপভোগ কৰোঁ। এটা চিন্তা মোৰ মনলৈ প্ৰায়ে আহে। সেইটো হ’ল, নতুন সভ্যতাই পুৰণিৰ ধ্বংসাৱশেষতে গজালি মেলে। মোৰ ভাব হয় যদি পুৰণি সভ্যতাবোৰ আমাৰ মাজৰপৰা হেৰাই যায়! সময়ৰ প্ৰৱাহত আমাৰ অৱস্থিতি সংক্ষিপ্ত বুলি যেতিয়া মোৰ ভাব হয়, বিষাদৰ সুৰ এটা মোৰ কাণত বাজি উঠে। অতীতৰ ধ্বংসাৱশেষবোৰত এতিয়াও কি জীৱিত হৈ আছে মই তাৰ সন্ধান কৰোঁ।
মই ডাঙৰ-দীঘল হৈছিলোঁ তেজপুৰত, যিখন ঠাই প্ৰাচীন ধ্বংসাৱশেষেৰে ভৰা। সেই ধ্বংসাৱেশষবোৰ আৰু সেই বিষয়ে ডাঙৰসকলে কোৱা কাহিনীবোৰে মোক মোৰ শৈশৱত ভবাই তুলিছিল, মই যদি অতীতৰ জীৱন্ত মুহূৰ্তবোৰত বাস কৰিব পাৰিলোহেঁতেন!

ইতিহাসৰ এগৰাকী ছাত্ৰ হিচাপে মই ঊনবিংশ শতিকাৰ অসমৰ বিষয়ে পঢ়িছিলো আৰু দেখিছিলো যে বহু মানুহে ভবাৰ দৰে ঊনবিংশ শতিকাটো আচলতে বিংশ শতিকাৰপৰা বেলেগ নহয়। ঊনবিংশ শতিকাৰ অসমত অংকুৰিত হোৱা চিন্তাবোৰ আকাশলৈ ডাল-পাত মেলি আৰু শিপাৰে মাটিত দৃঢ় খোপনি লৈ মজবুত বৃক্ষলৈ ৰূপান্তৰিত হৈছিল। অসমৰ সমগ্ৰ ঊনবিংশ শতিকাটোক লৈ লিখা মোৰ ‘ৰূপোৱালী নৈৰ সোণোৱালী ঘাট’ হ’ল ইতিহাসৰ মোৰ নিজা অধ্যয়ন, যি হ’ল এক ধাৰাৱাহিকতা আৰু ইতিহাসৰ কোনো শেষ নাই। সময়ৰ জোখত এটা যুগ আন এটা যুগৰ দূৰৱৰ্তী হ’ব পাৰে, কিন্তু মানুহ হিচাপে আমি সকলোৱে অক্ষয় কিবা আগুৱাই লৈ যাওঁ। আমাৰ সকলোৰে মাজত এক অপৰিৱৰ্তনীয় সাৰভাগ আছে।

মই বিশ্বাস কৰোঁ যে ডাঙৰ নদীবোৰ ডাঙৰ সভ্যতাবোৰৰ গঢ় দিওঁতা। হাজাৰ উপনৈৰ দ্বাৰা পৰিপুষ্ট হৈ মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে স্ফীত জলধাৰ আৰু পকনীয়াৰ সৈতে ৰাজকীয় আৰু অপ্ৰতিৰোধ্যভাৱে বৈ আছে। আৰু ইয়াৰ পাৰত শতিকা জুৰি গঢ় লৈ উঠা সভ্যতাক এখন উপন্যাসৰ বিষয়বস্তু কৰিব পাৰি। এই সভ্যতা কেনেদৰে গঢ় লৈ উঠিছে আনতকৈ ব্ৰহ্মপুত্ৰই বেছি ভালকৈ জানে। গতিকে মই মোৰ উপন্যাস ‘শান্তনুকুলনন্দন’ত স্বয়ং ব্ৰহ্মপুত্ৰক কথক কৰোঁ।
মোৰ বিশ্বাস, কাহিনী সাহিত্যৰ আধুনিক পঢ়ুৱৈয়ে কাহিনী তথ্যপূৰ্ণ হোৱাটো বিচাৰে। গ্ৰন্থ অধ্যয়ন আৰু ক্ষেত্ৰ অধ্যয়নৰ মাজেৰে মই তথ্য সংগ্ৰহ কৰোঁ আৰু মোৰ উপন্যাসবোৰৰ বাবে এক তথ্যৰ ভঁৰাল গঢ়ি লওঁ।
আৰু তথ্য আৰু কাহিনীক মই মোৰ কথকতাত মিশ্ৰণ কৰোঁ। অসম লোকাচাৰ আৰু লোককথাত চহকী। সেইবোৰ নতুন অৰ্থৰে সৈতে এখন আধুনিক উপন্যাসৰ বোৱনত পছন্দ অনুসৰি গুঠিব পাৰি। মই নিজে তাকে কৰিছিলো।
মোৰ পঢ়ুৱৈৰ প্ৰতি পৰম শ্ৰদ্ধা আছে। আৰু মই শব্দৰ শক্তিত বিশ্বাস কৰোঁ। প্ৰতিটো শব্দই এক ইতিহাস কঢ়িয়ায় আৰু মই তাক পঢ়িবলৈ যত্ন কৰোঁ। মই সকলো মানুহকে বিশ্বাস কৰোঁ। এশজনৰ ভিতৰত নিৰান্নবৈজনে বিশ্বাস ভংগ কৰিব পাৰে, কিন্তু এজনে তাক ৰাখে আৰু সেয়া হ’ল মোৰ যথাৰ্থ লাভ। যিসকলে বিশ্বাস ভংগ কৰে তেওঁলোকৰো তেনে কৰাৰ অতি সংগত কাৰণ থাকিব পাৰে।
বন্ধুসকল, মোৰ অভিজ্ঞতাবোৰ ভগাই ল’বলৈ আজি আপোনালোকৰ সৈতে মই থাকিম বুলি ভাবিছিলো। মোৰ ভাগ্যই তাৰ অনুমতি নিদিলে। সেয়া মই বিনা অনুশোচনাৰে মানি লৈছোঁ। মোক আৰোগ্যৰ বাবে আৰু লেখা-মেলা পুনৰ আৰম্ভ কৰিবৰ বাবে আশীৰ্বাদ কৰক। তেতিয়া মই আকৌ এবাৰ এগৰাকী অতিশয় সুখী ব্যক্তি হ’ব পাৰিম। দূৰৈৰপৰাই মই আপোনালোকৰ আনন্দৰ ভাগীদাৰ হৈছোঁ। এদিন ক’ৰবাত আপোনালোকক লগ পাম বুলি মই আশাবাদী।
❧ | আৰু পঢ়ক:
- গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে
- নীলমণি ফুকনৰ চিঠিৰ পূৰ্ণপাঠ: ‘অন্য এক কলঙ্কিত অধ্যায়’ৰ বিষয়ে
- ভূপেন হাজৰিকাৰ ‘নতুন পুৰুষলৈ এখনি সৰু চিঠি’
- গান্ধীৰ বাবে গান্ধী
- যদি জীৱনে কান্দে নাই নাই বুলি
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক