বাঁ কৰ পুতেকৰ কাহিনী অসমীয়া লোকসমাজত মুখ বাগৰি চলি থকা জনপ্রিয় সাধু আছিল। আমি সৰুতেই আইতাৰ পৰা উত্তৰ গুৱাহাটীত সকলোৱে চিনি পোৱা বাঁকৰ পুতেকৰ কাহিনী শুনিছিলো। অতুল চন্দ্ৰ হাজৰিকাই তেখেতৰ ‘স্মৃতিৰ পাপৰি’ত সেই বাঁকৰ কাহিনীটো বহলাই আলোচনা কৰিছিল আৰু ঘৰে ঘৰে ভিক্ষা মাগি ফুৰা বাঁকৰ পুতেকটোৱে কি গাই ভিক্ষা খুজিছিল, সেই গান বা বচনটোও দিছিল। সেই ‘বাঁকৰ পুতেক’টোক মাহঁতে ভালদৰে লগ পাইছিল আৰু উত্তৰ গুৱাহাটীত সকলোৱে মনে-প্রাণে বিশ্বাস কৰিছিল যে ল’ৰাটো বাঁকৰ পুতেকেই হয়। ল’ৰাটোৰ মাকক মানুহে লেইলেই ছেইছেই নকৰাকৈ পুতেকৰ লগত থাকিব পৰাকৈ ঘৰ এটা সাজি দিছিল আৰু ভয় আৰু সমীহৰ চকুৰে চাইছিল। মানুহজনী হেনো লাহে লাহে কথা-বতৰা নোকোৱা হৈ আহিছিল আৰু দিনে-ৰাতি পানীৰ কাষত চুলি মেলি বহি কিবা ভাবি থাকিছিল। বাঁকৰ ছলনাৰে কোনে তাইৰ জীৱনলৈ সর্বনাশ আনিলে, সেই কথা হয়তো তাইহে জানিছিল, হয়তো জানিছিল তাইৰ অসহায় পৰিয়ালেও।
২০০৬ চনত প্ৰকাশ পোৱা মোৰ উপন্যাস ‘অনুপমা অৰুণা কুসুম ইত্যাদি’ৰ মাজত সেই কাহিনীটো মই বহলাই লিখিছিলো আৰু পাঠকে জানি ভালপোৱা বুলিও জনাইছিল। তাৰ পাছত এজন গল্পকাৰৰ ‘বাঁক’ নামৰ গল্পটো আৰু অন্য এজন পৰিচালকৰ চিনেমাত বাঁকৰ কাহিনী ব্যৱহৃত হোৱাৰ বহু বিতর্ক শুনিবলৈ পাই আছোঁ। বিতর্কটোত খামোচ মাৰি ধৰিবলৈ হ’লে মোৰ উপন্যাসখন আৰু অতুল চন্দ্ৰ হাজৰিকাৰ কিতাপখনলৈকো উজাই যাব লাগিব। তাৰ প্ৰয়োজন বোধ কৰা নাই। কথাবোৰ ধাৰাবাহিক। লোকসমাজত বিয়পি থকা কাহিনীৰ নানা ৰূপৰ প্ৰকাশ। সেই বিষয়ে বিতর্ক বা আলোচনা কৰাৰ ৰতি মোৰ নাই। কথা হ’ল, বাঁকৰ ৰূপত কোনে ক’ত কি কৰিছে ভাবি চাওঁতে সৰিয়হৰ ডুলিতে ভূত দেখাৰ অভিজ্ঞতাহে।
লোকসমাজত অপদেৱতা আৰু ভূতৰ বিশ্বাসে গভীৰলৈকে শিপাই থাকে। দেৱতা, উপদেৱতা আৰু অপদেৱতা— বিশ্বাসৰ তিনিটা ৰূপ৷ দেৱতাৰ নানা কীৰ্তি-কাহিনীৰে পুৰাণ-উপপুৰাণ ভৰপূৰ হৈ আছে। দেৱতাসকল সুন্দৰ, ক্ষমতাশালী আৰু ছলনাময়। দেৱতাৰ কাৰ্যকলাপ সকলো সময়তে শলাগৰ যোগ্য নহয়। সেয়েহে ‘দেৱতাই কৰিলে লীলা, মানুহে কৰিলে ধৰি-বান্ধি কিলা’ বুলি এষাৰি আপ্তবাক্যৰ প্ৰচলন আছে। উপদেৱতাসকল দেৱতাৰ দৰে স্বৰ্গত নাথাকে, মানুহৰ সমাজতে ইফালে-সিফালে আঁৰ লৈ থাকে বুলি বিশ্বাস কৰা হয়। বুঢ়া ডাঙৰীয়া, ঘৰ জেউতি আদি দেৱতাও নহয়, অপদেৱতাও নহয়, উপদেৱতাহে। গতিকে এইসমূহ শক্তি মানুহৰ ৰক্ষক আৰু অপমান নকৰিলে কাৰো অনিষ্ট নকৰে বুলি মানুহে বিশ্বাস কৰে। বাকী থাকিল অপদেৱতা বা ভূত। লোকবিশ্বাসত ভূতৰ অসংখ্য ভাগ আৰু বিচিত্ৰ কার্যকলাপৰ বিষয়ে মুখৰোচক আলোচনা পোৱা যায়। লক্ষ্মীনাথ বেজবৰুৱা আৰু অন্যসকলৰ সাধুকথাত অসমীয়া সমাজত প্ৰচলিত ভূতৰ নাম আৰু প্ৰকৃতিৰ বিৱৰণ পোৱা যায়। পিশাচ-তত্ত্বৰ বিষয়ে বেণুধৰ ৰাজখোৱাৰ কিতাপ এখনো আছে। অসমীয়া ভূতৰ বিষয়ে অতি বিশাল আৰু বিচিত্ৰ আলোচনা কৰিব পৰা যায়। কিন্তু কঠিন হ’ল মানুহৰ ৰূপ লৈ থকা ভূতবোৰ বিচাৰি সেইবোৰক বিহলঙনিৰে জৰাটোহে। অসমীয়া সমাজত বাঁকৰূপী মানুহ অসংখ্য আছে বুলি ক’ব পৰা যায়। বাতৰিৰ যোগেদি মাজে-সময়ে বাটে-পথে পেলাই যোৱা নৱজাতকৰ খবৰ পোৱা যায়। নতুন কেঁচুৱা একোটা মৰণৰ মুখত পৰিবলৈ এৰি দিয়া মানুহবোৰ মানুহ নামৰ যোগ্য নহয় যদিও বেছিভাগ বাতৰিতে ‘পাষাণী মাতৃ’ক ককৰ্থনা কৰা দেখা যায়। প্রকৃততে যিমানেই অসতী, বিপদগ্রস্তা বা নিৰুপায় নহওক, কোনো মাতৃয়ে নিজৰ সন্তানক ত্যাগ নকৰে, মৃত্যুৰ মুখত পেলোৱাৰ কথা ভাবিবই নোৱাৰে। জন্মদাতা কোনোবা পুৰুষ আৰু বংশ-পৰিয়ালে মাতৃক জোৰ কৰি বা বাধ্য কৰি শিশুটিক বিসর্জন দিয়ে। সেই জন্মৰ আঁৰত থকা ‘বাঁক’বিলাক সমাজত নিৰাপদে ৰৈ যায়, কলংকিনী হয় কুমাৰী মাতৃবোৰ।
অসমীয়া জাতিৰ অৱস্থা এতিয়া ভূতে পোৱা মানুহৰ দৰে হৈছে। নিজৰ ইচ্ছা আৰু বিবেচনাৰে কাম কৰিব নজনা হ’ল। সকলো সময়তে কোনোবা অদৃশ্য শক্তিয়ে পৰিচালনা কৰাৰ দৰে মাত-কথাত নিজৰ মনৰ কথা নোলায়, কোনোবাই শিকাই দিয়াৰ দৰে নিজৰে পৰিপন্থী বাক্যহে ওলায়। নিজৰ পৰিচয়ো সময়ে সময়ে পাহৰি পেলোৱা দেখা যায়। নিশাটোৰ ভিতৰতে টকাৰ পাহাৰ সজা, ক্ষুদ্ৰ চাকৰি কৰিও ৰাজকীয় জীৱন যাপন কৰিবলৈ সমৰ্থ হোৱা আৰু তাৰ বাবে লাজ পাবও নজনা অসমীয়া মানুহবোৰক দেখিলে স্বাভাৱিক যেন নালাগে। যেন আটাইবোৰ ভূতে পোৱা মানুহ। ভূতে পোৱা মানুহেই হয়। ভূতবোৰ পিছে বৰ ক্ষমতাশালী। লাপি-লুপা ভূত নহয়, অপদেৱতা বুলিলেহে খাপ খায়। এই অপদেৱতাবোৰৰ কথাৰ মোহিনী আৰু কাৰ্যৰ চমক অসাধাৰণ। সেয়েহে তেওঁলোকে যি শিকায়, মানুহে তাকেই কৰে। যি কথা ভাবিবলৈ মানা কৰে, মানুহে নাভাবে। এই অপদেৱতাবোৰে অসমীয়া জাতিটো লাহে লাহে ‘মস্তিষ্ক মৃত’ জাতি এটালৈ ৰূপান্তৰ কৰি আছে। কিছুদিনৰ পাছতে হয়তো জাতিটোৱে হাত-ভৰি লৰাবলৈও পাহৰিব, বাহিৰৰ পৰা উপৰুৱাভাৱে ঠেকা দি থোৱা জাতিৰ শৰীৰটোৱে লাহেকৈ লৰচৰ নকৰা হ’ব। তাৰ পাছত লাহেকৈ ঠেলা এটা মাৰি বৰলুইতৰ বুকুত পেলাই দিলেই অসমীয়া জাতি কাললৈ শেষ। অপদেৱতাৰ মুকলি বিচৰণৰ ঠাই সুগম হৈ পৰিব।
ভূতে পোৱা মানুহে নিজৰ নাম বাৰে বাৰে পাহৰে আৰু কেতিয়াবা আনৰ নাম কয়। অসমীয়া মানুহেও পাৰিলে নাম-উপাধি আটাইবোৰ সলাবলৈ উদগ্ৰীৱ হৈ আছে। ভূতে পোৱা মানুহৰ আহাৰ আৰু পানীয়ৰ কোনো জোখ নাথাকে। কেতিয়াবা দিনৰ পাছত দিন নোখোৱাকৈ থাকে, কেতিয়াবা একোটা মানুহেই ৰাক্ষসৰ দৰে খাই আনক হতবাক কৰে। অলপ মন কৰিলেই বুজা যাব যে অসমত কঁকালত গামোচা বন্ধা বহুত শিশু আছে, যি পঢ়াশালি বন্ধ হ’লে দুপৰীয়াৰ ভাতসাঁজ খাবলৈ নাপায় (বহু সময়ত স্কুললৈ যোৱাৰ আৰু স্কুললৈ পঠোৱাৰ অন্যতম কাৰণ এই ভাতসাঁজ, বিদ্যা লাভৰ আগ্ৰহ নহয়)। আনহাতে বিনামূলীয়া চাউল পাই খেতি কৰিবলৈ এৰি দিয়া সুখী নিবনুৱা ডেকাহঁতে অকল ভাতকেইটা কেনেকৈ খাব বুলি যি হাৰত হাঁহ-কুকুৰা-গাহৰি নিধন যজ্ঞত ভাগ লয়, সি মানুহকে নহয় অপদেৱতাসৱকো চমৎকৃত কৰে। বহি বহি মাছে-মঙহে, ৰসে-পানীয়ে খাই থকা জাতি বেমাৰী হয়। বেমাৰী জাতি সৰহ দিন জীয়াই নাথাকে। এইবোৰো ভূতে পোৱা জাতিৰ লক্ষণ। প্ৰায়বোৰ ৰাতি আৰু উৎসৱৰ দিনত, দিন দুপৰতো মনত ৰং লাগিলে বাটে-পথে যিবোৰ আটাহ পৰা মাত-কথা আৰু ‘বঢ়া বচন’ শুনিবলৈ পোৱা যায়, সেইবোৰ স্বাভাৱিক প্ৰকৃতিৰ মানুহৰ মনৰ পৰা নোলায়। এতিয়া সকলো অস্বাভাৱিক। এই অস্বাভাৱিকতাক স্বাভাৱিক বুলি মানি লোৱাটোৱেই এটা জাতিৰ মানসিক ৰোগৰ আগজাননী।
ধনৰ পিছে পিছে দৌৰি গুপ্ত ধনৰ মোহ এৰিব নোৱাৰি মৃত্যুৰ পাছত মানুহে ধনগুলৈ ভূতৰ ৰূপ লয় বুলি পুৰণি সমাজত প্ৰবল বিশ্বাস আছিল। আমাৰ সমাজত জীৱন্ত ধনগুলৈৰ আদি-অন্ত নাই। কাৰ কিমান গোপন সা-সম্পত্তি আছে, তাৰ হিচাপ ল’বলৈ গ’লে ভূতনাথ শিৱৰ ভঁৰালৰখীয়া কুবেৰৰো গণনাৰ আঁত হেৰাব। সকলোতকৈ খাপ খাই পৰা উপমা এটা হ’ল বাঁকৰ মোনাখন। বাঁকৰ মোনাত বাঁকৰ সকলো শক্তি হেনো সোমাই থাকে। সেই মোনাখন হাত কৰিব পাৰিলেই বাঁকটো গৰাকীৰ বশ হৈ থাকে। গৰাকীয়েও বোলে মোনাটো সৰিয়হৰ ডুলিত ভৰাই থৈ দিয়ে। ৰাজনীতিৰ জগতত সঘন দল বদল কৰা ঘটনাই আমাক যেতিয়া বিস্মিত কৰে আৰু আগৰ দলৰ ‘নিষ্ঠাৱান’ কৰ্মী একোজন ৰাতিটোৰ ভিতৰতে নতুন দললৈ গৈ তাতো সুদক্ষ তথা জনপ্ৰিয় হৈ পৰাৰ চমকলগা দৃশ্য দেখা যায়, তেতিয়া অভিজ্ঞসকলে বুজনি দিয়ে যে সেই দল বদল কৰোঁতাসকলৰ পূৰ্বৰ দুৰ্নীতি বা অপকৰ্মৰ কিবা ‘মোনা’ এটা হয়তো নতুন দলে হস্তগত কৰিছে। মোনা য’ত, বাঁকো ত’ত। এনেবোৰ ৰহস্যৰ কথাৰে অসমৰ সমাজখন উপচি আছে। কোন দেৱতা, কোন অপদেৱতা তাৰ আৰু চিন-মোকাম নাই। ভূতে লম্ভা জাতিক ৰক্ষা কৰিবলৈ বেজৰ হাতত নাই বিহলঙনি, বেজৰ নাকতো খৰে খাইছে। ক্ষমতাৰ সৰিয়হৰ ডুলিত লুকুৱাই থোৱা দুৰ্নীতিৰ মোনাবোৰ উলিয়াই আনিবলৈ কাৰো সাহস নাই। আতংকই সকলোকে বোবা কৰি তুলিছে। সৰু সৰু কথাত উত্ৰাৱল হৈ অবাইচ মাতেৰে বিতৰ্ক কৰি মতলীয়া হৈ থকা অসমীয়া ডেকা-গাভৰু এতিয়া আচল সমস্যাৰ প্ৰতি নির্বিকাৰ। বেজবৰুৱাৰ ভাষাত, সকলোকে ‘খেতৰসাইজে’ পাইছে। খেতৰ এবিধ এনেকুৱা ভূত, যি পথাৰে-সমাৰে ঘূৰি ফুৰে আৰু যাদুৰ বাণ মাৰি মানুহৰ চিন্তা কৰাৰ শক্তি নোহোৱা কৰে। অসমীয়া মানুহৰ বৰ্তমানৰ ধৰণ-কৰণ দেখি এইদৰেই নানা কথা মনলৈ আহিছে।
পূৰ্ব প্ৰকাশ: অসমীয়া প্ৰতিদিন
❧ | আৰু পঢ়ক: