ছা ত্ৰ-ছাত্ৰীসকলেই আমাৰ ভৱিষ্যৎ। দেশৰো আৰু আমাৰ সমাজৰো। সমাজ মানে আকৌ আমাৰ পৰিয়ালবোৰৰ সমষ্টিহে। প্ৰতিটো পৰিয়ালেই তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰক লৈয়ে ভৱিষ্যতৰ সপোন দেখে। ল’ৰা-ছোৱালীবোৰেই একোখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হয়গৈ। ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়ে উপযুক্ত শিক্ষকে। শিক্ষকক কমাৰ আৰু বিদ্যালয়ক কমাৰশাল বুলি কোৱা হয়। কমাৰশাল আৰু কমাৰজন সুদক্ষ হ’লেহে ভাল সঁজুলি নিৰ্মাণ হ’ব। বৃত্তিগত দিশত সুদক্ষ হোৱাৰ উপৰিও শিক্ষকসকল একো একোজন ভাল মানুহ হোৱাটো অপৰিহাৰ্য। সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে কৈছিল— ‘শিক্ষকসকল জাতিৰ শ্ৰেষ্ঠ ব্যক্তিত্ব হোৱা উচিত।’ অৰ্থাৎ গুণী-জ্ঞানী আৰু কৌশলী শিক্ষক আৰু উন্নত আন্তঃগাঁথনি তথা ব্যৱস্থাপনাৰে সমৃদ্ধ বিদ্যালয়বোৰেহে ‘আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ দায়িত্বশীল নাগৰিক’ গঢ়ি তুলিব পাৰিব।
ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বিকাশৰ মূলতে তিনিটা দিশ আছে, সেয়া হৈছে— মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক। বয়স অনুযায়ী এই তিনিও দিশৰ সংগতিপূৰ্ণ বিকাশ হৈ গৈ থাকিলেহে ছাত্ৰ বা ছাত্ৰী এগৰাকী পৈণত বয়সত ব্যক্তিত্বসম্পন্ন মানুহ হৈ উঠিবগৈ। ইয়াৰ কাৰণে প্ৰাথমিক স্তৰৰ পৰাই বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু সময়-তালিকাত বৌদ্ধিক, স্বাস্থ্যৰক্ষা আৰু আধ্যাত্মিক বিকাশৰ লগত সম্পৰ্কযুক্ত পাঠ আৰু কাৰ্যসূচী সংযুক্ত হৈ থাকিব লাগে। অৰ্থাৎ আমাৰ ছাত্ৰ-ছাত্ৰীয়ে বৌদ্ধিক বিকাশৰ বাবে অংক-সাধাৰণ বিজ্ঞান-কম্পিউটাৰ বিজ্ঞান-সমাজবিজ্ঞান; শাৰীৰিক বিকাশৰ বাবে ক্ৰীড়া আৰু আধ্যাত্মিক বিকাশৰ বাবে ধৰ্মশাস্ত্ৰবোৰৰ নিৰ্বাচিত কাহিনী, বৰগীত-জিকিৰ-দোহা আৰু দৰ্শন তত্ত্বৰ জ্ঞান শৈশৱৰ পৰাই পাই যাব লাগে। ছাত্ৰ-ছাত্ৰীৰ নৈতিক চৰিত্ৰৰ গঠন আৰু মনুষ্যত্ববোধ বৃদ্ধিৰ বাবে ধৰ্মকথা, গধুৰ ৰসৰ সংগীত আৰু মহান লোকৰ জীৱনচৰিত চৰ্চা বৰ দৰকাৰী। সাহিত্য, দৰ্শন আৰু ধৰ্মৰ অধ্যয়নৰ দ্বাৰা প্ৰজ্ঞা অধিক সহজে লাভ কৰিব পাৰি। এই বিষয়সমূহৰ অধ্যয়নে বিশ্ব-ব্ৰহ্মাণ্ডৰ উচ্চ নীতিসমূহ বুজিবলৈ আৰু জীৱনৰ কঠিন সমস্যাসমূহৰ সন্মুখীন হ’বলৈ সহায় কৰে।
আমাৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু আধ্যাত্মিক বিকাশৰ বাবে ক্ৰীড়া সঁজুলি, পুথিভঁৰাল, সংগীত চৰ্চাৰ সমল ইত্যাদি চৰকাৰে যোগান ধৰিছে যদিও সৰহ সংখ্যক বিদ্যালয়ত সেইবোৰ অব্যৱহৃত হৈয়ে পৰি ৰয়। এইটো অতি গুৰুত্বপূৰ্ণ যে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, শাৰীৰিক আৰু আধ্যাত্মিক বিকাশ সধাৰ উপৰিও উচ্চ শিক্ষাই ছাত্ৰ-ছাত্ৰীক জীৱিকাৰ বাট এটাও নিশ্চিতভাৱেই দিব পাৰিবগৈ লাগিব। সকলো দিয়ো যদি শিক্ষাই জীৱিকাৰ নিশ্চিতি দিব নোৱাৰে, সেই শিক্ষা আজিৰ যুগত অনুপযোগী।
শিক্ষাৰ মাধ্যম আৰু কৌশল সময়ৰ লগে লগে সলনি হৈ গৈছে। প্ৰযুক্তিৰ দ্ৰুত বিকাশে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিছে। ইণ্টাৰনেট যুগ আৰম্ভ হোৱাৰ লগে লগে ডিজিটেল লাৰ্নিং, অনলাইন পাঠদান, ই-বুক, চেল্ফ লাৰ্নিং, ডিজিটেল সাহিত্য আদি নতুন নতুন পদ্ধতি আৰু সমলবোৰ জনপ্ৰিয় হৈ উঠিছে। তৎসত্ত্বেও শিক্ষাৰ মাধ্যম হিচাপে পৰম্পৰাগত বিদ্যালয় ব্যৱস্থা আৰু শিক্ষকৰ মুখামুখি পাঠদানৰ গুৰুত্ব অলপো কমা নাই। কমা নাই তুলাপতীয়া পুথি, কাকত, আলোচনী আদি অধ্যয়নৰ গুৰুত্বও। গতিকে ছাত্ৰ-ছাত্ৰীৰ গুণগত দিশৰ উৎকৰ্ষ সাধনৰ বাবে আমাৰ বিদ্যালয়-সংগঠন আৰু শিক্ষক-সম্পদৰ মান উন্নত কৰাটো চৰকাৰ আৰু শিক্ষা বিভাগৰ মুখ্য কৰ্তব্য বুলি বিবেচিত হ’ব লাগে।
আজি আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন ২০০৯ কাৰ্যকৰী হৈ আছে। সাৰ্বজনীন নামভৰ্তিকৰণ, সাৰ্বজনীন সংৰক্ষণ আৰু সাৰ্বজনীন সুবিধা প্ৰদানৰ লক্ষ্যত উপনীত হ’বৰ বাবে ২০০২ চনৰ পৰা সৰ্বশিক্ষা মিছন, ২০০৯ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা মিছন আৰু ২০১৩-১৪ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ পৰিকাঠাম আৰু প্ৰশাসনিক দিশত অসংখ্য পৰিৱৰ্তন সধা হ’ল। হাজাৰ হাজাৰ নতুন শিক্ষক, প্ৰশাসক নিযুক্তি দিয়া হ’ল। সকলো শিক্ষককে প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলা হ’ল। ২০১৭ চনৰ ৪ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰতি বছৰে গুণোৎসৱসমূহো চলি আছে। কিন্তু পৰিতাপৰ কথা, ইমান বৃহৎ পৰিকল্পনা আৰু বাজেট ব্যয় সত্ত্বেও আমাৰ স্কুলীয়া শিক্ষাৰ মানৰ উন্নতি নহ’ল। শিক্ষাৰ ক্ষেত্ৰত থকা দীৰ্ঘ দিনৰ জ্বলন্ত সমস্যাবোৰৰো সমাধান নহ’ল। সৰ্বশিক্ষা মিছনৰ মূল লক্ষ্য— সাৰ্বজনীন নামভৰ্তিকৰণ, সংৰক্ষণ আৰু সুবিধা প্ৰদানৰ লক্ষ্যতো চৰকাৰ উপনীত হ’ব নোৱাৰিলে। শিক্ষামন্ত্ৰীজনে নিজেই উল্লেখ কৰিছে যে ২০২১-২২ চনৰ পৰিসংখ্যা মতে প্ৰাথমিকত ৬.০২%, উচ্চ প্ৰাথমিকত ৮.৮% আৰু মাধ্যমিক স্তৰত ২০.৩% ছাত্ৰ-ছাত্ৰী ড্ৰপ-আউট হৈছে।
বিদ্যালয়ৰ শ্ৰেণীকোঠা, খোৱা পানী, টয়লেট, চৌহদৰ বেৰা, খেলপথাৰ আৰু খেলা-ধূলাৰ সূচী-সঁজুলি, সৌন্দৰ্যবৰ্ধক আঁচনি, পুথিভঁৰাল, বৈদ্যুতিকৰণ, মধ্যাহ্ন ভোজনৰ মান আদি সকলো দিশতে আমাৰ বিদ্যালয়বোৰৰ অৱস্থা আজিও পয়ালগা। চৰকাৰী পুঁজিৰ ব্যাপক অপব্যয় আৰু লুণ্ঠনৰ বাবেই পয়ালগা আমাৰ অধিক সংখ্যক বিদ্যালয়ৰ চেহেৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অতি অনাকৰ্ষণীয় হৈয়ে ৰ’ল। শিক্ষকৰ অসম বিতৰণ, উদ্যমহীন পাঠদান, বিদ্যালয় প্ৰশাসনৰ দুৰ্বলতা, বিভাগীয় এচাম বিষয়া-কৰ্মচাৰীৰ অতপালি ইত্যাদি কাৰকৰ বাবেও বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ নষ্ট হৈ আছে। এনে সমস্যাজৰ্জৰ চৰকাৰী বিদ্যালয়বোৰক এৰি আমাৰ অভিভাৱকসকলে সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাতহে গুৰুত্ব দি থকা দেখা গৈছে।
মুখ্যমন্ত্ৰীজনে নিজেই কৈছে, ২০১২ চনত ৰাজ্যৰ ৮০ শতাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়লৈ গৈছিল আৰু বৰ্তমান ৬৮ শতাংশ ছাত্ৰ-ছাত্ৰীহে চৰকাৰী বিদ্যালয়লৈ যায়। এফালৰ পৰা ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ্যালয়বোৰ বন্ধ হৈ পৰিছে। চৰকাৰে ২০২২ বৰ্ষত ১৭১০খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিছে আৰু আঠ হাজাৰমান স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰি দিছে। গতিকে ৰাজ্যৰ স্কুলীয়া শিক্ষাই সন্মুখীন হোৱা শেহতীয়া প্ৰত্যাহ্বানবোৰ বুজি আমি দায়িত্বশীল শিক্ষক-কৰ্মচাৰী-অভিভাৱক সকলোৱে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ ৰক্ষাৰ ক্ষেত্ৰত নিজৰ পৰ্যায়ত যিমান পাৰি সিমান ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগে।
এখন বিদ্যালয়ত শিক্ষক সকলক মালী আৰু ছাত্ৰ-ছাত্ৰীসকলক ফুলৰ পুলিৰ লগত তুলনা কৰা হয়। মালীৰ আন্তৰিক যত্নৰ ফলতহে সৰু সৰু কোমল ফুলৰ পুলিবোৰ লাহে লাহে বৃদ্ধি আৰু বিকশিত হৈ ফুলনিখন পত্ৰ-পুষ্পৰে জাতিষ্কাৰ কৰি তোলে। গতিকে আজিৰ আমাৰ সমস্যাজৰ্জৰ চৰকাৰী বিদ্যালয়বোৰ আৰু কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক উন্নতিত ফুলনিৰ মালী স্বৰূপ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি বিবেচিত।
শিক্ষকসকলৰ মুখ্য কৰ্ম হ’ল পাঠদান। পাঠদান মানে কেৱল গণিত, ইংৰাজী, বিজ্ঞান আদি বিষয়সমূহৰ নিৰ্ধাৰিত পাঠ্যক্ৰম (চিলেবাচ)খন যান্ত্ৰিকভাৱে পঢ়ুৱাই বছৰেকীয়া পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাই দিয়াটোকে বুলি ভাবিব নালাগে। পাঠ্যক্ৰম এখন চানেকিহে মাত্ৰ। যিদৰে সুদক্ষ শিপিনীয়ে এখন চানেকিৰ সহায়ত গ্ৰাহকৰ মনপচন্দৰ ভিন্ন ভিন্ন ফুল আৰু শৈলীৰ কাপোৰ-গামোচা বই উলিয়াব পাৰে, একেদৰে সুদক্ষ শিক্ষক এজনেও সৰু চিলেবাচখনৰ আধাৰতে বিভিন্ন ক্ষেত্ৰৰ আহল-বহল জ্ঞান ছাত্ৰ-ছাত্ৰীক দান কৰিব পাৰে। ইয়াৰ বাবে শিক্ষকসকলে চাকৰি কৰাৰ স্থূল মনোভাৱ এৰি দি সমাজসেৱা কৰাৰ বহল মনোভাবেৰে বিদ্যালয়লৈ অহা-যোৱা কৰিব লাগিব।
ভাল শিক্ষক হ’বলৈ শিক্ষকসকলে নিজকে আজীৱন শিক্ষাৰ্থী বুলি অনুভৱ কৰি নিজৰ অধ্যয়ন নিৰলসভাবে চলাই যাব লাগিব। পাঠদানৰ বেলিকা আকৰ্ষণীয় আৰু উদ্ভাৱনীমূলক কৌশল প্ৰয়োগ কৰাত সদা সজাগ হ’ব লাগিব। তথ্যপ্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ যুগত আজিৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন যান্ত্ৰিক উৎসৰ পৰা প্ৰয়োজনীয় তথ্য, জ্ঞান আদি আহৰণ কৰিবই। জ্ঞানৰ সেইবোৰ যান্ত্ৰিক উৎসতকৈও শিক্ষকসকল অধিক ক্ষিপ্ৰ, নিৰ্ভৰযোগ্য আৰু মানৱীয় উৎস হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত সদায় জনপ্ৰিয় হ’বলৈ যত্ন কৰি যাব লাগিব।
শিক্ষকসকলে মনোবৈজ্ঞানিক সত্যবোৰৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বিভিন্নতাক স্বীকাৰ কৰি সেই অনুযায়ী যিমান পাৰি সিমান তেওঁলোকক ব্যক্তিগত নিৰ্দেশনা (personalized instruction) প্ৰদান কৰিব লাগিব। আমি কলা বিষয়ৰ বহু শিক্ষকৰ ক্ষেত্ৰত দেখোঁ, তেওঁলোকে আজিও শ্ৰেণীকোঠাত সোমাই আথেবেথে চকীখনত বহি লৈ একপক্ষীয়ভাৱে ছাত্ৰ-ছাত্ৰীক ভাষণ দি থাকে। ছাত্ৰ-ছাত্ৰী নীৰৱ শ্ৰোতা আৰু শিক্ষকজন সক্ৰিয় বক্তা হৈ পৰে। আনকি বিজ্ঞান আৰু গণিত বিষয়ৰ বহু শিক্ষকেও শ্ৰেণীকোঠাত নিজৰ একচ্ছত্ৰী শাসন চলাই থাকে। এয়া ভুল পদ্ধতি। বহু শিক্ষকে আকৌ ছাত্ৰ-ছাত্ৰীক ওপৰাউপৰি প্ৰশ্নৰে ব্যতিব্যস্ত কৰি ভাল পায়। আনকি ছাত্ৰ-ছাত্ৰী বিশেষক ঠাট্টা-মস্কৰা বা শাৰীৰিক শাস্তি প্ৰদান কৰিও আসুৰিক তৃপ্তি লাভ কৰে। এনে চৰিত্ৰৰ শিক্ষকসকল প্ৰকৃতাৰ্থত শিক্ষকতা বৃত্তিৰ বাবে অনুপযুক্ত।
শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানৰ দৰে গণ্য কৰি আদৰ-যত্ন কৰিব পাৰিবই লাগিব। ছাত্ৰ-ছাত্ৰীক হাতে-কামে কৰি শিকাৰ পৰিৱেশ দিয়া আৰু সতৰ্কতাৰে নিজৰ পদ্ধতিত কাম কৰাৰ কিছু স্বাধীনতা শ্ৰেণীকোঠাত প্ৰদান কৰিব পাৰিলে সহজেই তেওঁলোকে বিষয়বস্তু আয়ত্ত কৰিব পাৰিব। এনে পদ্ধতিত ছাত্ৰ-ছাত্ৰীৰ নিজস্ব চিন্তা, বিচাৰ-বিশ্লেষণ ক্ষমতা, কাৰ্য কৰাৰ কৌশল আদি দক্ষতাবোৰৰ বিকাশ হয় আৰু লাহে লাহে তেওঁলোকে বৌদ্ধিক আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়ে। ছাত্ৰ-ছাত্ৰীৰ মগজুৰ কাৰ্যক্ষমতা বা বুদ্ধিৰ উৎকৰ্ষ সাধন কৰাহে পাঠদানৰ উদেশ্য হ’ব লাগে, পৰীক্ষাত অধিক নম্বৰ পোৱাৰ কিটিপ-কায়দা শিকোৱাটো নহয়।
অভিভাৱকসকল ছাত্ৰ-ছাত্ৰীৰ বাবে কেৱল পিতৃ-মাতৃয়েই নহয়, বৰং পৰম বন্ধু। তেওঁলোকে নিজৰ বৃত্তি আৰু গৃহকৰ্মত দিয়া সময়ৰ পৰা দৈনিক কিছু অংশ বচাই সেয়া সন্তানসকলৰ শিক্ষা-দীক্ষাৰ নিমিত্তে খৰচ কৰিব লাগিব। যি কৰ্ম কৰিছোঁ, সন্তানসকলৰ সুন্দৰ ভৱিষ্যতৰ বাবেই কৰিছোঁ— এনে মনোভাবেৰে পিতৃ-মাতৃসকলে সততাৰে দৈনন্দিন কাৰ্যসূচীবোৰ চলাই নিব লাগিব। তেওঁলোকৰ প্ৰতিটো ইতিবাচক সিদ্ধান্তৰ কেন্দ্ৰ হ’ব লাগিব নিজৰ সন্তানসকল বা সন্তানসকলৰ শৈক্ষিক স্বাৰ্থবোৰ। সন্তানসকলৰ বাদে পিতৃ-মাতৃৰ বাবে আৰুনো আছে কি ডাঙৰ সম্পদ! ঐশ্বৰ্য-বিভূতি, সামাজিক দায়-দায়িত্ব, যিকোনো ৰং-ৰহস্য, বন্ধুবৰ্গৰ সান্নিধ্য— এই সকলোবোৰৰ ঊৰ্ধ্বত নিজৰ সন্তানসকলৰ ভৱিষ্যৎ। সন্তানসকলক প্ৰকৃত মানুহ কৰি তুলিব নোৱাৰিলে আন কোনো সম্পদ-সন্মানে পিতৃ-মাতৃক সুখী কৰিব নোৱাৰে। সন্তান মূৰ্খ আৰু কু-চৰিত্ৰৰ হ’লে পিতৃ-মাতৃৰ আৰ্জিত ধন-সম্পদ, সন্মান দুদিনতে নাশ হ’ব। চৰিত্ৰবান আৰু স্বাৱলম্বী সন্তানৰ পিতৃ-মাতৃ হ’বলৈ সন্তান জন্ম দিলেই নহ’ব, তাৰপাছত অনেক সাধিব লাগিব। সন্তানসকল চৰিত্ৰবান, নিয়মানুৱৰ্তী আৰু অধ্যয়নপিয়াসী হোৱাৰ পূৰ্বে পিতৃ-মাতৃ নিজে তেনে হ’ব লাগিব।
অৰ্থ উপাৰ্জন, ব্যৱসায় বিস্তাৰ, ৰাজহুৱা দায়িত্ব পালন, কৃষিকৰ্ম কৰা ইত্যাদি অৱশ্যে কৰণীয় কামবোৰত লাগি থাকোঁতেই বহু পিতৃ-মাতৃয়ে জীৱনৰ মুখ্য কামটো, অৰ্থাৎ সন্তানৰ বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক শিক্ষালাভত মনোযোগ দিবলৈ আজৰি নোপোৱা হয়। বহু দৰিদ্ৰ পিতৃ-মাতৃৃয়ে ভাত-কাপোৰৰ যোগাৰ-যতন কৰি থাকোঁতেই সমষ্ট সময় পাত কৰে। বহুতে ধন-দৌলত, পদ আৰু বঁটা-বাহনৰ পিছত দৌৰি ফুৰোঁতেই সন্তানসকলৰ ফালে চাবলৈ সময় নাপায়। বহুতে তথাকথিত সমাজসেৱাৰ নামত সভা-সমিতিত নীতিশিক্ষা দি ফুৰোঁতেই নিজৰ ল’ৰা-ছোৱালীয়ে কুন্ধচ ৰূপ লয়। বহুতে সৰুতেই সন্তানসকলক আবাসিক বিদ্যালয়ত নামভৰ্তি কৰি দি নিজৰ জঞ্জাল মাৰি লয়। মনত ৰখা ভাল— পিতৃ-মাতৃৃ, অভিভাৱকসকলে নিজৰ বৃত্তিগত জীৱনৰ কৰ্মব্যস্ততাৰ মাজতো সন্তানসকলক প্ৰতিদিনে মানৱীয় সংস্পৰ্শ দি যোৱাটো কৰ্তব্য।
সন্তানসকলৰ প্ৰতিভা আৰু শিক্ষা বিকাশৰ বাবে গৃহ পৰিৱেশক উদগনিমূলক কৰি তুলিব লাগিব। ঘৰখনৰ বাবে বজাৰৰ অত্যধুনিক আচবাববোৰ কিনাৰ দৰেই সন্তানৰ মন আৰু মগজুৰ খোৰাক নিৰ্বাপিত কৰিব পৰা অতিকমেও এখন দৈনিক বাতৰি কাকত, এখন আলোচনী, মাহেকে-পষেকে দুই-চাৰিখন শিশু-কিশোৰৰ উপযোগী গ্ৰন্থ কিনিবলৈও কিছু টকা ভাঙিব লাগিব। দুখীয়া পিতৃ-মাতৃৃসকলে আনৰ পৰা সংগ্ৰহ কৰি হ’লেও সন্তানক কাকত-আলোচনী আৰু গ্ৰন্থ পঢ়িবলৈ উৎসাহিত কৰিব লাগিব। বিদ্যালয়ৰ অভিভাৱক সভাত অংশগ্ৰহণ কৰাৰ উপৰিও মাজে-সময়ে পিতৃ-মাতৃৃসকলে বিদ্যালয়লৈ গৈ শিক্ষকসকলৰ লগত সন্তানসকলৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান ল’ব লাগে।
নিচাজাতীয় দ্ৰব্য সেৱন, পৰচৰ্চা, অত্যধিক হাঁহি-তামাছা কৰা, সন্ধিয়া বা মাজনিশালৈকে চিনেমা-চিৰিয়েল উপভোগ কৰা, তাচপাত খেলা, পৰৰ ঘৰত নৈশ যাপন কৰা বা আলহী-অতিথিক সৰহদিন নিজৰ ঘৰত থাকিবলৈ দিয়া, আত্মযশ কৰা ইত্যাদি বদ অভ্যাসবোৰ পিতৃ-মাতৃৃ, অভিভাৱকসকলে প্ৰথম নিজে পৰিত্যাগ কৰিব লাগিব। বেলি ওলোৱাৰ পূৰ্বেই বিচনা এৰা আৰু সময় তালিকা মতে দিনটোৰ কৰ্ম-কৰ্তব্যবোৰ কৰি সন্ধিয়া সোনকালে ঘৰ সোমোৱাৰ অভ্যাস অভিভাৱকসকলে আগতীয়াকৈ কৰিব লাগিব। সন্ধিয়া প্ৰাৰ্থনা বা ঈশ্বৰসেৱা কৰি অভিভাৱকসকলেও পঢ়াশুনা কৰাৰ আদৰ্শ সন্তানক দেখুৱাব পাৰিব লাগিব।
ঘৰখনত মাতৃগৰাকীৰ গুৰুত্ব আৰু সন্তানসকলৰ ওপৰত তেখেতৰ প্ৰভাৱ অপৰিসীম। মাতৃগৰাকী সন্তানসকলৰ প্ৰতি যিমান দায়িত্বশীল, প্ৰয়োজন সাপেক্ষে সিমান কঠোৰ হ’ব পাৰিলে সন্তানসকল সহজেই নিয়মানুৱৰ্তী হৈ উঠিব। অপত্য স্নেহত ডুবি মাতৃসকলে সন্তানক প্ৰশ্ৰয় দিওঁতে দিওঁতে বহু সন্তান অকালতে নষ্ট হৈ যোৱাটো আমি সকলোৱে প্ৰত্যক্ষ কৰি আছোঁ।
ছাত্ৰ-ছাত্ৰীসকল সমাজৰ ভৱিষ্যৎ। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশত স্থানীয় সমাজৰ অপৰিসীম অৱদান থাকে। বৰ্তমান তাহানিৰ সেই সামাজিক অভিভাৱকত্বৰ দিনবোৰ নোহোৱা হোৱাটো বৰ ক্ষতিকাৰক কথা হৈ পৰিল। পিতৃ-মাতৃৃৰ ওচৰৰ পৰা দিনটোৰ বাবে ওলাই অহা ল’ৰা-ছোৱালীবোৰক বাটে-পথে, হাটে-বজাৰে স্থানীয় জ্যেষ্ঠ লোকসকলে নজৰ দি থকাটো অলিখিত দায়িত্ব আছিল। এই সামাজিক অভিভাৱকত্বৰ ওপৰত পিতৃ-মাতৃৃসকলৰ যথেষ্ট আস্থা-বিশ্বাস আছিল আৰু ল’ৰা-ছোৱালীবোৰেও সেইসকল স্থানীয় অভিভাৱকক সমীহ-সন্মান কৰি চলিছিল। গতিকে, সৌ সিদিনালৈকে কিশোৰ-কিশোৰী পৰ্যন্ত বিপথগামী হোৱাৰ পৰা বাচি আছিল।
এই নতুন শতিকাটোত সমাজলৈ বস্তুগত আৰু আদৰ্শগত দ্ৰুত পৰিৱৰ্তন আহিল। প্ৰযুক্তি আৰু যাতায়াত-যোগাযোগৰ উন্নয়নে জকাইচুকীয়া গাঁও পৰ্যন্ত সামৰি ল’লে। ৰাইজৰ আৰ্জন-উপাৰ্জনো বহুত বাঢ়িল। লগে লগে চহৰৰ পৰা বগুৱা বাই আহিল পণ্যৰ বজাৰখনো। পণ্যৰ মাজত সোমাই ভোগত মাতাল হৈ পৰিল নতুন শতিকাৰ মানুহবোৰ। ক্ৰমে অসুস্থ প্ৰতিযোগিতাত দৌৰিবলৈ আৰম্ভ কৰা মানুহবোৰ আজি প্ৰতিজনেই যেন সিজনৰ প্ৰতিদ্বন্দ্বী— তেনে হৈ পৰিল। চৰম আত্মকেন্দ্ৰিক চিন্তা আৰু প্ৰদৰ্শনকামীতাত মত্ত হৈ থকা মানুহবোৰক আজি ভাল উপদেশ এটা দিলেও বেয়া পোৱা হ’ল। গতিকে, পঢ়াশুনালৈ পিঠি দি কাৰ ল’ৰা-ছোৱালীয়ে ক’ত আড্ডা দি আছে, ক’ত মদ-ভাং খাই পৰি আছে বা ক’ত কি অঘটন কৰিছে— স্থানীয় মানুহে আপত্তি কৰিবলৈ সাহস নকৰা হৈ পৰিল। ফলত চুড়ান্ত বিশৃংখলতাৰ দিশে গৈ আছে সমাজ। সমাজৰ এই অধোগতিক ৰোধ কৰাটোৱেই এতিয়া আমাৰ প্ৰধান কৰ্তব্য।
সামাজিক সংস্থা সমূহ, যেনে মইনা পাৰিজাত, শাখা ছাত্ৰ সন্থা, শাখা সাহিত্য সভা, যুৱক সংঘ, ক্ৰীড়া সন্থা, শংকৰী কলা-কৃষ্টি সংঘ, স্থানীয় পুথিভঁৰাল, শাখা নাট্য সমিতি, সংগীত বিদ্যালয়, প্ৰকৃতি সংৰক্ষণ কেন্দ্ৰ আদিৰ নেতৃত্বত স্থানীয় ৰাইজ ঐক্যবদ্ধ হৈ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নিৰন্তৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি থাকিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীয়ে আজৰি সময়ৰ অপব্যয় কৰিব নোৱাৰে। এইটো ঠিক যে যিটো অঞ্চলত বিদ্যালয়ৰ ভিতৰত আৰু বিদ্যালয়ৰ বাহিৰত দুখন শিক্ষানুষ্ঠান (এখন বিদ্যায়তনিক আনখন সহ-বিদ্যায়তনিক) প্ৰতিদিনে নিয়মীয়াকৈ চলি থাকে, সেই অঞ্চলটো সোনকালেই সংস্কৃতিবান মানুহেৰে পূৰ হৈ পৰিব।
পৰিশেষত, ক’ব পাৰি যে পিতৃ-মাতৃৃৰ দৃষ্টি-দৰ্শনৰ ওপৰতে সন্তানসকলৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে সৰ্বাধিক। ধন-সম্পদৰ দুখীয়া হ’লেও জ্ঞানী পিতৃ-মাতৃৃৰ সন্তানে জীৱনত সাফল্য আৰ্জে সহজে।
❧ | আৰু পঢ়ক:
- বিদ্যালয় পৰিচালনা সমিতি: কাৰ্যাৱলী, ক্ষমতা, দায়িত্ব আৰু কৰ্তব্য
- টেটৰ মাষ্টৰ
- শিক্ষক, শিক্ষকতা বৃত্তি আৰু প্ৰত্যাহ্বান
- জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থা
- জাতিৰ উন্নতি আৰু বিজ্ঞানৰ সম্বন্ধ
Follow Nilacharai on Facebook