১ ৯৩০ চনৰ পাছৰ কথা। মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামে ইতিমধ্যে দেশজুৰি জন-জাগৰণৰ সৃষ্টি কৰিছিল। কোচবিহাৰত সেই সময়ত এজন দেশীয় ৰজাই শাসনকার্য চলাইছিল। তেওঁক নিয়ন্ত্ৰণ কৰিছিল ইংৰাজ ৰেছিডেণ্ট বিষয়াই। তেতিয়াৰ দিনৰ বৃটিছ শাসকবর্গৰ নিয়ম— কোনো বৃটিছ বিষয়া বাটেৰে গৈ থাকিলে অন্য বাটৰুৱাসকলে বাটৰ কাষত ৰৈ থাকিব লাগিছিল। এনে বৈষম্যৰ বিৰুদ্ধে বিষ্ণু ৰাভাই প্রতিবাদ সাব্যস্ত কৰাৰ চিন্তা কৰিলে।
এদিন পুৱা ছয়-সাতজনমান সমনীয়াৰ সৈতে খোজকাঢ়ি থাকোঁতে ইংৰাজ ৰেছিডেণ্ট জেনেৰেল হাচিঞ্চন আৰু দেৱান নলিনী ৰঞ্জন মাস্তগীৰ ঘোঁৰাৰ পিঠিত উঠি গৈ আছিল। বিষ্ণু ৰাভা আৰু তেওঁৰ সমনীয়াৰ বাদে সকলোৱে বাটৰ কাষত মূৰ তল কৰিছিল। কিন্তু বিষ্ণু ৰাভা আৰু তেওঁৰ সমনীয়া বন্ধুসকলে মূৰ তল নকৰাকৈ গৈ থাকিল। অসন্তুষ্ট মাস্তগীৰ আৰু হাচিঞ্চনে তেওঁলোকক ৰাষ্ট্ৰদোষী আখ্যা দি আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিলে। এই নিৰ্দেশক কেৰেপ নকৰি ইয়াৰ বিপৰীতে এখন বগা কাগজত এটা বগা আৰু এটা ক’লা ৰঙৰ পঠা ছাগলীৰ ছবি আঁকি তলৰ কবিতাটি লিখি ৰাজপ্ৰসাদৰ দেৱালৰ বেৰত আঁৰি আহিল—
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মংগল চাও
দুইটি পাঠাই বলি দাও।”
ৰাভা আৰু তেওঁৰ সতীৰ্থসকলৰ এই কাৰ্যত ক্ষুণ্ণ হৈ ৰাভাক ২৪ ঘণ্টাৰ ভিতৰত কোচবিহাৰ ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হয়। ৰাজদৰবাৰৰ ৰোষত পৰি ৰাভা আৰু তেওঁৰ লগৰীয়াসকলে কোচবিহাৰ ত্যাগ কৰে। সেই সময়তে তেওঁৰ মাতৃৰ বিয়োগৰ খবৰ আহে।
কিছুদিনৰ পাছত তেওঁ পূৰ্ব-বংগৰ মাইকেল কলেজত ভৰ্তি হয়। মাইকেল কলেজত তেওঁ ক্ৰিকেট বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়। কোচবিহাৰ ত্যাগ কৰাৰ পাছতো তেওঁৰ বৃটিছ বিৰোধিতা কমি যোৱা নাছিল। সেই সময়ৰ মাইকেল কলেজৰ তিনিমহলীয়া অট্টালিকাৰ ওপৰত উৰি থকা বৃটিছৰ ৰাষ্ট্রীয় পতাকা ‘ইউনিয়ন জেক’খন ৰাভা আৰু কেইজনমানে নমাই জ্বলাই দিয়ে আৰু তাৰ ঠাইত ভাৰতীয় ত্ৰিৰংগা পতাকা আঁৰি দিয়ে। বৃটিছ প্ৰশাসনে এই ঘটনাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। মাইকেল কলেজত পঢ়ি থাকোঁতে সৰস্বতী মূৰ্তি নিজেই সাজি, পূজা কৰি, মূৰ্তি বিসৰ্জন দিছিল ৰাভাই। এই কাৰণত কুমাৰ সম্প্ৰদায় ক্ষুণ্ণ হয়। বিভিন্ন ঘটনাৰ ফলস্বৰূপে ৰাভাই মাইকেল কলেজ এৰিবলৈ বাধ্য হয়। অনেক হাৰাশাস্তিৰ মাজেৰে ১৯৩১ চনত ৰাভাৰ ছাত্ৰ জীৱনৰ সমাপ্তি ঘটে।
ছাত্ৰ জীৱনৰ মাজেৰেই তেওঁৰ অভিজ্ঞতা আৰু বুজন শক্তি দৃঢ় হৈ উঠে। ৰাভাই খাটি খোৱা মানুহৰ জীৱনৰ লগত মাটিৰ সম্পৰ্কৰ আলোকপাত কৰি তেওঁৰ লেখা-মেলা, গীত, কবিতা, প্ৰবন্ধত উল্লেখ কৰে। মানৱ জীৱনৰ লগত যিহেতু শ্ৰমৰ সম্পৰ্ক আছে, গতিকে সংস্কৃতিৰ লগতো শ্ৰমৰ সম্পৰ্ক আছে।এটা জাতিৰ বৈশিষ্ট্যও নিৰ্ভৰ কৰে সেই জাতিৰ শ্ৰমজীৱী জনতাৰ জীৱনধাৰণ আৰু আচাৰ-অনুষ্ঠানৰ সৈতে। বিশ্ববিশ্ৰুত শিল্পী পল ৰবচনে জাতিৰ বৈশিষ্ট্যৰ বিচাৰ কৰিবলৈ গৈ Here I Stand শীৰ্ষক লেখাত উল্লেখ কৰিছিল— “এটা জাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিচাৰ কৰা যায় সেই জাতিৰ শ্ৰমজীৱীসকলৰ জীৱনৰ মূল্যায়নৰ পৰাহে।” এই ক্ষেত্ৰত কাডৱালে লিখিছে— “এটা জাতিৰ সামাজিক মান নিৰ্ভৰ কৰে সেই জাতিৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত। সেয়ে সংস্কৃতিক অৰ্থনৈতিক উৎপাদনৰ পৰা পৃথক কৰিব নোৱাৰি।” (Culture cannot be separated from economic production: Christopher Caudwell: Illusion and reality)
বিষ্ণু ৰাভাৰ সংস্কৃতি-চিন্তা বহু পৰিমাণে কাডৱেল আৰু পল ৰবচনৰ ধাৰণাৰ সৈতে সম্পৰ্কযুক্ত। ৰাভাৰ চিন্তাত শ্ৰমজীৱী মানুহে যথেষ্ট গুৰুত্ব লাভ কৰিছে। তেওঁ নিজৰ ‘অসমীয়া কৃষ্টি’ শীৰ্ষক লেখাটিত কৃষ্টি-সংস্কৃতিৰ সংজ্ঞা দাঙি ধৰিছে এইদৰে— “কৃষ্টি হৈছে— কৃষ ধাতু ‘ক্তি’ প্ৰত্যয়ৰ সংযোগত কৃষ্টি। কৃষি বিষয়ক মাত্ৰেই কৃষ্টি অৰ্থাৎ কৰ্ষণেই কৃষ্টি। ভূমি কৰ্ষণেই কৃষ্টি নহয়, অদৃশ্য অন্তৰীক্ষৰ শূন্যময় পথাৰ কৰ্ষণেই কৃষ্টি আৰু হৃদীস্থানত বা কেৱল হৃদয়ৰ কুণ্ডলনী চক্ৰত নাইবা মস্তিষ্কৰ মাজত আলোড়ন তোলা কৰ্ষণো কৃষ্টি।”…
“…কাব্য, গান, শিল্প, দৰ্শন, ধ্যান-ধাৰণাই নাইবা আচাৰ-অনুষ্ঠানেই ভদ্ৰতা-শিষ্টাচাৰ নীতি-নিয়মকেই সাধাৰণতঃ মানুহে বুজে কৃষ্টি বা কালচাৰ বুলি। কিন্তু দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি, আচল সংস্কৃতি, ৰিয়েল কালচাৰ। জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতত যিদৰে কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন যাত্ৰাও তেনেকৈ আগুৱাই যায়। গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি-সংস্কৃতি ওতপ্ৰোতভাৱে জড়িত। যি কৃষ্টি-সংস্কৃতি প্ৰগতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয়।” (বিষ্ণু ৰাভাৰ ৰচনাৱলী সমগ্ৰ, দ্বিতীয় খণ্ড, ১০৯২ পৃষ্ঠা)
❧ | আৰু পঢ়ক:
- বিপ্লৱী-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা
- বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা
- বিষ্ণুদা উভতি আহিল
- ৰাভা চেতনাৰ পুনৰ মূল্যায়ন হওক
- অসমীয়া কৃষ্টিৰ চমু আভাস
বিষ্ণু ৰাভাৰ সংস্কৃতিৰ ধাৰণাৰ পৰা আমি এই কথাই বুজোঁ যে জনসাধাৰণৰ কৃষ্টি-সংস্কৃতি কৃষি আৰু শ্ৰমৰ লগত জড়িত।অৰ্থাৎ শ্ৰমভিত্তিক যি গণসংস্কৃতি (people culture) সেয়াই হল আচল সংস্কৃতি। গণতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু ভোগবাদী জীৱন প্ৰণালীৰ সৈতে জড়িত পণ্য সংস্কৃতিৰ (mass culture) বিপৰীতে গণসংস্কৃতিয়ে যুগে যুগে মানুহক প্ৰেৰণা যোগাই আহিছে, মানুহক সুস্থ আৰু সংগ্ৰামী জীৱন যাপনৰ সমল যোগাই আহিছে।
কৃষক আৰু শ্ৰমজীৱীৰ দ্বাৰা সৃষ্টি হোৱা সংস্কৃতি ৰক্ষা আৰু সমাজত চলিত অসমতাবোৰ লক্ষ্য কৰিয়ে বিষ্ণু ৰাভা মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত হয়। বিষ্ণু ৰাভাৰ একাংশ অনুৰাগীয়ে তেওঁক কেৱল কলাগুৰু বুলি মূল্যায়ন কৰে, কিন্তু ৰাভাই যি কলা-সংস্কৃতিৰ কথা কৈছিল, সেই বিষয়ক চিন্তা কৰ্মৰ মাজত নতুনত্ব, ৰূপান্তৰৰ স্বপ্ন আৰু বৈপ্লৱিক জাগৰণ পৰিলক্ষিত হৈছিল। সেই কথা এই সকলে অনুধাৱন কৰিব নোৱাৰে।