জাতীয় চেতনাৰ প্ৰতীক ৰূপে ৰঙালী বিহু: প্ৰতিষ্ঠা আৰু বিস্তাৰত ৰাধাগোবিন্দ বৰুৱা আৰু লতাশিলৰ বিহুৰ ভূমিকা

জাতীয় চেতনাৰ প্ৰতীক ৰূপে ৰঙালী বিহু: প্ৰতিষ্ঠা আৰু বিস্তাৰত ৰাধাগোবিন্দ বৰুৱা আৰু লতাশিলৰ বিহুৰ ভূমিকা
  • 18 Apr, 2023

লো কসংস্কৃতি গতিশীল। এই কথাটো দুই ধৰণে সত্য— সংস্কৃতিয়ে ৰূপ সলায় বা ন সাজ পিন্ধে আৰু সংস্কৃতিয়ে ভৌগোলিকভাৱেও এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। এই দুয়োটা বিষয়কে লোকসংস্কৃতিৰ গৱেষক-আলোচকসকলে বিস্তৃতভাৱে ব্যাখ্যা কৰিছে। সংস্কতিৰ গতিশীলতা অৱশ্যে দুই ধৰণে সিদ্ধ হয়— স্বাভাৱিক বা প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে। ন উপাদান গ্ৰহণ আৰু পুৰণি উপাদান বৰ্জনৰ খুব ধীৰ গতিৰ পৰিৱৰ্তনক সাধাৰণভাৱে স্বাভাৱিক পৰিৱৰ্তন বা স্বাভাৱিক গতিশীলতা বুলিব পাৰি। এই স্বাভাৱিক গতিশীলতা লাভ কৰোঁতে সাধাৰণতেই দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। বিপৰীতে বাহিৰৰ পৰা আৰোপিত আৰু ততাভুকুতা পৰিৱৰ্তনক কৃত্ৰিম পৰিৱৰ্তন বা কৃত্ৰিম গতিশীলতা বুলিব পাৰি। সাধাৰণ জ্ঞানেৰেই এই কথা বুজি উঠা সম্ভৱ যে কৃত্ৰিম পৰিৱৰ্তন সংস্কৃতিৰ সু-স্বাস্থ্যৰ পৰিচায়ক নহয়।

আন আন লোকসংস্কৃতিৰ দৰে আমাৰ বিহুও উল্লিখিত দুয়োটা ধৰণেই গতিশীল হৈ আছে। ইয়াত বিহু বোলোঁতে প্ৰধানতঃ ৰঙালী বিহুৰ নাচ-গান আৰু সেই ধৰণৰ সমলখিনিৰ কথা কোৱা হৈছে। বিহুৰ নাচ আৰু নামৰ অনেক স্বাভাৱিক আৰু কৃত্ৰিম পৰিৱৰ্তন ইতিমধ্যেই যথেষ্ট হৈছে আৰু সেইবোৰৰ সম্পৰ্কত আলোচনাও যথেষ্ট হৈছে। হোৱা উচিতো। যথেষ্ট আলোচনা হোৱা নাই বিহুৰ ভৌগোলিক গতিশীলতা প্ৰসংগত। যদি হৈছেও, আমাৰ বৰ বেছি চকুত পৰা নাই।

বিহুগীতৰ যথেষ্ট বিকৃতি ঘটালেও কুৰি শতিকাৰ শেহৰ ফালে অডিঅʼ কেছেটৰ বিপুল জনপ্ৰিয়তাই বিহুগীতক বহু পৰিমাণে জনপ্ৰিয় কৰি তুলিছিল। কেছেট আৰু তাৰ পাছতে অহা ভিডিঅʼ চিডিৰ সুবাদতে অসমৰ অৰঙে-দৰঙে বিহুগীত শুনা, তাৰ আলমত বিহুনাচ নচাৰ এটা সহজ পৰিৱেশ তৈয়াৰ হৈছিল। তৎপৰৱৰ্তী ইণ্টাৰনেটৰ নৱ্য মাধ্যমে বিহুগীতক অতি সহজেই পৃথিৱীৰ বিশাল শ্ৰোতাৰ কাষলৈ লৈ গʼল। সংগীতৰ চমজদাৰ শ্ৰোতা এজনে ভাষা নুবুজিলেও সুৰ-সঞ্চাৰ শুনিয়েই বিহুগীতক চিনি পাবলৈ সক্ষম হোৱা পৰিৱেশ এটা ইণ্টাৰনেটৰ ইউটিউব, চাউণ্ডক্লাউড, স্পটিফাই আদি প্লেটফৰ্মৰ সৌজন্যত গঢ় লৈ উঠিল। ইয়ে দেশৰ আন আন প্ৰান্ত তথা আন দেশৰ সংগীতকো প্ৰভাৱান্বিত কৰা দেখা পোৱা গʼল। অলপ খুচৰিলেই বিহুগীতৰ সুৰৰ আধাৰত তৈয়াৰ হোৱা ভিন ভিন ভাষাৰ অনেক গীত-সংগীতৰ সন্ধান পোৱা যায়। এয়া হʼল একেবাৰে শেহতীয়া সময়ৰ কথা। তাৰ আগতে বিহুৱে ভৌগোলিকভাৱে কেনেকৈ গতি কৰিছিল?

গীত-নাচক বাদ দি ৰঙালী বিহুৰ আন লোকাচাৰখিনি অতীজৰে পৰা গোটেই অসমতে (অন্ততঃ ব্ৰহ্মপুত্ৰ উপত্যকাত) প্ৰায় একেই আছিল। গৰুবিহুৰ দিনা পুৱাতে মাহ-হালধিৰে গৰু-গাই নোৱাই ‘লাও খা বেঙেনা খাʼ বুলি নিকটৱৰ্তী নৈ-বিললৈ নি গা ধুওৱা, সন্ধ্যা তৰাগছৰ আঁহ মিহলি ন পঘাৰে বন্ধা, দীঘলতি-মাখিয়তী পাতেৰে গৰুৰ গাত কোব দিয়া, গোহালিৰ আগত জাগ দিয়া; মানুহ বিহুৰ দিনা নতুন কানি-কাপোৰ পিন্ধা, বয়োজ্যেষ্ঠ সকলক সেৱা-সৎকাৰ কৰা, সৰুক আশীৰ্বাদ দিয়া আদি প্ৰথাবোৰ সামান্য দুই-এটা সাল-সলনি বাদে উজনি-নামনি নিৰ্বিশেষে সকলোতে একেই আছিল। একে নাছিল নাচ-গানৰ পৰম্পৰাখিনিহে।

বিহুত নাচ-গান কৰা কথাখিনি মূলতঃ উজনি অসমতে সীমাৱদ্ধ আছিল। (সিও বৃটিছ শাসনৰ সময়ত এখিনি তথাকথিত উচ্চ বৰ্ণৰ মানুহ আৰু নগৰীয়া মানুহৰ বিহুৰ নাচ-গান অশ্লীল বোলা ৰঙা চকুৰ শাসনত সীমিত হৈ পৰিছিল।) আৰু বিহুৰ এই নাচ-গানৰ সীমা মোটামোটিকৈ কলিয়াবৰত সমাপ্ত হৈছিল। পৰৱৰ্তী সময়ত কলিয়াবৰৰ সীমামূৰীয়া পুৰণিগুদাম, নগাঁও আদি ঠাইলৈ স্বাভাৱিকভাৱেই বিহুৰ নাচ-গান বিয়পিছিল। একেবাৰে নামনি অসমত তেতিয়াও বিহুৰ নাচ-গান প্ৰায় অশ্ৰুত-অদৃশ্য আছিল। মূলতঃ ভঠেলি, সুৱেৰি, দেউল আদিৰ জৰিয়তে নামনিৰ মানুহে উৎসৱৰ আনন্দ আৰু নেগেৰা নাম, ওজাপালি, থিয়নাম আদিৰ জৰিয়তে গীত-নৃত্যৰ আনন্দ লাভ কৰিছিল। ‘প্রায় ৬০/৭০ বছৰ আগতে নামনি অসমৰ ব’হাগ বিহুত বিহুগীত, বিহুনৃত্য, বিহু ঢোল, পেঁপা, গগনা, টকা আদি সংগত কৰি মুকলি বিহু বা ঘৰে ঘৰে বিহু গোৱা বা মঞ্চ বিহু পতা ব্যৱস্থা থকা বুলি ন দি ক’ব নোৱাৰিম।ʼ (প্ৰমোদ চন্দ্ৰ কাকতি)১

নামনি অসমলৈ দেখা-শুনাকৈ বিহুনাচ-নামৰ আগমনত প্ৰায় ৭০ বছৰৰ আগতে ঘটা এটা যুগান্তকাৰী ঘটনাৰ ভূমিকা আজি উপলব্ধি কৰা যায়। কি আছিল সেই ঘটনা? সাংবাদিক-সাহিত্যিক নীৰোদ চৌধুৰীৰ কথাৰে— ‘মুকলি পথাৰৰ বিহুক ৰাধাগোবিন্দই মঞ্চলৈ আনিলে। বহু সমালোচনা, ঠাট্টা, বিদ্রূপ সহিও তেওঁ মনে ভবাৰ দৰেই ক্রমাগত হেৰাই যাব ধৰা বিহুৰ ঐতিহ্যক পুনঃ প্ৰতিষ্ঠা কৰিলে। এইটোও আছিল এক অদ্ভুত সপোন। বিহুৰ প্ৰকৃত পৰিৱেশক বন্ধ বন্ধ লগা মঞ্চৰ মাজলৈ টানি অনাৰ সৎ সাহস বহুতৰে নাছিল। ৰাধাগোবিন্দ বৰুৱাই কিন্তু নিজস্ব চিন্তাশৈলীৰে বিহুৰ ঐতিহ্যক নৱ ৰূপত প্ৰতিষ্ঠা কৰিলে। গুৱাহাটীত আৰম্ভণিহে হ’ল, পাছলৈ সমগ্ৰ ৰাজ্যকে এই ঢউৱে ছুই গ’ল।ʼ২

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই ১৯৫২ চনত গুৱাহাটী বিহু সন্মিলনী গঠন কৰি লতাশিলত গাঁৱৰ বিহুক মঞ্চত তুলিলে। সেই ঐতিহাসিক মুহূৰ্ততে নামনি অসমলৈ বিহুৰ বৰ্ণাঢ্য ৰূপ প্ৰৱেশৰ আনুষ্ঠানিক বাট মুকলি হʼল বুলি কʼব পাৰি। লতাশিলক চুই থকা বিশাল ব্ৰহ্মপুত্ৰৰ ঢৌৱে ঢৌৱেই যেন সেই বতৰা অৰঙে-দৰঙে বিয়পি গʼল!

লতাশিলৰ বিহুৰ আগতেও নগৰাঞ্চলত বিহু অনুষ্ঠিত হোৱাৰ লেখ পোৱা যায়। অধ্যাপক প্ৰসেনজিৎ চৌধুৰীয়ে বিভিন্ন সূত্ৰৰ সহায়ত কেইবাটাও তথ্যৰ উল্লেখ কৰিছে: ঊনবিংশ শতিকাৰ শেষৰ ফালে মাছখোৱাৰ বালি চাপৰিত সদৰামিন হাজী কেফায়েৎউল্লাই সাদিনীয়া বিহু উছৱ পাতিছিল। ১৯৩০ চনত উজানবজাৰৰ কমলাকান্ত দাসে ৰজাবাৰী ঘাটৰ বালি চাপৰিত নিজা খৰচত বিহু উছৱ পাতিছিল। আকৌ, প্ৰফুল্ল দত্ত গোস্বামীৰ মতে ১৯৩১ চনতহে প্ৰথম গুৱাহাটীত বিহু উছৱ অনুষ্ঠিত হৈছিল। লেখক দেৱব্ৰত শৰ্মাৰ তথ্যৰ আধাৰত একেটা প্ৰবন্ধতে ১৯২১ চনত নগাঁও, যোৰহাট আৰু জামুগুৰিহাটত মঞ্চত বিহু উদযাপনৰ তথ্য দিয়া হৈছে।৩

ৰাধাগোবিন্দ বৰুৱা

ৰাধাগোবিন্দ বৰুৱা

ইয়াৰ উপৰি গোলাঘাট (১৯৩১), দেৰগাঁও (১৯৩৫), শিৱসাগৰ (১৯৪১), ডিব্ৰুগড় (১৯৪৮) আদি ঠাইতো লতাশিলৰ বিহুৰ আগতেই দুই-এখন মঞ্চবিহু অনুষ্ঠিত হোৱাৰ কথা শুনা যায়। লতাশিলৰ বিহুৰ আগতে গুৱাহাটীত হোৱা বিহু উছৱত খুব সম্ভৱতঃ নাচ-গানৰ বাহিৰে বিহুৰ আন বিষয়সমূহত গুৰুত্ব দিয়া হৈছিল। তদুপৰি সেই অনুষ্ঠানসমূহে এটা সু-সংগঠিত ৰূপ লʼব পৰা নাছিল আৰু তেনে কাৰণতে সিবোৰে বিশেষ প্ৰভাৱ ৰাখি যাবলৈ সক্ষম হোৱা নাছিল। বাকী উজনি অসমৰ মঞ্চ বিহুৰ প্ৰভাৱ নিশ্চিতভাৱে উজনিতে আৱদ্ধ আছিল বুলি কʼব পাৰি। এনে পৰিপ্ৰেক্ষিতত যথেষ্ট চিন্তা-চৰ্চা-আঁচনিৰে আয়োজিত আৰু আজিকোপতি ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা লতাশিলৰ বিহুৰ প্ৰভাৱতে যে গুৱাহাটী তথা নামনি অসমত ৰঙালী বিহুৰ ৰং-ৰূপৰ বিস্তাৰ ঘটিল, তাক ন দি কʼব পাৰি। এনেবোৰ কাৰণতে লতাশিলৰ বিহুৰ ঐতিহাসিক ভূমিকাৰ বিস্তৃত আলোচনা হোৱাও দৰকাৰ।

বিভিন্ন সৰু-বৰ জাতি-জনগোষ্ঠী আৰু ভিন্ন ধৰ্মীয় গোষ্ঠীৰ সমন্বয়ত গঢ় লোৱা অসমীয়া বোলা জাতিসত্তাটোৰ বাবে ধৰ্ম-নিৰপেক্ষ এক উমৈহতীয়া উৎসৱৰ নিশ্চিত প্ৰয়োজন আছিল, যিয়ে জাতীয় চেতনাক একেটা সুৰেৰে উজ্জীৱিত কৰিব পাৰে। বিহুৰ বাহিৰে এই স্থান আন একোৱে লʼব পৰা নাছিল আৰু আগলৈও লʼব পৰাৰ সম্ভাৱনা নাই বুলি দৃঢ়তাৰে কʼব পাৰি। বিহুতে অসমীয়া জাতিৰ প্ৰাণ এক হৈ পৰা প্ৰসংগত বিশিষ্ট লোকশিল্পী আৰু গৱেষক হেমাংগ বিশ্বাসেও কৈ গৈছে— ‘কেৱল দুটা কলিত যদি অসমৰ সকলো লোকৰ প্ৰাণ ধৰি ৰাখিবলগীয়া হয়, তেনেহʼলে সেয়া হʼব—
অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ বʼহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।৷ʼ৪

কুৰি শতিকাৰ প্ৰথমৰ ফালে জাতীয় উৎসৱ প্ৰসংগত বিহু বনাম দুৰ্গা পূজা ধৰণৰ এক বিতৰ্কই গা কৰিছিল। এই বিতৰ্কক আনুষ্ঠানিক ৰূপ দিছিল তদানীন্তন ‘আলোচনী’ আৰু ‘আসাম বান্ধৱ’ আলোচনী দুখনে। নামনি অসমৰ মধ্যবিত্ত মানসক প্ৰতিনিধিত্ব কৰা ‘আসাম বান্ধৱ’-এ দুৰ্গা পূজা অসমৰ জাতীয় উৎসৱ হোৱাটো বিচাৰিছিল। ‘আলোচনী’য়ে ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছিল।৫ স্বাভাৱিকভাৱেই দুৰ্গা পূজাৰ ধৰ্মীয় আৱৰণে সেই উদযাপনক সাৰ্বজনীন হোৱাত হেঙাৰ বান্ধিছিল। আনকি আজিৰ দিনত অসমৰ প্ৰায় প্ৰতি অঞ্চলতে অগণন দুৰ্গা পূজা অনুষ্ঠিত হʼলেও দুৰ্গা পূজা উৎসৱে আজিও সাৰ্বজনীন চৰিত্ৰ আয়ত্ত কৰিব নোৱাৰিলে। বিপৰীতে বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰ আৰু প্ৰায় সকলো জাতি-গোষ্ঠীৰ অৱদান-উপকৰণেৰে সমৃদ্ধ বিহুৱে জাতীয় উৎসৱৰ মৰ্যাদা সহজেই লাভ কৰিলে আৰু এটা জাতিসত্তাক একতাৰ ডোলেৰে বন্ধাৰ বিশিষ্ট ভূমিকা পালন কৰিব পাৰিলে।

এই কথা অনস্বীকাৰ্য যে ভাৰতৰ আন প্ৰদেশীয় উৎসৱৰ ধৰ্মীয় চৰিত্ৰৰ বিপৰীতে বিহুৰ ধৰ্ম-নিৰপেক্ষতা এক উজ্জ্বল আৰু একক দৃষ্টান্ত। ‘স্বাধীনতা লাভৰ পাছত ঊনৈশ শ একাৱন্ন-বাৱন্ন চনৰ পৰা বʼহাগ বিহুক জাতীয় একতাৰ প্ৰতীক বুলি লৈ এক জাতীয় ঐক্য অনুভৱ কৰাৰ শুভ চেতনা উজনি-নামনিজুৰি পৰিলক্ষিত হৈছে৷ʼ (নিৰ্মলপ্ৰভা বৰদলৈ)৬ এই প্ৰসংগত ৰাধাগোবিন্দ বৰুৱাৰ চেষ্টা আৰু দূৰদৰ্শী চিন্তাৰ শলাগ অসমীয়া মাত্ৰেই লʼবই লাগিব।

বিহুৰ মঞ্চাগমনৰ ফল স্বৰূপে বিহুৰ পণ্যকৰণ, বিকৃতিকৰণ আদিৰ অভিযোগ মাজে মাজেই উত্থাপন হয়। এইবোৰক নুই কৰিব নোৱাৰি। হয়, বিহুৰ অনেক কৃত্ৰিম পৰিৱৰ্তন সাধন কৰা হৈছে। ব্যৱসায়িক কাৰণত বিহুৰ গীত-মাতত বিজতৰীয়া উপকৰণ আৰোপ কৰা হৈছে। স্থান বিশেষত বিহু ন্যস্তস্বাৰ্থ জড়িত কিছুমান মানুহৰ লাভালাভৰ ক্ষেত্ৰতো পৰিণত হৈছে। কিন্তু এইবিলাকৰ বাবে বিহুৰ মঞ্চাগমন বা ৰাধাগোবিন্দ বৰুৱাক দোষাৰোপ কৰাটো যুগুত কেতিয়াও নহয়। ‘অধ্যাপক অতুল চন্দ্র হাজৰিকাই লিখাৰ দৰে: ৰাধাগোবিন্দ বৰুৱাই প্ৰথমবাৰ গুৱাহাটীৰ লতাশিল পথাৰত বিহুতলী পাতি গাৱঁৰ বিহু নগৰলৈ আদৰি আনিলে। পুৰণি বিহুক নতুন ৰূপত সজাই-পৰাই তুলিলে। আজিকালি অৱশ্যে এই নগৰীয়া বিহুত কিছু আবর্জনা আৰু অনিয়ম সোমাইছে। সেইটো ৰাধাগোবিন্দ বৰুৱাৰ দোষ নহয়। বিহুবলীয়া ৰাইজে সেইখিনি সংশোধন কৰি লʼলে ৰাধাগোবিন্দৰ আত্মাই তৃপ্তি পাব।ʼ৭

ৰাধাগোবিন্দ বৰুৱাই লতাশিলৰ বিহুৰ জৰিয়তে উজনি-নামনিজুৰি জাতীয় সমন্বয়ৰ প্ৰতীক ৰূপত বিহুক গঢ়ি লোৱাৰ বাট কাটি গʼল,— সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু এটা গুৰুত্বপূৰ্ণ কথা হʼল, মঞ্চবিহুৱে নাৰীক মঞ্চৰ সন্মুখলৈ অনাত বিশেষ ভূমিকা লʼলে। তাৰ আগলৈকে নাৰীয়ে বিহুৰ নাচ-গানত ভাগ লʼলেও আদিতে সেয়া আছুতীয়া হৈ আছিল আৰু কিছু পাছত পুৰুষৰ আঁৰে আঁৰেহে আছিল। আজিও দেখা যায়, মূলতঃ বিহুৱতী অৰ্থাৎ নাৰীকেন্দ্ৰিক হৈয়ে মঞ্চবিহু উদযাপিত হৈ আছে।

পৰৱৰ্তী সময়ত বিহুক জাতীয় ঐক্যৰ প্ৰতীক ৰূপত (আৰু গামোচাক অসমীয়া স্বাভিমান আৰু সন্মানৰ প্ৰতীক ৰূপত) আগবঢ়াই নিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকাও লক্ষ্য কৰা যায়। অসম আন্দোলনৰ সময়ৰ পৰাই ছাত্ৰ সন্থাই বিহুৰ প্ৰতি বিশেষ মনোযোগ দিয়া অনুভৱ হয়। হয়তো আন্দোলনৰ সহায়ক হোৱাকৈ জাতীয় ঐক্য গঢ়াৰ ক্ষেত্ৰত বিহুৰ প্ৰভাৱী ভূমিকাৰ কথা তেওঁলোকে গভীৰভাৱে অনুধাৱন কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাই বিহুৰ গীত-মাত-নৃত্যৰ চৰ্চাৰ বাবে আজিকোপতি মুকলি বিহু, কৰ্মশালা আদিৰ নিয়মীয়া আয়োজন কৰি আহিছে। তেখেতসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ শলাগ লʼব লাগিব।

গুৱাহাটী বিহু সন্মিলনীয়েও বিগত ৭১ বছৰে নিয়মীয়াকৈ বিহু উছৱৰ আয়োজন কৰি আহিছে আৰু জাতীয় ঐক্য-চেতনাৰ এই একক প্ৰতীকক প্ৰতিপাল কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। আহি থকা দিনত এই প্ৰয়াস আৰু গভীৰ, আৰু উদ্দীপক হৈ উঠিব বুলি আশা কৰোঁ।

তথ্যসূত্ৰ:
১. সুবাস, সম্পাদনা: ড° কৰৱী কাকতি, পৃ. ২৯৬, কল্যাণী ভৰালী কাকতি, গুৱাহাটী, ২০২২
২. ৰাধাগোবিন্দ বৰুৱা, নীৰোদ চৌধুৰী, পৃ. ৭, সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৭৮
৩. সমাজ সংস্কৃতি ইতিহাস, প্ৰসেনজিৎ চৌধুৰী, পৃ. ৮৯-৯০, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭
৪. লোকসঙ্গীত সমীক্ষা: বাংলা ও আসাম, হেমাংগ বিশ্বাস, পৃ. ১০১, এ মুখাৰ্জী এণ্ড কোং, কলকাতা, ১৩৫৮ বং)
৫. সমাজ সংস্কৃতি ইতিহাস, প্ৰসেনজিৎ চৌধুৰী, পৃ. ৮২, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭
৬. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ. ১৩২, বীণা লাইব্ৰেৰী, গুৱাহাটী, ২০১৮
৭. ৰাধাগোবিন্দ বৰুৱা, নীৰোদ চৌধুৰী, পৃ. ৮-৯, সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৭৮

❧ | আৰু পঢ়ক:

বিহুৰ ছবি: গৌতম খাউণ্ড

জাতীয় চেতনাৰ প্ৰতীক ৰূপে ৰঙালী বিহু: প্ৰতিষ্ঠা আৰু বিস্তাৰত ৰাধাগোবিন্দ বৰুৱা আৰু লতাশিলৰ বিহুৰ ভূমিকা | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook