নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

প্ৰাণবায়ু সোপা মাৰি ধৰিলেও
স্তব্ধ নহয় সময়…
মাথোঁ কাৰোবাৰ বাবে মন্থৰ—
তীব্রৰ পৰা তীব্রতৰ বহু জনৰ।

চিনাকি জোন বেলি তৰা
আকাশৰ অসীম পৰিধিত থাকিব সদায়
তিমিৰাচ্ছন্ন চকুটিপে ঢাকিব নোৱৰা
বিজুলী পোহৰত উজলি উঠিব।

নতুন দিনৰ ন পুৱা এটাই
আদৰিব সকলোকে…
মোৰ মই নথকা জীৱনে
বেৰৰ সুৰুঙাইদি সৰকি অহা
কোমল সূৰুযত জিলমিলাই
প্ৰাণ পায় উঠিবলৈ ব্যৰ্থ প্ৰয়াস চলাব আকৌ।

মোৰ অস্তিত্ব নথকা জীৱনে
নৈখনৰ সৌন্দর্য কাঢ়িব নোৱাৰে
চৰাই-ছিৰিকটিও উভতিব
বাহলৈ…
ক্ৰমশঃ আগবাঢ়িব— এক দুই তিনি
সময়ৰ সোঁতত হাতে হাত ধৰি।

🔗 | অধিক কবিতা:

ছবি: in pastel via Flickr [CC by 2.0]

Follow Nilacharai on Instagsram
এই লেখকৰ সকলো লেখা চাওক →
মই অবিহনে জীৱন | ড° চৱন কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

পানচৈ

পানচৈ

শৰতৰ এদিন

শৰতৰ এদিন

সোঁৱৰণ

সোঁৱৰণ