মই অবিহনে জীৱন

মই অবিহনে জীৱন
  • 23 Jun, 2022

প্ৰাণবায়ু সোপা মাৰি ধৰিলেও
স্তব্ধ নহয় সময়…
মাথোঁ কাৰোবাৰ বাবে মন্থৰ—
তীব্রৰ পৰা তীব্রতৰ বহু জনৰ।

চিনাকি জোন বেলি তৰা
আকাশৰ অসীম পৰিধিত থাকিব সদায়
তিমিৰাচ্ছন্ন চকুটিপে ঢাকিব নোৱৰা
বিজুলী পোহৰত উজলি উঠিব।

নতুন দিনৰ ন পুৱা এটাই
আদৰিব সকলোকে…
মোৰ মই নথকা জীৱনে
বেৰৰ সুৰুঙাইদি সৰকি অহা
কোমল সূৰুযত জিলমিলাই
প্ৰাণ পায় উঠিবলৈ ব্যৰ্থ প্ৰয়াস চলাব আকৌ।

মোৰ অস্তিত্ব নথকা জীৱনে
নৈখনৰ সৌন্দর্য কাঢ়িব নোৱাৰে
চৰাই-ছিৰিকটিও উভতিব
বাহলৈ…
ক্ৰমশঃ আগবাঢ়িব— এক দুই তিনি
সময়ৰ সোঁতত হাতে হাত ধৰি।

🔗 | অধিক কবিতা:

ছবি: in pastel via Flickr [CC by 2.0]

Follow Nilacharai on Instagsram
মই অবিহনে জীৱন | ড° চৱন কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক