বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটক আৰু সাংস্কৃতিক আন্দোলন

বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটক আৰু সাংস্কৃতিক আন্দোলন
  • 17 Jun, 2022

ধুনিক অসমৰ সাংস্কৃতিক গতি আৰু স্বৰূপ নির্ণয় কৰা সর্বশ্রেষ্ঠ ব্যক্তি দুজন হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ব্যক্তিগত জীৱনৰ ভালেমান দিশত দুয়োৰে যথেষ্ট বৈপৰীত্য আৰু বিভিন্নতা থাকিলেও অসমৰ জনসমাজখনক লৈ দুয়োৰে চিন্তা-ধাৰণা, অসমৰ এক বৃহৎ জাতিগঠনক লৈ দুয়োৰে concern, দুয়োৰে মতাদর্শও একে আছিল। যদিও জ্যোতিপ্ৰসাদ অহিংসবাদী আৰু গান্ধীবাদী আছিল আৰু বিষ্ণুপ্রসাদ আছিল মার্ক্সীয়-লেনিন পন্থী। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ক’বলৈ বা লিখিবলৈ গ’লে জ্যোতিপ্ৰসাদৰ কথাও প্রাসংগিক আৰু স্বাভাৱিকভাৱে আহে যদিও জ্যোতিপ্ৰসাদৰ নামোল্লেখ মাত্র কৰি লেখাটোত বিষ্ণুপ্ৰসাদ আৰু তেওঁৰ নাট্য-সম্ভাৰৰ দিশটোকহে থুলমুলকৈ সামৰিব খুজিছোঁ।

মার্ক্সীয় পন্থীৰূপে বিষ্ণুপ্ৰসাদৰ মতাদর্শ আছিল শ্রেণীহীন সমাজব্যৱস্থা। সেয়ে ভাৰতীয় প্রেক্ষিততো তেওঁ স্পষ্টভাৱে কৈছিল, পুঁজিবাদী প্রশাসনে কোনোকালে শ্রমজীৱী কৃষক আৰু মজদুৰ সমাজৰ উন্নতি আৰু প্রগতি সাধন কৰিব নোৱাৰে। সৰ্বসাধাৰণৰ জীৱন প্রবাহ ব্যাহত হবলৈ বাধ্য। শ্রমজীৱী জনগণৰ স্বাৰ্থৰ হকে তেওঁৰ মতাদৰ্শৰ প্ৰতি যি গভীৰ নিষ্ঠা আৰু বিশ্বাস তাৰ ফলস্বৰূপেই তেওঁ মতাদর্শক বাক্তিগত জীৱনৰ সৈতে একাত্ম কৰিছিল। সেইপিনৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাক মহাত্মা গান্ধীৰ সৈতে ৰিজাব পাৰি। গান্ধীয়ে ৰেলৰ তৃতীয় শ্ৰেণীত ভ্রমণ কৰা, আঁঠুমূৰীয়া খন্দৰৰ ধুতী পিন্ধি শুদা গাৰে থকা আদি কৰি প্রাত্যহিক জীৱন ধাৰণ পদ্ধতিৰে ভাৰতীয় দৰিদ্র জনগণৰ সৈতে সহমর্মিতা প্রকাশ কৰিছিল, জনগণৰ হকে কাম কৰিবলৈ ওলাই অহাৰ স্বাৰ্থত। একেদৰে বিষ্ণু ৰাভাই পিতৃ-পুৰুষৰ পৰা লাভ কৰা আঢ়ৈ হাজাৰৰো অধিক বিঘা খেতিৰ মাটি দুখীয়া ৰাইজক বিলাই দিছিল আৰু অসমৰ ইমূৰৰপৰা সিমূৰলৈ গাঁৱে-গাঁৱে সাধাৰণ মানুহৰ মাজে মাজে ঘূৰি ফুৰিছিল নিজ সামাজিক আদৰ্শৰে বলীয়ান হৈ! জনগণৰ বৃহত্তৰ স্বাৰ্থৰ হকে সমগ্র শ্রমিক জনগণক সমন্বিত শক্তিৰে ওলাই আহিবলৈ তেওঁ আহ্বান জনাইছিল—

“জাগ জাগ জাগ জাগ মজদুৰ নজোৱান
নির্যাতিত-নিপীড়িত কৃষক শক্তিমান,
তোৰ বাহুতে আছে লুকাই অসীম শক্তিবল,
ৰঙৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ বল।”

ৰাইজ আছিল সকলোৰে ঊৰ্ধ্বত। অসমীয়া সমাজত এই ভাবধাৰা পৰম্পৰাৰ অঙ্গ। ‘ৰাইজেই ৰজা গিয়াতিয়েই গঙা’— অসমীয়া সমাজৰ এই প্রাচীন সাম্যবাদী ভাবধাৰা আৰু সংস্কৃতিৰ স্বৰূপ বিষ্ণুপ্ৰসাদে উপলব্ধি কৰিছিল। তেওঁৰ বিপ্লৱী জীৱনৰ অজ্ঞাতবাসৰ সময়ৰ কথা কওঁতে তেওঁ নিজেই কৈছে— “ৰাইজৰ মৰম-চেনেহ আমাৰ ৰক্ষাকবচ। ৰাইজৰ আশিসেই আমাৰ পাশুপাত অস্ত্র। এই ৰক্ষাকবচ আৰু পশুপাত অস্ত্ৰৰ বলতেই আমি সুস্থ, বলিষ্ঠ, নির্ভীক সৈনিক।”

দ্বিতীয়তে, এইজন মহান ভৱিষ্য-দ্রষ্টা ব্যক্তিয়ে এতিয়াৰ পৰা পাঁচ-ছয় দশকৰ পূর্বেই অসমৰ জনগোষ্ঠীয় দিশটোত তেওঁৰ যি উদ্বিগ্নতা বলিষ্ঠকণ্ঠে প্ৰকাশ কৰি গৈছিল, জ্যোতিপ্রসাদ আগৰৱালাৰ ‘মই অসমীয়া’ চিন্তা-ভাবনা-ধাৰণা আৰু বিশ্বাসৰ সৈতে সম্পূর্ণ এক বাক্যে আৰু এক সুৰে, যি গুৰুত্ব সহকাৰে সাহিত্য, নাটক, কবিতা, গীতত শক্তিময় ভাষাত দাঙি ধৰি গৈছিল, সমকালীন অসমৰ ভাগ্য নিয়ন্তাসকলে অসমৰ সমাজ-গঠন প্রক্রিয়াত সেই গুৰুত্ব প্রদান কৰা হ’লে হয়তো অসমৰ আজিৰ এই থানবান হোৱাৰ পৰিস্থিতি নহ’লহেঁতেন। আমি নিজক অসমীয়া বুলি ক’বলৈ যাওঁতে সেই অসমীয়াজনৰ অসমীয়া সত্তাৰ স্বৰূপ আগৰৱালা আৰু ৰাভাই তেতিয়াই নির্ণয় কৰিছিল। অসমীয়া সত্তাক এক বিশ্বজনীন সত্তালৈ ৰূপান্তৰ কৰাৰ কথা যেতিয়া কৈছিল, তেতিয়া অসমীয়া সত্তাটোৰ সৈতে অসমৰ সমূহ জনগোষ্ঠীয় সত্তাবোৰো একে গুৰুত্ব সহকাৰে স্বীকাৰ কৰি লোৱাৰ কথাও কৈছিল। বিষ্ণু ৰাভাই বড়ো ভাষাত, মিচিং ভাষাত সেই সময়তে কবিতা আৰু গীত লিখিছিল। ‘ন পৃথিৱীৰ নতুন যুগ’ সংগীতালেখ্যত বড়ো ভাষাৰ গীত সন্নিৱিষ্ট কৰিছিল। আগৰৱালাই মই অসমীয়া কবিতাত উল্লেখ কৰাৰ দৰে ৰাভাইও তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিত বনুৱা-কৃষকৰ লগতে অসমৰ জনগোষ্ঠীয় লোকৰ জীৱনৰ প্রতিচ্ছবি দাঙি ধৰিছিল। অসামান্য আৰু বহুমুখী প্রতিভাৰ অধিকাৰী বিষ্ণু ৰাভাৰ জীৱনৰ অসামান্য কর্মৰাজিৰ ভিতৰত এই দুই দিশত, অর্থাৎ সাধাৰণ মানুহৰ জীৱনৰ উত্তৰণৰ বাবে এক বিপ্লৱী চেতনাৰ সঞ্চাৰ আৰু সমগ্র জনগোষ্ঠীয় লোকসকলক সামৰি এখন সম্পূর্ণ অসম গঠনৰ প্ৰক্ৰিয়াৰ বাস্তৱায়ন— এই দুই দিশত যিখিনি অৱদান আগবঢ়ালে, সেয়েই অসমৰ জাতীয় ইতিহাসত বিষ্ণু ৰাভাৰ স্থানক সর্বাধিক গুৰুত্ব প্রদান কৰিছে।

বিষ্ণু ৰাভা আছিল এজন শিল্পী-গণনায়ক। এজন শিল্পী-বিপ্লৱী। এজন শিল্পপ্রাণ বিপ্লৱী। তেওঁৰ বিপ্লৱী মানসতাই উদ্দীপ্ত কৰি ৰাখিছিল তেওঁৰ শিল্পী সত্তাক। সেই শিল্পীসত্তাৰ সঁহাৰি দিয়েই তেওঁ হৈছিল কবি, সাহিত্যিক, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, গায়ক, নৃত্যশিল্পী, চিত্রশিল্পী, অভিনয়শিল্পী। শিল্পজগতৰ এনে দিশ নাই, য’ত ৰাভাৰ পাৰঙ্গতাৰ স্বাক্ষৰ আমি নোপোৱাকৈ থাকোঁ। তেওঁ এই শিল্পী পৰিচয়েৰেই ৰাজনৈতিক পলাতক হৈ অসমৰ গাঁৱে-ভূঞে ঘূৰি ফুৰোঁতে মানুহৰ মাজত মিলি যাবলৈ অতি সহজ হৈ উঠিছিল। সেইদৰেই মানুহৰ মাজে মাজে ঘূৰি ফুৰোঁতেও তেওঁ অনেক গীত লিখিছিল, গীতৰ সুৰ ৰচনা কৰিছিল, কবিতা লিখিছিল, নাটকো লিখিছিল।

এই চুটি প্রবন্ধত বিষ্ণু ৰাভাৰ নির্বাচিত কেইখনমান নাটকৰ কিছু আলোচনা কৰিবলৈ লোৱা হৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰত ৰাভাৰ মুঠ ছাবিশখন নাটক সন্নিৱিষ্ট কৰা হৈছে। তাৰে ভালেকেইখন নৃত্য-নাটিকা। এইখিনি ৰচনাকে ৰাভাৰ নাট্য-সমগ্ৰ বুলি ভাবিব পাৰি। এই কথা স্বীকার্য যে কবিতা, গীত আৰু সুৰ ৰচনাত বিষ্ণু ৰাভাই প্রতিভাৰ যি বৈশিষ্ট্য আৰু অভিনৱত্ব প্রদর্শন কৰিছিল, তেওঁৰ সেই সৃষ্টিয়ে সাংস্কৃতিক ক্ষেত্ৰত যিদৰে আলোড়ন তুলিব পাৰিছিল, নাট্য ৰচনাৰ ক্ষেত্ৰত তেওঁ সেই মান ৰক্ষা কৰিব পৰা নাই। যি সময়ত গণেশ গগৈৰ ‘শকুনিৰ প্ৰতিশোধ’, ফণী শৰ্মাৰ ‘ভোগজৰা’ নাইবা জ্যোতিপ্ৰসাদৰ ‘কাৰেঙৰ লিগিৰী’ৰ দৰে মানৰ নাট্য সৃষ্টি হৈছিল, তাৰ তুলনাত ৰাভাদেৱৰ নাট্য ৰচনাৰ প্ৰভাৱ কিছু দুর্বল আছিল।

সি যি কি নহওক, সামগ্রিকভাৱে বিষ্ণু ৰাভাৰ নাটসমূহৰ মূল্যায়ন কৰিবলৈ যাওঁতে দেখা যায় তেওঁৰ মানসতাত তেওঁৰ সামাজিক সত্তাৰ যি স্বৰূপ, সিয়েই তেওঁৰ নাট্য ৰচনাকো প্ৰভাৱান্বিত কৰিছে। সু-সাহিত্যিক যোগেশ দাসে বিষ্ণু ৰাভাৰ ৰচনা সমগ্রৰ আলোচনা কৰোঁতে নাটকৰ বিষয়ত উল্লেখ কৰিছে— “সক্রিয়ভাৱে ৰাজনীতিত অংশগ্রহণ কৰা ব্যক্তি হিচাপে বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয় ভাব তেওঁৰ নাট্য-সাহিত্যত ফুটি উঠাটো স্বাভাৱিক। ভাৰতৰ স্বাধীনতা সংগ্রাম বিশেষকৈ ইয়াৰ শেষ পর্যায়ৰ কথা তেওঁৰ কেইখনমান সামাজিক নাটকত প্রকাশ পাইছে। তেওঁ যদিও সশস্ত্র বিদ্রোহত বিশ্বাসী আছিল, তথাপি জাতীয় মুক্তি সংগ্ৰামৰ মূল বিষয়ত তেওঁৰ যি সাধাৰণ বিশ্বাস নাটকত ব্যক্ত হৈছে।” ল’ৰা-ছোৱালীৰ মনত এই অহিংস যুদ্ধৰ টৌ উঠা, ৪২-ৰ বিপ্লৱৰ কার্যকলাপ সংগ্ৰামৰ কাষে কাষে এক শ্রেণী শঠ মানুহৰ দুর্নীতি-পৰায়ণতা ইত্যাদি চিত্র তেওঁ যথেষ্ট সংযতভাৱেই অংকন কৰিছে।

বিষ্ণু ৰাভাৰ নাটকসমূহ আমি সাধাৰণভাৱে এনেধৰণে ভাগ কৰিব পাৰোঁ— নৃত্য-নাটিকা বা সঙ্গীতালেখ্য, সামাজিক নাটক, কাল্পনিক (fantasy) নাটক, কাব্য-নাটক, বুৰঞ্জীমূলক আৰু জীৱনীমূলক নাটক। আৰু দুখনমান কথাছবিৰ চিত্রনাট্যৰ ৰূপত লেখা (জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ৰ দৰে)। সামাজিক নাটককেইখনত সমাজৰ বাস্তৱ ছবি ৰূপায়ণ কৰিবলৈ যাওঁতে সেই সময়ৰ সমাজৰ সর্বাধিক গুৰুত্বপূর্ণ দিশটো অৰ্থাৎ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰসংগেৰে স্বদেশপ্ৰেমৰ বিষয়টোৱে প্রাধান্য লাভ কৰিছে। প্ৰায়কেইখন নাটকতে অসমৰ গাঁৱলীয়া সমাজৰ একোখন নিখুঁত প্রতিচ্ছবি ফুটি উঠিছে। কাল্পনিক পটভূমি লৈ ৰচনা কৰা নাটকত তেওঁৰ এক ৰোমাণ্টিক ব্যক্তিত্বৰ পৰিচয়ো পাওঁ। এনে নাটকৰ ভাষাই অতিৰিক্তভাৱে আলঙ্কৰিক হৈ পৰা পৰিলক্ষিত হৈছে। অৱশ্যে সামাজিক নাটককেইখনৰ সংলাপ সহজ-সৰল বাস্তৱধর্মী হৈছে যদিও মাজে মাজে অনাৱশ্যকভাৱে সংলাপ দীঘলীয়া হোৱা কাৰণে স্বাভাৱিক কথন ৰূপৰ পৰিৱৰ্তে সংলাপসমূহ বক্তৃতাধর্মী হৈ পৰিছে। ৰাভা মূলতঃ এজন গীতিকাৰ আৰু গায়ক হোৱা কাৰণে নাটকসমূহত গীতাংশই প্রাধান্য লাভ কৰিছে।

বিষ্ণু ৰাভাৰ নাটকৰ থুলমূল বৈশিষ্ট্যখিনি মনত ৰাখি তেওঁৰ দুখনমান নাটকৰ বিষয়ে কিছু আলোচনা কৰোঁ। ‘কৃষক’ এখন সামাজিক নাটক। কাহিনীৰ ঘটনাৰাজি সংঘটিত হৈছে ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা দেশে স্বাধীনতা লাভ কৰাৰ ঠিক পাছলৈকে। নাটকৰ মূল চৰিত্ৰ মাধৱ গাঁও অঞ্চলৰ ল’ৰা, নগৰত কলেজত পঢ়ি থকাৰ পৰা বিয়াল্লিশৰ ভাৰত ত্যাগ আন্দোলনত যোগ দিয়াৰ অপৰাধত বহিষ্কাৰ হৈ গাঁৱলৈ ঘূৰি আহিছে আৰু গাঁৱত আন্দোলন সংগঠন কৰিছেহি। আন্দোলন বে-আইনী বুলি ঘোষণা কৰাত মাধৱে আত্মগোপন কৰি আন্দোলনৰ কাম কৰিবলৈ ল’লে। কিন্তু অলপ দিনৰ পাছত গাঁৱৰে চোৰাংচোৱাৰ সহায়ত পুলিচে মাধৱক বন্দী কৰিলে। তেওঁৰ এবছৰ জেইল হ’ল। ইতিমধ্যে আন্দোলনো শাম কাটিছিল। মাধৱ অতি মেধাৱী ছাত্ৰ আছিল। সেয়ে জেলৰ পৰা ওলাই তেওঁ আকৌ কলেজত আই এছ-চি পৰীক্ষা দি সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ ডাক্তৰী পঢ়িবলৈ গ’ল। তেওঁ সময় মতে সুখ্যাতিৰে এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰলৈ উভতিল আৰু পুনৰ গাঁৱতে সমাজসেৱাত ব্ৰতী হ’ল। ইতিমধ্যে দেশ স্বাধীন হৈছিল। কিন্তু মাধৱে ৰাইজক বুজাইছিল— “আজি স্বাধীনতাৰ বীজ ফুটি অঙ্কুৰ ওলাইছে। এই অঙ্কুৰটো দেখিয়েই আমি আনন্দত বিহ্বল হৈছোঁহক। আচল স্বাধীনতাৰ ফল আমি এতিয়াও আচ্ছাদন কৰিব পৰা নাই। স্বাধীনতা তেতিয়াহে হ’ব, যেতিয়া প্রত্যেক কৃষকেই শ্ৰমৰ ফল পাব, কৃষকৰ ভাত-কাপোৰৰ অনাটন দূৰ হ’ব, ল’ৰা-ছোৱালীক শিক্ষা দিবৰ সুবিধা পাব, অর্থৰ অভাৱত ল’ৰা-তিৰোতাৰ চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰি হাবাথুৰি খাই ফুৰিব নোৱাৰিব, প্রত্যেক মজদুৰেই যেতিয়া কাৰখানাৰ অংশীদাৰ হৈ পৰিব… যেতিয়া দেশত প্রকৃত সমাজবাদ প্রতিষ্ঠা হ’ব, তেতিয়াহে দেশ স্বাধীন হ’ব। কৃষক-মজদুৰৰাজ প্রতিষ্ঠা হ’ব।”

কিন্তু এনে আদৰ্শৰ বাণী ৰাইজৰ মাজত ডাঙি ধৰিবলৈ, ৰাইজৰ মাজত কাম কৰিবলৈ সংকল্প লৈও, মাধৱে শেহত নিজ ঘৰৰে দাৰিদ্ৰ্যৰ তাড়নাত চোৰাংবেপাৰী, লাখ লাখ টকাৰ গৰাকী, চাহ বাগিচাৰ মালিকৰ ওচৰত চাকৰিৰ বাবে হাত পাতিবলগীয়া হ’ল। মাধৱে বাগিচাত চিকিৎসকৰ চাকৰি ল’লে।

নিষ্ঠুৰ বাস্তৱৰ তাড়নাত কিদৰে মানুহ আদৰ্শৰ পথৰ পৰা বিচ্যুত হ’ব লগা হয়, সাধাৰণ ৰাইজৰ মাজত থাকি সেৱা আগবঢ়াবলৈ অহা এজন চিকিৎসকো কিদৰে অভাৱৰ তাড়নাত আদর্শচ্যুত হ’ব লগা হয়, তেনে ঘটনা-চিত্ৰণৰ মাজেৰে নাট্যকাৰে স্বাধীনতা লাভৰ পাছতে দেশৰ পৰিস্থিতিৰ প্রকৃত স্বৰূপ দাঙি ধৰিছে।

‘সপোন কুঁৱলি’ শিৰোনামেৰে নাটকখনত নগৰীয়া পটভূমিত এটি আঢ্যৱন্ত আধুনিক পৰিয়াল লোৱা হৈছে। পৰিয়ালটোত সাংস্কৃতিক পৰিৱেশ এটা থকাৰ উপৰি দেশপ্রেম আৰু জাতীয় ভাবাপন্ন চৰিত্ৰ সন্নিৱিষ্ট হৈছে। পৰিয়ালৰ মূল মানুহজন ইতিমধ্যে ভাৰত ত্যাগ আন্দোলনত অংশ লৈ এদিন সমদলত পুলিচৰ নির্যাতনত প্রাণত্যাগ কৰিব লগা হৈছিল। তেওঁৰেই আদর্শত অনুপ্রাণিত পৰিবাৰ-পুত্র-কন্যা আদি চৰিত্ৰসমূহৰ মাজেৰে এটা সৰু কাহিনী দাঙি ধৰা হৈছে। নাটিকাখনিৰ চেৰী নামৰ এটা চৰিত্ৰৰ সংলাপৰ মাজেৰে ৰাভাই তেওঁৰ মতাদৰ্শৰ ইঙ্গিত দিছে এইদৰে— “গান্ধীবাদৰ চৰম আদৰ্শ ৰামৰাজ্য স্থাপন কৰিব সেই লেনিনে, গান্ধীৰ লক্ষ্য অহিংসাৰ পথ অনুসৰণ কৰি নহয়, বৈপ্লৱিক পন্থা অৱলম্বন কৰিহে।” বাল্যবিধবা চেৰী এগৰাকী নাৰ্ছ হৈ মহাযুদ্ধত পূর্ব ইউৰোপৰ বহু ঠাইত ঘূৰিবলগা হোৱাত ঠাইসমূহৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাসমূহৰ সংস্পৰ্শলৈ আহি এক নিজস্ব মতাদর্শ লাভ কৰিছিল। সেয়া আছিল মার্ক্সীয় মতাদর্শ। নাটিকাখনৰ প্রধান বৈশিষ্ট্য হিচাপে নাটকৰ শেষৰ দৃশ্যত পোন্ধৰ আগষ্টৰ স্বাধীনতা দিৱসৰ নিশা কিশোৰ সন্তান দেউটিয়ে দেখা সপোনৰ মাজেৰে অসমৰ হিন্দু, মুছলমান, বড়ো, মিচিং, দেউৰী, ৰাভা, কামৰূপীয়া, উজনি অসমীয়া, চাহবনুৱা, কৃষক, বিভিন্ন সমাজৰ ল’ৰা-ছোৱালীয়ে নাচি নাচি দেশপ্ৰেমৰ গীত গাই ওলাই অহা দেখুওৱা হৈছে। এই দৃশ্যৰ পৰা আমি ইয়াকে বুজিব পাৰোঁ, ৰাভাই নতুন প্রজন্মৰ মনত স্বাধীন ভাৰতৰ অসমত বাৰেবৰণীয়া জনগোষ্ঠীসমূহৰ সমন্বয় আৰু মিলনেৰে এখন বৃহৎ সমাজ গঢ়াৰ স্বপ্ন সঞ্চাৰ হোৱাকে কামনা কৰিছিল।

ৰাভাৰ এখন অসম্পূর্ণ সামাজিক নাটক ‘সোণামুৱা গাঁও’। স্বাধীনতা লাভৰ কিছুদিন পাছতেই সমগ্র দেশজুৰি সাম্যবাদী আন্দোলনে গা কৰি উঠিছিল। সর্বহাৰাৰ জয়গান গাই পুঁজিপতি আৰু ধনিক শ্ৰেণীৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰি শ্রেণীহীন সমাজ গঢ়াৰ এক সংগঠিত আন্দোলন গঢ় লৈ উঠিছিল। সেই আন্দোলনে শাসনযন্ত্ৰৰ সৈতেও সংঘর্ষত লিপ্ত হৈ পৰিছিল। ফলত সেই আন্দোলনৰ ভালেমান নেতাক কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। তেনে এক পটভূমিতে এই নাটকখন ৰচনা কৰা হৈছে। নাটকৰ নায়ক জীৱন এজন সাম্যবাদী যুৱক। তেওঁৰ নেতৃত্বত এটা অঞ্চলত এক আন্দোলন সংগঠন হৈছিল। “গৰীৰ জনসাধাৰণৰ অশেষ দুখ-কষ্ট-ত্যাগ আৰু সংগ্ৰামৰ ফলতেই জাতীয় চৰকাৰ প্রতিষ্ঠিত হল। কিন্তু জনসাধাৰণৰ আশা-আকাংক্ষা ইয়াতেই শেষ নহয়। দেশত আজি শতকৰা নব্বৈজন কৃষক-বনুৱা, মধ্যবিত্ত শ্রেণীৰ মানুহেই সমাজৰ সকলো বয়-বস্তুৰ যোগান ধৰি থাকিও পেটত ভাত-কাপোৰ নোহোৱা হৈছে। তাৰ উপৰি ধনী মহাজন, জমিদাৰ, চোৰাং কাৰবাৰীসকলৰ শোষণ-অত্যাচাৰত জীৱন জুৰুলা হৈছে। সেয়ে গৰীৱৰ স্বাধীনতা প্রতিষ্ঠা কৰিবলৈ সাজু হওক। গাঁৱে গাঁৱে, কাৰখানাই কাৰখানাই কৃষক-বনুৱা পঞ্চায়ত গঠন কৰি কৃষক-বনুৱা পঞ্চায়ত ৰাজ্য প্রতিষ্ঠা কৰিবলৈ আগবাঢ়ক।” এনে আহ্বানেৰে গঢ় লৈ উঠা আন্দোলনৰ নেতৃত্ব দিবলৈ গৈ জীৱনৰ পুলিচৰে সংঘাত হৈছে। পুলিচে জীৱনক বিচাৰি দুখীৰামৰ ঘৰত সকলোকে নির্যাতন কৰিছে, কাৰণ দুখীৰামৰ ভনীয়েক লখিমীৰ সৈতে জীৱনৰ আৱেগিক সম্পর্কৰ কথা সকলোৱে জানে।

নাটকখনত পুৰুষ-নাৰীৰ প্রণয়-মিলনৰ বিষয়টো লৈও সাম্যবাদী ৰাভাই সংলাপৰ মাজেৰে নিজস্ব দৃষ্টিভংগী দাঙি ধৰিছে— “প্ৰেম হৈছে যৌন চেতনাৰ এটা সামাজিক সাজ-পৰিচ্ছদ। যৌন চেতনাৰ গুহাত প্রেম-আদর্শ-সমষ্টিবোধ আৰু অন্যান্য অবান্তৰ অনুভূতি আৰু অদ্ভুত অর্থই প্রেমাস্পদক একান্তভাৱে পাবলৈ যি অদ্ভুত খেয়াল সৃষ্টি হয়, সি কেৱল সমাজচ্যুত অকলশৰীয়া জীৱনৰ বিৰোধবোধ। নহ’লে যৌন চেতনাৰ ভিতৰত একান্তভাৱে পাবলৈ কোনো জৈৱিক প্রয়োজনেই নাথাকে।”

এইখিনি আলোচনাৰেই ক’ব খোজা হৈছে যে বিষ্ণুপ্ৰসাদ ৰাভাই নাট্য মাধ্যমেৰে তেওঁৰ জীৱনৰ দুটা প্রধান মতাদর্শ— মার্ক্সীয় পন্থাৰে জনগণৰ উত্তৰণ আৰু দ্বিতীয়তে সমগ্র জনগোষ্ঠীয় সমন্বয়ৰ মাজেৰে বৃহৎ শক্তিশালী অসম গঢ়ি তোলা— তাৰেই সচেতন বিন্যাস দেখা পাওঁ তেওঁৰ সামাজিক নাটককেইখনত। তেওঁৰ ৰোমাণ্টিচিজমৰ ধাৰণা, নাৰী-পুৰুষৰ সম্পৰ্কৰ ব্যাখ্যা— যিহৰ সৈতে হয়তো বৰ্তমানৰ নাৰীবাদী মতাদর্শ একমত নহ’ব— এনেবোৰ দিশে ঠাই পাইছে কাল্পনিক পটভূমি কিছুমান লৈ ৰচিত এখন নাটক ‘সন্ন্যাসী’ত।

ইয়াৰ বাহিৰে ভালেকেইখন চুটি একাঙ্কিকা আৰু অসম্পূর্ণ নাটক আছে। যেনে— ‘সপোন কুঁৱৰী’ এখন নৃত্যনাটিকা, ‘শান্তিৰ দেউল’ কাল্পনিক কাব্য নাটক, গাঁৱত শোষণৰ চিত্রাঙ্কন একাঙ্কিকা— ‘খাৰুমণি থুৰিয়া’। ‘জীৱন আৰু স্বামী ৰাম এ’ দুখৰীয়া নাট্যচিত্র। মহাযুদ্ধই মানুহৰ জীৱনলৈ লৈ অহা ট্রেজেডীক লৈ নাটিকা ‘ধুমুহা’ (অসম্পূর্ণ) ইত্যাদি। ‘তৰাবতী আইদেউ’, ‘এজেন্টি মুলুক’— এই দুখন অসম বুৰঞ্জীৰ ঘটনাক লৈ ৰচিত নাটক যদিও মাজে মাজে নাটকৰ সংলাপত দেশপ্রেম আৰু জাতীয় চেতনাৰ ইংগিত সূক্ষ্ম হৈ আছে। ‘মাধৱদেৱ’ ৰাভাৰ ভাষাতে— এখন ডুখৰীয়া নাটক। শঙ্কৰদেৱৰ বিষয়ে তেওঁ এখন চুটি চিত্রনাট্য আৰু এখন জীৱনীমূলক নাটক লিখিছে। চুটি হলেও নাটকখন এটি সার্থক ৰচনা বুলি কব পাৰি।

‘শকুন্তলা’ আৰু কুমৰ হৰণ’— পৌৰাণিক সর্বজন পৰিচিত আখ্যানমূলক কাব্য আৰু গীত-নৃত্য সমৃদ্ধ দুখনি উৎকৃষ্ট সাহিত্য-ৰসঘন ৰচনা। স্থূল ৰাজনৈতিক আৰু সামাজিক সমস্যাৰ চিন্তাৰে সদাআক্রান্ত মানসতাৰ মাজেৰে ৰাভাই কেনেদৰে ৰোমাণ্টিক আৱেগ-সর্বস্ব কাব্যসুলভ ভাষাৰে দৃশ্যৰ বৰ্ণনা দিব পাৰে ভাবিলে আচৰিত লাগে। কুমৰ হৰণৰ ৰচনাতে তেনে বর্ণনা অলেখ আছে। এটি চুটি উদ্ধৃতি:

“যৌৱনৰ উৰ্বৰতাৰ প্ৰতি অঙ্কৰ সৌন্দর্যত অনিন্দ্যসুন্দৰ কোঁৱৰে অস্তপ্রায় কৈশোৰৰ নির্মলতা লৈ বালসুলভতাৰে ইটো কক্ষৰ পৰা আন আন কক্ষলৈ আনন্দত উফৰি পৰে। এচমকা আকাশ। মাজে মাজে ডাৱৰ। তাৰ শিৰৰ ওপৰেদি এজাক চৰাই গাই গাই উৰি গুচি যায়।…
বসন্ত
ৰূপহী সন্ধিয়া। সুশীল আকাশ, তাত বিধ বিধ বোল। নানান তৰহৰ ৰহণ… চমকা চমকা ডাৱৰৰ খেলা… ডাৱৰৰ আঁৰে আঁৰে বিবিধ ৰঙৰ জিলিঙনি… দূৰ দূৰণিত দিগন্ত ৰেখা। সেই ৰেখাৰ তলত বিশাল সাগৰ— অসীম, অনন্ত। অসীমৰ ঢৌবোৰ সসীমৰ সীমাৰ কাৰণে বুভুক্ষু স্পৃহা লৈ উত্তাল তৰঙ্গ তুলি বাগৰি বাগৰি আহে। ভাগি যায়… লীন হয়, ভাগে বাগৰে গৰজি উঠে…।”

ৰাভাৰ দুখন অতি উৎকৃষ্ট ৰচনা— ‘ন-পৃথিৱীৰ নতুন যুগ’ আৰু ‘মুক্তি দেউল’ কাব্য আৰু গীতি নাটক দুখনে ৰাভাৰ অতুলনীয় কাব্য প্রতিভাৰ স্বাক্ষৰ বহন কৰিছে। অসমৰ নগৰে-গাঁৱে বিপুলভাৱে জনপ্রিয় হৈ পৰা গীতসমূহ আৰু ভালেকেইটি কবিতা এই দুখন কাব্য নাটকতে প্রথমতে সন্নিৱিষ্ট হৈছিল।

নাটক কাব্য-গীতৰ মাজেৰে বিষ্ণুপ্ৰসাদ আজিৰ অসমৰ জনমানসত এজন অসাধাৰণ শিল্পী হিচাপে পৰিচিত যদিও মোৰ বিবেচনাৰে ৰাভাই গদ্য-সাহিত্যৰ এজন অতি গুৰুত্বপূৰ্ণ লেখক হিচাপে ঐতিহাসিক মর্যাদা আৰু স্থান লাভ কৰিছে। ৰাজনৈতিক, সমাজতাত্ত্বিক, সাংস্কৃতিক, ধর্মীয় চিন্তামূলক, ভাষা-সাহিত্য বিষয়ক সকলো দিশতে ৰাভাৰ জ্ঞান, পাণ্ডিত্য আৰু চিন্তান্বেষী মনৰ গভীৰতাৰ স্বাক্ষৰ তেওঁৰ গদ্য ৰচনাসমূহে বহন কৰিছে। সংস্কৃতকে ধৰি (তেওঁ কলেজত বিজ্ঞানৰ শিক্ষার্থী হৈও) অসমৰ জনগোষ্ঠীয় কেবাটাও ভাষা সমন্বিতে ষোল্লটা ভাষাত তেওঁৰ ব্যুৎপত্তি আছিল বুলি জনা যায়। বিভিন্ন আনুষ্ঠানিক— সদৌ অসম ভিত্তিক নাইবা আঞ্চলিক বিশেষ বিশেষ সভাবোৰত তেওঁ আগবঢ়োৱা ভাষণসমূহে অসমীয়া ভাষা-সাহিত্যক বহুলভাৱে সমৃদ্ধি প্রদান কৰিছে।

এই বছৰ (২০০৯)টো বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবার্ষিকী ৰূপে সদৌ অসমবাসীয়ে উদযাপন কৰিবলৈ বিভিন্ন কার্যসূচী হাতত লৈছে। কিন্তু সাম্প্রতিক অসমৰ জনগণ যি এক ভয়াবহ পৰিস্থিতিৰ মাজত উপস্থিত হৈছে, যিদৰে জনগোষ্ঠীয় বিদ্বেশ, ধর্মীয় মৌলবাদ, ৰাজনৈতিক আৰু শ্রেণী স্বার্থ, অর্থনৈতিক সংকট আদিৰ কবলত দুর্গত জীৱন যাপন কৰিবলগা হৈছে, এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ সর্বাধিক প্রয়োজন হৈছে ৰাজ্যখনত সমন্বয় আৰু সংহতি প্রতিষ্ঠান। সেই প্রতিষ্ঠানৰ কাৰণে প্রয়োজন জনসাধাৰণৰ সমুখত এক সবল আদর্শ। সেই আদৰ্শৰ বার্তাবাহীৰূপে আজি অত্যন্ত প্রাসংগিক হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণু ৰাভাক এক শক্তিশালী আনুষ্ঠানিকতাৰ মাজেৰে, এক সু-সংবদ্ধ সাংগঠনিক প্রক্রিয়াৰে জনসাধাৰণৰ মাজলৈ এক সৰ্বময় শক্তিৰে আৰু পৰিব্যাপ্তিৰে আগুৱাই লৈ যোৱাৰ প্রয়োজন হৈছে। সেই কাম কোনে কৰিব? এসময়ত ভাৰতীয় গণনাট্য সংঘই সেই আদৰ্শৰ নামত কিছু কাম কৰিছিল। কিন্তু কেইখনমান নগৰতে সীমাৱদ্ধ থাকি কিছুদিন পাছত তেওঁলোকৰ সাংগঠনিক শিথিলতাই দেখা দিলে। Cultural activist বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিসত্তাক এক সামাজিক সত্তালৈ ৰূপান্তৰ কৰি সেই সামাজিক সত্তা আৰু সামাজিক ব্যক্তিত্বৰ প্ৰভাৱেৰে অসমৰ গাঁৱে-ভূঞে হাজাৰ Cultural Activist-ৰ দল গঢ়ি তুলিব কোনে? মাত্র বছৰটোত কেইটামান সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীৰেই এইজনা ক্ষণজন্মা চিৰবিপ্লৱীৰ শিল্পীসত্তাক যোগ্য স্বীকৃতি আৰু প্রকৃত সন্মান জনোৱা হ’ব নোৱাৰে। অসমৰ সমাজ উত্তৰণৰ প্রক্রিয়া এক হৈ পৰিব লাগিব বিষ্ণুপ্ৰসাদৰ আদৰ্শৰে। তেওঁৰ আদৰ্শক, তেওঁৰ বাণীক কঢ়িয়াই লৈ যাব লাগিব ৰাইজৰ মাজলৈ সুদীর্ঘ দিন ধৰি এক নিৰৱচ্ছিন্ন নীৰৱ আন্দোলনৰ ৰূপত। অসমৰ সাহিত্য, ভাষা-সংস্কৃতিৰ প্রতিষ্ঠিত সংগঠনসমূহ, তেওঁলোকৰ বলিষ্ঠ আৰু সুবিস্তাৰিত তৃণমূল সংযোগৰ সহায়ত বিষ্ণু ৰাভাৰ আদৰ্শক, সমন্বয়ৰ বাণীক এক ব্যাপক activism প্রক্রিয়ালৈ ৰূপান্তৰ কৰি ৰাইজৰ মাজলৈ আমি যাব লাগিব। ‘দেশেই আমাৰ নাটঘৰ, ৰাইজেই ভাৱৰীয়’— সেই ভাৱৰীয়া ৰাইজৰ ওচৰলৈ যাব লাগিব— বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য গীত-নাটক-নৃত্য, কথা আৰু ৰচনাসমূহক ‘দেশ’ নামৰ নাটঘৰত অনলসভাৱে নিবেদন কৰিবলৈ।

ৰচনা কাল: ২০০৯

❧ | আৰু পঢ়ক:

বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটক আৰু সাংস্কৃতিক আন্দোলন | অৰুণ শৰ্মা

Follow Nilacharai on Facebook