বিদ্যালয় পৰিচালনা সমিতি: কাৰ্যাৱলী, ক্ষমতা, দায়িত্ব আৰু কৰ্তব্য

বিদ্যালয় পৰিচালনা সমিতি: কাৰ্যাৱলী, ক্ষমতা, দায়িত্ব আৰু কৰ্তব্য
  • 29 Dec, 2022

প্ৰ তিগৰাকী পিতৃ-মাতৃ অথবা অভিভাৱকেই নিজৰ নিজৰ সন্তানে যাতে এক উৎকৃষ্ট মানৰ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু উচিত শিক্ষা গ্ৰহণ কৰি এক সুখী আৰু সফল জীৱন যাপন কৰিব পাৰে, সেয়া স্বাভাৱিকতেই বিচাৰে। ২০১০ চনৰ পৰা প্ৰৱৰ্তিত হোৱা ‘শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯’-ই প্ৰত্যেকৰ বাবে এনে এক সুযোগকে আনি দিছে আৰু দেশৰ প্ৰতিখন বিদ্যালয়ক একোখন সৰ্বাংগসুন্দৰ বিদ্যালয় গঢ়ি তোলাৰ পথত অগ্ৰসৰ হৈছে। সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ অধীনত ৬ ৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাটো নিৰ্দেশাত্মক নীতি হিচাপে গ্ৰহণ কৰি সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত অপাৰেচন ব্লেক-বৰ্ড, পুনৰ বিন্যাসিত আৰু পুনৰ গঠিত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থা, জিলা প্ৰাথমিক শিক্ষা আঁচনি, মধ্যাহ্ন ভোজন আঁচনি, অনানুষ্ঠানিক শিক্ষা, শিক্ষা নিশ্চিতকৰণ আঁচনি, বিকল্প আৰু উদ্ভাৱনামূলক শিক্ষা ব্যৱস্থা, জনশালা আঁচনি আৰু সৰ্বশিক্ষা অভিযানে সাৰ্বজনীন শিক্ষাৰ লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহ আঁতৰ কৰাৰ বাবে যথেষ্ট বৰঙণি আগবঢ়াইছে।

ভাৰতীয় সংবিধানৰ ৮৬ সংখ্যক সংশোধনী (২০০২ চন)য়ে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰসমূহক ২০০৯ চনত আইন হিচাপে ৰূপায়ণ কৰাৰ পথ সুচল কৰি তোলে। ২০০৯ চনৰ এই আইনখনে প্ৰত্যেক শিশুৰ বাবে কোনো ধৰণৰ বৈষম্য আৰু বহিষ্কৰণ নোহোৱাকৈ গুণগত শিক্ষা আহৰণ কৰাৰ এটা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে, যাৰ বাবে সকলোৰে বাবে গুণগত শিক্ষা প্ৰদান আৰু উপযোগী শিক্ষাপদ্ধতি কাৰ্যকৰী হৈছে। ফলত গুণগত শিক্ষা, সমতা, বৈষম্যহীনতা আৰু শিক্ষাৰ অধিকাৰে শিশুৰ স্বাধীনতা সুনিশ্চিত কৰিছে। এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিদ্যালয় এখনৰ উন্নয়ন আৰু সুপৰিকল্পনাৰ বাবে শিক্ষাৰ অধিকাৰ আইন ২০০৯-ত বিদ্যালয় পৰিচালনা সমিতিসমূহক দক্ষ আৰু শক্তিশালী কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয়তে একোখনকৈ বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আছে। গুণগত মানসম্পন্ন বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষৰ লগতে বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিসমূহৰ দাযিত্ব আৰু কৰ্তব্য বৃদ্ধি পাইছে। আনহাতে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত মাতৃসকলৰ গুৰুত্ব উপলব্ধি কৰি বিদ্যালয় পৰিচালনা সমিতিসমূহৰ মুঠ সদস্যৰ অৰ্ধেক সংখ্যক মহিলাক সামৰি ল’বলৈ প্ৰয়াস কৰা হৈছে। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যাৱলী, ক্ষমতা, দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ আমাৰ এই লেখাত প্ৰয়াস কৰা হৈছে।

বিদ্যালয়ৰ কাৰ্যাৱলী নিৰীক্ষণ

শিশুৰ শৈক্ষিক উত্তৰণৰ সহায়ক হোৱাকৈ অনুকুল পৰিৱেশ ৰচনাৰ ক্ষেত্ৰত আৰু বিদ্যালয়ৰ উন্নয়নৰ নিমিত্তে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। এই সমিতি সকলো ধৰণৰ ‘ইউ-ডাইচ’ৰ তথ্য সংগ্ৰহৰ বাবে দায়বদ্ধ থাকিব। পৰ্যৱেক্ষণ, প্ৰয়োগ, মূল্যায়ন আৰু প্ৰতিকাৰমূলক সকলো ব্যৱস্থা ল’বলৈ দায়বদ্ধ থাকিব।

ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিৰীক্ষণ

বিদ্যালয়ৰ আওতাৰ ভিতৰৰ সকলো শিশুৰ বিদ্যালয়ত এশ শতাংশ নিয়মীয়া উপস্থিতি আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষা সম্পূৰ্ণ কৰাটো বিদ্যালয় পৰিচালনা সমিতিয়ে নিশ্চিত কৰিব।

শৈক্ষিক উন্নয়ন

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাখিব লাগিব। সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব মূল্যায়নৰ ভিত্তিত পৰ্যালোচনা কৰিব আৰু প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দুৰ্বল আৰু পিছপৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি বিশেষ মনোযোগ দিব। সমিতিৰ সভাপতি, উপ সভাপতিয়ে বিদ্যালয় চলি থকা সময়ত বিদ্যালয় পৰিদৰ্শন কৰিব পাৰিব আৰু বিদ্যালয়ৰ নিয়মানুৱৰ্তিতা, ছাত্ৰ-শিক্ষকৰ উপস্থিতি, পাঠদান কিবা কাৰণত বাতিল হ’লে বাতিল হোৱাৰ কাৰণ অনুসন্ধান কৰি পৰৱৰ্তী পৰিচালনা সমিতিৰ বৈঠকত আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিব পাৰিব।

অণু-পৰিকল্পনা প্ৰস্তুতি

বিদ্যালয়ৰ আওতাৰ ভিতৰত পৰা শিশুৰ তথ্য সংগ্ৰহ, শিশুৰ পঞ্জীয়ন বহী প্ৰস্তুতকৰণ আৰু সকলো শিশুৰ বিদ্যালয়ত নামভৰ্তি নিশ্চিতকৰণ তথা প্ৰয়োজন সাপেক্ষে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা বিদ্যালয় পৰিচালনা সমিতিয়ে কৰিব লাগিব।

শৈক্ষিক দিনপঞ্জীৰ সঠিক ৰূপায়ণ

অনুমোদিত শৈক্ষিক দিনপঞ্জী মতে বিদ্যালয়ৰ কাম-কাজ সঠিক ৰূপত ৰূপায়ণ হোৱাটো বিদ্যালয় পৰিচালনা সমিতিয়ে নিশ্চিত কৰিব লাগিব। কোনো কাৰণতে যাতে জিলা কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ বিদ্যালয় বন্ধ অথবা অৰ্ধছুটি ঘোষণা কৰা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব। দিনপঞ্জীত উল্লেখ থকা ‘উদ্‌যাপন দিৱস’সমূহ বিদ্যালয়ত উদ্‌যাপন কৰি তাৰ প্ৰতিবেদন সংশ্লিষ্ট কৰ্তৃপক্ষক দাখিল কৰিব লাগিব। যদিহে উদ্‌যাপন কৰিবলগীয়া দিনটো কোনো বন্ধ বা দেওবাৰ হয়, তেনেহ’লে পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈ সুবিধা অনুসৰি আগতীয়াকৈ বা বন্ধৰ পাছৰ দিনা উদ্‌যাপন কৰিব পাৰিব। উদ্‌যাপন দিৱসত কোনো কাৰণতে বিদ্যালয় সোনকালে ছুটি দিব নোৱাৰিব।

শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিৰ নিৰীক্ষণ

বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ বিদ্যালয়ত উপস্থিতি নিৰীক্ষণ কৰিব আৰু তেওঁলোকৰ মাহিলী অনুপস্থিতিৰ প্ৰতিবেদনত অনুমোদন জনাব। অনুমোদিত প্ৰ-পত্ৰত সংশ্লিষ্ট শিক্ষক-কৰ্মচাৰীৰ বিপৰীতে অনুপস্থিতিৰ তাৰিখ, পলমকৈ উপস্থিত হোৱা আৰু সোনকালে বিদ্যালয় এৰা আদিউল্লেখ কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে এই সম্পৰ্কত এটি প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু সভাপতি আৰু সদস্য-সচিবে উক্ত প্ৰস্তাৱত স্বাক্ষৰ কৰিব। তদুপৰি এই সমিতিয়ে শিক্ষকৰ কাম-কাজৰ পৰ্যালোচনা আৰু তদাৰকী কৰিব আৰু শিক্ষক-কৰ্মচাৰীৰ যিকোনো বিধি-ভংগ কাম-কাজৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব।

উপস্থিতিৰ বহী নিৰীক্ষণ আৰু আকস্মিক ছুটিৰ আবেদন

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ দৈনিক হাজিৰা বহী নিৰীক্ষণ কৰাৰ কৰ্তৃত্ব বিদ্যালয় পৰিচালনা সমিতিৰ থাকিব আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় মন্তব্য লিপিবদ্ধ কৰিব পাৰিব। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ অনুমোদন বা সন্মতি প্ৰদান স্বাক্ষৰ অবিহনে শিক্ষক-কৰ্মচাৰীয়ে দাখিল কৰা কোনো আকস্মিক ছুটিৰ আবেদন সংশ্লিষ্ট বিষয়াই গ্ৰহণ কৰিব নোৱাৰিব।

বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ

বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা হ’ল বিদ্যালয়খনৰ আন্তঃগাঁথনি, শৈক্ষিক, বৌদ্ধিক আৰু শাৰিৰীক— এই সকলো দিশৰ সামগ্ৰিক উন্নয়নৰ এক পৰিকল্পনা। ‘শিক্ষাৰ অধিকাৰ আইন ২০০৯’ অনুযায়ী প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰে বিদ্যালয় পৰিচালনা সমিতিয়ে শৈক্ষিক, সামাজিক ব্যৱস্থাপনা তথা আন্তঃগাঁথনিৰ দিশ আদি সামৰি ‘বিদ্যালয় উন্নয়ন পৰিকল্পনা’ প্ৰস্তুত কৰাটো বাধ্যতামূলক। প্ৰত্যেক বিদ্যালয় পৰিচালনা সমিতিয়ে বিত্তীয় বৰ্ষ শেষ হোৱাৰ কমপক্ষেও তিনিমাহৰ আগতে বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। এই পৰিকল্পনা তিনি বছৰৰ বাবে প্ৰস্তুত কৰিব লাগিব, য’ত তিনিটা বৰ্ষৰ বাবে সুকীয়াকৈ বাৰ্ষিক উপ-পৰিকল্পনা সন্নিৱিষ্ট থাকিব। এই উন্নয়ন পৰিকল্পনাই শ্ৰেণী অনুযায়ী নামভৰ্তিৰ বাবে প্ৰত্যেক বছৰৰ প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰাক্‌কলন প্ৰস্তুতকৰণ, তিনি বছৰীয়া পৰিকল্পনাখনত ‘শিক্ষাৰ অধিকাৰ আইন’খনে নিৰ্ধাৰণ কৰি দিয়া বিধি অনুযায়ী তিনি বছৰৰ বাবে ব্যৱস্থাপনা তথা অতিৰিক্ত আন্তঃগাঁথনি আৰু সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ গণনাকৰণ আৰু বিদ্যালয়খনৰ দায়বদ্ধতা পূৰণৰ বাবে প্ৰয়োজনীয় সকলো ধন, বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ধন, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া সাজ-পোছাক আৰু অনান্য শিতানত অতিৰিক্তভাৱে প্ৰয়োজন হোৱা ধনৰ হিচাপ আদি দিশবোৰ সামৰি ল’ব। বিদ্যালয় উন্নয়ন পৰিকল্পনাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, উপ সভাপতি আৰু সদস্য সচিবে স্বাক্ষৰ কৰি বিত্তীয় বৰ্ষৰ শেষত কৰ্তৃপক্ষৰ হাতত জমা দিব।

বিশেষভাৱে সক্ষম শিশুৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ কৰণীয়

বিশেষভাৱে সক্ষম শিশু (চি ডব্লিউ এছ এন) বুলিলে সেই শিশুসকলক বুজায়, যিবোৰ সাধাৰণ শিশুতকৈ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, শৈক্ষিক আৰু শিক্ষণ ক্ষমতাৰ ক্ষেত্ৰত পৃথক। এই বিচ্যুতি যোগাত্মক বা ঋণাত্মক অৰ্থাৎ সবল বা দুৰ্বল বৈশিষ্টৰো হ’ব পাৰে। এই শিশুবোৰক ব্যতিক্ৰমী শিশু আখ্যা দিব পাৰি। বিশেষ প্ৰয়োজনৰ সৈতে শিশুসকলক ‘কম বুদ্ধিসম্পন্ন’, ‘শাৰীৰিকভাৱে বাধাগ্ৰস্থ’, ‘অক্ষম’, ‘ব্যতিক্ৰম’, ‘বিশেষ’ ‘দুৰ্বল শিশু’ আদি বিভিন্ন নামকৰণ কৰা হয়। শিক্ষাৰ অধিকাৰ আইনৰ অনুচ্ছেদ নং ২ (ডি) মতে, অন্যান্য পিছপৰা শিশুৰ লগতে বিশেষভাৱেসক্ষম শিশুসকলেও যাতে প্ৰাথমিক শিক্ষাৰ কিছুমান দক্ষতা, কৌশল আয়ত্ত কৰিব পাৰে আৰু যি কোনো কাৰণত তেওঁলোক যাতে শিক্ষা লাভৰ পৰা বঞ্চিত নহয়, তাৰ বাবে বিশেষ ফলপ্ৰসূ প্ৰশিক্ষণৰ দ্বাৰা বিদ্যালয়খনকো প্ৰস্তুত কৰিব লাগে। এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিয়ে সেই সকল শিশু যাতে বিনাদ্বিধাই বিদ্যালয়লৈ আহিব পাৰে, তাক নিশ্চিত কৰিব লাগে।

বিদ্যালয় বহিৰ্ভূত শিশুৰ বিশেষ প্ৰশিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ দায়ৱদ্ধতা

শিক্ষাৰ অধিকাৰ আইন ২০০৯-ৰ দ্বিতীয় অধ্যায়ত উল্লেখ কৰা মতে ৰাজ্যৰ ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ কেতিয়াও বিদ্যালয়ত নামভৰ্তি নকৰা, অকালতে বিদ্যালয় ত্যাগ কৰা শিশু, শিশু শ্ৰমিক আদিক বিচাৰি আনি বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত প্ৰধান শিক্ষকক সহযোগিতা কৰিব। তেনে শিশুক বয়স অনুযায়ী নিৰ্দিষ্ট শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত বিশেষ প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় শিকন অৰ্হতাসমূহ আয়ত্ত কৰাত সহায় কৰিব লাগে। এই বিদ্যালয়ত বহিৰ্ভূত শিশুক অনাবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ (এন আৰ এছ টি ছি), আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ (আৰ এছ টি ছি)ৰ নীতি-নিৰ্দেশনাৰ আধাৰত, বিদ্যালয় বহিৰ্ভূত ছোৱালী শিশুক প্ৰয়োজন সাপেক্ষে কস্তুৰবা গান্ধী বালিকা বিদালয় (কেজিবিভি)ত নামভৰ্তি কৰোৱাটোৱেই হৈছে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা। বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ত বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত শ্ৰেণীকোঠা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ লগত মুখ্য ভূমিকা ল’ব লাগিব। আনকি বিদ্যালয় বহিৰ্ভূত শিশুৰ অভিভাৱকৰ সৈতে যোগাযোগ ৰক্ষা কৰাত প্ৰধান শিক্ষকক সহায় কৰিব। নিজ নিজ এলেকাৰ সকলো শিশুৱে যাতে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পাৰে, তাৰ বাবে বিদ্যালয় পৰিচালনা সমিতি সম্পূৰ্ণ দায়বদ্ধ। এনে শিশুৰ তথ্য সঠিকভাৱে ৰখাত আৰু বিদ্যালয়লৈ নিয়মীকৈ অহাত বিদ্যালয় পৰিচালনা সমিতিয়ে যথোপযুক্ত ব্যৱস্থা কৰিব।

মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণত বিদ্যালয় পৰিচালনা সমিতিৰ কৰণীয়

বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ত চলি থকা মধ্যাহ্ন ভোজন আঁচনিখন পৰ্যৱেক্ষণ কৰিব আৰু শিশুসকললৈ আগবঢ়োৱা আহাৰৰ পুষ্টিকাৰিতাৰ মান, ৰন্ধা-বঢ়া কৰা ৰান্ধনীঘৰটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা মধ্যাহ্ন ভোজন আঁচনিৰ স্বাস্থ্যসন্মত ৰূপায়ণ আদি দিশবোৰ চোৱা-চিতা কৰিব। বিদ্যালয় চলি থকা দিনবোৰত কোনো কাৰণত যাতে মধ্যাহ্ন ভোজন বন্ধ নহয়, সেই কথাৰ ওপৰত তীক্ষ্ণ দৃষ্টি বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাখিব লাগিব। ইয়াৰ উপৰি খাদ্যবস্তু বা ৰন্ধনত ব্যৱহাৰ কৰা সামগ্ৰী, বাচন-বৰ্তনবোৰ যাতে ধূলি-বালি, ময়লা, মাখি বা আন কীট-পতংগৰ পৰা সুৰক্ষিত হৈ থাকে, সেয়া নিশ্চিত কৰিব লাগিব। ৰন্ধন কাৰ্যৰ সৈতে জড়িত ৰান্ধনী বা খাদ্য বিতৰণ কৰা ব্যক্তিসকলে যাতে সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলে, শিশুসকলে আহাৰ খোৱাৰ আগত আৰু পাছত যাতে চাবোনেৰে হাত ধোৱে— এইবোৰ কথাৰ প্ৰতিও পৰিচালনা সমিতি সচেতন থাকিব লাগে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন পৰিৱেশন কৰাৰ ঠিক আগে আগে শিক্ষকৰ দ্বাৰা মধ্যাহ্ন ভোজনৰ সোৱাদ লোৱাটো বাধ্যতামূলক। শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলেও মধ্যাহ্ন ভোজনৰ সোৱাদ পৰীক্ষা কৰাটো বাঞ্ছনীয়। শিক্ষক আৰু পৰিচালনা সমিতিৰ সদস্যসকলে নিৰ্দিষ্ট ৰেজিষ্টাৰ বহীত খাদ্যৰ সোৱাদৰ ওপৰত মন্তব্য লিপিবদ্ধ কৰিব লাগে।

বিদ্যালয়লৈ আবণ্টিত পুঁজিৰ সদ্ব্যৱহাৰ

বিদ্যালয়খনত সংশ্লিষ্ট চৰকাৰ, স্থানীয় কৰ্তৃপক্ষ আৰু অন্যান্য উৎসৰ পৰা পোৱা ধনৰ সঠিক ব্যৱহাৰ দিশটোত বিদ্যালয় পৰিচালনা সমিতিয়ে বিশেষ ভূমিকা পালন কৰে। বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰস্তুত কৰা উন্নয়ন পৰিকল্পনাত সম্ভাৱ্য আৱশ্যকীয় খৰচৰ হিচাপ প্ৰস্তুত কৰি উলিয়াব লাগিব। ধনৰ সৎ ব্যৱহাৰৰ বাবে সংশ্লিষ্ট চৰকাৰ বা কৰ্তৃপক্ষৰ পৰা পোৱা নীতি-নিৰ্দেশনা বিদ্যালয় পৰিচালনা সমিতিয়ে মানি চলিব। কেতিয়াবা বিদ্যালয় পৰিচালনা সমিতিখনে বিদ্যালয় উন্নয়ন পৰিকল্পনাত ধাৰ্য কৰা সম্পূৰ্ণ ধন নাপাবও পাৰে। তেনে ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ হাতলৈ অহা ধন প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি অগ্ৰাধিকাৰ অনুযায়ী কাৰ্য সম্পাদনাৰ যোগেদি খৰচ কৰিব লাগিব। বিদ্যালয় উন্নয়নৰ বাবে আবণ্টিত পুঁজিৰ দহ শতাংশ ধন স্বচ্ছতাৰ দিশ চোৱাচিতাৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব। বিদ্যালয় পৰিচালনা সমিতিয়ে বাৰ্ষিক হিচাপ-নিকাচৰ খতিয়ান সংশ্নিষ্ট উপ-পৰিদৰ্শক বা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত দাঙি ধৰিব লাগিব। আনহাতে ৰাইজৰ পৰা লাভ কৰা দান-বৰঙণি নিৰ্দিষ্ট নথিত লিপিবদ্ধ কৰাৰ উপৰিও পৰিকল্পনা অনুযায়ী খৰচ কৰিব লাগিব।

এই সমূহ দায়িত্ব বা কৰ্তব্যৰ উপৰিও বিদ্যালয় পৰিচালনা সমিতিখনে বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি, অকালতে বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰা, পৰীক্ষাৰ ফলাফল উন্নত কৰা তথা সামাজিক অংশগ্ৰহণ সুনিশ্চিত কৰা আদিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিদ্যালয়খনৰ জনপ্ৰিয়তা যাতে কোনো কাৰণতে বিঘ্নিত নহয়, সেই বিষয়ত বিদ্যালয় পৰিচালনা সমিতি সচেষ্ট হ’ব লাগে। আনহাতে শিশুৰ নৈতিক মূল্যবোধ গঠনৰ বাবে বিদ্যালয়ৰ প্ৰাতঃসভাত নৈতিক শিক্ষা সম্পৰ্কত মহৎ লোকৰ বাণী বাখ্যাসহ কোৱা, মূল্যবোধৰ সমল থকা বিভিন্ন খেল-ধেমালি খেলোৱা, গাঁৱৰ পাৰদৰ্শী ব্যক্তিৰ দ্বাৰা শনিবৰীয়া চ’ৰাত নীতিপাঠ থকা সাধুকথা কোৱাৰ ব্যৱস্থা আদিবোৰ কৰিব লাগে। বিদ্যালয়ত শিশুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা সমিতি গঠন কৰাৰ উপৰিও বিদ্যালয়ত শিশুসকলে যাতে কোনো শাৰিৰীক বা মানসিক শাস্তি, নিৰ্যাতন আদিৰ সন্মুখীন নহয়, তাৰ প্ৰতি বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল বিশেষভাৱে সজাগ হোৱা খুবেই জৰুৰী। ইয়াৰ উপৰি বিদ্যালয়ত স্বচ্ছতাৰ দিশতো বিদ্যালয় পৰিচালনা সমিতিৰ কৰণীয় যথেষ্ট আছে। বিদ্যালয়খন চাৰিওফালৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখি এক সুন্দৰ স্বাস্থ্যৱান পৰিৱেশত যাতে শিশুসকলে শিক্ষা লাভ কৰিব পাৰে, তাৰ প্ৰতি প্ৰতিগৰাকী সদস্যই চকু ৰাখিব লাগে। বিদ্যালয় পৰিচালনা সমিতিসমূহে বিদ্যালয়ৰ পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ উপৰিও শৌচাগাৰত নিয়মিতভাৱে পানী যোগান ধৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে।

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় তথা অসম চৰকাৰৰ শিক্ষা বিভাগে ২০১৯-২০ বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয় পৰিচালনা সমিতিসমূহৰ প্ৰতি তিনিমাহৰ বৈঠকখনি ফলপ্ৰসূভাৱে অনুষ্ঠিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি প্ৰয়োজনীয় নিৰ্দেশনা জাৰী কৰিছে। আকৌ প্ৰতি বছৰে সৰ্বশিক্ষা অভিযানৰ উদ্যোগত ৰাইজক একত্ৰিত কৰি সন্মিলিত লক্ষ্যৰে বিদ্যালয়ৰ উন্নয়নৰ পথ প্ৰসষ্ট কৰাৰ উদ্দেশ্যৰে ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ ভিতৰত প্ৰতিখন জিলাৰ প্ৰতিটো মণ্ডল সমল কেন্দ্ৰৰ অধীনত প্ৰতিখন বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ বাবে তিনি দিনৰ বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰা হৈ আহিছে। এই সমূহ প্ৰশিক্ষণৰ জৰিয়তে ইতিমধ্যেই বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে তেওঁলোকৰ ওপৰত ন্যস্ত থকা দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে জ্ঞাত হোৱাৰ উপৰিও বিদ্যালয় পৰ্যায়ত এই সমূহ প্ৰয়োগ হোৱাও দেখা গৈছে।

আমাৰ গাওঁখন বা অঞ্চলটোৰ ভৱিষ্যৎ যিহেতু আমাৰ কণ কণ শিশুসকলৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ ওপৰতেই নিৰ্ভৰ কৰিছে, সেয়ে সেই শিশুসকলৰ ভৱিষ্যৎ নিৰ্মানকাৰী বিদ্যালয়খন ভাল কৰিবৰ বাবে প্ৰত্যেকেই নিঃস্বাৰ্থভাৱে আগবাঢ়ি অহাটো খুবেই প্ৰয়োজনীয়। বিদ্যালয় পৰিচালনা সমিতিখন বিদ্যালয় এখনৰ ৰাজহাঁড় স্বৰূপ। বিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে বিদ্যালয় পৰিচালনা সমিতিখনে বলিষ্ঠ আৰু শক্তিশালী ৰূপত কাৰ্যপন্থা হাতত লৈ আগবঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ দেশ বা সমাজৰ ভৱিষ্যৎ সুদৃঢ় হ’ব।

❧ | আৰু পঢ়ক:

বিদ্যালয় পৰিচালনা সমিতি: কাৰ্যাৱলী, ক্ষমতা, দায়িত্ব আৰু কৰ্তব্য | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক