বান্ধোনযুক্ত স্বাধীনতা

বান্ধোনযুক্ত স্বাধীনতা
  • 15 Aug, 2022

উৰি থকা ত্ৰিৰংগালৈ চাই
ল’ৰাটোৱে সুধিলে—
পতাকাখন স্বাধীন নে?
মই ক’লো— পতাকাখন স্বাধীনতাৰ প্ৰতীক।
অবুজ দৃষ্টিৰে
সি পুনৰ প্ৰশ্ন কৰিলে—
পতাকাখন দেখোন বাঁহৰ খুঁটাত বন্দী?

সেই প্ৰশ্নই বহু ভাৱ-অনুভূতিৰে
ভৰাই পেলালে মোৰ মন…

স্বাধীনতা মানেই বান্ধোনহীনতা নহয়,
স্বাধীনতা মানে নহয় শৃংখলহীনতা,
স্বাধীনতা মানে অনুশাসনহীনতা নহয়,
স্বাধীনতা মানে নহয় বে-পৰোৱা ব্যক্তিত্ব।
বান্ধোনৰো আন নাম হ’ব পাৰে স্বাধীনতা,
বন্দীত্বৰ মাজতো অনুভৱ হ’ব পাৰে স্বাধীনতা।

মই মোৰ দেশৰ লগত প্ৰেমৰ বান্ধোনেৰে
বান্ধ খাই থাকিব পৰা স্বাধীনতা বিচাৰোঁ।
দেশৰ সংবিধানৰ চাৰিবেৰৰ বান্ধোনত থাকি
কাম কৰাৰ স্বাধীনতা বিচাৰোঁ।
মই আইনৰ গণ্ডীৰ মাজত বন্দী হৈ
জীয়াই থকাৰ স্বাধীনতা বিচাৰোঁ।

প্ৰাকৃতিকভাৱেও গ্ৰহ-নক্ষত্ৰৰ পৰা তৰু-তৃণলৈকে
সকলোৰে মাজত আছে অদৃশ্য বান্ধোন—
আমি তেনে বান্ধোনৰে বান্ধ খাই থকাৰ
স্বাধীনতা বিচাৰোঁ।

যদি খুলি দিয়া হয় পতাকাৰ বান্ধোন,
ভূপতিত হ’ব নিমিষতে
অথবা বতাহে উৰুৱাই লৈ যাব পলকতে।

মোৰ দৃষ্টিত
উৰি থকা ত্ৰিৰ‌ংগাক ধৰি ৰখা খুঁটাটো
দেশৰ দৃঢ় মেৰুদণ্ডৰ প্ৰতীক;
আৰু সেই ৰচিডাল—
প্ৰেম, ভালপোৱা আৰু সংযমৰ প্ৰতীক।

আকাশত ত্ৰিৰংগা সদায় উৰুৱাব নোৱাৰি;
পিছে মনৰ মাজত স্বাধীনতাৰ পতাকা
সদায় উৰুৱাব পাৰি!
তাৰ বাবে লাগে মাথোঁ
নৈতিকতাৰ একোটা দৃঢ় স্তম্ভ
আৰু সংযমৰ একোডাল অদৃশ্য ৰচি।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
বান্ধোনযুক্ত স্বাধীনতা | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক