প্ৰেমৰ পুৰণি চিঠিবোৰ

প্ৰেমৰ পুৰণি চিঠিবোৰ
  • 10 Aug, 2022

মোৰ দুখৰ ৰাতিবোৰত
তুমি সপোন হৈ আহিবা

থুপি থুপি আজলী তৰাৰ পোহৰত
মোৰ নিচা লাগে
তৰাৰ পোহৰৰ নিচা
এনেদৰে নিচা লাগিলে মই
কাণিদুৱৰীকৈ মেলি থওঁ
শৰীৰৰ দুৱাৰ আৰু
বিবসনা মন

তৰাবোৰৰো নিচা লাগে
কিবা এটা পোৱাৰ নিচাত
হয়তো আপোন পাহৰা হৈ
বিলাই দিয়ে নিজক

নিচা লাগিলে মই
বাৰে বাৰে ফালি পেলাওঁ
প্ৰেমৰ পুৰণি চিঠিবোৰ
ইলুটি-সিলুটিকৈ পাতপাত কৰোঁ
হৃদয়ৰ পাত

এটা ৰাগিত মই আপোন পাহৰা হৈ
বিলাই দিব খোজোঁ অলপমান আশা৷

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
প্ৰেমৰ পুৰণি চিঠিবোৰ | নিকু ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক