মা নৱতাবাদী সুগভীৰ চিন্তা-চেতনাৰে চল্লিশৰ দশকৰ পৰাই কাব্যসৃষ্টিত মনোনিৱেশ কৰা নৱকান্ত বৰুৱা আধুনিক অসমীয়া কাব্যসৃষ্টিৰ এগৰাকী সফল পথিকৃৎ। সমাজৰ প্ৰতি দায়ৱদ্ধ কবি নৱকান্ত বৰুৱাই ‘জয়ন্তী’ৰ পাতত নিয়মীয়াকৈ কবিতা লিখিবলৈ আৰম্ভ কৰি ‘ৰামধেনু’ৰ পাতত প্ৰতিষ্ঠা লাভ কৰে। প্ৰায় ছটা দশক নিৰৱচ্ছিন্নভাৱে সাহিত্যৰ সাধনা কৰি আগবঢ়াই যোৱা বিশাল কাব্যসৃষ্টি আৰু অন্যান্য সাহিত্য সম্ভাৰে নৱকান্ত বৰুৱাক অসমীয়া সাহিত্যৰ বৰ্ণময় ইতিহাসত সদায় স্মৰণীয় কৰি ৰাখিব।
আধুনিক কাব্য-সাহিত্যৰ সমান্তৰালভাৱে নৱকান্ত বৰুৱাই অসমীয়া উপন্যাস সাহিত্যলৈও বৰণীয় অৱদান আগবঢ়াই থৈ গৈছে। পঞ্চাশৰ দশকৰ প্ৰথমছোৱাৰ পৰাই উপন্যাস সৃষ্টিত প্ৰবৃত হোৱা নৱকান্ত বৰুৱাৰ সৰ্বপ্ৰথম উপন্যাস ‘কপিলীপৰীয়া সাধু’ প্ৰকাশ হয় ১৯৫৩ চনত। প্ৰকৃতিৰ লগত মানুহৰ নিবিড় সম্পৰ্ক নিটোল ৰূপত ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনত প্ৰকাশ পাইছে।
অসমৰ জনজীৱনৰ লগত নৈ-উপনৈসমূহৰ সম্পৰ্ক বৰ নিকট। নৱকান্ত বৰুৱাৰ এই উপন্যাসখনত নদী আৰু মানুহৰ সম্পৰ্কক অতি সজীৱ ৰূপত প্ৰতিফলিত কৰা হৈছে। ক’ব পাৰি, উপন্যাসখনত গভীৰ জীৱন জিজ্ঞাসা, মনস্তাত্বিক দ্বন্দ্ব, চৰিত্ৰৰ বিচিত্ৰতা আদি প্ৰতিফলিত হোৱা নাই যদিও উপন্যাসখনৰ ৰচনাশৈলীৰ কাব্যিকতা, বৰ্ণনাৰ প্ৰাঞ্জলতা আৰু সমসাময়িক এখন সমাজৰ ধ্যান-ধাৰণাৰ সাৰ্থক প্ৰতিফলনৰ বাবেই অসমীয়া উপন্যাসৰ ঐতিহাসিক পৰিক্ৰমাত ‘কপিলীপৰীয়া সাধু’য়ে এখন বিশিষ্ট আসন লাভ কৰি আহিছে।
‘কপিলীপৰীয়া সাধু’ উপন্যাসখনিত নগাঁৱৰ কপিলী নৈৰ দুয়োপাৰৰ কৃষিজীৱী মানুহৰ সুখ-দুখ, আশা-আকাংক্ষা, প্ৰেম-ভালপোৱা, শ্ৰমজীৱী জীৱনশৈলী আদিৰে পৰিপূৰ্ণ এক ৰসোত্তীৰ্ণ কাহিনী বৰ্ণিত হৈছে। কপিলীপাৰৰ ঘাইকৈ ভুৰবন্ধা গাঁৱৰ দৈনন্দিন জীৱনযাত্ৰাক কেন্দ্ৰ কৰিয়েই গঢ় লৈছে এই উপন্যাসখনে। উপন্যাসখনৰ মুখ্য চৰিত্ৰ বা নায়ক হিচাপে অংকিত হৈছে ৰূপা সিং ওৰফে ৰূপাই। উপন্যাসখনৰ আগকথাত ঔপন্যাসিক নৱকান্ত বৰুৱাই ইয়াৰ কাহিনীটো মনেসজা বুলি কৈছে যদিও কপিলীপাৰৰ ভুৰবন্ধা গাঁৱৰ গঞা সমাজৰ এখন বাস্তৱ চিত্ৰই অংকন কৰিছে কাব্যিক গদ্যৰীতিৰে।
ভুৰবন্ধা গাঁৱৰে ধীৰ সিঙৰ পুতেক ৰূপাই। পঢ়াশুনাৰ প্ৰতি বিশেষ ৰাপ নথকা ৰূপাইৰ কপিলীখনৰ প্ৰতি কিন্তু এক বিশেষ আকৰ্ষণ আছে। সি সুযোগ পালেই কপিলী নৈৰ পাৰৰ থিয় গৰাটোত বহি থাকেগৈ। আনকি ৰাতিৰ নিজান ক্ষণতো শোৱাপাটীৰ পৰা উঠি গৈ সি কপিলীৰ সৌন্দৰ্য উপভোগ কৰেগৈ। ৰূপাইয়ে নিজেই নেজানে কপিলীৰ প্ৰতি তাৰ ইমান আকৰ্ষণ কিয়। ৰূপাইয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল গাঁৱৰে বেথাৰাম পণ্ডিতৰ পাঠশালাত। পাঠশালা পাছ কৰাৰ পাছত বাপেকে তাক চহৰৰ দিনবন্ধু উকীলৰ ঘৰত ৰাখি পঢ়ুৱাইছিল। কিন্তু তাত তাৰ পঢ়া নহ’ল, চাকৰ খটাহে হ’ল। উকীলৰ ঘৰৰ বজাৰ কৰা, খৰি ফলা আদি সকলো কাম-কাজ কৰিবলগীয়া হোৱা বাবে প্ৰথমে দচন স্কুল আৰু পাছত বঙলা স্কুল এখনতো উত্তীৰ্ণ হ’ব নোৱাৰিলে।
উকীলনী আৰু উকীলৰ চাকৰ হাৰিয়াৰ নিৰ্যাতন সহিব নোৱাৰি ৰূপাই ভলণ্টিয়াৰ দলত সোমাল। এদিন সি গান্ধি টুপি পিন্ধি মদৰ দোকানৰ সন্মুখত পিকেটিঙত ভাগ লওঁতে পুলিচে অন্যান্য আন্দোলনকাৰীৰ লগতে ৰূপাইকো জেললৈ লৈ গ’ল। জেলতে সি তিলক গোসাঁইক লগ পালে। তিলক গোসাঁইয়ে ৰূপাইক গান্ধীজীৰ অহিংসা আন্দোলনৰ বিষয়ে বুজাই দিলে। বিলাতী কাপোৰ কিয় বৰ্জন কৰিব লাগে, অহিংসা, সত্যাগ্ৰহ আদি কথাবোৰৰ বিষয়েও তিলক গোঁসাইয়ে ৰূপাইক সহজ-সৰল ভাষাৰে বুজাই দিলে। জেলত তিলক গোঁসাইক লগ পাই ৰূপাইয়ে বহুতো কথা শিকিলে। তেওঁক লগ পোৱা কাৰণে ৰূপাইয়ে জেলখনকে তীৰ্থক্ষেত্ৰ যেন অনুভৱ কৰিলে। গুৱাহাটীৰ জেলত সি সুধাংশু বাবুক লগ পালে। তেওঁ হিন্দু-মুছলমানৰ মিলৰ কথা, নানা চাহেব, তান্তীয়া টোপে আদিৰ কথাও ক’লে। তেওঁলোকৰ সংস্পৰ্শত ৰূপাই অহিংসা নীতিত বিশ্বাসী হ’ল।
এদিন ৰূপাইয়ে জেলৰ পৰা মুক্তি পালে। অভিজ্ঞতা আৰু মহাত্মা গান্ধীৰ ফটো এখন লৈ ৰূপাই তাৰ নিজৰ ঘৰলৈ উভতি আহিল। পুনৰ আপোন গাওঁখনলৈ আহি ৰূপাইয়ে আন্দোলনে জোকাৰি যোৱা গাওঁখনৰ বহু পৰিৱৰ্তন দেখা পালে। সি তিলক গোসাঁইৰ প্ৰেৰণাতে গাঁৱৰ গঠনমূলক কামবোৰ কৰি যাবলৈ ধৰিলে। ইতিমধ্যে বন্ধ হৈ যোৱা তাৰ গাঁৱৰ স্কুলখন ৰাইজৰ সহযোগত পুনৰ আৰম্ভ কৰিলে। গাঁৱৰ মানুহে তাকেই স্কুলৰ পণ্ডিত হ’বলৈ কৈছিল যদিও সি সেই প্ৰস্তাৱত সন্মত নহৈ তিলক গোঁসাইৰ ভতিজাক বসু গোঁসাইক আনি স্কুলখনৰ পণ্ডিত পাতিলে। ৰূপাইয়ে তিলক গোঁসাইৰ ওচৰত শৰণ ল’ব বিচাৰিছিল যদিও গোঁসাইয়ে তাক শৰণ নিদিলে। তাক দেশৰ কাম কৰি যাবলৈহে পৰামৰ্শ দিলে। ৰূপাইয়ে দুগুণ উৎসাহেৰে গাঁৱৰ আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ ধৰিলে।
ঘটনাক্ৰমে বান-সাহায্য বিলাবলৈ গৈ ৰূপাইয়ে লগ পালে সোণপাহীক। সোণপাহীয়ে ৰূপাইৰ জীৱনৰ গতিপথ যেন সলনি কৰি দিলে। বানে উটুৱাই অনা সোণপাহীক ৰূপাইয়ে উদ্ধাৰ কৰি প্ৰাণৰক্ষা কৰিলে যদিও পৰৱৰ্তী কম দিনৰ ভিতৰতে আন এক বৃহৎ বানৰ চাকনৈয়াত পেলাই ৰূপাইয়ে সোণপাহীক মৃত্যুৰ মুখলৈ ঠেলি দিলে। প্ৰকৃততে এই বান চাক্ষুষ নহয়, বৰং ৰূপাই আৰু সোণপাহীৰ অন্তৰৰ আঁহে আঁহে বাঢ়ি অহা কামনাৰ কোবাল সোঁতহে। য’ত দুয়োজনে নিজৰ অস্তিত্বক পাহৰি এই বানৰ বাঢ়নি পানীত বহু দূৰ উটি গ’ল।
কপিলীৰ বান শুকাল, কিন্তু বানৰ পাছতে বিভিন্ন ৰোগে কপিলীপৰীয়া ৰাইজক বেঢ়ি-কুৰি ধৰিলে। বানপানীৰ পাছত বেমাৰত পৰি ধীৰ সিঙৰ মৃত্যু হ’ল। বাপেক ধীৰ সিঙৰ মৃত্যুয়ে ৰূপাইৰ জীৱন ৰহস্য উদ্ঘাটন কৰি দিলে। তেতিয়াহে সি গম পালে যে সি প্ৰকৃততে ধীৰ সিঙৰ প্ৰকৃত সন্তান নহয়, তাক কপিলীৰ বুকুৰ পৰাহে তুলি অনা হৈছিল। তাৰ প্ৰকৃত পৰিচয় কি সেয়া অজ্ঞাত। নিজৰ জন্ম ৰহস্যৰ কথা গম পাই ৰূপাইয়ে মনত বৰ দুখ পালে। দুখতে এদিন ৰূপাইয়ে কপিলীৰ বুকুতে জাঁপ দি আপোনঘাতী হ’ব বিচাৰিলে, কিন্তু কপিলীয়ে তাক সোণপাহীৰহে কাষ চপাই নিলে। কপিলীৰ সোঁতত উটি যোৱা ৰূপাইক উদ্ধাৰ কৰিলে সোণপাহীৰ পৰিয়ালৰ মানুহে।
ৰূপাই পুনৰ গাঁৱলৈ ঘূৰি আহিল। সি ক্ৰমশঃ স্বাভাৱিক জীৱন আৰম্ভ কৰিলে। ইফালে সোণপাহীৰ লগত গঢ়ি উঠিল ৰূপাইৰ এক নিবিড় গোপন সম্পৰ্ক। কপিলীৰ বুকুয়েদি সদায় ৰাতি সি সোণপাহীৰ ওচৰলৈ যায়। গোসাঁই পুখুৰীৰ পাৰত ৰূপাই-সোণপাহীৰ মিলন হয়। ৰূপাইয়ে সোণপাহীক ভাল পাইছিল সঁচা, কিন্তু সোণপাহীক সি পত্নীৰূপে পাবলৈ ইচ্ছা কৰা নাছিল। ৰূপাইৰ মন আৰু দৃষ্টিত সোণপাহী শক্তিশালী আকৰ্ষণ হৈয়ো এক ভয়লগা দুৰ্বোধ্য বিকৰ্ষণো। উপন্যাসখনৰ বিষয়বস্তুৰ ফালৰ পৰা চাবলৈ গ’লে পোৱা যায় যে প্ৰথা বহিৰ্ভূত সম্বন্ধ এটাৰ পৰা আত্মৰক্ষা কৰিবলৈ ৰূপাইয়ে বাসনা আৰু অভিসাৰৰ থিয় গৰাৰ নামি আহিছিল তুচ্ছ নৈমিত্তিকতাৰ সমতলভূমিলৈ।
“…সোণপাহীৰ প্ৰতি তাৰ প্ৰেম তীব্ৰ সুৰাৰ দৰে। সংসাৰৰ শীতল পানীতো সি নহয়। গোসাঁই পুখুৰীৰ পাৰৰ সেই উগ্ৰতাৰ পৰা সি সোণপাহীক ছিঙি আনি ঘৰৰ চাৰিবেৰৰ মাজত সুমুৱাব কেনেকৈ? সোণপাহী তাৰ সৈতে একেখন বিচনাতে শুব। অসম্ভৱ! সোণপাহীৰ প্ৰতি তাৰ আকুল আকাংক্ষা— মিলনৰ পিছ মুহূৰ্তৰ চৰম বিতৃষ্ণা— এই উগ্ৰতাৰ মাজত সংসাৰৰ ঠাই ক’ত?” (পৃষ্ঠা ৮৫)। সি অৱশেষত সোণপাহীক প্ৰত্যাখান কৰিলে। সেয়া যেন নৈমিত্তিকতাৰ বেদীত ৰূপাইৰ আত্মসমৰ্পণ। অন্তঃসত্ত্বা সোণপাহী ৰূপাইৰ দ্বাৰা চৰম প্ৰতাৰিত হৈ কপিলীৰ ভটিয়নী সোঁতত আপোনঘাতী হ’ল। সোণপাহীৰ মৃত্যুৱে ৰূপাইক এটা নতুন পথৰ সন্ধান দিলে। সি বেলেগ এজনী ছোৱালী বিয়া কৰাই সংসাৰ পাতিবলৈ ইচ্ছা কৰে। সোণপাহী তাৰ স্মৃতিত প্ৰেমৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে থাকি যাব। সোণপাহীক হেৰুওৱাৰ নিশাই বসু মাষ্টৰৰ ওচৰলৈ গৈ সি তাৰ বাবে ছোৱালী চাবলৈ ক’লে।
সাধাৰণতে উপন্যাসসমূহত দেখা যায়— ঔপন্যাসিকে উপন্যাসৰ কাহিনী চিত্ৰণত বহিঃ জীৱনতকৈ অন্তঃ জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়ে। ঔপন্যাসিকৰ সুগভীৰ অন্তৰ্দৃষ্টিআৰু সূক্ষ্ম পৰ্যৱেক্ষণে উপন্যাসৰ কাহিনী আৰু চৰিত্ৰক অধিক অন্তৰ্মুখী কৰি তোলে। মহত্তম উপন্যাসৰ প্ৰতিটো চৰিত্ৰ মানৱীয় আদৰ্শৰ প্ৰতীক আৰু ইহঁতে পৰোক্ষভাৱে বহন কৰে ঔপন্যাসিকৰ গভীৰ চিন্তা-চেতনা আৰু মানৱীয় ধ্যাণ-ধাৰণা। এই দিশৰ পৰা ‘কপিলীপৰীয়া সাধু’ উপন্যাস সৃষ্টিত নৱকান্ত বৰুৱাই যেন কিছু ক্ষেত্ৰত যেন উজুটি খাইছে। উপন্যাসখনৰ কাহিনী আৰু চৰিত্ৰাংকনত গভীৰ জীৱনবোধৰ অভাৱ কোনো কোনো ক্ষেত্ৰত পৰিলক্ষিত হয়। কিন্তু নদীভিত্তিক আঞ্চলিক উপন্যাস হিচাপে ‘কপিলীপৰীয়া সাধু’ত কাহিনীৰ আৰম্ভণিৰ পৰা শেষলৈকে কপিলীক ৰাইজৰ সুখ-দুখৰ লগৰীয়া হিচাপে, ৰীতি-নীতি, সংস্কাৰ বিশ্বাসৰ কাৰক হিচাপে, খেতি-পথাৰৰ অনন্ত সম্ভাৱনা সৃষ্টিকাৰিণী দেৱীৰ ৰূপত ঔপন্যাসিক বৰুৱাই অতি সচেতনতাৰে অংকন কৰিছে।
কপিলীক কেন্দ্ৰ কৰিয়েই ৰূপাই আৰু সোণপাহীৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ সূত্ৰপাত হৈছে আৰু শেষো হৈছে। লেখক বৰুৱাদেৱে বৰলুইতৰ দুয়োপাৰৰ বিশাল সভ্যতাৰ এটি ক্ষুদ্ৰ সংস্কৰণ কপিলীপৰীয়া সভ্যতাৰ যেন বাস্তৱ কাহিনী উত্থাপন কৰিছে ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনত। সেয়ে ইয়াক এখন সাৰ্থক নদীভিত্তিক উপন্যাস বুলি ক’ব লাগিব।
কপিলী নৈখনৰ বৰ্ণনা কৰোঁতে কবি নৱকান্ত বৰুৱাজন যেন অতৰ্কিতে সাৰ পাই উঠিছে। কপিলীৰ সৈতে কপিলীপৰীয়া ৰাইজৰ সম্পৰ্ক বৰ নিবিড়। ঔপন্যাসিকে আৰম্ভণিতে আভাস দিছে এনেদৰে— “…মানুহে জানে, কপিলী দুখৰো চকুলো, আনন্দৰো চকুলো। …কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীৱন। কপিলী জীয়া নৈ। …সিহঁতৰ জীৱন আৰু মৃত্যুৰ সৈতে এই জীয়া নৈখন মিহলি হৈ থাকে।”
এই কপিলীৰ বুকুতে আছে জলকোঁৱৰৰ তলাতল ঘৰ, য’ত থাকে মানুহৰ সুখ-দুখৰ লগৰী কমলা কুঁৱৰী। তিনিমূৰীয়া আজোককাৰ দিনৰ পৰা কপিলীত বৰপানী আহে, কৃষি পথাৰত পলস পেলাই শস্য সম্ভৱনা কৰি তোলে। এই কপিলীপাৰলৈ জীৱন-জীৱিকাৰ আশাৰে বহু মানুহ আহে, ৰৈ যায়। কপিলীক এৰি যাব খুজিলেও নোৱাৰে। ৰজা-পোৱালী মন সিঙে এবাৰ গুচি যাব খোজাত কপিলীয়ে ভয় লগা সপোন দেখুৱালে, তায়ো পিছে পিছে যাব। মন সিং নগ’ল। মন সিঙৰে পুতেক ধীৰ সিং আৰু ধীৰ সিঙৰ পুতেক ৰূপাইৰ জীয়া কাহিনীয়েই হৈছে ‘কপিলীপৰীয়া সাধু’।
প্ৰধান চৰিত্ৰ ৰূপাইয়ো কপিলীৰে সন্তান। বানত উটি অহা অৱস্থাতে তাক পাই সন্তানহীন ধীৰ সিং আৰু ৰঙিলীয়ে তাক নিজৰ বুলি সাবটি লৈছিল। কপিলীয়ে ডেকা ৰূপাইৰ প্ৰেমৰ সপোনো পূৰ্ণ কৰে সোণপাহীক দান কৰি। সোণপাহীৰ জীৱনো কপিলীৰেই দান। অৱশেষত কপিলীয়ে সোণপাহীক আদৰিও লৈছে। কপিলীয়ে তাইৰ দুয়োপাৰৰ মানুহক কি দিয়া নাই? ডেকাহঁতে নাও খেলে, গাভৰুৱে নাচে। মাছমৰীয়াৰ জীৱনবৃত্ত ঘূৰি থাকে তাইক কেন্দ্ৰ কৰি। কপিলীৰ আছে মাত-ভাষা-সুৰ আৰু জীৱনস্পন্দন। তাই যেন ৰাইজৰ গৃহলক্ষ্মী, গৃহদেৱী। তাই পৱিত্ৰ কাৰণে ৰাইজৰ চকুত অপবিত্ৰ, চুৱা গোৱালপৰীয়া এৰাবাৰীখনত তাই নোসোমাই হেজাৰ বাৰিষাৰ বানতো। কপিলীপৰীয়া ৰাইজৰ সুখ-দুখৰ সমভাগী হোৱা বাবে “…কপিলীপৰীয়া মানুহ সুখে-দুখে কেতিয়াও কপিলীপাৰৰ পৰা নেযায়”। এনেদৰে কাব্যিক ব্যঞ্জনাৰে সিক্ত এটি যেন সঁচা কাহিনী দাঙি ধৰিছে নৱকান্ত বৰুৱাদেৱে।
‘কপিলীপৰীয়া সাধু’ উপন্যাসখনত কপিলীপাৰৰ আৰু আশে-পাশে থকা ভালেমান মানুহৰ ইতিহাস আছে, ভালেমান ঘটনা-উপঘটনাৰ চকা-মকা ৰেঙণি আছে, স্বাধীনতা আন্দোলনত জড়িত সংগ্ৰামী মানুহৰ ইতিহাস লিপিবদ্ধ আছে। কাব্যিক ৰসৰে জীপাল গদ্যৰীতিৰে ৰচিত ‘কপিলীপৰীয়া সাধু’ অসমীয়া সাহিত্যৰ এখন বৰণীয় উপন্যাস ৰূপে সদায় জিলিকি ৰ’ব।
❧ | আৰু পঢ়ক: