নিৰ্ভাৰ

নিৰ্ভাৰ
  • 26 Mar, 2023

ই ব’হাগক ভাল পাওঁ নে নাই, প্ৰশ্ন সেইটো কেতিয়াও নাছিল। প্ৰশ্নটো আছিল, ব’হাগে মোৰ নামত চিঠি এখন কিয় লিখিলে! আৰু তাতকৈ ডাঙৰ প্ৰশ্নটো আছিল ব’হাগ গ’ল কলৈ? ব’হাগ ঘৰত নাই, আৰু নোহোৱা হোৱাৰ চাৰি নম্বৰ দিনটোত তাৰ কিতাপৰ মাজত উদ্ধাৰ হ’ল এখন চিঠি,— মোৰ নামৰ। ঠিক প্ৰেমৰ চিঠিও নহয়, অপ্ৰেম বুলিও কোৱা নাযায় ধৰণৰ ১৬ বছৰীয়া ল’ৰা এটাই বিছ বছৰীয়া মোলৈ লিখা এখন চিঠি। ঘৰ এৰি যোৱাৰ আগত লিখা চিঠি।

মানুহ ব’হাগৰ ঘৰলৈয়ো গ’ল, মোৰ ঘৰলৈয়ো আহিল, চাহ-তামোল খাই আমাৰ সম্পৰ্কৰ এসোপা সম্ভাৱনা লৈ আলোচনা চলালে। ব’হাগৰ ঘৰখনে বিভিন্ন উপায়েৰে মোৰ পৰা তাৰ সম্ভেদ বিচাৰিলে। পুলিচৰ কথানো কি ক’ম! ভাগ্যে বৰ বেছি আবেগিক নাছিলো, ময়ো আৰু মোৰ ঘৰখনো। এই সকলোবোৰৰ মাজত আচৰিতভাৱে মোক কিবা জয়মতী ধৰণৰ অনুভৱ এটাইহে খেদি ফুৰিলে, আৰু প্ৰথমবাৰলৈ মই ভাবিলো, চাউদাঙৰ কোব সহি থাকোঁতে জয়মতীয়ে বাৰু জানিছিলনে গদাপাণি ক’ত আছিল! মই পিছে জয়মতীৰ দৰে মুঠেও নাছিলো, জানিলে প্ৰথমবাৰ সোধোঁতেই কৈ দিলোহেঁতেন ব’হাগ ক’ত আছে।

ব’হাগ মোৰ প্ৰেমিক নাছিল। চিঠিখন নেদেখালৈকে মোৰ কোনো ধাৰণাও নাছিল, আমাৰ যে এটা বেলেগ সম্পৰ্ক হ’ব পাৰে। আমি ঠিক কুকুৰ-মেকুৰীৰ দৰেহে আছিলো, কথাই প্ৰতি তৰ্ক। অৱশ্যে এই কাজিয়াবোৰ বন্ধুত্বৰ আৰম্ভণি আছিল নেকি পাছত মই নিজক বহুবাৰ সুধি চাইছোঁ, বিশেষ সন্তোষজনক উত্তৰ কেতিয়াও পোৱা নাই। কেতিয়াবা ভাবোঁ, কি ঠিক এনেকৈয়ে আমি কিজানি মানুহে ভবাৰ দৰে প্ৰেম, তাৰ পাছত বিয়া, তাৰ পাছত ল’ৰা-ছোৱালীৰ মাক-বাপেক…। ধেই, এইখিনিৰ পাছত মোৰ আৰু ভাবিবলৈ মন নাযায়।

কেতিয়াবা ভাবোঁ, কি ঠিক, ব’হাগ আৰু মই বাই-ভাই হ’বওতো পাৰিলোহেঁতেন! ব’হাগৰ চিঠিখনততো মোৰ নামটোৰ বাদে কোনো ধৰণৰ চিধাচিধি প্ৰেমৰ কথা নাছিল। অথচ নোহোৱা কথাটোৰ যে কত সহস্ৰ সম্ভাৱনা! অৱশ্যে মানুহৰো যুক্তি এটা আছে, প্ৰেম নোহোৱা হ’লে ব’হাগে চিঠিখন ঘৰৰ মানুহলৈ বা বেলেগলৈ লিখিলেহেঁতেন, বিশেষভাৱে মোলৈকে কিয়! প্ৰথম প্ৰথম মোৰো কথাবোৰ ভাবি চিন্তা অলপ হৈছিল, কিন্তু লাহে লাহে ব’হাগ নামৰ সৰু ল’ৰা এটা নোহোৱা হোৱাৰ দুখবোধ আৰু কথাবোৰ ভালকৈ নজনাৰ আফচোচ অকণমানৰ বাদে গোটেই ঘটনাটোত কৌতুকহে অনুভৱ কৰা হ’লো।

ব’হাগো গ’ল যি গলেই, তাৰ আৰু খবৰ-বাতৰি নাপালো। মোৰ ঘৰলৈয়ো মানুহ অহাটো সেৰেঙা হোৱাৰ পৰা কথাবোৰ মানুহে পাহৰা বুলিয়েই ধৰি ল’লো। পঢ়া সামৰি চাকৰি এটা গোটোৱালৈকে প্ৰায় ব’হাগক পাহৰিয়েই পেলাইছিলো, পিছে আকৌ মনত পৰিল। মানে মনত পেলাবলৈ বাধ্য কৰিলে মোৰ ভাগি যোৱা বিয়াখনে। এখন এখনকৈ দুখন বিয়া হওঁ হওঁ হৈ ব’হাগৰ চিঠিৰ এটা নামৰ কাৰণেই ৰৈ যোৱাত আকৌ এই চাহ-তামোল যঁচা পৰ্বত নোসোমাওঁ বুলিয়েই সিদ্ধান্ত লোৱাৰ দৰে হ’ল। ঘৰ-চাকৰি-ঘৰ— এনেদৰেই কথাবোৰ চলি আছিল। ব’হাগ মোৰ মনত নাছিলো, আছিলো।

নিস্তৰংগ পানীৰ দৰে জীৱন। তাতে হঠাৎ শিলগুটি মাৰিলেহি দুৰলী খুৰীদেৱে। খুৰীদেৱে মোৰ ভালেই বিচাৰে, বুজোঁ। আগতেও কৈছে কতবাৰ, আজিও আহিয়েই আৰম্ভ কৰিলেহি— ‘নকওঁনে বোলো তাৰ নামতে আবিয়ৈ হৈ ৰ’লিয়েই যেতিয়া সেন্দূৰ অকণকে লবি, মতাৰ মন খাই থাকে। নাই নুশুন, পা এতিয়া।’

কিনো হৈছে বুজিবলৈ বেছি পৰ ৰ’ব লগা নহ’ল, খুৰীদেৱে নিজেই ক’লে— ‘সি আহিব বোলে। কাইলৈ। সতিনী লগত লৈয়েই আহে নে অকলেই আহে! ওলাবি এপাক দেখা দি আহিবি মোৰ লগতে।’ অলপ শুনিলো, বহুত নুশুনিলো। নাই, খুৰীদেউক বেয়া পাব নোৱাৰোঁ মই, সময়ৰ সাঁচত গঢ় লোৱা নাৰী। আচলতে খুৰীদেউ অহাত মই ভালহে পালো, নহ’লে মইতো গমেই নাপালোহেঁতেন— মানুহে পাহৰা বুলি ভবা দহটা শব্দৰ চিঠিখন যে সময়ে মই নজনা, ব’হাগে নিলিখা কথাৰে দহ পতীয়া কৰিলে!

নিৰ্ভাৰ গল্প

দহটা শব্দৰ চিঠিখন যে সময়ে মই নজনা, ব’হাগে নিলিখা কথাৰে দহ পতীয়া কৰিলে…

ব’হাগ আহিব। এটা যুগ পাৰ হোৱাৰ পাছত ব’হাগ ঘৰলৈ আহিব। নোহোৱা হওঁতে মোক হাজাৰ কথা কোৱা কোনেও এতিয়া মোক এষাৰো একো কোৱা নাই। ভাল পাইছোঁ নে বেয়া পাইছোঁ নিজেও বুজা নাই। ইমান দিনে পাহৰণিত সোমাই থকা হাজাৰ কথাৰ উখলমাখল বুকুত। অকলশৰীয়া জীৱনটোৰ প্ৰতি আনদিনা অনুভৱ নকৰা ক্ষোভ অলপ ক’ৰপৰা আহি গোট খালে, সেয়াও গম পোৱা নাই। যেন মোৰ জীৱনত একো ভাল হোৱাই নাই আৰু এই সমস্ত বেয়াবোৰৰ একমাত্ৰ কাৰণ ব’হাগ। ঠিক কৰিব নোৱাৰিলো, সি আহিলে মই যাম নে নাযাম। হীনমন্যতা আৰু অপৰাধবোধৰ আৱৰণ এখনে মেৰিয়াইহে ধৰিলেহি যেন মোক।

এটা দীঘল ৰাতিৰ পাছত এয়া মই ব’হাগৰ ঘৰৰ পদূলিত, পুতৌ মিহলি চকুবোৰৰ আগেৰে মূৰ তল নকৰাকৈ গৈ আছোঁ। উত্তৰ পাবলগীয়া কথা বহুত আছে। এটা যুগ অপৰাধবোধে ভাৰাক্ৰান্ত কৰি থোৱা মন আজি যেন নির্ভাৰ৷ আচৰিতভাৱে মনত সোমাই থকা খং-দুখ-ক্ষোভবোৰ এটা এটা যেন বিৰাট কৌতুক হৈ পৰিছে। উঠিব খোজা প্ৰচণ্ড হাঁহি এটা চম্ভালিব খোজোঁতে কৌতুকবোৰ গৈ যেন দুচকুত তিৰবিৰাইছে। দুচকুৰ আগতে পুতৌৰ চকুবোৰ আশ্বৰ্যলৈ সলনি হোৱা চাই চাই মই সোমাই গ’লো কেতিয়াও আহি নোপোৱা ঘৰটোৰ ভিতৰলৈ, ব’হাগৰ সন্মুখলৈ।

❧ | অধিক গল্প:

নিৰ্ভাৰ | গীতাৰ্থী হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক