নাভাবিবা মোক বন্ধু বুলি

নাভাবিবা মোক বন্ধু বুলি
  • 07 Aug, 2022

১.
তোমাৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰোঁ, হে নাৰী!
বাসনা-বিহীন বন্ধুৰ অভিনয় কৰিব নোৱাৰোঁ মই;
পাৰা যদি মোক ক্ষমা কৰি দিয়া।

মোক ভাল লাগে তোমাৰ, হয়তো মোৰো ভাল লাগে!
মোৰ কথাই আকৰ্ষণ কৰে তোমাক, হয়তো মোকো!
তোমাৰ চিঠিত যাদু আছে,
মই মোহাচ্ছন্ন হ‌ওঁ, হয়তো তুমিও হোৱা!

তথাপি আমি বন্ধু হ’ব নোৱাৰোঁ;
আমাৰ দুটা পৃথক শৰীৰ আছে,
আছে কিছু পৃথক ৰসায়ন;
শৰীৰ-মনত শিহৰণ আছে, আছে উদ্দাম উত্তেজনা;
কেৱল কথা-বতৰা, চিঠি-পত্ৰই তৃপ্ত নকৰে আমাক,
শাৰীৰিক সান্নিধ্যৰ কামনা জাগে,
চুম্বন আলিংগনৰ বাসনা জাগে;
অথচ তেনে কৰিলেই বন্ধুত্বৰ সংজ্ঞাই সলাব সাজ
আৰু নাম ল’ব প্ৰেম-অনুৰাগ অথবা
আন কোনো সম্পৰ্কৰ;
যিটো তুমি নিবিচাৰিব পাৰা,
ময়ো নিবিচাৰিব পাৰোঁ,
আৰু হয়তো সমাজখনেও নিবিচাৰিব পাৰে!
তুমি হয়তো ক’বা, কেতিয়াও লগ নোপোৱা দূৰত্বত থাকি
বন্ধুত্ব কৰাৰ কথা;
কিন্তু নাৰী-পুৰুষৰ আকৰ্ষণ জুই আৰু চগাৰ দৰে,
তুমি মাতিলে মই জুইৰ মাজেদি উৰি গুচি যাব পৰাৰ দৰে।

২.
সেইবাবে হে পুৰুষ আৰু হে নাৰী!
বন্ধুত্বৰ প্ৰস্তাব নিদিবা দুয়ো,
অভিনয় নকৰিবা নিষ্কাম বন্ধু অথবা বান্ধৱীৰ,
মনত পেলাবা সদায় অস্কাৰ ৱাইল্ডৰ সেই কথা—
নাৰী আৰু পুৰুষৰ মাজত বন্ধুত্ব অসম্ভৱ;
হ’ব পাৰে অনুৰাগ, শত্ৰুতা, পূজা, প্ৰেম—
কিন্তু বন্ধুত্ব নহয়।

❧ | আৰু পঢ়ক:

নাভাবিবা মোক বন্ধু বুলি | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক