যুগে যুগে কৃষ্ণ
যুগে যুগে কংস
প্ৰতিজন মানুহৰ ভিতৰত
সুৰ অসুৰৰ যুদ্ধ

পাঁচ হাজাৰ বছৰৰ
পুৰণা বুৰঞ্জী
আমি লালন কৰোঁ
পালন কৰোঁ
সংস্কৃতিৰ লগত দুস্কৃতিকো
জীয়াই ৰাখোঁ

সময় সলনি হয়
চৰিত্ৰ কিন্তু সলনি নহয়
এতিয়াও মগজুত একোটা কংস
মনত একোখন কাৰাগাৰ

ধূপ দীপ নৈবেদ্যৰে
যুগে যুগে কৃষ্ণ বন্দনা
মঞ্চত কংস বধৰ ভাওনা

কিন্তু ভিতৰৰ কংস নমৰে
মনৰ ভিতৰত কংসৰ দপদপনি
কমে আৰু বাঢ়ে

যেতিয়ালৈকে মানুহ থাকিব
কৃষ্ণ থাকিব
যেতিয়ালৈকে মানুহ থাকিব
কংস‌ও থাকিব

কৃষ্ণ আৰু কংস
একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি
আমাৰ জীৱনৰ
দিন আৰু ৰাতি।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
এই লেখকৰ সকলো লেখা চাওক →
কৃষ্ণ আৰু কংস | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: