কিছুমান কথা কোৱাৰ প্ৰয়োজন নাথাকে
কৈফিয়ৎ দি কোনে কাক বুজাব পাৰে?

শেষ হোৱা দিন এটাৰ পৰত বেলি উদয়ৰ
স্বপ্ন দেখাতকৈ অপেক্ষা কৰা ভাল।
কৈ যোৱা প্ৰতিটো কথা ইতিহাস নহয়
কিছু স্মৃতি হৈ ৰৈ যাব পাৰে,
নোকোৱা কিছু কথাও ইতিহাস হ’ব পাৰে।

চেলুলয়ডত নেদেখুওৱা বহুটো কাহিনী
জীৱনে ক’ব পাৰে
মৌনই সিঁচা কথাবোৰৰ ভৰ
কৈ যোৱা কথাবোৰতকৈ গধুৰ হ’ব পাৰে।

বিলাসী ভাৱনাবোৰক অভিজ্ঞতাই হেঁচি ধৰে,
কিছুমান কথা ভবাৰো প্ৰয়োজন নাথাকে
তথাপি সপোন দেখাৰ পৰা জানো
কোনোবাই আমাক বাধা দিব পাৰে?

📚 | অধিক কবিতা:

ইতিহাস | ৰূপম বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক