কুঁ
ৱলিৰ ওৰণি টানি
আঘোণ আহিছে নামি
বুকুত বিজুলী খেলি
বিৰিঙে এধানি প্ৰাপ্তিৰ হাঁহি।
শৰতৰ সুকোমল আলিংগনত গাভৰু পথাৰখনত দোঁ খাই পৰিল আঘোণ। সেন্দূৰীয়া হ’ল জীৱন আৰু জীয়া নৈৰ একা-বেঁকা পথ। সপোনৰ শইচবোৰ সেন্দূৰীয়া হৈ ধৰা দিলেহি চকুত। গাঁৱৰ এই চিৰসেউজ পথাৰখনৰ অনাবিল সৌন্দৰ্যই প্ৰতিগৰাকী সৌন্দৰ্য পিপাসুৰ মন মোহিত কৰি আহিছে।
গাঁৱৰ বুকুত আঘোণ এক অনন্য মাহ। নিজা বৈশিষ্ট্য আৰু নিজ মহিমাৰে মহীয়ান সোণসেৰীয়া আঘোণ। এই আঘোণ মাহে গাঁৱৰ বুকুলৈ কঢ়িয়াই আনে আশাৰ বতৰা। আঘোণৰ বতৰতেই পথাৰ উভৈনদী হয় সোণোৱালী শস্যৰে। সেয়েহে কৃষিজীবী গ্ৰাম্য সমাজৰ বাবে আঘোণৰ গুৰুত্ব সুকীয়া। আঘোণ বুলিলেই নিয়ৰসিক্ত শেৱালি ফুলেৰে ওপচা সেউজীয়া দূবৰিৰ দলিচা। সেউজীয়া শস্যভূমিৰ সোণোৱালী ৰূপ-সৌন্দৰ্যই আমাৰ মনত অহৰহ দোলা দি যায়। যিদৰে বহাগৰ বতৰত গছ-লতিকাৰ কোমল কুঁহিপাত, কুলি-কেতেকীৰ সুৱদি মাত, সেউজীয়া পাহাৰ, কপৌফুলৰ সুবাসে মন-প্ৰাণ মোহিত কৰে, ঠিক সেইদৰে আঘোণৰ আগমনৰ লগে লগে মন ভৰাই তোলা সোণোৱালী ধাননিৰ মোহময়ী চিত্ৰখনে আমাৰ মনত দোলা দি যায়। প্ৰাকৃতিক পৰিৱেশ তথা প্ৰত্যেক ঋতু তথা বতৰৰ এই মোহনীয় চিত্ৰবোৰে মানৱ মনক সৃষ্টিৰ অফুৰন্ত প্ৰেৰণা আৰু তাগিদা যোগাই আহিছে।
আঘোণ বুলিলেই গাঁৱৰ বুকুত উখল-মাখল পৰিৱেশ। বাৰিষাৰ ৰ’দ-ঘাম একাকাৰ কৰি খেতি কৰি শৰতত জিৰণি লোৱা সোণগুটিৰ সপোন দেখা কৃষকক আঘোণে আনি দিয়ে কৰ্মময় জীৱনৰ স্বাদ, প্ৰদান কৰে পৰিশ্ৰমৰ সুমিষ্ট ফল। মন মতলীয়া কৰা পকা ধানৰ সুগন্ধই খেতিয়কৰ মনৰ পৰা আঁতৰাই নিয়ে বাৰিষাৰ বিষাদ আৰু বিপৰ্যয়ৰ কথা।
আঘোণৰ পকা ধানে গাঁৱৰ প্ৰাণত উছাহৰ হিল্লোল তোলে। কৃষক ৰাইজৰ মাজলৈ নামি আহে অন্তহীন ব্যস্ততা। শস্য চপোৱাৰ ব্যস্ততা। শস্য ঘৰলৈ চপোৱাৰ দিনকেইটা খেতিয়ক ৰাইজৰ বাবে অতি উলহ-মালহৰ দিন। অতি ব্যস্ততাৰে ভৰা দিন। ডেকা-বুঢ়া কাৰো আজৰি নাথাকে। ঘৰৰ গৃহিনীসকলো হাত সাবটি বহি নাথাকে। নিজ নিজ কামত উঠি-পৰি লাগে একান্তভাৱে। ঘৰৰ জীয়ৰী-বোৱাৰীয়ে আঘোণ মাহ সোমোৱাৰ লগে লগে ভঁৰালটো পুনৰাই নতুন মাটিৰে লেপি-মচি নকৈ তৈয়াৰ কৰে— লখিমী আদৰিবলৈ। চোতালখনৰ বন-বাতো চুৰুকি-চাৰাকি সাজু কৰা হয় নকৈ।

আঘোণৰ ধাননি
প্ৰকৃতিৰ বিপুল সম্ভাৰ আঘোণৰ বুকুত বিৰাজমান। নিয়ৰৰ বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি আঘোণৰ মলয়াৰ শীতল স্পৰ্শত জুৰ পৰে হৃদয়। পকা ধাননিৰ বুকুয়েদি বৈ অহা ৰিব্ ৰিব্ মলয়াৰ স্পৰ্শত চৌদিশে সিঁচৰতি হয় সোণালী ধানৰ সুগন্ধ। ৰূপৰ বিপুল সম্ভাৰ লৈ অহা প্ৰকৃতিয়ে বৰণ সলাই সজাই তোলে ধৰাক। আনন্দত বিভোৰ চৰাই-চিৰিকটিৰ সুমধুৰ গীতৰ ধ্বনিত ৰজনজনাই উঠে আঘোণ। জোনাক নিশাৰ তৰাফুল আৰু শুভ্ৰ জোনাকে প্লাৱিত কৰে সোণালী পথাৰ। এই সময়ছোৱাতে পকা ধানৰ সুবাসত শেষ নিশাৰ তিমিৰ ভেদি ভাটৌ, ৰাজহংস, শৰালি, ঘিলাহাঁহৰ জাকে সুমধুৰ গীত জুৰি আকাশ-বতাহ মুখৰ কৰি ঢাপলি মেলে সুদূৰ পাহাৰৰ পৰা গাঁৱৰ ধাননি পথাৰৰ বুকুলৈ।
আঘোণ মাহৰ এক অন্যতম বৈশিষ্ট্য্য হ’ল ন-খোৱা। অসমীয়া জাতীয় জীৱনৰ ই এক অন্যতম উৎসৱ। অসমীয়া লোক-সমাজৰ মাজত এই ৰীতিটোৰ আছে বিশেষ গুৰুত্ব। কাতি মাহত লখিমী আদৰাৰ পাছত আঘোণত ধান কটা পৰ্ব আৰম্ভ হোৱাৰ লগে লগে ঘৰে-ঘৰে ঢেঁকীৰ মাতত গুমগুমাই উঠে গাঁওবিলাক। ন-ধানৰ চাউল মুঠি উলিয়াই প্ৰথমে নিজ নিজ গোসাঁই ঘৰত আগবঢ়োৱাৰ পাছত আৰম্ভ হয় ঘৰে ঘৰে ন-খোৱা উৎসৱ। আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ সৈতে এসাঁজ খোৱাৰ আয়োজন কৰে প্ৰতিঘৰ গঞাই। বৰ্তমান এনে উৎসৱ সমূহীয়াভাৱে গাঁৱৰ নামঘৰত ৰাইজ-আইসকল একত্ৰিত হৈ আড়ম্বৰপূৰ্ণভাৱে পালন কৰি ন-চাউল লগোৱা উৎসৱত ভোজ-ভাত খাই আনন্দ লাভ কৰে।
পথাৰৰ ধান ঘৰলৈ আনি মৰণা মৰা, ৰ’দত শুকুৱাই খেৰকেইডাল বছৰটোৰ বাবে গৰুকেইটাৰ বাবে সযতনে ৰাখিবলৈ মেজি সজা, কঠীয়াৰ বাবে ধানৰ পূৰঠ আৰু নিঘূণী ঠোক বছা, কঠীয়াৰ ধান সযতনে ৰাখিবলৈ বাঁহৰ তোম সজাৰ পৰা নৰাৰে পেঁপা সাজি ধান বোজাই গৰুগাড়ীৰ পিছে পিছে দৌৰ দিয়া, কেতিয়াবা গৰুগাড়ীৰ ধানৰ ওপৰত বহি পেঁপা বজাই বজাই ঘৰলৈ ওভতা, নৰানিত লেচেৰি বোটলা, দাৱনী বাইহঁতৰ লগত পথাৰতে এসাঁজ খোৱাৰ মিঠা অনুভৱবোৰ লুকাই থাকে আঘোণৰ বুকুতে।
ঋতু পৰিৱৰ্তনৰ অৱধাৰিত নিয়মৰ সৈতেই আঘোণ আহে, আহি থাকিব। কিন্তুু গাঁৱৰ বুকুত আজি তাহানিৰ আঘোণৰ ৰং আৰু ব্যস্ততা যেন কমি আহিছে। খেতিৰ প্ৰতি মানুহৰ অনীহা আহি পৰিছে। কোনো কোনো ঠাইত সময় মতে কঠীয়া ৰুব নোৱৰাৰ বাবেই পথাৰখন ঠায়ে ঠায়ে উদং হৈয়ে ৰৈছে। ক’ৰবাত আকৌ পানীৰ অভাৱত বামে-বাকৰিয়ে ৰুলে যদিও খেতি আশানুৰূপ নহ’ল। তথাপি পথাৰত দেখা পোৱা যাব জাক জাক দাৱনীৰ ব্যস্ততা, কাঁচিৰ শব্দ, হাঁহি-খিকিন্দালি। হতাশা-নিৰাশাই কোঙা কৰা খতিয়কৰ মন পুনৰ ভৰি উঠিব আঘোণত। গাঁৱৰ সহজ-সৰল চহা লোকৰ প্ৰাণত স্বকীয় বৈশিষ্ট্যৰ জিলিকি ৰ’ব আঘোণ— নিজা মাদকতাৰে।
❧ | আৰু পঢ়ক:
- গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে
- যন্ত্ৰণাক মৌনতাৰে বৰণৰ অন্য নাম ‘মা’
- জীৱন টেগৰ উদযাপন নহয়
- জীৱন সোণোৱালী…
- স্বপ্ন, স্বপ্নভংগৰ বিষাদ আৰু আশা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।