জীৱনৰ সকলো দুখ-কষ্ট আহি মৃত্যুত অন্ত হয় আৰু মৃত্যুৱেই হৈ পৰে যেন পৰম কাংক্ষিত। জীয়াই থকা কালছোৱাত আমি যে কি নকৰো! প্ৰেম-যন্ত্ৰণা, সুখ-দুখ প্ৰাপ্তি-অপ্ৰাপ্তি, ইচ্ছা-অভিলাষ, ভাল-বেয়াৰ এক বিচিত্ৰ সমাহাৰ জীৱন!
সৌ সিদিনাখনলৈ সকলো ঠিকেই আছিল। দৈনন্দিন জীৱনৰ ক্ৰিয়াসমূহ নিয়মিতভাৱে সমাপন হৈছিল। খোৱা-বোৱা, ৰাস্তাৰে পথযাত্ৰীৰ অহা-যোৱা তথা প্ৰত্যেকৰে নিজৰ কামৰ ব্যস্ততা। বিশেষ চিন্তা কৰিবলগীয়া একো নাছিল। কিন্তু সেই বিশেষ দিনটো আনবোৰ দিনতকৈ যেন কিছু বেলেগ আছিল; ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ওলাই অহাৰ এক সময় আছিল। অৱকাশ পোৱা গৈছিল জীৱনৰ মূল্যবোধক পুনৰ উপলব্ধি কৰাৰ।
সেইদিনাখন সূৰ্যই মেঘৰ সৈতে লুকা-ভাকু খেলিছিল। বতৰটোও কিছু পৰিমাণে ডাৱৰীয়া হৈ পৰিছিল। বৈ থকা নিৰ্মল বতাহজাকে পৰিৱেশটো আৰু শান্ত কৰি তুলিছিল আৰু তেনে এটা পৰিৱেশতে আমি ওলাই আহিছিলো সম্বন্ধীয় আইতা এগৰাকীৰ খবৰ ল’বলৈ; যি গৰাকী উপনীত হৈছিল জীৱনৰ প্ৰায় অন্তিম ক্ষণত…। আমাৰ লগত সহযাত্ৰী হিচাপে আছিল আইতাগৰাকীৰ ভাতৃসহ পত্নী। শেষবাৰৰ বাবে নিজ ভগ্নীক প্ৰত্যক্ষ কৰিবলৈ গৈ আপোনজনক হেৰুওৱাৰ দুখে তেখেতক উত্ৰাৱল কৰি তুলিছিল। শৈশৱৰ লগৰী হিচাপে একেলগে খেলা-ধুলা কৰা, একেখন কাঁহীতে আহাৰ খোৱা; সেয়া যেন এতিয়া মিছা হৈ পৰিছে। মৰমৰ এনাজৰীৰে বন্ধা, আকলুৱা ভাতৃ-ভগ্নীৰ সম্বন্ধক সময়ে ভাগি যোৱাৰ সংকেত দিছিল। লাহে লাহে সকলো সলনি হৈ পৰিছিল। কিন্তু সময়ৰ খাজত যি স্মৃতিৰ দাগ লাগি ৰৈছিল, সেই দাগৰ অস্তিত্বক কোনেও মোহাৰিব পৰা নাছিল; আনকি সময়েও…।
যেতিয়া আইতাগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিলো, দেখিছিলোঁ চৌদিশে নিস্তব্ধতা। প্ৰতিটো মূহূৰ্ত, প্ৰতিটো পদক্ষেপৰ সৈতে মোৰ দৃষ্টিও সমানেই আগবাঢ়িছিল আইতাগৰাকীক প্ৰত্যক্ষ কৰিবলৈ আৰু এটা সময়ত মোৰ দৃষ্টি সীমাবদ্ধ হৈ ৰৈছিল বিচনাৰ ওপৰত পৰি থকা এটা অৱয়বৰ ওপৰত। শীৰ্ণ দেহা, হাড়-ছাল প্ৰকট হৈ পৰা, ৰূপালী অবিন্যস্ত কেশেৰে শুই থকা এগৰাকী বৃদ্ধা। শুই থকাৰ পৰা গাত ধৰি উঠাই দিয়া মোৰ মাৰ চকুৰ পানী নিগৰি আহিছিল, নিগৰি আহিছিল কোঠাত উপস্থিত থকা সকলোৰে। দেউতা কোঠাৰ পৰা ওলাই গৈছিল। আইতাগৰাকীৰ ভাতৃয়ে লৈ থকা মোনাটোকে খামুচি ধৰিছিল। আনকি আমাক দেখি আইতাগৰাকীও কান্দি উঠিছিল। এফালে বেমাৰী দেহাৰ যন্ত্ৰণা আৰু আনফালে আপোনজনৰ আগমনৰ সুখানুভূতি,— সুখ-দুখৰ দোমোজাৰ মাজেদি মনৰ আৱেগত পৰিচালিত হোৱা আইতাগৰাকীৰ বাৰেপতি বিচনাৰ পৰা উঠা-বহা কৰা কাৰ্যই তাৰেই প্ৰকাশ কৰিছিল।
খোৱাৰ আয়োজন আৰম্ভ হৈছিল। স্বামী আৰু এজনী জীসহ জোঁৱাইৰ সৈতে বাস কৰা আইতাগৰাকীয়ে বিচনাৰ পৰাই খোৱাৰ দিহা-পৰামৰ্শ আগবঢ়াইছিল। আনৰ সহায় নোলোৱাকৈ বিচনাৰ পৰা নামিব নোৱৰা মানুহগৰাকী নিজেই বিচনাৰ পৰা নামিছিল আৰু খুপি খুপি ৰান্ধনী ঘৰলৈ আগবাঢ়িছিল। তেওঁক হাতত ধৰি বিচনাত বহুৱাই দিয়া হৈছিল যদিও পুনৰ উঠি আহিছিল। অতিথিৰ প্ৰতি ভালপোৱা তথা আপোনজনৰ আগমনে তেওঁৰ মনত থৌকি-বাথৌ লগাইছিল, যাৰ ফলস্বৰূপে শাৰীৰিক যন্ত্ৰণাক নেওচি বিচনাৰ পৰা নামি আহিবলৈ কুণ্ঠাবোধ কৰা নাছিল, কুণ্ঠাবোধ কৰা নাছিল আমাৰ লগত মাটিত বহি ভাত এসাঁজ খাবলৈ। তেওঁ আমাৰ খোৱা-বোৱাৰ খবৰ লৈছিল। পৰনিৰ্ভৰশীল হৈ পৰা মানুহগৰাকীয়ে এতিয়া নিজে আহি খাদ্য যাঁচি দিবহি নোৱাৰে। দুটামান বেছি কথা পাতিবলৈ গ’লেও দেহা হৈ পৰে অৱশ। তথাপি তেওঁ নিজৰ সহানুভূতি প্ৰকাশ কৰিছিল মানৱীয়তাৰ খাতিৰত। বৰ্তমান সময়ত লোপ পাবলৈ ধৰা মানৱীয়ৱতাৰ মূল্য ধৰি ৰাখিছিল এগৰাকী মৃত্যুমুখী বৃদ্ধাই। কিন্তু ক্ষণিক সময়ৰ বাবে আৱদ্ধ হৈ পৰিবলগীয়া সেই মানৱীয়তা আদৰ্শৰ প্ৰত্যক্ষ দৰ্শনকাৰীৰ সংখ্যাও আছিল সীমিত। হয়তো এনেদৰে বহুতৰে মানৱীয়তাৰ আদৰ্শ নীৰৱতাৰে প্ৰকাশ হৈ যায়। তাক ধৰি ৰাখিবলৈ কোনো নাথাকে, মাত্ৰ সাক্ষী হৈ ৰয় সময়।
আমাৰ উলটি আহিবৰ সময় হৈছিল। চৌদিশে নামি অহা আন্ধাৰৰ আৱৰণে তাৰেই উমান দিছিল। আহাৰ খুৱাই থকা মোৰ মাৰ মুখলৈ আইতাগৰাকীয়ে ৰ লাগি চাই ৰৈছিল। জীৱনৰ শেষ মুহূৰ্তত কোনোবাই যাঁচি দিবলৈ ধৰা মৰমকণক গ্ৰহণ কৰিবলৈ গৈ তেওঁৰ তন্ময়তাৰ সৃষ্টি হৈছিল। সৰুতেই নিজৰ মাতৃক হেৰুওৱা মোৰ মাতৃয়ে আইতাগৰাকীৰ কৰুণ চাৱনিক সহ্য কৰিব নোৱাৰি কোঠাৰ একোণত গৈ উচুপি উচুপি কান্দিব ধৰিছিল। অতবছৰে বুকুত লৈ ফুৰা ঘাঁ টুকুৰা যেন আইতাগৰাকীক দেখা মাত্ৰকে সজীৱ হৈ পৰিল। কেতিয়াও নেদেখা মাৰ এনে আতুৰ অৱস্থাই মোকো অস্থিৰ কৰি তুলিছিল। নানা চিন্তাই মনত ক্ৰিয়া কৰি গ’ল। সময় সলনি হয়, সময়ৰ লগে লগে জীৱনৰ ৰঙৰো পৰিৱৰ্তন ঘটে…। আৰু মোৰ জীৱনতো সেই পৰিৱৰ্তন বাঞ্ছিত…, যেতিয়া অতীতে মোক সোঁৱৰাই দিব, সোঁৱৰাই তুলিব স্মৃতিক; য’ত নাথাকিব অতীতৰ সৈতে কোনো সম্পৰ্ক…, হেৰাই যোৱা মাতৃৰ সুবাস…।
বিদায়ৰ ক্ষণত আইতাগৰাকী স্থবিৰ হৈ পৰিছিল, স্থবিৰ হৈ পৰিছিল সময়। কেৱল মৃত্যু বিভীষিকাইহে যেন কিৰীলি পাৰিছিল। জীৱনৰ শেষ সময়কণত খোল খাই গৈছিল অতীতৰ দুৱাৰসমূহ;— পোৱা-নোপোৱা, ভাল-বেয়াৰ হিচাপ-নিকাচ…। আইতাগৰাকীৰ ক’বলগীয়া একো নাছিল, একো নাছিল আমাৰো। কেৱল নীৰৱতাই বিৰাজ কৰিছিল। তাৰ মাজেদিয়ে প্ৰকাশ হৈছিল হৃদয়ৰ ভাষা। জীৱনৰ অন্তিম বেলাত তেওঁৰ চকুত দেখা পোৱা গৈছিল জীয়াইৰ থকাৰ অযুত হেঁপাহ। আপোনজনক হেৰুৱাই মৃত্যু কাৰোৰে কাম্য নহয়। কিন্তু এয়াই যে চিৰন্তন সত্য। তেওঁৰ চকুত অশ্ৰু জিলিকি উঠিছিল। ওচৰতে বহি থকা মাৰ হাতখন এৰি দিব খোজা নাছিল। এক অবুজ ভাষাৰে তেওঁ মাৰ মুখলৈ চাই ৰৈছিল।
ওভতনি যাত্ৰাত সকলোৱে নীৰৱে বহি আহিছিল। গাড়ীৰ আইনাত জিলিকি উঠিছিল বুৰ যাব খোজা সূৰ্যৰ সোণালী কিৰণ। ৰাস্তাৰ দুয়োকাষে পকিবলৈ ধৰা ধাননিডৰাই যেন সোণালী চাদৰ এখনেৰে নিজক আৱৰি ৰাখিছিল।
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গ'লেই যেনিবা, তাতেনো কি অমঙ্গল হ’ল!
সুশান্ত কৃষ্ণ শৰ্মা
চকুৰে পাৰাপাৰ নমনা বিশাল ধাননিডৰা শেষ হ’বলৈ এতিয়াও বাকী আছে। ক’ৰবাৰ পৰা যেন ভাহি আহিব ধৰিছে বাঁহীৰ এক বিষাদময় সুৰ, বিষাদৰ হ’লেও সেয়াই জীৱনৰ অমোঘ সুৰ,— জীৱন সোণোৱালী যেন নৈৰে বালি…!
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
