জ্ঞা নপীঠ বঁটা প্ৰাপক কবি নীলমণি ফুকনৰ বিৰুদ্ধে কবিতা নকল কৰাৰ এক অভি়যোগ জনৈক মৃদুপৱন বৰুৱাৰ দ্বাৰা উত্থাপিত হৈছিল। সেই অভিযোগ মনেগঢ়া এক ষড়যন্ত্ৰ আছিল বুলি কবিয়ে অভিযোগৰ পৰৱৰ্তী সময়তে প্ৰমাণ কৰিছিল। তৎসত্ত্বেও পুনৰ ১৯৯৩ চনত প্ৰকাশিত এক গ্ৰন্থত একেটা অভিযোগেই উত্থাপিত হ’ল। এই সমগ্ৰ বিষয় সন্দৰ্ভত কবিয়ে এখন চিঠি লিখি ২০০৫ চনতে সাংবাদিক নিত্য বৰাৰ হাতত দিছিল আৰু চিঠিখন কবিৰ মৃত্যুৰ পাছতহে খুলিবলৈ অনুৰোধ জনাইছিল। সেই মৰ্মেই নীলমণি ফুকনৰ চিঠিখন কবিৰ মৃত্যুৰ পাছত ৩ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয়।
কবি নীলমণি ফুকনৰ সুদীৰ্ঘ ১৮ বছৰে বন্ধ লেফাফাত থকা চিঠিখনৰ পূৰ্ণ পাঠ:
মৰমৰ নিত্য,
‘অসমীয়া প্ৰতিদিন’ত (২৫ জুন, ০৪) ওলোৱা তোমাৰ ‘অন্য এক কলঙ্কিত অধ্যায় আৰু কবি নীলমণি ফুকন প্ৰসঙ্গ’ শিতানৰ প্ৰবন্ধটো পঢ়িছোঁ। অসমীয়া সাহিত্যত সেইটো এটা অদৃষ্ট-পূৰ্ব ঘটনা। জনাত, এনে গৰ্হিত কাম পৃথিৱীৰ সাহিত্যিক সমাজত ক’তো কোনেও কাহানিও কৰা নাই। তেনে কাম কৰা কপটীয়া, ৰুগ্ন মানসিকতাৰ মানুহ কোনো সাহিত্যিক সমাজতে বোধহয় নোলাব। মই এতিয়া আকৌ সেই গেলা ওকটিবলৈ ওলোৱা নাই, যিটো মোৰ স্বভাৱ নহয়।
আজিৰ পৰা ত্ৰিশ বছৰৰ আগতে মোৰ লেখক জীৱনৰ এই কলঙ্কিত অধ্যায়টো ‘সংজ্ঞা’ৰ প্ৰস্তাৱনা সংখ্যাত (মাৰ্চ-এপ্ৰিল: ১৯৭৩) ‘অসমত কাব্যচর্চা: এটা দুঃস্বপ্নৰ অভিজ্ঞতা’ নামৰ এটা প্ৰবন্ধৰে সামৰণি মাৰিলোঁ। মোৰ ক’লগীয়াখিনি তাতে কোৱা হ’ল; দুই-এটা কথা ক’বলৈ থাকিল, সত নগ’ল। দুজন মোৰ শুভাকাঙ্খী বিদগ্ধ বিদ্বানে ‘আমাৰ প্ৰতিনিধি’ৰ কাণ্ডটো মোক আওকাণ কৰিবলৈ কৈছিল; মই আওকাণ কৰিবলৈ টান পালোঁ। মোৰ বিৰুদ্ধে জনৈক মৃদপৱন বৰুৱাই তোলা অভিযোগটো গুৰুতৰ; লেখক হিচাবে মোৰ নীতি-নিষ্ঠা, বিবেক আৰু সততাৰ কথাটো তাত জড়িত হৈ আছে। লেখক এজনৰ বাবে সততাৰ, বিবেকৰ কথাটো সামান্য কথা নহয়। আমাৰ নিচিনা এখন সমাজত এজন মানুহ যিমান দূৰ সৎ হৈ থাকিব পাৰে, সিমানখিনি সৎ হৈ থাকিবলৈ মই আপ্ৰাণ চেষ্টা কৰি আহিছোঁ। কেতিয়াবাই পঢ়া হোৰেছৰ এফাঁকি কথা এতিয়াও মনত ৰাখি থৈছোঁ। ‘যিজন কবি শিল্প সম্বন্ধে বিবেকবান, তেওঁ সততে আত্ম সমালোচনাত প্ৰবৃত্ত হয়।’ বহু সহ্য কৰিব নলগীয়া কথা সহ্য কৰি আহিছোঁ, সহিলে সম্পদ; কিন্তু ‘আমাৰ প্ৰতিনিধি’ৰ উদ্ভট কাণ্ডটো সহ্য কৰি মনে মনে থাকিব নোৱাৰিলোঁ। সহ্য কৰি থকাটো মোৰ কাৰণে ভয়ঙ্কৰ যন্ত্ৰণাদায়ক হ’লহেঁতেন; কবিতাও শেষ হ’লহেঁতেন,— শেষত গৈ জীৱনটোও হ’লগৈহেঁতেন এডোখৰ জগা-কাঠ। সেই ভাবিয়েই মই প্ৰতিবাদৰ পথ লৈছিলোঁ। মোক সাহ দিছিল শ্ৰীভবেন বৰুৱাই। মোৰ সততাত বিশ্বাস আছিল তেওঁৰ। কৈছিল, ভয় নকৰিব, আপুনি যেতিয়া সৎ পথত আছে। নহ’লে হেৰুৱাই পেলাব আপোনাৰ লিখাৰ প্ৰেৰণা, শক্তি আৰু লেখক হিচাবে, মানুহ হিচাবে জীয়াই থকাৰ আনন্দ।
শ্ৰীভবেন বৰুৱাৰ উপৰিও সত্যেন্দ্ৰনাথ শৰ্মা, মুনীন বৰকটকী, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, ভবেন্দ্ৰনাথ শইকীয়াকে ধৰি গুৱাহাটীৰ সাৰস্বত সমাজখনৰ ভালেকেইজন সাহিত্যিক-সাংবাদিকে মোৰ সেই বিপৰ্যয়ৰ সময়ত উদ্গণি-উৎসাহ, দিহা-ভৰষা দি মনটো মোৰ মৰি যাবলৈ দিয়া নাছিল। শ্ৰীবৰুৱাৰ পৰামৰ্শ মতেই ভবেন্দ্ৰনাথ শইকীয়াৰ বন্ধু আৰক্ষী বিষয়া গোপী দাসক লগ ধৰি সেই সময়ৰ কামৰূপৰ অৰক্ষী অধীক্ষক শ্ৰী কে পি এছ গীলক সাক্ষাৎ কৰাৰ সুযোগ নোপোৱা হ’লে কোচিনৰ পৰা ওলোৱা Echo পত্ৰিকা আৰু ৰাঘৱন প্ৰেছৰ সন্ধান পোৱা মোৰ কাৰণে সম্ভৱ নহ’লহেঁতেন। শ্ৰীবৰুৱাৰ প্ৰচেষ্টাতে বাণী প্ৰকাশে ‘সংজ্ঞা’ উলিয়াইছিল। ‘সংজ্ঞা’ নোলোৱাহ’লে মোৰ ক’বলগীয়াখিনি ক’বলৈও থল নেপালোহেঁতেন। শ্ৰীবৰুৱাই লিখা সেই মূল্যবান প্ৰবন্ধটোও সময়ত হয়তো আন ক’তো ছপা নহ’লহেঁতেন।
‘অসমীয়া প্ৰতিদিন’ত তোমাৰ প্ৰবন্ধটো ছপা হোৱাৰ পিছত তাতে ওলোৱা কেইখনমান চিঠিৰ প্ৰসঙ্গত,— সেই পত্ৰ লেখককেইজনৰ আৰু তোমাৰো মনৰ খুকুৰি মাৰিবলৈকে দুটামান কথা লিখিব লগা হ’ল। পলমকৈ হ’লেও তুমি যে মোক বুজি পালা, অকৃত্য যে মই একো কৰা নাছিলোঁ। আৰু এটা কথা, এই চিঠিখন তুমি অসমীয়া প্ৰতিদিনত ছপাবলৈ বুলি মই লিখা নাই। আৰু কেতিয়াবা যদি এই চিঠিখন প্ৰকাশ কৰাৰ কথা ভাবা, প্ৰকাশ কৰিব পাৰা, মই যোৱাৰ পিছত।
সেই অপবাদ, বিভ্ৰান্তিকৰ অপপ্ৰচাৰ, পৰিকল্পিত জালিয়াতিৰ প্ৰসঙ্গত শ্ৰীভবেন বৰুৱাৰ প্ৰবন্ধ ‘অসমীয়া সংস্কৃতিত নাইটমেয়াৰ’ ছপা হৈ ওলোৱাৰ ঊনৈশ বছৰৰ পিছত এবিলাকে প্ৰকাশ কৰা, শ্ৰীহোমেন বৰগোহাঞি সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (ষষ্ঠ খণ্ড, ১৯৯৩)ত ‘অসমীয়া কবিতাৰ কুৰিটা বছৰ’ শীৰ্ষক প্ৰবন্ধত শ্ৰীপ্ৰদীপ আচাৰ্যই লিখিলে— “স্পেনীছ কবি কেমিনোৰ প্ৰভাৱ পৰা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ ৰসোত্তীৰ্ণ আৰু ইয়াৰ অনুসঙ্গ আৰু পৰিমণ্ডল স্বকীয় অনুভূতিৰে সমুজ্জ্বল।” দেখি হতবাক হ’লোঁ। কি কথা লিখে! কবিতাটোক লৈ হোৱা বিবাদটো নিষ্পতি হোৱা বুলি ভাবিছিলোঁ। কথাটো শ্ৰীবৰগোহাঞিক ক’ম বুলি ভাবোঁতেই এদিন এবিলাকৰ সেই সময়ৰ চেক্ৰেটেৰী শ্ৰীটাবু টাইডক লগ পাই গ’লোঁ। কথাটো শুনি তেৱোঁ ভাল পোৱা নাছিল যেন লাগিল। মোক ক’লে, আপুনি এখন দৰ্খাস্ত দিয়ক, মই কাৰ্যনিৰ্বাহকত দিম। তাৰ পিছত গ’ল কিছু দিন। এদিন শ্ৰীটাইডক লগ পাই সুধিলোঁ,— মোৰ দৰ্খাস্তখনৰ কিবা হ’লনে? তেওঁ ক’লে— মই শ্ৰীআচাৰ্যলৈ লিখিছোঁ।
মই কেৱল জানিবলৈ বিচাৰিছিলোঁ, কেমিনোৰ বুলি প্ৰচাৰ কৰা কবিতাটো ক’ত বা কেমিনোৰ কোনখন গ্ৰন্থত আছে। সহজ উত্তৰ, এটা বাক্যৰেই দিব পাৰি। তাতে তেতিয়া কেমিনোৰ কাব্য সমগ্ৰ ছপা হৈ ওলাইছিল। তাৰ দুদিনমানৰ পিছত ৰবীন্দ্ৰ ভৱনৰ সমুখত শ্ৰীআচাৰ্যক লগ পালোঁ। সুধিলোঁ, আপুনি ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ত মোৰ ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ নামৰ কবিতাটোৰ প্ৰসঙ্গত স্পেনীছ কবি কেমিনোৰ প্ৰভাৱ পৰা বুলি কিয় লিখিলে। ক’ত পালে কেমিনোৰ এই কবিতাটো। তেওঁ তেতিয়া একো নকৈ কেৱল শ্ৰীটাইডৰ পৰা চিঠি পাইছে বুলি কৈ তাৰ এটা উত্তৰ দিম বুলি ক’লে। তাৰ কেইমাহমানৰ পিছত এবিলাকৰ এখন কাৰ্যনিৰ্বাহক সভাত চেক্ৰেটেৰী শ্ৰীটাইডক সেই চিঠিখনৰ শ্ৰীআচাৰ্যই কি উত্তৰ দিলে জানিবলৈ বিচাৰিলোঁ। সমিতিত সেইদিনা উপস্থিত থকা কোনো এজন সদস্যইও মোৰ কথাটোত তিলমানো গুৰুত্ব নিদিলে। চিঠিখনৰ একো আলোচনাই নহ’ল। কেৱল নৱকান্ত বৰুৱাই ক’লে,— ‘তেওঁ ক’ৰবাত পাইছে’। মই ক’লোঁ, ক’ত পাইছে, সেইটো ক’লেই দেখোন হয়। পেঘেনিয়াই থাকিবলৈ মন নগ’ল। শ্ৰীআচাৰ্যই শ্ৰীটাইডৰ চিঠিখনৰ উত্তৰ দিছিল নে নাই, দিছিল যদি তাত কি লিখিছিল,— আজিলৈকে নাজানিলোঁ। তাৰ পিছত প্ৰথমতে আগ্ৰহ দেখুৱাই পিছত শ্ৰীটাইডেও মূৰপোলোকা মাৰিলে।
‘ষড়যন্ত্ৰটো’ৰ প্ৰায়বোৰ কথাই তুমি লিখিছা। নানান কুৎসা ৰটনা শুনি আৰু কোনোজনৰ অস্বাভাৱিক ব্যৱহাৰত কোনো কোনো মুহূৰ্তত মই মানসিক আৰু শাৰীৰিকভাৱে ভাগি পৰিছিলোঁ। কিন্তু মোৰ আত্মবিশ্বাস আছিল, মনোবল অটুট ৰাখিবলৈ বন্ধুবৰ্গই সততে সকিয়াই দিছিল।
সেই সময়ত, ঘৰৰ আৰু কলেজৰ ঠিকনাত লিখা ভালেকেইখন বেৰিং চিঠি পাইছিলোঁ। এখন চিঠিত ‘জেলত থ’ব পাৰো, জান’ বুলি ভয়ো দেখুৱাইছিল। অকথ্য, অশ্ৰাব্য আছিল সেই চিঠিবোৰৰ ভাষা। বিদ্ৰুপ, তিৰষ্কাৰ, ভৰ্ৎসনাই আছিল চিঠিবোৰৰ কথা। ‘সংজ্ঞা’ত মোৰ বক্তব্য আৰু শ্ৰীভবেন বৰুৱাৰ সুদীৰ্ঘ আলোচনাটো প্ৰকাশ হোৱাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত কাকত ‘আমাৰ প্ৰগতি’ৰ ৰঙালী বিহু সংখ্যাটোত (১৪ এপ্ৰিল, ১৯৭৩) ‘কুম্ভীলক বৃত্তি: নীলমণি ফুকন আৰু ভবেন বৰুৱাৰ ওকালতি’ শিতানত সম্পাদকলৈ লিখা এখন দীঘল চিঠি আৰু ‘অথ ভোকেন বৰুৱা আমানুল্লাহ নেগুৰ ফুকন সংবাদ (প্ৰসঙ্গ: চোৰধৰা আৰু ঘোষ্ট ৰাইটাৰ)’ নামৰ এখন ব্যঙ্গ নাটিকাও ওলাইছিল। ‘আমাৰ প্ৰগতি’ৰ সেই সংখ্যাটো সদাশয় কোনো লোকে ৰং চাবলৈকে বুলি মোলৈ ডাকত পঠাই দিছিল। চিঠি আৰু নাটিকাখনৰ ছদ্মবেশী লেখক দুজনেই (নে এজনেই) চাগৈ ভাবিছিল— তেওঁলোকৰ বিদ্বেষ, ক্ৰোধ, ঘৃণা, অপপ্ৰচাৰত ভমভমাই জ্বলি উঠা জুইত জ্বলি-পুৰি ভস্ম হৈ গ’লোঁ। ছদ্ননাম লৈ লিখিছিল যদিও সেই ছদ্মবেশতে চিনো চিনো যেন লাগিছিল দুয়োকে। দুয়ো বগলী ভকত। কথাতে কয় নহয়, কথাৰ খিছা, সূতাৰ চিঁয়া।
তোমাৰ প্ৰবন্ধটো ‘অসমীয়া প্ৰতিদিনত’ত ওলোৱাৰ পিছত পৰৱৰ্তী কোনোবা এখন প্ৰতিদিনত তোমাৰ প্ৰবন্ধৰ প্ৰসঙ্গতে কেইবাখনো চিঠি ওলাইছিল। পত্ৰ লেখক এজনে ষড়যন্ত্ৰটোৰ ‘নায়ক-খলনায়ক’ কোন আছিল জানিবলৈ বিচাৰিছিল। দুজনমানৰ নাম শুনিছিলোঁ, কোৱা-চিলাৰ মুখে শুনা। শুনা কথাহে, সঁচা-মিছাৰ নিশ্চয়তা নাই। শ্ৰীপৱিত্ৰ ডেকাই ক’ব পাৰে, কোনে দিছিল তেওঁক Echo-খন। আজি ত্ৰিশ বছৰৰ পিছত, তেওঁলোক কোন আছিল জানি বা কি লাভ! তেওঁলোকে নিজেই নিজক সোধক, কি তাড়নাত, উন্মাদনাত মতলীয়া হৈ এনে দুষ্কৰ্ম কৰিছিল। কি লাভ হ’ল তাৰ পৰা অসমীয়া সমাজৰ,— সাহিত্যৰ, কবিৰ কবিতাৰ আৰু সেই কুচক্ৰী দুৰ্জনসকলৰ।
সাদৰ-প্ৰীতি জানিবা।
তোমাৰ,
নীলমণি ফুকন
বেজবৰুৱা নগৰ, গুৱাহাটী-১১
১.৩.০৫