মূল: (হিন্দী) সৰ্বেশ্বৰ দয়াল ছাক্সেনা
অনুবাদ: মমতাজ আনচাৰি
✽
এখনি অকলশৰীয়া নাও
ঘাটলৈ ঘূৰি আহিছে।
এমুঠি ছাই যেন পোহৰ
লীন হৈ পানীত বৈ গৈছে,
নিশ্চুপ ওঁঠেৰে কাহিনী
চুচুক-চামাক নদীয়ে ক’লে,
তৃষ্ণাতুৰ বালিয়ে
দুচকু ভৰাই আনিলে।
তিতি থকা অৱসাদত
বতাহজাক শ্লথ হৈ পৰিছে
হাতৰ তলুৱাৰ ৰেখা কঁপি কঁপি
ঢৌৰ দৰে হেৰাই গ’ল
মৌন ছায়া এটা
ক’ৰবাত নামিছে।
কেৱল স্বৰেই নহয়,
ছবিবোৰো উটি-ভাহি
কোনোবা পাৰত গৈ লাগিছে,
ক্ৰমশ আন্ধাৰ হৈ অহা পানীত
হেৰাব ধৰা ৰাতিটো
আকৌ উক দি উঠিছে।
অকলশৰীয়া নাও এখন
ঘাটলৈ ঘূৰি আহিছে।
❧ | আৰু পঢ়ক: অমৃতা প্ৰীতমৰ কবিতা: ইদিপাছ
সৰ্বেশ্বৰ দয়াল ছাক্সেনা

সৰ্বেশ্বৰ দয়াল ছাক্সেনা হিন্দী ভাষাৰ এগৰাকী লেখক, কবি আৰু নাট্যকাৰ আছিল। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১৫ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ বস্তি নগৰত।
সৰ্বেশ্বৰ দয়াল ছাক্সেনাই তেখেতৰ কবিতা সংকলন ‘খুঁটিয়োঁ পৰ টাংগে লোগ’ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। সৰ্বেশ্বৰ দয়াল ছাক্সেনাক এগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক কবি হিচাপে গণ্য কৰা হয়।
১৯৮৩ চনৰ ২৩ ছেপ্তেম্বৰত সৰ্বেশ্বৰ দয়াল ছাক্সেনাৰ মৃত্যু হয়।
[সৰ্বেশ্বৰ দয়াল ছাক্সেনাৰ অধিক কবিতা পঢ়ক]
❧ | আৰু পঢ়ক: গুলজাৰৰ কবিতা সঙ্গ বিচ্ছেদ হ’লেও সম্পৰ্ক ছিঙিব নাপায়
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক