প্ৰ সিদ্ধ ভাষাবিদ কালিৰাম মেধিয়ে অসম সাহিত্য সন্মিলনৰ বৰপেটাত অনুষ্ঠিত অধিৱেশন (১৯১৯)ত সভাপতিত্ব কৰিছিল। অভিভাষণখনি আছিল চিন্তাগধুৰ। তাত তেওঁ অসমীয়া মুছলমান লেখকৰ কথা অৱতাৰণা কৰিও কিছু কথা কৈছিল, যিখিনিয়ে তেওঁৰ সংহতিপ্ৰাণ চৰিত্ৰক তুলি ধৰে। তেওঁৰ অভিভাষণত জাতীয় সংহতিৰ কথা বিশেষভাৱে পৰিস্ফুট হৈছিল। তেওঁ অসমীয়া সাহিত্যত মুছলমানে অৰিহণা যোগাবলৈ অহাত পৰম সন্তোষ লাভ কৰিছিল। তেওঁলোকৰ মাজত স্বদেশপ্ৰেম জাগ্ৰত হোৱাত তেওঁ আনন্দিত হৈছিল।
মুছলমান ছাত্ৰ সভা গঠিত হোৱাত বহুতে ভাল পোৱা নাছিল আৰু তাৰ বিপৰীতে মন্তব্য দিবলৈ পিছহুঁহকি থকা নাছিল, কালিৰাম মেধিয়ে পিছে মুকলিভাৱে কৈছিল যে এই মুছলমান ছাত্ৰ সভা গঠনত কোনো ভয়ৰ কাৰণ নাই, বৰং আশাৰ কথাহে। তেওঁ আশা কৰিছিল যে এই ছাত্ৰ সভাই এটি মহতী শক্তিৰ সৃষ্টি কৰিব। তেওঁলোকৰ সন্মিলিত শক্তিৰ পৰা অসমীয়া সাহিত্যৰো উপকাৰ হ’ব। তেওঁ কৈছিল যে ষোল্ল লক্ষ অসমীয়াৰ প্ৰায় এক চতুৰ্থাংশ মুছলমান। তেওঁলোকক এৰি হিন্দুয়ে বা হিন্দুক এৰি তেওঁলোকে উন্নতিৰ পথত আগুৱাব নোৱাৰে।
কালিৰাম মেধিয়ে অতীত আৰু বৰ্তমানৰ বহুকেইজন কৃতী লেখকৰ কথা উল্লেখ কৰিছে, যিসকলৰ ওচৰত অসমীয়া সাহিত্য ধৰুৱা। ‘জ্ঞানমালিনী’ৰ স্ৰষ্টা মফিজুদ্দিন আহমেদ, মজিদ, মৌলবী মোচলেহউদ্দিন, চাখাৱত আলিৰ কথা তেওঁ কৈছে। চাখাৱতে প্ৰথম অসমীয়া জ্যামিতি উলিয়াইছিল। তেওঁ ‘পৰমাৰ্থ-দৰ্পণ’ নামে এখন পুথি উলিয়াই অকল মহম্মদৰ ভ্ৰাতৃসকলকে নহয়, হিন্দুকো ইছলাম ধৰ্মৰ উচ্চ আদৰ্শ, উদাৰ নীতি আৰু পৱিত্ৰ লক্ষ্যৰ শিক্ষা দি শলাগৰ পাত্ৰ হৈছে। তেওঁ লিখিছে:
“আমাৰ দেশত এই দুই সম্প্ৰদায়ৰ ভিতৰত ধৰ্ম বা জাতি লই বিদ্বেষ নাই; আগেও নাছিল আৰু আশা কৰিব পাৰি, আগলৈও নাথাকিব। পুৰণি কালৰ পৰা উভয়ে একেটা ভাষাৰ উন্নতি আৰু পুষ্টিসাধন ব্ৰতত ব্ৰতী; ধৰ্ম মাথোন পৃথক। আমাৰ ভাষা-সংস্কৃতিৰ ওচৰত যেনে ধৰুৱা, আৰবী আৰু ফাৰ্চীৰ ওচৰতো তেনে ধৰুৱা। কেৱল মাত্ৰাতহে কম-বেচি আছে। আমাৰ ভাষাত যিমান আৰবী আৰু ফাৰ্চী শব্দ আছে, ভাৰতৰ বহুত ভাষাত তিমান নাই। অসমীয়া ভাষা কেৱল হিন্দুৰ নহয় মুছলমানৰো সম্পত্তি।”
কালিৰাম মেধিৰ অভিভাষণত পৰিস্ফুট হোৱা কথাখিনি হ’ল: আৰবী আৰু ফাৰ্চী ভাষাত গণিত, জ্যোতিষ, ইতিহাস আদি যি মূল্যবান পুথি আছে, তাৰ সোৱাদ আমি পোৱা নাই, আনকি অসমীয়া সকলো মুছলমানে পাইছে বুলি ক’ব নোৱাৰি। এই অমূল্য ৰত্নৰাশিৰ অসমীয়া অনুবাদ ওলালে কেৱল অসমীয়া সাহিত্যৰে নহয়, উভয় সম্প্ৰদায়ৰ সৰ্বসাধাৰণে তাৰ পৰা উপদেশ আৰু জ্ঞান লাভ কৰিব পাৰিব আৰু উভয়ৰে জাতীয় জীৱনৰ সহায়ক হ’ব। দুই সম্প্ৰদায়ৰ মাজত কিবা বিদ্বেষভাব সোমাইছে যদি সেয়াও আঁতৰিব। তেওঁ কৈছে যে কেতিয়াবা কেতিয়াবা হিন্দুয়ে মুছলমানৰ আৰু মুছলমানে হিন্দুৰ শাস্ত্ৰ নপঢ়াকৈয়ে অমূলক তৰ্ক-বিতৰ্ক কৰে। সেয়ে তেওঁৰ ধাৰণাত— “আৰবী আৰু ফাৰ্চী ভাষাৰ গ্ৰন্থৰাশি অসমীয়াত ওলালে আমাৰ সাহিত্য ভাণ্ডাৰ পূৰ্ণ হ’ব, ভাষা হৃষ্টপুষ্ট আৰু শক্তিশালী হ’ব আৰু উভয় জাতিৰ মিলনৰ পথ সুগম হ’ব।”
কালিৰাম মেধিৰ আন এটা সোণসেৰীয়া কথা: সংস্কৃত, আৰবী আৰু ফাৰ্চী মৃৃতভাষা, এই ভাষাবোৰৰ পুনৰ্জীৱন দিব নোৱাৰি অথবা পুনৰ প্ৰচলন অসম্ভৱ। গতিকে হিন্দুৰ ভাষা যি অসমীয়া, মুছলমানৰো অসমীয়াই থাকিব; আনকি উৰ্দু ভাষাও অসমীয়া মুছলমানৰ মাজত চলোৱা অসম্ভৱ। হিন্দু-মুছলমান উভয়ে অসমীয়া ভাষা পুষ্ট আৰু উন্নত কৰিব লাগিব। তেওঁ আহোমসকলে অসমীয়া ভাষাক আঁকোৱালি লোৱাৰ কথা উল্লেখ কৰি লিখিছে: “অহম (আহোম) ৰাজপুৰুষসকলে কেতিয়াবাই অহমভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰিছে। তেওঁলোকেও অসমীয়া এৰি অহম ভাষা চলাব নোৱাৰে। অহম ৰজাসকলে উন্নতিকল্পে মাটি-বাৰী দি অসমীয়া সাহিত্যিকক আগেয়ে সহায় কৰিছিল। বৰ্তমান যুগতো সাহিত্য চৰ্চাত অহম ভাতৃসকল উদ্যোগী।”
কালিৰাম মেধিয়ে এটা জাতীয় ভাষা গঠনৰ চিন্তা কৰিছিল। সাহিত্য সভাই অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যৰ সৰ্বাংগীন উন্নতি কৰা বা জাতীয় ভাষা আৰু জাতীয় সাহিত্যৰ উন্নতি কৰাটো তেওঁ আশা কৰিছিল। তেওঁৰ মতে— “ভাষা কেৱল সাহিত্যৰ সঁজুলি নহয়, ই জাতীয় জীৱন আৰু জাতীয় ইতিহাসৰ স্মৃতিচিহ্ন আৰু ই সমাজৰ উক্তিৰ সংকেত।” তেওঁ আৰু কৈছিল— “বৰ্তমানে প্ৰচলিত কোনো শব্দকে সাহিত্যৰ পৰা বাদ দিয়া উচিত নহয়। সেয়া কৰিলে ভাষাৰ বুৰঞ্জী লোপ পাব আৰু অংগহীন হ’ব। শব্দত ব্ৰাহ্মণ-শূদ্ৰ বিচাৰিলে বা আৰ্য-দস্যু বাছিলে জাতীয় ভাষা নাথাকে; জাতীয় সাহিত্য নহয়।জাতীয় ভাষাত ডাঙৰ-সৰু নাই, হিন্দু-মুছলমান নাই, ৰজা-প্ৰজা নাই আৰু পণ্ডিত-মূৰ্খ নাই।”
আমাৰ মাত-কথাত চলিত, যি আগতেও চলিছিল, কালিৰাম মেধি তাক এৰি দিয়াৰ পক্ষত নাছিল। তেওঁ বুজিছিল, যিদৰে গাৰ একখণ্ড কাটি এৰিলে শৰীৰ বিকৃত হয়, তেনেদৰেই ভাষাৰ কোনো অংশ বাদ দিলেও সি অসম্পূৰ্ণ হ’ব। তেওঁ ফৰাচী বিপ্লৱৰ সময়ৰ এটি দৃষ্টান্ত তুলি ধৰিছিল। বিপ্লৱৰ আগেয়ে ফ্ৰান্সত ভদ্ৰ আৰু নীচ সমাজৰ ভাষাৰ বাছ-বিচাৰ আছিল, উচ্চ সমাজে নীচ সমাজৰ ভাষাক ঘিনাইছিল, ভাষাৰ সৰু-বৰ আছিল। সময়ত এদল সাহিত্যকে ইয়াৰ বিপৰীতে উচ্চ-নীচ নিবিচাৰি ঘৰুৱা কথাকে সাহিত্যত ঠাই দিবলৈ চেষ্টা কৰিলে। আনহাতে এদলে উচ্চ মানুহৰ কথা ভিন্ন সামান্য মানুহৰ কথা কেতিয়াও ব্যৱহাৰ নকৰিছিল। শেষত জয়ী হৈছিল উদাৰ দল। তেওঁ লিখিছে— “ভিক্টৰ হিউগোৰ নাটকত পোনতে ফৰাচী জাতিৰ ঘৰুৱা কথা আৰু সামান্য মানুহৰ কথাইও ঠাই পালে; তেতিয়াৰ পৰা ফৰাচী সাহিত্যৰ আদৰ হ’ল আৰু জাতীয় সাহিত্যৰ সৃষ্টি হ’ল।”
কালিৰাম মেধি কথ্য ভাষাক সাহিত্যত ঠাই দিয়াৰ পক্ষত থিয় হৈছিল জাতীয় সাহিত্য নিৰ্মাণৰ স্বাৰ্থতে। তেওঁ বুজিছিল, সাহিত্যৰ উন্নতিৰ লগত জাতীয় উন্নতি, সমাজৰ উন্নতি, কৃষি-বাণিজ্যৰ উন্নতি আৰু জাতীয় শিল্পৰ উন্নতি বান্ধা। (তেওঁ ‘বন্ধা’ নিলিখি কামৰূপী ঠাঁচত লিখিছিল)
তেওঁ সন্মিলিত শক্তিক বিশ্বাস ৰাখিছিল। কাৰণ সন্মিলিত শক্তিয়েহে জাতীয় সাহিত্যক আগবঢ়াই নিব পাৰে। তেওঁ অসম সাহিত্য সভাৰ পৰা তেনে সন্মিলিত শক্তি সৃষ্টি হোৱাটো আশা কৰিছিল। সেয়ে হ’বলা তেতিয়ালৈ সভাত মুছলমান সদস্যৰ সংখ্যা ১৯জন হোৱাত অসন্তুষ্ট হৈছিল, কাৰণ তেওঁৰ মতে তেতিয়া অসমত প্ৰায় ১৪০০০ লিখা-পঢ়া জনা মুছলমান আছিল।
এশ বছৰৰো আগৰ কালিৰাম মেধিৰ এই অভিভাষণখন ঐতিহাসিকভাৱেই আছিল তাৎপৰ্যপূৰ্ণ। সেইবাবেই অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অধিৱেশনৰ পাছতে তেওঁৰ সম্পাদিত ‘চেতনা’ৰ প্ৰথম বছৰতে (১৯২০) অভিভাষণখন প্ৰকাশ কৰিছিল।
❧ | আৰু পঢ়ক: