হ য়, মই এগৰাকী টেটৰ মাষ্টৰ৷ টেট শিক্ষক, অৰ্থাৎ টেট উত্তীৰ্ণ শিক্ষক। ২০১২ চনত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা (TET) ত নিজৰ যোগ্যতাৰ বলত উত্তীৰ্ণ হৈ ক’তো এটা টকাও নিদিয়াকৈ সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে লাভ কৰিছিলো শিক্ষকৰ চাকৰি। কিন্তু চাকৰি পোৱাৰ দিনৰে পৰা আমি প্ৰতিগৰাকী টেট উত্তীৰ্ণ শিক্ষক আমাৰ সমাজৰ এচাম মানুহৰ নিকৃষ্ট মানসিকতাৰ বলি হৈ আহিছোঁ। ‘টেটৰ মাষ্টৰ’— যেন কোনোবা অন্য গ্ৰহৰহে প্ৰাণী! কি পৃথক তেওঁলোকেহে জানে। আমি কিন্তু নিজকে ‘শিক্ষক’ বুলিয়েই পৰিচয় দিওঁ, গৌৰৱ কৰোঁ প্ৰতিজনে।
শিক্ষকতাৰ বাবে প্ৰয়োজনীয় যি অৰ্হতা শিক্ষাৰ অধিকাৰ আইন মতে লাগে, সেয়া অৰ্জন কৰি বা শিক্ষকৰ যোগ্যতাৰ পৰীক্ষাত পাছ কৰিহে আমি টেট উত্তীৰ্ণ সকলে চাকৰি পাইছোঁ। এটা কথা স্পষ্ট কৰি দিওঁ যে বৰ্তমান প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰ পৰ্যন্ত সকলো পৰ্যায়ৰ বাবে শিক্ষক হ’বলৈ টেট্ উত্তীৰ্ণ হ’বই লাগিব। টেট্ পাছ কৰিয়েই বৰ্তমান হেজাৰ হেজাৰ যুৱক-যুৱতীয়ে প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক সকলো পৰ্যায়তে শিক্ষকতাৰ চাকৰিত মকৰল হৈছে। কিন্তু ‘টেটৰ মাষ্টৰ’— এই অভিধাটো কেৱল প্ৰাথমিক পৰ্যায়ৰ টেট উত্তীৰ্ণ শিক্ষকসকলৰ গাতহে থাকি গ’ল! কাৰণটো এতিয়াও মোৰ দৰে বহুতৰে বাবে সাঁথৰ হৈ ৰ’ল। হাইস্কুল বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ টেট উত্তীৰ্ণ সকলক কেতিয়াও টেটৰ মাষ্টৰ বুলি কোনেও কোৱা শুনা নাই। কিয় কেৱল প্ৰাথমিক স্তৰৰ সকলক এই অভিধা?
চৰকাৰী বঞ্চনা বা প্ৰতাৰণাৰ বিষয়ে একো কোৱাৰ প্ৰয়োজন নাই। কাৰণ সকলোৱে ইতিমধ্যে জানে বা বুজি উঠিছে। ৰজাঘৰীয়াসকলেও আজি টেট উত্তীৰ্ণ শিক্ষকসকলক কেৱল বঞ্চনা বা প্ৰতাৰণাতে ক্ষান্ত নাথাকি পোনপতীয়াভাৱে তুচ্ছ-তাচ্ছিল্য কৰি মানসিক হাৰাশাস্তি কৰিবলৈ ধৰিছে, যিটো আমি কাহানিও আশা কৰা নাছিলো। ৰজাঘৰীয়াই যেতিয়া তেওঁলোকৰ কৰ্মচাৰীক এনেদৰে তাচ্ছিল্য কৰিবলৈ লয়, তেতিয়া সাধাৰণ ৰাইজৰ ওচৰত টেট শিক্ষকৰ সন্মান ক’ত থাকিব, সেয়া সহজে অনুমেয়। আমি টেট উত্তীৰ্ণ শিক্ষকসকলে ৰাজপথত আন্দোলন কৰিবল’গীয়া হোৱা কথাটোৰ আজি সম্পূৰ্ণভাৱে ৰাজনীতিকৰণ কৰা হৈছে। অথচ আন্দোলনৰ মূল বিষয়বোৰ একেবাৰে তল পৰি গৈছে।
আমি যিবোৰ কাৰণৰ বাবে শ্ৰেণীকোঠা এৰি ৰাজপথলৈ নামিবলগীয়া হৈছে, সেয়া বহুতৰে বাবে আজিও বোধগম্য হোৱাই নাই। আমি এইদৰে ৰাজপথত নামিবলগীয়া হোৱাটো আমাৰ শিক্ষক সমাজৰ কাৰোৰে কেতিয়াও কাম্য নাছিল। শিক্ষক হিচাপে আমাৰ বাবে এয়া অতি লাজৰ কথা। কিন্তু দহটা বছৰে পাই অহা প্ৰতাৰণা আৰু কিমান সহিম? নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে লাজ-মান কাটি কৰিও এইদৰে যাবলগীয়া হৈছে। চৰকাৰখনেও ‘প্ৰায় নিয়মীয়া’ৰ দৰে অভিধানত নথকা শব্দৰে আমাক মাহী আইৰ দৃষ্টিৰে চাইছে। নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে আইনী বাধা থকাৰ কথা কয়, কিন্তু এইখন ভাৰতবৰ্ষৰে বহু ৰাজ্যত ঠিকাভিত্তিক শিক্ষক বা অন্য কৰ্মচাৰীক নিয়মীয়াকৰণ কৰি আহিছে। আমাৰ ক্ষেত্ৰতহে বৈষম্য কৰি আন্দোলন কৰিবলগীয়া পৰ্যায়লৈ লৈ গৈছে। চৰকাৰৰ সদ্দিচ্ছাৰ অভাৱৰ বাবে ৰাজ্যখনৰ চল্লিশ হেজাৰ শিক্ষকে কেৱল চাকৰিটোৰ বাবেই ৰাজপথত নামিবলগীয়া হৈছে, অথচ নিৰ্বাচনৰ সময়ত প্ৰথম কেবিনেটতে নিয়মীয়াকৰণ কৰা হ’ব বুলি ভিজন ডকুমেণ্টত স্পষ্টকৈ উল্লেখ কৰিছিল আজিৰ বিজেপি চৰকাৰখনে। তাৰ পাছতো আমি পদে পদে পাব লগীয়া হৈছে ৰাজহুৱা অপমান।
আমাৰ সমাজৰ এটা চাম আছে— দিনে ৰাতিয়ে টেটৰ মাষ্টৰকেইটাকে একপ্ৰকাৰ টাৰ্গেট কৰি থাকে। কিন্তু সেইসকলে এবাৰলৈও ভাবি নাচায় যে এই টেটৰ মাষ্টৰকেইটাৰ বাবে শিক্ষানুষ্ঠান এখনলৈ কি কি পৰিৱৰ্তন আহিছে। নিজৰ ঘৰখনৰ পৰা, আপোন মানুহখিনিৰ পৰা একমাত্ৰ চাকৰিটোৰ তাড়নাতে বহু শ কিলোমিটাৰ দূৰৈত ভাড়াঘৰত থাকি নিজে ৰান্ধি-বাঢ়ি খাই, কেতিয়াবা পুৱা লৰালৰিত ৰাতিৰ ঠাণ্ডা ভাতকে খাই দিনটো বিদ্যালয়ত শিক্ষাদান কৰিব লগীয়া হয়। অধিকাংশ বিদ্যালয়ত যিহেতু শিক্ষক মাত্ৰ দুজন, সেই সমূহ বিদ্যালয়ত চাৰি-পাঁচটা শ্ৰেণী অকলেই চম্ভালিব লগা হয়। পাঠদানৰ সমান্তৰালভাৱে বিদ্যালয়ৰ আনুষংগিক অন্যান্য কাম-কাজ কৰি কেতিয়াবা দিনটো মাত্ৰ ফিকা চাহ একাপ পেটত পেলাই আবেলি ঘৰলৈ আহিবলগীয়া হয়। পেলুৰ ঔষধৰ প্ৰচাৰৰ পৰা নিৰ্বাচনী দায়িত্বলৈকে চৰকাৰী দায়িত্ববোৰৰ কথা নকওঁৱেই! সকলোতে শিক্ষকসকলকে লাগে। এইসকল টেটৰ শিক্ষকে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ বাবেই আজি বহু বিদ্যালয়ৰ প্ৰধাণ শিক্ষককে আদি কৰি অগ্ৰজ জ্যেষ্ঠ শিক্ষকসকলো তৎপৰ হৈ পৰিছে, ফলত বহু বিদ্যালয় আজি জাকত জিলিকা হৈ উঠিছে। চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি আহিছে। নামভৰ্তিৰ হাৰ বহুখিনি বৃদ্ধি পাইছে।
টেট উত্তীৰ্ণ এইসকল শিক্ষকে সমাজৰ কি কি ভাল কাম কৰি আহিছে, সমালোচনা কৰাসকলে, তুচ্ছ-তাচ্ছিল্য কৰা সকলে এবাৰ বিতংভাৱে খবৰ লওক। সামাজিক দায়ৱদ্ধতাৰ পৰিচয় দি একাংশ যদি সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত, একাংশ আকৌ জড়িত হৈ আছে ক্ৰীড়াৰ দিশত। তেওঁলোকে বিহু, সত্ৰীয়া সংস্কৃতি, নাটক, ভাওনা, শিল্প-ভাস্কৰ্য, বিভিন্ন খেলা-ধূলাকে আদি কৰি সমাজৰ বিভিন্ন দিশত নিজকে জড়িত কৰাৰ উপৰিও কণ কণ শিশুসকলক এইবোৰ দিশৰ প্ৰশিক্ষণ আদিও প্ৰদান কৰি আহিছে। তেওঁলোকক তাচ্ছিল্য কৰাৰ আগতে তেওঁলোকৰ শৈক্ষিক পৰিক্ৰমাটোৰ বিষয়ে অলপ মন কৰিব, প্ৰতিগৰাকীৰ ডিগ্ৰী-ডিপ্ল’মাখিনি মন কৰিব। কাৰ কিমান দৰমহা, বহি বহি লৈছে নে কাম কৰি লৈছে, সেয়া হিচাপ পাছত কৰিব। আপোনাৰ সন্তানে পঢ়া বেচৰকাৰী মাধ্যমৰ শিক্ষকসকলৰ তুলনাত টেটৰ মাষ্টৰসকল কিহত কম, এবাৰ ভাবিবচোন।
সামাজিক মাধ্যমতেই হওক বা প্ৰত্যক্ষভাৱেই হওক, সমালোচনা কৰা সকলৰ সন্তানসকলে বা ভায়েক, ভনীয়েক, ভতিজাকসকলে কোনখন চৰকাৰী বিদ্যালয়ত পঢ়ে জানিবলৈ মন যায়। তেওঁলোকৰ সন্তানসকলে পঢ়া চৰকাৰী বিদ্যালয়খনৰ টেটৰ শিক্ষকগৰাকীয়ে কি কামত গাফিলতি কৰিছে, মুকলিভাৱে প্ৰকাশ কৰাৰ সৎ সাহস আছেনে এইসকল সমালোচনাকাৰীৰ? নতুবা তেওঁলোক দিনটোততো বাদেই দিছোঁ, সপ্তাহটোত এদিন বা এঘণ্টাৰ বাবেও তেওঁলোকৰ গাঁৱৰ বা ওচৰৰ চৰকাৰী বিদ্যালয়খনত এপাক কেতিয়াবা মাৰিছেনে? বিদ্যালয়খনৰ শৈক্ষিক দিশৰ কাহানিবা বুজ লৈছেগৈনে? টেটৰ মাষ্টৰজনে কিমান নিয়ৰিকৈ পঢ়াইছে বা কি কামত পাল মাৰিছে সেয়া নিজে চাইছেগৈনে? ইয়াৰ উত্তৰ কেইজনৰ হাতত আছে, সেয়া সময়ে ক’ব। কিন্তু আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে টেট উত্তীৰ্ণ এইসকল মেধাৱী শিক্ষকক পাকে-প্ৰকাৰে মানসিক হাৰাশাস্তি নকৰিলে যেন এই সকল সমালোচনাকাৰীৰ পেটলৈ ভাত নাযায়। এনেকুৱা এক নিকৃষ্ট মানসিকতাই আজি আমাৰ সমাজখনক খুলি খাবলৈ ধৰিছে। এয়া আমাৰ শৈক্ষিক ব্যৱস্থাটোৰ বাবেই যে নেতিবাচকতাৰ সংকেত, সেয়া নক’লেও হ’ব।
হেজাৰ ধুমুহা আহিলেও, হেজাৰ অপমান-তাচ্ছিল্যৰ মাজতো শিক্ষক হিচাপে আমি আমাৰ মৰ্যাদাৰ অলপো হানি হ’বলৈ নিদি নিজৰ কাম কৰি যাবলৈ বদ্ধপৰিকৰ। ছাত্ৰ-ছাত্ৰীসকলৰ অলপো ক্ষতি হ’বলৈ অন্তঃত আমাৰ দৰে টেটৰ মাষ্টৰসকলে কেতিয়াও নিদিয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলৰ বৌদ্ধিক, মানসিক, শাৰীৰিক— সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ স্বাৰ্থত সকলোবোৰ নেতিবাচক কথা-বতৰা নিজৰ মাজতে ‘হজম’ কৰি বিদ্যালয়ে বিদ্যালয়ে তেওঁলোকে শিক্ষাৰ সৌৰভ বিলাই আহিছে আৰু বিলাই থাকিব। সংশ্লিষ্ট সকলোলৈকে এটাই আহ্বান— এইসকল শিক্ষক, এইসকল অন্য গ্ৰহৰ প্ৰাণী নহয়। সমাজৰ খনিকৰ এওঁলোক। এইসকলক সুষ্ঠ চিন্তাৰে, ইতিবাচক দৃষ্টিভংগীৰে আমাৰ ভৱিষ্যত প্ৰজন্মক গঢ়িবৰ বাবে এটা ভাল পৰিৱেশ সকলোৱে তৈয়াৰ কৰক। তেওঁলোক মানসিকভাৱে ভাগি পৰিলে ইয়াৰ প্ৰভাৱে নিশ্চয় সমাজখনৰে এক বৃহৎ ক্ষতি কৰিব। কেৱল নেতিবাচক কথা-বতৰা, মানসিকতাৰে সমাজ এখনৰ ইতিবাচক পৰিৱৰ্তন কাহানিও নহয়। কথাবোৰ সকলোৱে ভাবি চোৱা ভাল।
❧ | আৰু পঢ়ক:
- জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থা
- গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি
- অসমীয়া ভাষা-সংস্কৃতি বনাম শিক্ষাৰ মাধ্যম: কিছু প্ৰাসংগিক চিন্তা
- শিক্ষা আৰু শিক্ষক প্ৰসংগত
- বাধ্যতামূলক হিন্দী ভাষা প্ৰসংগ: অসমীয়া ভাষাৰ মৃত্যুঘণ্টা বাজিছে নেকি
টেট শিক্ষকৰ বেদনা |