শি ক্ষা হৈছে সভ্যতাৰ প্ৰাণশক্তি, প্ৰগতিৰ মূল আহিলা। এটা জাতি আৰু এখন সমাজৰ সৰ্বাঙ্গীন উন্নয়নৰ মূলধন। আমাৰ দেশত আধুনিক শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল ১৮৫৭ চনত। সেই বছৰটোত বৃটিছ চৰকাৰে কলিকতা (কলকতা), মাদ্ৰাছ (চেন্নাই) আৰু বোম্বাই (মুম্বাই)ত একোখনকৈ বিশ্ববিদ্যালয় পাতি শিক্ষা ব্যৱস্থাৰ পাতনি তৰিছিল। অসমত ১৮৩৬ চনত প্ৰথমখন প্ৰাইমেৰী স্কুল প্ৰতিষ্ঠা কৰে শদিয়াত। এই বিদ্যালয় প্ৰতিষ্ঠাৰ পাছতে অসমত শিক্ষাৰ নতুন দিগন্তৰ সূচনা হয় আৰু শিৱসাগৰ, যোৰহাট আৰু গুৱাহাটীতো প্ৰায় সমসাময়িকভাৱে প্ৰাইমেৰী স্কুল স্থাপন হয়।
দেশ স্বাধীন হোৱাৰ পাছত আমাৰ দেশৰ প্ৰতিখন ৰাজ্যৰে শিক্ষা ব্যৱস্থাৰ বাবে দায়বদ্ধ কৰি ৰখা হৈছিল ৰাজ্য চৰকাৰসমূহক। কিন্তু সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ পাছত কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো স্থানৰে শিক্ষাৰ দিশত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা হয়। ১৯৮৬ চনৰ পৰা ভাৰতত নতুন শিক্ষানীতি আৰম্ভ কৰি ‘নেছনেল পলিচি অৱ এডুকেচন’ আৰু ‘প্ৰগ্ৰেম অৱ এক্সন’ নামৰ দুখন আঁচনি গ্ৰহণ কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যত এই আঁচনি অনুসৰি শিক্ষাদানৰ ব্যৱস্থা লোৱা হয় যদিও ১৯৯২ চনত এই আঁচনিত সংশোধন আৰু সংযোজন কৰা হয়। এই আঁচনি মতে শিক্ষাৰ সমতা ৰক্ষা কৰা, প্ৰাপ্তবয়ষ্ক শিক্ষাক জন আন্দোলন হিচাপে গঢ়ি তোলা আৰু স্ত্ৰী-শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাত যথেষ্ট পৰীক্ষা-নিৰীক্ষা, চিন্তা-চৰ্চা আদি চলোৱা হৈছে। কিছুমান বিষয়বস্তু অন্তৰ্ভুক্ত কৰি আৰু কিছুমান বাদ দি শিক্ষাৰ মান উন্নত কৰিবৰ বাবে চেষ্টা চলোৱা হৈছে। পাঠ্যপুথি, শিক্ষাদান প্ৰণালী, শিক্ষাদানৰ নতুন দৃষ্টিভঙ্গী আদিৰ পৰিৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰিবলৈ আঁচনি গ্ৰহণ কৰা হৈছে।
১৯৯০ চনত থাইলেণ্ডৰ জমতিয়ানত অনুষ্ঠিত ‘সকলোৰে বাবে শিক্ষা’ (Education for all) শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত কুৰি শতিকাৰ ভিতৰতে সমগ্ৰ বিশ্বৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ সংকল্প গ্ৰহণ কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীনকৰণৰ বাবে সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসমূহ সহমতত উপনীত হয়। ২০০০ চনত ঢাকাত অনুষ্ঠিত ‘বিশ্ব শিক্ষা মঞ্চ’ই এক কাৰ্যক্ৰমৰ ৰূপৰেখা প্ৰস্তুত কৰি ২০১৫ চনৰ ভিতৰত সকলো শিশু আৰু গোষ্ঠীগত সংখ্যালঘু সম্প্ৰদায়ৰ শিশুসকলৰ বাবে গুণগত মানৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰাৰ সংকল্প দৃঢ় কৰে আৰু ছটা মূল লক্ষ্য নিৰ্ধাৰণ কৰে।
ভাৰতবৰ্ষত সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ অধীনত ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰাটো নিৰ্দেশাত্মক নীতি হিচাপে গ্ৰহণ কৰি সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হয়। এই আঁচনিবোৰৰ ভিতৰত অপাৰেচন ব্লেক বৰ্ড, পুনৰ বিন্যাসিত আৰু পুনৰ গঠিত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থা, জিলা প্ৰাথমিক শিক্ষা আঁচনি, মধ্যাহ্ন ভোজন আঁচনি, অনানুষ্ঠানিক শিক্ষা, শিক্ষা নিশ্চিতকৰণ আঁচনি, বিকল্প আৰু উদ্ভাৱনামূলক শিক্ষা ব্যৱস্থা, জনশালা আঁচনি আৰু সৰ্বশিক্ষা অভিযানে সাৰ্বজনীন শিক্ষাৰ লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহ আঁতৰ কৰাৰ বাবে যথেষ্ট বৰঙণি আগবঢ়াইছে।
২০০২ চনৰ ভাৰতীয় সংবিধানৰ ৮৬ সংখ্যক সংশোধনীয়ে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰসমূহক ২০০৯ চনত আইন হিচাপে ৰূপায়ণ কৰাৰ পথ সুচল কৰি তোলে। ২০০৯ চনৰ এই আইনখনে প্ৰত্যেক শিশুৰ বাবে কোনো ধৰণৰ বৈষ্যম আৰু বহিষ্কৰণ নোহোৱাকৈ গুণগত শিক্ষা আহৰণ কৰাৰ এটা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে, যাৰ বাবে সকলোৰে বাবে গুণগত শিক্ষা প্ৰদান আৰু উপযোগী শিক্ষা পদ্ধতি কাৰ্যকৰী হৈছে। ফলত গুণগত শিক্ষা, সমতা, বৈষম্যহীনতা আৰু শিক্ষাৰ অধিকাৰে শিশুৰ স্বাধীনতা সুনিশ্চিত কৰিছে।
২০০৯ চনৰ ২০ জুলাই তাৰিখে দেশৰ ৰাজ্যসভাই ‘শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯’খন (চমুকৈ— শিক্ষাৰ অধিকাৰ আইন ২০০৯) সংসদত সৰ্বসন্মতিক্ৰমে গৃহীত কৰাৰ পাছত ২০০৯ চনৰ ২৬ আগষ্টত ৰাষ্ট্ৰপতিয়ে এই আইনখনত অনুমোদন জনায় আৰু সেই বছৰৰে ২৭ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰত ইয়াৰ সবিশেষ প্ৰকাশ পায়। ৰাজপত্ৰত প্ৰকাশিত অধিসূচনা অনুসৰি এই আইনখন ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা জন্মু আৰু কাশ্মীৰক বাদ দি ভাৰতবৰ্ষৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বলৱৎ কৰা হৈছে।
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুযায়ী পৌৰ নিগম, পৌৰসভা, জিলা পৰিষদ, আঞ্চলিক পৰিষদ, নগৰ পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু তেনে ধৰণৰ সংশ্লিষ্ট অনুষ্ঠানবোৰক স্থানীয় কৰ্তৃপক্ষ হিচাপে বিবেচিত কৰা হৈছে আৰু এনেবোৰ কৰ্তৃপক্ষক তেওঁলোকৰ নিৰ্দিষ্ট এলেকাৰ ভিতৰত থকা বিদ্যালয়সমূহক নিয়ন্ত্ৰণত ৰখাৰ অধিকাৰ দিয়া হৈছে। ইয়াৰ বিপৰীতে প্ৰতিজন পিতৃ-মাতৃ তথা অভিভাৱকক নিজে জন্ম দিয়া অথবা পালন-পোষণ কৰা সন্তানক ঘৰৰ ওচৰৰ বিদ্যালয়ত নামভৰ্তি কৰোৱা আৰু প্ৰতিজন শিশুৱে যাতে প্ৰাথমিক শিক্ষা সুকলমে সমাপ্ত কৰিব পাৰে তাৰ প্ৰতি সজাগ হ’বলৈ নিৰ্দেশ দিছে। এনে ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, স্থানীয় কৰ্তৃপক্ষ তথা সমাজখনক সন্তান বা পালিত সন্তানক বিদ্যালয়লৈ যোৱাৰ সুবিধা প্ৰদান নকৰা অভিভাৱকসকলক সজাগ কৰাৰ দায়িত্বও অৰ্পণ কৰিছে।
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১ (ক)ৰ আধাৰত এইটো নিৰ্ধাৰণ কৰা হৈছে যে ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুৱে নিৰ্ধাৰিত সময়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব লাগিব। গতিকে সংবিধানৰ ২১ (ক)ৰ লগত সংগতি ৰাখি বাধ্যতামূলক শিক্ষাৰ আইনখনেও শিশুৰ বয়সৰ সীমাৰেখা ৬ ৰ পৰা ১৪ বছৰতে সীমাবদ্ধ ৰাখিলে। সেয়ে দেশৰ শিক্ষা ব্যৱস্থাত প্ৰাথমিক শিক্ষাৰ পৰিসৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত, ৬ ৰ পৰা ১৪ বছৰৰ শিশু সকলৰ মাজত সীমাবদ্ধ কৰা হৈছে।
উল্লেখযোগ্য যে এই আইনখনৰ ধাৰা ৪ৰ অধীনত এনেদৰে উল্লেখ আছে যে যদিহে ৬ বছৰৰ ঊৰ্ধ্বৰ কোনো শিশুৱে বিদ্যালয়ত নামভৰ্তি কৰোৱা নাই বা কৰিলেও শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাই, তেন্তে সেই শিশুৰ নাম তেওঁলোকৰ বয়স অনুপাতে নিৰ্দিষ্ট শ্ৰেণীত ভৰ্তি কৰাব লাগিব। উদাহৰণ স্বৰূপে, একেবাৰে বিদ্যালয়লৈ নোযোৱা ৯ বছৰীয়া এজন শিশু বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ আহিলে, যিহেতু তেওঁৰ বয়স ৯ বছৰ, সেয়ে তেওঁক চতুৰ্থ শ্ৰেণীত নামভৰ্তি কৰাব লাগিব। লগতে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ স্বাৰ্থত কোনো শিশুৱে এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ বদলি হৈ যাব বিচাৰিলে সেই অধিকাৰো এই আইনে প্ৰদান কৰিছে। ৰাজ্যৰ বাহিৰৰ বা ভিতৰৰ যিকোনো চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ ক্ষেত্ৰতো এই আইন প্ৰযোজ্য হ’ব।
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯-ৰ ধাৰা ১২ৰ অধীনত শিক্ষক আৰু বিদ্যালয়ৰ দায়বদ্ধতা নিৰ্দ্ধাৰণ কৰিছে এনেদৰে:
- সংশ্লিষ্ট চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষই স্থাপন কৰা, নিয়ন্ত্ৰণ কৰা বা তেওঁলোকৰ মালিকীস্বত্বৰ অধীনত থকা সকলো বিদ্যালয়ে নামভৰ্তি কৰা সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আৰু প্ৰাক বিদ্যালয় শিক্ষা প্ৰদান কৰিব লাগিব।
- সকলো সাহায্যপ্ৰাপ্ত বিদ্যালয়ে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আৰু প্ৰাক্ বিদ্যালয় শিক্ষা (যদি আছে) সেইবিলাক অনুষ্ঠানে লাভ কৰা বাৰ্ষিক অনুদান বা সাহায্য অনুপাতে শিশুক প্ৰদান কৰিব লাগিব।
- বিশেষ শ্ৰেণীভূক্ত সকলো বিদ্যালয় আৰু অ-সাহায্যপ্ৰাপ্ত বিদ্যালয়ে প্ৰথম শ্ৰেণীত থকা মুঠ আসনৰ ২৫ শতাংশ আসনত প্ৰতিৱেশী এলেকাৰ দুৰ্বল আৰু অনগ্ৰসৰ শ্ৰেণীৰ লোকৰ শিশুৰ নামভৰ্তি কৰিব আৰু শিশুসকলক প্ৰাথমিক শিক্ষা শেষ নকৰা পৰ্যন্ত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব।
ধাৰা ১৫ মতে, এটি শিশুক এখন বিদ্যালয়ত শিক্ষাবৰ্ষৰ আৰম্ভণিত বা ৰাজ্যিক ভিত্তিত নিৰ্ধাৰণ কৰা বৰ্ধিত সময়ৰ ভিতৰত নামভৰ্তি কৰাব পাৰিব। ধাৰা ১৪ত উল্লেখ থকা মতে, নামভৰ্তিৰ বাবে বয়সৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ পত্ৰ বা ৰাজ্যিক বিধিয়ে নিৰ্ধাৰণ কৰা আন নথি গ্ৰহণযোগ্য হ’ব। কিন্তু বয়সৰ প্ৰমাণ-পত্ৰ নথকাৰ অজুহাতত কোনো শিশুক বিদ্যালয়ত নামভৰ্তি নকৰাকৈ থাকিব নোৱাৰিব। আনহাতে ধাৰা ১৩ অনুযায়ী নামভৰ্তি কৰোঁতে যিকোনো ধৰণৰ দান-বৰঙণি বা জাননীত উল্লেখ নথকা কেপিটেশ্বন মাচুল সংগ্ৰহ কৰিব নোৱাৰিব আৰু বাচনি পৰীক্ষা পাতিব নোৱাৰিব।
শিক্ষাৰ অধিকাৰ আইন ২০০৯-ত ইয়াকো কোৱা হৈছে:
- যদি কোনো বিদ্যালয়ে নামভৰ্তিৰ বাবদ মাচুল লয়, তেন্তে সেই মাচুলৰ দহগুণ পৰ্যন্ত জৰিমণা বিহা হ’ব।
- কোনো বিদ্যালয়ে নামভৰ্তিৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত কৰি ইয়াক উলংঘা কৰিলে প্ৰথমবাৰৰ বাবে ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমণা আৰু পৰৱৰ্তী পৰ্যায়ত পঞ্চাশ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব।
- কোনো শিশুক শাৰীৰিক বা মানসিক নিৰ্যাতন দিব নোৱাৰিব। শাৰীৰিক বা মানসিক নিৰ্যাতন দিওঁতা লোকজনৰ বিৰুদ্ধে সেৱাবিধি অনুযায়ী অনুশাসনমূলক ব্যৱস্থা প্ৰযোজ্য হ’ব।
- প্ৰতিখন বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি থাকিব লাগিব আৰু সমিতিখনত স্থানীয় কৰ্তৃপক্ষৰ নিৰ্বাচিত প্ৰতিনিধি থাকিব লাগিব। সমিতিখনত মুঠ সদস্যৰ তিনি চতুৰ্থাংশ পিতৃ-মাতৃ বা অভিভাৱক হ’ব লাগিব। বঞ্চিত গোট বা দুৰ্বল শ্ৰেণীৰ অভিভাৱক বা পিতৃ-মাতৃ থাকিব লাগিব। মুঠ সদস্যৰ ৫০ শতাংশ মহিলা হ’ব লাগিব। বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত তথা ৰূপায়ণ কৰাৰ উপৰিও বিদ্যালয়ৰ সামগ্ৰিক কাম-কাজ পৰ্যবেক্ষণ কৰিব।
- চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষই বিদ্যালয়ত নিৰ্ধাৰিত ছাত্ৰ-শিক্ষকৰ অনুপাত নিশ্চিত কৰিব লাগিব।
- কোনো শিক্ষককে দহ বছৰীয়া লোকপিয়ল, দুৰ্যোগ সাহায্যৰ কাম-কাজ বা নিৰ্বাচন সম্পৰ্কীয় দায়িত্বৰ বাহিৰে কোনো অনা-শৈক্ষিক কামত নিয়োগ কৰিব নোৱাৰিব।
- কোনো শিক্ষকে ব্যক্তিগত টিউচন কৰ্মত জড়িত হ’ব নোৱাৰিব।
- আইনখন ৰূপায়ণ হোৱাৰ পাছৰে পৰা চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষৰ আওতাৰ বাহিৰত কোনো বিদ্যালয় সেই কৰ্তৃপক্ষৰ প্ৰমাণ-পত্ৰ বা স্বীকৃতি নোপোৱাকৈ থাকিব নোৱাৰিব।
- ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক পৃথক শৌচাগাৰ থাকিব লাগিব।
- সকলো শিশুৰ বাবে বিশুদ্ধ আৰু পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব।
- মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়ত ৰান্ধনীশাল থাকিব লাগিব।
- খেলপথাৰ আৰু বিদ্যালয়ৰ চৌহদত বেৰ বা জেওৰা থাকিব লাগিব।
- প্ৰতিখন বিদ্যালয়ত একোটাকৈ পুথিভঁৰাল থাকিব লাগিব।
- বিশেষ প্ৰয়োজন দৰকাৰী ছাত্ৰ-ছাত্ৰী (Child with special needs) সকলকো সম সুবিধা, নিৰাপত্তা আৰু সম্পূৰ্ণ অংশগ্ৰহণৰে প্ৰাথমিক শিক্ষা লাভ কৰিবলৈ উৎসাহিত কৰিব লাগিব।
- প্ৰথম শেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত ন্যূনতম কৰ্মদিন ২০০ আৰু ৪০০ ঘণ্টা পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত ন্যূনতম ২২০ দিন আৰু ১০০০ ঘণ্টা পাঠদান হোৱাটো নিশ্চিত কৰিব।
- প্ৰতিগৰাকী শিক্ষকে সপ্তাহত ৪৫ ঘণ্টা অৰ্থাৎ দৈনিক গড় হিচাপে ৭ ঘণ্টা ৩০ মিনিট বিদ্যালয়ত অতিবাহিত কৰিব লাগিব। দৈনিক সময়-তালিকাৰ বাহিৰেও অতিৰিক্ত সময়খিনি শিক্ষকসকলে শিক্ষণীয় দিশৰ প্ৰস্তুতি অৰ্থাৎ পাছৰ দিনাৰ বাবে পাঠ-পৰিকল্পনা, শিক্ষণ-শিকন সামগ্ৰী (TLM)ৰ প্ৰস্তুতি আৰু ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী আৰু গৃহ কৰ্ম মূল্যায়ন কৰা, অনুপস্থিত ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়াকৰণৰ বাবে অভিভাৱকক যোগাযোগ কৰা, বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা ৰূপায়ণৰ কৰ্মসূচী ঠিক কৰা আৰু শৈক্ষিক দিশত সমানে আগবাঢ়িব নোৱৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় দিশসমূহৰ অগ্ৰগতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে ধাৰা ১৮ মতে, শিক্ষাৰ অধিকাৰ আইন ২০০৯ বলৱৎ হোৱাৰ পাছত সংশ্লিষ্ট চৰকাৰ অথবা স্থানীয় কৰ্তৃপক্ষই স্থাপন কৰা বিদ্যালয়ৰ বাহিৰে আন বিদ্যালয়সমূহে সংশ্লিষ্ট চৰকাৰৰ পৰা স্বীকৃতিৰ প্ৰমাণপত্ৰ পোৱাৰ পাছতহে স্থাপন কৰিব বা কাৰ্যক্ৰম চলাব পাৰিব। অৱশ্যে স্বীকৃতি লাভৰ বাবে বিদ্যালয়সমূহে আইনখনত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰি নিৰ্দিষ্ট মান লাভ কৰিব লাগিব। স্বীকৃতিৰ বাবে থকা চৰ্তসমূহ উলংঘা কৰিলে কৰ্তপক্ষই এখন লিখিত হুকুমৰ জৰিয়তে তেনে বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব পাৰিব।
নক’লেও হ’ব যে প্ৰতিগৰাকী পিতৃ-মাতৃ অথবা অভিভাৱকেই নিজৰ নিজৰ সন্তানে যাতে এক উৎকৃষ্ট মানৰ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু উচিত শিক্ষা গ্ৰহণ কৰি এক সুখী আৰু সফল জীৱন যাপন কৰিব পাৰে, সেইটো স্বাভাৱিকতেই বিচাৰে। ২০১০ চনৰ পৰা প্ৰৱৰ্তিত হোৱা শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯-এ প্ৰত্যেকৰ বাবে এনে এক সুযোগকে আনি দিছে আৰু একোখন সৰ্বাংগসুন্দৰ বিদ্যালয় গঢ়ি তোলাৰ পথত অগ্ৰসৰ হৈছে। শিক্ষাৰ অধিকাৰ আইনে বিদালয়সমূহ অধিক শিশুকেন্দ্ৰীক হিচাপে গঢ়ি উঠাত আৰু শিকাৰুৱে নিজৰ গুৰুত্ব আৰু স্থিতি উপলব্ধি কৰি ভয়বিহীন আত্মবিশ্বাসেৰে যাতে শিকিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, লগতে শিশুৰ শিক্ষাগ্ৰহণ আৰু মান নিৰ্ণয়ৰ ক্ষেত্ৰত শিকাৰুৱে কোনো ধৰণৰ চাপ বা হেঁচাৰ সন্মুখীন নোহোৱাকৈ শিকন ব্যৱস্থাটোৰ প্ৰতিফলন ঘটাবৰ কাৰণেই ‘অবিৰত আৰু সামগ্ৰিক মূল্যায়ন’ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে।
অবিৰত মূল্যায়নৰ অৰ্থ হ’ল— এই মূল্যায়নত শিকাৰুৱে শিকা-নিশিকা কথাটো জানিবৰ বাবে বছৰটোৰ শেহলৈ ৰৈ থাকিব নালাগে। ইয়াৰ পৰিৱৰ্তে দৈনিক শিক্ষাদান কাৰ্য কৰি থকা সময়তে শিকাৰুৰ অংশগ্ৰহণক পৰ্যৱেক্ষণ কৰি, প্ৰশ্ন কৰি, সৰু সৰু প্ৰকল্প কৰিবলৈ দি নাইবা লিখিবলৈ দি আৰু বিভিন্ন ক্ৰিয়া-কলাপৰ মাধ্যমৰে শিকাৰুৰ অগ্ৰগতিক সূক্ষ্মভাৱে মূল্যায়ন কৰিব পাৰে। এই ধৰণৰে কৰিলে শিক্ষকে প্ৰতিজন শিকাৰুৰ শিকন সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰিবলৈ সক্ষম হ’ব আৰু ব্যক্তিগতভাৱে পাঠগ্ৰহণত সহায় কৰিব পাৰিব।
সামগ্ৰিক মূল্যায়নে কেৱল শিকাৰুৰ শিকনকে মূল্যায়ন নকৰে, বৰং তেওঁলোকে সঠিকভাৱে কেনেকৈ বুজে আৰু তাক কেনেকৈ দৈনন্দিন জীৱনত প্ৰয়োগ কৰে, সেইটোহে মূল্যায়ন কৰে। ই শিকাৰুৰ সৰ্বাংগীন বিকাশৰ দিশসমূহো মূল্যায়ন কৰে। শিকাৰুৰ মনোভাৱ, আত্মবিশ্বাস, নেতৃত্ব দিব পৰা গুণ, তেওঁলোকৰ খেলা-ধুলাত থকা প্ৰতিভা, নৃত্য-গীত, কলা আৰু অভিনয় প্ৰতিভা, আনকি বিদ্যালয়ৰ কাম-কাজ আদিত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ আদিও মূল্যায়ন কৰা হয়। প্ৰতিজন শিকাৰুৱেই বেলেগ-বেলেগ বিষয়ত প্ৰতিভাসম্পন্ন। অবিৰত আৰু সামগ্ৰিক মূল্যায়নে তেনে প্ৰতিভাসম্পন্ন শিকাৰু বা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা চিনাক্ত কৰি বিকাশ হোৱাত সহায় কৰে।
শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি প্ৰতিজন শিশুৱে শিশুকেন্দ্ৰীক গুণগত শিক্ষা আহৰণ কৰাটো মৌলিক অধিকাৰত পৰিণত হৈছে। অকল আমাৰ দেশতেই নহয়, সমগ্ৰ পৃথিৱীতেই অবিৰত আৰু সামগ্ৰিক মূল্যায়নে সুফল লাভ কৰিছে। এই সফলতাত অৰিহণা যোগাইছে প্ৰতিগৰাকী অভিভাৱকে। কাৰণ, এই মূল্যায়নে কি কাম কৰিছে আৰু কেনেকৈ কৰিছে, অভিভাৱকসকলে সেয়া সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰাৰ সুবিধা লাভ কৰিছে। প্ৰকৃতাৰ্থত অবিৰত আৰু সামগ্ৰিক মূল্যায়ন হ’ল শিক্ষক আৰু অভিভাৱকৰ এটা অংশীদাৰী ব্যৱস্থা, য’ত শিক্ষক আৰু অভিভাৱকে একেলগে শিকাৰুৰ অগ্ৰগতিত অংশ ল’ব পাৰে।
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯-ৰ আধাৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থা আৰু শেহতীয়াকৈ আমাৰ ৰাজ্যত অসম চৰকাৰে গ্ৰহণ কৰা গুণোৎসৱ ব্যৱস্থাই এক সফল আৰু দিগন্তপ্ৰসাৰী প্ৰভাৱেৰে আমাৰ উত্তৰ পুৰুষক সঠিক আৰু সবল ৰূপত সৃষ্টি কৰিবলৈ সক্ষম হ’ব। এক সুন্দৰ ব্যৱস্থাৰে, এক সুন্দৰ সপোনৰে আগবঢ়া এই আঁচনি সফলতাৰ পথত অগ্ৰসৰ হৈছে আৰু সৰ্বজন-সমাদৃত হৈছে। আশা কৰা হৈছে, কম দিনৰ ভিতৰতেই শিশুৰ শৈক্ষিক দিশত অসমে এক উজ্জ্বল স্থান দখল কৰিবলৈ সক্ষম হ’ব।
❧ | আৰু পঢ়ক:
- জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থা
- অসমীয়া ভাষা-সংস্কৃতি বনাম শিক্ষাৰ মাধ্যম: কিছু প্ৰাসংগিক চিন্তা
- অসমৰ উচ্চ শিক্ষাত কভিড-১৯-ৰ প্ৰভাৱ
- গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি