শব্দবোৰ সযতনে সাঁচি থোৱা,
সিহঁতৰ ভিতৰৰ মজ্জাবোৰ
ৰসাল হৈ থাকোঁতেই
ৰেফ্রিজাৰেটৰ জাতীয় সৰঞ্জামত
আছুতীয়াকৈ বচাই থোৱা।
যাউতিযুগৰ আপোন শব্দবোৰ
কলীয়া মেচিনেৰে চেপি
প্ৰাণবোৰ শেষ কৰাৰ আগতেই,
নতুবা কোনেও সাৰ নৌপাওঁতেই
পুৱতিতে উঠি সিহঁতক
ন-গাঁৱৰ সিপাৰে থৈ আহাঁগৈ।
এদিন সময়ৰ শেষ বানত
সকলো উটি-ভাহি যোৱাৰ পাছত
পুনৰ সিহঁতক লৈ আহিবা,
ধলপুৱাতে সিহঁতক মেলি দিবা
ন-খোৱাৰ নতুন চোতালত।
শব্দবোৰ সাঁচি থোৱা
আটোমটোকাৰিকৈ
এলান্ধু লাগিবলৈ নিদিবা,
শব্দবোৰ আপোন কৰি ৰাখা
কোনেও নেদেখাকৈ বুকুৰ মাজতে।
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।