ভা ৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম উল্লেখনীয় জনজাতি হৈছে হাজং৷ হাজংসকলে অসমৰ গোৱালপাৰা জিলাৰ পশ্চিম অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ধুবুৰী জিলাৰ মানকাচাৰলৈ আৰু মেঘালয়ৰ পশ্চিম আৰু দক্ষিণ গাৰোপাহাৰ জিলা আৰু পশ্চিম খাছিয়া পাহাৰ জিলাৰ পাৰ্বত্য সমভূমি অঞ্চললৈ বসবাস কৰি আহিছে৷ কিন্তু বৰ্তমান হাজংসকল গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অ’ত ত’ত কম বেছি পৰিমাণে সিঁচৰতি হৈ আছে৷ ডিব্ৰুগড়, তিনিচুকীয়া, জাগুন, মাৰ্ঘেৰিটা, ধেমাজী, লখিমপুৰ, যোৰহাট, নগাঁও, মৰিগাঁও গুৱাহাটী, দৰং আদি অঞ্চলতো হাজংসকলে বহু পূৰ্বৰে পৰা নিগাজীকৈ বসবাস কৰি অহা পৰিলক্ষিত হয়৷
হাজং জনজাতিৰ নিজা ভাষা, সংস্কৃতি, লোকাচাৰ আছে৷ প্ৰতিটো জাতি-উপজাতিয়ে নিজৰ নিজৰ পৰম্পৰাগত গীত-মাত, নৃত্য-গীত, উৎসৱ আদিক লৈ গৌৰৱবোধ কৰাৰ দৰে হাজংসকলও তেওঁলোকৰ সাংস্কৃতিক সম্পদক লৈ গৌৰৱবোধ কৰে৷ প্ৰকৃতিৰ বুকুৰ সন্তান হাজং জনজাতিৰ লোকসকলৰো আছে বহু আশা-আকাংক্ষা, পোৱা নোপোৱাৰ হাবিয়াস আৰু ইতিহাস৷
শ্ৰম লোকজীৱনৰ প্ৰাণ। শ্ৰমক কেন্দ্ৰ কৰিয়েই লোকজীৱনৰ সকলো ধৰণৰ উৎসৱ-অনুষ্ঠান, নৃত্য-গীতৰ সৃষ্টি হৈছে৷ সেয়েহে নৃত্য-গীতৰ সৃষ্টিৰ উৎসই হ’ল শ্ৰম৷ এই শ্ৰমৰ মাজতেই আৰু দুগুণ উৎসাহৰে কাম কৰিবলৈ হ’লে আমোদ-প্ৰমোদ, স্ফূৰ্তি-তামাচা, ৰং-ৰহইচ আদি হৈ পৰিল মানৱ জীৱনৰ লাগতিয়াল সম্পদ৷ হাজং লোক সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত বিভিন্ন লোক নৃত্য-গীতসমূহৰ ভিতৰত গীতালু গাহেন, গুপনী গাহেন, মাছমাৰা গাহেন, ৰসী গাহেন, কাতি পূজাৰ গাহেন, গুছি পুতা গাহেন, ৰুৱা লাগা গাহেন, থুবী মাগা গাহেন, ছাঁৱা বুজানি গাহেন, ধাপা কীৰ্তন আদিয়েই প্ৰধান (‘গাহেন’ মানে গীত)৷ আকৌ তাৰে ভিতৰত হাজংসকলৰ আটাইতকৈ জনপ্ৰিয় লোক নৃত্য-গীত হ’ল— ‘লেৱা-টানা’৷
সাধাৰণতে দেখা যায় যে খেতি-বাতিৰ দিনজোৰা পৰিশ্ৰম কৰি যেতিয়া ভাগৰ লাগে, তেতিয়া ভাগৰ আঁতৰাবলৈ হাজং ডেকা-গাভৰু, মতা-তিৰোতা সকলোৱে হাবি-বননিৰ জংঘল চাফা কৰিবলৈ লাগে। যেতিয়া হাজং ডেকাসকলে গছ-বনৰ লতাবোৰ টনা-আঁজোৰা কৰে, তেতিয়া হাজং গাভৰুসকলে মিচিকিয়াই হাঁহে৷ তেনেকৈ লতাবোৰ টানি থাকোঁতেই স্ফূৰ্তিত ডেকাসকলৰ মুখৰ পৰা আপোনা-আপুনি গানৰ কলি ভাহি আহে৷ যেনে—
‘টক্লেবাৰী যোপানি টক্লে ফল পকিছে
আয় বুইনি টকলে খাবা যাং৷’
টক্লে হৈছে জাম সদৃশ ক’লা বৰণৰ এবিধ ফল৷ পাহাৰৰ হাবি-বননিত ইয়াক পোৱা যায়৷ আৰু ঠিক জামৰ লেখিয়াই সৰু৷ এই টক্লে ফলবিধ পকিলে খাই মিঠা লাগে, কিন্তু টক্লে খালে মুখখন ক’লা হয়৷ সেয়েহে হাজং ৰমনীসকলে এই ফলবিধ হাবিৰ মাজত অকলে হাজং ডেকাৰ লগতে নাখাওঁ বুলি কৈছে৷
লতাবোৰ টনা-আঁজোৰা কৰি থাকোঁতেই সৃষ্টি হোৱা এই গানবোৰক হাজং ভাষাত ‘লেৱা-টানা’ গান বুলি অভিহিত কৰা হৈছে৷ এই লেৱা-টানা গীতসমূহে হাজংসকলৰ স্বকীয়তা বহন কৰি আহিছে৷
লেৱা-টানা গীতসমূহ বিভিন্ন উৎসৱ-পাৰ্বণ, বিশেষকৈ হাজংসকলৰ ৰঙালী বিহু— বিছুৱৗ আৰু চ’ৰখেলা বা চ’ৰমাগাত পৰিৱেশন কৰা হয়৷ এই গীতৰ তালে তালে নৃত্যৰ বিশেষ ভংগীমাই সোণত সুৱগা কৰি তোলে৷ বিহুগীতসমূহৰ দৰে হাজং জনজাতিৰ লেৱা-টানা গীতসমূহতো অন্তৰ্নিহিত হৈ থাকে প্ৰেম-ভালপোৱা৷ লেৱা-টানা গীতসমূহৰ প্ৰকাশভংগী, ভাৱ-ভাষা কিছু চঞ্চল; অৰ্থাৎ এইবোৰ অধিক উচ্চল, উদ্দীপনাময়, ৰোমাঞ্চক, আবেদনময়ী তথা হৃদয়স্পৰ্শী হয়৷
লেৱা-টানা গীতৰ নায়ক-নায়িকাসকল কিছু চঞ্চল, অগহীন আৰু ৰাংঢালী স্বভাৱৰ হয়৷ অতি আনন্দ-উলাহেৰে এই গীতৰ মাজেৰে ইজনে সিজনক প্ৰেমৰ বাৰ্তা আদান-প্ৰদান কৰে৷ লেৱা-টানা গীতসমূহত জৈৱিক প্ৰেমৰ তাড়নাই প্ৰধান ৰূপ পায়৷ লেৱা-টানা গীতৰ উদাহৰণ—
‘লিংলিঙা গাছনি মৌ বাহা লাগিছে
দাদা মোগে পাৰি দিহা খাং৷
কি ৰাম ঐ ৰাম৷…’
ইয়াত ভূঁইতলিত কঠিয়া ৰুই থাকোঁতে গাভৰু ছোৱালীয়ে ওচৰৰ হাবিয়নিত গৰু ৰখি থকা ল’ৰাক কাষৰ ওখ বিৰিখৰ ডালত থকা মৌবাহৰ মৌৰস পাৰি দিবলৈ কৈছে৷ ওখ বিৰিখত বগাই উঠাৰ কোনো সুবিধা নেদেখি ডেকা ল’ৰাই এনেদৰে উত্তৰ দিছে—
‘ধৰিবাগে ডালো নাই, হুজাবাগো লেৱা নাই
লেৱাচাৰা পাৰিবা নাপায়৷
কি ৰাম ঐ ৰাম৷…’
হাজং জনজাতিৰ এই লেৱা-টানা গীতসমূহৰ নৃত্যৰ ভংগীমাও সুকীয়া৷ সাধাৰণতে এই নৃত্যত ডেকা-গাভৰুসকলে এখন হাতত ৰঙা, সেউজীয়া বা হালধীয়া ৰঙৰ ৰুমাল লৈ নৃত্য কৰা দেখা যায়৷
লেৱা-টানা গীতত সাধাৰণতে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহ হ’ল— ঢাক বা ঢোল, বাঁহী, দোতাঁৰা, গৱনা অৰ্থাৎ গগনা, কৰতাল, হাৰান্দি আদি৷ হাজং জনজীৱনত বাদ্যৰ প্ৰচলন প্ৰাচীন কালৰে পৰা চলি আহিছে৷ প্ৰয়োজন সাপেক্ষে আন আন জনগোষ্ঠীসমূহৰ দৰে হাজংসকলেও স্ব-হস্তে বাদ্যযন্ত্ৰ তৈয়াৰ কৰি লয়৷
কাঠৰ ভিতৰখন ফোপোলা ৰাখি দুই মূৰত জন্তুৰ ছালৰ দ্বাৰা আবৃত কৰি ঢোল তৈয়াৰ কৰা হয়৷ কাকবাঁহ, বিজুলী বাঁহত বিন্ধা কৰি বাঁহী তৈয়াৰ কৰা হয় আৰু শ্বাস-প্ৰশ্বাসৰ সহায়ত বজোৱা হয়৷ এই লোক বাদ্যটি হাজংসকলে লোক উৎসৱৰ নৃত্য-গীতসমূহত এককভাৱে বা সংযোগী বাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে৷ দোতাঁৰা হ’ল তাঁৰযুক্ত লোকবাদ্য৷ হাজংসকলৰ গগনা সৰ্বসাধাৰণ গগনাৰ দৰেই যদিও ই আকৃতিত অলপ সৰু৷ লেৱা-টানা গীতৰ লগতে গোপিনী গীত, ৰসী গীত আদিত গাভৰুসকলে এইবিধ বাদ্য বজায়৷ কৰতাল হ’ল কাঁহ-পিতলৰ দ্বাৰা নিৰ্মিত এবিধ ধাতৱ বাদ্য৷ এই বাদ্যযন্ত্ৰবিধ হাজংসকলৰ লেৱা-টানা গীতৰ উপৰিও ধাপাকীৰ্তন, পূজা-উৎসৱ আৰু মাঙ্গলিক কাৰ্যত বজায়৷ আনহাতে ‘হৗৰান্দি’ বা ‘চাৰিণ্ডা’ হ’ল হাজংসকলৰ আন এবিধ বিশেষ পৰম্পৰাগত বাদ্য৷
লেৱা-টানাৰ বিশেষ গাহেন পৰিৱেশন কৰিবলৈ পিন্ধা হাজং জনজাতীয় সাজ-পাৰ আৰু আ-অলঙ্কাৰ অতিকৈ সুন্দৰ৷ হাজং মহিলাসকলে লেৱা-টানা নৃত্য-গীতত বিশেষকৈ ৰঙা ৰঙৰ উজ্জ্বল বস্ত্ৰ— ৰাঙা পাতিন পৰিধান কৰে৷ সাধাৰণতে পাতিন দুই প্ৰকাৰৰ হয়— ৰাঙা পাতিন আৰু ধূলা পাতিন৷ আকৌ ৰাঙা পাতিনো দুই প্ৰকাৰৰ আছে— গোটা চাপা আৰু ফালা চাপা৷ বিভিন্ন ৰঙৰ সূতাৰ সমন্বয়ত প্ৰস্তুত কৰা পাতিনক ৰাঙা পাতিন আৰু বগা সূতাৰ একৰঙী পাতিনক ধূলা পাতিন বোলে৷ ৰাঙা পাতিন অবিবাহিতা যুৱতীয়ে, আনহাতে ধূলা পাতিন বয়সীয়াল মহিলা বা বিধৱাই পৰিধান কৰে৷
পাতিন পৰিধানত পিন আদি উপকৰণ ব্যৱহাৰ কৰা নহয়৷ বুকুৰ চাৰিওফালে মেৰিয়াই বাওঁ কাষলতিৰ তলত আঁচল দুটা খোচ মাৰি আটক কৰা হয়৷ হাজং মহিলাই দেহৰ ওপৰ ভাগ অৰ্থাৎ উঠন বুকু ঢাকিবলৈ আৰ্গন বা ফুলৌ আৰ্গন নামেৰে এবিধ ফুলাম কাপোৰ বা বুকুচোলা পৰিধান কৰে৷ এই বস্ত্ৰ শিপিনীয়ে চকুত লগাকৈ ফুল বাছি ৰংচঙীয়াকৈ তৈয়াৰ কৰে৷ আৰ্গন সাধাৰণতে ৫ হাত জোখৰ হয় যদিও গৰাকীৰ শৰীৰৰ অনুপাতে সামান্য চুটি-দীঘল হ’ব পাৰে৷ আগফালে বুকু ঢাকি আৰ্গনৰ মূৰ দুটা দুই কান্ধেদি পাৰ কৰাই পিঠিৰ ফালে ওলমি থাকে৷ ৰাঙা পাতিনৰ সৈতে ফুলাম আৰ্গন পৰিধান কৰি হাজং গাভৰুৱে গৰ্ব অনুভৱ কৰে৷ এই দুবিধ বস্ত্ৰৰ উপৰিও হাজং মহিলাসকলে পাতিনক আটিল কৰি ৰখাৰ বাবে কঁকালত এচাটি দীঘল কাপোৰ মেৰিয়াই বান্ধে৷ ইয়াক কোমৰবান্ধা বোলে৷
হাজং মহিলাসকলে নিজৰ জাতীয় পোছাকৰ লগতে বিভিন্ন ধৰণৰ আ-অলংকাৰো পৰিধান কৰে৷ তেওঁলোকে শৰীৰৰ বিভিন্ন অংগত প্ৰধানকৈ ৰূপৰ অলংকাৰ পৰিধান কৰে৷ তেওঁলোকে সাধাৰণতে পৰিধান কৰা ৰূপৰ দ্বাৰা প্ৰস্তুত অলংকাৰসমূহ এনেধৰণৰ— কাণৰ লতিত কাণফুল; নাকত নাকফুল; ডিঙিত পুতিমালা, হাৰমালা, কণ্ঠহাৰ, গাছমালা; বাহুত বাজু; হাতত খাৰু, শঙ্খ নিৰ্মিত শাখা, বালা; আঙুলিত আঙুঠি; কঁকালত বিছা আৰু ভৰিত বাক-গুঞ্জুৰী বা পায়েল৷ হাজং ৰমনীয়ে খোপাত ধাতুনিৰ্মিত কাঁটা ফুল সজ্জিত কৰিছিল বুলি জনা যায়, কিন্তু বৰ্তমান পূৰ্বদিনীয়া গহনা-পাতি, আ-অলংকাৰ বহু পৰিমাণে হ্ৰাস পাইছে৷ লেৱা-টানা নৃত্যত হাজং মহিলাই আজিকালি কেৱল নাকত নাকফুল, কাণত কাণফুল, হাতত খাৰু-শাখা আদিৰ বাহিৰে বাকীবোৰ আ-অলংকাৰ পৰিধান কৰা দেখা নাযায়৷
হাজং জনজাতিৰ পুৰুষসকল পূৰ্বতে একবস্ত্ৰী আছিল৷ ভিজা গামোচা নামে ৫/৬ হাত জোখৰ গামোচাবিধ অকল কঁকালত মেৰিয়াই লৈছিল৷ লেৱা-টানা নৃত্যত হাজং পুৰুষসকলে সেউজীয়া ৰঙৰ ভিজা গামোচা পৰিধান কৰা দেখা যায়৷ ওপৰ ভাগত বগা চোলা, ডিঙিত কাম্পেছ বা কামপেছ আৰু মূৰত গামোচাৰ লেখিয়া কামপেছ বান্ধি লোৱা দেখা যায়৷ কিন্তু সাম্প্ৰতিক কালত হাজং পুৰুষসকলৰো পৰম্পৰাগত সাজ-পোছাকত কিছু পৰিমাণৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ আজিকালি লেৱা-টানা নৃত্য পৰিৱেশন কৰিবলৈ ভিজা গামোচাখনৰ দুয়োফালৰ শাৰীত পাতিনৰ পাৰিৰ লেখিয়া সৰুকৈ দুটামান শাৰী বই পৰিধান কৰি নৃত্য কৰা দেখা যায়৷
এনেদৰে হাজং জনজাতিৰ লোকসকলে কিছু পৰম্পৰাগতভাৱে, কিছু আধুনিকভাৱে ব’হাগৰ ৰঙালী বিহু— বিছুৱৗ বা হঙ’ৰাণী চৈত্ৰ সংক্ৰান্তি বা নয়া বছৰ আৰু চ’ৰমাগা বা চৰখেলা উৎসৱত হাজং সমাজৰ অতিকৈ জনপ্ৰিয় লেৱা-টানা নৃত্য-গীত পৰিৱেশন কৰি অহা পৰিলক্ষিত হৈছে৷
📚 | আৰু পঢ়ক:
- অসমীয়া সাহিত্যলৈ চাহ জনজাতি সমাজৰ বৰঙণি
- অসমৰ বয়ন শিল্পলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান
- ভৈয়ামৰ কাৰ্বি সমাজৰ দেহাল পূজা
- খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰ: এটি অন্বেষণ
- লালিলাং গীতৰ বিশেষ উল্লেখেৰে ডিমৰীয়া অঞ্চলৰ মাঘ বিহুৰ পৰম্পৰা সম্পৰ্কে কিঞ্চিৎ
ফিচাৰড ইমেজত উইকিমিডিয়া কমন্সৰ মুক্ত ছবি (CC) ব্যৱহাৰ কৰা হৈছে।