নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মাইনা-পেণ্ট: য়ে আৰাম কা মামলা হ্যে

মাইনা-পেণ্ট: য়ে আৰাম কা মামলা হ্যে

মো ৰ স্কুলীয়া বন্ধু এজনৰ কাপোৰৰ দোকান এখন আছে। মোৰ কাৰণে পৃথিৱীৰ সৰ্বোত্তম বস্ত্ৰালয় সেইখনেই। কাৰণ— মোৰ পচন্দৰ সকলো কাপোৰেই সি হেজাৰ বিচাৰি হ’লেও আনি দিয়ে, বাকীত কাপোৰ লোৱাৰ পাছত পইচাখিনি একদম বিচাৰি নেথাকে, এটা ৰিজনেবল লাভ লৈ সি মোৰ লগতে আন গ্ৰাহককো সন্তুষ্ট কৰি ৰাখে।

কালি তাক লগ পাই সুধিলো,— ‘অই কচোন, এই কেইদিন কি কাপোৰ বেছিকৈ বিক্রী হৈছে।’ সি তপৰাই ক’লে,— ‘মাইনা-পেণ্ট।’

বিচৰা উত্তৰটো পাই মোৰ ভাল লাগিল; এনে লাগিল যেন মোৰ বৰষুণৰ ওপৰত কৰা গৱেষণা সফল। মই ক’লো,— ‘অই চা, বৰুণ দেৱতাক এই দুদিনমান অলপ পূজা-পাতল কৰি ক,— হে প্ৰভু, এই বৰষুণজাক যেন আৰু এপষেকমান পাতলকৈ হ’লেও ননষ্টপ চলাই দিয়া; বৰষুণ নিদিলেও অন্ততঃ সূৰ্য দেৱতাক কেইদিনমানৰ বাবে হ’লেও কম্বলৰ তলতে ঢাকি ৰাখা প্ৰভু। দেখিবি, তই মাইনা-পেণ্ট বিক্রী কৰি তৎ নোপোৱা হবি।’

মাইনা-পেণ্টক শুদ্ধ অসমীয়া ভাষাত অন্তৰ্বাস বুলি লিখে; পিছে কয় কিমানে, সেয়া সন্দেহ আছে। কিমানৰ মুখত ভালকৈ ফুটে, সেয়াও জনা আছে। গতিকে অন্তৰ্বাসৰ সলনি ‘মাইনা-পেণ্ট’ শব্দটোৰ লাহে লাহে জনপ্রিয়তা বাঢ়িছে। ই এনে এবিধ বস্ত্র, যি আকাৰত মাইনা, মানে সৰু, কিন্তু শুদ্ধ অৰ্থত ইহে প্ৰকৃত লজ্জা নিবাৰণকাৰী বস্ত্ৰ। বাৰিষাৰ পষেকজোৰা নেৰানেপেৰা বৰষুণৰ দিনত এইবিধ বস্ত্ৰক এখন এখনকৈ শুকাবলৈ লোৱা ৰছীডালত ওলমাই দিওঁহে দিওঁ, সেইবোৰ কিন্তু কোনোপধ্যে নুশুকায় হে নুশুকায়! তেনেকুৱাত এনে লাগে যেন আৰু দুটামান মাইনা-পেণ্ট কিনি থোৱা হ’লেই ভাল আছিল। তিনি-চাৰিটাৰে বছৰৰ আন সময়ত চলিলেও কিন্তু এই কেইটা দিনত সেয়া কম পৰেগৈ। ভালকৈ নুশুকালে পিন্ধিবও নোৱাৰি, গতিকে বৰষুণৰ দিনত বস্ত্ৰবিধ শুকানে পিন্ধিবলৈ হ’লে কমেও সাত-আঠটামান লাগেই।

মোৰ দোকানী বন্ধুজনে কোৱা মতে, এই বৰষুণৰ দিনত অহা প্ৰতিজন গ্ৰাহকেই অত্যন্ত নাটনিৰ চেপাত দোকান পায়হি। দুই-এজনে আধা শুকোৱা বোৰকে ইস্ত্ৰি মাৰি চলায় যদিও ৰ’দে শুকুওৱাৰ দৰে নহয়গৈ, অলপ হ’লেও সেমেকা ভাব এটা থাকেই। গতিকে ইস্ত্ৰিৰে শুকুৱা মাইনা-পেণ্টবোৰ পিন্ধিলে গাত খজুৱতিৰ মেলা বহে। ফলত মানুহ নোহোৱাৰ সুযোগ বুজি দেহৰ নিষিদ্ধ অঞ্চল খজুৱাব লগা হয় বা কেৱল খজুৱাবলৈকে টয়লেটত সোমাব লগাত পৰেগৈ। মানে এক কথাত, অশান্তি! গতিকে নতুন মাইনা-পেণ্ট কিনাৰ বাহিৰে গত্যন্তৰ নাথাকেগৈ; আফতাৰ অল— য়ে আৰাম কা মামলা হ্যে! অৱশ্যে সেই বস্ত্ৰভাগ নিপিন্ধাকৈ এক সপ্তাহমান অতি ৰিস্কেৰে চলাই দিয়া মহাকৃপণো এই মুলুকত নথকা নহয়।

মাইনা-পেণ্ট

মোৰ দোকানী বন্ধুজনৰ মতে, দোকানত সোমায়ে বেছিভাগ গ্ৰাহকে হেনো নিজৰ নাটনিটোক সংখ্যাৰে ঢাকিবলৈ চেষ্টা কৰে। সি ক’লে,— ‘কালি এজন ইণ্টাৰেষ্টিং গ্ৰাহকে আহি ক’লে— হেৰি নহয়, থাকোঁতে মাইনা-পেণ্ট মোৰ এক গণ্ডা মানেই আছিল, কিন্তু বৰষুণৰ কোবত গোটেইগাল লাইটৰ তাঁৰত বাদুলি ওলমা দি ৰছীত ওলমি বতাহত উমলি আছে। গোটেইটো পৰিয়ালৰে সৰু-ডাঙৰ, একৰঙী-বহুৰঙী, কটা-দীঘল, লিহিৰি ইলাষ্টিকৰ, চেপেটা পেটিৰ নিচিনা ইলাষ্টিকৰ, মানে নক’ব আৰু… ভেৰাইটিজ বাদুলি। এতিয়া মোক বাদুলি দুটাকে দিয়কচোন— এটা নীলা, এটা বগা, ৯০ ছে.মি. জোখৰ।’

‘তাৰ পাছত?’— মই সুধিলো।
‘তাৰ পাছত তেওঁ নিজৰ লগতে পৰিয়ালৰ প্ৰতিজনৰ বাবে দুটাকৈ মুঠ এডজন মাইনা-পেণ্ট লৈ গুচি গ’ল। মই যিমান পাৰোঁ কম দামতে দিলো।’
‘অই চা, তই এটা কাম কৰ; ফেমিলি-পেকৰ স্কীম এটা আৰম্ভ কৰি দে। আঠটা-দহটা-বাৰটাৰ পেকেট বনাই দে। লগতে আৰু এটা মডিফিকেশন কৰিব পাৰ পিছে।’
‘কিনো?’
‘মাইনা-পেণ্টৰ ৰেইন-ফ্ৰেণ্ডলি ডিজাইন এটাও কৰি দে আকৌ।’
‘কেনেকৈ?’
‘কিছুমান গেঞ্জিৰ দৰে মাইনা-পেণ্টৰো ফুটা থকা ডিজাইন এটা কৰি চাচোন। ফুটা থকা মাইনা-পেণ্টবোৰ ধুই মেলি দিলে সোনকালে শুকাব আকৌ।’
‘এইবোৰত মোক নুসুমোৱাবি; মাইনা-পেণ্টৰ বিজনেছ কৰি আদানি-আম্বানি হোৱাৰ মোৰ মন নাই। তোৰ লগৰ কোনোবা কাপোৰ ডিজাইন কৰা বিজ্ঞানীকে আইডিয়াটো দে। কিবা পেটেণ্ট নে চেটেণ্ট কি কৰে সেইটো জানো, তাকো কৰিবলৈ দিবি। আৰু এটা কাম কৰিবলৈ কবি।’
‘কি?’
‘ফুটা থকা মাইনা-পেণ্টত খজুৱতি কিমান কম হয় সেইটোও চাবলৈ দিবি।’
‘হ’ব দে বাৰু। এতিয়া বৰষুণজাক আহিবলৈ লৈছে। মই ঘৰলৈ যাওঁগৈ, তই মাইনা-পেণ্ট বিক্রী কৰি থাক।’

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
মাইনা-পেণ্ট: য়ে আৰাম কা মামলা হ্যে | ড° অৰূপ কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...