ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সুতিৰী ফেদেলী

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সুতিৰী ফেদেলী
  • 21 Aug, 2022

চৈ ধ্য বছৰ বনবাস কালত শ্ৰীৰামচন্দ্ৰই এদিন ভাতৃ লক্ষ্মণক প্রশ্ন কৰিছিল— ‘ভাই লক্ষ্মণ, মোক কোৱাচোন— সুফল কি?’ লক্ষ্মণে টপৰাই উত্তৰ দিছিল— ‘আম।’
—‘সুজল?’
—‘গংগাজল।’
—‘সুপুৰুষ কোন?’
—‘তুমি।’
—‘আৰু সুতিৰী?’
—‘সীতা দেৱী।’

ৰামচন্দ্ৰই মৃদু হাঁহি এটা মাৰি কৈছিল— ‘তোমাৰ এটা উত্তৰো শুদ্ধ নহ’ল ভাতৃ। সুফল কদলী, সুজল বৰষুণ, সুপুৰুষ কৃষক আৰু সুতিৰী ফেদেলী।’

ৰামচন্দ্ৰই নিজৰ কথাৰ সপক্ষে যুক্তি আগবঢ়াইছিল এনেদৰে— বাকী আটাইবোৰ ফলতকৈ কদলী বা কলত স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় গুণবোৰ অধিক থাকে কাৰণে ই সুফল, বৰষুণৰ পানীত একো বীজাণু নাথাকে কাৰণে ই সুজল, কৃষকে শস্য উৎপাদনৰ দ্বাৰা মানুহৰ জীৱন ৰক্ষা কৰে কাৰণে এওঁলোক সুপুৰুষ আৰু ফেদেলী তিৰোতাৰ প্ৰতি পৰপুৰুষ আকৰ্ষিত নহয় কাৰণে এওঁলোক সুতিৰী।

ৰামচন্দ্ৰৰ যুগটো আছিল সত্য যুগ। আৰু এতিয়া হ’ল কলিযুগ। দুয়োটা যুগৰ মাজত কিমান শ শ বছৰ পাৰ হৈ গ’ল, তাৰ সঠিক হিচাপ দিব পৰা নাযায়। সেই যুগত ৰামচন্দ্ৰৰ কথাখিনি হয়তো শুদ্ধই আছিল। কিন্তু বর্তমান যুগত তেওঁৰ কথাখিনি শুদ্ধ বুলি ক’ব নোৱাৰি।

কলে বঢ়ায় মল, মাহেকে-পষেকে কল ৰুবা, লংকাৰ বণিজ ঘৰতে পাবা।— কলৰ সপক্ষে এনেকুৱা অনেক কথা কোৱা হয় যদিও আজিকালি কল খাবলৈ মানুহে ভয় কৰে। অধিক মুনাফাৰ আশাত বেপাৰীবোৰে যি ৰাসায়নিক দ্রব্যৰ সহায়ত এৰাতিৰ ভিতৰতে কলবোৰ পকায়, সেই দ্ৰব্যই মানুহৰ দেহত মাৰাত্মক ব্যাধিৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা কল ভক্ষণ কৰি মানুহৰ বিষক্রিয়া হোৱাৰ বাতৰি মাজে-সময়ে বাতৰি কাকত আৰু টিভিত ওলায়ে থাকে। কিন্তু এনেয়ে কল খেতিৰ ব্যৱসায় অতি লাভজনক। মাত্র আধা কঠা মাটিত বিজ্ঞানসন্মতভাৱে কল খেতি কৰি এজন ছাত্ৰই স্নাতক পর্যায়লৈকে নিজৰ পঢ়াৰ খৰচ নিজেই উলিয়াই ল’ব পাৰে। বোকাখাট চহৰততো আমি প্ৰসাদ খাই দলিয়াই পেলোৱা কলপাতখিলাৰ কদৰ বহুত বেছি। এই সাধাৰণ কলপাতখিলায়ো তাৰ হোটেলবোৰত ৰমৰমীয়া ব্যৱসায় চলাই আছে।

বৰষুণৰ পানী আমি প্ৰত্যক্ষভাৱে ব্যৱহাৰ নকৰিলেও পৰোক্ষভাৱে কৰোঁ। আমাৰ ইয়াত খেতিৰ কাৰণে কৃষকসকল সাধাৰণতে বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰশীল। ভূগৰ্ভলৈ যোৱা বৰষুণৰ পানীকে আমি কল, কুঁৱা, মটৰ আদিৰ জৰিয়তে উঠাই পান কৰোঁ। কিন্তু ৰামচন্দ্ৰই যিটো অৰ্থত বৰষুণৰ পানীক সুজল বুলি কৈছিল, বৰ্তমান সেই অৰ্থত ইয়াক সুজল বুলিব নোৱাৰি। সেই সময়ত কল-কাৰখানা, আকাশীযান আদি নাছিল। লংকাৰ অধিপতি ৰাৱণৰ এখন আকাশীযান আছিল যদিও সেইখনৰ পৰা ধোঁৱা নিৰ্গত হোৱা নাছিল নিশ্চয়। গতিকে বায়ুমণ্ডল পৰিষ্কাৰ হৈ আছিল, প্ৰদূষিত হোৱা নাছিল। প্ৰদূষণমুক্ত বায়ুমণ্ডলৰ মাজেদি সৰকি অহা বৰষুণৰ পানী সম্পূর্ণ শুদ্ধ আছিল। কিন্তু বর্তমান বিভিন্ন কল-কাৰখানা, গাড়ী-মটৰৰ ধোঁৱাই আমাৰ বায়ুমণ্ডল অনবৰতে দূষিত কৰি ৰাখে আৰু সেই দূষিত বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহোঁতে বৰষুণৰ পানীয়ে নিজৰ দেহত নানা বীজাণু কঢ়িয়াই আনে। অৱশ্যে সেই যুগত মানুহে বৰষুণৰ পানী খাইছিল বুলি জনা নাযায়; নৈৰ পানী খাইছিল বুলিহে জনা যায়। নৈয়েদি বৈ অহা বৰষুণৰ পানী কিমান শুদ্ধ আছিল, সেই কথাও জনা নাযায়।

কৃষকে উৎপাদন কৰা নানা ধৰণৰ শস্য খায়েই আমি জীৱন ৰক্ষা কৰি আছোঁ যদিও বর্তমান যুগত কৃষকসকলক সুপুৰুষ বুলি ক’ব নোৱাৰি। অধিক মুনাফাৰ আশাত কৃষকসকলে আজিকালি অতিপাত, অধিক উৎপাদনশীল ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্যশস্য, শাক-পাচলিবোৰে আমাৰ তাৎক্ষণিকভাৱে অপকাৰ নকৰিলেও কালান্তৰত এইবোৰে যে আমাৰ দেহত দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব, সেই কথা খাটাং। আমি এনেকুৱা কিছুসংখ্যক কৃষকৰ কথা জানো, যিসকলে ব্যৱসায়ৰ কাৰণে উৎপাদন কৰা খাদ্যশস্য আৰু শাক-পাচলি নিজে নাখায়। নিজে খাবৰ কাৰণে এওঁলোকে গোবৰ বা পচন সাৰ দিহে এইবোৰ উৎপাদন কৰি লয়। বৰ্তমান এনেকুৱা কিছুমান ‘সাৰ’ ওলাইছে, যিবোৰে এৰাতিৰ ভিতৰতে কবি, জিকা, ভোল, বিলাহী, পটল আদি পাচলিবোৰ পাছদিনা বজাৰত বিক্ৰী কৰিব পৰাকৈ ডাঙৰ কৰি দিব পাৰে। সেয়ে কৃষকসকল আৰু আজিকালি ত্রাণকর্তা হৈ থকা নাই, নীৰৱ ঘাতকহে হৈ পৰিছে।

এতিয়া আহোঁ সুতিৰীৰ কথালৈ। ৰামচন্দ্ৰই এই প্ৰসংগত কোৱা কথাষাৰ পিছে এতিয়াও প্রাসংগিক হৈয়ে আছে। ইয়াৰ অন্যতম কাৰণটো হ’ল— ফেদেলী তিৰোতাৰ পৰা এজন পুৰুষ বা এখন সমাজ বিপদত পৰাৰ আশংকা নিচেই কম। কিন্তু এগৰাকী সুন্দৰী তিৰোতাই এজন পুৰুষ বা এখন সমাজৰ অতি শীঘ্ৰেই বাৰ বজাই দিব পাৰে।

আপুনি কল্পনা কৰকচোন—আপোনাৰ পৰমা সুন্দৰী স্ত্ৰীৰ প্ৰতি আন এজন পুৰুষ আকৰ্ষিত হ’ল। সেইজন পুৰুষ ৰূপে-গুণে আপোনাৰ সমতুল্য। কালক্ৰমত আপোনাৰ পত্নীৰো সেই পুৰুষজনৰ প্ৰতি হৃদয় গলিল আৰু এদিন আপোনাক ত্যাগ কৰি তেওঁ সেই পুৰুষজনৰ লগত এখন নতুন সংসাৰৰ পাতনি মেলিলেগৈ। ইয়াৰ পাছত আপোনাৰ নাকটো ক’ত থাকিল? আনহাতে আপোনাৰ পত্নীক হৰণ কৰা সেই পুৰুষজনৰো যদি এখন সংসাৰ আছে, তেনেহ’লে সেইখন সংসাৰো জ্বলি ছাই!

আমি পুৰুষবোৰে ধুনীয়াৰো ধুনীয়া নাৰী এগৰাকীকে পত্নী হিচাপে কামনা কৰোঁ যদিও এওঁলোক কিন্তু আমাৰ কাৰণে এটা মস্ত মূৰ কামোৰণিও! সেয়ে পৰাপক্ষত আমি সুন্দৰী তিৰোতাৰ পৰা সাত হাত নোৱাৰিলেও কমেও পাঁচ হাত দূৰত থকাই শ্রেয়। স্বয়ং ৰামচন্দ্ৰৰ সংসাৰতেতো সীতা দেৱীৰ ৰূপে জুই লগাইছিল! সীতা দেৱী যদি পৰমা সুন্দৰী নাৰী নহ’লহেঁতেন, ৰাৱণে তেওঁক হৰণ কৰিলেহেঁতেন নে? সহোদৰা শূৰ্পণখাক কৰা অপমানৰ পোটক তুলিবলৈ তেওঁ নিশ্চয় পোনপটীয়াকৈ ৰাম-লক্ষ্মণৰ লগত যুদ্ধহে কৰিলেহেঁতেন। সীতা দেৱীৰ মানসিক দৃঢ়তা প্ৰবল আছিল গুণে ৰাৱণৰ একো প্রলোভনেই তেওঁক টলাব পৰা নাছিল। কিন্তু এনেকুৱা মানসিক দৃঢ়তা কিমানৰ থাকে? তাতে ৰাৱণৰ দৰে এজন সুন্দৰ, জ্ঞানী, বলশালী পুৰুষৰ প্রতি যিকোনো তিৰোতায়েই অতি সোনকালেই আকৰ্ষিত হ’ব পাৰে। পৰিতাপৰ কথা— সীতা দেৱীৰ দৰে এগৰাকী অতুলনীয়, মহীয়সী, স্বামীভক্তা নাৰীয়েও পাছত আকৌ জুইত জাঁপ দি সতীত্বৰ পৰীক্ষা দিব লগা হৈছিল। নাৰীৰ এই দুৰৱস্থাৰ বৰ্তমান যুগতো বিশেষ উন্নতি হৈছে বুলি ক’ব নোৱাৰি।

সংসাৰ আৰু দেশত জুই লগোৱা আন এগৰাকী সুন্দৰী নাৰী হ’ল ক্লিঅ’পেট্রা। বিশ্বৰ ইতিহাসত এনেকুৱা উদাহৰণ অলেখ আছে। সেয়ে আমি আজিও ৰামচন্দ্ৰৰ দৰে ক’ব পাৰোঁ—সুতিৰী ফেদেলী!

😀 | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সুতিৰী ফেদেলী | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook