নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ফুলেশ্বৰীৰ নতুন ফ্ৰীজ

ফুলেশ্বৰীৰ নতুন ফ্ৰীজ

লো কেল ডাঙৰ মাছৰ মূৰিঘণ্ট মোৰ দৰে জন্মসূত্ৰে গাঁৱলীয়া মানুহৰ বাবে অতিকৈ প্ৰিয় খাদ্য; ইফালে আকৌ নগৰীয়া অৰিজিনৰ মোৰ ফুলেশ্বৰীজনীয়ে (মানে আমাৰ ল’ৰাৰ মাকে) মূৰিঘণ্টক খাদ্য বুলিয়ে নেভাবে। মাকৰ প্ৰবচনত আমাৰ ল’ৰা-ছোৱালীহালেও মাকৰ পাৰ্টিত যোগ দিছে; সেয়ে মই বিসম্বাদ কৰি ঘৰতে এঘৰীয়া হোৱাৰ ভয়তে নেগুৰ পেলাই আছোঁ আৰু। নিজে মুখ খুলি নক’লেও জানিব যে এই কলিযুগত বহু পতিদেৱতাৰ অৱস্থা মোৰ দৰেই নাজল-নাথল। মোৰ চাপোৰ্টত কোনো নাই। নিজ ঘৰতে আজি মই সংখ্যালঘু; হ’লে কি হ’ব, চৰকাৰে মোৰ দৰে এই সংখ্যালঘু পতিগণৰ কথা ভাবিছে জানো? গতিকে বজাৰৰ পৰা অনা মাছৰ মূৰত হালধি সানি ফ্ৰীজত থোৱাৰে পৰা ইয়াক ৰান্ধি গ্ৰাস কৰালৈকে এই সমস্ত দায়িত্ব মোৰ; একান্ত নিজৰ।

কেইদিনমানৰ পৰা ৰৌমাছৰ মূৰিঘণ্ট খাবলৈ বৰ মন এটা গৈ আছে যদিও ফ্ৰীজটোৰ ওচৰ চাপিবলৈহে সাহসকণ গোটাব পৰা নাই। এক যেন গভীৰ আশংকাই মোক গিলি পেলাইছে। যিমানে টিভিত সেই বিশেষ বাতৰিটো দেখিছোঁ, সিমানেই ফ্ৰীজাতংক বেমাৰে যেন মোক ঘেৰি ধৰিছে। কলিতা, দে, মেঘালয়, ডাউকী, পৰকীয়া প্ৰেম, জিম-ইন্সট্ৰাকটৰ, পাচলি বেপাৰী আদি শব্দৰ সমাহাৰত সাংবাদিকৰ টেঁটুফলা চিঞৰত উপৰ্যুপৰি প্ৰচাৰ হোৱা বাতৰিটোৱে মোক যেন সপোনতো লগ দিয়েহি। সূৰ্যৰ চাৰিওফালে গ্ৰহ-উপগ্ৰহই প্ৰদক্ষিণ কৰাৰ দৰে এগাল ফ্ৰীজে যেন মোৰ চৌদিশে ঘূৰি থাকে! সপোনতো যেন ফুলেশ্বৰীয়ে কৈছে,— হেৰা, আমাৰ ফ্ৰীজটো পুৰণি হ’ল, সলাই ডাঙৰ এটা ল’ব লাগে…। সপোনত মই উচপিচাওঁ, কিন্তু সংখ্যালঘু কাৰণে সপোনতো মুখ বন্ধ কৰি থাকোঁ। উপায় নাই, কাৰণ মুখখন খুলিলেই মোৰ বাবে ঘৰত চাউল সিজাটো বন্ধ হ’ব; লঘোনে মৰাৰ ভয়তহে মই সহ্য কৰি থাকোঁ।

পিছে মোৰ সপোন বৰ শীঘ্ৰে ফলিয়ালে। খেচখেচনিৰ কোবত ফুলেশ্বৰীৰ সৈতে বজাৰলৈ গৈ এল জি ( LG) কোম্পানীৰ মস্ত ডাঙৰ ফ্ৰীজ এটা আনিবলৈ বাধ্য হ’লো। ডাইনিং ৰুমটোৰ চুকত থিয়কৈ ৰখাৰ পাছত এনে লাগিল যেন LG নামৰ Local Gunda এটাহে ঘৰ সুমুৱালোহি! তিনিআলিত সোমৰসৰ দোকানখন হোৱাৰে পৰা চুবুৰিত চোৰৰ উৎপাত বাঢ়িছে। সেয়ে চোৰৰ ভয়ত আজিকালি ৰাতি শোৱাৰ সময়ত ফুলেশ্বৰীয়ে মেচিদা এখনো বিচনাৰ তলত ৰখা কৰিছে। পিছে পতিদেৱতাৰ আতংকৰ অন্ত আছে জানো? শোৱাৰ সময়ত ভয়ে ভয়ে ফুলেশ্বৰীলৈ চাওঁ, মনতে আন দেৱ-দেৱীৰ লগতে তেওঁকো প্ৰাৰ্থনা কৰো,— হে দেৱী, এই নিঃকিনৰ জীৱন তোমাৰ হাতত। এই মেচিদা আৰু ফ্ৰীজৰ লগ হৈ তুমি যেন মোৰ একো এটা অঘটন নঘটোৱা! অসম পুলিচে যেন মোৰ চকু, কাণ, হাত, ভৰি বেলেগে বেলেগে বিচাৰি শ্বিলঙলৈ যাবলগীয়া নহয়…!

নতুন ফ্ৰীজটোৰ ওচৰত ফুলেশ্বৰীয়ে ফটো উঠি ফেচবুকত পোষ্ট দিলে— ‘A snap with the new member of our family…’। ফ্ৰীজৰ দুৱাৰখন দুই-তিনিবাৰ খোলা-বন্ধ কৰি মোলৈ চাই ক’লে,— ‘ভিতৰত কিছু জেগা আছে দেই! মাছৰ কিয়, দুই-তিনিটামান ছাগলীৰো মূৰ ইয়াত ৰাখিব পৰা যাব।’ বুকুখন চিৰিংকৈ মাৰিলে। ফ্ৰীজ আৰু ফুলেশ্বৰীৰ ওচৰৰ পৰা ভয়তে আঁতৰি আহিলো।

ফুলেশ্বৰীৰ নতুন ফ্ৰীজ

দেওবাৰৰ আবেলি। ল’ৰা-ছোৱালীহাল আৰ্ট স্কুললৈ গৈছে। মই কিবা এটা বিচাৰি আছোঁ। ফুলেশ্বৰীয়ে মাংস-ভাত খাই বিচনাত দীঘল দিছে। মই বজাৰৰ পৰা বস্তু অনা প্লাষ্টিকৰ কেৰীবেগবোৰ থোৱা মোনাখনত বস্তুটো বিচাৰি আছোঁ। না…ই, নাই পোৱা! ক’ত জানো ৰাখিলে এইজনীয়ে! আকৌ এবাৰ ট্ৰাই মাৰিলো; নাই নেপালো। পলিথিনৰ খচমচনি শব্দত দেৱীয়ে সাৰ পাই মোক ওচৰলৈ মাতিলে।

‘কি বিচাৰি আছা বাৰু?’— ফুলেশ্বৰীয়ে মৰমেৰে সুধিলে। টিভিৰ এই মানুহ মৰা নিউজবোৰ, ক্ৰাইম পেট্রোল, ঘৰভঙা চিৰিয়েলসোপা চাই চাই নিজৰ মানুহজনীৰ মাতষাৰ বেছি মৰম লগা হ’লেও কিবা এটা সন্দেহে খাই মাৰে ।
‘নতুন ফ্ৰীজটো অহা কাৰ্ডবোৰ্ডৰ বাকছটোৰ ভিতৰত যে ফ্ৰীজটোৰ এটা ডাঙৰ পলিথিনৰ কভাৰ বেগ আছিল, সেইটো বিচাৰি আছোঁ।’ মই ক’লো।
‘সেইটো মই কালিয়ে জ্বলাই দিলো।’— তেওঁ ক’লে। সন্দেহ সম্পূৰ্ণ আঁতৰি যোৱা নাই যদিও কথাষাৰে মোক অলপ সান্ত্বনা দিলে।

ফুলেশ্বৰীয়ে ক’লে,— ‘বুইছা, আমাৰ পৰিয়ালটো এতিয়া ডাঙৰ হ’ল। বিয়াৰ প্ৰথম মাহতে কিনা সেই সৰু ফ্ৰীজটো এতিয়া আৰু বেছি সৰু হৈ পৰিল। এতিয়া তোমাৰ চাকৰিৰ দৰমহাও আগতকৈ বেছি হ’ল; গতিকে দৰকাৰী বস্তু এটা কিনি পেলালো। চোৱা, মোৰ নিচিনা গৃহিনীৰ বাবে ভাল ফ্ৰীজ এটাও সুখৰ কাৰণ। চাকৰি নেপালো যেতিয়া নিজে ড্ৰাইভ কৰি ডাঙৰ গাড়ী চলাই নিয়াৰ মনটো আমাৰ নাই দিয়াচোন। চিন্তা কৰিব নেলাগে দিয়া, তোমাক মাৰি কাটি টুকুৰা-টুকুৰ কৰি ৰাখিবলৈ ডাঙৰ ফ্ৰীজটো কিনা নাই…।’

এক মৌন লহৰে দুয়োজনকে যেন চুই গ’ল। ল’ৰা-ছোৱালীহালৰ অনুপস্থিতিত এক ৰোমাণ্টিক পৰিৱেশে যেন আমাৰ ৰূমটো আৱৰি ধৰিলে। ক’ৰ পৰা জানো যোৱা দুসপ্তাহে কথা ক’লেই কাহে লেবেজান কৰা ডিঙিটোত প্ৰাণ পালে এক মধুৰ গুঞ্জনে— ফুল ফুলক ৰ’দৰে ফুল, হৃদয় সেউজী ধৰাত…!

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
ফুলেশ্বৰীৰ নতুন ফ্ৰীজ | ড° অৰূপ কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...