মূল (ওড়িয়া): পৰেশ কুমাৰ পাটনায়ক
অনুবাদ: নৱকুমাৰ মিশ্ৰ
ম হাত্মা গান্ধীক স্বচক্ষুৰে দৰ্শন কৰাৰ সৌভাগ্য হোৱা তেৱেঁই সেই অঞ্চলৰ একমাত্ৰ লোক। ঊনৈশ শ আঠত্ৰিশ খ্ৰীষ্টাব্দত যেতিয়া মহাত্মা গান্ধী ষষ্ঠবাৰৰ বাবে ওড়িশালৈ আহি বেৰবোইত অৱস্থান গ্ৰহণ কৰিছিল, সেই সময়ত তেওঁ দুই পইচাৰ টিকট কাটি বেৰবোইত অনুষ্ঠিত গান্ধী প্ৰদৰ্শনী দৰ্শন কৰিছিল। গান্ধীক হেঁপাহ পলুৱাই ওচৰৰ পৰা চাইছিল। সেইদিনাৰ পৰা তেওঁ হৈ পৰিল গান্ধীবাদী। তেতিয়াৰ পৰাই তেওঁ খদ্দৰ পিন্ধা, যঁতৰত সূতা কটা প্ৰভৃতি কাৰ্য আৰম্ভ কৰিলে। ৰাস্তাৰে খোজ কঢ়াৰ সময়ত তেওঁৰ পিছফালে থকা মানুহবোৰে যেতিয়া কোৱাকুই কৰিছিল— এইজনেই সেই ভাগ্যবান কুলমণি বিশ্বাল, যিয়ে স্ব-চক্ষুৰে মহাত্মা গান্ধীক দেখিছিল,— তেওঁ বৰ গৰ্ব অনুভৱ কৰিছিল।
ইতিমধ্যে দেশলৈ স্বাধীনতা আহিছিল আৰু স্বাধীন ভাৰতত তেওঁ গান্ধীবাদী পৰিচয়েৰে কালাতিপাত কৰিছিল। স্বাধীনতা বা গণতন্ত্ৰ দিৱস উপলক্ষে গাঁৱৰ উচ্চ প্ৰাথমিক বিদ্যালয়খনত মুখ্য অতিথিৰূপে দুআষাৰ ক’বলৈ নিমন্ত্ৰিত হোৱাৰ পৰত তেওঁ বৰ ভাৱপ্ৰৱণ হৈ পৰিছিল। তেওঁ স্বাধীনতা আন্দোলনৰ বিষয়ে কৈ কৈ কান্দি পেলাইছিল। প্ৰথম গান্ধী দৰ্শনৰ অনুভৱ বৰ্ণনা কৰি তেওঁ শিহৰিত হৈ পৰিছিল।
কুলমণি বিশ্বালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক গান্ধীৰ বিষয়ে যিবোৰ কথা শুনাইছিল, সেই তথ্যবোৰ তেওঁৰ সম্পূৰ্ণ নিজৰ সংগ্ৰহ আছিল। সেই তথ্যবোৰ সম্পৰ্কত কোনো ঐতিহাসিক দস্তাবেজ পাবলৈ নাই। তেওঁৰ ভাষণত তিনিটা কথা নিশ্চয়কৈ থাকিছিল, সেয়া হ’ল— প্ৰথম, গান্ধীৰ লাখুটিডাল সম্পৰ্কে, দ্বিতীয়, পঁইতা ভাত প্ৰসংগ আৰু তৃতীয়টো হ’ল গান্ধীজীৰ হৰিজন চিন্তা।
গান্ধীজীয়ে লৈ ফুৰা লাখুটিডাল ওড়িশাৰ বুলি তেওঁ গৰ্বেৰে কৈছিল। গান্ধীজীক সেই লাখুটিডাল আচাৰ্য হৰিহৰে বেৰবোইত দিছিল। গান্ধীজীয়ে লাভ কৰা আটাইবোৰ উপহাৰ নিলাম কৰিছিল যদিও সেই লাখুটিডাল কিন্তু লগতে ৰাখিছিল। বেৰবোইত গান্ধীজীক ৰাখিবৰ বাবে যিটো কুটীৰ নিৰ্মাণ কৰা হৈছিল, তাৰ আশেপাশে সাপ থকা বুলি গান্ধীজীক কোৱাৰ লগতে লাখুটিডাল লগতে ৰাখিবলৈ তেওঁক পৰামৰ্শ দিয়া হৈছিল। গান্ধীয়ে কিন্তু কথাটো হাঁহি উৰুৱাই দিছিল। তেওঁ কৈছিল— মই অহিংসাত বিশ্বাসী। মই কেতিয়াও সাপ মৰা নাই। সাপে কেতিয়াও আমাৰ আশ্ৰমত প্ৰৱেশো কৰা নাই। কিমানদিন বনে-জংগলে দিন নিয়াইছোঁ, সাপে কিন্তু কেতিয়াও আমাৰ কাষ চপা নাই। কিন্তু মই এই লাখুটিডাল ৰাখিম। ওড়িশাৰ এই লাখুটিডাল তেওঁ এবাৰ হেৰুৱাইছিলেই, খবৰ পাই আচাৰ্য হৰিহৰে আহি তেওঁক পুনৰ এডাল লাখুটি যোগান ধৰিলে। ওড়িশাৰ এই লাখুটিডাল চিৰদিন তেওঁৰ হাতত শোভা বৰ্ধন কৰি ৰ’ল।
দ্বিতীয় চাঞ্চল্যকৰ তথ্যটি আছিল পঁইতা ভাত সম্পৰ্কীয়। সেৱাগ্ৰামত এবাৰ বহু পৰিমাণৰ ভাত ৰাহি হ’ল। খাদ্যখিনি নষ্ট হ’ব বুলি আশংকা কৰি গান্ধীজী ব্যথিত হ’ল। তেতিয়া তেওঁক কোৱা হ’ল— নাই, কেনেকৈ নষ্ট হ’ব? আমি ইয়াক পঁইতা বনাম। গান্ধীয়ে সুধিলে— এই পঁইতা কি বস্তু? তেওঁ দেখিলে— ভাতত পানী ঢালি পঁইতা বনোৱা হ’ল আৰু পৰৱৰ্তী সময়ত তাৰ সুব্যৱহাৰ কৰা হ’ল। গান্ধীজী সুখী হ’ল। তেওঁ ওৰিয়াৰ এই পদ্ধতিৰ প্ৰশংসা কৰিলে আৰু কস্তুৰবাক ক’লে— তুমি এই পদ্ধতি ভালদৰে শিকি লোৱা, যাতে ইয়াক আমি আশ্ৰমতো ব্যৱহাৰ কৰিব পাৰোঁ।
গান্ধীজী সম্পৰ্কত গান্ধীবাদী কুলমণি বিশ্বালৰ তৃতীয়টো তথ্য আছিল এনেধৰণৰ— গান্ধীজীয়ে হৰিজন শব্দটো আৰু হৰিজন চিন্তা আহৰণ কৰিছিল ওড়িশাৰ পৰা। পুৰীৰ জগন্নাথ মন্দিৰত তথাকথিত নিম্ন জাতিৰ লোকৰ প্ৰৱেশ নিষিদ্ধ আছিল। প্ৰথমবাৰ পুৰী আগমনৰ সময়ত তেখেতে শ্ৰীমন্দিৰৰ সিংহদ্বাৰৰ সন্মুখত থিয় হৈ এই কথা লক্ষ্য কৰিছিল আৰু মনত বৰ দুখ পাইছিল। ওড়িশাৰ গাঁৱে-ভূঞে ভ্ৰমি ফুৰা কালছোৱাতো তেওঁ সমাজৰ এই নিম্ন শ্ৰেণীৰ লোকসকলৰ দুখ-দুৰ্দশা, অস্পৃশ্যতাজনিত ভেদভাৱ দেখি ভাগি পৰিছিল। ফলস্বৰূপে তেওঁ এই মানুহখিনিক সন্মানজনকভাৱে নিৰ্দেশ কৰিবলৈ হৰিজন শব্দটোৰ সৃষ্টি কৰিলে আৰু হৰিজন পদযাত্ৰা আৰম্ভ কৰিলে। তেওঁ পুৰীলৈ আহিলেই সিংহদ্বাৰ বন্ধ হৈ পৰিছিল। পুৰী নগৰখনত ক’লা পতাকা প্ৰদৰ্শন কৰা হৈছিল। তেওঁ কেতিয়াও জগন্নাথ দৰ্শন কৰিব পৰা নাছিল।
তেওঁ কৈছিল— পুৰী মন্দিৰত যেতিয়া হৰিজনে প্ৰৱেশ কৰিব, তেতিয়াহে মই জগন্নাথ দৰ্শন কৰিম। অৱশ্যে তেওঁৰ জীৱনকালত সেয়া সম্ভৱ হৈ নুঠিল। পুৰীৰ জগন্নাথ মন্দিৰত হৰিজনৰ প্ৰৱেশ স্বীকৃত হয় ১৯৪৮ খ্ৰীষ্টাব্দত, গান্ধীজীৰ মহাপ্ৰয়াণৰ পাছত। গান্ধীবাদী কুলমণি বিশ্বালে যেতিয়া ভাষণত এই কথাবোৰ কৈছিল, তেওঁ আশা কৰিছিল ল’ৰা-ছোৱালীবোৰে নিশ্চয় কৰতালি বজাব, কিন্তু সিহঁত তেতিয়া এই চিন্তাত নিমজ্জিত আছিল— কেতিয়ালৈনো সভা শেষ হ’ব, তাৰ পাছত আমি কি খাবলৈ পাম— বিস্কুট নে বুন্দিয়া-ভূজিয়া? বিদ্যালয়ৰ প্ৰধান শিক্ষক লম্বোদৰ নন্দই হাত তালি মাৰি কুলমণি বিশ্বালক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছিল; যদিও তেওঁ জানে যে বিশ্বালে সেই একেখিনি কথাকেই প্ৰতিবছৰে কৈ আহিছে।
প্ৰধান শিক্ষক লম্বোদৰ নন্দৰো গান্ধীবাদৰ প্ৰতি কিছু পৰিমাণে দুৰ্বলতা আছিল। সেয়ে তেওঁ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক পৰিশ্ৰম কৰোৱাৰ পক্ষপাতী আছিল। সেইবাবে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ লগতে পাচলিৰ খেতিও কৰিবলগীয়া হৈছিল। কিন্তু ইয়াকে লৈ গাঁওবাসীয়ে বিৰোধিতা কৰি অভিযোগ কৰিছিল যে শিক্ষকে ল’ৰা-ছোৱালীবোৰক খটুৱাই ধন উপাৰ্জন কৰি নিজৰ পেট ভৰাইছে। বিদ্যালয়ত পাচলিৰ খেতি কৰাটো এক জীৱনমুখী গান্ধীবাদী চিন্তাধাৰা। সেয়ে এই কামত কুলমণি বিশ্বালৰ অকুণ্ঠ সমৰ্থন পাব বুলি প্ৰধান শিক্ষকে আশা কৰিছিল।
সেইবাৰ যেতিয়া স্বাধীনতা দিৱস পালনৰ সময় আহিল, প্ৰধান শিক্ষক লম্বোদৰ নন্দই গান্ধীবাদী কুলমণি বিশ্বালৰ ঘৰলৈ গ’ল তেওঁক আমন্ত্ৰণ জনাবৰ বাবে। কিন্তু প্ৰতিবছৰে উৎসাহ দেখুৱাই অহা কুলমণি বিশ্বালে এইবাৰ অনিচ্ছা প্ৰকাশ কৰি ক’লে— মই ভাবিব লাগিব। এতিয়া আৰু ভাষণ দিয়াৰ ইচ্ছা নাই। আনকি ভৱিষ্যতলৈও।
আচৰিত হৈ পৰিল প্ৰধান শিক্ষক লম্বোদৰ নন্দ। তেওঁ ক’লে— আপুনি এয়া কি কথা কৈছে?
নিজৰ ক্ষোভ ব্যক্ত কৰিলে কুলমণি বিশ্বালে। তেওঁ ক’লে— মই লক্ষ্য কৰিছোঁ, আজিকালিৰ ল’ৰা-ছোৱালীবোৰ গান্ধীৰ কথা শুনিবলৈ আগ্ৰহী নহয়। সিহঁতে স্বাধীনতা উপভোগ কৰে, কিন্তু এই স্বাধীনতা কেনেকৈ আহিল, কিমান সংগ্ৰামৰ পাছত এই দিন আহিল, সেইবোৰ জানিবলৈ সিহঁত মুঠেই আগ্ৰহী নহয়।
নিজৰ যুক্তি দাঙি ধৰিলে প্ৰধান শিক্ষকে— সিহঁত কেনেকৈ আগ্ৰহী হ’ব, আমি সেই ইতিহাস সিহঁতক জনাব লাগিব। বুজাব লাগিব যে যি স্বাধীনতা তোমালোকে উপভোগ কৰিছা, সেয়া নিজে নিজে অহা নাই। ইয়াৰ পিছত আছে হাজাৰ হাজাৰ লোকৰ বলিদান, স্বাৰ্থত্যাগ, আন্দোলন আৰু সংঘৰ্ষ। আমি নক’লে সিহঁতে বাৰু কেনেকৈ জানিব?
প্ৰধান শিক্ষকক বিস্মিত কৰি কুলমণি বিশ্বালে এইবাৰ তেওঁৰ কথাখিনি ঘূৰাই আনিলে নিজ ঘৰৰ ফালে। তেওঁ ক’লে— মই স্কুলৰ ল’ৰা-ছোৱালীবোৰতকৈ নিজৰ ঘৰৰ ল’ৰা-ছোৱালীকেইটাৰ কথাহে বেছিকৈ ভাবিছোঁ। প্ৰধান শিক্ষকে সুধিলে— মানে?
—মোৰ ল’ৰা-ছোৱালীকেইটাইও মোৰ কথা নুশুনে। সকলো কথাতে মোৰ বিৰোধিতা কৰে। মইনো কি গান্ধীবাদী, যিয়ে নিজৰ ল’ৰা-ছোৱালীকেইটাকে ভালদৰে গঢ়িব নোৱাৰিলো? আনৰ ল’ৰা-ছোৱালীবোৰক উপদেশ দিবলৈ মোৰ কি নৈতিক অধিকাৰ আছে?
—আপোনাৰ ল’ৰা-ছোৱালীয়ে কি আপোনাক নামানে?
শোকাকুল কণ্ঠেৰে কুলমণি বিশ্বালে ক’লে— সিহঁতৰ কাম-কাজ মোৰ পচন্দ নহয়। ডাঙৰটোৱে নিয়মিত মদ্যপান কৰে, বেশ্যালয়ত গৈ পৰি থাকে। সি তাৰ পত্নীক ঘৰৰ পৰা খেদি পঠিয়াইছে। মাজুটোৱে ডকা-হকা দি মোৰ নামত বজাৰত চান্দা তোলে। ব্লক অফিচত গুণ্ডাগিৰি কৰি ঠিকা-ঠুকলি আদায় কৰে। সৰুটোৱে ভেজাল বস্তুৰ ব্যৱসায় কৰে। নিজৰ ল’ৰা-ছোৱালীৰ এনে নৈতিক অধঃপতন মই বাৰু কেনেকৈ সহ্য কৰোঁ? মোৰ নিজকে ধিক্কাৰ দিবৰ মন গৈছে।
কুলমণি বিশ্বালক প্ৰবোধ দিবলৈ প্ৰধান শিক্ষক লম্বোদৰ নন্দই গান্ধীজীৰ জীৱনৰ পৰা কিছু কথা শুনালে। তেওঁ ক’লে— ইয়াকে লৈ মনস্তাপ নকৰিব বিশ্বাল ডাঙৰীয়া। গান্ধীজীৰ জীৱনলৈও এনে সমস্যা আহিছিল। তেওঁৰ চাৰি পুত্ৰৰ আটাইকেইজন তেওঁৰ অনুগামী নাছিল। ডাঙৰ পুত্ৰ হৰিলালতো সম্পূৰ্ণ বিপৰীত আছিল।
গান্ধীজীৰ জ্যেষ্ঠ পুত্ৰ হৰিলাল সম্পৰ্কে তেওঁ যিখিনি কথা ক’লে, সেইখিনি হয়তো কুলমণি বিশ্বালৰো অজানা আছিল।
প্ৰধান শিক্ষকে ক’লে— হৰিলাল আছিল মহাত্মা গান্ধীৰ বৰপুত্ৰ। তেওঁ নিয়মিত মদ্যপান কৰিছিল। নিয়মিত বেশ্যাগমন কৰিছিল। দুবাৰকৈ ধৰ্ম পৰিৱৰ্তন কৰিছিল। তেওঁ নিজ পত্নীক ত্যাগ কৰিছিল। বিভিন্ন ঠগ-প্ৰৱঞ্চনাত জড়িত আছিল আৰু জেললৈ গৈছিল। তেওঁ সম্পূৰ্ণ উচ্ছৃংখল আছিল আৰু মহাত্মা গান্ধীয়ে বহু চেষ্টা কৰিও হৰিলালক সংশোধন কৰিব পৰা নাছিল।
দীৰ্ঘশ্বাস পেলাই কুলমণি বিশ্বালে ক’লে— মই অৱশ্যে এই সম্পৰ্কে কিছু কথা জানো। কিন্তু এই সম্পৰ্কে গান্ধীৰ জীৱনীত একো বিচাৰি পোৱা নাযায়।
প্ৰধান শিক্ষকে ক’লে— জীৱনীত এইবোৰ কথা নথকাই ভাল। আমি গান্ধীজীৰ জীৱনৰ উজ্জ্বল দিশবোৰতহে আলোকপাত কৰিব লাগে। কিন্তু সমালোচকসকলে কয় যে তেওঁ জাতিৰ পিতা হ’ব পাৰিলে যদিও সফল পিতৃ হ’ব নোৱাৰিলে। যিয়ে যিমানে মহাপুৰুষ নহওক কিয়, তেওঁলোকৰো কিছু কিছু বিফলতা থাকে।
এইবাৰ কুলমণিয়ে সুধিলে— কিন্তু গান্ধীজীয়ে জীৱনৰ ইমান ডাঙৰ সমস্যা বাৰু কেনেদৰে অতিক্ৰম কৰিছিল?
লম্বোদৰে অলপ হাঁহিলে আৰু উত্তৰ দিলে— সেইবাবেইতো তেওঁ মহাত্মা। আপুনি এজন প্ৰকৃত গান্ধীবাদী, আপুনিও পাৰিব। আপুনি হতাশ নহ’ব।
কুলমণিৰ মুখত এচেৰেঙা হাঁহি প্ৰস্ফুটিত হ’ল।
—ঠিক আছে, কাইলৈ বাৰু মই স্কুললৈ যাম। আমাৰ ল’ৰা-ছোৱালীবোৰক আমি গঢ়িব লাগিব। ভৱিষ্যতৰ বংশধৰবোৰক আমি দেশপ্ৰেমিক হিচাপে গঢ়িব লাগিব।
লম্বোদৰ উভতি আহিল। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে কৃষি-কৰ্ম কৰাটো গান্ধীবাদী নীতি বুলি ভাষণত উল্লেখ কৰিবলৈ তেওঁ কুলমণিক পৰামৰ্শ দিব বুলি ভাবিছিল যদিও তেওঁ সেই পৰিৱেশ নাপালে। ‘হ’ব বাৰু, কাইলৈও ক’ব পৰা যাব’— তেওঁ ভাবিলে।
উভতি অহাৰ বাটত প্ৰধান শিক্ষক লম্বোদৰ অপ্ৰত্যশিতভাৱে মুখামুখি হ’ল বীৰবৰৰ সৈতে। বীৰবৰ গান্ধীবাদী কুলমণিৰ জ্যেষ্ঠ পুত্ৰ। গান্ধীবাদীৰ দৃষ্টিত এটা নষ্ট চৰিত্ৰ। বীৰবৰে চিধাচিধিকৈ লম্বোদৰক সুধিলে— মাষ্টৰ, আপুনি যে প্ৰতিবছৰে দেউতাক ভাষণ দিবলৈ মাতি নিয়ে, তাৰ বিনিময়ত তেওঁক কিবা দিয়ে নে বিনা পইচাতে কাম আদায় কৰে?
এনে ধৰণৰ এটা অপ্ৰত্যাশিত প্ৰশ্নত বিমোৰত পৰি যায় লম্বোদৰ নন্দ। তেওঁ কয়— কি আৰু দিম? সন্মান সহকাৰে তেওঁক মাতি নিওঁ, আদৰ-সন্মান কৰোঁ, ল’ৰা-ছোৱালীবোৰক তেওঁ স্বাধীনতা সংগ্ৰামৰ কথা কয়।
বীৰবৰে পুনৰ সোধে— স্কুলৰ পুঁজিত টকা-পইচা নাই নেকি? ল’ৰা-ছোৱালীবোৰেতো অন্ততঃ বুন্দিয়া-বিস্কুট পায়। ভাষণটো তেনেহ’লে বিনা পইচাতে হৈ যায়?
লম্বোদৰে নিজৰ অসহায়তা প্ৰকাশ কৰে— নাই, ভাষণৰ বাবে অৱশ্যে কোনো অৰ্থৰ ব্যৱস্থা নাই।
বীৰবৰে তেওঁৰ ৰায় শুনাই দিয়ে— তেনেহ’লে তেওঁ এইবাৰ নোযোৱাটোৱেই উচিত।
পাছদিনা পোন্ধৰ আগষ্ট। স্বাধীনতা দিৱস পালিত হ’ল বিদ্যালয়ত। ল’ৰা-ছোৱালীবোৰে প্ৰভাত-ফেৰি কৰিলে। জাতীয় পতাকা উত্তোলিত হ’ল। জাতীয় সংগীত পৰিৱেশিত হ’ল। মাথোঁ গান্ধীবাদী কুলমণি বিশ্বালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ নকৰিলে। তেওঁ আহি নোপোৱা বাবে প্ৰধান শিক্ষকে ছাত্ৰ এজনক কুলমণি বিশ্বালৰ ঘৰলৈ পঠিওৱাত জনা গ’ল— তেওঁ অসুস্থ।
Courtesy: World of Meghna/YouTube
সেইদিনাই আবেলি প্ৰধান শিক্ষকে কুলমণি বিশ্বালৰ ঘৰলৈ গ’ল তেওঁৰ অসুস্থতাৰ খবৰ ল’বলৈ। সন্দেহ এটা হৈছিল, জানোচা বীৰবৰে তেওঁক আহিবলৈ নিদিলে। কিন্তু ঘৰ পোৱাৰ পাছত তেওঁ দেখিলে কুলমণি সঁচাকৈয়ে অসুস্থ। দেহত তেওঁৰ বেণ্ডেজ।
প্ৰধান শিক্ষকে সুধিলে— হঠাতে আপোনাৰ কি হ’ল? ক’ৰবাত পৰিল নেকি?
নিম্ন কণ্ঠস্বৰেৰে কুলমণিয়ে ক’লে— সঁচা কথাটো ক’মনে?
প্ৰধান শিক্ষকে ক’লে— কওক, গান্ধীবাদীয়ে কেতিয়াও মিছা কথা নকয়।
কুলমণিয়ে ক’লে— সঁচা কথাটো কিন্তু বৰ মৰ্মন্তুদ।
—মানে?
—মোৰ এই অৱস্থা কৰিছে বীৰবৰে। প্ৰথমে সি মোক স্কুললৈ যাবলৈ মানা কৰিলে। ক’লে, বিনা পাৰিশ্ৰমিকত তুমি কিয় ভাষণ দিবলৈ যাবা? তোমাৰ নামত মাষ্টৰসকলে পইচা মাৰি খাই আছে। এই কথা হ’ব নোৱাৰিব। মই তাৰ কথা নুশুনিলো। স্বাধীনতা দিৱসৰ উৎসৱক কোনোবা গান্ধীবাদীয়ে জানো আওকাণ কৰিব পাৰে? মই যেতিয়া যাবলৈ ওলালো, সি মোক মাৰধৰ কৰিলে। মই তললৈ পৰি গ’লো। তাৰ পাছত মোৰ এই অৱস্থা।
—কথাটো মুঠেই ভাল নহ’ল।
—কিন্তু মই কি কৰিব পাৰোঁ? হাজাৰ হওক, সি মোৰ পুত্ৰ।
—পুত্ৰ হ’লে কি হ’ল? ইয়াৰ প্ৰতিবাদ হোৱা দৰকাৰ।
—মাষ্টৰ, আপুনিতো গান্ধীৰ বিষয়ে বহুত পঢ়া-শুনা কৰিছে। মই মাথো তেওঁৰ পদাংকহে অনুসৰণ কৰিছোঁ। আপুনিয়েই বাৰু কওকচোন, গান্ধীজীয়ে এই পৰিস্থিতিত কি কৰিলেহেঁতেন?
—মই যিমানদূৰ জানো, গান্ধীৰ জীৱনত এনে ঘটনা ঘটা নাছিল। গান্ধীৰ বৰপুত্ৰ হৰিলাল উচ্ছৃংখল আছিল সঁচা, কিন্তু তেওঁ কেতিয়াও গান্ধীৰ ওপৰত হাত তোলা নাছিল। হৰিলালে গান্ধীজীক বৰ ভয় কৰিছিল।
—মোৰ পুত্ৰইও মোক বৰ ভয় কৰে।
—হৰিলালৰ অন্তৰত কি আছিল, তাক হয়তো কোনেও নাজানিছিল। কিন্তু গান্ধীজীৰ গাত হাত তোলাৰ কথা তেওঁ হয়তো কেতিয়াও ভবা নাছিল। কিন্তু বীৰবৰে আপোনাৰ গাত হাত দিলে।
—বোধহয় মোৰ পুত্ৰ বীৰবৰ গান্ধীজীৰ পুত্ৰ হৰিলালতকৈও অধিক নীচ, অধিক উচ্ছৃংখল।
—কিন্তু হৰিলালৰ জীৱনলৈ মৃত্যুও আহিছিল অতি শোচনীয়ভাৱে। ভোক আৰু ৰোগত জৰ্জৰিত হৈ হৰিলালে বোম্বাইৰ এখন হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ যক্ষ্মা হৈছিল। গান্ধী হত্যাকাণ্ডৰ পাছত তেখেতৰ সৎকাৰত চামিল হ’বলৈ হৰিলালে বহু চেষ্টা কৰিছিল যদিও তেওঁক কিন্তু কোনেও নিচিনিলে। সেই অন্তিম শোভাযাত্ৰাত সমৱেত হাজাৰ হাজাৰ মানুহৰ কোলাহলৰ মাজত— ‘মই গান্ধীৰ বৰপুত্ৰ, মোক মুখাগ্নি কৰিবলৈ দিয়া’— হৰিলালৰ এই চিঞৰ তল পৰি ৰৈছিল। গান্ধীজীৰ মুখাগ্নি কৰিছিল তেওঁৰ কনিষ্ঠ পুত্ৰইহে।
বিচলিত হৈ কুলমণি বিশ্বালে প্ৰশ্ন কৰিলে— হৰিলালৰ কথা বাৰু এতিয়া বাদ দিয়ক, মোৰ কথা কওক। মই এতিয়া কি কৰা উচিত?
চিন্তামগ্ন হ’ল প্ৰধান শিক্ষক লম্বোদৰ নন্দ। ই এক দুৰূহ প্ৰশ্ন, ইয়াৰ উত্তৰ দিয়াটো ইমান সহজ নহয়। পিতৃসকলে পুত্ৰৰ পৰা চিৰদিন আশা কৰে সেৱা-যত্ন-সন্মান, কিন্তু যেতিয়া সেই পুত্ৰই গাত হাত তোলে, অসহায় হৈ পৰে পিতৃ। এই পৰিস্থিতি বা সমস্যাৰ সমাধান কোনো শাস্ত্ৰ-পুৰাণতে নাই।
লম্বোদৰ নন্দই শেষত ক’লে— আপুনি গান্ধীয়ে এৰি থৈ যোৱা পথেৰে আগবাঢ়ক। মহাত্মা গান্ধীয়ে পুত্ৰ হৰিলালক ত্যাজ্যপুত্ৰ কৰিছিল। আপুনিও তাকেই কৰক।
লম্বোদৰ নন্দ উভতি আহিছিল।
বাহিৰত পুনৰবাৰ তেওঁ মুখামুখি হৈ গ’ল বীৰবৰৰ সৈতে। বীৰবৰে সঁচাকৈয়ে যেন তেওঁকেই অপেক্ষা কৰি আছিল। বীৰবৰে এইবাৰ লম্বোদৰৰ চকুলৈ হিংস্ৰ পশুৰ দৰে চাইছিল। যি ল’ৰাই নিজ পিতৃৰ গাত হাত তুলিব পাৰে, সি হিংস্ৰ পশু নহৈ বাৰু কি?
বীৰবৰে সুধিলে— কেনে দেখিলে? বুঢ়াৰ মস্তিষ্কৰ বিকৃতি আৰম্ভ হৈছে। একো নজনাৰ অভিনয় কৰি লম্বোদৰে ক’লে— তেওঁৰ কি হৈছে? বৰ অসুস্থ যেন দেখা গৈছে।
—বয়স হ’ল নহয়, মূৰে আৰু কাম নকৰে। আদৰ্শৰ নামত কিছুমান অবাস্তৱ কথা কৈ থাকে। য’তে ত’তে পৰে, কষ্ট পায়। তথাপি আদৰ্শ নেৰে।
লম্বোদৰে ক্ষীণ প্ৰতিবাদ কৰি ক’লে— আদৰ্শ কি কিবা বেয়া কথা? সকলো মানুহৰ একো একোটা মূল্যবোধ থকা উচিত। আদৰ্শ থকা উচিত। যদি আদৰ্শ বা মূল্যবোধেই নাথাকিল, তেনেহলে মানুহৰ আৰু থাকিল কি?
উদণ্ডভাৱে পুনৰ বীৰবৰে ক’লে— বুজিছেনে মাষ্টৰ, মোৰ কথা আপুনি ঠিক ধৰিব নোৱাৰিলে। স্বাধীনতাৰ পাছত গান্ধীবাদৰ আৰু কি অৰ্থ আছে? গান্ধীয়ে কৈছিল— ইংৰাজী শিক্ষা ভাল নহয়, দেশী শিক্ষাৰে পঢ়া-শুনা কৰা। দেশী শিক্ষা ল’লে আপুনি কি মাষ্টৰ হ’ব পাৰিলেহেঁতেন? দেশ আগুৱাব পাৰিলেহেঁতেন? গান্ধীয়ে কৈছিল— আমাক উদ্যোগ-কাৰখানা নালাগে, কুটীৰ শিল্প কৰা। বিদেশী বস্তু এৰা, দেশীৰে কাম চলোৱা। তেনেকুৱা হোৱা হ’লে আমাৰ দেশ আজি ক’ত পৰি থাকিলহেঁতেন! বুঢ়া সেই পুৰণি সাঁচতে চলে। কেৱল উপদেশ দিয়ে— কাটি পিন্ধা, কুটি খোৱা। কি অবাস্তৱ পৰিকল্পনা!
নাই, আৰু বীৰবৰৰ সৈতে যুক্তি কৰি লাভ নাই। কিন্তু বীৰবৰে যিবোৰ কৈছিল, সেইবোৰো একেবাৰে অযুক্তিকৰ নাছিল। গান্ধীয়ে যি কৈছিল, সেয়া হয়তো প্ৰাক স্বাধীনতা কালৰ বাবে ঠিক আছিল। কিন্তু স্বৰাজোত্তৰ ভাৰতৰ বাবে সেইবোৰ অচল মুদ্ৰাৰ দৰে। প্ৰগতি আৰু বিকাশৰ বাবে বিদেশী ভাষা, বিদেশী জ্ঞান-কৌশল নিতান্তই প্ৰয়োজন।
কথাৰ গতি সলনি কৰিবৰ বাবে লম্বোদৰে বীৰবৰক সুধিলে— এতিয়া আপুনি কি কৰি আছে?
বীৰবৰে নিজৰ কৰ্মসূচীৰ ব্যাখ্যা আৰম্ভ কৰিলে। তেওঁ ক’লে— মই এতিয়া স্বাধীনতা সংগ্ৰামী গান্ধীবাদীসকলৰ উত্তৰাধিকাৰীসকলক সংগঠিত কৰাৰ কাম আৰম্ভ কৰিছোঁ। আমাৰ দেশৰ আটাইতকৈ নিৰ্যাতিত কোন বুলি যদি প্ৰশ্ন কৰা হয়, সেয়া হ’ল আমাৰ দেশৰ গান্ধীবাদীৰ পুত্ৰ-কন্যাসকল। বাপেকসকল গ’ল স্বাধীনতাৰ ৰণলৈ। জেলত সোমাল। তেওঁলোকৰ পৰিয়ালৰ ওপৰত পুলিচৰ নিৰ্যাতন বাঢ়িল। ল’ৰা-ছোৱালীবোৰৰ অৱস্থা দলনিত পোনা মেলাৰ লেখীয়া হ’ল। তেওঁলোকে ভালদৰে পঢ়া-শুনা কৰিবলৈ, জীৱন গঢ়িবলৈ সুবিধাই নাপালে। প্ৰকৃত মাৰ্গদৰ্শনৰ পৰা তেওঁলোক বঞ্চিত হ’ল। সেয়ে এই অৱহেলিত, বঞ্চিত, প্ৰতাৰিত মানুহখিনিক মই সংগঠিত কৰিব খুজিছোঁ। আমি চৰকাৰৰ পৰা আমাৰ জীৱন-যৌৱনৰ অপচয়ৰ ক্ষতিপূৰণ বিচাৰোঁ। আমাকো ভাট্টা লাগে। স্বাধীনতা সংগ্ৰামীসকলে যেনেদৰে ভাট্টা পায়, তেওঁলোকৰ উত্তৰ পুৰুষেও ভাট্টা পাব লাগিব। তেওঁলোকক সন্মানিত কৰিব লাগিব; কাৰণ, এই স্বাধীনতা সংগ্ৰামৰ বাবেই তেওঁলোকৰ শৈশৱ নষ্ট হৈছে।
নিৰুপায় হৈ লম্বোদৰ নন্দই ক’লে— উত্তম প্ৰস্তাৱ। অতি অভিনৱ আৰু যুগোপযোগী প্ৰস্তাৱ। নিৰ্যাতিত, নিষ্পেষিত, অৱহেলিতৰ বাবে সংগ্ৰাম কৰাটোৱেইতো হ’ল প্ৰকৃত মানৱতা।
বীৰবৰৰ মুখখন উজলি উঠিল।
লম্বোদৰ উভতি আহিল।
ইয়াৰ ভিতৰতে গান্ধীবাদী কুলমণি আৰু পুত্ৰ বীৰবৰৰ মাজত পুনৰ এবাৰ যুক্তি-তৰ্ক হৈছিল। বীৰবৰে সুধিছিল— দেউতা, মই শুনিলো, তুমি হেনো স্বাধীনতা সংগ্ৰামী ভাট্টা ঘূৰাই দিব বিচাৰি চৰকাৰলৈ চিঠি লেখিছা?
কুলমণি বিশ্বালে কৈছিল— তুমি ঠিকেই শুনিছা। এই ভাট্টা ঘূৰাই দিয়া উচিত বুলি মই বিবেচনা কৰিছোঁ।
—কিয়? কাৰণটো মই জানিব বিচাৰোঁ।
—আমি কি এই ভাট্টাৰ বাবে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিলো?
—ভাট্টাৰ বাবে সংগ্ৰাম কৰা নাছিলা ঠিক, কিন্তু এই ত্যাগৰ বাবে দেশে তোমাক ভাট্টা দি সন্মান যাঁচিছে। ইয়াত অসুবিধা ক’ত?
—এই স্বাধীনতাতো সেই স্বাধীনতা নহয়, যিটো আমি বিচাৰিছিলো। এতিয়া দেশ চোৰেৰে ভৰি পৰিছে, যুৱচাম মদ-ড্ৰাগছৰ জালত বন্দী। নেতাসকলে ক’লা ধনৰ ওখ ওখ পাহাৰ গঢ়িছে, হিংসা আৰু ঘৃণাৰ বীজ ৰোপিত হৈছে। এয়াই কি স্বাধীনতা?
—ময়ো আচৰিত হৈছোঁ অহিংসাৰ বলেৰে কেনেকৈ স্বাধীনতা আহিব পাৰে? হিংসাৰ বলেৰে ৰামায়ণ লেখা হ’ল, হিংসাৰ বলেৰে মহাভাৰত লেখা হ’ল, কিন্তু ভাৰতৰ স্বাধীনতা আহিল অহিংসাৰ বলত! আশ্বৰ্যৰ কথা নহয়নে?
—বাবু, তুমি মহাত্মা গান্ধীক দেখা নাই। মই দেখিছোঁ। দেখা হ’লে হয়তো তুমিও বুজিব পাৰিলাহেঁতেন, কেনেদৰে মাত্ৰ এজন মানুহে সমগ্র দেশখনক জাগ্ৰত কৰিছিল। অহিংসাক তেওঁ মন্ত্ৰ কৰি লৈছিল, সত্য বচন আছিল তেওঁৰ অস্ত্ৰ।
পুত্ৰই এইবাৰ তাচ্চিল্য কৰি ক’লে— বাঘ যদি দেখা নাই, বিৰালীকে চোৱা। গান্ধীক নেদেখিলে কি হ’ল, গান্ধীবাদীকতো দেখিছোঁ। ক’তা, তোমালোকে দেখোন অহিংসা বা সত্যবাদিতাৰ বলেৰে একো কৰিব পৰা নাই? কি গান্ধীবাদী হ’লা তোমালোক?
গান্ধীবাদী কুলমণিয়ে ক’লে— গান্ধীবাদী হ’লো বুলিয়েইতো তোমালোকক এনেদৰে সহ্য কৰি থাকিব পাৰিছোঁ। তোমালোকে জানো মোৰ আদৰ্শৰে মানুহ হ’ব পাৰিছা? তোমালোকক মোৰ সন্তান বুলি ক’বলৈও এতিয়া লাজ লাগে। এজন গান্ধীবাদীৰ সন্তান কেনেদৰে এনে মদপী-ভাঙুৰা, গুণ্ডা-বদমাচ হ’ব পাৰে?
পুতেকে ক’লে— এৰা, আমি মদপী-ভাঙুৰা গুণ্ডা-বদমাচ। তোমাৰ শক্তি আছে যদি আমাক ভাল কৰা, আমাক আদৰ্শ মানুহ কৰা। কেৱল গান্ধীয়ে অমুক কৰিছিল, গান্ধীয়ে তমুক কৰিছিল বুলি ভাষণ দি থাকি লাভ নাই। আমি যদি ভুল পথেৰে গৈছোঁ, আমাক সংশোধন কৰা। পাৰিবা?
—তোমালোকে যদি নিজে ভুল পথে বাট বুলা, মই কি কৰিব পাৰিম? তোমালোক আটায়ে এতিয়া প্ৰাপ্তবয়স্ক, ভাল-বেয়া বুজাৰ জ্ঞান তোমালোকৰ হৈছে।
—সেই জ্ঞানৰ পৰাইতো মই কৈছোঁ, আমি যি কৰিছোঁ, ঠিক কৰিছোঁ। আমিও এই সমাজৰে ফচল। আমাক সংস্থাপন দিয়া মদবেপাৰী-ক’লাবজাৰীয়ে কয়— তোমাৰ দেউতাই আমাৰ বিৰোধিতা কৰিছে। তুমি কেনেকুৱা পিতৃ, পুত্ৰৰ উন্নতিৰ পথতো বিধি-পথালি দিয়া?
ব্যথিত স্বৰেৰে কুলমণি বিশ্বালে ক’লে— তাৰমানে তোমালোকৰ মনত মই এজন অযোগ্য পিতৃ?
—অযোগ্য মানে পৰিপূৰ্ণভাৱে অযোগ্য। স্বাধীনতা আন্দোলনত মতলীয়া হৈ তুমি শৈশৱ-কৈশোৰত আমাৰ যত্ন ল’বলৈ পাহৰিলা। অভিভাৱকহীনভাৱে আমাৰ পঢ়া-শুনা চলিল। আমি একো একোটা অমানুহ হ’লো। এতিয়া মদপী-ভাঙুৰা, গুণ্ডা-বদমাচ হৈ যেতিয়া দুপইচা উপাৰ্জন কৰিছোঁ, তাতো গৈ তুমি বিৰোধিতা কৰিছা। তোমাৰ গান্ধীবাদী হোৱাটো ঠিক, বাকী সকলো ভুল। ইমান দিনে তুমি কেৱল নিজৰ কথাই ভাবি আহিছা— তোমাৰ আদৰ্শ, তোমাৰ গান্ধীবাদী চেহেৰা, তোমাৰ সন্মান। তাৰ বাদেও যে আমি মানুহবোৰ আছোঁ, তুমি তাক নাজানা।
গান্ধীবাদী কুলমণি বিশ্বাল নীৰৱ হৈ পৰে। যেন আৰু কিবা ক’বলৈ তেওঁৰ মুখত শব্দ নাই। তেওঁ বাৰে বাৰে মনত পেলাইছিল গান্ধীক। কেনেদৰে গান্ধী নামৰ মানুহজনে অতিক্ৰম কৰিব পাৰিছিল এনে সংকটক, যি সংকটত তেওঁ কোনো উৱাদিহ নোপোৱা হৈছে।
তেওঁ শেষত ক’লে— মই মোৰ আদৰ্শৰ সৈতে সন্ধি কৰিব নোৱাৰিম, মই তোমালোকৰ অসৎ কাৰ্যৰ নীৰৱ সাক্ষী হৈ থাকিবও নোৱাৰিম। মই তোমালোকক তাকেই কৰিম, যিটো গান্ধীয়ে কৰিছিল। মই তোমাক ত্যাজ্যপুত্ৰ কৰিম।
বীৰবৰে হাঁহিলে। আৰু ক’লে— তুমি মোক কি ত্যাজ্যপুত্ৰ কৰিবা, আমিতো তোমাক কেতিয়াবাই ত্যাজ্যপিতা কৰি পেলাইছোঁ।
সেইদিনা ৰাতি ৰহস্যজনকভাৱে গান্ধীবাদী কুলমণি বিশ্বালৰ মৃত্যু হ’ল। তেওঁ আত্মহত্যা কৰিছিল বুলি পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰা ইংগিত পোৱা গৈছিল। পুলিচ আহিল আৰু পুলিচেও ইয়াক আত্মহত্যা বুলিয়েই ঠাৱৰ কৰিলে। কিন্তু এই আত্মহত্যাৰ কোনো কাৰণ বিচাৰি পোৱা নগ’ল।
যথাৰীতি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ’ল, শোকসভা হ’ল। গাঁৱত অনুষ্ঠিত শোকসভাত বিভিন্ন প্ৰান্তৰ স্বাধীনতা সংগ্ৰামীসকল সমৱেত হ’ল আৰু তেওঁলোকে সতীৰ্থৰ স্মৃতিচাৰণ কৰিলে। আটাইয়ে একেমুখে স্বীকাৰ কৰিলে যে কুলমণি বিশ্বাল আছিল এজন প্ৰকৃত গান্ধীবাদী। গান্ধীবাদৰ জ্বলন্ত উদাহৰণ। এজন প্ৰকৃত মানুহ।
ঘটনাৰ প্ৰায় দুসপ্তাহ পাছত বীৰবৰে লগ ধৰিছিল গাঁৱৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লম্বোদৰ নন্দক। প্ৰস্তাৱ দিছিল বিদ্যালয়ৰ খেলপথাৰত গান্ধীবাদী কুলমণি বিশ্বালৰ এক প্ৰতিমূৰ্তি প্ৰতিষ্ঠা হওক। এই উপলক্ষে ৰাজ্যিক ভিত্তিত এখন স্মৃতিৰক্ষা সমিতি গঠন হৈছে আৰু দান-বৰঙণি সংগ্ৰহৰ কামো আৰম্ভ হৈছে। ইয়াৰ সমস্ত খৰছ এই সমিতিয়ে বহন কৰিব আৰু বিদ্যালয়খনকো কিছু অৰ্থসাহায্য দিয়া হ’ব।
প্ৰধান শিক্ষক লম্বোদৰ নন্দই কিন্তু এই প্ৰস্তাৱ বিনয়েৰে প্ৰত্যাখ্যান কৰিলে। তেওঁ ক’লে— আপোনাৰ প্ৰস্তাৱ স্বাগতযোগ্য। নিঃসন্দেহে কুলমণি বিশ্বাল আছিল এজন প্ৰকৃত গান্ধীবাদী। কিন্তু তেওঁ আত্মহত্যা কৰাৰ পাছত আমাৰ মনত সন্দেহ জাগিছে। কাৰণ মহাত্মা গান্ধীয়ে আত্মহত্যাৰ বিৰোধিতা কৰিছিল। বৰং তেওঁৰ হস্তক্ষেপত কেইবাজনেও মৰণৰ পথ ত্যাগ কৰি জীৱনৰ পথ বাছি লৈছিল। কোনো গান্ধীবাদীয়ে আত্মহত্যা কৰিব নোৱাৰে। তেওঁৰ প্ৰতিমূৰ্তি বিদ্যালয় প্ৰাংগণত থাকিলে সমাজলৈ, শিক্ষাৰ্থীলৈ এটা ভুল বাৰ্তা যাব পাৰে।
লম্বোদৰৰ এই প্ৰত্যাখ্যানত বীৰবৰ আহত বা অপমানিত হোৱা নাছিল। তেওঁ বৰং ক’লে— ইতিমধ্যে অৰ্থসংগ্ৰহ বহুদূৰ আগবাঢ়িল। এতিয়া পিছ হুঁহকিলে বহু আৰ্থিক ক্ষতিৰ সম্ভাৱনা। তেনেকুৱা হ’ব নোৱাৰে। আমি আত্মহত্যাক হত্যাৰ ৰূপ দি দিম। মই সঁচা কথা কৈছোঁ। গান্ধীবাদীসকলে গুলী খাই মৰাই উচিত। আপুনি চিন্তা নকৰিব, আমি ইয়াক হত্যা বুলি প্ৰমাণ কৰিম।
লম্বোদৰে সুধিব খুজিছিল— তেওঁক হত্যা কৰিলে কোনে? কিন্তু তাৰ আগতে কোঠাটোৰ পৰা ওলাই গুচি গ’ল বীৰবৰ। সি এতিয়া প্ৰমাণ সংগ্ৰহত ব্যস্ত হৈ পৰিছে।
🔗 | অধিক অনুবাদ গল্প:
- এতেকে
- কুমাৰী নদী
- ৰবীন্দ্ৰ ৰচনাৱলী আৰু এটা জ্বলি যোৱা ব্ৰা
- মেক্সিম গৰ্কীৰ গল্প: এজন স্বজনবৈৰীৰ মাতৃ
- অণ্ড
পৰেশ কুমাৰ পাটনায়ক
তিনি দশকৰো সৰহ কাল ধৰি ওড়িয়া গল্প-সাহিত্যত নিজৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰখা পৰেশ কুমাৰ পাটনায়ক (জ. ১৯৬০) নিজৰ বিশিষ্ট ৰচনাশৈলীৰ বাবে পাঠক সমাজত স্বীকৃত আৰু চৰ্চিত হৈ আহিছে। গাঁৱৰ পৰা চহৰ পৰ্যন্ত বিস্তৃত তেওঁৰ গল্পভূমি। শৈশৱ-কৈশোৰৰ সৰল বিশ্বাসৰ পৰা যৌৱন আৰু প্ৰৌঢ়ত্বৰ স্বপ্নভংগৰ বেদনা তেওঁৰ গল্পৰ ভাৱভূমি। তেওঁৰ যৌক্তিক বিচাৰধাৰাৰে পুনৰ মূল্যায়ন হয় পৌৰাণিক চৰিত্ৰ আৰু কিম্বদন্তীৰ। জীৱনৰ বৈচিত্ৰ্যৰ সন্মুখত বাৰম্বাৰ চমৎকৃত, উল্লসিত, পীড়িত, বিৰম্বিত অসহায় মানুহৰ আত্মলিপিয়েই তেওঁৰ গল্পৰ উপজীৱ্য।
মুঠ ১৫খন গল্প সংকলন, ৩খন উপন্যাস তেওঁৰ সাৰস্বত কীৰ্তি। পত্নী তাপসী আৰু পুত্ৰ প্ৰিয়মৰ সৈতে তেওঁ ভুৱনেশ্বৰত বাস কৰে। সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে তেওঁ লাভ কৰিছে ওড়িশা সাহিত্য একাডেমী বঁটা।