মেক্সিম গৰ্কীৰ গল্প: এজন স্বজনবৈৰীৰ মাতৃ

মেক্সিম গৰ্কীৰ গল্প: এজন স্বজনবৈৰীৰ মাতৃ
  • 13 Apr, 2021

মূল: (Mother of a Traitor) মেক্সিম গৰ্কী 
অনুবাদ: প্ৰতিভা গোস্বামী 

কে ইবাসপ্তাহো ধৰি শত্ৰুপক্ষৰ লোকে নগৰখন লৌহ পিঞ্জৰাৰ দৰে ঘেৰি ৰাখিছিল। ৰাতি ঠায়ে ঠায়ে জুই ধৰা হৈছিল— হাজাৰ-বিজাৰ ৰঙা চকুৰ দৰে জুইৰ শিখাসমূহে ৰাতিৰ আন্ধাৰ ভেদ কৰি অৱৰুদ্ধ নগৰখনৰ বাসিন্দাসকলৰ অন্তৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।

লাহে লাহে নগৰবাসীয়ে শত্ৰু সেনানী ওচৰ চাপি অহা বুলি অনুমান কৰিলে। জুইৰ ওচৰে-পাজৰে ছাঁবিলাক দেখা গ’ল। খাই-বৈ শকত-আবত হোৱা ঘোঁৰাবিলাকৰ হিঁ-হিয়নি, অস্ত্ৰ-শস্ত্ৰৰ ঝন্‌ঝননি, শত্ৰু সেনানীৰ অট্টহাস্য আৰু নিশ্চিন্ত জয়ৰ কাৰণে উল্লসিত হৈ গোৱা গীতসমূহো শুনিবলৈ পালে। শত্ৰুৰ হাঁহি-ধেমালি, গীত-মাত আদিতকৈ আৰু দুখৰ কথা কি হ’ব পাৰে?

নগৰখনক পানীৰ যোগান ধৰা জান-জুৰিবিলাকত শত্ৰুৱে মৰাশবিলাক পেলাইছিল। ঘৰ-দুৱাৰ, বাগান-বাগিচা আদি জ্বলাই দিয়াৰ লগে লগে খেতি-বাতিও উচ্চেদ কৰি পেলাইছিল। গতিকে নগৰখনৰ চাৰিওফালে শূন্যতাই খাওঁ খাওঁ কৰিছিল, তাতে শত্ৰুপক্ষৰ গোলাবৰ্ষণ অবিৰতভাৱে চলি আছিল।

দেশৰ দুৰ্ভিক্ষপীড়িত, যুদ্ধক্লান্ত সৈনিকবিলাকে অবসন্ন আৰু উদাস হৈ নগৰখনৰ গলিবিলাকত পহৰা দিছিল। ঘৰবিলাকৰ খিৰিকীৰ ফাঁকেৰে আহতসকলৰ চিঞৰ, বিকল প্ৰলাপ, তিৰোতাৰ আকুল কাকুতিৰ লগতে কেঁচুৱাৰ কান্দোনৰ ধ্বনি শুনা গৈছিল। মাজে মাজে ৰৈ ৰৈ মানুহবিলাকে ভয়ত ত্ৰস্তমান হৈ ফুচ্‌ফুচাই ইজনে সিজনক সোধাসুধি কৰিছিল, “শত্ৰু আৰু ওচৰ পালেহি নেকি?”

ৰাতিৰ নিস্তব্ধতাত এই চিঞৰ-বাখৰ, কান্দোনৰ ধ্বনি আৰু স্পষ্ট হৈ উঠিছিল। দূৰত পাহাৰৰ তলত শত্ৰুপক্ষই ধ্বংস কৰা ভগ্ন প্ৰাচীৰৰ আঁৰত লুকাই থকা শত্ৰু ছাউনীৰ পৰা লুকাই-চুৰকৈ অহা ক’লা ক’লা ছাঁবোৰৰ দৰে জোনটো অস্ত্ৰৰে ক্ষত-বিক্ষত হোৱা ঢালখনৰ দৰে অলপ অলপ কৰি ওপৰলৈ উঠিছিল।

নগৰবাসীয়ে উদ্ধাৰৰ আশা এৰি দিছিল। ভোকে-পিয়াহে জৰ্জৰিত হোৱা মানুহবিলাকৰ মুক্তিৰ আশা ক্ষীণ হৈ আহিছিল। তেওঁলোকে ভয়ত আতংকিত হৈ সেই জোনটো, পাহাৰৰ চূড়াসমূহ, পাহাৰৰ ওপৰত ছিটিকি পৰা ঘন আন্ধাৰ আৰু কোলাহলপূৰ্ণ শত্ৰু শিবিৰ— এই সকলোবোৰ নিৰীক্ষণ কৰিছিল। প্ৰত্যেকেই যেন তেওঁলোকলৈ বহন কৰি আনিছিল মৃত্যুৰ বাতৰি। তেওঁলোকক সান্ত্বনা দিবলৈ আকাশত এটাও তৰা নাছিল।

নগৰৰ লোকসকলে ঘৰৰ ভিতৰখন আন্ধাৰ কৰি ৰাখিছিল। বাট-পথবিলাকো ঘোৰ অন্ধকাৰত ডুব গৈ আছিল। সেই ঘোৰ অন্ধকাৰৰ মাজেদিয়েই সৰ্বাংগ শৰীৰ ক’লা কাপোৰেৰে আবৃত্ত কৰি এগৰাকী মহিলাই নৈৰ দ পানীত মাছ এটাই লৰচৰ কৰি থকাৰ নিচিনাকৈ নিঃশব্দে আগবাঢ়িছিল। তেওঁক দেখি সকলোৱে নিজৰ ভিতৰতে কোৱামেলা কৰিলে—
“এওঁৱেই তেওঁ নেকি?”
“এওঁৱেই তেওঁ।”

লগে লগে মানুহবিলাক তোৰণৰ দাঁতিত বহি পৰিছিল নতুবা তেওঁক নমতা-নোবোলাকৈয়ে পাৰ হৈ গৈছিল। মুখ্য প্ৰহৰীজনে তেওঁক সতৰ্ক কৰি দিলে, “ম’না মাৰিয়ান্না, আকৌ বাহিৰলৈ ওলালা, কোনফালে? সাৱধান! চাই-চিতি যোৱা। ৰাস্তাত তোমাক কোনোবাই মাৰি পেলালে হত্যাকাৰীৰ সন্ধান কৰিবলৈ কোনো নোলাব…।”

নিজকে সুস্থিৰ কৰি লৈ ম’না হঠাতে থমকি ৰ’ল। কিন্তু কোনেও তেওঁক একো ক’বলৈ সাহ নকৰিলে। অথবা তেওঁৰ গাত হাত উঠাবলৈকো ঘিণ কৰি প্ৰহৰীবিলাক এনেয়ে আঁতৰি গ’ল। সশস্ত্ৰ প্ৰহৰীবিলাকে তেওঁক পৰি থকা মৰাশ এটাৰ দৰে উপেক্ষা কৰি আঁতৰি গ’ল। সেই অন্ধকাৰত নগৰখনৰ দুৰ্ভাগ্যৰ সময়ত এক নিঃশব্দ-নিসংগ অৱতাৰৰ দৰে নগৰৰ পথ-উপপথবিলাকত ম’না মাৰিয়ান্না ঘূৰি ফুৰিলে। ৰাতিৰ বিষণ্ণতাৰ শব্দ, আৰ্তনাদ, কান্দোন, প্ৰাৰ্থনা আৰু বিজয়ৰ আশা হেৰুৱাই পেলোৱা সৈন্যসকলৰ হা-হতাশাই যেন তেওঁৰ পিছ লৈছিল।

এজন নাগৰিক আৰু এগৰাকী মাতৃৰ দৃষ্টিৰে তেওঁৰ নিজৰ পুতেক আৰু নিজৰ দেশখনৰ কথা ফঁহিয়াই চালে। কাৰণ তেওঁ নিজৰ চহৰখনত ধ্বংসলীলাৰ সৃষ্টি কৰা মানুহবিলাকৰ দলপতি হ’ল তেওঁৰেই পুত্ৰ— তেওঁৰেই সদায় প্ৰফুল্লিত হৈ থকা, সুদৰ্শন অথচ হৃদয়হীন পুত্ৰ। এই অলপ দিনৰ আগলৈকে তেওঁ ভাবিছিল যে তেওঁৰ পুত্ৰ এই চহৰখনৰ কাৰণে এক অনন্য উপহাৰ। যি চহৰখনত ম’নাই নিজে জন্মগ্ৰহণ কৰি লালিত-পালিত হৈ ডাঙৰ-দীঘল হৈছে, এই চহৰখনৰ সুৰক্ষাৰ কাৰণে এক মংগলকাৰী ব্যক্তিত্বক দিব পাৰিছে বুলি তেওঁ গৰ্ব অনুভৱ কৰিছিল। তেওঁৰ পূৰ্বপুৰুষসকলে সজোৱা ঘৰবিলাক, চহৰৰ প্ৰাচীন প্ৰাচীৰবিলাকৰ প্ৰতিটো ইটাৰ লগত তেওঁৰ সম্পৰ্ক অন্তৰৰ। এই চহৰতেই তেওঁৰ পূৰ্বপুৰুষসকল সমাধিস্থ হৈছে। এই চহৰৰ মাটিৰ ইতিহাস, কিম্বদন্তী, নৃত্য-গীত আৰু ইয়াৰ অধিবাসীসকলৰ আশা-আকাংক্ষা সকলো তেওঁৰ সুপৰিচিত আৰু তেওঁৰ হৃদয়ৰ প্ৰতিটো স্পন্দন জড়িত হৈ আছে ইয়াতে, এই চহৰতে। এতিয়া সেই হৃদয়ে তেওঁৰ অতি প্ৰিয় আপোনজনক হেৰুৱাই উচুপি উঠিছে। তেওঁৰ নিজ চহৰখনৰ, দেশখনৰ প্ৰতি থকা প্ৰগাঢ় প্ৰেম আৰু পুত্ৰস্নেহ— এই দুয়োটাকে যেন তুলাচনীত উঠাইছে। কোনটো ফাল বেছি ওজনৰ, তেওঁ ধৰিব পৰা নাই।

ৰাতি তেওঁ ৰাস্তাত এনেকৈ গৈ থাকোঁতে কোনেও তেওঁক চিনি পোৱা নাছিল। ক’লা আৱৰণেৰে আবৃত্ত তেওঁৰ দেহটোক মানুহবিলাকে মৃত্যুৰূপী কাল বুলি ভাবি ভয়তে ঘূৰি গৈছিল আৰু কোনোবাই চিনি পালেও তেওঁক ‘স্বজনবৈৰীৰ মাতৃ’ বুলি মুখ ঘূৰাই লৈছিল।

কিন্তু এদিন মহানগৰীৰ সুৰক্ষা দেৱালৰ অলপ আঁতৰত এটা কোণত পৰি থকা এটা মৃতদেহৰ ওচৰত এগৰাকী তিৰোতাই আঁঠু কাঢ়ি থকা দেখিলে, তেওঁ ইমান নিসাৰ হৈ আছিল যে তেওঁক মাটিৰ চপৰাৰ দৰে লাগিছিল। শোকাতুৰা তিৰোতাগৰাকীয়ে আকাশৰ তৰাবিলাকলৈ চাই চাই প্ৰাৰ্থনাত ৰত হৈ আছিল। বেৰৰ সিফালে সশস্ত্ৰ সৈন্যবিলাকে লাহে লাহে কথা কৈ কৈ বেৰৰ শিলবিলাকত অস্ত্ৰ-শস্ত্ৰবিলাক ঘঁহাই আছিল।

ম’না মাৰিয়ান্নাই সুধিলে— “তোমাৰ স্বামী?”
“নহয়।”
“তোমাৰ ভাই?”
“মোৰ পুত্ৰ। তেৰ দিনৰ আগেয়ে মোৰ স্বামীৰ মৃত্যু হৈছে। আজি মোৰ পুত্ৰ।”
মাতৃগৰাকী উঠি থিয় হ’ল আৰু শান্ত ভাবেৰে উত্তৰ দিলে— “মা মেৰীয়ে সকলো দেখিছে, সকলো জানে আৰু মই তেওঁৰ ওচৰত কৃতজ্ঞ।”
“কিহৰ বাবে?”
প্ৰথম গৰাকীৰ প্ৰশ্নৰ উত্তৰত দ্বিতীয় গৰাকীয়ে ক’লে— “এই কাৰণেই যে মোৰ পুত্ৰই দেশৰ কাৰণে যুঁজ কৰি সন্মানৰে সৈতে মৃত্যুবৰণ কৰিছে। ভোজ-ভাত আৰু মৌজ-মজলিচক ভাল পোৱা আৰু বৰ স্ফূৰ্তি মনৰ আছিল বাবে মোৰ ভয় হৈছিল যে সময়ত ইয়ো মাৰিয়ান্নাৰ পুতেকৰ দৰে তাৰ দেশক প্ৰতাৰণা কৰিব; আমাৰেই শত্ৰুৰ দলপতি হ’ব! ঈশ্বৰ আৰু মানুহৰ বিদ্বেষী তেওঁ আৰু তেওঁক ধাৰণ কৰা মাতৃৰ ওপৰত যেন অভিশাপ বৰ্ষণ হওক।”

মাৰিয়ান্নাই মুখখন ঢাকি তেওঁৰ পথত অগ্ৰসৰ হ’ল। তাৰ পাছদিনা চহৰৰ নাগৰিক সুৰক্ষা সমিতিৰ আগত গৈ ক’লে— “মোৰ পুত্ৰ তোমালোকৰ শত্ৰু হৈছে। মোক মাৰি পেলোৱা নতুবা দুৱাৰ খুলি মোক তাৰ ওচৰলৈ যাবলৈ দিয়া।”
তেওঁলোকে ক’লে— “তই এজনী মানুহ আৰু জনমভূমি তোৰ কাৰণে মূল্যবান। তোৰ পুত্ৰ যিদৰে আমাৰ প্ৰত্যেকৰে শত্ৰু, ঠিক সেইদৰে তোৰো শত্ৰু।”
“মই তাৰ মাক। মই তাক ভাল পাওঁ আৰু ভাবিছোঁ তাৰ এই দুষ্কাৰ্যৰ বাবে ময়েই দায়ী।”

তাৰ পাছত তেওঁলোকে নিজৰ ভিতৰতে আলোচনা কৰি ক’লে— “তোৰ ল’ৰাৰ পাপকৰ্মৰ বাবে তোক মৰাটো উচিত নহ’ব। আমি জানো যে এই ভয়ংকৰ গৰ্হিত কাম কৰিবলৈ তই তোৰ ল’ৰাক কেতিয়াও উচটোৱা নাই। কিন্তু এই চহৰৰে এজন যুদ্ধবন্দী হিচাপে তোৰ আৱশ্যক নাই। তোৰ ল’ৰাই তোক একো সোধা নাই। আমি বুজিছোঁ যে সেই চয়তানটোৱে তোক পাহৰি গ’ল। তই যদি নিজকে দণ্ড পোৱাৰ যোগ্য বুলি ভাবিছ, তেতিয়াহ’লে সেইটোৱেই তোৰ দণ্ড। আমি ভাবিছোঁ, মৃত্যুতকৈয়ো এয়া বেছি ভয়ংকৰ।”
“হয়, সঁচাকৈয়ে বৰ ভয়ংকৰ।” মাৰিয়ান্নাই ক’লে।

তাৰ পাছত তেওঁলোকে মাৰিয়ান্নাক চহৰ এৰি যাবলৈ বাট খুলি দিলে। তেওঁৰেই পুতেকে বোৱাই দিয়া তেজৰ নৈত তিতা জনমভূমিখন এৰি থৈ যোৱাৰ দৃশ্য সুৰক্ষা সমিতিৰ নাগৰিকসকলে টোপ মাৰিবলৈ বেৰত কৰা বিন্ধাইদি বহুত পৰলৈকে চাই থাকিল। মাৰিয়ান্নাই বৰ লাহে লাহে বাট বুলিছিল। ভৰি দুটাই যেন এই মাটিৰ পৰা বিচ্ছিন্ন হৈ যাবলৈ কুণ্ঠাবোধ কৰিছিল। চহৰখনৰ কাৰণে নিজৰ প্ৰাণক উছৰ্গা কৰা মৃতদেহবিলাকক তেওঁ প্ৰণিপাত জনালে। অ’ত-ত’ত পৰি থকা অস্ত্ৰ-শস্ত্ৰসমূহ তেওঁ ঘৃণাৰে ভৰিৰে ঠেলি আঁতৰাইছিল। কাৰণ জীৱন ৰক্ষা কৰা অস্ত্ৰ ব্যতীত অন্য সকলো অস্ত্ৰ-শস্ত্ৰক এগৰাকী মাতৃয়ে সদায় ঘৃণাৰ চকুৰেই চাব।

তেওঁ নিজৰ কাপোৰৰ তলত মূল্যবান এটা পানীৰ বটল পৰি যোৱাৰ ভয়ত অতি সন্তৰ্পণে ধৰা যেন কৰি খোজ কাঢ়িছিল। বেৰৰ বিন্ধাইদি নিৰীক্ষণ কৰি থকা লোকসকলৰ দৃষ্টিত তেওঁৰ চলন্ত মূৰ্তিটো লাহে লাহে সৰু হৈ আহিল। মানুহবিলাকৰ মনত এনেকুৱা ভাব হ’ল যেন তেওঁৰ প্ৰস্থানৰ লগে লগে চহৰবাসীৰ নৈৰাশ্য আৰু বিষণ্ণতাৰো অৱসান ঘটিল।

তেওঁলোকে দেখিলে যে তেওঁ মাজবাটতে ৰৈ মূৰৰ ওৰণিখন পিঠিলৈকে খহাই পিছফালে ঘূৰি চহৰখন একেথৰে চাই আছে। ম’না মাৰিয়ান্নাক অকলে থিয় হৈ থকা দেখি তেওঁৰেই দৰে ক’লা কাপোৰেৰে আবৃত্ত শত্ৰু শিবিৰৰ প্ৰহৰীবিলাক সন্তৰ্পণে তেওঁৰ ওচৰলৈ আহি তেওঁনো কোন, ক’ৰ পৰা আহিছে, সুধিলেহি।
“তোমালোকৰ সেনাপতি মোৰ পুত্ৰ”— ম’নাই ক’লে।
কোনেও তেওঁৰ কথাত সন্দেহ নকৰিলে। তেওঁলোকে মাৰিয়ান্নাৰ ওচৰত মূৰ দোৱাই তেওঁৰ পুত্ৰৰ চাতুৰ্য, সাহস আদিৰ প্ৰশংসাৰে শতমুখ হ’ল। মাৰিয়ান্নাই মূৰ ওপৰলৈ তুলি তেওঁলোকৰ সকলো কথা শুনিলে। তেওঁৰ মুখত আশ্চৰ্যৰ একো লক্ষণ ফুটি উঠা নাছিল, কাৰণ তেওঁৰ পুত্ৰ এনেকুৱাই হ’ব।

অৱশেষত তেওঁ আহি সেইজনৰ ওচৰত থিয় হ’লহি, যিজনক মাৰিয়ান্নাই ন মাহ গৰ্ভত ধাৰণ কৰিছিল, যিজনক তেওঁ নিজৰ হৃদয়ৰে এটা অংশ বুলি গণ্য কৰিছিল। সুন্দৰ জক্‌মকীয়া পোছাক পিন্ধি তেওঁ আহি থিয় হ’লহি। মাৰিয়ান্নাই সপোনত পুত্ৰক এনেদৰেই দেখিছিল,— ধনবান, যশস্বী, প্ৰশংসিত।

মাকৰ হাতত চুমা খাই পুতেকে ক’লে— “মা! তুমি এতিয়া মোৰ ওচৰলৈকে আহিছা, মোৰেই লগত আছা আৰু মই কালিলৈকে সেই অভিশপ্ত চহৰখন চাৰখাৰ কৰি দিম।”
“সেই চহৰখনতে তোৰ জন্ম হৈছিল।” মাৰিয়ান্নাই পুতেকক মনত পেলাই দিলে।
নিজৰ পৰাক্ৰমত মদমত্ত, মাত্ৰাধিক গৌৰৱৰ লালসাত অন্ধপ্ৰায় আৰু যৌৱনৰ ঔদ্ধত্যৰে উদ্ধত হৈ পুতেকে ক’লে— “মই এই পৃথিৱীৰ কাৰণে পৃথিৱীতেই জন্ম হৈছিলো। মোৰ আচৰিত পৰাক্ৰমত পৃথিৱী কঁপি উঠক, মই তাকে বিচাৰোঁ। কেৱল তোমাৰ কাৰণেই মই এই চহৰখন এৰি দিছিলো। মোৰ দেহত এয়া কাঁইটেহে যেন বিন্ধিছে, মোৰ উত্থানৰ পথত এই চহৰে প্ৰতিবন্ধক ৰূপে দেখা দিছে। কালিলৈ মই অকলেই এই মূঢ়, মূৰ্খ মানুহবিলাকক শেষ কৰি দিম।”
“তাৰ প্ৰতি টুকুৰা শিল তোৰ শৈশৱৰ পৰাই পৰিচিত।” মাৰিয়ান্নাই ক’লে।
“শিলে কেতিয়াও কথা নকয়, মানুহেহে শিলক কথা কোৱাব। এই পাহাৰ, পৰ্বত সকলোৱে মোৰ কথাকে কওক, মই ইয়াকে বিচাৰোঁ।”
“আৰু মানুহে?” মাৰিয়ান্নাই সুধিলে।
“হয় মা, মই তেওঁলোকৰ কথা পাহৰিছিলোৱেই, মই তেওঁলোককো বিচাৰোঁ। কাৰণ কেৱল মানুহৰ স্মৃতিতেই বীৰ অমৰ হৈ থাকে।”
মাৰিয়ান্নাই ক’লে— “তেওঁৱেই হৈছে বীৰ, যিজনে মৃত্যুকো অস্বীকাৰ কৰি জীৱনৰ সৃষ্টি কৰে। যিজনে মৃত্যুক জয় কৰে…।”
“নহয় নহয়”— পুতেকে আপত্তি দৰ্শালে, “এখন চহৰৰ নিৰ্মাতা যি গৌৰৱৰ অধিকাৰী, সেই চহৰখনৰ ধ্বংসকৰ্তাও সেই গৌৰৱৰ অধিকাৰী। চোৱা, ৰোম নগৰখন আইনাচ নে ৰোমুলচে নিৰ্মাণ কৰিছিল, সেয়া আমি নাজানো; কিন্তু চহৰখন ধ্বংস কৰা বীৰ আহাৰিকৰ আৰু আন বীৰসকলৰ নাম আমি মনত ৰাখিছোঁ।”
“বীৰৰ স্থান এইবিলাক নামতকৈ বহুত ওপৰত।” তাৰ মাকে মনত পেলাই দিলে।

সূৰ্য অস্ত যোৱালৈকে তেওঁলোকে কথা-বতৰা পাতিলে, পুত্ৰৰ বিশৃংখল, অসভ্য কথা শুনি থাকোঁতে তেওঁ বাধা দিয়া নাছিল, কিন্তু তেওঁৰ দীপ্ত মুখভংগী লাজত নত হৈ পৰিছিল।

মাতৃয়ে সৃষ্টি কৰে, মাতৃয়ে ৰক্ষা কৰে। গতিকে এগৰাকী মাতৃৰ আগত ধ্বংসৰ কথা কোৱা মানে তেওঁৰ বিৰুদ্ধাচৰণ কৰা। কিন্তু সি যে নিজেই মাকৰ অস্তিত্বৰ কাৰকক অস্বীকাৰ কৰিছে, সেয়া সি বুজাই নাছিল।

এগৰাকী মাতৃ সদায়েই মৃত্যুৰ বিৰোধী। যি হাতে মানুহৰ ঘৰলৈ মৃত্যুক আহ্বান কৰে, সেয়া মাতৃৰ বাবে ঘৃণনীয় আৰু অবাঞ্ছিত। পুতেকে এই কথাটো মনেই কৰা নাছিল। কাৰণ হৃদয়ক নিৰ্জীৱ কৰি দিয়া ক্ষমতাৰ আশাত সি অন্ধ হৈ পৰিছিল।

সি এইটোও নাজানিছিল যে এগৰাকী মাতৃ যিমান নিৰ্ভয় হ’ব পাৰে সিমানেই চতুৰ আৰু নিৰ্দয়ো হ’ব পাৰে যদি সেই মাতৃয়ে সৃষ্টি কৰা জীৱনৰ ওপৰত প্ৰশ্নৰ উদ্ৰেক হয়।

মাৰিয়ান্নাই তললৈ মূৰ কৰি বহি আছিল আৰু সেনাপতি পুত্ৰৰ সজ্জিত তম্বুৰ ফাঁকেৰে চহৰখন লক্ষ্য কৰি আছিল, য’ত তেওঁ নিজৰ ভিতৰত প্ৰথম জীৱনৰ সৃষ্টিৰ পুলক অনুভৱ কৰিছিল আৰু সেই পুত্ৰই এতিয়া ধ্বংসপিপাসু ব্যক্তিত পৰিণত হৈছে।

সূৰ্যাস্তৰ ৰক্তিম আভাই চহৰখনৰ দেৱালবিলাক ৰক্তৰঞ্জিত কৰি দিছিল। খিৰিকীৰ আইনাত পৰা সূৰ্যৰশ্মিয়ে গোটেই চহৰখন ক্ষত-বিক্ষত ঘাঁৰে যেন ভৰাই পেলাইছিল আৰু মুকলি হৈ থকা ঘাঁবিলাকৰ পৰা যেন টপ্‌ টপ্‌কৈ তেজ নিগৰি পৰিছিল আৰু লাহে লাহে চহৰখন মৰাশৰ দৰে ক’লা হৈ পৰিছিল। সমাধিৰ ওপৰত জ্বলা জুইৰ শিখাৰ দৰে আকাশত তৰাবোৰে দপ্‌ দপ্‌ কৰিছিল।

মাৰিয়ান্নাই চাকি নজ্বলোৱা আন্ধাৰ ঘৰবিলাক দেখিছিল, দ’ম দ’ম মৰাশ আৰু অৱসাদেৰে ভৰা ৰাস্তাবোৰো তেওঁৰ দৃষ্টিগোচৰ হৈছিল। মৃত্যুৰ অপেক্ষাত আতংকিত হৈ থকা চহৰবাসীৰ মনে মনে পতা কথাৰ শব্দও তেওঁৰ কাণত পৰিছিলহি। তেওঁ সকলো দেখিছিল। তেওঁৰ অতি আপোন, অতি প্ৰিয় সকলো তেওঁৰ চকুৰ সন্মুখলৈ আহিছিল, সকলোৱে মৃত্যুৰ ক্ষণ গণিছিল, মাৰিয়ান্নাৰ এনেকুৱা লাগিল যেন তেওঁ সকলো দেশবাসীৰে মাতৃ।

ক’লা পাহাৰ শিখৰৰ পৰা মেঘৰ টুকুৰাবিলাক উপত্যকাৰ ভিতৰলৈ ওলাই আহিল আৰু পাখিলগা ঘোঁৰাৰ দৰে অভিশপ্ত চহৰখনৰ ওপৰত তীব্ৰ বেগেৰে যেন জঁপিয়াই পৰিল।

“আমি আজি ৰাতিয়েই আক্ৰমণ কৰিব পাৰোঁ”— মাৰিয়ান্নাৰ পুত্ৰই ক’লে, “যদি ৰাতি আন্ধাৰ ঘন হয়। চকুত সূৰ্যৰ ৰশ্মি পৰিলে মাৰিবলৈ অলপ কষ্ট হয়। তীক্ষ্ণ অস্ত্ৰৰ ওপৰত ৰ’দৰ চিক্‌মিকনিয়ে চকুত ধৰে আৰু কিছুমান অস্ত্ৰ এনেয়ে যায়।” সি তাৰ তৰোৱালখন পৰীক্ষা কৰি কৰি ক’লে।

মাৰিয়ান্নাই পুতেকক ক’লে, “আহ বাছা, মোৰ বুকুতে মূৰ গুজি বিশ্ৰাম কৰ। মনত পেলাচোন, সৰুতে তই কিমান স্ফূৰ্তিবাজ আছিলি, সকলোলৈকে তোৰ কিমান দয়া আছিল, সকলোৱে তোক কিমান ভাল পাইছিল…।”

তেওঁৰ কথা মানি সি তেওঁৰ কোলাত মূৰটো থৈ টোপনিয়াবলৈ চেষ্টা কৰি কৰি ক’লে— “মই কেৱল যশস্বী আৰু বিখ্যাত হোৱাটোকে বিচাৰোঁ আৰু ভাল পাওঁ। তদুপৰি মোক ডাঙৰ-দীঘল কৰি আজিৰ এই অৱস্থালৈ আনি দিয়াৰ বাবে তোমাক ভাল পাওঁ।”
“আৰু তিৰোতা মানুহক?” মাৰিয়ান্নাই পুতেকলৈ চাই প্ৰশ্ন কৰিলে।
“আছে দুই-চাৰিগৰাকী। যিকোনো বস্তু অত্যধিক হ’লে বিতৃষ্ণা জন্মে।”
“সন্তান-সন্ততিৰ ইচ্ছা নাই নেকি তোৰ?” শেষত মাকে সুধিলে।
“কি কাৰণে? কিয়, সিহঁতৰ মৃত্যু হ’বৰ কাৰণে? মোৰ নিচিনাকৈ কোনোবাই সিহঁতক মাৰি পেলাব। তেতিয়া মই অত্যন্ত দুখ পাম। মোৰ বল, বয়সো নাথাকিব যে মই তাৰ প্ৰতিশোধ ল’ম।”
“তই দেখিবলৈ ইমান ধুনীয়া। কিন্তু গাটো বিজুলীৰ দৰে একেবাৰে নিষ্ফল…, বন্ধ্যা।”
“অ অ, একেবাৰে বিজুলীৰ দৰে।” সি অলপ হাঁহি উত্তৰ দিলে।
সৰু ল’ৰাটোৰ দৰে মাকৰ কোলাত তাৰ টোপনি গ’ল।

❧ | আৰু পঢ়ক: হুমেৰা আহমেদৰ গল্প ‘মেহবুব মঞ্জিল’

তাৰ পাছত মাৰিয়ান্নাই পুতেকক নিজৰ ক’লা কাপোৰখনেৰে ঢাকি তাৰ বুকুত চুৰীখন সুমুৱাই দিলে। অলপ দেৰি ছট্‌ফট্‌ কৰি সি মৰি থাকিল। তেওঁৰ পুতেকৰ হৃৎপিণ্ড কোনখিনিত, সেয়া তেওঁতকৈ ভালকৈ আৰু কোনে জানিব?
স্তব্ধ, সচকিত প্ৰহৰীজনৰ ভৰিত পুতেকৰ শৱটো ঠেলি পেলাই দি মাৰিয়ান্নাই চহৰখনৰ উদ্দেশ্যে ক’লে— “এগৰাকী নাগৰিক হিচাপে দেশৰ কাৰণে যি কৰিব লাগে, মই কৰিছোঁ। মাতৃ হিচাপে মই মোৰ পুত্ৰৰ লগত থাকিম। আৰু এটা সন্তান গৰ্ভত ধাৰণ কৰিবলৈ সময় আৰু মোৰ নাই। মোৰ জীৱন আৰু কাৰোৰে প্ৰয়োজন নহয়।”

তেজেৰে লুতুৰি পুতুৰি হোৱা চুৰীখন এখন হাতেৰে ধৰি তেওঁ নিজৰ বুকুত সুমুৱাই দিলে। এইবাৰো ঠিক লক্ষ্যভেদ কৰিলে। কিয়নো বেদনাৰ্ত মাৰিয়ান্নাৰ কাৰণে নিজৰ হৃৎপিণ্ডৰ সন্ধান পোৱাটো একো টান কাম নাছিল।

মেক্সিম গৰ্কীৰ গল্প: এজন স্বজনবৈৰীৰ মাতৃ | প্ৰতিভা গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক