“তে
নেহ’লে তই ডিভোৰ্ছৰেই খাটাং সিন্ধান ল’লি?“
“খাটাং বুলিয়েই ধৰ।“
“ধৰিবলৈ আকৌ কি আছে? এনেকুৱা ছিৰিয়াছ কথাত মনৰ দোধোৰ-মোধোৰ অৱস্থা কিন্তু ভাল নহয়। পাছত পস্তাবি।“
“নহয় আ’। এইখিনিতে এটা সমস্যা আহি পৰিছে।“
“কি?“
“মিকি আৰু বিকিক লৈ সমস্যাটো হৈছে।“
“বুজাই ক।“
“মানে মিকি আৰু বিকিয়ে মাক-দেউতাক কাকো এৰিব নোখোজে। ডিভোৰ্ছৰ পাছত সুজাতা আৰু মই বেলেগে বেলেগে থাকিব লাগিব। তেতিয়া সিহঁতে মাক বা দেউতাক— যিকোনো এটাকহে পাব।” “সেইটোতো হয়েই। ডিভোৰ্ছৰ অৰ্থই হৈছে ছেপাৰেট।“
“সেই কথাটোকে সিহঁত দুটাই বুজিব নোখোজে।“
“এইটো একেবাৰে স্বাভাৱিক কথা। ডিভোৰ্ছৰ অৰ্থ বুজিব পৰাকৈ সিহঁতৰ বয়সেই বা হৈছে কিমান! ছয়-সাতমান হ’লনে?“
“মিকিৰ সাত, বিকিৰ পাঁচ।“
“তেনেহ’লে ? এই বয়সত ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ পৰা সমান মৰম বিচাৰিবই।“
“জানো।“
“জান যদি তই ডিভোৰ্ছ ল’ব খুজিছ কিয়?“
“ইমান অশান্তি কৰি আৰু কিমান দিন জীয়াই থাকিবি! জীয়াই থকাৰ অৰ্থই বা কি!“
“সংসাৰ কৰিলে দুই-এটা অশান্তি থাকিবই। সেইবোৰ সহ্য কৰিয়েই জীয়াই থাকিব লাগিব।“
“নোৱাৰি আৰু! সহ্য কৰিব পৰাহেঁতেন ডিভোৰ্ছৰ সিদ্ধান্ত নলওঁৱেই।"
"তেনেহ’লে সোনকালে ডিভোৰ্ছটো লৈ পেলা। খেলা খটম!”
“ল’মতো ল’মেই। পাৰিলে কাইলৈকে ল’ম। কিন্তু মিকি-বিকিৰ কথাটোৰ কাৰণেহে…।“
“মিকি-বিকিৰ কথা চিন্তা কৰিলে তই ডিভোৰ্ছ ল’ব কেতিয়াও নোৱাৰিবি। গতিকে সিহঁতৰ কথা বাদ দে।“
“কিন্তু মই যে সিহঁতৰ দেউতাক। পিতৃ হিচাপে মই সিহঁতৰ কথা চিন্তা কৰাটো মোৰ কর্তব্য।“
“চা, তই এটা হাতেৰে দুটা শ’ল কেতিয়াও ধৰিব নোৱাৰ। তই এটা শান্তিময় জীৱন কটাবলৈ হ’লে ডিভোৰ্ছ ল’বই লাগিব। আৰু তই মিকি-বিকিৰ কথা চিন্তা কৰিবলৈ হ’লে এটা অশান্তিময় জীৱনেই কটাই থাকিব লাগিব। এনে ক্ষেত্ৰত তোৰ কৰণীয় কি তই নিজেহে বেছি ভালকৈ জানিবি।“
“নাই, মোৰ মূৰে কাম নকৰা হৈছে। সেয়ে তোৰ ওচৰলৈ আহিছোঁ।“
“পৰামৰ্শ বিচাৰি?”
“নহয়, উপায়।“
“হহুঁৱালি।“
“কিয়?“
“মোৰ নিচিনা দাংবৰলা এটাই তোক কি উপায় দিম কচোন। সংসাৰৰ তিতা-মিঠাতো মই একোৱেই পোৱা নাই।“
“নহয়, তই পাৰিবি দিব। তই লেখক মানুহ। তোৰ চিন্তা-চর্চা আনতকৈ বহুত বেলেগ। আৰু মোৰ চব সমস্যাৰ উপায়তো তয়েই দিয়।“
“সেইটো হয়। কি সব ক্ষেত্রতে থিয়ৰিৰ লগত প্রেক্টিকেল নিমিলিবও পাৰে।“
“অৰ্থাৎ?“
“তোৰ আমাৰ লগৰ বিপুলক মনত আছেনে?“
“আছে। কিন্তু ইয়াৰ মাজলৈ বিপুল আহিল কিয়?”
“কৈ আছোঁ। শুনি যা। চাকৰি পোৱাৰ আগতে সি এবাৰ ৰঙালাওৰ খেতি কৰিবলৈ মন মেলি মোক এটা হিচাপ কৰি দেখুৱালে। তাৰ মতে, পাঁচ বিঘা মাটিত ৰঙালাও খেতি কৰি এবছৰত সি দুই লাখ টকা লাভ কৰিব পাৰিব। মই কিন্তু তাৰ কথাত একমত নহ’লো। মোৰ হিচাপ মতে সি বিছ হাজাৰ পোৱাটোও কঠিন হ’ব। মই হতাশ কৰিছোঁ বুলি সি মোক পেটে পেটে বেয়াই পালে। পাছত গম পালো— সি মাত্ৰ দহ নে বাৰ হাজাৰ টকাহে পালে।“
“তাৰ মানে তই ইয়াৰ দ্বাৰা বুজাব খুজিছ— তোৰ উপায়টো ফলপ্রসূ নহ’বও পাৰে।“
“ঠিকেই বুজিছ।“
“তথাপি দেচোন এটা। কিজানি কামত আহেই।”
“ইমানকৈ ধৰিছ যেতিয়া দিম বাৰু এটা। কিন্তু তই যদি প্রথমেই মোৰ কথা শুনিলিহেঁতেন, মোৰ ওচৰলৈ উপায় বিচাৰি কেতিয়াও আহিব নালাগিলহেঁতেন।“
“মানে?“
“মানে মইতো তোক সুজাতাক বিয়া কৰাবলৈ মানা কৰিছিলো।“ “কৰিছিলি, দস্তুৰমত কৰিছিলি। মোৰ ভালৰ বাবেই কৰিছিলি।“
“কিন্তু তাৰ কাৰণে তই মোক পেটে পেটে বেয়াই পাইছিলি। আনকি সুজাতাৰ লগত মোৰ কিবা গোপন সম্পর্ক আছে বুলি সন্দেহ প্রকাশ কৰিছিলি।“
“লাজ নিদিবি আৰু। তেনেকুৱা বয়সত মানুহৰ মন এনেকুৱাই হয়।“
“হ’ব, বুজিছোঁ তোৰ কথা। কিন্তু তোক কথাবোৰ ইমান ফহিয়াই বুজাই দিয়াৰ পাছত তই মোৰ কথা শুনিব লাগিছিল।“
“কি কৰিবি। সেই সময়ত মই সুজাতাৰ প্ৰেমত প্ৰায় পাগল হৈ গৈছিলো। তাতে প্রথম প্রেম। সুজাতা অবিহনে জীৱন বৃথা যেন লাগিছিল।“
“এইখিনিলৈকে ঠিকেই আছিল। প্ৰেমত পৰাটো একো বেয়া কথা নহয়, অপৰাধো নহয়। কিন্তু প্রেম আৰু বিবাহ দুটা বেলেগ বস্তু। কাৰণ প্রেমত চৰ্ত নাথাকে, বিবাহত থাকে। প্রোমত দায়ৱন্ধতা নাথাকে, বিবাহত থাকে। প্ৰেমত যৌনতা নাথাকে, বিবাহত থাকে।“
“তেনেহ’লে তই ক’ব খোজ নেকি প্রেমবিবাহ যুক্তিসন্মত নহয় ?"
"নকওঁ। প্রেমত যুক্তিৰ কথা আহিবই নোৱাৰে।“
“তেনেহ’লে?“
“মই ক’ব খুজিছোঁ, প্ৰেমত পৰাৰ পাছত যুৱক-যুৱতী দুযো মানসিকভাৱে বহুত ওচৰ চাপি যায়। আজিকালি অৱশ্যে শাৰীৰিকভাৱেও। সেই কথা বাদ। পৰস্পৰৰ ৰুচি-অভিৰুচি, চিন্তা-চৰ্চা, উচ্চাকাংক্ষা, জীৱনবোধ জনাৰ পাছত প্রেমিক-প্রেমিকাই ভাবি চোৱা উচিত— বিবাহৰ পাছত তেওঁলোক সুখী হ’ব নে নহয়, জীৱনৰ সুদীর্ঘ পথত আমৃত্যু সুখে-দুখে হাতত হাত ধৰি আগবাঢ়ি যাব পাৰিব নে নাই।“
“সেইবোৰ কথা মনত ৰাখিয়েইতো প্রেমিক-প্রেমিকা বিয়াত বহে। নহ’লে…।“
“বহে, কিন্তু তেনেই কম সংখ্যকহে। সৰহ সংখ্যকে বিয়াৰ পাছত যি হয় হ’ব, এৰা-ধৰা কৰি চলি যাব— এনেকুৱা ধাৰণা কিছুমান পোষণ কৰিহে বহে। অৱশ্যে কিছুমানে আৰু এটা যুক্তি সৃষ্টি কৰি লয়।“
“কি?“
“এওঁলোকে ভাবে— শাৰীৰিক সম্পর্কই নাৰী-পুৰুষৰ সম্পৰ্ক দৃঢ় কৰে। এবাৰ শাৰীৰিক সম্পর্ক ঘটাৰ পাছত তেওঁলোক আৰু পৃথক হ’ব নোৱাৰে। গতিকে বিভিন্ন ক্ষেত্ৰত পাৰ্থক্য থাকিলেও এওঁলোকে বিয়াত বহিবলৈ সংকোচ নকৰে। ফলত এওঁলোকৰ তোৰ নিচিনা অৱস্থা হয়গৈ।“
“মোৰ ক্ষেত্রতো এনেকুৱাই হৈছিল বুইছ?”
“মানে?“
“মানে সুজাতাৰ মনটোতকৈও শৰীৰটোৱেহে মোক বেছিকৈ আকৰ্ষণ কৰিছিল। তই যদি আমাৰ মানসিক আৰু শাৰীৰিক আকর্ষণক প্ৰেছাৰৰ লগত তুলনা কৰ, তেনেহ’লে আমাৰ প্রেমৰ প্ৰেছাৰৰ জোখ আছিল টুৱেণ্টি বাই এইটি।“
“এতিয়া বুজিলি নহয়— প্ৰেমৰ কাৰণে শৰীৰ নহয়, মনহে মুখ্য। বাৰু এতিয়া সেইবোৰ কথা বাদ দে। এতিয়া আচল কথালৈ আহ।“
“তই আহিলেহে মই যাব পাৰিম। বলটোতো এতিয়া তোৰ হাতত।“
“ঠিকেই কৈছ। কিন্তু প্রথমতে মই তোৰ পৰা দুটামান কথা জানি ল’ব লাগিব।”
“কি কথা?“
“সুজাতাৰ লগত তোৰ প্ৰথম মনোমালিন্য কেতিয়া হৈছিল? কি কথাত হৈছিল?“
“বিকিৰ জন্মৰ আগে আগে। অৰ্থাৎ আজিৰ পৰা প্ৰায় ছবছৰ আগেয়ে।“
“কি কথাত?”
“সুজাতাই বিকিক জন্ম দিব খোজা নাছিল। মানে তাই বিকিৰ ক্ষেত্রত এবৰছন কৰিব খুজিছিল।”
“কিয়?“
“তাই দ্বিতীয় এটা সন্তান কামনা কৰা নাছিল। এটা সন্তানত তাই সন্তুষ্ট থাকিব খুজিছিল।“
“তাৰ কাৰণে তহঁত আগেয়েই সাৱধান নহলি কিয়?“
“হৈছিলো।“
“তেনেহ’লে এবৰছনৰ নিচিনা পর্যায় এটা কিয় পাবগৈ লগা হ’ল?”
“তোৰ আগত আৰু কি লুকুৱাম। আচলতে সুজাতাই জন্ম নিয়ন্ত্ৰণৰ কাৰণে একে ঔষধেই সেৱন কৰিব খোজা নাছিল।“
“কিয়?“
“তেনেকুৱা ঔষধ খালে হেনো স্বাস্থ্য হানি হয়। পাছত জৰায়ুৰ কেন্সাৰ পর্যন্ত হ’ব পাৰে।“
“সেইটো অৱশ্যে হয়। কিন্তু তোৰ ফালৰ পৰাওতো সাৱধান হ’ব পৰা অনেক উপায় আছিল।“
“সমস্যাটোতো সেইটাৱেই। মই যিটো উপায়েৰে সাৱধানতা লৈছিলো, সেইটো উপায়ত তাই সন্তুষ্ট নহৈছিল, আচল সুখ নাপাইছিল। গতিকে আমি প্রাকৃতিক উপায় অবলম্বন কৰিব লগা হৈছিল। তেনেকৈয়ে চলি আছিলো। কিন্তু এবাৰ তাই হিচাপত খেলিমেলি কৰিলে। ফলত…।“
“ভ্রূণ হত্যা যে এক মহাপাপ, অক্ষমণীয় অপৰাধ, সেই কথা তাইক তই বুজোৱা নাছিলি?”
“সেই কথা মই তাইক কিয় বুজাব লাগে? তাইতো নিজেই এজনী শিক্ষিতা ছোৱালী। তথাপি তাইক মই বহুত বুজাইছিলো। কিন্তু তাই কোনোপধ্যেই মান্তি হোৱা নাছিল। ইপিনে ময়ো মোৰ খুঁটি এৰি দিয়া নাছিলো। মই সাধাৰণ মনৰ, স্থূল চিন্তা-চৰ্চাৰ, সদায় আহাৰ-নিদ্রা-মৈথুনসর্বস্ব জীৱন এটাতে ব্যস্ত থকা মানুহ হ’লেও এনেকুৱা অমানৱীয় কাম কেতিয়াও কৰিব নোৱাৰোঁ। ভাগ্য ভাল, আমি স্বামী-স্ত্রী আছিলো। সুজাতাই গর্ভপাত কৰাব খোজা কথাটোত মোৰো সন্মতিৰ প্ৰয়োজন আছিল। গতিকে কথাটোত মই সন্মতি নিদিয়াত সুজাতাই বিকিক জন্ম দিবলৈ বাধ্য হৈছিল। কিন্তু কি হ’ব! সেই তেতিয়াৰ পৰাই আমাৰ মাজত এটা ফাটৰ সৃষ্টি হৈছিল। একেবাৰে সৰু সৰু কথাতে তর্কাতকি, কেতিয়াবা মাৰ-পিট পৰ্যন্তও হৈ গৈছিল। অবশ্যে তাৰ আগেয়েও কিছুমান কথাত আমাৰ মাজত মতবিৰোধ হ’বলৈ আৰম্ভ কৰিছিল।“
“যেনে?“
“যেনে মিকিক স্কুলত দিয়াৰ সময়ত হৈছিল। মই মিকিক অসমীয়া মাধ্যমৰ স্কুলত দিব খুজিছিলো, কিন্তু সুজাতাই জোৰ দিছিল ইংৰাজী মাধ্যমৰ স্কুলত দিয়াত। এই ক্ষেত্ৰত অৱশ্যে তায়েই জয়ী হৈছিল।“
“আৰু?“
“দেউতাৰ মৃত্যুৰ পাছত আৰু মাক মোৰ লগলৈ অনাৰ সময়ত। মাক মোৰ লগত ৰাখিবলৈ সুজাতা কোনোপধ্যে ৰাজি হোৱা নাছিল। তাইৰ কথা আছিল— নিজৰ চাকৰি, দুটা সন্তানক প্রতিপালন কৰা, তাৰ মাজাত মাক সেৱা-শুশ্রূষা কৰাৰ নিচিনা অতিৰিক্ত বোজা এটা তেওঁ কেনেকৈ বহন কৰিব? কিন্তু এই ক্ষেত্ৰত সুজাতা জয়ী হ’ব পৰা নাছিল। মোৰ কথা আছিল— মা অবিহনে তাই মোক নাপালেহেঁতন আৰু মোক নোপোৱাহেঁতেন তাই সন্তান দুটা কেনেকৈ পালেহেঁতেন?”
“এতিয়া মাৰ ক’ত আছে?
“দস্তুৰমত মোৰ লগত।“
“এইটো তই বৰ ভাল কাম কৰিলি। এই ক্ষেত্ৰত তই যদি সুজাতাৰ লগত আপোচ কৰিলিহেঁতেন, তোক মই এই মুহূর্ততে ইয়াৰ পৰা উঠাই পঠিয়ালোহেঁতেন।”
“চিন্তা নকৰিবি। সেই সুযোগ তই কেতিয়াও নাপাবি।“
“ভাল কথা। আৰু? আৰু কি কথাত তহঁতৰ মতভেদ হৈছিল? কাজিয়া লাগিছিল?”
“বহুত কথাত। গোটেইবোৰ ক’বলৈ গ’লে এখন মহাভাৰত হ’ব, আচল কথাটো তল পৰি যাব।”
“ঠিক আছে। আৰু নালাগে ক’ব। যি বুজিব লাগে মই এইখিনিৰ পৰাই বুজিছোঁ। কিন্তু এইখিনিতে অইন এটা কথা আহি পৰিছে।”
“কি কথা?“
“ডিভোর্চৰ কথাটো কেৱল তয়েই চিন্তা কৰিছনে, সুজাতায়ো কৰিছে?”
“তায়ো কৰিছে। পৰাহেঁতেন তাই বিকিৰ কথাটোৰ সময়তে ডিভোর্চ ল’লেহেঁতেন। কিন্তু তেতিয়া তাইৰ চাকৰিটো পার্মানেণ্ট হোৱা নাছিল, তাই আর্থিকভাৱে দুর্বল আছিল। এতিয়াতো তাই মোতকৈ বেছি দৰমহা পায়। শাতিকে তাই এতিয়া একো কথালৈকে পৰোৱা নকৰে।“
“এইটো সুজাতাই নিজে কোৱা কথানে, তই ভবা কথা?”
“তাই নিজ মুখুৰে নক’লেও তাইৰ ভাব-ভংগীৰ পৰাতো এনেকুৱা যেনেই লাগে।“
“তেনেহ’লে এইটো তোৰ ভুল ধাৰণা।“
“কিয়?“
“চা, টকা-পইচাই সকলো সমস্যাৰে সমাধান কৰিব নোৱাৰে। তেনে হোৱাহেঁতেন ধনী মানুহবোৰৰ একোৱেই সমস্যা নাথাকিলহেঁতেন। কিন্তু পৃথিৱীত তেওঁলোকৰে সমস্যা বেছি। মাথোঁ সমস্যাৰ ধৰণবোৰ বেলেগ বেলেগ। ধৰি ল’লো— মিকি-বিকিৰ সমস্যাটোও সমাধান হৈ গ’ল, তহঁতৰ ডিভোর্চো হৈ গ’ল। তেতিয়াও তই নাভাবিবি তোৰ সমস্যাৰ সমাধান হৈ গ’ল বা তোৰ জীৱনলৈ শান্তি আহিল। বৰঞ্চ তোৰ সমস্যা বাঢ়িবহে, অশান্তিও বাঢ়িব।”
“কেনেকৈ?”
“তেনেই সাধাৰণ কথা। সুজাতাৰ লগত তোৰ সম্পৰ্ক বাৰ বছৰৰ। পাঁচ বছৰ প্রেমৰ, সাত বছৰ বৈবাহিক জীৱনৰ। এজনী মানুহৰ লগত ইমান দীর্ঘ সময় একেখন চালৰ তলতে, একেখন বিছনাতে কটোৱাৰ পাছত সেইজনী মানুহক সংসাৰৰ কিছুমান সাধাৰণ কথাতে ত্যাগ কৰিবলৈ ওলোৱাটো…।“
“বিকি আৰু মাৰ কথাটোক তই সাধাৰণ কথাৰ শাৰীত পেলাইছ?“
“নাই পেলোৱা বাৰু। গভীৰ কথাৰ শাৰীতে পেলাইছোঁ। কিন্তু এই কথা দুটাৰ বিপক্ষে সুজাতাৰো কিছুমান সবল যুক্তি থাকিব পাৰে— যিবোৰ যুক্তি তই-মই হয়তো সহজে দলিয়াই পেলাব নোৱাৰিবও পাৰোঁ! আৰু পঢ়ি থকা কালৰে পৰা সুজাতাক মই যিমানখিনি জানো, তাই ডিভোর্চৰ কথা চিন্তা কৰাহেঁতেন বিয়াৰ দুবছৰ বা তিনি বছৰ পাছতে কৰিলেহেঁতেন। ইমান দিনলৈ কেতিয়াও বাট নাচালেহেঁতেন। কাৰণ তাই তোৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ প্রেমত পৰা নাছিল। তোৰ আৰ্থিক দিশটোৰ প্ৰতিও তাইৰ নজৰ নাছিল।“
“তই কেনেকৈ জানিলি?”
“তই যেনেকৈ মোৰ ভাল বন্ধু, তায়ো মোৰ ভাল বান্ধৱী। তোৰ দৰেই তাইৰ মনৰ কথাও মই ভালদৰেই জানো।“
“তায়ো আকৌ মোৰ দৰেই তোৰ ওচৰলৈ উপায় বিচাৰি আহিছিল নেকি?“
“নাই অহা। হয়তো কেতিয়াও নাহিবও।“
“কেনেকৈ ক’লি?“
“কাৰণ তাই সংসাৰৰ সৰু-সুৰা সমস্যা আৰু অশান্তিবোৰ সহজভাৱে ল’বলৈ শিকিছে, তই শিকা নাই।“
“সুজাতাৰ কথা বাদ দে এতিয়া। মোৰ কথালৈ আহ।“
“আহিছোঁ। কিন্তু কি কথা পাতি আছিলো মই পাহৰি গৈছোঁ।“
“মোৰ বিবাহোত্তৰ জীৱনৰ সমস্যা আৰু অশান্তিৰ কথা।“
“অঁ। ডিভোর্চৰ পাছত তোৰ জীৱনলৈ প্ৰথমেই আহিব নিসংগতাৰ সমস্যা। প্ৰথম দুদিনমান তোৰ নতুন, অকলশৰীয়া জীৱন এটা ভালেই লাগিব। কিন্তু দিন যোৱাৰ লগে লগে তোৰ নিসংগতা সহ্য নোহোৱা হৈ আহিব। কিয়নো তই ইতিমধ্যে পৰিয়ালৰ লগত, সমূহীয়া জীৱনত অভ্যস্ত হৈ গৈছিলি। নিসংগতা দূৰ কৰিবলৈ তই হয়তো সুৰাৰো আশ্রয় ল’বগৈ পাৰ। তেতিয়া তোৰ সামাজিক স্থান অৱনমিত হৈ যাব। নানাজনে তোক নানা প্রশ্ন কৰি ব্যতিব্যক্ত কৰি তুলিব— ডিভোর্চ কিয় ল’লা? পৰিবাৰৰ লগত কাৰোবাৰ কিবা গোপন সম্পর্ক গঢ়ি উঠিছিল নেকি? নে তোমাৰেই কাৰোবাৰ লগত থকা অবৈধ সম্পর্ক পৰিবাৰে পৰা পেলাইছিল? সন্তান দুটা এতিয়া কাৰ লগত? তোমাৰ লগত নে পৰিবাৰৰ লগত? সিহঁতক তুমি লগ কৰিব পাৰানে? লগ কৰিবলৈ ক’ৰ্টে অনুমতি দিছেনে? পৰিবাৰক তুমি কিবা কমপেনছেছন দিব লগা হৈছে নেকি? যদি হৈছে কিমান? তুমি আকৌ কাৰোবাক বিয়া কৰোৱাৰ কথা ভাবিছা নেকি?… অকল তোৰেই নহয়, সুজাতা আৰু বিকি-মিকিৰ জীৱনলৈও হৰেক ৰকমৰ সমস্যা আৰু অশান্তি আহি পৰিব।“
“যেনে?“
“যেনে আর্থিক দিশত নুভুগিলেও সুজাতাই আন কিছুমান দিশত নিৰাপত্তাহীনতাত ভুগিব। আমাৰ সমাজত নাৰীলোভী মানুহৰ অভাৱ নাই। সেই মানুহবোৰে নানা অচিলা লৈ তাইৰ ওচৰ চাপিবলৈ যত্ন কৰিব, তাইক অসৎ পথলৈ টানি নিবলৈ চেষ্টা চলাব। বিকি-মিকি লগৰ ল’ৰা-ছোৱালীৰ লগত সহজ হ’ব নোৱাৰিব। কিছুমান সামাজিক ক্ষেত্রত সিহঁত হীনমন্যতাত ভুগিবলৈ ল’ব। এইবোৰে সিহঁতৰ মানসিকতাত প্ৰভাৱ পেলাব। সিহঁত খঙাল হ’ব, জেদী হ’ব, অন্তৰ্মুখী হৈ পৰিব।”
“ধেৎতেৰি! মই এইবোৰ কথা ভাবিয়েই চোৱা নাছিলো।”
“ভাবি চোৱাহেঁতেন তই ডিভোৰ্চৰ কথাটো মনলৈ নানিলিয়েইহেঁতেন। ৰ, এইখিনিতে বেলেগ এটা কথা মনলৈ আহিছে।“
“কি?“
“তহঁত দুটাৰ মাজত এতিয়া শাৰীৰিক সম্পৰ্ক ঘটে নে নাই?“
“ঘটে, নিয়মিত ঘটে।“
“তেনেহলেতো আৰু দিগদাৰ আছে।“
“কিয়?“
“তোৰ বয়স এতিয়া মাত্ৰ পঞ্চলিশ। ধৰি লৈছোঁ ষাঠি বছৰ বয়সলৈকে তোৰ যৌনশক্তি অটুট থাকিব। এইখিনি সময়ত তই দেহৰ চাহিদা কেনেকৈ পূৰণ কৰিবি? নে অফিচৰ কোনোবা পিএ-চিএৰ লগত তলে তলে চক্কৰ চলাই আছ— ডিভোর্চৰ পাছত তাই বিয়া কৰাই পেলাবি?“
“ধেৎ! এইবোৰ কি কৈছ? মোৰ তেনেকুৱা একো ধান্দা নাই। অন্ততঃ সুজাতা লগত থকালৈকে মই তেনেকুৱা কথা কল্পনা কৰিব নোৱাৰোঁ।“
“তেনেহ’লে মোৰ প্ৰশ্নৰ উত্তৰ দে।“
“দমন কৰি ৰাখিম।“
“মিছা কথা। নোৱাৰ। নাৰীয়ে পাৰিলেও পুৰুষে যৌনস্পৃহা বেছি দিন দমন কৰি ৰাখিব নোৱাৰে।“
“সেইটোৱেই যদি হয়, তেনেহ’লে কাৰোবাক বিয়া কৰাব লাগিব আকৌ।”
“তেতিয়াও তই সম্পূর্ণ সুখী হ’ব নোৱাৰিবি।“
“কিয়?“
“সুজাতাৰ নিচিনা অতীব সুন্দৰী যুৱতী এগৰাকী তই দুনাই নাপাবও পাৰ। তাতে তই ডিভোৰ্চী মানুহ। এনেকুৱা মানুহলৈ ভাল ছোৱালী ক’ত আহিব কচোন। অঁ, তই যদি কাৰোবাক প্ৰেমৰ জালাত ফচাব পাৰ, তেতিয়া বেলেগ কথা।“
“এই বয়সত প্রেম?“
“একো অসম্ভৱ নহয়। ইয়াতকৈও বেছি বয়সত মানুহৰ প্রেম হয়।“
“মোৰ দ্বাৰা আৰু নহ’ব। এবাৰ প্ৰেমত পৰিয়েই এতিয়াও জোলোকা-জোলোকে পানী খাই আছোঁ।“
“ৰ। এইখিনিতে আৰু এটা কথা মনলৈ আহিছে।“
“কি?“
“তই ডিভোর্চ দিয়াৰ পাছত সুজাতায়ো যদি বেলেগ কাৰোবাক বিয়া কৰায়, তই জানো ঈর্ষাত জ্বলি-পুৰি নমৰিবি?”
”এইটোতো ষোল অনাই সঁচা কথা।”
“তেনেহ’লে তই জানো সুখী হ’ব পাৰিবি?”
“কথাবোৰ বৰ গণ্ডগোলীয়া দেখোন।“
“শুন। কথাবোৰ এনেকৈ বঢ়াই বঢ়াই নি থাকিব পাৰি। তাৰ ডিভোৰ্চৰ সপক্ষে-বিপক্ষে নানা যুক্তি থিয় কৰাব পাৰি। কিন্তু লাভ একো নহ’ব।“
“অৰ্থাৎ?“
“অৰ্থাৎ কথাটোৰ একো সু-সমাধান নোলাব।“
“তেনেহ’লে মই এতিয়া কি কৰোঁ?”
“মোৰ মতে তই ডিভোর্চ নোলোৱাটোৱেই শ্রেয়।“
“কি?“
“ও, তহঁতৰ মাজত সৰু-সুৰা খুট-খাট, তৰ্কা-তৰ্কি, কাজিয়া-পেচাল লগাৰ বাহিৰে বাকী দিশত তহঁতেতো স্বাভাৱিক জীৱনেই কটাই আছ— একেলগে খাইছ, ফুৰিছ, বজাৰ কৰিছ, মন্দিৰলৈ গৈছ, জইণ্ট একাউণ্ট খুলিছ, জীবন বীমাৰ পলিচি কৰিছ। আনকি নিশা একেলগে শুইছও!… ৰ, এইখিনিতে এটা নতুন কথা মনলৈ আহিছে।“
“কি?“
“তই অলপ আগেয়ে কৈছিলি নহয়— সুজাতাৰ লগত তোৰ নিয়মিত যৌন সম্পর্ক স্থাপন হৈ আছে?“
“ও, কৈছিলো।“
“তহঁত দুয়োটাৰ মাজত যে প্রকৃত মনোমালিন্য ঘটা নাই, তহঁত দুয়োটাই যে কোনেও কাকো অন্তৰেৰে ত্যাগ কৰিব খোজা নাই— এই কথাটোৱেই আটাইতকৈ ডাঙৰ প্ৰমাণ।“
“ইমান পাক লগাই কথা নক’বি। চিধাচিধি ক।”
“মানে মানসিক আকর্ষণ নাথাকিলে এহাল স্বামী-স্ত্ৰী কেতিয়াও এনেকৈ সদায় একেখন বিছনাতে শুব নোৱাৰে। তহঁতৰ পৰস্পৰৰ প্ৰতি থকা মানসিক টানটো এতিয়াও শেষ হৈ যোৱা নাই। তাক জীয়াই ৰাখিবলৈ, পাৰিলে বঢ়াবলৈ চেষ্টা কৰ। তেহে সংসাৰৰ আচল মধু পান কৰিব পাৰিবি।“
“…।“
“কি হ’ল, মনে মনে থাকিলি যে! মনত কিবা খোকোজা আছে নেকি?”
“নাই, এটা কথা ভাবিছিলো।“
“কি?“
“সুজাতাক বিয়া কৰাব খোজোতেও মই তোৰ পৰা পৰামৰ্শ বিচাৰিছিলো। তেতিয়া মই তোৰ কথা মনা নাছিলো। আৰু এতিয়া সুজাতাক ডিভোর্চ দিব খুজি তোৰ পৰাই উপায় বিচাৰি আহিছোঁ।“
“এইবাৰ পিছে মোৰ কথা মানিবি নে নাই?”
“নামানিলে তই বেয়া নাপাবি জানো?”
“নাপাওঁ।“
“তেনেহ’লে মানিম।“ 💕
❧ | আৰু পঢ়ক: