আ ধুনিক অসমীয়া কবিতাৰ বুৰঞ্জীত ৰোমাণ্টিক যুগৰ পিছতেই নতুন কবিতা বা সাম্প্ৰতিক কবিতা হিচাপে আখ্যা পোৱা কবিতাৰ উন্মেষ হয় ‘জয়ন্তী’ আলোচনীৰ পাতত। চল্লিছৰ দশকৰ মাজভাগত প্ৰকাশিত ‘জয়ন্তী’ত যিসকল কবি-সাহিত্যিকে কবিতা ৰচনাৰ যোগেদি সমাজ-বাস্তৱতাৰ স্বৰূপ উদঙাই দেখুৱাবলৈ আগবাঢ়ি আহিছিল, সেইসকলৰ ভিতৰত অমূল্য বৰুৱাও এজন আছিল৷ অমূল্য বৰুৱাৰ কম সংখ্যক কবিতাৰ লগতে ভৱানন্দ দত্ত, হেম বৰুৱা আদিৰ কবিতাসমূহত প্ৰগতিবাদী ভাৱধাৰাৰ উদ্ভৱ হৈছিল আৰু তেওঁলোকে ৰোমাণ্টিক কাব্যৰ বাস্তৱ-বিমুখ, কল্পনাসৰ্বস্ব কাব্যৰ বিৰুদ্ধে ক্ৰান্তিকাৰী চেতনা আৰু সমাজবাদী ধাৰণাৰ বাহকস্বৰূপে কবিতাক প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছিল৷
অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ খ্ৰীষ্টাব্দৰ ৩০ জুন তাৰিখে, যোৰহাটৰ এটি মধ্যবিত্ত পৰিয়ালত৷ তেওঁৰ পিতৃৰ নাম আছিল প্ৰমোদ চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম আছিল ৰেৱতী বৰুৱা৷ প্ৰাথমিক শিক্ষাৰ অন্তত অমূল্য বৰুৱাই যোৰহাট চৰকাৰী বালক বিদ্যালয়ত নাম লগায় আৰু তাৰে পৰাই ১৯৪১ চনত অসমীয়া বিষয়ত লেটাৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে৷ ১৯৪৩ চনত অমূল্য বৰুৱাই জে বি কলেজৰ পৰা আই এ পাছ কৰে আৰু ১৯৪৫ চনত সেই কলেজৰে পৰাই সুখ্যাতিৰে বি এ পাছ কৰে৷ বি এ পাছ কৰাৰ পাছত অমূল্য বৰুৱা উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায় আৰু কলকাতা বিশ্ববিদ্যালয়ত এম এ আৰু আইনৰ শ্ৰেণীত ভৰ্তি হয়৷ অমূল্য বৰুৱা কলকাতাৰ ২নং ৰাজনাৰায়ণ ষ্ট্ৰীটত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত আছিল৷ কিন্তু পৰিতাপৰ কথা যে কলকাতাত পঢ়ি থকা অৱস্থাতে ১৯৪৬ চনৰ ১৮ আগষ্টৰ দিনা এদল সাম্প্ৰদায়িক সংঘৰ্ষকাৰীয়ে কলেজ হোষ্টেলতে আন কেইবাজনো ছাত্ৰৰ সৈতে অমূল্য বৰুৱাক হত্যা কৰে৷ এনেদৰে ভৱিষ্যতৰ বিৰাট সম্ভাৱনাপূৰ্ণ এটি কাব্যজীবন অকালতে লোপ পালে৷
জয়ন্তী যুগৰ আটাইতকৈ প্ৰতিভাসম্পন্ন কবি হিচাপে খ্যাত অমূল্য বৰুৱাই তেওঁৰ সমসাময়িক সমাজখনৰ ক্ষয়িষ্ণু ৰূপৰ চিত্ৰণ কবিতাৰ যোগেদি দাঙি ধৰিছিল আৰু বৈপ্লৱিক চেতনাৰে পাঠক সমাজক উদ্বুদ্ধ কৰি সুস্থ সমাজ এখন গঢ়াত গুৰুত্ব আৰোপ কৰিছিল৷ দ্বিতীয় মহাযুদ্ধৰ পাছত ভাৰতৰ লগতে অসমৰ জাতীয় জীৱনলৈও নানা ধৰণৰ দুঃখ-দুৰ্যোগ আহি পৰিছিল৷ ইয়াৰ লগতেই আকৌ বিয়াল্লিছৰ মুক্তি সংগ্ৰামৰ পৰিণতিয়ে ইয়াৰ আগৰ সময়ত প্ৰকাশ পোৱা মানুহৰ জীৱনৰ ৰোমাণ্টিক সপোনো ভাঙি দিছিল৷ মহাযুদ্ধৰ পাছত অসমৰ বিদ্বৎ সমাজ বা চিন্তাশীল লোকৰ মনত সমাজবাদী দৃষ্টিভংগী বা সমাজ সচেতন মনোভাৱে গঢ় লৈ উঠিছিল। এই মনোভাব গঢ়ি উঠাৰ ক্ষেত্ৰত এহাতে যেনেকৈ মহাত্মা গান্ধীৰ ৰাজনৈতিক গণতান্ত্ৰিক দৰ্শনে প্ৰভাৱ পেলাইছিল; আনহাতে প্ৰভাৱ পেলাইছিল মাৰ্ক্সীয় দৰ্শনেও৷ অমূল্য বৰুৱাৰ কবিতাত এই দুয়োটা দৰ্শনৰেই যেন প্ৰভাৱ পৰিলক্ষিত হয়।
অমূল্য বৰুৱাই কলকাতালৈ উচ্চ শিক্ষা ল’বলৈ যোৱাৰ আগেয়ে ইংৰাজ আধুনিক কবিসকলৰ ভিতৰত এলিয়ট, স্পেন্সাৰ, পাউণ্ড আদিৰ কবিতাৰ সংবাদ পাইছিল৷ তেওঁলোকৰ কবিতাই তেওঁৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল৷ ইয়াৰ লগতে কলকাতা মহানগৰীৰ অভিজ্ঞতায়ো তেওঁৰ মনক প্ৰভাৱিত কৰিছিল৷
অমূল্য বৰুৱাই কাব্যচৰ্চা আৰম্ভ কৰিছিল জগন্নাথ বৰুৱা কলেজত পঢ়া সময়ৰে পৰা৷ স্কুলীয়া জীৱনৰে পৰা তেওঁ সাহিত্যসেৱী আছিল যদিও এই সময়ৰ পৰাহে তেওঁ কাব্যচৰ্চাত মনোনিৱেশ কৰে৷ কলেজত পঢ়ি থকা কালতে তেওঁ গণেশচন্দ্ৰ গগৈৰ কবিতাৰ এটি সংকলন সম্পাদনা কৰি ‘ৰূপজ্যোতি’ নামেৰে প্ৰকাশ কৰে৷ প্ৰথম অৱস্থাত তেওঁ সাহিত্য সংগঠন আদিত ব্যস্ত আছিল যদিও পাছলৈ সৃষ্টিশীল সাহিত্যত মনোনিবেশ কৰে৷ কলেজত পঢ়ি থকা কালতে অমূল্য বৰুৱাই কেইজনমান সাহিত্যপ্ৰেমী ছাত্ৰৰ সহযোগত ‘ৰ’দালি চ’ৰা’ নামেৰে এটা সাহিত্যানুষ্ঠান গঢ়ি তুলিছিল৷ অসমীয়া সাহিত্যৰ সমকালীন বৈশিষ্ট্যসমূহ অধ্যয়ন কৰাটো ৰ’দালি চ’ৰাৰ লক্ষ্য আছিল৷ অমূল্য বৰুৱা জগন্নাথ বৰুৱা কলেজৰ আলোচনী সম্পাদকো আছিল৷
কলকাতাত পঢ়ি থকা কালত তেওঁ কেইবাখনো নাটক ৰচনা কৰি কলকাতা অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ কৰাৰ দিহা কৰে৷ তেতিয়া গুৱাহাটীত অনাতাঁৰ কেন্দ্ৰ স্থাপন হোৱা নাছিল৷ কলকাতা অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত অমূল্য বৰুৱাৰ উল্লেখনীয় নাটককেইখন হ’ল— ‘এইবাৰ বিহুত’, ‘ৰংপুৰত বিহু’, ‘প্ৰায়শ্চিত্ত’, ‘মাটিৰ মোহ’, ‘বসন্তৰ অভিষেক’ ইত্যাদি৷ অমূল্য বৰুৱাই কেইটামান চুটিগল্পও ৰচনা কৰিছিল৷ কিন্তু তেওঁৰ মৃত্যুৰ পাছত ৰচনাসমূহ আৰু বিচাৰি পোৱা নগ’ল৷ ১৯৪৬ চনত তেওঁ প্ৰকাশৰ বাবে ‘অচিনা’ নাম দি নিজৰ কবিতাসমূহৰ এটা পাণ্ডুলিপি প্ৰস্তুত কৰিছিল৷ কিন্তু তেওঁৰ মৃত্যুৰ পাছত প্ৰেছৰ বাবে সাজু কৰা সেই পাণ্ডুলিপিটোও পোৱা নগ’ল৷ পৰৱৰ্তী কালত অধ্যাপক নন্দ তালুকদাৰে অমূল্য বৰুৱাৰ কবিতাসমূহ বিচাৰি ‘অচিনা’ নামেৰেই এটি সংকলন ১৯৬৪ চনত প্ৰকাশ কৰি উলিয়ায়৷
‘অচিনা’ত অমূল্য বৰুৱা ৰচিত ৩৯টা কবিতা সংকলিত হৈছে৷ অৱশ্যে এইবোৰ কবিতাৰ সৰহভাগেই কবিৰ আগ বয়সৰ ৰচনা, শেহতীয়া সমাজ সচেতন কবিতাসমূহ অমূল্য বৰুৱাই ১৯৪৬ চনত প্ৰস্তুত কৰা পাণ্ডুলিপিতে হেৰাল৷
সাম্প্ৰতিক যুগৰ অসমীয়া কবিতাৰ বুৰঞ্জীত অমূল্য বৰুৱাৰ স্থান বা বৰঙণিৰ বিশ্লেষণ কৰিবলৈ গ’লে তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত ‘অচিনা’ নামৰ সংকলনটিৰ যোগেদিয়েই আগবাঢ়িব লাগিব৷ সংকলনটিত সন্নিৱিষ্ট কবিতাসমূহৰ অধিকাংশই ৰোমাণ্টিক ভাবাপন্ন কবিতা৷ এইবোৰ কবিতাত সেই সময়ৰ প্ৰথিতযশা ৰোমাণ্টিক কবি যতীন্দ্ৰনাথ দুৱৰা, গণেশচন্দ্ৰ গগৈ, দেৱকান্ত বৰুৱা আৰু ৰত্নকান্ত বৰকাকতি আদিৰ কবিতাৰ প্ৰভাৱ আৰু প্ৰতিধ্বনি অস্বীকাৰ কৰিব পৰা নাযায়৷ পূৰ্বৱৰ্তী কবিৰ প্ৰভাৱ উত্তৰ সাধকৰ ওপৰত পৰাটো স্বাভাৱিক৷ পৰৱৰ্তী কালৰ কবিতাসমূহত অমূল্য বৰুৱাই ৰোমাণ্টিকতা পৰিহাৰ কৰি কঠোৰ বাস্তৱৰ মুখামুখি হৈছে আৰু ৰোমাণ্টিক কবিতাৰ গতানুগতিকতাৰ বিৰুদ্ধে গৈ নতুন কবিতা সৃষ্টি কৰিছে৷ ‘কয়লা’ অমূল্য বৰুৱাৰ এনে ধৰণৰ প্ৰথম কবিতা৷ ইয়াৰ পাছতে কবিয়ে সমাজ-সংস্কাৰৰ তীব্ৰ স্পৃহা বুকুত ৰাখি ৰচনা কৰিলে— ‘বেশ্যা’, ‘কুকুৰ’, ‘বিপ্লৱী’, ‘আজি আমাৰ বিহু’, ‘আন্ধাৰৰ হাহাকাৰ’, ‘ভাৰতীৰ মুক্তি স্বপ্ন’ আদি কবিতাসমূহ৷ মুষ্টিমেয় এই কবিতাকেইটিতে কবিৰ মনৰ ভিতৰত শুই থকা প্ৰতিবাদী সত্তাটোৰ তীব্ৰ আক্ৰোশ আৰু জাতীয়ভাবৰ অন্তঃসলিলা হেন্দোলনি উপলব্ধি কৰিব পাৰি৷
অমূল্য বৰুৱা অসমীয়া ৰোমাণ্টিক কবিতাৰ অস্তাচল আৰু নতুন কবিতাৰ উদয়াচলৰ যুগসন্ধিৰ কবি৷ তেওঁৰ কবিতাতে পোনপ্ৰথমে নৱ্য মানৱতাবাদ, বাস্তৱবাদ আৰু কম বেছি পৰিমাণে সাম্যবাদৰ সুৰ আমি শুনিবলৈ পাওঁহক৷ তেওঁ আছিল আধুনিক অসমীয়া প্ৰগতিবাদী কবিতাৰ অন্যতম পথিকৃৎ৷ ৰোমাণ্টিক কবিতাৰে কাব্য জীৱন আৰম্ভ কৰি জীৱনৰ শেষ তিনি বছৰমান তেওঁ প্ৰগতিশীল কাব্যচৰ্চা কৰিছিল আৰু তাৰ বাবেই তেওঁ অসমীয়া কাব্য সাহিত্যত উজ্জ্বল জ্যোতিষ্ক স্বৰূপে আজিও জিলিকি আছে৷ কিন্তু অকালতে মৃত্যুবৰণ কৰিব লগা হোৱাৰ বাবে জীৱন দৰ্শন সম্পৰ্কে তেওঁৰ স্পষ্ট দৃষ্টিভংগী কবিতাসমূহত ফুটি নুঠিল৷ তেনেকৈ তেওঁৰ কবিতাও কাব্য গুণেৰে সমৃদ্ধ হোৱাৰ সুচল নহ’ল৷ তথাপি তেওঁৰ মুষ্টিমেয় প্ৰগতিশীল কবিতাখিনিৰ মাজতে তেওঁৰ বৈপ্লৱিক দৰ্শনৰ প্ৰকাশ লক্ষ্য কৰা যায়৷
অমূল্য বৰুৱাই তেওঁৰ কবিতাত মানুহৰ সামাজিক প্ৰগতি বিচাৰিছিল আৰু লাঞ্ছিত আৰু অপমানিত মানৱৰ মুক্তি কামনা কৰিছিল৷ মাৰ্ক্সীয় দৰ্শন তথা সাম্যবাদৰ উদাৰ নৈতিক চেতনাৰে সঞ্জীৱিত অমূল্য বৰুৱাৰ অন্তৰাত্মাই সমাজ গাঁথনিৰ ক্ষিপ্ৰ পৰিৱৰ্তন বিচাৰি ব্যাকুল হৈছিল৷ সমাজৰ অত্যাচাৰৰ বলি, পুঁজিপতি শোষকৰ কামনাৰ বলি বেশ্যা, নিজৰ দেহৰ ৰক্তপাতেৰে প্ৰভুৰ পুঁজি শকত কৰা কয়লাখনিৰ বনুৱা আৰু এটুকুৰা ৰুটিৰ কাৰণে ডাষ্টবিনত কুকুৰৰ সৈতে যুঁজ কৰা ভিক্ষাৰী ল’ৰা-ছোৱালীৰ দুৰ্দশা দেখি অমূল্য বৰুৱা অতিষ্ঠ হৈছিল আৰু এই দল মানুহৰ বাবে এক উন্নতৰ সমাজ ব্যৱস্থাৰ আশু প্ৰয়োজন বোধ কৰিছিল৷ সমাজৰ শ্ৰেণী বৈষম্য, পুঁজিপতি দালালৰ শোষণ, সামাজিক অসাম্য আৰু অনীতিয়ে যে এদল লোকক চিৰদিন বঞ্চিত আৰু লাঞ্ছিত কৰি আহিছে, সেই কথা অনুভৱ কৰিয়েই অমূল্য বৰুৱাৰ কবি হৃদয় ব্যথা-বেদনাত গুজৰি-গুমৰি আছিল আৰু তাৰে ফলস্বৰূপেই অমূল্য বৰুৱাৰ কলমৰ পৰা জন্ম হৈছিল কেইবাটাও প্ৰতিবাদী কবিতা।
অমূল্য বৰুৱাৰ ‘বিপ্লৱী’ কবিতাটো জয়ন্তী আলোচনীৰ সপ্তম বছৰৰ দ্বিতীয় সংখ্যা (১৯৪৬)ত প্ৰকাশিত হৈছিল৷ অমূল্য বৰুৱাৰ এই কবিতাটোৰ লগতে একেলগে প্ৰকাশিত হৈছিল হেম বৰুৱাৰ ‘গুৱাহাটী ১৯৪৪’ আৰু এই দুয়োটা কবিতাই অসমীয়া কবিতাৰ ৰূপান্তৰৰ গতি তীব্ৰ কৰি তুলিছিল বুলি কোৱা হয়৷
প্ৰতিবাদী তথা সমাজবাদী কবি হিচাপে আখ্যা দিব পৰা কবি অমূল্য বৰুৱাই ‘বিপ্লৱী’ কবিতাৰ যোগেদি প্ৰকৃত বিপ্লৱীৰ স্বৰূপ বা চিত্ৰ দাঙি ধৰি সকলোকে যেন তেনে বিপ্লৱী হ’বলৈকে আহ্বান জনাইছে।
কবিয়ে কবিতাটোৰ প্ৰথমতেই মানুহৰ ওপৰত গভীৰ বিশ্বাস তথা আস্থা স্থাপন কৰি কৈছে:
“আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস
আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু৷”
মানুহ হিচাপে বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ মাজত জীয়াই থাকিলেও তেওঁ যে ভৰসা হেৰুওৱা নাই আৰু প্ৰকৃত বিপ্লৱীয়েও যে ভৰসা নেহেৰুৱায়, সেই কথা কবিতাটোত ব্যক্ত কৰা হৈছে৷
কিছুমান মানুহে কিদৰে দুঃখ-দুৰ্দশা, যাতনাৰ সন্মুখীন হৈ জীৱন নিৰ্বাহ কৰিছে, সেই কথাৰ ওপৰত কবিয়ে আলোকপাত কৰিছে৷ এই লোকসকলে গেলা, দুৰ্গন্ধ, অস্বাস্থ্যকৰ পৰিৱেশত নাৰকীয় দুৰ্ভোগ সহ্য কৰিছে যদিও অন্তৰৰ শক্তিয়ে কিন্তু তেওঁলোকক সততে আগবঢ়াই নিছে ভৱিষ্যতৰ ৰঙীন দিনলৈ৷ গংগাস্নান কৰি মুক্তি লাভ কৰা ব্যক্তিৰ নিচিনা মানুহে যেন নিজৰ ৰূপ সলনি কৰি বিপ্লৱীৰ ৰূপ লৈছে আৰু সেইদৰে যেন সমাজৰ আৰু বিশ্ব মানৱৰ দীপ্ত সভ্যতা গঢ়ি মানৱৰ বাবে সংস্কৃতিৰ মন্দিৰো গঢ়ি তুলিছে৷
কবিৰ মতে, প্ৰকৃত মানুহ বা প্ৰকৃত বিপ্লৱী হ’বলৈ হ’লে বিশ্বৰ জনসভাত নিজেই নিজৰ আধিপত্য বিস্তাৰ কৰিব লাগিব৷ অকলশৰীয়া মনোভাৱ লৈ বিশ্বৰ পৰা আঁতৰি যোৱাৰ মনোভাৱ বিপ্লৱীৰ কেতিয়াও হ’ব নোৱাৰে৷ কবিয়ে সেয়ে প্ৰকৃত বিপ্লৱীৰ সুৰত কৈছে যে কেৱল নিজৰ মাজতেই সীমাবদ্ধ মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি তেওঁ ‘নিঃসংগ সুদূৰ’ হ’ব নিবিচাৰে৷ কবিয়ে প্ৰকৃত বিপ্লৱীৰ অনুভূতি অনুসৰি স্বৰ্গৰ নন্দনকাননৰ কথা ক’ব বিচৰা নাই৷ বিপ্লৱীয়ে স্বৰ্গৰ নন্দন-কাননত তেওঁলোকৰ বাবে মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ সাঁচি থোৱা বুলি ভাবি এই জগতক নেওচা দিব নিবিচাৰে৷ তেওঁলোক মানুহ আৰু মানুহ হিচাপে নিজৰ অস্তিত্ব বজাই ৰাখি নিজৰ ন্যায্য প্ৰাপ্য আদায় কৰি ল’ব বিচাৰে এই জগতৰ সীমাৰ ভিতৰতে৷
বিপ্লৱী ৰূপী কবিয়ে মানুহ হিচাপে তেওঁৰ পঞ্চভূতজাত দীপ্তিমান দেহৰ বাবে আৱশ্যকীয় সকলোখিনি বস্তুকেই লাগে বুলি অনুভৱ কৰিছে৷ ৰূপকাত্মক ভাষাত তেওঁ বিচাৰিছে:
“নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ
আলট্ৰা ভায়লেট ৰশ্মি”।
যি ৰশ্মি মানুহৰ দেহৰ বাবে অতি উপকাৰীও৷ তেওঁ ভালকৈ খাই-লৈ থাকিবলৈও বিচাৰে আৰু সেয়ে বিচাৰিছে:
“পুষ্টি সাধক অন্নৰ
তৃপ্তিদায়ক ভৰা থাল৷”
সেয়ে বিপ্লৱী কবিয়ে পৃথিৱীত নিজৰ ন্যায্য আৰু প্ৰয়োজনীয় কাম কৰি যাব বিচাৰিছে, তেওঁ বিচাৰিছে ‘উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী’ হ’বলৈ৷ শেষত কবিয়ে বিপ্লৱীসকল যে যুগ-পৰিস্থিতিৰ প্ৰতীক আৰু আদৰ্শ অনুসৰি তেওঁলোকে যে নিজৰ কৰ্তব্য স্থিৰ কৰি লৈ সংগ্ৰামত লিপ্ত হ’ব বিচাৰে, সেই কথাও ব্যক্ত কৰিছে৷ কবিয়ে ‘বিপ্লৱী’ কবিতাত এইদৰে প্ৰকৃত বিপ্লৱীৰ স্বৰূপ দাঙি ধৰি নিজেই যেন বিপ্লৱীৰ ভূমিকাত অৱতীৰ্ণ হৈ তেওঁৰ সময়ৰ সমাজৰ বৈষম্য নাশ কৰি সমাজত সমতা স্থাপন কৰি, মানুহ হিচাপে মানুহৰ ন্যায্য প্ৰাপ্য বা অধিকাৰৰ প্ৰতি মানুহক সচেতন কৰি আগবঢ়াই নিব বিচাৰিছে৷
অসমীয়া আধুনিক কবিতাৰ বুৰঞ্জীৰ নতুন কবিতাৰ স্তৰৰ প্ৰথম পৰ্যায়ৰ কবি অমূল্য বৰুৱাই তেওঁৰ পূৰ্বৰ কবিসকলে প্ৰয়োগ কৰা মিত্ৰাক্ষৰ ছন্দৰ সলনি নতুন ছন্দৰ পৰীক্ষা চলাইছিল৷ পুৰণি মিত্ৰাক্ষৰ ছন্দৰ পৰা আঁতৰি আহি তেওঁ গদ্যাশ্ৰয়ী ছন্দ বা স্পন্দিত গদ্যৰ শাৰীত আহি উপনীত হৈছিল৷ কবিৰ ‘বিপ্লৱী’ কবিতাতো যেন এই ছন্দ-সজ্জাৰ প্ৰয়োগ ঘটিছে আৰু সমালোচকে দেখুওৱা অনুসৰি তেওঁৰ অন্যান্য কবিতা, বিশেষকৈ ‘বেশ্যা’ কবিতাৰ তুলনাত ‘বিপ্লৱী’ কবিতাৰ স্পন্দিত গদ্য-ছন্দ বা গদ্যাশ্ৰয়ী কাব্য-কথন যেন কিছু মিহি আৰু কোমল৷ ‘বিপ্লৱী’ কবিতাৰ প্ৰথম ফাকি পংক্তিতেই এই কথা হৃদয়ংগম কৰিব পাৰি:
“আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস,
আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু৷
বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ
বিকৃত জঞ্জাল লই
জীয়াৰ বুকুত,
আমাৰ দুৰু দুৰ স্পন্দমান অন্তৰতো আছে শতেক ভৰসা৷”
কবিয়ে ইয়াত শব্দৰ সাজোনৰ সামান্য ইফাল-সিফাল কৰিয়েই কথাখিনি স্পন্দিত গদ্য-ছন্দৰ শাৰীলৈ উন্নীত কৰিছে৷ সেই একে ধৰণৰ কথা ‘বিপ্লৱী’ কবিতাৰ অন্য ফাঁকিকেইটাৰ প্ৰসংগতো উল্লেখ কৰিব পাৰি৷
অমূল্য বৰুৱাই তেওঁৰ কবিতাসমূহত সচৰাচৰ স্পন্দিত গদ্য-ছন্দকে সঘনে ব্যৱহাৰ কৰি গদ্য-ছন্দক কবিতাৰ নিৰ্ভৰযোগ্য মাধ্যম কৰি তুলিবৰ প্ৰয়াস কৰিছে৷ আলংকাৰিক বিন্যাসৰ ফালে লক্ষ্য নকৰি তেওঁ সহজ-সৰল আৰু অনাড়ম্বৰ ভাষাত কবিতা ৰচনা কৰিছিল৷ ক্ষুধা আৰু বিদ্ৰোহৰ ভাষা যিমানেই বলিষ্ঠ নহওক, সেই ভাষা সদায় সৰল হ’বলৈ বাধ্য৷ অমূল্য বৰুৱায়ো সৰল শব্দকে কবিতাত ব্যৱহাৰ কৰিছে আৰু সাৰল্যৰ মাজেদিয়েই শব্দবিলাকে বলী আৰু নিৰ্ভীকতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ গভীৰ অৰ্থব্যঞ্জনা আৰু সাংকেতিকতাৰ অনুপস্থিতি সত্ত্বেও গদ্য-ছন্দত ৰচিত অমূল্য বৰুৱাৰ এই কবিতাসমূহ বলিষ্ঠ বক্তব্য, উপমা আৰু ব্যংগাত্মক ভংগীৰ বাবে সকলোৰে আদৰণীয় হৈছে৷
অমূল্য বৰুৱা মাথোঁ একুৰি চাৰি বছৰ কাল জীয়াই আছিল৷ এই কম সময়তে তেওঁৰ চৰিত্ৰত এক গতিশীল ব্যক্তিত্ব অনুভূত হৈছিল৷ তেওঁৰ কবিতাকেইটিয়ে ভৱিষ্যতৰ বিৰাট সম্ভাৱনাৰ ইংগিত বহন কৰিছিল৷ এক বিদ্ৰোহাত্মক জীৱন দৰ্শনে তেওঁৰ কবিতাৰাজিৰ মাজেৰে ভুমুকি মাৰিছিল৷ তেওঁৰ এই বিদ্ৰোহ আছিল সমাজৰ ভণ্ডামিৰ বিৰুদ্ধে, অন্যায়- অবিচাৰৰ বিৰুদ্ধে, শোষণ-নিষ্পেষণৰ বিৰুদ্ধে৷ কিন্তু সেই বৈপ্লৱিক দৰ্শন পূৰঠ হ’বলৈ নৌপাওঁতেই কালে অমূল্য বৰুৱাক লৈ গ’ল৷
❧ | আৰু পঢ়ক: